Class 8 Science Chapter 6 দহন আৰু শিখা

Class 8 Science Chapter 6 দহন আৰু শিখা answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Science Chapter 6 দহন আৰু শিখা – সমাধান and select needs one.

Class 8 Science Chapter 6 দহন আৰু শিখা

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Science Chapter 6 দহন আৰু শিখা Solutions for All Subject, You can practice these here…

দহন আৰু শিখা

পাঠ – ৬ ( বিজ্ঞান )

) দহন সংঘটিত হবৰ বাবে আৱশ্যকীয় চৰ্ত বোৰৰ তালিকা প্ৰস্তুত কৰা

উত্তৰ:- দহন সংঘটিত হবৰ বাবে আৱশ্যকীয় চৰ্ত বোৰ হল –

ক) দাহ্য পদাৰ্থ হব লাগিব ।

খ) দহনৰ বাবে সহায়ক অক্সিজেনৰ উপস্থিতিৰ প্ৰয়োজন ।

গ) জ্বলন বিন্দু পাব লাগিব ।

) খালী ঠাই পূৰ কৰা

) কাঠ আৰু কয়লাৰ দহনে বায়ুৰ ……………………. ঘটায়

উত্তৰ:- প্ৰদূষণ ।

) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হল …………………….

উত্তৰ:- কেৰাছিন ।

) দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ …………………….  …………………….. লৈ নিশ্চয়কৈ তপতাব লাগে

উত্তৰ:- জ্বলন, বিন্দু ।

) তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক …………………… দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱৰি

উত্তৰ:- পানীৰ ।

) যানবাহণত চি. এন. জি. ব্যৱহাৰে আমাৰ নগৰ বোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা

উত্তৰ:- যান – বাহণত চি. এন. জি. ৰ ব্যৱহাৰে আমাৰ নগৰ বোৰত বহু পৰিমাণে প্ৰদূষণ কমাইছে । পেট্ৰল বা ডিজেলৰ দহনত কাৰ্বন ডাই অক্সাইডৰ দৰে প্ৰদূষক উৎপন্ন হয় । কিন্তু চি. এন. জি. দহন কৰিলে এনে গেছ অতি সামান্য পৰিমাণেহে উৎপন্ন হয় । কাৰণ চি. এন. জি. অতি পৰিষ্কাৰ ইন্ধন ।

) ইন্ধন হিচাপে এল. পি. জি. আৰু কাঠ তুলনা কৰা

উত্তৰ:- ইন্ধন হিচাপে এল. পি. জি. আৰু কাঠৰ পাৰ্থক্য হল –

ক) এল. পি. জি. দহনত কোনো অবশিষ্ট নৰয় আনহাতে কাঠ দহনত অবশিষ্ট থাকে । যাক ছাই বোলে ।

খ) এল. পি. জি. সহজে জ্বলি উঠে আনহাতে কাঠ সহজে জ্বলি নুঠে ।

গ) এল. পি. জি. ৰ জ্বলনাংক অতি কম আনহাতে কাঠৰ জ্বলনাংক বেছি ।

ঘ) এল. পি. জি. দহনত ধোঁৱা বেছি নোলায় আনহাতে কাঠ দহনত যথেষ্ট বেছি ধোঁৱা উৎপন্ন হয় ।

) কাৰণ দৰ্শোৱা

) বৈদ্যুতিক আহিলা  জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়

উত্তৰ:- বৈদ্যুতিক আহিলা  জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয় । কাৰণ পানী বিদ্যুতৰ সুপৰিবাহী । পানীৰে বিদ্যুৎ চালিত হৈ পানীৰে জুই নুমুৱা জনৰ বিপদ ঘটিব পাৰে । সেয়ে পানীৰে বৈদ্যুতিক আহিলা  জড়িত জুইক নিয়ন্ত্ৰণ কৰিব নোৱাৰি ।

) ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল. পি. জি. অধিক ভাল

উত্তৰ:- এল. পি. জি. দহনে ধোঁৱাৰ সৃষ্টি নকৰে । পাত্ৰৰ তলিত কাজল নহয় । তাপ বেছিকৈ দিয়ে । এল. পি. জি. দহনত অবশিষ্ট বা ছাই উৎপন্ন নহয় । কিন্তু কাঠ দহনত ধোঁৱা ওলায় । পাত্ৰৰ তলিত কাজল হয় । তাপ উৎপন্ন হোৱাৰ মাত্ৰাও কম । কাঠ দহনত অবশিষ্ট বা ছাই উৎপন্ন হয় ।

