SEBA Class 8 Science Chapter 16 পোহৰ

SEBA Class 8 Science Chapter 16 পোহৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Chapter 16 পোহৰ Solutions and select need one. SEBA Class 8 Science Notes in Assamese Download PDF. SCERT Class 8 General Science Textual Solutions.

SEBA Class 8 Science Chapter 16 পোহৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 General Science Textbook Solutions are part of All Subject Solutions. Here we have given SCERT Class 8 Science Notes in Assamese for All Chapters, You can practice these here.

পোহৰ

Chapter – 16

অনুশীলনী

১। ধৰা হওঁক তুমি এটা অন্ধকাৰ কোঠালিত আছা। কোঠালিৰ ভিতৰৰ বস্তুবোৰ তুমি দেখিবানে? কোঠালিৰ বাহিৰৰ বস্তুবোৰ দেখিবানে? ব্যাখ্যা কৰা।

উত্তৰঃ অন্ধকাৰ কোঠালিৰ ভিতৰত কোনো পোহৰ নথকা বাবে মই কোঠালিৰ ভিতৰৰ বস্তুবোৰ নেদেখোঁ। কাৰণ কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আহি আমাৰ চকুত পৰিলেহে আমি বস্তুটো দেখা পাওঁ। কিন্তু কোঠালিৰ বাহিৰত যদি পোহৰ থাকে, তেন্তে বাহিৰৰ বস্তুবোৰৰ পৰা পোহৰ আহি মোৰ চকুত পৰিব পাৰে, সেয়েহে মই কোঠালিৰ বাহিৰৰ বস্তুবোৰ দেখিবলৈ পাম। 

২। নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলনৰ পাৰ্থক্য বোৰ লিখা। বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰসমূহ বিফল হোৱা বুজায় নেকি?

উত্তৰঃ নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলনৰ পাৰ্থক্যবোৰ হ’ল–

নিয়মিত প্ৰতিফলন: নিমজ, চিকচিকিয়া আৰু মসৃণ পৃষ্ঠৰ (যেনে দাপোন) পৰা হোৱা প্ৰতিফলনক নিয়মিত প্ৰতিফলন বোলে। ইয়াত সমান্তৰাল আপতিত ৰশ্মি পৃষ্ঠৰ পৰা প্ৰতিফলিত হোৱাৰ পাছতো সমান্তৰাল হৈ থাকে।

বিক্ষিপ্ত প্ৰতিফলন: খহটা বা অসমান পৃষ্ঠৰ পৰা হোৱা প্ৰতিফলনক বিক্ষিপ্ত বা অনিয়মিত প্ৰতিফলন বোলে। ইয়াত সমান্তৰাল ৰশ্মিবোৰ প্ৰতিফলিত হোৱাৰ পাছত সমান্তৰাল হৈ নাথাকে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰসমূহ বিফল হোৱা নুবুজায়। ই কেৱল প্ৰতিফলক পৃষ্ঠখনৰ অনিয়মিতাৰ (যেনে- খহটা পৃষ্ঠ) বাবেহে হয়। পৃষ্ঠখনৰ প্ৰতিটো বিন্দুতে প্ৰতিফলনৰ সূত্ৰ মানি চলা হয়।

৩। তলত উল্লেখ কৰা পৃষ্ঠসমূহত পোহৰৰ ৰশ্মি গুচ্ছ আপতিত হ’লে নিয়মিত নে বিক্ষিপ্ত প্ৰতিফলন ঘটিব উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিষ্ঠা কৰা।

