Class 8 Science Chapter 11 বল আৰু চাপ

Class 8 Science Chapter 11 বল আৰু চাপ answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Science Chapter 11 বল আৰু চাপ – সমাধান and select needs one.

Class 8 Science Chapter 11 বল আৰু চাপ

Join Telegram channel

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Science Chapter 11 বল আৰু চাপ Solutions for All Subject, You can practice these here…

বল আৰু চাপ

পাঠ – ১১ ( বিজ্ঞান )

) বস্তুৰ গতিশীল অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া

উত্তৰ:- বস্তুৰ গতিশীল অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ হল –

ক) গতি কৰি থকা ফুটবল এটাক এজনে মাৰি দিয়াৰ পিছত আন এজনে ভৰিৰে মাৰি আনজনক দিয়া । ( এইটো ঠেলা প্ৰক্ৰিয়াৰ উদাহৰণ ) ।

খ) দুজনী ছোৱালীয়ে দুয়ো খন হাতেৰে ইজনী সিজনীৰ হাতত টানি ধৰি ঘূৰ্ণী খেল খেলা । ( এইটো টনা প্ৰক্ৰিয়াৰ উদাহৰণ ) ।

) বস্তুৰ আকৃতিৰ পৰিবৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া

উত্তৰ:- বস্তুৰ আকৃতিৰ পৰিবৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ হল –

ক) বাঁহৰ কামি এচটাক ধনুলৈ পৰিবৰ্তন কৰা ।

খ) আটাৰ লাডু এটাক চেপেটা কৰি বেলনা বাৰিৰে ৰুটিৰ আকৃতি কৰা ।

) তলৰ উক্তি বোৰত খালী স্থান পূৰ কৰা

) কোঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছী ডাল ……………………….. লাগে

উত্তৰ:- টানিব ।

) এটা আধান যুক্ত বস্তুৱে আন এটা আধান হীন বস্তুক নিজৰ ফালে ………………………. কৰে

উত্তৰ:- আকৰ্ষণ ।

) বোজাই কৰা ট্ৰলি গাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ………………………. লাগিব

উত্তৰ:- ঠেলিব ।

) এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক ………………………. কৰে

উত্তৰ:- বিকৰ্ষণ ।

) এজন ধনুৰ্ধাৰীয়ে তেওঁৰ ধনু খন লক্ষ্য লৈ টোৱাই টানি ধৰে তেওঁ নিক্ষেপ কৰা কাঁড় পাত লক্ষ্য লৈ ধাৱ মান হয় এই কথাখিনিৰ আধাৰত তলত লিখা শব্দ সমূহ ব্যৱহাৰ কৰি তলৰ উক্তি সমূহৰ খালী ঠাই সমূহ পূৰ কৰা :-

পেশীয়, স্পৰ্শ, অস্পৰ্শ, মাধ্যাকৰ্ষণ, ঘৰ্ষণ, আকৃতি, আকৰ্ষণ

) ধনু খন টানিবলৈ ধনুৰ্ধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ ………………………. পৰিবৰ্তন ঘটায়

উত্তৰ:- আকৃতিৰ ।

) ধনু খন টানিবলৈ ধনুৰ্ধাৰীয়ে প্ৰয়োগ কৰা বল  ………………………. বলৰ উদাহৰণ

উত্তৰ:- পেশীয় ।

) কাঁড় ডালৰ গতিশীল অৱস্থাৰ পৰিবৰ্তন ঘটোৱা বল বিধ হৈছে ………………………. বলৰ উদাহৰণ

উত্তৰ:- অস্পৰ্শ ।

) কাঁড় ডাল লক্ষৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বল বোৰ হৈছে ……………………. আৰু বায়ুৰ বাবে হোৱা ……………………….

উত্তৰ:- মাধ্যাকৰ্ষণ, ঘৰ্ষণ ।

 ) তলৰ অৱস্থা সমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে সেইবোৰ চিনাক্ত কৰা প্ৰতিটো ক্ষেত্ৰত বলৰ পৰিণতি উল্লেখ কৰা

) ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা

উত্তৰ:- কাৰক :- হাতৰ আঙুলি ।

ক্ৰিয়া শীল বস্তু :- নেমু টেঙা টোৰ ৰস ।

পৰিণতি :- আকৃতিৰ পৰিবৰ্তন আৰু ৰসৰ গতি ।

) টুথ পেষ্ট টিউবৰ পৰা পেষ্ট উলিওৱা

উত্তৰ:-কাৰক :- আঙুলি ।

ক্ৰিয়া শীল বস্তু :- টিউবটো, পেষ্ট ।

পৰিণতি :- আকৃতিৰ পৰিবৰ্তন আৰু পেষ্টৰ গতি ।

) বেৰৰ হাকোটাৰ পৰা ওলোমাই থোৱা স্প্রিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা ওলোমাই ৰখা হৈছে

