Class 11 Geography Important Chapter 4 মহাদেশীয় বিস্থাপন আৰু ফলক-বিৱৰ্তন তত্ত্ব Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 4 মহাদেশীয় বিস্থাপন আৰু ফলক-বিৱৰ্তন তত্ত্ব Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.
Class 11 Geography Important Chapter 4 মহাদেশীয় বিস্থাপন আৰু ফলক-বিৱৰ্তন তত্ত্ব
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.
মহাদেশীয় বিস্থাপন আৰু ফলক-বিৱৰ্তন তত্ত্ব
Chapter: 4
| দ্বিতীয় গোট: আমাৰ পৃথিৱী |
| IMPORTANT QUESTION AND ANSWER |
১। মহাদেশীয় বিস্থাপন তত্ত্বৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰঃ মহাদেশীয় বিস্থাপন তত্ত্বৰ প্ৰতিষ্ঠাপক আল্ফ্ৰেড ৱেগেনাৰ।
২। পেঞ্জিয়া কি?
উত্তৰঃ পেঞ্জিয়া হৈছে আল্ফ্ৰেড ৱেগেনাৰৰ মতে এক প্রাচীন সুপাৰ-মহাদেশ, যি পৃথিৱীৰ আটাইতকৈ পুৰণি বৃহৎ স্থলভাগ আছিল।
৩। পেঞ্জিয়া কেইটা ভাগত বিভক্ত হৈছিল আৰু কি কি?
উত্তৰঃ পেঞ্জিয়া দুটা ভাগত বিভক্ত হৈছিল– উত্তৰভাগ লাউৰেছিয়া আৰু দক্ষিণভাগ গণ্ডৱানালেণ্ড।
৪। কিমান চনৰ পাছত ফলক-বিৱৰ্তন তত্ত্বৰ আধুনিক বিকাশ হৈছিল?
উত্তৰঃ ১৯৬০ চনৰ পাছত ফলক-বিৱৰ্তন তত্ত্বৰ আধুনিক বিকাশ হৈছিল।
৫। ফলক কেই ধৰণৰ?
উত্তৰঃ ফলক তিনি ধৰণৰ।
৬। আলফ্ৰেড ৱেগেনাৰে কিমান চনত তত্ত্ব প্ৰকাশ কৰিছিল?
উত্তৰঃ আলফ্ৰেড ৱেগেনাৰে ১৯১২ চনত তত্ত্ব প্ৰকাশ কৰিছিল।
৭। Lithosphere কিমান গভীৰতালৈ বিস্তৃত?
উত্তৰঃ Lithosphere ১০০ কি.মি গভীৰতালৈ বিস্তৃত।
৮। Pangaea শব্দৰ অৰ্থ কি?
উত্তৰঃPangaea শব্দৰ অৰ্থ হ’ল― “সকলো মহাদেশৰ একতাৰ ভূমি”।
৯। মহাদেশীয় বিস্থাপন কাক বোলে?
উত্তৰঃ আলফ্রেড ওৱেজেনাৰৰ মতে পৃথিৱীৰ আৱৰ্তন আৰু জোৱাৰ সৃষ্টিৰ ফলত উদ্ভৱ হোৱা দুই ধৰণৰ বলৰ (force) ক্রিয়াই মহাদেশসমূহক পূৰ্বৰ অৱস্থানৰ পৰা আঁতৰাই আনি পৃথিৱীৰ উপৰিভাগৰ আন কিছুমান নতুন অৱস্থানত পুনৰ প্ৰতিষ্ঠা কৰিছিল। মহাদেশৰ সঞ্চালন আৰু পুনৰ প্ৰতিষ্ঠাপনৰ সমগ্ৰ পৰিক্ৰমাটোকেই মহাদেশীয় বিস্থাপন বোলে।
১০। টুজু উইলচনে কিমান চনত পৃথিৱীৰ খোলাটো কিছুমান বহুভুজ আকৃতিৰ সৰু-ডাঙৰ টুকুৰাৰে গঠিত বুলি মত প্রকাশ কৰে।
উত্তৰঃ টুজু উইলচনে ১৯৬৫ চনত পৃথিৱীৰ খোলাটো কিছুমান বহুভুজ আকৃতিৰ সৰু-ডাঙৰ টুকুৰাৰে গঠিত বুলি মত প্রকাশ কৰে।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। সমুদ্রতলিৰ মানচিত্রন বুলিলে কি বুজা?
