Class 11 History Chapter 8 সংস্কৃতিৰ সংঘাত

Class 11 History Chapter 8 সংস্কৃতিৰ সংঘাত The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 History Chapter 8 সংস্কৃতিৰ সংঘাত and select needs one.

Class 11 History Chapter 8 সংস্কৃতিৰ সংঘাত

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 8 সংস্কৃতিৰ সংঘাত Solutions for All Subject, You can practice these here.

সংস্কৃতিৰ সংঘাত

Chapter : 8

প্ৰশ্নবোৰৰ উত্তৰ লিখা

প্ৰশ্ন(১): প্ৰথম সাগৰীয় পথেদি যাত্ৰা কোনে আৰম্ভ কৰিছিল ?

উত্তৰ: স্পেইন আৰু পৰ্তুগাল ।

প্ৰশ্ন(২): কামোডৰ পেৰী কোন আছিল ?

উত্তৰ: আমেৰিকান নাগৰিক ।

প্ৰশ্ন(৩): কলম্বাচে কেতিয়া পশ্চিমলৈ যাত্ৰা (অভিযান) আৰম্ভ কৰিছিল ?

উত্তৰ: খ্ৰীষ্টফাৰ কলম্বাচ নামে এজন ইটালীৰ লোকে ১৪৯২ চনত যাত্ৰা আৰম্ভ কৰিছিল ।

প্ৰশ্ন(৪): দাস ব্যৱসায় কেতিয়াৰ পৰা আৰম্ভ হয় ?

উত্তৰ: আমেৰিকাৰ বাগিচা আৰু খনিবিলাকত কাম কৰিবৰ কাৰণে আফ্ৰিকাৰ পৰা ইউৰোপীসকলে দাস আনি আমেৰিকাত বিক্ৰী কৰাৰ লগে লগে দাস ব্যবসায়ো আৰম্ভ হ’ল ।

প্ৰশ্ন(৫): মাচুপিচুৰ ইনকা নগৰ পূনৰ কেতিয়া আৱিষ্কাৰ হয় ?

উত্তৰ: ১৯১১ চনত ।

প্ৰশ্ন(৬): আৰৱাকিয়ান লুকাইছ নামৰ জনগোষ্ঠীটো ক’ত বসবাস কৰিছিল ?

উত্তৰ: আৰৱাকিয়ান লুকাইছ নামৰ জনগোষ্ঠীটোবে কেৰিবিয়ান সাগৰৰ দ্বীপ যিখিনিক বৰ্তমান বাহমাছ আৰু বৃহৎ এন্টিলিব্ধ বুলি জনা যায় তাত বাস কৰিছিল ।

প্ৰশ্ন(৭) আৰৱাকাচ সকল কেনেকৈ জীৱন নিৰ্বাহ কৰিছিল ?

উত্তৰ: আৰকাৱাচ সকল আছিল ………. নিৰ্মাতা আৰু তেওঁলোকে ডাঙৰ ফোঁপোলা গছৰ পৰা নাও তৈয়াৰ কৰি সাগৰত চলাইছিল । চিকাৰ কৰি, মাছ মাৰি আৰু মিঠা আলু, আলু কাচাজ আদি উৎপাদন কৰি জীৱিকা নিৰ্বাহ কৰিছিল ।

প্ৰশ্ন(৮): কছৰ’গ্ৰাফী কি ?

উত্তৰ: বিশ্বৰ চিত্ৰ সম্পৰ্কে বুজাবলৈ যি বিজ্ঞান তাক কছম’গ্ৰাফী বুলি কোৱা হয় ।

প্ৰশ্ন(৯): তুৰ্কীসকল কনষ্টান্টিনেপ’ল কেতিয়া জয় কৰে ?

উত্তৰ: ১৪৫৩ চনত ।

প্ৰশ্ন(১০): কোনে আৰু কেতিয়া কিউটা আক্ৰমণ কৰিছিল ?

উত্তৰ: পৰ্তুৰ্গালৰ ৰাজকোঁৱৰ হেনৰিয়ে ১৪১৫ চনত কিউটা আক্ৰমণ কৰিছিল ।

প্ৰশ্ন(১১): পৰ্তুৰ্গালে কেতিয়া স্বাধীনতা লাভ কৰে ?

