Class 11 History Chapter 6 পৰিৱৰ্ত্তিত পৰম্পৰা

Class 11 History Chapter 6 পৰিৱৰ্ত্তিত পৰম্পৰা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 History Chapter 6 পৰিৱৰ্ত্তিত পৰম্পৰা and select needs one.

Class 11 History Chapter 6 পৰিৱৰ্ত্তিত পৰম্পৰা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 6 পৰিৱৰ্ত্তিত পৰম্পৰা Solutions for All Subject, You can practice these here.

পৰিৱৰ্ত্তিত পৰম্পৰা

Chapter : 6

প্ৰশ্নবোৰৰ উত্তৰ লিখা

প্ৰশ্ন(১): মধ্যযুগ বুলিলে কি বুজা ?

উত্তৰ: ইউৰোপৰ ইতিহাসত পঞ্চম শতিকাৰ পৰা পঞ্চদশ শতিকাৰ মাজৰ সময়খিনি বুজাবলৈ ‘মধ্যযুগ’ শব্দটো ব্যৱহাৰ কৰা হৈছিল ।

প্ৰশ্ন(২): চতুৰ্থ শতিকাৰ পৰা কি ধৰ্ম ৰোমান সাম্ৰাজ্যত চলি আহিছিল ?

উত্তৰ: খৃষ্টধৰ্ম ।

প্ৰশ্ন(৩): ইউৰোপৰ সমাজখনক কেইটা শ্ৰেণীক ভাগ কৰা হৈছিল আৰু কি কি ?

উত্তৰ: তিনিটা শ্ৰেণী । সেইকেইটা হ’ল – খ্ৰীষ্টিয়ান পুৰোহিত সকল, সামন্ত প্ৰভুসকল আৰু কৃষসকল ।

প্ৰশ্ন(৪): ইউৰোপত মাটিৰ, গৰাকী আৰু ৰাজনৈতিক ক্ষমতাৰ অধিকাৰী কোন আছিল ?

উত্তৰ: গীৰ্জা ।

প্ৰশ্ন(৫): সামন্তবাদৰ ওপৰত গৱেষণা কৰা ফ্ৰান্সৰ প্ৰথমজন পণ্ডিত কোন আছিল ?

উত্তৰ: মাৰ্কব্লক ।

প্ৰশ্ন(৬): মাৰ্কব্লকৰ মতে ইতিহাসে কি সামৰি লয় ?

উত্তৰ: তেওঁৰ মতে ইতিহাসে ৰাজনৈতিক বুৰঞ্জী, আন্তৰ্জাতিক সম্পৰ্ক আৰু মহানলোকৰ জীৱনীৰ বাহিৰেও আৰু বহু কথা সামৰি লয় ।

প্ৰশ্ন(৭): মানুহৰ জীৱনক গঢ় দিয়াত মাৰ্কব্লকে কিহৰ ওপৰত গুৰুত্ব দিছিল ?

উত্তৰ: ভূগোল অধ্যয়নৰ ওপৰত ।

প্ৰশ্ন(৮): ব্লকৰ মতে সামন্তবাদী সমাজ কোনখন আছিল ?

উত্তৰ: ব্লকৰ মতে সামন্তবাদী সমাজখন হ’ল ইউৰোপীয় সমাজখন বিশেষকৈ 900 খ্ৰীষ্টাব্দৰ পৰা 1300 ৰ ভিতৰত ফ্ৰান্সৰ সমাজখনক বুজাইছিল ।

প্ৰশ্ন(৯): সামন্তবাদ শব্দটো কি উদ্দেশ্য ব্যৱহাৰ কৰা হৈছিল ?

উত্তৰ: মধ্যযুগত ইউৰোপত প্ৰচলিত অৰ্থনীতি, আইন, ৰাজনীতি আৰু সামাজিক সম্পৰ্কবোৰক বুজাবলৈ ইতিহাসবিদসকলে ‘সামন্তবাদ’ শব্দটো ব্যৱহাৰ কৰিছিল ।

প্ৰশ্ন(১০): ‘সামন্তবাদ’ শব্দটো কি শব্দৰ পৰা উৎপত্তি হৈছে ?

