Class 8 Science পাঠ 13 শব্দ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Science পাঠ 13 শব্দ – সমাধান and select needs one.
Class 8 Science পাঠ 13 শব্দ – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Science পাঠ 13 শব্দ – সমাধান Solutions for All Subject, You can practice these here…
শব্দ
পাঠ – ১৩ ( বিজ্ঞান )
শুদ্ধ উত্তৰ বাছি উলিওৱা –
১) শব্দ সঞ্চাৰিত হব পৰা মাধ্যম হৈছে –
ক) একমাত্ৰ গেছ ।
খ) গোটা পদাৰ্থ মাত্ৰ ।
গ) একমাত্ৰ জুলীয়া পদাৰ্থ ।
ঘ) গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ ।
উত্তৰ:- ঘ) গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ ।
২) কাৰ মাত কম কম্পনাংকৰ হব ?
ক) কেঁচুৱা ছোৱালীৰ ।
খ) কেঁচুৱা লৰা ।
গ) পুৰুষ ।
ঘ) মহিলা ।
উত্তৰ:- গ) পুৰুষ ।
৩) তলৰ শুদ্ধ উক্তি সমূহত ‘ শু ‘ আৰু ভুল উক্তি সমূহত ‘ অ ‘ লিখা ।
ক) বায়ু শূন্য স্থানত শব্দ সঞ্চাৰিত হব নোৱাৰে ।
উত্তৰ:- শুদ্ধ ।
খ) এটা কম্পমান বস্তুৰ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাকেই ইয়াৰ পৰ্যায় কাল বোলে ।
উত্তৰ:- অশুদ্ধ ।
গ) কম্পনৰ বিস্তাৰ বেছি হলে, শব্দ দুৰ্বল হয় ।
উত্তৰ:- শুদ্ধ ।
ঘ) মানুহৰ বাবে শ্ৰাব্য সীমা ২০ হাৰ্টজৰ পৰা ২০,০০০ Hz ।
উত্তৰ:- শুদ্ধ ।
ঙ) কম্পনৰ কম্পনাংক কম হলে তীক্ষ্ণতা বেছি হয় ।
উত্তৰ:- অশুদ্ধ ।
চ) অবাঞ্ছিত বা অস্বস্তিকৰ শব্দ কেই সংগীত বুলি কোৱা হয় ।
উত্তৰ:- অশুদ্ধ ।
ছ) শব্দ প্ৰদূষনে আংশিক শ্ৰৱণ বিসংগতি সৃষ্টি কৰিব পাৰে ।
উত্তৰ:- শুদ্ধ ।
৪) উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা ।
ক) এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুৰ …………………….. বোলে ।
উত্তৰ:- পৰ্যায় কাল ।
খ) কম্পনৰ ……………………. দ্বাৰা তীব্ৰতা নিৰ্নয় হয় ।
উত্তৰ:- বিস্তাৰৰ ।
গ) কম্পনাংকৰ একক হৈছে …………………………. ।
উত্তৰ:- হাৰ্টজ ।
ঘ) অবাঞ্ছিত শব্দক ……………………….. বোলে ।
উত্তৰ:- কোলাহল ।
ঙ) কম্পনৰ ………………………. দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ হয় ।
উত্তৰ:- কম্পনাংকৰ ।
৫) এটা দোলকে ৪ ছেকেণ্ডত ৪০ টা দোলন সম্পূৰ্ণ কৰে । ইয়াৰ পৰ্যায় কাল আৰু কম্পনাংক নিৰ্নয় কৰা ।
উত্তৰ:- দিয়া আছে,
কম্পনৰ সংখ্যা ( n ) = ৪০
মুঠ সময় ( t ) = ৪ ছেকেণ্ড
পৰ্যায় কাল = ?
কম্পনাংক = ?
আমি জানো, পৰ্যায়কাল = ৪ ÷ ৪০ ছে. = ১ ÷ ১০ ছে. = ০.১ ছে.
