SEBA Class 8 Science Chapter 11 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

SEBA Class 8 Science Chapter 11 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Chapter 11 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Solutions and select need one. SEBA Class 8 Science Notes in Assamese Download PDF. SEBA Class 8 General Science Textual Solutions.

SEBA Class 8 Science Chapter 11 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 General Science Textbook Solutions are part of All Subject Solutions. Here we have given SCERT Class 8 Science Notes in Assamese for All Chapters, You can practice these here.

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

Chapter – 11

অনুশীলনী

১। খালী ঠাই পূৰ কৰা।

(ক) প্ৰাণী সমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে _______________ বুলি কোৱা হয়।

উত্তৰঃ প্ৰাণী সমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে জীৱমণ্ডল সংৰক্ষিত অঞ্চল বুলি কোৱা হয়।

(খ) এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক _______________  বুলি জনা যায়।

উত্তৰঃ এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক থলুৱা প্ৰজাতি বুলি জনা যায়। 

(গ) _______________ ৰ পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাইবোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ জলবায়ুৰ পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাই বোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায়।

২। এটাৰ পৰা আনটোক পৃথক কৰা।

(ক) বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল।

উত্তৰঃ বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ মাজত পাৰ্থক্য হ’ল– বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা হয়। আনহাতে, জীৱমণ্ডল সংৰক্ষিত অঞ্চল হ’ল বন্যপ্ৰাণী, উদ্ভিদ আৰু প্ৰাণীজাত সম্পদসমূহৰ লগতে সেইবোৰ অঞ্চলত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱনশৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা এক বৃহৎ ভূ-অঞ্চল।

(খ) চিৰিয়াখানা আৰু অভয়াৰণ্য।

উত্তৰঃ চিৰিয়াখানা আৰু অভয়াৰণ্যৰ মাজত পাৰ্থক্য হ’ল– চিৰিয়াখানাত প্ৰাণীসমূহক মানুহে দৰ্শন কৰিব পৰাকৈ কৃত্ৰিমভাৱে নিৰ্মিত স্থানত বা আৱাসত ৰখা হয়। কিন্তু অভয়াৰণ্যত প্ৰাণীসমূহে নিজৰ প্ৰাকৃতিক আৱাসস্থলীত স্বাধীনভাৱে আৰু সুৰক্ষিত হৈ বাস কৰে। 

(গ) বিপন্ন আৰু বিলুপ্ত প্ৰজাতি।

উত্তৰঃ বিপন্ন আৰু বিলুপ্ত প্ৰজাতিৰ মাজত পাৰ্থক্য হ’ল–

বিপন্ন প্ৰজাতি: যিবোৰ প্ৰাণীৰ সংখ্যা এটা নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰাস হৈ, বিলুপ্তিৰ পথলৈ গৈ আছে তাক বিপন্ন প্ৰজাতি বোলে।

বিলুপ্ত প্ৰজাতি: বিলুপ্ত প্ৰজাতিবোৰ পৃথিৱীৰ পৰা বহু বছৰ আগতেই নোহোৱা হৈ গৈছে।

(ঘ) উদ্ভিদকুল আৰু প্ৰাণীকুল।

উত্তৰঃ উদ্ভিদকুল আৰু প্ৰাণীকুলৰ মাজত পাৰ্থক্য হ’ল–

উদ্ভিদকুল: কোনো এক বিশেষ অঞ্চলত পোৱা উদ্ভিদক উদ্ভিদকুল বোলে।

প্ৰাণীকুল:  কোনো বিশেষ অঞ্চলত থকা প্ৰাণী সমূহক প্ৰাণীকুল বোলে।

৩। বনাঞ্চল ধ্বংসৰ প্ৰভাৱ তলত দিয়াবোৰত কেনেদৰে পৰে আলোচনা কৰা।

(ক) বন্য প্ৰাণী।

উত্তৰঃ বনাঞ্চল ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ প্ৰাকৃতিক আৱাসস্থলী নষ্ট হয়, যাৰ ফলত সিহঁতৰ জীৱন ধাৰণ কঠিন হৈ পৰে আৰু অস্তিত্ব বিপন্ন হয়।

(খ) পৰিৱেশ।

উত্তৰঃ বনাঞ্চল ধ্বংসৰ ফলত পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণ বৃদ্ধি পায়, বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ে, বৰষুণৰ পৰিমাণ কমে আৰু মাটিৰ উৰ্বৰতা হ্ৰাস পায়।

(গ) গাঁও (গ্ৰাম্য অঞ্চল)।

উত্তৰঃ গাঁৱৰ বহুতো লোক আৰু জনজাতি নিজৰ দৈনন্দিন প্ৰয়োজনৰ বাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল। বনাঞ্চল ধ্বংস হ’লে তেওঁলোকৰ জীৱন-ধাৰণত বাধা আহে আৰু কৃষিভূমিৰ উৰ্বৰতা কমাৰ লগতে বানপানী, খৰাং আদি দুৰ্যোগৰ সৃষ্টি হয়।

