Class 11 History Chapter 11 আধুনিকীকৰণ পথত

Class 11 History Chapter 11 আধুনিকীকৰণ পথত The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 History Chapter 11 আধুনিকীকৰণ পথত and select needs one.

Class 11 History Chapter 11 আধুনিকীকৰণ পথত

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 11 আধুনিকীকৰণ পথত Solutions for All Subject, You can practice these here.

আধুনিকীকৰণ পথত

Chapter : 11

প্ৰশ্নবোৰৰ উত্তৰ লিখা

প্ৰশ্ন(১): নাইটো কি ?

উত্তৰ:  জাপানত উপাধি বা পদবীৰ নামটো প্ৰথমে লিখা হয় ।

প্ৰশ্ন(২): নাইটো কোনান কোন আছিল ?

উত্তৰ: নাইটো কোনান চীনদেশত বসবাস কৰা এজন জাপানী পণ্ডিত আছিল ।

প্ৰশ্ন(৩): কোন তিনিখন নদীয়ে চীনদেশৰ কেন্দ্ৰস্থলত প্ৰাধান্য লাভ কৰিছে ?

উত্তৰ: হোৱাং হি, ইয়াং কে তথা চাং জিয়াং আৰু পাৰ্ল নদী ।

প্ৰশ্ন(৪): চীনদেশৰ প্ৰধান নৃ-গোষ্ঠী কোনটো ?

উত্তৰ: হানসকল ।

প্ৰশ্ন(৫): চীনদেশত কি ভাষা প্ৰচলন থকা দেখা যায় ?

উত্তৰ: চাইনিজ তথা চীনা ভাষা ।

প্ৰশ্ন(৬): ডিমজুম মানে কি ?

উত্তৰ: ই হ’ল চীনা শব্দ আৰু ইয়াৰ অৰ্থ হ’ল অন্তৰ পৰশি যোৱা ।

প্ৰশ্ন(৭): চীনৰ লোকৰ মূল খাদ্য শস্য কি ?

উত্তৰ: ঘেঁহু ।

প্ৰশ্ন(৮): কোন কেইটা দ্বীপক লৈ জাপান সংগঠিত ?

উত্তৰ: হনচু, কিউচিউ, চিকোকু আৰু ইকাইডো । 

প্ৰশ্ন(৯): মেইজি সকল কোন আছিল ?

উত্তৰ: জাপানৰ শাসনকৰ্তা ।

প্ৰশ্ন(১০): জাপানৰ সদনৰ নাম কি ?

উত্তৰ: ডায়েট ।

প্ৰশ্ন(১১): আফিং যুদ্ধ কেতিয়া হৈছিল ?

উত্তৰ: ১৮৩৯-৪২ চনত ।

প্ৰশ্ন(১২): কুমিংটদং দলৰ নেতাজনৰ নাম কি ?

উত্তৰ: চিয়াৰ নাই শ্বেক ।

প্ৰশ্ন(১৩): চীনত কেতিয়া প্ৰজাতান্ত্ৰিক চৰকাৰৰ প্ৰতিষ্ঠা হৈছিল ?

উত্তৰ: ১৯৪৯ চনত ।

প্ৰশ্ন(১৪): গ্ৰেট লি পফৰৱাৰ্ড কেতিয়া হৈছিল ?

উত্তৰ: ১৯৫৮ চনত ।

প্ৰশ্ন(১৫): জাপানৰ আগ্ৰগতিৰ লগে লগে কিদৰে সেই দেশখনৰ দৈনন্দিন জীৱনৰ পৰিৱৰ্তন ঘটিছিল আলোচনা কৰা ।

