SEBA Class 8 Science Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা

SEBA Class 8 Science Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা Solutions and select need one. SEBA Class 8 Science Notes in Assamese Download PDF. SCERT Class 8 General Science Textual Solutions.

SEBA Class 8 Science Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 General Science Textbook Solutions are part of All Subject Solutions. Here we have given SCERT Class 8 Science Notes in Assamese for All Chapters, You can practice these here.

কিছুমান প্ৰাকৃতিক পৰিঘটনা

Chapter – 15

অনুশীলনী

১। আৰু ২। নং প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা।

১। তলৰ কোনবিধ বস্তু ঘৰ্ষনৰ দ্বাৰা সহজে আহিত কৰিব নোৱাৰি?

(ক) প্লাষ্টিকৰ স্কেল এডাল।

(খ) তামৰ দণ্ড এডাল।

(গ) ফুলাই থোৱা বেলুন এটা।

(ঘ) ঊলৰ কাপোৰ।

উত্তৰঃ (খ) তামৰ দণ্ড এডাল।

২। এটুকুৰা পাটৰ কাপোৰেৰে কাঁচৰ দণ্ড এডাল ঘঁহিলে দণ্ড ডাল–

(ক) আৰু কাপোৰ টুকুৰা দুয়ো ধনাত্মকভাৱে আহিত হ’ব।

(খ) ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে আহিত হ’ব।

(গ) আৰু কাপোৰৰ টুকুৰা দুয়ো ঋণাত্মক ভাৱে আহিত হ’ব।

(ঘ) ঋণাত্মকভাৱে আহিত আৰু কাপোৰ টুকুৰা ধনাত্মকভাৱে আহিত হ’ব।

উত্তৰঃ (খ) ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে আহিত হ’ব।

৩। তলৰ বাক্য কেইটা সঁচা নে মিছা লিখা।

(ক) একে জাতীয় আধানে পৰস্পৰক আকৰ্ষণ কৰে। (সঁচা/মিছা)

উত্তৰঃ মিছা।

(খ) এডাল আহিত কাচৰ দণ্ডই এডাল আহিত প্লাষ্টিক ষ্ট্ৰ’পাইপক আকৰ্ষণ কৰে। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(গ) বজ্ৰ-নিৰোধক পৰিবাহী দণ্ডই অট্টালিকাক বজ্ৰপাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে। (সঁচা/মিছা)

উত্তৰঃ মিছা।

(ঘ) ভূমিকম্পৰ আগজাননী দিব পাৰি। (সঁচা/মিছা)

উত্তৰঃ মিছা।

৪। জাৰকালি ছুৱেটাৰ এটা খুলিলে কেতিয়াবা ফট-ফটাই উঠা শব্দ শুনিবলৈ পোৱা যায়। কিয় এনে হয় বুজাই লিখা।

উত্তৰঃ জাৰকালি ছুৱেটাৰ বা ঊলৰ কাপোৰ পিন্ধি থকা অৱস্থাত আমাৰ শৰীৰৰ সৈতে হোৱা ঘৰ্ষণৰ ফলত বৈদ্যুতিক আধানৰ (স্থিৰ বিদ্যুৎ) সৃষ্টি হয়। যেতিয়া আমি ছুৱেটাৰটো খোলং, তেতিয়া এই আধানবোৰৰ নিৰ্গমন ঘটে। এই আধান নিৰ্গমনৰ বাবেই ফট্-ফট্কৈ শব্দ শুনিবলৈ পোৱা যায় আৰু আন্ধাৰত কেতিয়াবা সৰু স্ফুলিংগ দেখা পোৱা যায়।

৫। আহিত বস্তু এটা হাতেৰে চুলে আধানবোৰ কিয় নাইকিয়া হয় বুজাই লিখা।

উত্তৰঃ আহিত বস্তু এটা আমি হাতেৰে চুলে আধানবোৰ আমাৰ শৰীৰৰ মাজেৰে পৃথিৱীলৈ (মাটিলৈ) গুচি যায়। এই প্ৰক্ৰিয়াটোক ভূমি সংযোগ বোলে। আধানবোৰ মাটিলৈ গুচি যোৱাৰ ফলত বস্তুটোৰ নিজৰ আধান নাইকিয়া হয় আৰু বস্তুটো অনাহিত হৈ পৰে। 

৬। ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম লিখা। কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত 3 হ’লে ইয়াক ছিছম’গ্ৰাফ এটাই ধৰা পেলাবনে? ই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছেনে?

