SEBA Class 8 Science Chapter 17 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক

SEBA Class 8 Science Chapter 17 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Chapter 17 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক Solutions and select need one. SEBA Class 8 Science Notes in Assamese Download PDF. SCERT Class 8 General Science Textual Solutions.

SEBA Class 8 Science Chapter 17 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 General Science Textbook Solutions are part of All Subject Solutions. Here we have given SCERT Class 8 Science Notes in Assamese for All Chapters, You can practice these here.

সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক

Chapter – 17

অনুশীলনী

১। কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয়? ব্যাখ্যা কৰা।

উত্তৰঃ কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কাৰণ এইবোৰ প্ৰাকৃতিক উৎস (উদ্ভিদ বা প্ৰাণী)ৰ পৰা পোৱা নাযায়। এইবোৰক ৰাসায়নিক প্ৰক্ৰিয়াৰে ‘পেট্ৰ’ৰাসায়নিক’ নামৰ কেঁচামালৰ পৰা মানুহে কৃত্ৰিমভাৱে প্ৰস্তুত কৰে। সাংশ্লেষিক আঁহবোৰ আচলতে বহুতো সৰু সৰু ৰাসায়নিক গোট লগ লাগি সৃষ্টি হোৱা ‘পলিমাৰ’ (Polymer) বা বহুযোগী নামৰ একোটা শৃঙ্খল বা ডাঙৰ গোট।

২। শুদ্ধ উত্তৰত ✓ চিন দিয়া।

সাংশ্লেষিক আঁহ সমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো–

(ক) ইয়াৰ এটা ৰেচম-সদৃশ ৰূপ আছে।

(খ) ইয়াক কাঠৰ-মণ্ডৰ পৰা পোৱা যায়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) প্ৰাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আহবোৰ বব পাৰি।

উত্তৰঃ (খ) ইয়াক কাঠৰ-মণ্ডৰ পৰা পোৱা যায়।

৩। উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা।

(ক) সাংশ্লেষিক আঁহবোৰক ______________বা  ______________ বুলিও কোৱা হয়।

উত্তৰঃ সাংশ্লেষিক আঁহবোৰক কৃত্ৰিম বা মানৱ সৃষ্ট বুলিও কোৱা হয়।

(খ) সাংশ্লেষিক আঁহবোৰক  _______________ নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়।

উত্তৰঃ সাংশ্লেষিক আঁহবোৰক পেট্ৰ’লিয়াম নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়।

(গ) সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ  _______________।

উত্তৰঃ সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ কৃত্ৰিম উৎস।

৪। নাইলনৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া। 

উত্তৰঃ নাইলনৰ আঁহবোৰ ইমানেই শক্তিশালী যে ইয়াক পেৰাচুট আৰু পাহাৰ বগোৱা টান ৰছী বনাবলৈ ব্যৱহাৰ কৰা হয়। আচলতে, এডাল নাইলনৰ সূতা এডাল তীখাৰ তাঁৰতকৈয়ো বেছি শক্তিশালী। 

৫। খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কিয়?

উত্তৰঃ খাদ্য জমা কৰি ৰাখিবলৈ প্লাষ্টিকৰ (যেনে: PET) পাত্ৰবোৰ পছন্দ কৰা হয় কাৰণ এইবোৰ লঘু, মজবুত আৰু সহজে ভাঙি নাযায়। উদাহৰণস্বৰূপে- চাউল আৰু চেনি ৰাখিবলৈ PET বটল আৰু বৈয়াম বহুলভাৱে ব্যৱহাৰ কৰা হয় যি এবিধ পৰিচিত পলিষ্টাৰ বা প্লাষ্টিকৰ ৰূপ।

৬। তাপনমনীয়  আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰা।

উত্তৰঃ তাপনমনীয়  আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল–

(i) তাপনমনীয় প্লাষ্টিক: যিবোৰ প্লাষ্টিক তপতালে সহজে বিকৃত হয় আৰু সহজে ভাঁজ কৰিব পাৰি, তেনেবোৰ প্লাষ্টিকক তাপনমনীয় প্লাষ্টিক বোলে। উদাহৰণ: পলিথিন আৰু PVC।