উত্তৰ: এছিয়া মহাদেশৰ আধুনিকতাৰ পৰশ পৰা দেশসমূহৰ ভিতৰত জাপান এখন অন্যতম প্ৰধান দেশ হিচাপে পৰিচিত । বহু দ্বীপৰ সমষ্টি জাপানে সামগ্ৰিক উন্নয়ন সাধনৰ ক্ষেত্ৰত মেইজি শাসনে বিশেষ ভূমিকা পালন কৰিছিল । জাপানী সকলে কিদৰে বিশ্বৰ ভিতৰত শক্তিশালী হ’ব পাৰে তাৰ প্ৰচেষ্টা সদায়ে কৰিছিল । তেওঁলোকে দেশখনক উন্নতি কৰাৰ বাবে ৰাজনৈতিক, সামাজিক, আৰ্থিক তথা অন্যান্য কাৰণসমূহ অধিক সবল পদক্ষেপ গ্ৰহণ কৰিছিল । বহু মেধাৱীক শিক্ষা গ্ৰহণ কৰিবৰ বাবে বিদেশলৈ প্ৰেৰণ নতুন নতুন যন্ত্ৰ আবিষ্কাৰ আদিয়ে জাপানক আধুনিকীকৰণৰ দিশে ধাৱিত হোৱাৰ আৰু দৈনন্দিন জীৱনলৈ আমূল পৰিবৰ্তন আনিবলৈ সক্ষম হয় ।

প্ৰশ্ন(১৬): ছান ইয়াৎছেনৰ তিনিটা বাণী তথা মুলনীতি কি কি ?

উত্তৰ: আধুনিক চীনৰ জন্মদাতা তথা পিতৃ হিচাপে ছান ইয়াৎদেনকে গণ্য কৰা হয় । আধুনিক শিক্ষাৰ তথা আধুনিকতাৰ দিশেৰে চীনক আগবঢ়াই নি বিশ্বৰ ভিতৰত এখন শক্তিশালী দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ আদর্শ মন কৰিবলগীয়া আছিল । ছান ইয়াৎ ছেনন গুৰুত্বপূৰ্ণ তিনি আদৰ্শ আছিল । তেওঁৰ আদর্শকেইটা হ’ল ছান মিন চু আই অৰ্থাৎ গণতন্ত্ৰ জাতীয়তাবাদ আৰু জীৱিকা বা সমাজবাদ প্ৰথমটো বাণীৰ দ্বাৰা চীনত বিদেশী সাম্ৰাজ্যবাদৰ পতন আনিবলৈ সচেষ্টা হৈছিল । গণতান্ত্ৰিক চৰকাৰে চীনৰ উন্নয়ন সাধন কৰা আৰু তৃতীয় আদৰ্শটোৱে পুঁজি নিয়ন্ত্ৰণ আৰু ভূমিৰ মালিকীস্বত্বৰ সম বিতৰণৰ দ্বাৰা অগ্ৰসৰ হোৱাটো বিচাৰিছিল ।

প্ৰশ্ন(১৭): দ্ৰুত উদ্যোগীকৰণৰ বাবে জাপান আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহৰ মাজত যুদ্ধ হোৱাৰ উপৰিও পৰিৱেশ নষ্ট হৈছিলনে ?

উত্তৰ: জাপানে ক্ৰমান্বয়ে সকলো ক্ষেত্ৰতে উন্নয়ন সাধন কৰি বিশ্বৰ এখন শক্তিশালী দেশ হিচাপে পৰিগণিত হৈছিল । এই ক্ষেত্ৰত জাপানৰ উল্লেখিত নীতি তথা স্থাপনে জাপানৰ উন্নতিত ইন্ধন যোগাইছিল । উদ্যোগীকৰণৰ বিকাশ হোৱাৰ লগে লগে জাপানত ন-ন আবিষ্কাৰ হোৱাৰ লগতে ৰাসায়নিক তথা নিউক্লিয়াৰ সামগ্ৰীও আবিষ্কাৰ কৰিছিল । ফলস্বৰূপে এসময়ত জাপানে ন ন আবিষ্কাৰ হোৱা লগতে ৰাসায়নিক তথা নিউক্লিয়াৰ সামগ্ৰীও আবিষ্কাৰ কৰিছিল । ফলস্বৰূপে এসময়ত জাপানে কোনো এখন দেশলৈ ভয়-শংকা কৰা নাছিল । ফলস্বৰূপে ওচৰ-চুবুৰীয়া দেশ সমূহৰ লগত নিজৰ শক্তি স্থাপন কৰিবলৈ শক্তি প্ৰয়োগ কৰাৰ ক্ষেত্ৰত উদগনি যোগাইছিল জাপানৰ উদ্যোগীকৰণে ওচৰ-চুবুৰীয়া দেশসমূহৰ মাজত শক্তি প্ৰয়োগ কৰিবলৈ পৰিৱেশ বিনষ্ট কৰাৰ কথা অস্বীকাৰ কৰিব নোৱাৰি।