উত্তৰঃ ভূমিকম্পৰ বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম হ’ল ৰিখটাৰ স্কেল। হয়, ৰিখটাৰ স্কেলত 3 প্ৰাবল্যৰ ভূমিকম্প এটাও ছিছম’গ্ৰাফ যন্ত্ৰই অতি সহজেই ধৰা পেলাব পাৰে। কিন্তু ই বিস্তৰ ক্ষতি সাধন কৰাৰ কোনো সম্ভাৱনা নাই, কাৰণ ৰিখটাৰ স্কেলত ৭ বা তাতকৈ বেছি প্ৰাবল্যৰ ভূমিকম্পইহে জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন কৰে। 

৭। বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল’বলগীয়া তিনিটা ব্যৱস্থাৰ দিহা দিয়া।

উত্তৰঃ বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল’বলগীয়া তিনিটা ব্যৱস্থা হ’ল–

(i) বাহিৰত বা মুকলি ঠাইত থাকিলে ওখ গছৰ তলত আশ্ৰয় ল’ব নালাগে, নিৰাপদ ছাদৰ তললৈ বা সুৰক্ষিত স্থানলৈ যাব লাগে। 

(ii) ঘৰৰ ভিতৰত থাকিলে টেলিফোনৰ তাঁৰ, বিদ্যুতৰ তাঁৰ আৰু ধাতুৰ পাইপ আদি স্পৰ্শ কৰাৰ পৰা আঁতৰি থাকিব লাগে। 

(iii) বজ্ৰপাতৰ সময়ত পানীৰে গা ধোৱা অনুচিত আৰু বৈদ্যুতিক সঁজুলিসমূহৰ (যেনে: টিভি, কম্পিউটাৰ) প্লাগ খুলি ৰাখিব লাগে। 

৮। আহিত বেলুন এটাই আন এটা আহিত বেলুনক কিয় বিকৰ্ষন কৰে আৰু অনাহিত বেলুন এটাই আহিত বেলুন এটাক কিয় আকৰ্ষণ কৰে বুজাই লিখা।

উত্তৰঃ দুটা বেলুন একেবিধ পদাৰ্থৰে ঘঁহি আহিত কৰিলে দুয়োটাতে একে জাতীয় আধানৰ সৃষ্টি হয়। আমি জানো যে “একে জাতীয় আধানে পৰস্পৰক বিকৰ্ষণ কৰে”, সেয়ে দুটা আহিত বেলুনে পৰস্পৰক বিকৰ্ষণ কৰে। আনহাতে, এটা আহিত বেলুনৰ ওচৰলৈ এটা অনাহিত বেলুন আনিলে, আহিত বেলুনটোৱে আৱেশৰ (induction) দ্বাৰা অনাহিত বেলুনটোত বিপৰীত আধানৰ সৃষ্টি কৰে বা অনাহিত বস্তুক নিজৰ ফালে টানে। সেয়েহে সিহঁতৰ মাজত আকৰ্ষণ হয়।

৯। চিত্ৰৰ সহায়ত এটা সঁজুলিৰ বৰ্ণনা দিয়া যাৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি।

উত্তৰঃ

কোনো এটা বস্তু আহিত হয় নে নহয়, তাক চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধক সৰল বিদ্যুতবীক্ষণ যন্ত্ৰ (Electroscope) বোলা হয়।

এটা খালী বটলৰ মুখত খাপ খোৱাকৈ এখন ডাঙৰ কাৰ্ডব’ৰ্ড ৰাখি তাত এটা বিন্ধা কৰা হয়। সেই বিন্ধাটোৰে এডাল ধাতুৰ কাগজ ক্লিপ সুমুৱাই দিয়া হয়। ক্লিপটোৰ তলৰ মূৰত এলুমিনিয়ামৰ পাতৰ দুটুকুৰা সৰু পটি (প্ৰায় 4 চে.মি. × 1 চে.মি.) ওলোমাই দিয়া হয়। যেতিয়া কোনো আহিত বস্তুৰে (যেনে আহিত ৰিফিল) ক্লিপটোৰ ওপৰৰ মূৰটো স্পৰ্শ কৰা হয়, তেতিয়া আধানবোৰ ধাতুৰ ক্লিপটোৰে পৰিবাহিত হৈ এলুমিনিয়ামৰ পটি দুটাত পৰেগৈ। দুয়োটা পটিয়ে একে জাতীয় আধান লাভ কৰাৰ বাবে সিহঁতে পৰস্পৰক বিকৰ্ষণ কৰি আঁতৰি যায়। পটি দুটা আঁতৰি যোৱা দেখিলেই বস্তুটো যে আহিত তাক চিনাক্ত কৰিব পাৰি। 

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top