উত্তৰঃ সমুদ্ৰৰ তলদেশক এখন অৱয়বহীন সমতল বুলিয়েই আগৰ মানুহে ধাৰণা কৰিছিল। কিন্তু কুৰি শতিকাৰ প্ৰথমার্ধৰ ভিতৰতে সমুদ্রতলিৰ নানা অৱস্থানত ঠিক মহাদেশীয় পৃষ্ঠৰ অনুৰূপ পৰ্বত, পাহাৰ, মালভূমি, গিৰিখাত প্রভৃতি প্রায় সকলোধৰণৰ ভূ-আকৃতিক অৱয়বেই নিমজ্জিত অৱস্থাত থকাৰ বিষয়ে মানুহে জানিব পাৰিলে। এনেবোৰ নিমজ্জিত অৱয়বৰ ভিতৰত গভীৰ সমুদ্রখাত (Ocean deep) আৰু বিস্তীর্ণ শৈলসিবাসমূহ (নিমজ্জিত গিৰিমালা) সচৰাচৰ উপকূলৰ পৰা নাতিদূৰত পোৱা যায়। মহাসাগৰৰ মাজ অংশত থকা শৈলসিবাসমূহত যথেষ্ট সংখ্যক সক্রিয় আগ্নেয়গিৰি আছে। আনহাতে সমুদ্রতলিৰ প্ৰায়বোৰ আগ্নেয়শিলাৰ বয়স মহাদেশীয় আগ্নেয়শিলাতকৈ কম। সেইদৰেই দেখা যায় যে সাগৰতলিৰ নিমজ্জিত শৈলসিৰা এটাৰ সৰ্বোচ্চ অংশৰ পৰা দুয়োটা ঢালতে সমান সমান দূৰত্বত সম বয়সৰ একেধৰণৰ শিলা পোৱা যায়। সমুদ্রতলিৰ মানচিত্ৰন কাৰ্যৰ যোগেদি জানিবলৈ পোৱা এই সকলোধৰণৰ সম্ভেদেই পৃথিৱীত মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কীয় বিজ্ঞানসন্মত ব্যাখ্যা যুগুত কৰাত বিশেষ সহায়ক হ’ব পাৰে।
২। মহাদেশীয় বিস্থাপন তত্ত্বৰ পৰৱৰ্তী অধ্যয়নসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ মহাদেশীয় বিস্থাপন তত্ত্বৰ সমর্থনত উত্থাপন কৰা প্ৰায় সকলোখিনি তথ্যই মহাদেশীয় পৰিৱেশৰ লগতহে জড়িত আছিল। অর্থাৎ সমগ্র পৃথিৱীব্যাপ্ত পৰিঘটনা এটাৰ ব্যাখ্যা যুগুত কৰাৰ সময়ত পৃথিৱীৰ ৭১ শতাংশ এলেকা আৱৰি থকা মহাসাগৰীয় অৱস্থানসমূহৰ পৰা কোনোধৰণৰ তথ্য সংগ্ৰহ কৰা হোৱাই নাছিল। এনেস্থলত ওৱেজেনাৰৰ ব্যাখ্যাৰ পৰা মহাদেশসমূহে গতি কৰিছিল বুলি জনাৰ বাহিৰে একেবোৰ মহাদেশ আজিৰ অৱস্থাত স্থবিৰ নে গতিশীল অৱস্থাত আছে, সেই বিষয়ে জনাৰ সুৰুঙা পোৱা নগৈছিল। আকৌ পৃথিৱীৰ ৪৫০ কোটি বছৰীয়া ইতিহাসত ভূ-তাত্ত্বিকভাৱে প্রায় বৈশিষ্ট্যহীন বুলিয়েই ক’ব পৰা সময়ছোৱাত (তালিকা ২.২ দ্রষ্টব্য) মহাদেশীয় বিস্থাপনৰ দৰে ব্যতিক্রমী পৰিক্ৰমা এটা কিয় আৰু কেনেকৈ ঘটিল সেই বিষয়ে ওৱেজেনাৰে সৰল মতামত ব্যক্ত কৰা নাছিল। ইফালে প্ৰথম বিশ্বযুদ্ধৰ পাছৰ পৰা ক্রমে ত্বৰান্বিত হোৱা বিজ্ঞানৰ জয়যাত্ৰাই আমাক আমাৰ বাসভূমি গ্ৰহটোৰ বিষয়ে নিত্যনতুন সম্ভেদ যোগান ধৰিবলৈ আৰম্ভ কৰিলে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