      সেয়ে ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল. পি. জি. অধিক ভাল ।

) কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে

উত্তৰ:- কাগজৰ জ্বলনাংক কম আনহাতে এলুমিনিয়ামৰ জ্বলনাংক বেছি সেইবাবে কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে ।

) মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিনহিত কৰা 

উত্তৰ:-

৭) ইন্ধনৰ কেল’ৰি মান প্ৰকাশ কৰা একক টোৰ নাম লিখা ।

উত্তৰ:- ইন্ধনৰ কেল’ৰি মান প্ৰকাশ কৰা একক টোৰ নাম হল – কিল’জুল/ কিল’গ্ৰাম ( KJ/ kg ) ।

) কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে ব্যাখ্যা কৰা

উত্তৰ:- কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ বহুত গধুৰ । কাৰ্বন ডাই অক্সাইড গেছে জুইক কয়লাৰ দৰে ঢাকি ধৰে । এনে হোৱাৰ বাবে বায়ুৰ অক্সিজেনৰ লগত জুইৰ সংযোগ বিচ্ছিন্ন হয় । অক্সিজেন অবিহনে জুই নজ্বলে । গতিকে জুইকুৰা নুমাই যায় । এইদৰে কাৰ্বন ডাই অক্সাইডৰ দ্বাৰা জুই নিয়ন্ত্ৰণ কৰিব পাৰে ।

) কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে ব্যাখ্যা কৰা

উত্তৰ:- শুকান পাতৰ জ্বলনাংক কম আনহাতে কেঁচা পাতৰ জ্বলনাংক বেছি । সেয়ে শুকান পাতৰ দম এটাত সোনকালে জুই লাগে, কিন্তু কেঁচা পাতৰ দমত সিমান সোনকালে জুই নালাগে ।

১০) সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ? ব্যাখ্যা কৰা

উত্তৰ:- সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ বৰ্হি মণ্ডলটো ব্যৱহাৰ কৰে । কাৰণ এই মণ্ডলৰ উত্তাপ সৰ্বাধিক । উষ্ণতা প্ৰায় ৮০০° চেলচিয়াছ আৰু এই মণ্ডলটো উজ্জ্বল নহয় ।

১১) কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ ৪.৫ কেজি পৰিমাণক সম্পূৰ্ণ ভাৱে পোৰা হল ।

উৎপন্ন হোৱা তাপৰ পৰিমাণ ১৮০,০০০ কেজি পোৱা গল । ইন্ধনটোৰ কেল’ৰি মান গণনা কৰা ।

উত্তৰ:- ইয়াত ইন্ধনৰ ভৰ = ৪.৫ কেজি

উৎপন্ন তাপৰ পৰিমাণ = ১৮০,০০০ কেজি

এতেকে ইন্ধনৰ কেল’ৰি মান হব = ১৮০,০০০ ÷ ৪.৫ = ৪০,০০০ কেজি ।

১২) মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব পাৰি নে ? আলোচনা কৰা

উত্তৰ:- মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব নোৱাৰি । এই প্ৰক্ৰিয়া এক ৰাসায়নিক বিক্ৰিয়া মাথোন । ইয়াত তাপ, শক্তি আৰু পোহৰ উভয়ে উৎপন্ন নহয় । দহনত তাপ, শক্তি আৰু পোহৰ উভয়ে উৎপন্ন হয় । সেয়ে মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব নোৱাৰি ।

১৩) আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে যত বিকাৰত পানী তপতাব লাগে আবেদাই মমবাতি শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে ৰমেশে শিখাটোৰ বহিৰতম অংশত বিকাৰটো ৰাখিলে কাৰ পানীখিনি সোনকালে তপত হব

উত্তৰ:- ৰমেশৰ পানী খিনি সোনকালে তপত হব । কাৰণ ৰমেশে শিখাৰ বহিঃ মণ্ডল অৰ্থাৎ নীলা মণ্ডল ব্যৱহাৰ কৰিছে । বহিঃ মণ্ডলৰ তাপ বেছি । আনহাতে অবিদাই হালধীয়া মণ্ডল ব্যৱহাৰ কৰিছে । হালধীয়া মণ্ডলৰ তাপ কম ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: মম আৰু কয়লা জ্বলাৰ পাৰ্থক্য কি?