উত্তৰ: জাৰ্মান শব্দ ‘Feud’ ৰ পৰা এই শব্দটো লোৱা হৈছে আৰু ইয়াৰ অৰ্থ হ’ল এডোখৰ মাটি ।

প্ৰশ্ন(১১): সামন্তবাদ বুলিলে কি বুজা ?

উত্তৰ: অৰ্থনৈতিক ধাৰণাত সামন্তবাদ হৈছে এক প্ৰকাৰ কৃষি উৎপাদন যিটো মাটিৰ গৰাকী আৰু কৃষসকলৰ মাজৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি হৈছে । কৃষকে নিজৰ নিজৰ মাটিত খেতি কৰাৰ উপৰিও গৰাকীৰ মাটিত খেতি কৰিছিল, খেতিয়কসকলে নিজৰ শ্ৰম গৰাকীৰ সেৱাত দিছিল আৰু তাৰ বিনিময়ত তেওঁলোকে সামৰিক সুৰক্ষা পাইছিল ।

প্ৰশ্ন(১২): ফ্ৰান্সৰ পূৰ্বৰ নাম কি আছিল ? এই নামটো কোনে দিছিল ?

উত্তৰ: ফ্ৰান্সৰ পূৰ্বৰ নাম আছিল গল বাগউল । এই নামটো ফ্ৰেংকচ নামৰ এটা জাৰ্মান জাতিয়ে দিছিল ।

প্ৰশ্ন(১৩): ‘পবিত্ৰ ৰোমান সাম্ৰাজ্যেৰ সম্ৰাট’ বুলি কাক কোৱা হয় আৰু কিয় ?

উত্তৰ: ফ্ৰান্সৰ ৰজা চাৰ্লমেগনেক ।ষষ্ঠ শতিকাৰ পৰা ফৰাচী ৰজাই এই অঞ্চল শাসন কৰিছিল । আৰু তেওঁলোক আছিল খ্ৰীষ্টিয়ান । ফৰাচীসকলৰ গীৰ্জাৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু এই সম্পৰ্কক অধিক দৃঢ় কৰি পোপে 800 খৃঃত ৰজা চাৰ্লমেগনেক ‘পবিত্ৰ ৰোমান সাম্ৰাজ্যৰ সম্ৰাট উপাধি প্ৰদান কৰিলে ।

প্ৰশ্ন(১৪): ভাৰ্চেলেজৰ (অধীনতা ) বিষয়ে কি জানা লিখা ।

উত্তৰ: সম্ভ্ৰান্তসকলৰ মাটিৰ ওপৰত থকা অধিকাৰকে অধীনতা বা Vassalage বুলি জনা যায় ।

প্ৰশ্ন(১৫): ফ্ৰান্সৰ সামন্তবাদী সমাচাৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰ: ফ্ৰান্সবাসী খ্ৰীষ্টিয়ান আছিল আৰু তেওঁলোকৰ গীৰ্জাৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰখাটো আছিল উল্লেখযোগ্য বৈশিষ্ট্য । 

প্ৰশ্ন(১৬): কাৰ ঘৰক মেনৰ বোলা হৈছিল  ? 

উত্তৰ: সামন্তপ্ৰভুৰ ঘৰক ‘খাত’ বা Manor বোলা হৈছিল ।

প্ৰশ্ন(১৭): ‘এবে’ শব্দটো কি শব্দৰ পৰা লোৱা হৈছে ?

উত্তৰ: Abbey বা এবে শব্দটো চিৰিয়াৰ শব্দ ‘abba’ ৰ পৰা লোৱা হৈছে আৰু ইয়াৰ অৰ্থ ‘পিতা’ ।

প্ৰশ্ন(১৮): পাইকান মাটি বুলিলে কি বুজা ?