উত্তৰ: ১১৩৯ চনত স্পেইনৰ কবলৰ পৰা স্বাধীনতা লাভ কৰে ।

প্ৰশ্ন(১২): ‘Imago mundi’ নামৰ গ্ৰন্থখন কোনে আৰু কেতিয়া লিখিছিল ?

উত্তৰ: ১৪১০ টনচ কৰ্ডিনেল পিয়াতোএইলিয়ে (Cordinal Pierredailly) ইমাগো মুণ্ডি নামৰ গ্ৰন্থখন ৰচনা কৰিছিল ।

প্ৰশ্ন(১৩): কোন জাহাজত কলম্বাচে যাত্ৰা আৰম্ভ কৰিছিল ?

উত্তৰ: চান্টা মেৰিয়া (Santa Maria) ।

প্ৰশ্ন(১৪): দুখন পাতল জাহাজৰ নাম লিখা ।

উত্তৰ: পিণ্টা (Pinta) আৰু নিনা (Nina)।

প্ৰশ্ন(১৫): ভাইচৰয় মানে কি ?

উত্তৰ: ভাইচৰয় মানে ৰজাৰ সলনি ব্যৱহাৰ কৰা উপাধি ।

প্ৰশ্ন(১৬): দক্ষিণ আমেৰিকাৰ উত্তৰ-পশ্চিমৰ দেশ কালম্বিয়া নামটো কোনে দিছিল ?

উত্তৰ: কলম্বাচ ।

প্ৰশ্ন(১৭): আমেৰিগো ভেচপুচি কোন আছিল ?                                   

উত্তৰ: ফ্লোৰেন্সৰ এজন ভৌগোলিক আছিল ।

প্ৰশ্ন(১৮): ‘নতুন পৃথিৱী’ ঠাইখন কোনে আবিষ্কাৰ কৰিছিল ?

উত্তৰ: আমেৰিগো ভেচপুচি ।

প্ৰশ্ন(১৯): আমেৰিকা নামটো প্ৰথম কোনে ব্যৱহাৰ কৰিছিল ?

উত্তৰ: ১৫০৭ চনত জাৰ্মান প্ৰকাশক এজনে আমেৰিকা নামটো ব্যৱহাৰ কৰিছিল ।

প্ৰশ্ন(২০): ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন কৰিছিল ?

উত্তৰ: ১৬০০ চনত ।

প্ৰশ্ন(২১): ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন কৰিছিল ?

উত্তৰ: ১৬০০ চনত ।

প্ৰশ্ন(২২): মেগালানে কেতিয়া গোটেই পৃথিৱী পৰিভ্ৰমণ কৰিছিল ?

উত্তৰ: ১৫২২ চনত ।

প্ৰশ্ন(২৩): ভাস্কোডাগামাই কেতিয়া কালিকী, কোজিকোত্তিত উপস্থিত হয় ?

উত্তৰ: ১৪৯৮ চনত ।

প্ৰশ্ন(২৪): কোনে আৰু কেতিয়া দক্ষিণ আমেৰিকাৰ উপকূল চিনাক্ত কৰিলে ?

উত্তৰ: ১৪৯৯ চনত ।

প্ৰশ্ন(২৫): কেতিয়া কৰ্টজে আজেটকসকলক পৰাস্ত কৰে ?

উত্তৰ: ১৫১২ চনত ।

প্ৰশ্ন(২৬): পিজাবে ইনকা সাম্ৰাজ্য কেতিয়া জয় কৰে ?

উত্তৰ: ১৫৩২ চনত ।

প্ৰশ্ন(২৭): স্পেনিজসকলে ফিলিপাইন কেতিয়া জয় কৰে ?

উত্তৰ: ১৫৭১ চনত ।

প্ৰশ্ন(২৮): মন্টেজুমাই কোন আছিল ?

উত্তৰ: আজটেকৰ ৰজা ।

প্ৰশ্ন(২৯): ‘টু হিষ্টাৰি অৱ দি কনকুৱেষ্ট অৱ মেক্সিকোত গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?

