Class 8 Science Chapter 10 কৈশোৰ প্ৰাপ্তি

Class 8 Science Chapter 10 কৈশোৰ প্ৰাপ্তি answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Science Chapter 10 কৈশোৰ প্ৰাপ্তি – সমাধান and select needs one.

Class 8 Science Chapter 10 কৈশোৰ প্ৰাপ্তি

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Science Chapter 10 কৈশোৰ প্ৰাপ্তি Solutions for All Subject, You can practice these here…

কৈশোৰ প্ৰাপ্তি

পাঠ – ১০ ( বিজ্ঞান )

) অন্তঃ স্ৰাৱী গ্ৰন্থিয়ে দেহৰ পৰিবৰ্তনৰ বাবে নি: সৰণ কৰা পদাৰ্থ সমূহক কি নামেৰে নাম কৰণ কৰা হৈছে ?

উত্তৰ:- অন্তঃ স্ৰাৱী গ্ৰন্থিয়ে দেহৰ পৰিবৰ্তনৰ বাবে নি: সৰণ কৰা পদাৰ্থ সমূহক হৰ্মন নামেৰে নাম কৰণ কৰা হৈছে ।

২) কৈশোৰ কাল কাক বোলে ?

উত্তৰ:- জীৱনৰ যিটো কালত শাৰীৰিক পৰিবৰ্তন ঘটি পৈণত প্ৰজনন প্ৰাপ্তি হয় সেই কালচোৱাকে কৈশোৰ কাল বোলে । কৈশোৰ কাল সাধাৰণতে ১১ বছৰৰ পৰা আৰম্ভ হৈ ১৮ বা ১৯ বছৰ বয়স পৰ্যন্ত চলি থাকে ।

) মাহেকীয়া ঋতু চক্ৰ কি ? ব্যাখ্যা কৰা

উত্তৰ:- মহিলাৰ প্ৰজনন ক্ষমতা প্ৰায় ১০-১২ বছৰৰ পৰাই আৰম্ভ হয় । অৰ্থাৎ প্ৰজনন প্ৰাপ্তি হোৱাৰ পৰাই আৰম্ভ হয় । এই ক্ষমতা প্ৰায় ৪৫ – ৫০ বছৰলৈ চলি থাকে । প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ পৰাই ডিম্বানু গঠন হৈ পুৰঠ হবলৈ ধৰে । প্ৰায় ২৮ ৰ পৰা ৩০ দিনৰ ভিতৰত একোটা পুৰঠ ডিম্বানুৰ নি:সৰণ হয় ।

এই সময়ত যদিহে ডিম্বানু নিষেচিত হয়, ই জৰায়ুৰ বেৰত লাগি ধৰে আৰু জৰায়ুৰ বেৰ ডাঠ হৈ তাত বিকশিত হবলৈ ধৰে । এই অৱস্থাক গৰ্ভৱতী অৱস্থা বোলে । যদি ডিম্বানু নিষেচিত নহয় তেন্তে ডিম্বাশয়ৰ পৰা ওলোৱা ডিম্বানু, জৰায়ুৰ ডাঠ আৱৰণ আৰু ৰক্ত   নলীকাৰ সৈতে শৰীৰৰ বাহিৰলৈ ওলাই আহে ।

ইয়াৰ ফলত ৰক্তক্ষৰণ হয় । ইয়াকে মাহেকীয়া ঋতু চক্ৰ বোলে ।

) যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা দেহৰ পৰিবৰ্তন সমূহৰ তালিকা কৰা

উত্তৰ:- যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা দেহৰ পৰিবৰ্তন সমূহ হল

ক) শৰীৰৰ উচ্চতা বৃদ্ধি ।

খ) শাৰীৰিক আকৃতিৰ পৰিবৰ্তন ।

গ) মাতৰ পৰিবৰ্তন ।

ঘ) তৈল গ্ৰন্থিৰ বৰ্দ্ধিত ক্ৰিয়া ।

ঙ) শাল মইনা ওলোৱা ।

চ) যৌনাংগৰ বিকাশ ।

ছ) মানসিক, বৌদ্ধিক আৰু আৱেগিক পৰিপক্কতা প্ৰাপ্তি ।

জ) গৌণ চৰিত্ৰ যেনে – লৰাৰ দাড়ি গোফ গজা, ছোৱালীৰ স্তনৰ বিকাশ, ডিম্বানু আৰু শুক্ৰানু নামৰ জনন কোষ গঠন আদি ।

) অন্তঃ স্ৰাৱী গ্ৰন্থি সমূহ আৰু নি:সৰণ কৰা হৰম নামৰ এখন তালিকা দুটা স্তম্ভত প্ৰস্তুত কৰা

