Class 8 Science Chapter 17 তৰা আৰু সৌৰজগত

Class 8 Science Chapter 17 তৰা আৰু সৌৰজগত answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Science Chapter 17 তৰা আৰু সৌৰজগত – সমাধান and select needs one.

Class 8 Science Chapter 17 তৰা আৰু সৌৰজগত

Join Telegram channel

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Science Chapter 17 তৰা আৰু সৌৰজগত Solutions for All Subject, You can practice these here…

তৰা আৰু সৌৰজগত

পাঠ – ১৭ ( বিজ্ঞান )

) তলৰ কোনটো সৌৰজগতৰ সদস্য নহয় ?

) গ্ৰহানুপুঞ্জ

) উপগ্ৰহ

) তাৰকাপুঞ্জ

) ধূমকেতু

উত্তৰ:- গ) তাৰকাপুঞ্জ ।

) তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয় ?

) লুব্ধক

) বুধ

) শনি

) পৃথিৱী

উত্তৰ:- ক) লুব্ধক ।

) চন্দ্ৰৰ কলাৰ উৎপত্তিৰ কাৰণ

) আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ

) চন্দ্ৰৰ পৰা আমাৰ দূৰত্ব সলনি হৈ থাকে

) পৃথিৱীৰ প্ৰচ্ছায়াই চন্দ্ৰ পৃষ্ঠৰ এটা অংশহে ঢাকি ৰাখে

) চন্দ্ৰৰ বায়ু মণ্ডলৰ ঘনত্ব স্থিৰ নহয়

উত্তৰ:- ক) আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ ।

) খালী ঠাই পূৰ কৰা

) সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হল …………………………

উত্তৰ:- নেপচুন ।

) ৰঙা ৰঙৰ গ্ৰহটো হল ……………………….

উত্তৰ:- মংগল ।

) আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰাৰ সমষ্টিক ………………………. বোলে

উত্তৰ:- তাৰকাপুঞ্জ ।

) গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক …………………………. বোলে

উত্তৰ:- কৃতিম উপগ্ৰহ ।

) পপীয়া তৰা বোৰ প্ৰকৃততে ………………………… নহয়

উত্তৰ:- উল্কাপিণ্ড ।

) …………………….. আৰু ………………………. কক্ষ পথৰ মাজত গ্রহানুপুঞ্জ সমূহ পোৱা যায়

উত্তৰ:- মংগল আৰু বৃহস্পতি ।

) তলৰ বাক্য সমূহ সত্য ( ) আৰু অসত্য ( ) হিচাপে চিনাক্ত কৰা

) ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য

উত্তৰ:- অসত্য।

) বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ

উত্তৰ:- সত্য ।

) ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ

উত্তৰ:- অসত্য ।

) ইনছেট এটা কৃত্ৰিম উপগ্ৰহ

উত্তৰ:- সত্য ।

) সৌৰজগতত নটা গ্ৰহ আছে

উত্তৰ:- অসত্য ।

) কাল পুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীক্ষনেৰেহে দেখা পায়

উত্তৰ:- অসত্য ।

) ‘ স্তম্ভৰ পদ সমূহৰ সৈতেস্তম্ভৰ এক বা একাধিক পদৰ সম্পৰ্ক স্থাপন কৰা

উত্তৰ:-(i) অন্তঃ গ্ৰহ – (g) মংগল (e) পৃথিৱী ।

(ii) বহিঃ গ্ৰহ – (a) শনি ।

(iii) তাৰকাপুঞ্জ – (c) সপ্তৰ্ষিমণ্ডল (f) কালপুৰুষ ।

(iv) পৃথিৱীৰ উপগ্ৰহ – (d) চন্দ্ৰ ।

) সন্ধ্যা তৰা হিচাপে দৃষ্টি গোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ কোণ অংশত বিচাৰি পাবা ?