উত্তৰ: বাৰ্ণাড ডিয়েজডেল কোছটিলেই ।

প্ৰশ্ন(৩০): মেলিনচিচটা (Malin chista) শব্দই কি বুজাইছিল ?

উত্তৰ: মেলিনচিচটা শব্দই সেইজনক বুজায় যিয়ে আনৰ সাজপাৰ আৰু ভাষা নকল কৰে ।

Sl. No.সূচী-পত্ৰ
Chapter 1কালৰ আৰম্ভণিৰ পৰা
Chapter 2লিখন পদ্ধতি আৰু নগৰীয়া জীৱন
Chapter 3সাম্ৰাজ্য
Chapter 4মধ্য ইছলামিক দেশ
Chapter 5অঘৰী সাম্ৰাজ্য
Chapter 6পৰৱৰ্ত্তিত পৰম্পৰা
Chapter 7পৰৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা
Chapter 8সংস্কৃতিৰ সংঘাত
Chapter 9শিল্প বিপ্লৱ
Chapter 10থলুৱাসকলৰ স্থানান্তকৰণ
Chapter 11আধুনিকীকৰণৰ পথত

প্ৰশ্ন(৩১): পুঁজিবাদী ব্যৱস্থা কি আছিল ?

উত্তৰ: পুঁজিবাদী ব্যৱস্থা হ’ল যেতিয়া উৎপাদন আহিলা আৰু বিতৰণ কোনো বিশেষ ব্যক্তি বা যৌথ সংগঠনৰ হাতত থাকে আৰু য’ত প্ৰতিদ্বন্দীসকলে মুক্ত বজাৰত অংশ লয় ।

প্ৰশ্ন(৩২): দক্ষিণ আমেৰিকা কেইখন উপনিবেশেৰে গঠিত হৈছিল ?

উত্তৰ: ১৩ খন ।

প্ৰশ্ন(৩৩): দক্ষিণ আমেৰিকাই কেতিয়া স্বাধীনতা লাভ কৰে ?

উত্তৰ: ১৭৭৩ চনত ।

প্ৰশ্ন(৩৪): স্বাধীনতা লাভ কৰাৰ পিছত দক্ষিণ আমেৰিকাক কি নামে জনা যায় ?

উত্তৰ: মাৰ্কিন যুক্তৰাষ্ট্ৰ (United States of America) ।

প্ৰশ্ন(৩৫): দক্ষিণ আমেৰিকাৰ আন এটা নাম কি ?

উত্তৰ: লেটিন আমেৰিকা কাৰণ এই মহাদেশৰ দুটা প্ৰধান ভাষা স্পেনিছ আৰু পৰ্তুগীজ লেটিন ভাষা গোষ্ঠীৰ অংশ ।

প্ৰশ্ন(৩৬): পেৰুৰ ইনকাসকলৰ বিষয়ে এটা চমু টোকা লিখা । (২০১৫) 

উত্তৰ: দক্ষিণ আমেৰিকাৰ দেশীয় সভ্যতা বিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ সভ্যতা হৈছে পেৰুৰ কেৱেচুবা (Quechua) বা ইনকা (Innka) । দ্বাদশ শতিকাত প্ৰথম ইনকা মান কোকাপাকোৱে কুজকোত তেওঁৰ ৰাজধানী স্থাপন কৰিছিল । নৱম ইনকাৰ দিনৰ পৰা ইয়াৰ সম্প্ৰসাৰণ আৰম্ভ হয় আৰু ইনকা সাম্ৰাজ্য ইফুবেডৰ পৰা চিলিলৈকে ৩,০০০ মাইল জুৰি বিস্তাৰিত হৈ পৰিছিল ।

