Class 11 Geography Important Chapter 6 খনিজ আৰু শিলাঃ ভূ-ত্বকৰ উপাদান Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 6 খনিজ আৰু শিলাঃ ভূ-ত্বকৰ উপাদান Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.
Class 11 Geography Important Chapter 6 খনিজ আৰু শিলাঃ ভূ-ত্বকৰ উপাদান
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.
খনিজ আৰু শিলাঃ ভূ-ত্বকৰ উপাদান
Chapter: 6
| তৃতীয় গোট: ভূ-আকৃতিক অৱয়ব আৰু ইহঁতৰ বিৱৰ্তন পৰিক্ৰমা |
| IMPORTANT QUESTION AND ANSWER |
১। শিলা কাক বোলে?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কঠিন অৱয়বটো প্রধানভাৱে শিলাৰ দ্বাৰা গঠিত। একাধিক মণিকৰ ভৌতিক মিশ্রণক শিলা বোলা হয়।
২। বালি, মাটি, বোকা প্রভৃতি সকলোশ্রেণীৰ যৌগকে কিহৰ শ্ৰেণীত অন্তর্ভুক্ত কৰা হয়?
উত্তৰঃ বালি, মাটি, বোকা প্রভৃতি সকলোশ্রেণীৰ যৌগকে শিলাৰ শ্ৰেণীত অন্তর্ভুক্ত কৰা হয়।
৩। কিহৰ ভিতৰত বালিশিল ৰূপান্তৰিত হৈ কোৱাৰ্টজাইট, চূণশিলৰ পৰা মাৰ্বল আৰু বোকাশিল অথবা ছেলৰ পৰা শ্লেট সৃষ্টি হয়?
উত্তৰঃ গেদীয় শিলাৰ ভিতৰত বালিশিল ৰূপান্তৰিত হৈ কোৱাৰ্টজাইট, চূণশিলৰ পৰা মাৰ্বল আৰু বোকাশিল অথবা ছেলৰ পৰা শ্লেট সৃষ্টি হয়।
৪। অভ্র অথবা মাইকাৰ মৌলিক উপাদাসমূহ কি কি?
উত্তৰঃ অভ্র অথবা মাইকাৰ মৌলিক উপাদাসমূহ হ’ল– পটাচিয়াম, এলুমিনিয়াম, মেগনেচিয়াম, লো আৰু চিলিকা।
৫। জৈৱসাঁচ কাক বোলে?
উত্তৰঃ গেদীয় শিলাস্তৰত পোৱা শিলীভূত জীবদেহ, জীৱৰ অংগ-প্রত্যংগ আৰু জীৱদেহৰ সাঁচসমূহক জীৱশ্ম অথবা জৈবসাঁচ বোলে।
৬। বেথলিথ্ শব্দৰ অর্থ কি?
উত্তৰঃ বেথলিথ্ শব্দৰ অর্থ হ’ল গভীৰ অৱস্থানত বুৰ মাৰি থকা শিল।
৭। গ্রেব্র’ (Gabbro) নামৰ শিলাশ্ৰেণীৰ বৰণ কেনেকুৱা?
উত্তৰঃ গ্রেব্র’ (Gabbro) নামৰ শিলাশ্ৰেণীৰ বৰণ ক’লা।
৮। কোৱাৰ্টজাইটৰ (Quartizite) বৰণ কেনেকুৱা?
উত্তৰঃ কোৱাৰ্টজাইটৰ (Quartizite) বৰণ শুধ-বগা।
৯। বালিশিল, কংগ্ল’মাৰেট, ছেল, প্রভৃতি গেদীয় শিলাসমূহ কিহৰ ফলত উৎপত্তি হয়?
উত্তৰঃ বালিশিল, কংগ্ল’মাৰেট, ছেল, প্রভৃতি গেদীয় শিলাসমূহ অজৈৱ পদাৰ্থৰ ভৌতিক পৰিৱৰ্তনৰ ফলত উৎপত্তি হয়।
১০। উত্তৰ-পূব ভাৰতৰ কোন ঠাই সমূহত শ্লেট পোৱা যায়?
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ত শ্লেট পোৱা যায়।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। মণিকৰ যিকোনো চাৰিটা লক্ষণ উল্লেখ কৰা।
উত্তৰঃ মণিকৰ যিকোনো চাৰিটা লক্ষণ হ’ল-
(i) ফেল্ডম্পাৰ (Feldspar): সকলোধৰণৰ ফেল্ডস্পাৰত চিলিকন আৰু অক্সিজেন থাকে। কিছুমান ফেল্ডস্পাৰত কম-বেছি মাত্ৰাৰ চডিয়াম, পটাচিয়াম, কেলচিয়াম আৰু এলুমিনিয়ামৰ মৌলও নিহিত থকা দেখা যায়। ভূ-ত্বকৰ অর্ধেক অংশ এই ফেল্ডস্পাৰ শ্ৰেণীৰ মণিকেৰে গঠিত হৈছে। ইয়াৰ বৰণ মাখন ৰঙৰ পৰা আৰম্ভ হৈ গুলপীয়া হোৱা দেখা যায়। গ্লাছ আৰু চীনামাটিৰ (Ceramic) আচবাব প্রস্তুত কৰোঁতে ফেল্ডস্পাৰ ব্যৱহাৰ কৰা হয়।
(ii) কোবার্টজ (Quartz): গ্রেনাইট আৰু বালিশিলসমূহ ঘাইকৈ কোৱাৰ্টজৰ দ্বাৰা গঠিত। কোৱাৰ্টজৰ মূল উপাদান চিলিকা। এই কঠিন মণিকবিধ পানীত দ্রৱণীয় (Soluble) নহয়। বেডিঅ’ আৰু বাডাৰ যন্ত্ৰৰ আচবাব প্রস্তুত কৰোঁতে বগা অথবা বর্ণহীন লক্ষণৰ এইবিধ মণিক ব্যৱহাৰ কৰা হয়।
(iii) পাইৰক্সিন (Pyroxene): কেলচিয়াম, এলুমিনিয়াম, মেগনেচিয়াম, লো আৰু চিলিকা মৌলৰ সংযোগত পাইৰক্সিন গঠিত হয়। ভূ-ত্বকৰ এক দশমাংশ এই পাইৰক্সিনেৰে গঠিত। পৃথিৱীলৈ খহি পৰা উল্কাপিণ্ডসমূহতো সেউজীয়া অথবা ক’লা বৰণৰ পাইৰক্সিন পোৱা যায়।
(iv) এক্ষিব’ল (Amphibole): ঘাইকৈ এলুমিনিয়াম, কেলচিয়াম, চিলিকা, লো, মেগনেচিয়াম প্রভৃতি মৌলৰ ৰাসায়নিক সংযোগত এম্ফিব’ল শ্রেণীভূক্ত মণিকসমূহ সৃষ্টি হয়। ভূ-ত্বকৰ সাত শতাংশ এই এম্ফিব’ল মণিকেৰে গঠিত। ইহঁতৰ বৰণ ঘন সেউজীয়াৰ পৰা ক’লা হোৱা দেখা যায়। হর্ণব্লেণ্ড নামৰ মণিকবিধ এই শ্রেণীৰ অন্তর্গত।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

