SEBA Class 8 Science Chapter 12 প্ৰাণী প্ৰজনন

SEBA Class 8 Science Chapter 12 প্ৰাণী প্ৰজনন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Chapter 12 প্ৰাণী প্ৰজনন Solutions and select need one. SEBA Class 8 Science Notes in Assamese Download PDF. SEBA Class 8 General Science Textual Solutions.

SEBA Class 8 Science Chapter 12 প্ৰাণী প্ৰজনন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 General Science Textbook Solutions are part of All Subject Solutions. Here we have given SCERT Class 8 Science Notes in Assamese for All Chapters, You can practice these here.

প্ৰাণী প্ৰজনন

Chapter – 12

অনুশীলনী

১। জীৱৰ প্ৰজননৰ গুৰুত্ব ব্যাখ্যা কৰা।

উত্তৰঃ এটা প্ৰজাতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ প্ৰজনন অতি আৱশ্যক। জীৱৰ প্ৰজননে পুৰুষানুক্ৰমে একে ধৰণৰ জীৱৰ ধাৰাবাহিকতা নিশ্চিত কৰে, যাৰ ফলত জীৱবিধ পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিলুপ্ত হৈ নাযায়। 

২। মানুহৰ নিষেচন প্ৰক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰঃ মানুহৰ প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম স্তৰটোৱেই হ’ল এটা শুক্ৰাণু আৰু এটা ডিম্বাণুৰ মিলন। যেতিয়া শুক্ৰাণুবোৰ ডিম্বাণুৰ সংস্পৰ্শলৈ আহে, তেতিয়া তাৰে এটা শুক্ৰাণু ডিম্বাণুটোৰ লগত লগ লাগে। ডিম্বাণু আৰু শুক্ৰাণুৰ এই মিলনক নিষেচন বোলে। নিষেচনৰ সময়ত শুক্ৰাণু আৰু ডিম্বাণুৰ কোষকেন্দ্ৰ দুটা লগ লাগি এটা কোষকেন্দ্ৰৰ সৃষ্টি কৰে, যাৰ ফলত এটা নিষিক্ত ডিম্বাণু বা যোজন কোষৰ গঠন হয়। 

৩। উপযুক্ত উত্তৰটো বাছি উলিওৱা।

(ক) অন্তঃ নিষেচন ঘটে-

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) স্ত্ৰীৰ দেহত।

(ii) স্ত্ৰীৰ দেহৰ বাহিৰত।

(iii) পুৰুষৰ দেহত।

(iv) পুৰুষৰ দেহৰ বাহিৰত।

উত্তৰঃ (i) স্ত্ৰীৰ দেহ।

(খ) লালুকী এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হ’ল–

(i) নিষেচন।

(ii) ৰূপান্তৰ।

(iii) টানকৈ লাগি ধৰা।

(iv) মুকুলন।

উত্তৰঃ (ii) ৰূপান্তৰ।

(গ) এটা যোজনকোষত কোষ কেন্দ্ৰৰ সংখ্যা–

(i) নাথাকে।

(ii) এটা।

(iii) দুটা।

(iv) চাৰিটা।

উত্তৰঃ (ii) এটা।

৪। নিম্ন লিখিত উত্তৰবোৰত শুদ্ধ হ’লে (শু) আৰু অশুদ্ধ হ’লে (অ) লিখিবা।

(ক) ডিম্বজ প্ৰাণীয়ে পোৱালি জগায়।

উত্তৰঃ অশুদ্ধ।

(খ) প্ৰতিটো শুক্ৰানু এক কোষীয়।

উত্তৰঃ শুদ্ধ।

(গ) ভেকুলীৰ বহিঃনিষেচন হয়।

উত্তৰঃ শুদ্ধ।

(ঘ) এটা জননকোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয়।

উত্তৰঃ অশুদ্ধ।

(ঙ) নিষেচনৰ পিছত পৰা এটা কণী এক কোষ যুক্ত হয়।

উত্তৰঃ শুদ্ধ।

(চ) এমিবাই মুকুলনৰ দ্বাৰা বংশ বৃদ্ধি কৰে।

উত্তৰঃ অশুদ্ধ।

(ছ) অযৌন প্ৰজননতো নিষেচনৰ আবশ্যক।

উত্তৰঃ অশুদ্ধ।

(জ) দ্বৈত বিভাজন এটি অযৌন প্ৰজননৰ পদ্ধতি।

উত্তৰঃ শুদ্ধ।

(ঝ) নিষেচনৰ ফলত এটি যোজন কোষৰ গঠন হয়।

উত্তৰঃ শুদ্ধ।

(ঞ) এটা ভ্ৰূণ এটা একক কোষেৰে গঠিত।

উত্তৰঃ অশুদ্ধ।

৫। এটা যোজন কোষ আৰু এটা গৰ্ভ ভ্ৰূণৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ এটা যোজন কোষ আৰু এটা গৰ্ভ ভ্ৰূণৰ মাজৰ পাৰ্থক্য হ’ল–

যোজন কোষ: ই হৈছে নিষেচনৰ সময়ত শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত সৃষ্টি হোৱা এটা একক কোষ।

গৰ্ভভ্ৰূণ: ই হৈছে জৰায়ুত বিকাশ ঘটা ভ্ৰূণৰ এটা বিকশিত স্তৰ য’ত দেহৰ সকলো অংগ (যেনে হাত, ভৰি, মূৰ, চকু আদি) চিনিব পাৰি। ই বহুকোষীয়।

1 thought on “SEBA Class 8 Science Chapter 12 প্ৰাণী প্ৰজনন”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top