সাম্ৰাজ্যখন আছিল সম্পূৰ্ণ কেন্দ্ৰীভূত আৰু ৰজাই আছিল ইয়াৰ সৰ্বেসৰ্বা । নতুনকৈ জয় কৰা জাতিবোৰক সাম্ৰাজ্যৰ ভিতৰত সোমোবাই লোৱা হৈছিল । প্ৰত্যেক প্ৰজাই ৰাজসভাত প্ৰচলিত ভাষা কোৱেচুৱা ক’ব লাগিছিল । প্ৰত্যেক জাতি শাসন কৰিবৰ কাৰণে যদিও জ্যেষ্ঠ পৰিষদ (Council of Elders ) আছিল, তেওঁলোকে ৰজাৰ প্ৰতি আনুগত্য দেখুৱাব লাগিছিল । একে সময়তেই স্থানীয় ৰোজাসকলক তেওঁলোকে আগবঢ়োৱা সামৰিক সহযোগিতাৰ কাৰণে পুৰস্কৃত কৰা হৈছিল । জনসংখ্যাৰ হিচাপ সঠিকভাৱে জনা নাযায় যদিও এক মিলিয়নৰ অধিক হ’ব বুলি অনুমান কৰিব পাৰি ।

আজটেক সকলৰ দৰেই ইনকা সকলো মহান আৰু দক্ষ নিৰ্মাতা । ইকুৱেডৰ পৰা চিলিলৈকে পাহাৰৰ মাজে মাজে তেওঁলোকে ৰাস্তা নিৰ্মাণ কৰি লৈছিল । দুৰ্গ বিলাক শিলৰ ছটাৱে বান্ধি তৈয়াৰ কৰিছিল আৰু শিলৰ ছটাবিলাক ইমান নিখুঁতভাৱে কাটিছিল যে মৰ্টাৰৰ প্ৰয়োজন নহৈছিল । শিলাখণ্ডৰ পৰা শিলবিলাক ডোখৰ ডোখৰকৈ কাটি কঢ়িয়াবলৈ শ্ৰমিকসকলক ব্যৱহাৰ কৰিছিল । ৰাজমিস্ত্ৰীসকলে খুব কাৰ্যকৰী আৰু সহজ পদ্ধতিৰে টুকুৰা বিলাকৰ আকৃতি দিছিল যিটো পদ্ধতিক ‘ফ্লেকিং (Flaking) বুলি কোৱা হৈছিল । কোনো কোনো শিলাখণ্ডৰ ওজন ১০০ মেট্ৰিক টনতকৈউ বেছি আছিল । শ্ৰমিকসকলকেই এই কামত লগোৱা হৈছিল । কৃষিয়েই আছিল ইনকাসকলৰ প্ৰধান জীৱিকা । 

তেওঁলোকে পাহাৰৰ হেলনীয়ামাটি কাটি সমান কৰি লৈছিল আৰু মাটি সাৰুৱা কৰিবলৈ পানী যোগান ব্যৱস্থা আছিল । পানী নিৰ্গমন প্ৰণালীও (Drainage System ) আছিল । এইটো কোৱা হয় যে ১৫০০ চনত এনডিয়ান উচ্চস্তৰত খেতি-বাতি বৰ্তমানতকৈ ভাল হৈছিল আৰু আলুৰ খেতি কৰিছিল ।খাবৰ কাৰণে লামা পুহিছিল । তেওঁলোকে কোৱা কাপোত আৰু বাচন-বর্তন উন্নত ধৰণৰ আছিল । তেওঁলোকে লিখা-পঢ়াত সিমান আগবঢ়া নাছিল কিন্তু হিচাপ ৰখাৰ এক পদ্ধতি অৱলম্বন কৰিছিল যিটোক ‘কুইপা’ (quipa) বুলি জনা গৈছিল । পণ্ডিত সকলে কৈছে যে সূতা গাঁঠি গাঁঠি ইনকাসকলে কিছুমান বিধিও (code) কৰি লৈছিল ।

সমাজ আছিল শ্ৰেণী বিভক্ত । কিন্তু সম্পত্তিৰ অধিকাৰ এক নিৰ্দিষ্ট সংখ্যক মানুহৰ হাতত নাছিল যিটো ইউৰোপীয়ান সমাজত দিয়া হৈছিল আৰু সোণ খচিত মন্দিৰ নিৰ্মাণ কৰিছিল ।