উত্তৰ: সামন্ত প্ৰভুসকলে নাইটসকলক এটুকুৰা মাটি দিছিল যি টুকুৰাক কোৱা হৈছিল ‘পাইকান মাটি’ বা Fief অৰ্থাৎ সামৰিক সেৱাৰ কাৰণে দিয়া মাটি ।

প্ৰশ্ন(১৯): মনাচটাৰী (Monastry ) শব্দটো কি শব্দৰ পৰা লোৱা হৈছে ।

উত্তৰ: মনাচটাৰী শব্দটো গ্ৰীক শব্দ ‘মনচ (monos) ৰ পৰা অনা হৈছে- যাৰ অৰ্থ হৈছে যি অকলশৰীয়াকৈ থাকে ।

প্ৰশ্ন(২০): পামাৰ কি ?

উত্তৰ: পামাৰ এজন সন্ন্যাসী যিয়ে দূৰণিৰ পূণ্যস্থানলৈ যাত্ৰা কৰে ।

প্ৰশ্ন(২১): The Canterburg Tales’ গ্ৰন্থখন কোনে লিখিছিল ?

উত্তৰ: জিও ফ্ৰি চৌচাৰে ।

Sl. No.সূচী-পত্ৰ
Chapter 1কালৰ আৰম্ভণিৰ পৰা
Chapter 2লিখন পদ্ধতি আৰু নগৰীয়া জীৱন
Chapter 3সাম্ৰাজ্য
Chapter 4মধ্য ইছলামিক দেশ
Chapter 5অঘৰী সাম্ৰাজ্য
Chapter 6পৰৱৰ্ত্তিত পৰম্পৰা
Chapter 7পৰৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা
Chapter 8সংস্কৃতিৰ সংঘাত
Chapter 9শিল্প বিপ্লৱ
Chapter 10থলুৱাসকলৰ স্থানান্তকৰণ
Chapter 11আধুনিকীকৰণৰ পথত

প্ৰশ্ন(২২): Taile বা ‘টেইল’ কি ?

উত্তৰ: ৰাজাই কৃষ্ণকৰ ওপৰত আৰোপ কৰা এবিধ প্ৰত্যক্ষ কৰ ।

প্ৰশ্ন(২৩):’চহৰৰ বতাহে স্বাধীন কৰিছে’ – উক্তিটোৰ তাৎপৰ্য ব্যাখ্যা কৰা ।

উত্তৰ: ‘চহৰৰ বতাহে স্বাধীন কৰিছে’- এইটো এটা জনপ্ৰিয় বচন আছিল । বহু ভৃত্যই মুক্ত হোৱাৰ আশাৰে পলাই গৈ চহৰত লুকাই আছিল । যদি এজন ভৃত্য এবছৰ আৰু এদিনো ধৰা নপৰাকৈ থাকিব পাৰে সেইজন মুক্ত মানুহত পৰিণত হৈছিল । চহৰৰ বহুত মানুহ হয় কৃষক নহ’লেবা পলাই ফুৰা ভৃত্য যিসকলে অদক্ষ শ্ৰম দান কৰিছিল দোকানী আৰু সদাগৰৰ সংখ্যা অসংখ্য হৈছিল । পিছলৈ বিশেষ ক্ষেত্ৰত দক্ষ থকা কিছুমান ব্যক্তি যেনে – বেমাৰ, উকীল আদিৰ প্ৰয়োজন হৈছিল । ডাঙৰ চহৰবিলাকৰ জনসংখ্যা আছিল প্ৰায় 30 হাজাৰ । এই সকল লোকেই চতুৰ্থ শ্ৰেণী গঠন কৰা বুলি ক’ব পাৰি ।

প্ৰশ্ন(২৪):গীল্ড বা সম্প্ৰদায় বুলিলে কি বুজা ?