(ক) চিকচিকিয়া কাঠৰ টেবুল।

উত্তৰঃ নিয়মিত প্ৰতিফলন ঘটিব। কাৰণ ইয়াৰ পৃষ্ঠখন নিমজ আৰু পলিচ কৰা।

(খ) চক পাউডাৰ।

উত্তৰঃ বিক্ষিপ্ত প্ৰতিফলন ঘটিব। কাৰণ ইয়াৰ পৃষ্ঠখন অতি খহটা আৰু অসমান।

(গ) ডাঠ কাগজৰ পৃষ্ঠ।

উত্তৰঃ বিক্ষিপ্ত প্ৰতিফলন ঘটিব। কাৰণ কাগজ এখন খালি চকুৰে নিমজ দেখিলেও ইয়াত সৰু সৰু অসমান অংশ থাকে যিয়ে পৃষ্ঠখন খহটা কৰে।

(ঘ) তিতি থকা মাৰ্বলৰ মজিয়া।

উত্তৰঃ নিয়মিত প্ৰতিফলন ঘটিব। পানীয়ে মাৰ্বলৰ পৃষ্ঠখন অধিক নিমজ আৰু মসৃণ কৰি তোলে।

(ঙ) দাপোন।

উত্তৰঃ নিয়মিত প্ৰতিফলন ঘটিব। কাৰণ দাপোনৰ পৃষ্ঠ অতি নিমজ আৰু মসৃণ।

(চ) কাগজৰ টুকুৰা।

উত্তৰঃ বিক্ষিপ্ত প্ৰতিফলন ঘটিব। ডাঠ কাগজৰ দৰেই ইয়াৰ পৃষ্ঠও অণুবীক্ষণীয়ভাৱে খহটা।

৪। প্ৰতিফলনৰ সূত্ৰসমূহ লিখা।

উত্তৰঃ প্ৰতিফলনৰ সূত্ৰ সমূহ হ’ল–

(i) আপতন কোণ প্ৰতিফলন কোণৰ সমান। 

(ii) আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু প্ৰতিফলক পৃষ্ঠৰ আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলতে থাকে।

৫। আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন  সমতলতে থাকে বুলি দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা।

উত্তৰঃ এখন টেবুলৰ ওপৰত এখন ডাঠ কাগজ আঠা লগাই লোৱা যাতে কাগজখনৰ কিছু অংশ টেবুলৰ পৰা বাহিৰলৈ ওলাই থাকে। বাহিৰলৈ ওলাই থকা অংশখিনি ঠিক সোঁমাজতে কাটি লোৱা। এখন ফণি লৈ তাৰ মাজৰ এটা ফাকৰ বাহিৰে বাকীবোৰ ক’লা কাগজেৰে বন্ধ কৰা আৰু কাগজৰ ওপৰত লম্বভাৱে ৰাখি টৰ্চৰ পোহৰ পেলোৱা। পোহৰৰ পথত এডাল সমতল দাপোন স্থাপন কৰা। দাপোনৰ পৰা প্ৰতিফলিত হোৱা ৰশ্মিটো কাগজৰ বাহিৰলৈ ওলোৱা অংশলৈকে যাবলৈ দিয়া। এতিয়া কাগজৰ বাহিৰলৈ ওলাই থকা অংশটো ভাঁজ কৰা। ভাঁজ কৰা অংশত তুমি প্ৰতিফলিত ৰশ্মি দেখা নাপাবা। ইয়াৰ পৰা প্ৰমাণ হয় যে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলতে থাকে। 

৬। খালী ঠাই পূৰ কৰা।

(ক) এখন সমতল দাপোনৰ 1 মিটাৰ সমুখত থকা এজন মানুহ তেওঁৰ প্ৰতিবিম্বৰ পৰা  _______________ মিটাৰ আঁতৰত থকা যেন লাগে।

উত্তৰঃ এখন সমতল দাপোনৰ 1 মিটাৰ সমুখত থকা এজন মানুহ তেওঁৰ প্ৰতিবিম্বৰ পৰা 2 মিটাৰ আঁতৰত থকা যেন লাগে।

(খ) সমতল দাপোনৰ সমুখত যদি তোমাৰ _______________ কাণখন সোঁহাতেৰে স্পৰ্শ কৰা তেন্তে দাপোনখনত তোমাৰ সোঁ কাণখন _______________ হাতেৰে স্পৰ্শ কৰা যেন লাগিব।