উত্তৰ:- সন্ধ্যা তৰা হিচাপে দৃষ্টি গোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ পশ্চিম অংশত বিচাৰি পাম ।

) সৌৰজগতৰ বৃহত্তম গ্ৰহ টোৰ নাম লিখা

উত্তৰ:- সৌৰজগতৰ বৃহত্তম গ্ৰহ টোৰ নাম হল – বৃহস্পতি ।

) তাৰকাপুঞ্জ মানে কি ? যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা

উত্তৰ:- যিবিলাক তৰাই থুপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে সেইবোৰ তৰাৰ থুপক তাৰকাপুঞ্জ বোলে ।

 দুটা তাৰকাপুঞ্জৰ নাম হল 

ক) সপ্তৰ্ষিমণ্ডল ।

 খ) কালপুৰুষ ।

১০) () সপ্তৰ্ষিমণ্ডল আৰু () কালপুৰুষ তাৰকাপুঞ্জৰ বিশিষ্ট তৰা বোৰৰ আপেক্ষিক অৱস্থান দেখুৱাই চিত্ৰ আঁকা

উত্তৰ:- (ক) সপ্তৰ্ষিমণ্ডল আৰু (খ) কালপুৰুষ তাৰকাপুঞ্জৰ বিশিষ্ট তৰা বোৰৰ আপেক্ষিক অৱস্থান আৰু চিত্ৰ তলত দিয়া হল –

Class 8 Science পাঠ-17

১১) গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম লিখা

উত্তৰ:- গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম হল

ক) ধূমকেতু ।

খ) গ্ৰহানুপঞ্জ ।

১২) সপ্তৰ্ষিমণ্ডলৰ সহায়ত তুমি কেনেকৈ ধ্ৰুৱ তৰা বিচাৰি উলিয়াবা ব্যাখ্যা কৰা

উত্তৰ:- সপ্তৰ্ষিমণ্ডলৰ সহায়ত ধ্ৰুৱ তৰা চিনাক্ত কৰিব পাৰি । সপ্তৰ্ষিমণ্ডলৰ তৰা বোৰে এটা প্ৰশ্ন বোধক চিহ্নৰ দৰে আকৃতিত থাকে । প্ৰশ্ন বোধক চিনটোৰ শেষৰ ফালে থকা তৰা দুটাৰ মাজেৰে এডাল সৰল ৰেখা কল্পনা কৰা হয় ।

এই কাল্পনিক ৰেখা ডালক তৰা দুটাৰ মাজৰ দূৰত্ব প্ৰায় পাঁচগুন উত্তৰ দিশলৈ বঢ়াই নিলে ই এটা উজ্বল তৰাক স্পৰ্শ কৰিব । এই তৰা টোৱে ধ্ৰুৱ তৰা । ধ্ৰুৱ তৰাই হল পৃথিৱীৰ উত্তৰ মেৰু । ইয়াৰ অৱস্থান সলনি নহয় ।

১৩) আকাশত সকলো তৰাই গতি কৰেনে ? ব্যাখ্যা কৰা

উত্তৰ:- আকাশত সকলো তৰাই আচলতে গতি নকৰে । কিন্তু ইহঁতক পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে । ইয়াৰ কাৰণ হল পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ গতি কৰি থাকে । সেয়ে ইহঁতক পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে । কিন্তু ধ্ৰুৱ তৰা সদায়েই স্থিৰ দেখা যায় । কাৰণ ধ্ৰুৱ তৰাই পৃথিৱীৰ উত্তৰ মেৰুত অক্ষ ৰেখাৰ ওপৰতে আছে ।

১৪) তৰাৰ মাজৰ দূৰত্ব আলোক বৰ্ষত কিয় প্ৰকাশ কৰা হয় ? ‘ পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব আঠ আলোক বৰ্ষ ‘ , এই উক্তিয়ে কি বুজায় ?

