Class 8 Science পাঠ 14 বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া – সমাধান

Class 8 Science পাঠ 14 বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Science পাঠ 14 বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া – সমাধান and select needs one.

Join Telegram channel

Class 8 Science পাঠ 14 বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Science পাঠ 14 বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া – সমাধান Solutions for All Subject, You can practice these here…

বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া

পাঠ – ১৪ ( বিজ্ঞান )

১) খালী ঠাই পূৰ কৰা ।

) বিদ্যুৎ পৰিবহন কৰা বেছি ভাগ জুলীয়া পদাৰ্থই …………………….., …………………………,  ………………………… দ্ৰৱ

উত্তৰ:- এছিড, ক্ষাৰ, লৱণ ।

) দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে ………………………. ক্ৰিয়াৰ সৃষ্টি কৰে

উত্তৰ:- ৰাসায়নিক ।

) কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত কৰিলে বেটাৰিৰ ………………………. মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব

উত্তৰ:- ঋণ ।

) বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক ………………………. বোলে

উত্তৰ:- বিদ্যুৎ লেপন ।

) যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায় তুমি কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে ?

উত্তৰ:- যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায় । মই কাৰণটো ব্যাখ্যা কৰিব পাৰিম ।

যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দ্ৰব্যত সুমুৱাই দিয়া হয়, ই দ্ৰৱৰ মাজেৰে বৰ্তনীটো সম্পূৰ্ণ কৰে । বৰ্তনী সম্পূৰ্ণ হলে বিদ্যুৎ চালিত হয় । বিদ্যুৎ চালিত হলে তাত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰই চুম্বক শলাৰ বিক্ষেপন ঘটোৱাই ।

) তিনি বিধ জুলীয়া পদাৰ্থৰ নাম লিখা যিবোৰ চিত্ৰ ১৪. দেখুওৱা ধৰণে পৰীক্ষা কৰিলে চৌম্বিক শলাৰ বিক্ষেপণ ঘটিব পাৰে

উত্তৰ:- তিনি বিধ জুলীয়া পদাৰ্থৰ নাম হল

ক) নিমখ পানী ।

খ) হাইড্ৰ’ক্লৰিক এছিড ।

গ) কপাৰ ছালফেট দ্ৰৱ ।

) চিত্ৰ ১৪.১০ দেখুওৱা ব্যৱস্থাত বালবটো জ্বলা নাই সম্ভৱপৰ কাৰণ বোৰ লিখা তোমাৰ  উত্তৰ ব্যাখ্যা কৰিবা

উত্তৰ:- বালৱটো নজ্বলাৰ সম্ভৱপৰ কাৰণ বোৰ হল

ক) বৰ্তনীৰ সংযোগ ঢিলা থাকিব পাৰে ।

খ) বালবটো বেয়া হব পাৰে ।

গ) বেটাৰিটো বেয়া হব পাৰে ।

ঘ) পাত্ৰৰ তৰলটো বিদ্যুৎ বিশ্লেষ্য নহব পাৰে ।

) ‘A’ আৰুB’ বুলি চিহ্নিত দুটা জুলীয়া পদাৰ্থৰ পৰিবাহিত পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে দেখা গল যে জুলীয়া পদাৰ্থA’ ক্ষেত্ৰত বলৱটো উজ্জ্বলকৈ জ্বলিছে, আনহাতে, ‘B’ ক্ষেত্ৰত নিষ্প্ৰভ তুমি সিদ্ধান্ত লবা যে

) জুলীয়া পদাৰ্থB’ তকৈ জুলীয়া পদাৰ্থA’ উন্নত পৰিবাহী

) জুলীয়া পদাৰ্থA’ তকৈ জুলীয়া পদাৰ্থB’ উন্নত পৰিবাহী

) দুয়োটা জুলীয়া পদাৰ্থ সমভাবে পৰিবাহী

) জুলীয়া পদাৰ্থৰ পৰিবাহী গুণ এনেদৰে তুলনা কৰিব নোৱাৰি

উত্তৰ:- বালবটো A তৰলৰ ক্ষেত্ৰত মুঠেই জ্বলি নুঠে আৰু B ত কমকৈ জ্বলে, ইয়াৰ অৰ্থটো এই যে B তৰলটো A তৰলতকৈ বেছি বিদ্যুতৰ পৰিবাহী । গতিকে উত্তৰটো হব

খ) জুলীয়া পদাৰ্থ ‘A’ তকৈ জুলীয়া পদাৰ্থ ‘B’ উন্নত পৰিবাহী ।

) বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন কৰেনে ? যদি নকৰে, তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ ?

