Class 11 Geography Important Chapter 5 ভূমিকম্প আৰু আগ্নেয়গিৰি

Class 11 Geography Important Chapter 5 ভূমিকম্প আৰু আগ্নেয়গিৰি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 5 ভূমিকম্প আৰু আগ্নেয়গিৰি Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.

Class 11 Geography Important Chapter 5 ভূমিকম্প আৰু আগ্নেয়গিৰি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 5

দ্বিতীয় গোট: আমাৰ পৃথিৱী
IMPORTANT QUESTION AND ANSWER

১। উপকেন্দ্ৰ কাক বোলে?

উত্তৰঃ পৃথিৱীৰ অভ্যন্তৰ ভাগৰ (সচৰাচৰ প্ৰবাৰ স্তৰ) যি অৱস্থানৰ পৰা ভূমিকম্পৰ জোকাৰণি আৰম্ভ হয় তাক ভূ-কম্পন কেন্দ্র (focus) আৰু এই কেন্দ্ৰৰ উলম্ব দিশত থকা পৃথিৱীপৃষ্ঠ অৱস্থানক উপকেন্দ্র (epicentre) বোলে।

২। আগ্নেয়গিৰিৰ মূল অংশ কেইটা আৰু কি কি?

উত্তৰঃ আগ্নেয়গিৰিৰ মূল অংশ চাৰিটা আৰু এই অংশসমূহ হ’ল― মেগমা, জ্বালানলী, জ্বালামুখ আৰু লাভা শংকু।

৩। পৃথিৱীৰ কিমান শতাংশ ভূ-কম্পনৰ সংঘটনস্থল প্রশান্ত মহাসাগৰৰ চৌপাশৰ এইটো অঞ্চলক প্রশান্ত মহাসাগৰীয় ভূমিকম্প প্ৰৱণ বলয় নামে জনা যায়?

উত্তৰঃ পৃথিৱীৰ ৬৮ শতাংশ ভূ-কম্পনৰ সংঘটনস্থল প্রশান্ত মহাসাগৰৰ চৌপাশৰ এইটো অঞ্চলক প্রশান্ত মহাসাগৰীয় ভূমিকম্প প্ৰৱণ বলয় নামে জনা যায়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। অন্তৰ্জাত বল বুলিলে কি বুজা?

উত্তৰঃ যিসকল বল পৃথিৱীৰ অভ্যন্তৰত উৎপন্ন হয় আৰু ভূ-ত্বকৰ গাঁথনি পৰিৱৰ্তন কৰে তাকে অন্তৰ্জাত বল বোলে।

৫। ভূমিকম্প কাক বোলে?

উত্তৰঃ ভূ-ত্বকৰ তলৰ স্তৰত হঠাৎ হেঁচা উৎপন্ন হোৱাৰ ফলত সৃষ্ট কম্পনক ভূমিকম্প বোলে।

৬। ভূ-ত্বকৰ সমস্থিতিক বৈষম্য শীর্ষক কেইটা পৃথক কাৰণৰূপে চিহ্নিত কৰা হয়?

উত্তৰঃ ভূ-ত্বকৰ সমস্থিতিক বৈষম্য শীর্ষক তিনিটা পৃথক কাৰণৰূপে চিহ্নিত কৰা হয়।

৭। সুপ্ত আগ্নেয়গিৰি কাক বোলে?

উত্তৰঃ যি আগ্নেয়গিৰিত বহুকাল ব্যাপী উদ্‌দ্গীৰণ ঘটা নাই যদিও আগলৈ উদ্‌দ্গীৰণ হোৱাৰ সম্ভাৱনা আছে তেনেবোৰ আগ্নেয়গিৰিক সুপ্ত আগ্নেয়গিৰি বোলে।

৮। আগ্নেয়গিৰিৰ প্ৰকাৰসমূহ লিখা?

উত্তৰঃ আগ্নেয়গিৰিৰ প্ৰকাৰসমূহ হ’ল– সক্ৰিয়, সুপ্ত, আৰু লুপ্ত আগ্নেয়গিৰি।

৯। উদ্‌দ্গীৰণৰ ফলত উঠি আহি পৃথিৱীৰ উপৰিভাগত জমা হোৱা পদার্থৰ নাম কি?

