SEBA Class 8 Science Chapter 14 শব্দ

SEBA Class 8 Science Chapter 14 শব্দ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Chapter 14 শব্দ Solutions and select need one. SEBA Class 8 Science Notes in Assamese Download PDF. SCERT Class 8 General Science Textual Solutions.

SEBA Class 8 Science Chapter 14 শব্দ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 General Science Textbook Solutions are part of All Subject Solutions. Here we have given SCERT Class 8 Science Notes in Assamese for All Chapters, You can practice these here.

শব্দ

Chapter – 14

অনুশীলনী

শুদ্ধ উত্তৰ বাছি উলিওৱা–

১। শব্দ সঞ্চাৰিত হ’ব পৰা মাধ্যম হৈছে–

(ক) একমাত্ৰ গেছ।

(খ) গোটা পদাৰ্থ মাত্ৰ।

(গ) একমাত্ৰ জুলীয়া পদাৰ্থ।

(ঘ) গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (ঘ) গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ।

২। কাৰ মাত কম কম্পনাংকৰ হ’ব?

(ক) কেঁচুৱা ছোৱালীৰ।

(খ) কেঁচুৱা (ল’ৰা)।

(গ) পুৰুষ।

(ঘ) মহিলা।

উত্তৰঃ (গ) পুৰুষ।

৩। তলৰ শুদ্ধ উক্তিসমূহত ‘শু’ আৰু ভুল উক্তিসমূহত ‘অ’ লিখা।

(ক) বায়ুশূন্য স্থানত শব্দ সঞ্চাৰিত হ’ব নোৱাৰে। (শু/অ)

উত্তৰঃ শুদ্ধ।

(খ) এটা কম্পমান বস্তুৰ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাকেই ইয়াৰ পৰ্যায়কাল বোলে। (শু/অ)

উত্তৰঃ অশুদ্ধ।

(গ) কম্পনৰ বিস্তাৰ বেছি হ’লে, শব্দ দুৰ্বল হয়। (শু/অ)

উত্তৰঃ অশুদ্ধ।

(ঘ) মানুহৰ বাবে শ্ৰাব্য সীমা 20 হাৰ্টজৰ পৰা 20,000 Hz। (শু/অ)

উত্তৰঃ শুদ্ধ।

(ঙ) কম্পনৰ কম্পনাংক কম হ’লে তীক্ষ্ণতা বেছি হয়। (শু/অ)

উত্তৰঃ অশুদ্ধ।

(চ) অবাঞ্ছিত বা অস্বস্তিকৰ শব্দকেই সংগীত বুলি কোৱা হয়। (শু/অ)

উত্তৰঃ অশুদ্ধ।

(ছ) শব্দ প্ৰদূষণে আংশিক শ্ৰৱণ বিসংগতি সৃষ্টি কৰিব পাৰে। (শু/অ)

উত্তৰঃ শুদ্ধ।

৪। উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা।

(ক) এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুৰ ______________ বোলে।

উত্তৰঃ এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুৰ পৰ্যায়কাল বোলে।

(খ) কম্পনৰ ______________ দ্বাৰা তীব্ৰতা নিৰ্ণয় হয়।

উত্তৰঃ কম্পনৰ বিস্তাৰৰ দ্বাৰা তীব্ৰতা নিৰ্ণয় হয়।

(গ) কম্পনাংকৰ একক হৈছে ______________।

উত্তৰঃ কম্পনাংকৰ একক হৈছে হাৰ্টজ।

(ঘ) অবাঞ্ছিত শব্দক _____________ বোলে।

উত্তৰঃ অবাঞ্ছিত শব্দক কোলাহল বোলে।

(ঙ) কম্পনৰ ______________ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ হয়।

উত্তৰঃ কম্পনৰ কম্পনাংকৰ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ হয়।

৫। এটা দোলকে 4 ছেকেণ্ডত 40 টা দোলন সম্পূৰ্ণ কৰে। ইয়াৰ পৰ্যায়কাল আৰু কম্পনাংক নিৰ্ণয় কৰা। 

উত্তৰঃ দিয়া আছে,

কম্পনৰ সংখ্যা (n) = 40

মুঠ সময় (t) = 4 ছেকেণ্ড

পৰ্যায় কাল = ?

কম্পনাংক = ?

আমি জানো, পৰ্যায়কাল = 4 ÷ 40 ছে. = 1 ÷ 10 ছে. = 0.1 ছে.

কম্পনাংক = 1 ÷ পৰ্যায় কাল

= 1 ÷ 1/10

= 10 Hz 

পৰ্যায় কাল = 0.1 ছে 

কম্পনাংক = 10 Hz 

৬। মাহে প্ৰতি ছেকেণ্ডত গড়ে 500 বাৰকৈ পাখি কঁপাই শব্দৰ সৃষ্টি কৰে। এই কম্পনৰ পৰ্যায়কাল কিমান?

উত্তৰঃ প্ৰতি ছেকেণ্ডত কম্পনৰ সংখ্যা = 500

গতিকে, পৰ্যায় কাল কম্পনাংক = 500 Hz

এতেকে, পৰ্যায় কাল = 1 ÷ 500 = 0.002 Hz

এই কম্পনৰ পৰ্যায় কাল হল 0.002 Hz  

1 thought on “SEBA Class 8 Science Chapter 14 শব্দ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top