প্ৰশ্ন(৩৭):মায়া সভ্যতাৰ ওপৰত চমু টোকা লিখা ।

উত্তৰ: একাদশ আৰু চতুৰ্দশ শতিকাৰ মাজৰ সময়ছোৱাত মেক্সিকোত মায়া সভ্যতাই বিকাশ লাভ কৰিছিল । কিন্তু ৰাজনৈতিক ক্ষমতাৰ ফালৰ পৰা ষষ্ঠদশ শতিকাতো তেওঁলোকৰ ক্ষমতকা আজটেকতকৈ কম আছিল । বিভিন্ন শস্য উৎপাদন কৰি ধৰ্মীয় উৎসৱ পালন কৰাটোৱেই আছিল তেওঁলোকৰ সংস্কৃতিৰ মূল কথা । খেতিৰ আৰম্ভণিতে গজালি উঠি বাঢ়ি অহাৰ সময়ত আৰু খেতি চপোৱাৰ সময়ত ধৰ্মীয় উৎসৱ পালন কৰা হৈছিল । শস্যৰ উৎপাদন ভাল হোৱাৰ কাৰণে বহুতো ৰাহি হৈছিল আৰু এইবিলাকৰ পৰা হোৱা উপাৰ্জনে স্থাপত্য, জ্যোৰ্তিবিদা আৰু গণিতৰ বিকাশৰ ঘটোৱাৰ ক্ষেত্ৰত ৰজা, পুৰোহিত শ্ৰেণী আৰু মুখ্য লোক সকলক সহায় কৰিছিল । মায়াসকলে চিত্ৰৰ সহায়েৰে লিখা এটা পদ্ধতি বা পিক্তোগ্ৰাফ উলিয়াইছিল যিটোৰ পাঠোদ্ধাৰ সম্ভৱ হোৱা নাই ।

প্ৰশ্ন(৩৮): আজটেকসকল কোন আছিল ? তেওঁলোকৰ বিষয়ে চমুকৈ লিখা । (২০১৫)

উত্তৰ: দ্বাদশ শতিকাত আজটেকসকল উত্তৰৰ পৰা মেক্সিকোৰ মধ্য উপত্যকালৈ স্থানান্তৰিত হৈছিল । অন্যান্য জাতিক পৰাস্ত কৰি তেওঁলোকে নিজৰ সাম্ৰাজ্য বহলাবলৈ চেষ্টা কৰিছিল  আৰু পৰাস্ত জাতিক বাৰ দিবলৈ বাধ্য কৰিছিল ।

সমাজখন আছিল শ্ৰেণীবিভক্ত সমাজ (Heerarchical) …………. যিসকল আঢ্যৱন্ত,পুৰোহিত শ্ৰেণী আৰু বিভিন্ন সন্মানেৰে সন্মানিত কৰা উচ্চ পদবী ধাৰীসকলক লৈয়ে আজিজাত্য শ্ৰেণীটো গঠন কৰা হৈছিল । সংখ্যাত কম হ’লেও তেওঁলোকে চৰকাৰ, সৈন্য বিভাগ আদিত উচ্চ স্থান পাইছিল ।

অভিজাত্যসকল তেওঁলোকৰ মাজৰ পৰা এজন সৰ্বোচ্চ নেতা বাছি লৈছিল আৰু তেওঁৱেই মৃত্যুৰ আগলৈকে শাসন চলাইছিল । ৰজাজনক পৃথিৱীত সূৰ্য্যৰ প্ৰতিনিধি বুলি বিবেচনা কৰা হৈছিল । যুদ্ধা,পুৰোহিত শ্ৰেণী আৰু সম্ভ্ৰান্তলোক সকলেই আছিল সমাজৰ আটাইতকৈ সন্মানীয় ব্যক্তি । কিন্তু ব্যৱসায়ীসকলেও বহুত সুবিধা লাভ কৰিছিল । প্ৰতিভাৱান শিল্পী, চিকিৎসক আৰু শিক্ষক ।

