SEBA Class 8 Science Chapter 13 কৈশোৰ প্ৰাপ্তি

SEBA Class 8 Science Chapter 13 কৈশোৰ প্ৰাপ্তি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Chapter 13 কৈশোৰ প্ৰাপ্তি Solutions and select need one. SEBA Class 8 Science Notes in Assamese Download PDF. SCERT Class 8 General Science Textual Solutions.

SEBA Class 8 Science Chapter 13 কৈশোৰ প্ৰাপ্তি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 General Science Textbook Solutions are part of All Subject Solutions. Here we have given SCERT Class 8 Science Notes in Assamese for All Chapters, You can practice these here.

কৈশোৰ প্ৰাপ্তি

Chapter – 13

অনুশীলনী

১। অন্তঃস্ৰাৱী গ্ৰন্থিয়ে দেহৰ পৰিৱৰ্তনৰ বাবে নিঃসৰণ কৰা পদাৰ্থ সমূহক কি নামেৰে নামকৰণ কৰা হৈছে?

উত্তৰঃ অন্তঃস্ৰাৱী গ্ৰন্থিয়ে দেহৰ পৰিৱৰ্তনৰ বাবে নিঃসৰণ কৰা পদাৰ্থ সমূহক হৰম’ন নামেৰে নামকৰণ কৰা হৈছে।

২। কৈশোৰ কাল কাক বোলে?

উত্তৰঃ মানৱ জীৱনৰ যিটো সময়ত শৰীৰৰ বৃদ্ধি আৰু পৰিৱৰ্তন হৈ ব্যক্তি এজনৰ প্ৰজনন ক্ষমতা লাভ কৰে, সেই সময়ছোৱাক কৈশোৰ কাল বোলে। সাধাৰণতে ১১ বছৰ বয়সৰ পৰা আৰম্ভ হৈ ১৮ বা ১৯ বছৰ বয়সলৈকে এই কালছোৱা বিস্তৃত। 

৩। মাহেকীয়া ঋতু চক্ৰ কি? ব্যাখ্যা কৰা।

উত্তৰঃ মহিলাৰ ক্ষেত্ৰত প্ৰজনন বয়স আৰম্ভ হোৱাৰ লগে লগে ডিম্বাশয়ে প্ৰতি ২৮ ৰ পৰা ৩০ দিনৰ অন্তৰত একোটা পূৰঠ ডিম্বাণু নিঃসৰণ কৰে। এই সময়ত জৰায়ুৰ আভ্যন্তৰীণ বেৰখন নিষিক্ত ডিম্বাণুটো ধৰি ৰাখিবলৈ ডাঠ হৈ পৰে। যদি ডিম্বাণুটো নিষিক্ত নহয়, তেন্তে জৰায়ুৰ এই ডাঠ বেৰখন ভাঙি যায় আৰু তেজৰ সৈতে ডিম্বাণুটো শৰীৰৰ বাহিৰলৈ ওলাই আহে। ইয়াকে মাহেকীয়া ঋতু চক্ৰ বুলি কোৱা হয়।

৪। যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা দেহৰ পৰিৱৰ্তন সমূহৰ তালিকা কৰা।

উত্তৰঃ যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা দেহৰ পৰিৱৰ্তন সমূহ হ’ল–

(i) শৰীৰৰ উচ্চতা দ্ৰুতভাৱে বৃদ্ধি হোৱা।

(ii) প্ৰজনন অংগসমূহৰ বিকাশ হোৱা।

(iii) ল’ৰাৰ স্বৰযন্ত্ৰৰ বৃদ্ধিৰ ফলত মাত কৰ্কশ হোৱা।

(iv) শৰীৰৰ বিভিন্ন অংশত (যেনে: বুকু, বাহুৰ তলত, গুপ্তাংগত) নোম গজা।

(v) ল’ৰাৰ মুখমণ্ডলত দাঢ়ি-গোঁফ গজা।

(vi) ছোৱালীৰ স্তনৰ বিকাশ হোৱা।

৫। অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ আৰু নিঃসৰণ কৰা হৰম’ন নামৰ এখন তালিকা দুটা স্তম্ভত প্ৰস্তুত কৰা।