Sl. No.সূচী-পত্ৰ
Chapter 1কালৰ আৰম্ভণিৰ পৰা
Chapter 2লিখন পদ্ধতি আৰু নগৰীয়া জীৱন
Chapter 3সাম্ৰাজ্য
Chapter 4মধ্য ইছলামিক দেশ
Chapter 5অঘৰী সাম্ৰাজ্য
Chapter 6পৰৱৰ্ত্তিত পৰম্পৰা
Chapter 7পৰৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা
Chapter 8সংস্কৃতিৰ সংঘাত
Chapter 9শিল্প বিপ্লৱ
Chapter 10থলুৱাসকলৰ স্থানান্তকৰণ
Chapter 11আধুনিকীকৰণৰ পথত

প্ৰশ্ন(১৮): ‘মাও-জে-ডঙ আৰু চীনৰ কমিউনিষ্ট দলে চীনক স্বাধীনতা দিয়াৰ লগতে বৰ্তমানৰ সফলতা সমূহৰ বাবে স্থাপন কৰিছিল বুলিলে তুমি ভাবানে ?

উত্তৰ: চীনক স্বাধীনতা লাভ কৰা আৰু বৰ্তমান সময়ৰ সফলতা সমূহৰ ভেঁটি স্থাপন হোৱাৰ ক্ষেত্ৰত মাওচে টুঙৰ সাম্যবাদী দলৰ ভাৱধাৰা আৰু কৃষকৰ লগত সহযোগিতা কৰি দেশত এক নতুন জোৱাৰ আনিবলৈ সক্ষম হৈছিল । তেওঁ এই ক্ষেত্ৰত কুমিং টাং দলৰ সদস্যসকলৰ ভাৱধাৰা, কৰ্মক একাষৰীয়াকৈ থৈ এক ৰাজনৈতিক শক্তি হিচাপে পৰিণত হৈছিল । মাওচে টুঙৰ উগ্ৰবাদী ভাৱধাৰাই ভূমি পুনৰ বিতৰণ বাজেয়াপ্ত কৰণ আদি ব্যৱস্থা গ্ৰহণ কৰি এক শক্তিশালী কৃষক সভা গঠন কৰিছিল । তেওঁ চীনত সাৰ্বভৌম চৰকাৰ আৰু সৈন্য বাহিনীৰ আৱশ্যকতা সম্বন্ধে অনুভৱ কৰি সুন্দৰকৈ ব্যক্ত কৰিছিল ।১৯৪৯ চনত চীনত গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হয় । চৰকাৰখনে চীনৰ দ্ৰুত সমাজবাদী বিকাশৰ আচঁনিয়ে চীনৰ উদ্যোগীক ৰাষ্ট্ৰ হিচাপে গতি কৰাত সহায় কৰে । চীন ক্ৰমান্বয়ে এখন শক্তিশালী দেশৰূপে পৰিগণিত হোৱাত মাওচে টুঙ আৰু কমিউনিষ্ট দলে স্থিৰ কৰা লক্ষ্যত উপনীত হোৱাত অভূতপূৰ্ব অৰিহণা যোগাইছিল ।

প্ৰশ্ন(১৯): এছিয়া মহাদেশত বৃহৎ শক্তি হিচাপে জাপানৰ উত্থানৰ গুৰুত্ব কিমান আছিল ?