মাটি যিহেতু সীমিত আছিল আজটেকসকলে কৃত্ৰিম ব্যৱস্থা কৰি মাটিৰ পৰিমাণ বঢ়াইছিল । তেওঁলোকে ইকৰাৰে ডাঙৰ ডাঙৰ চালি তৈয়াৰ কৰি তাক পাৰি তাৰ ওপৰত গছ আৰু বোকাৰে আবৃত্ত কৰি মেক্সিকো হ্ৰদত কৃত্ৰিমভাৱে দ্বীপ (Chinampas) তৈয়াৰ কৰি লৈছিল । তাৰ মাজে মাজে খাল খান্দি লৈছিল আৰু দ্বীপৰ ওপৰতেই ১৩২৫ খ্ৰীঃত ৰাজধানী চহৰ টেনচটিটলান নিৰ্মাণ কৰিছিল । আজটেকসকল যিহেতু সঘনাই যুদ্ধত লিপ্ত থাকিবলগীয়া হৈছিল তেওঁলোকৰ আটাইতকৈ আকৰ্ষণীয় মন্দিৰবিলাক ৰণৰ দেৱতা আৰু সূৰ্যৰ নামত উচৰ্গা কৰা হৈছিল ।

গাঁৱৰ ওপৰত ভিত্তি কৰিয়েই প্ৰথমে সাম্ৰাজ্যেখনে গঢ় লৈছিল । তাৰ মানুহে বিভিন্ন ধৰণৰ শস্য, উৰহী, স্কোৱাচ, ৰংলাউ, কচু, আলু আদিৰ খেতি   কৰিছিল । মাতিবিলাক কাৰো ব্যক্তিগত সম্পত্তি নাছিল, খেল বা জাতিৰ নামতহে আছিল । তেওঁলোকে আৰু ৰাজহুৱা গঠনমূলক কাম-কাজো কৰিছিল । ইউৰোপীয়ান ভৃত্যৰ দৰে খেতিয়কসকলে সম্ভ্ৰান্ত লোকসকলৰ মাটিত খেতি কৰিছিল আৰু তাৰ বিনিময়ত খেতিৰ কিছু অংশ তেওঁলোকে পাইছিল । 

দুখীয়াসকলে মাজে সময়ে তেওঁলোকৰ সন্তানক দাস হিচাপে বিক্ৰী কৰিছিল । কিন্তু এইটো সাধাৰণতে এটা সীমিত সময়ৰ কাৰণেহে আছিল । কিয়নো পিছত  পইচা দিব পাৰিলে আকৌ দাস সকলে নিজৰ স্বাধীনতা কিনি ল’ব সম্ভৱত সকলো পুৰুষ সন্তানেই শিক্ষালয়লৈ যোৱাটো বাধ্যতামূলক আছিল । অভিজাত সকলৰ সন্তানে শিক্ষা লোৱা শিক্ষালয়ক ‘কেল মেকা’ বোলা হৈছিল । আৰু তাত তেওঁলোকক সামৰিক শিক্ষা আৰু ধৰ্মীয় নেতা হোৱা সম্বন্ধে শিক্ষা দিয়া হৈছিল । বাকীসকল ‘ট পুচকেল্লী’ নামৰ পঢ়াশালীলৈ গৈছিল আৰু তাত তেওঁলোকে বুৰঞ্জী, পৌৰাণিক কথা, ধৰ্ম আৰু উৎসৱত গোৱা গীত শিকিছিল । ল’ৰা বিলাকে সামৰিক শিক্ষাৰ বাহিৰেও কৃষি আৰু ব্যৱসায়ৰ প্ৰশিক্ষণ লৈছিল । 

ছোৱালীবিলাক আনুষ্ঠানিক শিক্ষালয়লৈ যোৱা নাছিল যদিও ঘৰুৱা কাম-কাজত তেওঁলোকক পাকৈত কৰি তোলা হৈছিল ।ষোড়শ শতিকাৰ আৰম্ভণিতে আজটেক সাম্ৰাজ্য পতন হ’বলৈ ধৰিলে । আজটেকৰ তললৈ অনা প্ৰতিবেশী জন পদ সমূহে তেওঁলোকৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হ’বলৈ সুযোগ বিচাৰি ফুৰাৰ ফলস্বৰূপেই আজটেক সাম্ৰাজ্যৰ বন্দোন লাহে লাহে ঢিলা হৈ আহিবলৈ ধৰিলে ।

প্ৰশ্ন(৩৯): কোনবিলাক নতুন বিকাশে পঞ্চদশ শতিকাত ইউৰোপীয়ান সকলক নৌ পৰিবহনত সহায় কৰিছিল ?

