Application to The Chairman of Municipality (Board) to Complain Against The Increase in Water – Tax | পানীৰ ওপৰত বহুওৱা কৰৰ বিৰুদ্ধে পৌৰপতি বা অধ্যক্ষলৈ কৰা আবেদন পত্ৰ

পানীৰ ওপৰত বহুওৱা কৰৰ বিৰুদ্ধে পৌৰপতি বা অধ্যক্ষলৈ কৰা আবেদন পত্ৰ।

Join Telegram channel

প্ৰতি,                                        

মাননীয় অধ্যক্ষ মহোদয় সমীপেষু,

শিৱসাগৰ নগৰ পৌৰসভা,

শিৱসাগৰ (অসম)

তাৰিখ________

বিষয়: পানীৰ ওপৰত বহুওৱা কৰৰ বিৰুদ্ধে পৌৰপতি বা অধ্যক্ষলৈ কৰা আবেদন পত্ৰ।

মাননীয় মহোদয়,

সন্মানপূৰ্বক আপোনাৰ জ্ঞাতাৰ্থে জনাব খুজিছোঁ যে আমি শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত আমোলাপট্টীৰ নিগাজী বাসিন্দা। এখন নগৰৰ বাসিন্দা সকলৰ যিবোৰ সা-সুবিধা থাকিব লাগে বা আছে, সেইবোৰ শিৱসাগৰৰ বাসিন্দা সকলে পোৱা নাই। যিবা খোৱা পানী টুপিৰ যোগান ধৰিছে সিও অনিয়মীয়া। তদুপৰি যোৱা মাহৰ পৰা পৌৰসভাই পানীৰ কৰ বৃদ্ধি কৰিছে অসম্ভৱভাবে। আগতে বছৰেকীয়া পানীৰ কৰ আছিল মাত্ৰ ৪৫০ টকা। কিন্তু যোৱা মাহৰ পৰা এই কৰ বৰ্দ্ধিত হৈ ১৫০০ টকা হ’ল। এনে বৰ্দ্ধিত পানীৰ কৰ দিয়াটো নগৰ বাসীন্দাৰ বাবে অসম্ভৱ আৰু অবাস্তৱ।

সেয়েহে ইয়াৰ দ্বাৰা দয়ালু মহোদয়ক অনুৰোধ কৰোঁ যাতে পানীৰ কৰ আগৰটোকে বাহাল ৰাখে। ইয়াৰ দ্বাৰা নগৰ বাসীৰ যথেষ্ট সকাহ হ’ব।

ধন্যবাদেৰে,

আপোনাৰ বিশ্বাসভাজন,

সমূহ শিৱসাগৰ নগৰ

পৌৰসভাৰ অন্তৰ্গত

বাসিন্দাৰ হৈ। শিৱসাগৰ।

Application to The Chairman of Municipality (Board) to Complain Against The Increase in Water – Tax.

To                                              

The Chairman,

Sivasagar Municipal Board,

Sivasagar, (Assam)

Date_______

Sub: Application to The Chairman of Municipality (Board) to Complain Against The Increase in Water – Tax.

Respected Sir,

With due respect we would like to inform for your kind information that we are the permanent residents of Amolapatty within the Sivasagar Municipality. The residents of Sivasagar have not been provided the various civic amenities that are available or should be available in a town. Only the drinking water is being supplied to the residents of Sivasagar, that is also not regularly. Moreover, the residents are required to pay water-tax regularly for the supply of water. Previously, such water-tax was only Rs. 1450.00 per annum. But since last month this amount has been increased to Rs. 1500/- per annum. The residents are not in a position to pay such a huge amount of water-tax which is quite impossible and unrealistic.

Therefore, Sir, you are requested to kindly maintain the status quo and thereby enabling the residents to pay the previous amount of water-tax. This will relieve the aggrieved residents.

Thanks.    

Yours faithfully,

The residents of Amolapatty

On behalf of all residents of Sivasagar

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top