উত্তৰ:- তৰাৰ মাজৰ দূৰত্ব অতি বেছি । ইয়াক সাধাৰণ একক ( কি. মি. ) ত প্ৰকাশ কৰিলে বহু ডাঙৰ সংখ্যা হয় । উদাহৰণস্বৰূপে – সূৰ্যৰ পিছতে ই আমাৰ ওচৰত থকা তৰা প্ৰক্সিমা ছেন্টবৰ্তৰিৰ দূৰত্ব হল ৪০,০০০,০০০,০০০,০০০ কি. মি. ।

সেইবাবে এই অসুবিধাৰ পৰা হাত সাৰিবলৈ এনে অধিক দূৰত্বৰ বাবে জ্যোৰ্তিবিদসকলে আলোক বৰ্ষ (Light year ( LY )  নামৰ এটা একক ব্যৱহাৰ কৰে । ইয়াৰ মান হল এক বছৰত  অতিক্ৰম কৰা দূৰত্ব । ‘পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব আঠ আলোক বৰ্ষ ‘ । ইয়াৰ অৰ্থ হল সেই তৰাটোৰ পৰা পৃথিৱীলৈ পোহৰ আহিবলৈ আঠ বছৰ সময় লাগে ।

১৫) বৃহস্পতিৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ ১১ গুণ বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত নিৰ্ণয় কৰা বৃহস্পতিয়ে কেইখন পৃথিৱী ধাৰণ কৰিব পাৰিব ?

উত্তৰ:-

Class 8 Science পাঠ-17

দেখা গল যে বৃহস্পতিৰ আয়তন পৃথিৱীৰ আয়তনতকৈ ১৩৩১ গুণ । গতিকে বৃহস্পতিয়ে প্ৰায় ১৩০০ খন পৃথিৱী ধাৰণ কৰিব পাৰিব ।

১৬) প্ৰজ্ঞানে তলত দিয়া ধৰণে সৌৰজগতৰ চিত্ৰ আঁকিছিল ( চিত্ৰ১৭.২৩ ) ছবিখন শুদ্ধনে ? যদি নহয়, শুদ্ধ কৰা

উত্তৰ:- ছবিখন শুদ্ধ নহয় ।

Class 8 Science পাঠ-17

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: গ্ৰহ আৰু নক্ষত্র কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ জ্যোতিষ্কৰ নিজা পোহৰ নাই তাক গ্ৰহ আৰু যিবোৰৰ নিজা পোহৰ আছে তাক নক্ষত্র বোলে। উদাহৰণ- সূর্য নক্ষত্র কিন্তু পৃথিবী গ্রহ।

প্রশ্ন ২: পূর্ণিমা আৰু অমাবশ্যা মানে কি?

উত্তৰঃ যিদিনা আকাশত চন্দ্ৰটো সম্পূৰ্ণ ৰূপত দেখা যায় তাক পূর্ণিমা আৰু যিদিনা সম্পূর্ণৰূপে দেখা নাযায় তাক অমাবশ্যা বোলে। 

প্রশ্ন ৩: কাঁচিজোন কি? চন্দ্রকলা কাক বোলে? 

উত্তৰঃ কাঁচিজোন: অমাবশ্যাৰ পিছৰ দিনা চন্দ্ৰৰ মাত্ৰ এটা ক্ষুদ্র অংশ যাক কাঁচিখনৰ দৰে দেখি, তাকে কাঁচিজোন বোলে।

পূৰ্ণিমাৰ পাছৰ পৰা অমাৱশ্যালৈ চন্দ্ৰটোৰ উজ্জ্বল অংশৰ বিভিন্ন পর্যায়ক চন্দ্রকলা বোলে।

প্রশ্ন ৪: চন্দ্ৰপৃষ্ঠৰ বিষয়ে লিখা। 

উত্তৰঃ চন্দ্ৰপৃষ্ঠ ধূলিময় আৰু অনুৰ্বৰ। ইয়াত পানী আৰু বায়ু নাই। গতিকে জীৱও নাই চন্দ্ৰপৃষ্ঠত পৃথিৱীৰ দৰে ওখ ওখ পাহাৰ পৰ্বত আছে।

প্রশ্ন ৫: চন্দ্ৰপৃষ্ঠত কোনে কেতিয়া প্ৰথমবাৰৰ বাবে পদাৰ্পন কৰিছিল? 

উত্তৰঃ 1969 চনৰ 21 জুলাই তাৰিখে আমেৰিকাৰ মহাকাশচাৰী নিল আর্মষ্টঙে পোন প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠত পদার্পণ কৰিছিল। দ্বিতীয় জন মহাকাশচাৰী আছিল এডুইন। এলড্রিন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top