উত্তৰঃ উদ্‌দ্গীৰণৰ ফলত উঠি আহি পৃথিৱীৰ উপৰিভাগত জমা হোৱা পদার্থৰ নাম হ’ল― লাভা।

১০। কিমান চনৰ ভূমিকম্পত জাপানৰ স্থলভাগৰ একাংশ ৬ মিটাৰ তললৈ বহি গৈছিল।

উত্তৰঃ ১৮৯১ চনৰ ভূমিকম্পত জাপানৰ স্থলভাগৰ একাংশ ৬ মিটাৰ তললৈ বহি গৈছিল।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। ভূ-ত্বকৰ পৰিৱৰ্তনৰ মুখ্য কাৰণসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ ভূ-ত্বকৰ পৰিৱৰ্তন হৈছে এক দীৰ্ঘকালীন আৰু প্ৰাকৃতিক প্ৰক্ৰিয়া। পৃথিৱীৰ ভিতৰৰ পৰা অহা শক্তিৰ বল আৰু উপৰিপৃষ্ঠত থকা প্রাকৃতিক উপাদানসমূহৰ প্ৰভাৱত এই পৰিৱৰ্তন হয়। ভূ-ত্বকৰ পৰিৱৰ্তনৰ প্ৰধান কাৰণ দুটা হৈছে— অন্তৰ্জাত বল আৰু বহিঃপ্রবাহ বল।

অন্তৰ্জাত বল হৈছে সেই শক্তি যি পৃথিৱীৰ অভ্যন্তৰত উৎপন্ন হয়। এই বলৰ উৎস হৈছে তেজস্ক্রিয়তা, অভিকর্ষ বল, আৰু মেগমাৰ পৰিচলন। এই বলবোৰে শিলাস্তৰ গঁথনিৰ ওপৰত চাপ সৃষ্টি কৰি পৰ্বত গঠন, ভূমিকম্প, আগ্নেয়গিৰি, ভাঁজ, চ্যুতি আদিৰ সৃষ্টি কৰে। ই সাধাৰণতে অনুভূমিক আৰু উলম্বিক দুই দিশত কাম কৰে, যাৰ ফলত গিৰিজনন আৰু মহীভাৱক আন্দোলন ঘটে।

আনহাতে, বহিঃপ্ৰবাহ বলবোৰ মূলতঃ সূৰ্যৰ বিকিৰণৰ প্ৰভাৱত বায়ু, বৰষুণ, নদী, হিমবাহ, তৰংগ আদি প্ৰাকৃতিক উপাদানৰ মাধ্যমেৰে কাজ কৰে। এইসকল বল ভূ-পৃষ্ঠত ক্ষয়, অপসাৰণ আৰু সঞ্চয়ন ঘটায়। ইয়াৰ ফলত উপত্যকা, নদী পথ, ডেল্টা, সমভূমি, প্ৰাকৃতিক সোপান ইত্যাদি গঠিত হয়।

২। গিৰিজনন আন্দোলন বুলিলে কি বুজা?

উত্তৰঃ ভূ-ত্বকৰ তলৰ স্তৰটোক প্ৰবাৰ (mantle) বোলা হয়। এই প্ৰবাৰত উচ্চ তাপ আৰু চাপৰ প্ৰভাৱত অর্ধগলিত পদাৰ্থ থাকে। এই পদাৰ্থসমূহ তাপীয় প্ৰভাৱত পৰিচলন সোঁত (convection current) সৃষ্টি কৰে। এই পৰিচলন সোঁতে প্রবাৰ স্তৰৰ ওপৰত ভাঁহি থকা ভূ-ত্বকৰ ওপৰতো এক অনুভূমিক দিশৰ চাপ সৃষ্টি কৰে। এই অনুভূমিক চাপৰ ফলত ভূ-ত্বকটো অনুভূমিক দিশত লৰচৰ কৰে। সেই কাৰণে এনে পৰিচলন সোঁতৰ ফলত উৎপত্তি হোৱা ভূ-আন্দোলনক অনুভূমিক আন্দোলন (Horizontal movement) বোলে। আনহাতে, এনেবোৰ অনুভূমিক আন্দোলনৰ পৰাই ভূ-পৃষ্ঠত পর্বত অর্থাৎ গিৰিসমূহ সৃষ্টি হয়। সেয়েহে এই শ্ৰেণীৰ ভূ-আন্দোলনৰ আন নাম গিৰিজনন অর্থাৎ পর্বত সৃষ্টিকাৰী আন্দোলন (Orogenic movement)। প্ৰবাৰ স্তৰত সৃষ্টি হোৱা পৰিচলন সোঁতে ভূ-ত্বকৰ একোটা বৃহৎ খণ্ডৰ ওপৰত কেতিয়াবা অভিসাৰী (convergent) আৰু কেতিয়াবা অপসাৰী (divergent) দিশত অনুভূমিক হেঁচা প্ৰয়োগ কৰে অভিসাৰী চাপৰ ফলত ভূ-ত্বকৰ শিলাস্তৰত কিছুমান ভাঁজ সৃষ্টি হয়। এই ভাঁজসমূহ ভূ-ত্বকৰ সংকোচনৰ ফলস্বৰূপ হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top