(ঘ) নগৰ (নগৰীয়া অঞ্চল)।

উত্তৰঃ বনাঞ্চল ধ্বংসৰ ফলত সৃষ্টি হোৱা গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱ নগৰীয়া জীৱনতো পৰে। বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা বৃদ্ধি পায়। 

(ঙ) পৃথিৱী।

উত্তৰঃ বনাঞ্চল ধ্বংসই প্ৰাকৃতিক ভাৰসাম্য নষ্ট কৰে, গোলকীয় উষ্ণতা বৃদ্ধিৰ জৰিয়তে পৃথিৱীৰ জলচক্ৰ সলনি কৰে আৰু মৰুভৱনৰ দৰে পৰিঘটনাৰ সৃষ্টি কৰে।

(চ) উত্তৰ প্ৰজন্ম।

উত্তৰঃ বনাঞ্চল ধাৰাবাহিকভাৱে ধ্বংস হৈ থাকিলে উত্তৰ প্ৰজন্মই সেউজ পৰিৱেশ, বিশুদ্ধ বায়ু আৰু বনাঞ্চলৰ পৰা পোৱা মূল্যৱান সম্পদসমূহৰ পৰা বঞ্চিত হ’ব।

৪। কি হ’ব পাৰে যদি–

(ক) আমি গছ কাটি গৈ থাকো।

উত্তৰঃ আমি গছ কাটি গৈ থাকিলে পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণ বাঢ়িব, বৰষুণৰ পৰিমাণ আৰু মাটিৰ উৰ্বৰতা কমি যাব। বানপানী আৰু খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগ বাঢ়িব। 

(খ) প্ৰাণীৰ আবাসস্থলী বিঘ্নিত হয়।

উত্তৰঃ প্ৰাণীসমূহৰ জীয়াই থকাটো কঠিন হৈ পৰিব, সিহঁতৰ সংখ্যা দ্ৰুতভাৱে হ্ৰাস পাব আৰু কালক্ৰমত সিহঁত বিলুপ্তিৰ পথলৈ যাব।

(গ) মাটিৰ ওপৰৰ স্তৰ মুকলি কৈ থাকে।

উত্তৰঃ মাটিৰ ওপৰৰ স্তৰ মুকলি কৈ থাকিলে মাটিৰ খহনীয়া বৃদ্ধি হ’ব আৰু মাটিৰ তলৰ কঠিন শিলাময় স্তৰ ওলাই পৰিব। মাটিত হিউমাছৰ পৰিমাণ কমি মাটি লাহে লাহে মৰুভূমিলৈ (মৰুভৱন) পৰিৱৰ্তিত হ’ব।

৫। চমুকৈ উত্তৰ দিয়া–

(ক) জীৱ বৈচিত্ৰ্যক আমি কিয় সংৰক্ষণ কৰিব লাগে?

উত্তৰঃ পৃথিৱীত বিভিন্ন প্ৰজাতিৰ জীৱ জীয়াই থকাটো নিশ্চিত কৰিবলৈ, সিহঁতৰ মাজৰ পাৰস্পৰিক সম্বন্ধ আৰু পৰিৱেশৰ লগত থকা সম্পৰ্ক সজীৱ কৰি ৰাখিবলৈ আমি জীৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিব লাগে। 

(খ) সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয় কিয়?

উত্তৰঃ সংৰক্ষিত বনাঞ্চল বন্য প্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয় কাৰণ সংৰক্ষিত বনাঞ্চলৰ আশে-পাশে বাস কৰা মানুহে নিজৰ প্ৰয়োজনত বনাঞ্চল ধ্বংস কৰে আৰু চোৰাং চিকাৰীয়ে আজিও বন্যপ্ৰাণীসমূহৰ ক্ষতি সাধন কৰে। 

(গ) কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল, কেনেকৈ?

উত্তৰঃ বহুতো জনজাতিয়ে তেওঁলোকৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰী, খাদ্য, বাসস্থান, খৰি আৰু ঔষধৰ বাবে প্ৰত্যক্ষভাৱে বনাঞ্চলৰ ওপৰতেই নিৰ্ভৰ কৰে।

(ঘ) বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি কি?

উত্তৰঃ বনাঞ্চল ধ্বংসৰ কাৰণ হল– খেতি-বাতিৰ বাবে মাটি উলিওৱা, ঘৰ-কাৰখানা নিৰ্মাণ কৰা, আচবাব পত্ৰ বনাবলৈ আৰু ইন্ধন হিচাপে কাঠৰ ব্যৱহাৰ কৰা। 

বনাঞ্চল ধ্বংসৰ পৰিণতি হল– খৰাং, বানপানী, মৰুভৱন, গোলকীয় উষ্ণতা বৃদ্ধি আৰু প্ৰাকৃতিক ভাৰসাম্যহীনতা।

(ঙ) ৰেড ডেটা বুক কি?

উত্তৰঃ ৰেড ডেটা বুক হ’ল এনে এখন কিতাপ য’ত সকলো বিপন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ তথ্য বা ৰেকৰ্ড ৰখা হয়। 

1 thought on “SEBA Class 8 Science Chapter 11 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top