উত্তৰ: পঞ্চদশ শতিকাত ইউৰোপত বিভিন্ন ধৰণৰ উন্নয়ন আৰু বিকাশ সাধন হৈছিল যিটোৱে ইউৰোপ তথা বিশ্বৰ বাবে এক নতুন অধ্যয়নৰ সূচনা কৰিছিল । ইউৰোপীয়ান সকলে আটলাণ্টিক মহাসাগৰেদি যেতিয়া সমুদ্ৰ যাত্ৰা আৰম্ভ কৰিছিল তেতিয়াহে দক্ষিণ আমেৰিকা আৰু কেৰিবিয়ানসকলে তেওঁলোকৰ অস্তিত্ব সম্পৰ্কে জানিব পাৰিছিল । ১৩৮০ খ্ৰীঃৰ পৰাই দিক নিৰ্ণয় যন্ত্ৰ সম্পৰ্কে অৱগত আছিল যদিও পঞ্চদশ শতিকাৰ পৰাহে যেতিয়া ইউৰোপীয়ানসকলে জনপথেদি যাত্ৰা আৰম্ভ কৰিছিল তেতিয়াৰ পৰাই ইয়াক ব্যৱহাৰ কৰা হ’ল । 

এই সময়তে উন্নত ধৰণৰ জাহাজ নিৰ্মাণ কৌশল আবিষ্কাৰ হোৱাত সমুদ্ৰযাত্ৰা সহজ হৈ পৰিল ।

ভ্ৰম বিষয়ক সাহিত্য ভূবিৰতা (cosmography) আৰু ভূগোলৰ ওপৰত লিখা কিতাপে পঞ্চদশ শতিকাৰ পৰা প্ৰসাৰতা লাভ কৰিলে ।

তেওঁলোকৰ সমুদ্ৰ যাত্ৰাৰ উদ্দেশ্য আছিল প্ৰধানকৈ তিনিটা অৰ্থনৈতিক, ধৰ্মীয় আৰু ৰাজনৈতিক, ১৪৭৭ চনত টলেমিৰ ভূগোলৰ বহু কপি ছপা হৈ ওলোৱাত বহুতো মানুহে পঢ়াবলৈ পালে । ইজিপ্তৰ এই বিদগ্ধ পণ্ডিতজনে অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ গণনা অনুযায়ী ঠাই বিলাকৰ অৱস্থান নিৰ্ণয় কৰিছিল । বিখ্যাত ভৌগোলিক টলেমিৰ ভূগোল বিদ্যা আবিষ্কাৰে সমুদ্ৰ যাত্ৰা আৰু অধিক সহজ কৰি তুলিছিল । পৰ্তুগীজ নাৱিক ভাস্ক’ডা গামাই আটলাণ্টিক মহাসাগৰ পাৰ হৈ ভাৰত মহাসাগৰত প্ৰৱেশ কৰাৰ কথা সকলোৱে জানে । এই ক্ষেত্ৰত সমুদ্ৰ যাত্ৰাই বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । 

খ্ৰীষ্টফাৰ কলম্বাছে আমেৰিকা আবিষ্কাৰ কৰা ক্ষেত্ৰতো নৌ যাত্ৰা আছিল প্ৰধান বৈশিষ্ট্য । ব্যৱসায়, বাণিজ্যৰ বিকাশ সাধনত নৌ পৰিবহনে বিশেষ ভূমিকা পালন কৰিছিল । তাৰোপৰি ইউৰোপীয়া দেশসমূহৰ মাজত সাম্ৰাজ্য স্থাপনক কেন্দ্ৰ কৰি হোৱা প্ৰতিদ্বন্দিতাতো নৌ পৰিবহনে মুখ্য ভূমিকা পালন কৰিছিল । খ্ৰীষ্টান ধৰ্ম প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰতো নৌ পৰিবহনে যথেষ্ট সহায় কৰিছিল ।

প্ৰশ্ন(৪০): কি কি নতুন খাদ্য সম্ভাৰ দক্ষিণ আমেৰিকাৰ পৰা পৃথিৱীৰ অন্যান্য ঠাইলৈ অনা হৈছিল ?