উত্তৰ: গীল্ড বা সম্প্ৰদায় আছিল অৰ্থনৈতিক সংগঠনৰ ভিত্তিত গঢ় উঠা ব্যৱস্থা । প্ৰত্যেক হস্তশিল্প আৰু উদ্যোগ শিল্প সংগঠিত কৰা হৈছিল এটা সম্প্ৰদায়ৰ বা সমাজত যিটো সংগঠনে সংগ্ৰামী গুণগত মান, মূল্য আৰু বিক্ৰী নিয়ন্ত্ৰণ কৰিছিল । ‘সমাজ ঘৰ’ প্ৰত্যেক চহৰৰ এটা বৈশিষ্ট্য আছিল য’ত উৎসৱ- পৰ্বণ উদযাটন কৰা হৈছিল আৰু ইয়াত আটাইবোৰ সমাজৰ মুৰব্বীসকল লগ হৈছিল । ৰখীয়াসকল চহৰৰ দেৱালৰ ওচৰে ওচৰে ঘূৰি ফুৰিছিল, সংগীতজ্ঞসকলে ভোজমেল আৰু শোভাযাত্ৰাত বাদ্য বুজাইছিল আৰু অতিথিশালাৰ পৰিচালক সকলে ভ্ৰমণকাৰীসকলৰ যতন লৈছিল ।

প্ৰশ্ন(২৫): সমাজত কেইটা শ্ৰেণী আছিল আৰু কি কি ?

উত্তৰ: সমাজৰ তিনিটা শ্ৰেণী বৰ্তি  আছিল । যেনে – পুৰোহিত, অভিজাত আৰু কৃষকসকল ।

প্ৰশ্ন(২৬): অশ্বাৰোহী সম্ভ্ৰান্ত ব্যক্তি বা নাইটসকলৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ: নাইটসকল হ’ল এক অশ্বাৰোহী বাহিনী দল । নৱম শতিকাৰ পৰা ইউৰোপত সঘনাই স্থানীয় যুদ্ধ চলি আছিল । যুদ্ধৰ কাৰণে কৃষক সৈনিকেই যথেষ্ট নাছিল । এটা ডাঙৰ অশ্বাৰোহী বাহিনীৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হৈছিল । এনে অৱস্থাই এচাম নতুন মানুহৰ সৃষ্টি কৰিলে যি সকলক ‘নাইট’ বুলি কোৱা হ’ল । ৰজাৰ লগত সামন্ত প্ৰভুসকলৰ আৰু সামন্তপ্ৰভুসকলে নাইটসকলক এটুকুৰা মাটি দিছিল যি টুকুৰাক কোৱা হৈছিল ‘পাইকান মাটি’ অৰ্থাৎ সামৰিক সেৱাৰ কাৰণে দিয়া মাটি । মাটিৰ ৰক্ষণাবেক্ষণৰ প্ৰতি প্ৰতিশ্ৰুতিও প্ৰভুবে দিছিল । পাইকান মাটি বংশানুক্ৰমিক হিচাপে ৰাখিব পাৰে । এই মাটি 100 ৰ পৰা 2000 একৰলৈকে বিস্তৃত আছিল য’ত নাইট আৰু পৰিয়ালৰ বাবে ঘৰ; এটা গীৰ্জা আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকৰ বাবে অন্যান্য সংস্থাপন আছিল । ইয়াৰোপৰি পানীৰ কল আৰু মদৰ কাৰখানা আছিল । সামন্তবাদী জমিদাৰীৰ দৰে এওঁলোকৰ মাটি বিলাকতো কৃষকে কাম কৰিছিল । সামন্ত প্ৰভুৱে দিয়া মাটিৰ বিনিময়ত নাইটসকলে প্ৰভূক এটা নিয়মীয়া মাছুল দিছিল আৰু যুদ্ধ আদি হ’লে তেওঁৰ বাবে যুদ্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । নাইটসকলে নিজৰ দক্ষতা অটুট ৰাখিবৰ বাবে অস্ত্ৰ পৰিচালনাৰ কাৰণে নিয়োজিত ব্যক্তিৰ লগত নিয়মিতভাৱে তৰোৱাল চলোৱাৰ কৌশল অনুশীলন কৰিছিল ।