কম্পনাংক = ১ ÷ পৰ্যায় কাল
= ১ ÷ ১/১০
= ১০ Hz ।
পৰ্যায় কাল = ০.১ ছে ।
কম্পনাংক = ১০ Hz ।
৬) মাহে প্ৰতি ছেকেণ্ডত গড়ে ৫০০ বাৰকৈ পাখি কঁপাই শব্দৰ সৃষ্টি কৰে । এই কম্পনৰ পৰ্যায় কাল কিমান ?
উত্তৰ:- প্ৰতি ছেকেণ্ডত কম্পনৰ সংখ্যা = ৫০০
গতিকে, পৰ্যায় কাল কম্পনাংক = ৫০০ Hz
এতেকে, পৰ্যায় কাল = ১ ÷ ৫০০ = ০.০০২ Hz
এই কম্পনৰ পৰ্যায় কাল হল ০.০০২ Hz ।
৭) তলৰ বাদ্য যন্ত্ৰ সমূহৰ কম্পন হৈ শব্দ উৎপন্ন কৰা অংশ সমূহ চিনাক্ত কৰা ।
ক) ঢোলক ।
উত্তৰ:- ঢোলকৰ টানি ৰখা চামৰাৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয় ।
খ) চেতাৰ ।
উত্তৰ:- চেতাৰৰ টানি ৰখা তাৰৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয় ।
গ) বাঁহী ।
উত্তৰ:- বাঁহীৰ বায়ু স্তম্ভৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয় ।
৮) কোলাহল আৰু সংগীতৰ মাজৰ পাৰ্থক্য কি ? সংগীত কেতিয়াবা কোলাহল হব পাৰেনে ?
উত্তৰ:- কোলাহল আৰু সংগীতৰ মাজৰ পাৰ্থক্য হল – আমনিদায়ক, অসামঞ্জস্য, শৃংখলা হীন সুৰ বৰ্জ্জিত শব্দক কোলাহল বোলে । আনহাতে শুৱলা, আৰামদায়ক, সমজ্ঞান, শৃংখলা বদ্ধ তথা সুৰ সমৃদ্ধ শব্দক সংগীত বোলে । সংগীত কেতিয়াবা কোলাহল হব পাৰে । সংগীতত ব্যৱহাৰ কৰা শব্দৰ কম্পনাংক যদি অতি বেছি হয় আৰু অতি তীক্ষ্ণ হয়, তেতিয়া এই সংগীত কোলাহলত পৰিণত হয় ।
৯) তোমাৰ চাৰিও ফালে হোৱা শব্দ প্ৰদূষণৰ উৎস সমূহৰ তালিকা এখন প্ৰস্তুত কৰা ।
উত্তৰ:- আমাৰ চাৰিও ফালে হোৱা শব্দ প্ৰদূষণৰ উৎস সমূহৰ ভিতৰত কেইটামান উৎস হল –
ক) উচ্চ স্বৰে বজোৱা টিভি, ৰেডিঅ, টেপ আদি ।
খ) গাড়ী – মটৰৰ শব্দ আৰু ইয়াৰ হৰ্ণ ।
গ) পাক ঘৰত বাচন – বৰ্তনৰ শব্দ ।
ঘ) ফেন, এয়াৰ কুলাৰ আদিৰ শব্দ ।
ঙ) ওচৰত থকা স্কুলৰ শ্ৰেণী কোঠা আৰম্ভণি নকৰা বা খেলাৰ সময়ত হোৱা চিঞৰ বাখৰ ।
চ) ওচৰত বনাই থকা ঘৰৰ মিস্ত্ৰীয়ে কাম কৰা শব্দ ।
ছ) বিয়া – সবাহ আদিত ফুটোৱা হিলৈ, বোমা আদি ।
১০) মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা ।
উত্তৰ:- মানুহৰ বাবে শব্দ প্ৰদূষণ বিভিন্ন ধৰণে অপকাৰী । শব্দ প্ৰদূষণ হলে মানুহৰ মগজুৰ কষ্ট হয় । মূৰৰ বিষ হয় । টোপনি খটি হয় । ৰক্ত চাপ বৃদ্ধি হয় । উৎকণ্ঠা বাঢ়ে । বেছি তীক্ষ্ণ শব্দ একেৰাহে বেছি দিন শুনিলে শ্ৰৱণ বিসংগতি ( ক’লা ) হবও পাৰে ।
১১) তোমাৰ মাৰা – দেউতাৰাই ঘৰ এটা কিনিবলৈ ওলাইছে । তেওঁলোকক এটা পথৰ দাঁতিৰ আৰু আন এটা পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰ দেখুওৱা হৈছে । তুমি তোমাৰ মা – দেউতাক কোনটো ঘৰ কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াবা ? কাৰণ ব্যাখ্যা কৰা ।
উত্তৰ:- পথৰ দাঁতিৰ ঘৰটো কিনিবলৈ পৰামৰ্শ নিদিও । পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰটো কিনিবলৈ পৰামৰ্শ দিম । কাৰণ পথৰ দাঁতিৰ ঘৰটোত অনাবৰতে পথেৰে গতি কৰি থকা গাড়ী – মটৰ আৰু মানুহৰ চিঞৰ বাখৰৰ শব্দই কোলাহলৰ সৃষ্টি কৰি থাকিব । ফলত সুস্থ পৰিবেশ এটা পোৱা নাযাব ।
পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰটোত কোলাহল বহু পৰিমাণে কম হব আৰু তাত এটি সুস্থ পৰিবেশ অনাবৰতে পোৱা যায় । সেয়ে পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰটো কিনিবলৈ পৰামৰ্শ দিম ।
১২) স্বৰ যন্ত্ৰৰ চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্য সমূহ তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা ।
উত্তৰ:-

মানুহৰ ক্ষেত্ৰত শব্দ স্বৰ কক্ষ বা স্বৰ যন্ত্ৰৰ দ্বাৰা সৃষ্টি হয় । এই স্বৰ যন্ত্ৰ মানুহৰ ডিঙিত অৱস্থিত । ইয়াৰ ঠিক তলৰ পৰা এডাল বায়ু নলী থাকে । স্বৰ কক্ষ বা স্বৰ যন্ত্ৰৰ ইপাৰ – সিপাৰ হোৱাকৈ দুডাল স্বৰ তন্ত্ৰী এনেদৰে টান খাই থাকে যে ইয়াৰ মাজেৰে বায়ু যাব পৰাকৈ এটা ঠেক ছিদ্ৰৰ সৃষ্টি হয় ।
হাঁওফাঁওৱে ছিদ্ৰৰ মাজেৰে জোৰেৰে বায়ু ঠেলিলে স্বৰ যন্ত্ৰ কঁপিবলৈ ধৰে আৰু শব্দৰ সৃষ্টি কৰে । স্বৰ যন্ত্ৰী টান আৰু পাতল হলে যি শব্দৰ সৃষ্টি হয়, ঢিলা আৰু শকত হলে তাতকৈ বেলেগ শব্দৰ সৃষ্টি হয় ।
১৩) আকাশত বিজুলী আৰু ঢেৰেকণি একে সময়ত আৰু আমাৰ পৰা একে দূৰত্বত সংঘটিত হয় । কিন্তু আগে বিজুলী দেখা যায় আৰু তাৰ পিছতহে ঢেৰেকনি কাণত পৰে । ইয়াৰ কাৰণ ব্যাখ্যা কৰিব পাৰিবানে ?
উত্তৰ:- পোহৰৰ বেগ বায়ুৰ মাজেৰে প্ৰতি ছেকেণ্ডত ৩×১০/৪ মিটাৰ । কিন্তু শব্দৰ বেগ প্ৰতি ছেকেণ্ডত ৩২২ মিটাৰ । যদিও ঢেৰেকনি আৰু বিজুলী মেঘত একে সময়তে উৎপন্ন হয়, বায়ুৰ মাজেৰে আহোঁতে দুয়োৰে বেগৰ পাৰ্থক্য হেতুকে বিজুলীৰ পোহৰ বহুত আগতে আহি আমাৰ চকুত পৰে । আনহাতে শব্দ ( ঢেৰেকনি ) বহুত দেৰিকৈ আহি আমাৰ কাণত পৰে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.