SEBA Class 8 Science Chapter 10 কোষ-গঠন আৰু কাৰ্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Chapter 10 কোষ-গঠন আৰু কাৰ্য Solutions and select need one. SEBA Class 8 Science Notes in Assamese Download PDF. SEBA Class 8 General Science Textual Solutions.
SEBA Class 8 Science Chapter 10 কোষ-গঠন আৰু কাৰ্য
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 General Science Textbook Solutions are part of All Subject Solutions. Here we have given SCERT Class 8 Science Notes in Assamese for All Chapters, You can practice these here.
কোষ-গঠন আৰু কাৰ্য
Chapter – 10
| অনুশীলনী |
১। তলৰ উক্তি বোৰ সত্য নে অসত্য চিনাক্ত কৰা।
(ক) এককোষী জীৱৰ দেহত এটা কোষ থাকে। (সত্য/অসত্য)
উত্তৰঃ সত্য।
(খ) পেশী কোষবোৰ শাখা যুক্ত। (সত্য/অসত্য)
উত্তৰঃ অসত্য।
(গ) এটা জীৱৰ মৌলিক জীৱিত একক হল অংগ। (সত্য/অসত্য)
উত্তৰঃ অসত্য।
(ঘ) এমিবাৰ আকৃতি অনিয়মীয়া। (সত্য/অসত্য)
উত্তৰঃ সত্য।
২। মানুহৰ স্নায়ু কোষৰ চিত্ৰ আঁকা। স্নায়ু কোষে কি কাম কৰে?
উত্তৰঃ

স্নায়ুকোষে বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে।
৩। তলত দিয়া বিষয়ৰ ওপৰত চমু টোকা লিখা।
(ক) কোষ প্ৰৰস।
উত্তৰঃ কোষ প্ৰৰস হ’ল কোষাৱৰণ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য। কোষৰ আন বহু উপাদান বা কোষাংগ যেনে- মাইট’কনড্ৰিয়া, গলগি বডি, ৰাইব’জ’ম আদি কোষপ্ৰৰসত পোৱা যায়।
(খ) কোষ কেন্দ্ৰ।
উত্তৰঃ ই জীৱৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান। ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ কেন্দ্ৰত অৱস্থিত। ইয়াক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি । এখন আবৰণে কোষ কেন্দ্ৰক কোষ প্ৰৰসৰ পৰা পৃথক কৰিছে। এই আৱৰণ খনক কোষ কেন্দ্ৰীয় আৱৰণ বোলে। এই আৱৰণ খন বিন্ধা যুক্ত। ই কোষ প্ৰৰস আৰু কোষ কেন্দ্ৰৰ মাজত পদাৰ্থৰ চলাচলত সহায় কৰে। কোষ কেন্দ্ৰৰ ভিতৰৰ অতি সৰু গোলাকাৰ অংশটোক অতিকোষ কেন্দ্ৰ বোলে। ক্ৰম’জ’ম নামৰ পকোৱা সূতাৰ দৰে কিছুমান গঠন কোষ কেন্দ্ৰত থাকে। এইবোৰে জিন কঢিয়াই আৰু বংশানুক্ৰমে পোৱা গুণ বোৰ পিতৃ–মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত সহায় কৰে।
৪। কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে?
উত্তৰঃ কোষৰ কোষপ্ৰৰসত কোষাংগবোৰ থাকে।
৫। প্ৰাণী আৰু উদ্ভিদৰ কোষৰ ছবি আঁকা। সিহঁতৰ মাজত থকা তিনিটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ

সিহঁতৰ মাজত থকা তিনিটা পাৰ্থক্য হ’ল–
(i) উদ্ভিদ কোষত ডাঠ ‘কোষবেৰ’ থাকে, কিন্তু প্ৰাণী কোষত কোষবেৰ নাথাকে।
(ii) উদ্ভিদ কোষত ‘প্লাষ্টিড’ বা হৰিৎকণা থাকে, কিন্তু প্ৰাণী কোষত নাথাকে।
(iii) উদ্ভিদ কোষত সাধাৰণতে ডাঙৰ ‘ৰসধানী’ থাকে, আনহাতে প্ৰাণী কোষৰ ৰসধানীবোৰ বহুত সৰু হয়।
৬। ইউকেৰিঅ’টছ আৰু প্ৰ’কেৰিঅটছৰ মাজত পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ ইউকেৰিঅ’টছ আৰু প্ৰ’কেৰিঅটছৰ মাজত পাৰ্থক্য হ’ল– যিবোৰ কোষৰ কোষকেন্দ্ৰটো সু-সংগঠিত নহয় আৰু কোষকেন্দ্ৰৰ আৱৰণ নাথাকে, সেইবোৰক প্ৰ’কেৰিঅটছ বোলে। উদাহৰণ: বেক্টেৰিয়া।
আনহাতে, যিবোৰ কোষত কোষকেন্দ্ৰ আৱৰণৰ সৈতে সুসংগঠিত কোষকেন্দ্ৰ থাকে, সেইবোৰক ইউকেৰিঅটছ বোলে। উদাহৰণ: পিঁয়াজৰ কোষ, গালৰ কোষ।
৭। কোষৰ কোনটো অংশত ক্ৰম’জ’ম পোৱা যায়? সিহঁতৰ কামবোৰ উল্লেখ কৰা।
উত্তৰঃ কোষৰ কোষকেন্দ্ৰত ক্ৰম’জ’ম পোৱা যায়। ক্ৰম’জ’মত জিন থাকে যিয়ে বংশানুক্ৰমে পোৱা গুণবোৰ পিতৃ-মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত সহায় কৰে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


এই মহতী প্ৰচেষ্টাৰ শলাগ লৈছো |অসমীয়া ভাষাত এনে কৰ্ম অতিকে নগন্য!আপোনাক ধন্যবাদ !
ধন্যবাদ।
THANKS
Thank you dev sir 🙏