উত্তৰ:- কাৰক:- ভাৰ ।

ক্ৰিয়া শীল বস্তু :- স্প্ৰিং ।

পৰিণতি :- আকৃতিৰ পৰিবৰ্তন ।

) নিৰ্দিষ্ট উচ্চতাত প্ৰতিষ্ঠাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জপিওৱা

উত্তৰ:- কাৰক :- মাটি ।

ক্ৰিয়া শীল বস্তু :- দণ্ড ডাল আৰু খেলুৱৈ ।

পৰিণতি :- গতিৰ অৱস্থাৰ পৰিবৰ্তন ।

) কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰীৰে পিটি সঁজুলি তৈয়াৰ কৰে হাতুৰীৰে মৰিয়াওতে বলে কেনেকৈ লোৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে ?

উত্তৰ:- কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰীৰে পিটি সঁজুলি তৈয়াৰ কৰে । হাতুৰীৰে মৰিয়াওতে হতুৰীয়ে বল প্ৰয়োগ কৰিছে আৰু সেই বলৰ পৰিণতিত লো টুকুৰাৰ আকৃতিৰ পৰিবৰ্তন ঘটিছে ।

) ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহি লৈ, বেৰত হেঁচি ধৰা হল দেখা গল যে বেলুনটো বেৰত লাগি ধৰিছে বেলুন আৰু বেৰ খনৰ মাজৰ আকৰ্ষণত কি বলে ভূমিকা লৈছে ?

উত্তৰ:- ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহি লৈ, বেৰত হেঁচি ধৰা হল । দেখা গল যে বেলুনটো বেৰত লাগি ধৰিছে । স্থিতি বৈদ্যুতিক বলে ক্ৰিয়া কৰিছে যাৰ বাবে বেলুনটো বেৰত লাগি ধৰিছে । বেলুনৰ আধান বোৰে বেৰখনৰ কণা বোৰক স্থিতি বৈদ্যুতিক বলেৰে আকৰ্ষণ কৰিছে ।

) মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানী পূৰ্ণ বাল্টি এটাত ক্ৰিয়া শীল বল বোৰ চিনাক্ত কৰা বাল্টি টোৰ ওপৰত ক্ৰিয়া কৰা বল সমূহে কিয় ইয়াৰ গতিঅৱস্থাৰ পৰিবৰ্তন ঘটাব পৰা নাই আলোচনা কৰা

উত্তৰ:- পানী পূৰ্ণ বাল্টি টোক মাধ্যাকৰ্ষনিক বলে নিম্ন দিশত টানি আছে । আনহাতে এই বলৰ বিপৰীত দিশত ( উলম্ব দিশত ) বাল্টি টো পেশী বলেৰে ( হাতেৰে ) টানি থকা হৈছে । এই ক্ষেত্ৰত মাধ্যাকৰ্ষনিক বলৰ সমান পেশী বল প্ৰয়োগ কৰা হৈছে । দুয়ো বলৰ দিশ সম্পূৰ্ণ ৰূপে বিপৰীত বাবে বাল্টিটো দাঙি ধৰি সাম্য অৱস্থাত ৰাখিব পৰা গৈছে ।

) কক্ষ পথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে নিক্ষেপ স্থলী এৰাৰ পাছমুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা

উত্তৰ:- কক্ষ পথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে । নিক্ষেপ স্থলী এৰাৰ পাছমুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম হল

১) ৰকেটৰ ওপৰত মাধ্যাকৰ্ষন বল ( নিম্ন মুখে ) ।

২) ৰকেটৰ ইন্ধন জ্বলি সৃষ্টি হোৱা ধোঁৱা বা গেছৰ নিম্ন মুখী বলৰ প্ৰতিক্ৰিয়া বল ।

১০) ড্ৰপাৰ এটাৰ খোলা মূৰটো পানীত ডুবাই ৰাখি ইয়াৰ বলবটো চেপি ধৰিলে ভিতৰৰ বায়ু খিনি বুদবুদ আকাৰে ওলাই যোৱা দেখা যায় আনহাতে বালবৰ ওপৰৰ চাপ নাইকিয়া কৰিলে ভিতৰলৈ পানী সোমাই আহে ড্ৰপাৰৰ ভিতৰলৈ পানী সোমাই যোৱাৰ কাৰণ হৈছে