উত্তৰ:- অন্তঃ স্ৰাৱী গ্ৰন্থিৰ নাম বোৰ হল

ক) পিটুইটাৰী ।

খ) থাইৰয়ড ।

গ) এডৰিনেল ।

ঘ) অগ্ন্যাশয়

নি:সৰণ কৰা হৰম’নৰ নাম হল –

ক) টেষ্ট’ষ্টেৰণ ( পুৰুষ ) আৰু ইষ্ট্ৰ’জেন ( মহিলা ) বৃদ্ধি হৰম’ন ।

খ) থাইৰ’ক্সিন ।

গ) এড্ৰেনেলিন ।

ঘ) ইনচুলিন ।

) যৌন হৰমন কি ? সেইবোৰক কিয় এনে নাম দিয়া হল ? সেই হৰমন বোৰৰ কাৰ্যৰ বৰ্ণনা কৰা

উত্তৰ:- অণ্ডাশয় আৰু ডিম্বাশয়ৰ পৰা নি: সৰিত হৰমনক যৌন হৰমন বোলে । ডিম্বাশয়ে স্ত্ৰী হৰমন বা ইষ্ট্ৰ’জেন আৰু অণ্ডাশয়ে পুং হৰমন বা টেষ্ট’ষ্টেৰণ নি:সৰণ কৰে । টেষ্ট’ষ্টেৰণ বা পুং হৰমনৰ কাৰ্য হল – ই লৰাৰ ক্ষেত্ৰত প্ৰজনন ক্ষমতাত সহায় কৰে ।

মুখ মণ্ডলত দাড়ি, গোফ গজায় । কাষলতি, বুকু আৰু গুপ্ত স্থানটো চুলি গজায় । ইষ্ট্ৰ’জেন বা স্ত্ৰী হৰমনে ছোৱালীৰ স্তনৰ বিকাশ ঘটায় । স্তনত দুগ্ধ নিঃসৰণ গ্ৰন্থি উৎপন্ন কৰে ।

) উপযুক্ত উক্তিটো বাছি উলিওৱা

) কিশোৰকিশোৰী সকল আহাৰ সম্পৰ্কে সচেতন হোৱা উচিত, কিয়নো

) উপযুক্ত খাদ্যই মগজুৰ বিকাশত সহায় কৰে

) শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰৰ প্ৰয়োজন

) কিশোৰকিশোৰী সকলৰ সদায় ভোক বেছি

) কিশোৰকিশোৰী সকলৰ স্বাদ মুকুল অধিক সক্ৰিয়

উত্তৰ:- ২) শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰৰ প্ৰয়োজন ।

) মহিলাৰ প্ৰজননৰ বয়স আৰম্ভ হয় তেতিয়া

) যেতিয়া মাহেকীয়া ঋতু চক্ৰ আৰম্ভ হয়

) যেতিয়া স্তনৰ বিকাশ হয়

) যেতিয়া দেহৰ ওজন বাঢ়ে

) যেতিয়া ওখ হয়

উত্তৰ:- ১) যেতিয়া মাহেকীয়া ঋতু চক্ৰ আৰম্ভ হয় ।

) কিশোৰকিশোৰীৰ যথোপযুক্ত আহাৰ সামগ্ৰী হল

) চিপছ, চাওমিন,

) ৰুটি, দাইল, শাকপাচলি

) ভাত, চাওমিন, বাৰ্গাৰ

) শাকপাচলি যুক্ত কাটলেট, চিপছ আৰু নেমুৰ ৰস

উত্তৰ:- ২) ৰুটি, দাইল, শাক – পাচলি ।

) চমু টোকা লিখা

) ডিঙিৰ ঘটিকা

উত্তৰ:- প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত স্বৰ যন্ত্ৰৰ বৃদ্ধি হবলৈ ধৰে । লৰাৰ ক্ষেত্ৰত স্বৰ যন্ত্ৰ বোৰ ডাঙৰ হয় । লৰাৰ বৰ্দ্ধিত স্বৰ যন্ত্ৰৰ গ্ৰীবা অঞ্চলত বাহিৰলৈ বাঢ়ি অহা অংশ টোক ডিঙিৰ ঘটিকা বোলে ।

) গৌণ লিংগ চৰিত্ৰ

উত্তৰ:- অণ্ডাশয় আৰু ডিম্বাশয় হল প্ৰজনন অংগ । এই অংগ সমূহে যথা ক্ৰমে শুক্ৰানু আৰু ডিম্বানু নামৰ জনন কোষ উৎপন্ন কৰে । প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত ছোৱালীৰ স্তনৰ বিকাশ হয় আৰু লৰাৰ মুখ মণ্ডলত দাড়ি আৰু গোফ গজে ।

এই লক্ষণ সমূহৰ দ্বাৰা লৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য নিৰ্দ্ধাৰণ কৰিব পাৰি বাবে এই চৰিত্ৰ সমূহক গৌণ লিংগ চৰিত্ৰ বুলি কোৱা হয় । লৰাৰ বুকু অংশত নোম গজে । লৰা আৰু ছোৱালীৰ উভয়ৰে বাহুৰ তলত আৰু গুপ্তাংগত নোম গজে ।

) জন্ম পূৰ্বক লিংগ নিৰ্নয়

উত্তৰ:- মানুহৰ দেহৰ প্ৰতি কোষৰ কোষ কেন্দ্ৰত থকা ক্ৰম’জ’মৰ সংখ্যা ২৩ যোৰ । এই ক্ৰম’জ’মক যৌন ক্ৰম’জ’ম বা X আৰু Y বুলি নামাকৰণ কৰা হয় ।