(ii) তাপদৃঢ় প্লাষ্টিক: যিবোৰ প্লাষ্টিক এবাৰ আকৃতি দিয়াৰ পাছত পুনৰ তপত কৰি কোমল কৰিব নোৱাৰি, সেইবোৰক তাপদৃঢ় প্লাষ্টিক বোলে। উদাহৰণ: বেকেলাইট আৰু মেলামাইন।

৭। তলত দিয়া বোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা।

(ক) ছছপেনৰ নাল।

উত্তৰঃ তাপদৃঢ় প্লাষ্টিক (যেনে- বেকেলাইট) তাপৰ কু-পৰিবাহী। সেয়েহে ই গৰম নহয় আৰু গৰম ছছপেন ধৰিবলৈ সুবিধা হয়।

(খ) বিদ্যুতৰ প্লাগ/ছুইচ/প্লাগ ব‘ৰ্ড।

উত্তৰঃ তাপদৃঢ় প্লাষ্টিক (যেনে- বেকেলাইট) বিদ্যুতৰ কু-পৰিবাহী। ইয়াৰ মাজেৰে বিদ্যুত পাৰ হৈ যাব নোৱাৰে আৰু বিদ্যুতৰ শ্বক লগাৰ ভয় নাথাকে, সেয়েহে বৈদ্যুতিক সঁজুলিবোৰ ইয়াৰে বনোৱা হয়।

৮। তলত দিয়া সামগ্ৰী সমূহৰ পদাৰ্থ বোৰক “পুনৰাবৰ্তন কৰিব পৰা” আৰু “পুনৰাবৰ্তন কৰিব নোৱাৰা” হিচাপে শ্ৰেণীভূক্ত কৰা–

টেলিফোনৰ সা-সৰঞ্জাম, প্লাষ্টিকৰ খেলনা, কুকাৰৰ নাল, কেৰি-বেগ, বল-পইন্ট পেন, প্লাষ্টিকৰ বাটি, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ, প্লাষ্টিক চকী, বৈদ্যুতিক ছুইচ।

উত্তৰঃ পুনৰাবৰ্তন কৰিব পৰা সামগ্ৰী হ’ল–

(i) প্লাষ্টিকৰ খেলনা।

(ii) কেৰি-বেগ।

(iii) বল-পইন্ট পেন।

(iv) প্লাষ্টিকৰ বাটি।

(v) বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ।

(vi) প্লাষ্টিক চকী।

পুনৰাবৰ্তন কৰিব নোৱাৰা সামগ্ৰী হ’ল–

(i) টেলিফোনৰ সা-সৰঞ্জাম।

(ii) কুকাৰৰ নাল।

(iii) বৈদ্যুতিক ছুইচ।

৯। ৰাণাই গ্ৰীষ্ম কালৰ বাবে ছাৰ্ট কিনিব খুজিছে। তেওঁ কপাহী ছাৰ্ট নে সাংশ্লেষিক আঁহেৰে তৈয়াৰী ছাৰ্ট কিনাটো উচিত হ’ব? কাৰণ দৰ্শাই ৰানাক উপদেশ দিয়া।

উত্তৰঃ ৰাণাই গ্ৰীষ্মকালৰ বাবে কপাহী ছাৰ্ট কিনাটো উচিত। কাৰণ: সাংশ্লেষিক আঁহেৰে তৈয়াৰী কাপোৰে প্ৰাকৃতিক কাপোৰৰ তুলনাত পানী (বা ঘাম) তেনেই কম শোষণ কৰে। গ্ৰীষ্মকালত মানুহৰ বহুত ঘাম ওলায়। কপাহী কাপোৰে এই ঘাম সহজে শোষণ কৰে, কিন্তু সাংশ্লেষিক কাপোৰে ঘাম শোষণ নকৰা বাবে গৰমত পিন্ধিলে শৰীৰত লাগি ধৰে আৰু জুই লাগিলেও বিপদজনক হ’ব পাৰে। 

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top