) পানীৰ চাপ

) পৃথিৱীৰ মাধ্যাকৰ্ষন বল

) ৰবৰৰ বলবটোৰ আকৃতি

) বায়ু মণ্ডলীয় চাপ

উত্তৰ:- ক) পানীৰ চাপ ।

ঘ) বায়ু মণ্ডলীয় চাপ ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: বলৰ সংজ্ঞা দিয়া। ইয়াৰ সৃষ্টি কিদৰে হয়। 

উত্তৰঃ বল: বন্ধক ঠেলা বা টনাৰ বাবে যি প্রয়োগ হয়, তাকে বল বোলে। অন্য ভাষাত, বস্তুৰ অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ যি প্ৰয়োগ হয় তাকে বল বোলে।

দুটা বস্তুৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াৰ বাবে বলৰ সৃষ্টি হয়।

প্রশ্ন ২: বস্তুৰ অৱস্থাৰ /আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ কি প্রয়োগ হয়? বলৰ লগত কি ৰাশি জড়িত হৈ থাকে? 

উত্তৰঃ বস্তুৰ অৱস্থান/আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্রয়োগ কৰা হয়। বলৰ লগত দিশ জড়িত হৈ থাকে।

প্রশ্ন ৩: কোনো এটা বস্তুৰ ওপৰত প্ৰয়োগ বল কিদৰে জোখা যায়? এটা উদাহৰণ দিয়া।

উত্তৰঃ বস্তুটোৰ ওপৰত বিভিন্ন দিশত বল প্রয়োগ হ’ব পাৰে। আটাইবোৰ বলৰ লব্ধ বলেৰে বস্তুটোৰ ওপৰত প্ৰয়োগ বল জোখা হয়।

উদাহৰণ: সম্পূৰ্ণ বিপৰীত দিশত ক্ৰিয়া কৰা দুটা বলৰ লব্ধ বল হ’ল ডাঙৰ বলটো আৰু  সৰু বলটোৰ অন্তৰ ফল। যদি F₁ বলেৰে বাকচ এটাক ঠেলা হয় আৰু F₂ বলেৰে ইয়াক বিপৰীত দিশত আন এজনে ঠেলে তেন্তে যদি F₁ > F₂হয়, তেন্তে             বস্তুটোৰ ওপৰত প্রয়োগ হোৱা মুঠ লব্ধ বল (F) হ’ব: 

F = F₁ – F₂

প্রশ্ন ৪:  বাকছ এটাৰ ওপৰত চিত্ৰত নিয়াৰ দৰে বল প্রয়োগ হৈছে। যদি F₁> F₂আৰু F₂ = F₄ হয়, তেন্তে ৰস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা বলৰ মান কিমান হ’ব? বস্তুটো কোন দিশে যাব?

উত্তৰঃ 

ইয়াত F₂ = F₄; গতিকে বস্তুটোৰ অনুভূমিক দিশত লক বলৰ মান শূণ্য (F₂ – F₄ = 0)

গতিকে অনুভূমিক দিশত ই গতি নকৰে।

আনহাতে, F₁ > F₃,

গতিকে F₁ – F₃ = লব্ধ বল

যিহেতু F₃ বলৰ মান কম, গতিকে বস্তুটো F₁ বলৰ দ্বাৰা নিম্নমুখে গতি কৰিব।

প্রশ্ন ৫: বল প্রয়োগ কৰিলে বস্তু এটাৰ কি কি ঘটিব পাৰে লিখা। 

উত্তৰঃ বল প্রয়োগ কৰিলে বস্তু এটাৰ ঘটিব পৰা পৰিঘটনাসমূহ হ’ল—

(i) বস্তু এটাক স্থিৰ অৱস্থাৰ পৰা গতিশীল অৱস্থালৈ নিব পাৰে।

(ii) গতিশীল অৱস্থাত থকা বস্তু এটাৰ দ্ৰুতিৰ পৰিৱৰ্তন কৰাব পাৰে।

(iii) বস্তু এটাৰ গতিৰ দিশ সলনি কৰিব পাৰে।

(iv) বস্তু এটাৰ আকৃতিৰ পৰিৱৰ্তন কৰিব পাৰে।

(v) ওপৰত উল্লেখ কৰা কিছুমান বা সকলো কেইটা পৰিৱৰ্তনকেই কৰাব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top