উত্তৰ: এছিয়া তথা সমগ্ৰ বিশ্বৰ শক্তিশালী দেশসমূহৰ ভিতৰত জাপান এখন অন্যতম শক্তিশালী দেশ । কেইটামান দ্বীপৰ সমষ্টি জাপানৰ উত্থানত মেইজী সকলৰ শাসনবিশেষ অৰিহণা যোগাইছিল । জাপান ক্ৰমান্বয়ে উদ্যোগ ৰাষ্ট্ৰ হিচাপে খ্যাতি লাভ কৰাৰ লগে লগে ন-ন আবিষ্কাৰে এসময়ত অহংকাৰী কৰি তুলিছিল । তাৰোপৰি জাপানৰ উগ্ৰ সাম্ৰাজ্যবাদী নীতিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ ফলাফল স্বৰূপে জাপানত এসময়ত পৰাজিত হ’বলগীয়া হৈছিল যদিও জাপানৰ উন্নতি বিকাশৰ গতি কমি যোৱা নাছিল আৰু বৰ্তমানো গতি ক্ষীপ্ৰ হৈয়ে আছে ।

প্ৰশ্ন(২০): ১৯১৪ চনলৈকে চীনৰ জাতীয়বাদী আন্দোলনৰ বিকাশ বৰ্ণনা কৰা ।

উত্তৰ: ১৬-১৭ শতাব্দীৰ জেছুইট মিছনেৰীসকলে চীনত পশ্চিমীয়া বিজ্ঞানৰ পাতনি মেলিছিল আৰু তেতিয়াৰ পৰাই চীনৰ আফিংৰ ৰমৰমীয়া ব্যৱসায় কৰিছিল আৰু এসময়ত ১৮৩৯-৪২ চনৰ ভিতৰত প্ৰথম আফিং যুদ্ধ সংঘটিত হৈছিল । ক্ৰমান্বয়ে চীনত ফাং ইউৰ আৰু লিমাং কিউচাইৰ দৰে সংস্কাৰক সকলে চীনক শক্তিশালী কৰাৰ উদ্দেশ্যে সামৰিক বাহিনী, শিক্ষা ব্যৱস্থাৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰে ।

প্ৰশ্ন(২১): দ্বিতীয় মহাযুদ্ধৰ সময়ছোৱাত জাপানৰ এছিয়া জয় বৰ্ণনা কৰা ।

উত্তৰ: এছিয়া মহাদেশৰ শক্তিশালী দেশ জাপান সমগ্ৰ বিশ্বৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছিল । জাপানৰ উগ্ৰ সাম্রাজ্যবাদে বিশ্বৰ দেশসমূহক শংকিত কৰি তোলাৰ সময়ত এছিয়াত শক্তিশালী দেশ হিচাপে প্ৰতিষ্ঠাত গুৰুত্ব প্ৰদান কৰিছিল । ফলস্বৰূপে জাপানে এছিয়া মহাদেশৰ বৃহৎ ৰাষ্ট্ৰ চীন ৰাছিয়া তথা ভাৰতবৰ্ষকে আক্ৰমণ কৰি নিজৰ অধীন কৰিবলৈ চেষ্টা কৰিছিল । এই ক্ষেত্ৰত চীন আৰু ৰাছীয়াক যুদ্ধত পৰাজিত কৰি জাপানৰ সামৰিক শক্তি বৃদ্ধি কৰিছিল যদিও দ্বিতীয় বিশ্বযুদ্ধত অহংকাৰী জাপান আমেৰিকাৰ হাতত পৰাভূত হৈ আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল ।

প্ৰশ্ন(২২): জাপানৰ আক্ৰমণাত্মক জাতীয়তাবাদ মানে কি ?

উত্তৰ: জাপানে পশ্চিমীয়া শক্তি বিলাকৰ দয়াৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব নিবিচাৰিছিল । সেয়েহে জাপানত শাসন সম্পৰ্কী, সকলো বিষয় দলভিত্তিক জাতীয় ঐক্য মঞ্চৰ মন্ত্ৰীসভাৰ হাতত কেন্দ্ৰীভূত কৰা হৈছিল । জাপানত সামৰিক সম্প্ৰসাৰণ আৰু সামৰিক বাহিনীৰ বাবে কৰ বৃদ্ধি কৰিলেও বিৰোধী পক্ষ নিমাতে ৰৈছিল । সেয়েহে, জাপানৰ আক্ৰমণাত্মক জাতীয়তাবাদ বুলিলে সৈন্য বাহিনীৰ শক্তি আৰু ক্ষমতা বৃদ্ধিক   বুজায় ।

1 thought on “Class 11 History Chapter 11 আধুনিকীকৰণ পথত”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top