এজন নাইটে এজনতকৈ অধিক প্ৰভূক সেৱা আগবঢ়াব পাৰিছিল । কিন্তু তেওঁৰ মূল আনুগত্য আছিল নিজৰ প্ৰভুৰ প্ৰতিহে ।

প্ৰশ্ন(২৭): সমাজৰ প্ৰথম শ্ৰেণী বা পুৰোহিত সকলৰ বিষয়ে লিখা ।

উত্তৰ: কেথলিক গীৰ্জাবিলাকৰ নিজা সুকীয়া আইন আছিল । শাসকে প্ৰদান কৰা মাটিৰ তেওঁলোক অধিকাৰী আছিল আৰু মাটিৰ ওপৰত নিজেই কৰ বহুৱাব পাৰিছিল । এই কাৰণে গীৰ্জাবিলাক অতি ক্ষমতাশালী প্ৰতিষ্ঠান হৈ পৰিছিল আৰু সেয়ে ৰজাৰ ওপৰত নিৰ্ভৰশীল নাছিল । পশ্চিমীয়া গীৰ্জাৰ প্ৰধান আছিল পোপ । পোপে ৰোমত বাস কৰিছিল । ইউৰোপৰ খ্ৰীষ্টানসকল বিচপ আৰু ধৰ্ম যাজকৰ দ্বাৰা পৰিচালিত হৈছিল । এওঁলোকক লৈয়ে প্ৰথম শ্ৰেণীটো গঠিত হৈছিল । প্ৰায়বোৰ গাঁৱৰে নিজা নিজা গীৰ্জা আছিল আৰু এইবিলাকত প্ৰতি দেওবাৰে পুৰোহিতৰ বাণী শুনিবলৈ আৰু একেলগে প্ৰাৰ্থনা কৰিবলৈ মানুহ গোট খাইছিল ।

প্ৰতিজন মানুহেই পুৰোহিত হ’ব নোৱাৰিছিল । দাস বা ভৃত্য (Serf) সকলৰ ক্ষেত্ৰত যেনেকৈ প্ৰতিবদ্ধকতা আছিল ঠিক তেনেকৈয়ে দৈসিকভাৱে অক্ষম লোকসকলৰ ক্ষেত্ৰতো বাধা আছিল । মহিলাসকল কেতিয়াও পুৰোহিত হ’ব নোৱাৰিছিল । পুৰোহিতসকলে বিয়া বাৰুও কৰাব নোৱাৰিছিল । বিচপ বা পুৰোহিতসকল আছিল ধৰ্মীয় সম্ভ্ৰান্ত লোক । বৃহৎ পৰিমাণৰ মাটিবাৰী থকা সামন্ত প্ৰভুসকলৰ দৰে বিচপ সকলৰো বৃহৎ পৰিমাণৰ মাটিবাৰী আছিল আৰু তেওঁলোকে আটক দুনীয়া ৰাজপ্ৰাসাদত বাস কৰিছিল । গোটেই বছৰ ধৰি কৃষকে কৰা উৎপাদনৰ 10 শতাংশ তেওঁলোকক দিব লাগিছিল । ধনী লোকসকলে নিজৰ আৰু পৰিয়ালৰ কোনো বেমাৰী লোকৰ ভৱিষ্যৎ নিৰাপত্তাৰ বাবে ৰখা সাঁচতীয়া ধনৰ পৰাও বিচপসকলে ধন সংগ্ৰহ কৰিছিল ।

প্ৰশ্ন(২৮): চতুৰ্দশ শতিকাৰ প্ৰথমাৰ্দ্ধত ইউৰোপৰ অৰ্থনৈতিক প্ৰসাৰৰ গতি মন্থৰ হৈ পৰাৰ কাৰণসমূহ লিখা ।