উত্তৰঃ সমতল দাপোনৰ সমুখত যদি তোমাৰ বাওঁ কাণ খন সোঁহাতেৰে স্পৰ্শ কৰা তেন্তে দাপোনখনত তোমাৰ সোঁ কাণখন বাওঁ হাতেৰে স্পৰ্শ কৰা যেন লাগিব।

(গ) ম্লান পোহৰত চালে চকুৰ মণিৰ আকাৰ ______________ হ’ব।

উত্তৰঃ ম্লান পোহৰত চালে চকুৰ মণিৰ আকাৰ ডাঙৰ হ’ব।

(ঘ) নিশাচৰ চৰাইৰ চকুত দণ্ডতকৈ শংকু আকৃতিৰ কোষ _______________ থাকে।

উত্তৰঃ নিশাচৰ চৰাইৰ চকুত দণ্ডতকৈ শংকু আকৃতিৰ কোষ কম থাকে।

৭। আপতন কোণ প্ৰতিফলন কোণৰ সমান।

(ক) সদায়।

(খ) কেতিয়াবা।

(গ) বিশেষ অৱস্থাত।

(ঘ) কেতিয়াও নহয়।

উত্তৰঃ (ক) সদায়।

৮। সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ব,

(ক) অসৎ, দাপোনৰ পিছফালে আৰু বিবৰ্ধিত।

(খ) অসৎ, দাপোনৰ পিছফালে আৰু লক্ষ্য বস্তুৰ সমান আকাৰৰ।

(গ) দাপোনৰ পৃষ্ঠত সৎ আৰু বিবর্ধিত।

(ঘ) সৎ, দাপোনৰ পিছফালে আৰু লক্ষ্য বস্তুৰ সমান আকাৰৰ।

উত্তৰঃ (খ) অসৎ, দাপোনৰ পিছফালে আৰু লক্ষ্য বস্তুৰ সমান আকাৰৰ।

৯। এটা কেলিড’স্ক’পৰ গঠন বৰ্ণনা কৰা।

উত্তৰঃ এটা কেলিড’স্ক’প সাজিবলৈ 15 চে.মি. দীঘল আৰু 4 চে.মি. বহল আয়তাকাৰ পাতল দাপোণৰ তিনিটা টুকুৰা প্ৰিজমৰ দৰে যোগ কৰা হয়। ডাঠ কাৰ্ডব’ৰ্ডেৰে বনোৱা এটা চুঙাত এই দাপোণৰ সজ্জাটো লগোৱা হয় যাতে চুঙাটো দাপোণৰ টুকুৰাতকৈ সামান্য দীঘল হয়। চুঙাটোৰ এফালে এটা ফুটা থকা কাৰ্ডব’ৰ্ডৰ ঢাকনিৰে বন্ধ কৰা হয় যাতে ফুটাৰে চাব পাৰি। ঢাকনিখনৰ তলত এখন স্বচ্ছ প্লাষ্টিক লগোৱা হয়। আনটো মূৰত দাপোণৰ সজ্জাটো চুই থকাকৈ এখন বৃত্তাকাৰ সমতল কাঁচৰ ফলক লগোৱা হয়। এই কাঁচখনৰ ওপৰত কিছুমান সৰু সৰু ৰঙীন কাঁচৰ টুকুৰা (যেনে ভঙা ৰঙীন খাৰু) থোৱা হয়। চুঙাটোৰ এই মূৰটো ঘঁহা কাঁচৰ ফলকেৰে বন্ধ কৰি দিয়া হয়, যাতে ৰঙীন টুকুৰাবোৰ লৰচৰ কৰিবলৈ ঠাই থাকে।

১০। মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ আঁকা।

উত্তৰঃ

1 thought on “SEBA Class 8 Science Chapter 16 পোহৰ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top