Class 8 Science পাঠ-5 কয়লা আৰু পেট্ৰ’লিয়াম – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Science পাঠ-5 কয়লা আৰু পেট্ৰ’লিয়াম – সমাধান and select needs one.
Class 8 Science পাঠ-5 কয়লা আৰু পেট্ৰ’লিয়াম – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Science পাঠ-5 কয়লা আৰু পেট্ৰ’লিয়াম – সমাধান Solutions for All Subject, You can practice these here…
কয়লা আৰু পেট্ৰ’লিয়াম
পাঠ – ৫ ( বিজ্ঞান )
১) চি. এন. জি. আৰু এল. পি. জি. ক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধা সমূহ কি কি ?
উত্তৰ:- চি. এন. জি. আৰু এল. পি. জি. ক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধা সমূহ হল –
ক) চি. এন. জি. আৰু এল. পি. জি. ৰ দহনত অবশিষ্ট নৰয় ।
খ) দুয়োয়ে পৰিবেশ প্ৰদূষণ নকৰে ।
গ) চি. এন. জি. আৰু এল. পি. জি. ৰ কেলৰিফিক মান বেছি অৰ্থাৎ দহণত অধিক তাপ উৎপন্ন হয় ।
ঘ) চি. এন. জি. আৰু এল. পি. জি. ক উচ্চ চাপত সংকুচিত কৰি চিলিণ্ডাৰত ( কম আয়তন ) ভৰাই কঢ়িযাব পৰা যায় ।
২) ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰ‘লজাত সামগ্ৰীটোৰ নাম কি ?
উত্তৰ:- ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰ’লজাত সামগ্ৰীটোৰ নাম বিটুপন ।
৩) মৃত গছ – গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা । এই প্ৰক্ৰিয়া টোৰ নাম কি ?
উত্তৰ:- প্ৰায় তিনিশ নিযুত বছৰ আগতে পৃথিৱী পৃষ্ঠত থকা বৃহৎ আকাৰৰ গছ গছনি, হাবি – জংঘল বোৰ বানপানী, ভূমিকম্প বা আন প্ৰাকৃতিক দুৰ্যোগত মাটিৰ তলত পোত খাই গৈছিল । ভূ – গৰ্ভত বছৰ বছৰ ধৰি ঘটা জৈৱ ৰাসায়নিক বিক্ৰিয়াত ইহঁত কয়লালৈ ৰূপান্তৰিত হয় । এই বিক্ৰিয়া উচ্চ চাপ আৰু উচ্চ উষ্ণতাত সম্পন্ন হয় ।
এই প্ৰক্ৰিয়া টোৰ নাম হল অংগাৰীকৰণ বা কাৰ্বনাইজেছন ।
৪) খালী ঠাই পূৰ কৰা ।
ক) …………………., ………………….. আৰু …………………… হৈছে জীৱাশ্ম ইন্ধন ।
উত্তৰ:- কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ ।
খ) পেট্ৰ‘লিয়ামৰ উপাদান সমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক ………………………. বোলা হয় ।
উত্তৰ:- শোধন ।
গ) আটাইতকৈ কম প্ৰদূষিত কৰা যান – বাহনৰ ইন্ধনটো হল …………………….. ।
উত্তৰ:- চি. এন. জি. ।
৫) তলত দিয়া উক্তি সমূহত শুদ্ধ/ অশুদ্ধ বাছি উলিওৱা ।
ক) পৰীক্ষা গাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি ।
উত্তৰ:- অশুদ্ধ ।
খ) পেট্ৰলতকৈ চি. এন. জি. বেছি প্ৰদূষক ইন্ধন ।
উত্তৰ:- অশুদ্ধ ।
গ) ক‘ক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ ।
উত্তৰ:- শুদ্ধ ।
ঘ) আলকতৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ ।
উত্তৰ:- শুদ্ধ ।
ঙ) কেৰাচিন জীৱাশ্ম ইন্ধন নহয় ।
উত্তৰ:- অশুদ্ধ ।
৬) জীৱাশ্ম ইন্ধন সমূহ কিয় নি:শেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা ।
উত্তৰ:- জীৱাশ্ম ইন্ধন সমূহ কিয় নি:শেষীয় প্ৰাকৃতিক সম্পদ । কাৰণ জীৱাশ্ম ইন্ধন সমূহ বহুত আগত এটা সময়ত উৎপন্ন হৈছিল । সেয়ে ইয়াৰ পৰিমাণ সীমিত । মানুহে ইয়াক এই হাৰত নিষ্কাশন কৰি থাকিলে এটা সময়ত ইয়াৰ পৰিমাণ কমি গৈ নি:শেষ হৈ যাব ।
৭) ক‘কৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ সমূহ বৰ্ণনা কৰা ।
উত্তৰ:- ক’কৰ বৈশিষ্ট্য সমূহ হল –
ক) ক’ক এবিধ টান পদাৰ্থ ।
খ) ক’ক ছিদ্ৰ যুক্ত লা পদাৰ্থ ।
গ) ক’ক কাৰ্বনৰ বিশুদ্ধ ৰূপ ।
ঘ) অতি কম বায়ু বা বায়ুৰ অনুপস্থিতিত কোমল কয়লাক দহন কৰি ক’ক উৎপন্ন কৰা হয় ।
ঙ) ক’কৰ দহনত যথেষ্ট তাপ উৎপন্ন হয় ।
চ) ক’ক কলা বৰণীয়া পদাৰ্থ ।
ব্যৱহাৰ :- ইয়াক তীখা উৎপাদন আৰু আন বহু ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ।
৮) কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰ‘লিয়ামৰ সৃষ্টি হৈছিল, ব্যাখ্যা কৰা ।
উত্তৰ:- নিযুত নিযুত বছৰ আগতে পৃথিৱীত অসংখ্য জীৱ – জন্তু আৰু অৰণ্য আছিল । ভূমিকম্প, বানপানী আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত এইবোৰ ভূগৰ্ভত সোমাই পৰে । ভূগৰ্ভত উচ্চ তাপ আৰু চাপৰ ফলত ইয়াৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটে । বিক্ৰিয়াত জীৱ দেহৰ চৰ্বি ভাগৰ পৰা পেট্ৰ’লিয়াম উৎপন্ন হয় ।
৯) তলৰ তালিকাত ভাৰতত ১৯৯১-১৯৯৭ চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে ।
এই তথ্য খিনি লেখ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা । লেখ চিত্ৰত বছৰ সমূহত হোৱা নাটনিৰ শতাংশ Y – অক্ষত আৰু বছৰ X – অক্ষত লোৱা ।
ক্ৰমিক সংখ্যা বছৰ নাটনি
১) ১৯৯১ ৭.৯
২) ১৯৯২ ৭.৮
৩) ১৯৯৩ ৮.৩
৪) ১৯৯৪ ৭.৪
৫) ১৯৯৫ ৭.১
৬) ১৯৯৬ ৯.২
৭) ১৯৯৭ ১১.৫
উত্তৰ:-


Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Nice