SEBA Class 8 Science Chapter 18 তৰা আৰু সৌৰজগত

SEBA Class 8 Science Chapter 18 তৰা আৰু সৌৰজগত Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Chapter 18 তৰা আৰু সৌৰজগত Solutions and select need one. SEBA Class 8 Science Notes in Assamese Download PDF. SCERT Class 8 General Science Textual Solutions.

SEBA Class 8 Science Chapter 18 তৰা আৰু সৌৰজগত

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 General Science Textbook Solutions are part of All Subject Solutions. Here we have given SCERT Class 8 Science Notes in Assamese for All Chapters, You can practice these here.

তৰা আৰু সৌৰজগত

Chapter – 18

অনুশীলনী

১। তলৰ কোনটো সৌৰজগতৰ সদস্য নহয়?

(ক) গ্ৰহানুপুঞ্জ।

(খ) উপগ্ৰহ।

(গ) তাৰকাপুঞ্জ।

(ঘ) ধূমকেতু।

উত্তৰঃ (গ) তাৰকাপুঞ্জ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়?

(ক) লুব্ধক।

(খ) বুধ।

(গ) শনি।

(ঘ) পৃথিৱী।

উত্তৰঃ (ক) লুব্ধক।

৩। চন্দ্ৰৰ কলাৰ উৎপত্তিৰ কাৰণ–

(ক) আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ।

(খ) চন্দ্ৰৰ পৰা আমাৰ দূৰত্ব সলনি হৈ থাকে।

(গ) পৃথিৱীৰ প্ৰচ্ছায়াই চন্দ্ৰ পৃষ্ঠৰ এটা অংশহে ঢাকি ৰাখে।

(ঘ) চন্দ্ৰৰ বায়ু মণ্ডলৰ ঘনত্ব স্থিৰ নহয়।

উত্তৰঃ (ক) আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ।

৪। খালী ঠাই পূৰ কৰা।

(ক) সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ’ল ______________।

উত্তৰঃ সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ’ল নেপচুন।

(খ) ৰঙা ৰঙৰ গ্ৰহটো হ’ল ______________।

উত্তৰঃ ৰঙা ৰঙৰ গ্ৰহটো হ’ল মংগল।

(গ) আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰাৰ সমষ্টিক ______________ বোলে।

উত্তৰঃ আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰাৰ সমষ্টিক তাৰকাপুঞ্জ বোলে।

(ঘ) গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক ______________ বোলে।

উত্তৰঃ গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক উপগ্ৰহ বোলে।

(ঙ) পপীয়া তৰা বোৰ প্ৰকৃততে ______________ নহয়।

উত্তৰঃ পপীয়া তৰা বোৰ প্ৰকৃততে তৰা নহয়।

(চ) ______________ আৰু _____________ৰ কক্ষপথৰ মাজত গ্রহানুপুঞ্জসমূহ পোৱা যায়।

উত্তৰঃ মংগল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত গ্রহানুপুঞ্জসমূহ পোৱা যায়।

৫। তলৰ বাক্যসমূহ সত্য (স) আৰু অসত্য (অ) হিচাপে চিনাক্ত কৰা।

(ক) ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য।

উত্তৰঃ অসত্য।

(খ) বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ।

উত্তৰঃ সত্য।

(গ) ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ।

উত্তৰঃ অসত্য।

(ঘ) ইনছেট এটা কৃত্ৰিম উপগ্ৰহ।

উত্তৰঃ সত্য।

(ঙ) সৌৰজগতত নটা গ্ৰহ আছে।

উত্তৰঃ অসত্য।

(চ) কাল পুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীক্ষনেৰেহে দেখা পায়।

উত্তৰঃ অসত্য।

৬। ‘A’ স্তম্ভৰ পদ সমূহৰ সৈতে ‘B’ স্তম্ভৰ এক বা একাধিক পদৰ সম্পৰ্ক স্থাপন কৰা।

AB
(i) অন্তঃ গ্ৰহ(a) শনি
(ii) বহিঃ গ্ৰহ(b) ধ্রুৱতৰা
(iii) তাৰকাপুঞ্জ(c) সপ্তর্ষিমণ্ডল
(iv) পৃথিৱীৰ উপগ্ৰহ(d) চন্দ্র
(e) পৃথিৱী
(f) কালপুৰুষ
(g) মংগল

উত্তৰঃ 

AB
(i) অন্তঃ গ্ৰহ(g) মংগল (e) পৃথিৱী।
(ii) বহিঃ গ্ৰহ(a) শনি।
(iii) তাৰকাপুঞ্জ(c) সপ্তৰ্ষিমণ্ডল (f) কালপুৰুষ।
(iv) পৃথিৱীৰ উপগ্ৰহ(d) চন্দ্ৰ।

৭। সন্ধ্যা তৰা হিচাপে দৃষ্টি গোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ কোণ অংশত বিচাৰি পাবা?

উত্তৰঃ সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটোক সূৰ্যাস্তৰ পাছত পশ্চিম আকাশত বিচাৰি পোৱা যায়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top