মহিলাৰ ক্ষেত্ৰত দুডাল X ক্ৰম’জ’ম আৰু পুৰুষৰ ক্ষেত্ৰত এডাল X আৰু এডাল Y ক্ৰম’জ’ম থাকে । জনন কোষ (শুক্ৰানু আৰু ডিম্বানু ) বোৰত এযোৰ ক্ৰম’জ’ম থাকে । নিষিক্ত নোহোৱা ডিম্বানুত মাত্ৰ এডাল X ক্ৰম’জ’ম থাকে, কিন্তু শুক্ৰানুবোৰত দুই প্ৰকাৰৰ ক্ৰম’জ’ম থাকে ।

X ক্ৰম’জ’ম যুক্ত এটা শুক্ৰানুৱে ডিম্বানুক নিষিক্ত কৰিলে তাৰ পৰা সৃষ্টি হোৱা যোজন কোষ টোত যদি দুয়ো ডাল X ক্ৰম’জ’ম হয়, তেতিয়া যোজন কোষটো কন্যা সন্তানলৈ বিকশিত হব । যদি শুক্ৰানুৱে ডিম্বানুক নিষেচিত কৰোঁতে তাত X আৰু Y দুয়ো ডাল ক্ৰম’জ’ম থাকে, তেন্তে যোজন কোষটো পুত্ৰ সন্তানলৈ বিকশিত হব ।

গতিকে দেখা যায় যে পিতৃৰ যৌন ক্ৰম’জ’মে জন্ম হব লগা শিশুৰ লিংগ নিৰ্নয় কৰে । মাতৃৰ এই ক্ষেত্ৰত কোনো ভূমিকা নাই ।

) শব্দশৃংখল পূৰ কৰা

) এড্ৰিনেল গ্ৰন্থিয়ে নি:সৰণ কৰা হৰমন

উত্তৰ:-  এড্ৰিনেলিন ।

) স্ত্ৰীহৰমন

উত্তৰ:- ইষ্ট্ৰোজেন ।

) অগ্ন্যাশয় গ্ৰন্থিয়ে নি:সৰণ কৰা হৰমন

উত্তৰ:- ইনছুলিন ।

) এবিধ নলিকা যুক্ত গ্ৰন্থি

উত্তৰ:- ঘৰ্ম

) লৰাৰ বৰ্দ্ধিত স্বৰ যন্ত্ৰ বৃদ্ধিৰ বাবে গ্ৰীবা অঞ্চলৰ বাহিৰলৈ বাঢ়ি অহা এটা অংশ

উত্তৰ:- ঘটিকা ।

) অন্তঃ স্ৰাৱী গ্ৰন্থিয়ে নি:সৰণ কৰা দ্ৰব্য

উত্তৰ:- হৰমন ।

) উপযুক্ত অনুপাতত প্ৰটিন, কাৰ্বোহাইড্ৰেট, চৰ্বী আৰু ভিটামিন থকা আহাৰ

উত্তৰ:- সুষম ।

) ইনছুলিন হৰমণৰ অভাৱত হোৱা ৰোগ

উত্তৰ:- মধুমেহ ।

) সুষম আহাৰত থকা এবিধ উপাদান

উত্তৰ:- ভিটামিন ।

) মগজুৰ লগত সংলগ্ন থকা এবিধ গ্ৰন্থি যিয়ে হৰমন নি:সৰণ কৰে

উত্তৰ:- পিটুইটাৰী ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: মানুহৰ জীৱনৰ বয়সৰ বিভিন্ন পর্যায়কালবোৰ কি কি?

উত্তৰঃ মানুহৰ জীৱনৰ বয়সৰ বিভিন্ন পর্যায়বোৰ হ’ল — শিশুকাল, কৈশোৰ কাল, যুবকাল, বানপ্রস্থ কাল, বৃদ্ধ কাল আৰু সন্যাস কাল।

প্ৰশ্ন ২: শিশু আৰু প্ৰাপ্তবয়স্ক অৱস্থাৰ মাজৰ অৱস্থাৰ নাম কি?

উত্তৰঃ শিশু আৰু প্ৰাপ্তবয়স্কৰ মাজৰ অৱস্থা হ’ল কৈশোৰ অৱস্থা।

প্ৰশ্ন ৩: কৈশোৰ কালৰ বয়সৰ সীমা কি?

উত্তৰঃ 11 বছৰৰ পৰা 18-19 বছৰ।

প্রশ্ন ৪: নাবালক অৱস্থা কোন সময় চোৱাত ধৰা হয়?

উত্তৰঃ 13 ৰ পৰা 19 বছৰলৈ।

প্রশ্ন ৫: ছোৱালী আৰু ল’ৰাৰ মাজত কাৰ কৈশোৰ কাল আগতে আৰম্ভ হয়?

উত্তৰঃ ছোৱালীৰ (1 বা 2 বছৰৰ আগতে) ।

4 thoughts on “Class 8 Science Chapter 10 কৈশোৰ প্ৰাপ্তি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top