উত্তৰঃ মম এডাল জ্বলি শিক্ষাৰ উৎপন্ন হয়। কিন্তু কয়লা জ্বলিলে নহয়।

প্রশ্ন ২: দহন আৰু দাহ্য পদার্থ কাক বোলে? 

উত্তৰঃ দহন (Combustion): যি প্রক্রিয়াত দ্রব্য এটাই অক্সিজেনৰ সৈতে বিক্রিয়া কৰি তাপ উৎপন্ন করে তাকে দহন বোলে। যিটো প্ৰবাৰ দহন হয় তাক দাহ্য পদার্থ বোলে।

প্রশ্ন ৩: আমাৰ শৰীৰত ঘটা দহনৰ বিষয়ে লিখা । 

উত্তৰঃ আমাৰ শৰীৰে খাদ্য গ্ৰহণ কৰে। খাদ্য হ’ল দাহ্য পদার্থ। এই খাদ্য হজম হোৱাৰ পিছত তেজে কঢ়িয়াই নিয়া অক্সিজেনৰ লগত বিক্রিয়া হয়। বিক্রিয়াত তাপ শক্তি উৎপন্ন হয়। গতিকে খাদ্য দ্রব্যবোৰ ভাঙি তাপ উৎপন্ন হয় বাবে ই এক প্ৰকাৰ দহন।

প্রশ্ন ৪: দহনৰ বাবে যে বায়ু (অক্সিজেন)ৰ আৱশ্যক পৰীক্ষাৰ সহায়ত কিদৰে প্ৰমাণ কৰিব পাৰি লিখা।

উত্তৰঃ তলৰ পৰীক্ষাৰ সহায়ত দহনত যে বায়ুৰ আৱশ্যক তাক দেখুওৱা হ’ল- 

এখন টেবুলত এডাল জ্বলি থকা মমবাতি থিয়কৈ ৰাখা। মমডালৰ ওপৰত কাচৰ চিমনি এটা ৰাখি ইয়াক কিছুমান কাঠৰ টুকুৰাৰ ওপৰত এনেদৰে স্থাপন কৰা যাতে চিমনিটোত বায়ু সোমাব পাৰে

(চিত্র: (ক) শিখাটোৰ কি ঘটে পৰ্যবেক্ষণ কৰা। 

এতিয়া, কাঠৰ টুকুৰাবোৰ আঁতৰোৱা আৰু চিমনিটো টেবুলৰ ওপৰত থোৱা। 

(চিত্ৰ: (খ)) শিখাটো পুনৰ পৰ্যবেক্ষণ কৰা। অৱশেষত, চিমনিৰ ওপৰত এখন কাচৰ প্লেট ৰাখা। 

(চিত্র: (গ) শিখাটো আকৌ পৰ্যবেক্ষণ কৰা হ’ল।

আমি জানো যে দহনৰ বাবে বায়ুৰ প্ৰয়োজন। পৰিস্থিতি (ক) ত মমডাল মুক্তভাবে জ্বলে য’ত তলফালৰ পৰা চিমনিত বায়ু সোমাৰ পাবে। পৰিস্থিতি (খ) ত য’ত চিমনিটোৰ তল ফালৰ পৰা বায়ু সোমোৱা নাই, শিখাটো ঢিমিকি-ঢামাক কৰে আৰু ধোঁৱা উৎপন্ন কৰে। পৰিস্থিতি (গ) ত, শিখাটো অৱশেষত নুমাই যায় কিয়নো তাত বায়ু নাথাকে।

প্রশ্ন ৫: জ্বলন উষ্ণতা বা জ্বলনাংক কাক বোলে?

উত্তৰঃ যি নিম্নতম উষ্ণতাত দ্রব্য এটাত জুই লাগে, সেই উষ্ণতাক জ্বলন উষ্ণতা বা জ্বলনাংক বোলে।

1 thought on “Class 8 Science Chapter 6 দহন আৰু শিখা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top