উত্তৰ: ইউৰোপিয়ানসকলে আটলাণ্টিক মহাসাগৰেদি যেতিয়া সমুদ্ৰ যাত্ৰা আৰম্ভ কৰিছিল তেতিয়াহে দক্ষিণ আমেৰিকা আৰু কেৰিবিয়ানসকলৰ অস্তিত্ব সম্পৰ্কে জানিব পাৰিছিল । ইউৰোপীয়ান সকলৰ সমুদ্ৰ যাত্ৰা আৰু আবিষ্কাৰৰ মূলতে অৰ্থনৈতিক, ধৰ্মীয় আৰু ৰাজনৈতিক উদ্দেশ্য অন্তৰ্নিহিত হৈ আছিল । এসময়ত এছিয়াৰ লগত ইউৰোপৰ বাণিজ্যিক সম্প্ৰসাৰণ ঘটে । এছিয়াত প্ৰচুৰ পৰিমাণে উৎপন্ন হোৱা মছলা সংগ্ৰহত গুৰুত্ব প্ৰদান কৰিছিল । মিঠা আলু, আলু-কাচা ডা নামৰ এবিধ জোপোহা গছৰ আলু তেওঁলোকে বিশ্বৰ বিভিন্ন ঠাইলৈ নিছিল ।

প্ৰশ্ন(৪১): দক্ষিণ আমেৰিকাৰ আবিষ্কাৰে ইউৰোপৰ ঔপনিবেশিক বিস্তাৰক কেনেকৈ আগুৱাই নিছে ?

উত্তৰ: বিশ্ব ইতিহাসত সমুদ্ৰ যাত্ৰা আৰু নতুন নতুন ঠাই আবিষ্কাৰে এক নতুন গতি লাভ কৰি আজি পৰ্যন্ত উপনীত হোৱা কথা বুৰঞ্জীবিদ সকলে মতপোষণ কৰে । ইউৰোপিয়ানসকলে আটলাণ্টিক মহাসাগৰেদি সমুদ্ৰ যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া দক্ষিণ আমেৰিকা আৰু কেৰিবিয়ান সকলৰ অস্তিত্ব পোহৰলৈ আহিছিল । দক্ষিণ আমেৰিকাস্থিত আজটেক, মায়া আৰু ইনকাৰ দৰে নগৰীয়া সভ্যতা আবিষ্কাৰত সহায় কৰিছিল । এই সভ্যতাসমূহ আবিষ্কাৰৰ লগতে দক্ষিণ আমেৰিকাস্থিত অৱমলাবাব আবিষ্কাৰ হোৱাত ইউৰোপীয়ান দেশ সমূহে ব্যৱসায়-বাণিজ্য তথা ঔপনিবেশ স্থাপন কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিছিল । 

উল্লেখযোগ্য যে পৰ্তুগীজ লেপাইন আদি সমুদ্ৰযাত্ৰা আৰু নতুন নতুন ঠাই আবিষ্কাৰ হিচাপে এই দুখন দেশে দক্ষিণ আমেৰিকাত ব্যৱসায় বাণিজ্য স্থাপনৰ লগতে ঔপনিবেশিক  ঘাটি স্থাপন কৰিছিল । মনকৰিবলগীয়া কথা যে দক্ষিণ আমেৰিকাত থকা পিছপৰা দেশ তথা বিভিন্ন কেঁচা মালত উন্নত ঠাইবোৰত এই দুখন দেশে ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰাৰ লগতে ঔপনিবেশিক ঘাটি স্থাপন কৰি নিজ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিছিল । এই ক্ষেত্ৰত স্পেইন আৰু পৰ্তুগীজৰ মাজত প্ৰায়ে প্ৰতিদ্বন্দিতাও হৈছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top