উত্তৰ: চতুর্দশ শতিকাৰ প্ৰথমাৰ্দ্ধত ইউৰোপৰ অৰ্থনৈতিক প্ৰসাৰৰ গতি মন্থৰ হৈ পৰাৰ কাৰণসমূহ হ’ল – উত্তৰ ইউৰোপত ত্রয়োদশ শতিকাৰ শেষৰ ফালে আগৰ তিনিশ বছৰৰ গ্ৰীষ্মৰ গৰমৰ ঠাইত উৎকট শীত পৰে । শস্য উৎপাদনৰ সময় এমাহ কমি যায় আৰু ওখ মাটিত খেতি কৰাটো কঠিন হৈ পৰে । ধুমুহা আৰু সাগৰীয় বানে বহু কৃষি পথাৰৰ অনিষ্ট সাধন কৰিছিল যাৰ ফলত চৰকাৰৰ কৰ উপাৰ্জনৰ হাৰ কমি যায় । ত্রয়োদশ শতিকাৰ আগতে অনুকূল বতৰৰ কাৰণে হাবিৰ মাটি উলিয়াই খেতি কৰাৰ সুবিধা হৈছিল আৰু চৰণীয়া পথাৰ কিছুমান খেতিৰ উপযোগী কৰি ল’ব পাৰিছিল । 

যদিওবা তিনিখন পথাৰত চক্ৰাকাৰ পদ্ধতিত খেতি কৰা হৈছিল, অত্যাধিক হাল বোৱাৰ ফলত মাটিৰ উৰ্বৰা শক্তি হ্ৰাস পাইছিল । প্ৰকৃত মাটি সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ নিৰ্দেশনা নাছিল । পশু খাদ্যৰ নাটনিৰ বাবে পশুৰ সংখ্যা কমি গৈছিল । বৰ্ধিত জনসংখ্যা অনুপাতে খাদ্যৰ নাটনি হোৱাত দুর্ভিক্ষই দেখা দিছিল । 1315,1317 আৰু 1320 খৃঃত ইউৰোপত চৰম দুৰ্ভিক্ষই দেখা দিছিল আৰু বৃহৎ সংখ্যক পশুৰ মৃত্যু হৈছিল ।

ইয়াৰোপৰি অষ্ট্ৰিয়া আৰু চাইবেৰিয়াত ৰূপৰ মুদ্ৰাৰ উৎপাদন হ্ৰাস পোৱাৰ কাৰণে ধাতু মুদ্ৰাৰ ( Metal Money) নাটনি হৈছিল যাৰ ফলত বাণিজ্যৰ যথেষ্ট ক্ষতি হৈছিল । এনেকুৱা এটা অৱস্থাই মুদ্ৰাত ৰূপৰ পৰিমাণ কমাই সস্তীয়া ধাতুৰ মিশ্ৰণ দিবলৈ চৰকাৰক বাধ্য কৰিছিল ।

ভয়ংকৰ অৱস্থাটো আহিবলৈ তেতিয়াও বাকী । ত্ৰয়োদশ আৰু চতুৰ্দশ শতিকাত বাণিজ্যিক সম্প্ৰসাৰণৰ লগে লগে দুৰণি দেশৰ পৰা সামগ্ৰী কঢ়িওৱা জাহাজ আহি ইউৰোপৰ বন্দৰত লাগিবলৈ ধৰিলে । এই জাহাজবোৰত নিগনিও আহিছিল যিয়ে প্লেগৰ দৰে ভয়ংকৰ মহামাৰী ৰোগো কঢ়িয়াই আনিলে (The Black Death) । আগৰ শতিকাবোৰত তুলনামূলকভাৱে একাষৰীয়াকৈ থকা পশ্চিম ইউৰোপত 1347 ৰ পৰা 1350 খ্ৰীঃৰ ভিতৰত মহামাৰীয়ে দেখা দিয়ে । আধুনিক গৱেষণাৰ হিচাপ মতে সমগ্ৰ ইউৰোপত মুঠ জনসংখ্যাৰ 20 শতাংশ লোকৰ মৃত্যু হৈছিল আৰু ঠাই বিশেষে এই মৃত্যুৰ হাৰ আছিল 40 শতাংশ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top