উত্তৰ:- বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন নকৰে । ইয়াক পৰিবাহী কৰিবলৈ পানীত লৱণ দ্ৰৱীভূত কৰিব লাগিব ।

) অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱান সকলে পানীৰ নল খোলাৰ আগতে সেই ঠাই খিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে তেওঁলোকে এনে কিয় কৰে ব্যাখ্যা কৰা

উত্তৰ:- অগ্নি নিৰ্বাপক কাৰ্যত ব্যৱহাৰ কৰা পানী বিশুদ্ধ নহয় । ইয়াত লৱণ মিশ্ৰিত হৈ থাকে । ফলত ই পৰিবাহী হয় । যদি এই পানী বিদ্যুৎ চালিত হৈ থকা তাঁৰত পৰে তেন্তে পানীৰ মাজেদি বিদ্যুৎ চালিত হৈ বিজুতি ঘটিব । সেইবাবে অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱান সকলে পানীৰ নল খোলাৰ আগতে সেই ঠাই খিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে ।

) উপকূলীয় অঞ্চলত থকা শিশু এটিয়ে তেওঁৰ টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হৈছে কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে ?

উত্তৰ:- সাগৰৰ পানীত খোৱা পানীতকৈ অধিক লৱণ দ্ৰৱীভূত হৈ থাকে । গতিকে ই বেছি বিদ্যুৎ পৰিবাহী হয় । সেইবাবে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হয় ।

) ধাৰাসাৰ বৰষুণ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে ? ব্যাখ্যা কৰা

উত্তৰ:- ধাৰাসাৰ বৰষুণ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নহয় । কাৰণ বৰষুণৰ পানীত অম্ল মিহলি হৈ থাকে । গতিকে এই পানী বিদ্যুৎ পৰিবাহী হয় । কাম কৰি থাকিলে বিদ্যুৎ প্ৰৱাহিত হৈ মিস্ত্ৰী গৰাকীৰ মৃত্যুও হব পাৰে ।

১০) প্ৰহেলিকাই শুনিছিল যে বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল গতিকে তাই পৰিষ্কাৰ কাচৰ গিলাচ এটাত অলপ বৰষুণৰ পানী সংগ্ৰহ কৰিলে আৰু টেষ্টাৰেৰে ইয়াক পৰীক্ষা কৰিলে তাই কম্পাছ শলাৰ বিক্ষেপণ দেখি বিস্ময় মানিলে কাৰণ বোৰ কি কি হব পাৰে ?

উত্তৰ:- বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল যদিও ইয়াত বায়ুমণ্ডলত থকা গেছ দ্ৰৱীভূত কৰি কিছু আম্লিক হৈ পৰে । গতিকে ই বিদ্যুৎ পৰিবাহী হয় । গতিকে টেষ্টাৰেৰে পৰীক্ষা কৰি চাই প্রহেলিকাই টেষ্টাৰৰ কম্পাছ শলাৰ বিক্ষেপণ দেখিব ।

১১) তোমাৰ চাৰিওপিনে বিদ্যুৎ লেপণ বিশিষ্ট বস্তু বোৰৰ এখন তালিকা প্ৰস্তুত কৰা

উত্তৰ:-  আমাৰ চাৰিওপিনে বিদ্যুৎ লেপণ বিশিষ্ট বস্তু বোৰৰ নাম হল

ক) কম  দামী আ – অলংকাৰ বোৰ ।

খ) দৰ্জা, খিৰিকিৰ হেণ্ডেলবোৰ ।

গ) বাথৰোম, পাকঘৰ আদিৰ টেপবোৰ ।

ঘ) গেছ বাৰ্ণাৰৰ আৰু ৰন্ধা বাচন – বৰ্তনৰ তলিবোৰ ।

ঙ) ঘৰৰ চালৰ টিন পাত বোৰ ।

চ) তলা – ছাবি আদি  ।

১২) ক্ৰিয়াকলাপ ১৪. তুমি দেখা প্ৰক্ৰিয়াটোৰে তাম শুদ্ধ কৰা হয় বিশুদ্ধ তামৰ মিহি পাত এখন আৰু অশোধিত তামৰ শকত দণ্ড এডাল তড়ি দ্বাৰ ৰূপে লোৱা হয় অশুদ্ধ দণ্ডৰ মিহি পাতখন তাম স্থানান্তৰ কৰিব খোজা হৈছে বেটাৰিৰ ধনাত্মক মেৰুৰ কোন ডাল তড়ি দ্বাৰ সংযোগ কৰাটো উচিত আৰু কিয় ?

উত্তৰ:- বেটাৰিৰ ঋণাত্মক মেৰুৰ লগত অশুদ্ধ তামৰ পাত খন সংযোগ কৰিব লাগিব । কাৰণ, অশুদ্ধ তামৰ ঋণাত্মক তড়ি দ্বাৰত বিশুদ্ধ তামৰ আয়ন কপাৰ ছালফেট দ্ৰৱৰ মাজেদি কপাৰ আয়ন হিচাবে আহি জমা হব ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising