Class 8 Science পাঠ 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Science পাঠ 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা – সমাধান and select needs one.
Class 8 Science পাঠ 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা – সমাধান
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Science পাঠ 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা – সমাধান Solutions for All Subject, You can practice these here…
কিছুমান প্ৰাকৃতিক পৰিঘটনা
পাঠ – ১৫ ( বিজ্ঞান )
১ আৰু ২ নং প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
১) তলৰ কোনবিধ বস্তু ঘৰ্ষনৰ দ্বাৰা সহজে আহিত কৰিব নোৱাৰি ?
ক) প্লাষ্টিকৰ স্কেল এডাল ।
খ) তামৰ দণ্ড এডাল ।
গ) ফুলাই থোৱা বেলুন এটা ।
ঘ) ঊলৰ কাপোৰ ।
উত্তৰ:- খ) তামৰ দণ্ড এডাল ।
২) এটুকুৰা পাটৰ কাপোৰেৰে কাঁচৰ দণ্ড এডাল ঘহিলে দণ্ড ডাল –
ক) আৰু কাপোৰ টুকুৰা দুয়ো ধনাত্মক ভাৱে আহিত হব ।
খ) ধনাত্মক ভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মক ভাৱে আহিত হব ।
গ) আৰু কাপোৰৰ টুকুৰা দুয়ো ঋণাত্মক ভাৱে আহিত হব ।
ঘ) ঋণাত্মক ভাৱে আহিত আৰু কাপোৰ টুকুৰা ধনাত্মক ভাৱে আহিত হব ।
উত্তৰ:- ঘ) ঋণাত্মক ভাৱে আহিত আৰু কাপোৰ টুকুৰা ধনাত্মক ভাৱে আহিত হব ।
৩) তলৰ বাক্য কেইটা সঁচা নে মিছা লিখা ।
ক) একে জাতীয় আধানে পৰস্পৰক আকৰ্ষণ কৰে ।
উত্তৰ:- মিছা ।
খ) এডাল আহিত কাচৰ দণ্ডই এডাল আহিত প্লাষ্টিক ষ্ট্ৰ‘পাইপক আকৰ্ষণ কৰে ।
উত্তৰ:- সঁচা ।
গ) বজ্ৰ – নিৰোধক পৰিবাহী দণ্ডই অট্টালিকাক বজ্ৰ পাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে ।
উত্তৰ:- মিছা ।
ঘ) ভূমিকম্পৰ আগজাননী দিব পাৰি ।
উত্তৰ:- মিছা ।
৪) জাৰ কালি ছুৱেটাৰ এটা খুলিলে কেতিয়াবা ফট – ফটাই উঠা শব্দ শুনিবলৈ পোৱা যায় । কিয় এনে হয় বুজাই লিখা ।
উত্তৰ:- শীত কালত বায়ুত আৰ্দ্ৰতা কম থাকে ।ছুৱেটাৰত থকা উল বোৰ হল সাংশ্লেষিক আঁহ । গাৰ পৰা ছুৱেটাৰটো খোলাৰ লগে লগে ই গাৰ শুকান ছালত ঘৰ্ষন হৈ আহিত হয় । ছাল আৰু ছুৱেটাৰত উৎপন্ন হোৱা বিপৰীত আধান আৰু গাৰ নোম বা ছুৱেটাৰত উৎপন্ন হোৱা একে আধানৰ বিকৰ্ষন ক্ৰিয়াৰ বাবে ফট – ফট শব্দৰ সৃষ্টি হয় ।
৫) আহিত বস্তু এটা হাতেৰে চুলে আধান বোৰ কিয় নাইকিয়া হয় বুজাই লিখা ।
উত্তৰ:- পৃথিৱী সকলো আধানৰ ভঁৰাল । আমাৰ শৰীৰটো বিদ্যুৎ পৰিবাহী । হাতেৰে স্পৰ্শ কৰাৰ লগে লগে আহিত বস্তুৰ ঋণাত্মক আধান বোৰ পৃথিৱীলৈ যায় আৰু পৃথিবীৰ পৰা ঋণাত্মক আধান শৰীৰৰ মাজেৰে গতি কৰি আহিত বস্তুৰ ধনাত্মক আধান বোৰ উদাসীন হয় । গতিকে বস্তুটোৰ আধান বোৰ নাইকিয়া হয় ।
৬) ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম লিখা । কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩ হলে ইয়াক ছিছম‘গ্ৰাফ এটাই ধৰা পেলাবনে ? ই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছেনে ?
উত্তৰ:- ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম হল – ৰিখটাৰ । কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩ হলে ইয়াক ছিছম’গ্ৰাফ এটাই ধৰা পেলাব । ই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছে । এনে ভূমিকম্পই ঘৰ – দুৱাৰ ক্ষতি সাধন কৰিব পৰা বিধৰ কম্পনৰ সৃষ্টি নকৰে ।
৭) বজ্ৰ পাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ লবলগীয়া তিনিটা ব্যৱস্থাৰ দিহা দিয়া ।
উত্তৰ:- বজ্ৰ পাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ লবলগীয়া তিনিটা ব্যৱস্থা হল –
ক) ঘৰৰ পৰা বাহিৰত ওলাব নালাগে ।
খ) বাহিৰত থাকিলেও ওখ বস্তুৰ কাষত থাকিব নালাগে ।
গ) গাড়ী – মটৰ চলাই থাকিলে তাক ৰখাই দিব লাগে ।
৮) আহিত বেলুন এটাই আন এটা আহিত বেলুনক কিয় বিকৰ্ষন কৰে আৰু অনাহিত বেলুন এটাই আহিত বেলুন এটাক কিয় আকৰ্ষণ কৰে বুজাই লিখা ।
উত্তৰ:- আহিত বেলুন এটাই আন এটা আহিত বেলুনক বিকৰ্ষন কৰাৰ কাৰণ হল দুয়োটা বেলুনতে সম জাতীয় আধান সৃষ্টি হয় । অনাহিত বেলুনটো আহিত বেলুনৰ ওচৰলৈ নিলে অনাহিত বেলুনত আহিত বেলুনৰ দ্বাৰা আধান আৱেশিত হয় । এই আধান বিপৰীত প্ৰকৃতিৰ হয় । গতিকে অনাহিত বেলুনটোৱে আহিত বেলুনক আকৰ্ষণ কৰে ।
৯) চিত্ৰৰ সহায়ত এটা সঁজুলিৰ বৰ্ণনা দিয়া যাৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি ।
উত্তৰ:-

স্বৰ্ণ পত্ৰ বিদ্যুতবীক্ষণ যন্ত্ৰৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি । চিত্ৰত দিয়াৰ দৰে খালী বটল এটা আৰু তাৰ ওপৰত ঢাকি দিব পৰাকৈ এখন কাৰ্ড বর্ড লোৱা হল । কাৰ্ড বর্ডৰ মাজত ধাতুৰ ক্লিপ সোমাব পৰা ফুটা এটা কৰা হল । এলুমিনিয়ামৰ পাতৰ পৰা ৪ ছেণ্টিমিটাৰ × ১ ছেণ্টিমিটাৰ জোখৰ দুটুকুৰা পটি কাটি লোৱা হল ।
চিত্ৰত দেখুওৱাৰ দৰে সিহঁতক ক্লিপত ওলোমাই দিয়া হল । ক্লিপটো কাৰ্ড বর্ডৰ লম্ব ভাৱে থকাকৈ সুমুৱাই দিয়া হল । এডাল ৰিফিল আহিত কৰি তাৰে ক্লিপৰ মূৰত চুই দিয়া হল । এলুমিনিয়ামৰ পটি দুটাৰ বিক্ষেপন ঘটিব ।
এলুমিনিয়ামৰ মিহি পাত দুটাই ক্লিপৰ যোগেদি একে জাতীয় আধান প্ৰাপ্ত হৈছে । দুয়োৰে মাজত বিকৰ্ষন ঘটিছে বাবে পাত দুখন মেল খাই গৈছে । আন যিকোনো বস্তু আহিত হয় নে নহয় এই যন্ত্ৰ টোৰে চাব পৰা যাব । যন্ত্ৰটো ব্যৱহাৰ কৰাৰ লগতে ক্লিপটো হাতেৰে চুই দিব লাগে যাতে ই উদাসীন হয় ।
১০) ভাৰতবৰ্ষৰ তিনিখন ৰাজ্যৰ নাম উল্লেখ কৰা যত ভূমিকম্পৰ প্ৰবল সম্ভাৱনা আছে ।
উত্তৰ:- ভূমিকম্পৰ প্ৰবল সম্ভাৱনা থকা ভাৰতৰ ৰাজ্য তিনি খনৰ নাম হল –
১) অসম ।
২) গুজৰাট ।
৩) কাশ্মীৰ ।
১১) ধৰি লোৱা তুমি ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প আহিল । নিজকে ৰক্ষা কৰিবলৈ কি সাৱধানতা অৱলম্বন কৰিবা ?
উত্তৰ:- ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প হলে তলত দিয়া সাৱধানতা সমূহ অৱলম্বন কৰিম –
ক) ওখ অট্টালিকা, গছ আৰু উচ্চ ক্ষমতাৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা আঁতৰত মুকলি ঠাইলৈ যাম আৰু মাটিত শুই দিম ।
খ) যদিহে বাছ বা মটৰ গাড়ীৰ ভিতৰত থাকো তেতিয়া হলে বাহিৰলৈ ওলাই নাযাও । চালকক গাড়ী খন লাহে লাহে মুকলি ঠাইলৈ নিবলৈ নিৰ্দেশ দিম আৰু জোকাৰণি শেষ নোহোৱালৈকে ওলাই নাহো ।
১২) বতৰ বিজ্ঞান বিভাগে আগজাননী দিলে যে কোনো এটা দিনত বিজুলী আৰু ধুমুহা ঢেৰেকণি অহাৰ সম্ভাৱনা আছে । ধৰি লোৱা তুমি সেই দিনটোতে বাহিৰলৈ ওলাই যাব লাগে । সেইদিনা ছাতি লগত লৈ যাবা নেকি ? বুজাই লিখা ।
উত্তৰ:- বতৰ বিজ্ঞানে দিয়া বিজুলী আৰু ধুমুহা ঢেৰেকণিৰ আগজাননী দিনা বাহিৰলৈ ওলাই গলে লগত ছাতি নিয়াটো উচিত নহব । কাৰণ ছাতি ধাতুৰে তৈয়াৰী । ছাতি মেলি বৰষুণৰ পৰা ৰক্ষা পালেও বিজুলীৰ পৰা বিপদ ঘটিব । বজ্ৰ পাত তুলনামুলক ভাবে ওখ ঠাইত পৰে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.