উত্তৰঃ অন্তঃস্ৰাৱী গ্ৰন্থিৰ নামবোৰ হ’ল–

(ক) পিটুইটাৰী।

(খ) থাইৰয়ড।

(গ) এড্ৰিনেল।

(ঘ) অগ্ন্যাশয়।

নিঃসৰণ কৰা হৰম’নৰ নাম হ’ল–

(ক) টেষ্ট’ষ্টেৰণ (পুৰুষ) আৰু ইষ্ট্ৰ’জেন (হিলা) বৃদ্ধি হৰম’ন।

(খ) থাইৰ’ক্সিন।

(গ) এড্ৰিনেলিন।

(ঘ) ইনচুলিন।

৬। যৌন হৰম’ন কি? সেইবোৰক কিয় এনে নাম দিয়া হ’ল? সেই হৰম’নবোৰৰ কাৰ্যৰ বৰ্ণনা দিয়া।

উত্তৰঃ যিবোৰ হৰম’নে ল’ৰা আৰু ছোৱালীৰ মাজত গৌণ লিংগ বৈশিষ্ট্যসমূহৰ বিকাশ ঘটায়, সেইবোৰক যৌন হৰম’ন বোলে। এই হৰম’নসমূহ প্ৰধানকৈ প্ৰজনন অংগৰ (ল’ৰাৰ শুক্ৰাশয় আৰু ছোৱালীৰ ডিম্বাশয়) পৰা নিঃসৰণ হয় আৰু ইহঁতে মানুহক প্ৰজননক্ষম কৰাত তথা লিংগ পাৰ্থক্য গঢ়ি তোলাত মূল ভূমিকা গ্ৰহণ কৰে বাবে ইহঁতক যৌন হৰম’ন বোলা হয়।

পুৰুষৰ যৌন হৰম’ন টেষ্ট’ষ্টেৰনে ল’ৰাৰ দাঢ়ি-গোঁফ গজা আদি পৰিৱৰ্তন আনে। আনহাতে, স্ত্ৰী যৌন হৰম’ন ইষ্ট্ৰ’জেনে ছোৱালীৰ স্তনৰ বিকাশ হোৱা আদি কাৰ্য নিয়ন্ত্ৰণ কৰে।

৭। উপযুক্ত উক্তিটো বাছি উলিওৱা।

(ক) কিশোৰ – কিশোৰী সকল আহাৰ সম্পৰ্কে সচেতন হোৱা উচিত, কিয়নো–

(i) উপযুক্ত খাদ্যই মগজুৰ বিকাশত সহায় কৰে।

(ii) শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰৰ প্ৰয়োজন।

(iii) কিশোৰ-কিশোৰীসকলৰ সদায় ভোক বেছি।

(iv) কিশোৰ-কিশোৰীসকলৰ স্বাদমুকুল অধিক সক্ৰিয়।

উত্তৰঃ (ii) শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰৰ প্ৰয়োজন।

(খ) মহিলাৰ প্ৰজননৰ বয়স আৰম্ভ হয় তেতিয়া–

(i) যেতিয়া মাহেকীয়া ঋতু চক্ৰ আৰম্ভ হয়।

(ii) যেতিয়া স্তনৰ বিকাশ হয়।

(iii) যেতিয়া দেহৰ ওজন বাঢ়ে।

(iv) যেতিয়া ওখ হয়।

উত্তৰঃ (i) যেতিয়া মাহেকীয়া ঋতু চক্ৰ আৰম্ভ হয়।

(গ) কিশোৰ-কিশোৰীৰ যথোপযুক্ত আহাৰ সামগ্ৰী হ’ল–

(i) চিপছ, চাওমিন, ক’ক।

(ii) ৰুটি, দাইল, শাক-পাচলি।

(iii) ভাত, চাওমিন, বাৰ্গাৰ।

(iv) শাক-পাচলি যুক্ত কাটলেট, চিপছ আৰু নেমুৰ ৰস।

উত্তৰঃ (ii) ৰুটি, দাইল, শাক-পাচলি।

৮। চমু টোকা লিখা–

(ক) ডিঙিৰ ঘটিকা।

উত্তৰঃ যৌৱন প্ৰাপ্তিৰ সময়ত ল’ৰাৰ স্বৰযন্ত্ৰৰ আকাৰ বৃদ্ধি হয়। এই বৰ্ধিত স্বৰযন্ত্ৰ ডিঙিৰ আগফালে এটা বাহিৰলৈ ওলাই থকা অংশ হিচাপে দেখা যায়। এই অংশটোক ডিঙিৰ ঘটিকা বুলি কোৱা হয়।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top