Class 8 Science পাঠ 4 পদাৰ্থ: ধাতু আৰু অধাতু – সমাধান

Join Telegram channel

Class 8 Science পাঠ 4 পদাৰ্থ: ধাতু আৰু অধাতু – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Science পাঠ 4 পদাৰ্থ: ধাতু আৰু অধাতু – সমাধান and select needs one.

Class 8 Science পাঠ 4 পদাৰ্থ: ধাতু আৰু অধাতু – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Science পাঠ 4 পদাৰ্থ: ধাতু আৰু অধাতু – সমাধান Solutions for All Subject, You can practice these here…

পদাৰ্থ : ধাতু আৰু অধাতু

পাঠ – ৪ ( বিজ্ঞান )

) তলৰ কোনবোৰক পিটি পিটি পাতৰ পাতল আকৰলৈ নিব পাৰি ?

ক) জিংক

খ) ফছফৰাছ

গ) গন্ধক

ঘ) অক্সিজেন

উত্তৰ:- ক) জিংক ।

) তলত দিয়া কোনটো উক্তি শুদ্ধ ?

ক) সকলো ধাতু নমনীয় ।

খ) সকলো অধাতু নমনীয় ।

গ) সাধাৰণতে ধাতু সমূহ নমনীয় ।

ঘ) কিছুমান অধাতু নমনীয় ।

উত্তৰ:- গ) সাধাৰণতে ধাতু সমূহ নমনীয় ।

) খালী ঠাই পূৰ কৰা

) ফছফৰাছ এবিধ অতি …………………….. অধাতু

উত্তৰ:- সক্ৰিয় ।

) ধাতু সমূহ তাপ আৰু ……………………. …………………….. পৰিবাহী

উত্তৰ:- বিদ্যুতৰ , ভাল ।

) তামতকৈ লো …………………….. সক্ৰিয়

উত্তৰ:- অধিক ।

) ধাতু সমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি ………………….. গেছ উৎপন্ন কৰে

উত্তৰ:- হাইড্ৰ’জেন ।

) উক্তিবোৰ শুদ্ধ হলেশুআৰু অশুদ্ধ হলেৰে চিহ্নিত কৰিবা

) সাধাৰণতে, অধাতু সমূহে  অম্লৰ সৈতে বিক্ৰিয়া কৰে

উত্তৰ:- অশুদ্ধ ।

) ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু

উত্তৰ:- শুদ্ধ ।

) জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে

উত্তৰ:- অশুদ্ধ ।

) কয়লা টানি তাঁৰৰ ৰূপ দিব পাৰি

উত্তৰ:- অশুদ্ধ ।

) তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা

) বাহ্যিক ৰূপ

) কঠিনতা

) ঘাতসহনীয়তা

) নমনীয়তা

) তাপ পৰিবাহিতা

) বিদ্যুৎ পৰিবাহিতা

উত্তৰ:- ক) বাহ্যিক ৰূপ ।

ধাতু – ধাতৱীয় দ্যুতি আছে ।

অধাতু – অনুজ্বল ।

খ) কঠিনতা ।

ধাতু – কঠিন, দৃঢ় ।

অধাতু – কোমল ।

গ) ঘাতসহনীয়তা ।

ধাতু – ঘাতসহনশীল ।

অধাতু – ঠুনুকা ।

) নমনীয়তা

ধাতু – নমনীয় ।

অধাতু – অনমনীয় ।

ঙ) তাপ পৰিবাহিতা ।

ধাতু – তাপৰ সুপৰিবাহী ।

অধাতু – তাপৰ কুপৰিবহী ।

চ) বিদ্যুৎ পৰিবাহিতা ।

ধাতু – বিদ্যুতৰ সুপৰিবাহী ।

অধাতু – বিদ্যুতৰ কুপৰিবহী ।

) কাৰণ দৰ্শোৱা

) খাদ্যসামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়

উত্তৰ:- এলুমিনিয়াম অধিক ঘাতসহনশীল ধাতু । ইয়াক পিটি অতি পাতল কৰিব পাৰি । কাগজৰ দৰে পাতল কৰিলেও ই ফালি নাযায় । সেইবাবে খাদ্য – সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয় ।

) জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত

উত্তৰ:- ধাতু তাপ আৰু বিদ্যুতৰ সুপৰিবাহী । ইহঁতৰ ৰোধ বেছি বাবে বিদ্যুৎ চালিত হলে গৰম হৈ পৰে । সেইবাবে জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত থাকে ।

) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে

উত্তৰ:- জিংক তামতকৈ ৰাসায়নিক ভাৱে অধিক সক্ৰিয় । সেইবাবে তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে ।

) ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয়

উত্তৰ:- ছ’ডিয়াম আৰু পটেছিয়াম অধিক সক্ৰিয় ধাতু । ই বায়ুত থকা জলীয় ভাপৰ সংস্পৰ্শলৈ আহিলেই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জ্বলি যায় । গতিকে বায়ুৰ সংস্পৰ্শৰ পৰা আঁতৰত ৰাখিবলৈ ছ’ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয় ।

) তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে ? ব্যাখ্যা কৰা

উত্তৰ:- নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব নোৱাৰি । কাৰণ নেমু টেঙাৰ ৰস এবিধ চাইট্ৰিক এচিড । আৰু চাইট্ৰিক এচিডে এলুমিনিয়াম ধাতুৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটায় ।

৮) স্তম্ভ ‘ ক ‘ ত থকা পদাৰ্থ সমূহক স্তম্ভ ‘ খ ‘ ত থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা ।

স্তম্ভ ‘ ক ‘স্তম্ভ ‘ খ ‘
(ক) সোণ(ক) থাৰ্মমিটাৰ ।
(খ) লো(খ) বৈদ্যুতিক তাঁৰ ।
(গ) এলুমিনিয়াম(গ) খাদ্য মেৰোৱা ।
(ঘ) কাৰ্বন(ঘ) আ – অলংকাৰ ।
(ঙ) তাম(ঙ) যন্ত্ৰ – পাতি ।
(চ) পাৰা(চ) ইন্ধন ।

উত্তৰ:-

স্তম্ভ ‘ ক ‘স্তম্ভ ‘ খ ‘
(ক) সোণআ – অলংকাৰ ।
(খ) লোযন্ত্ৰ – পাতি ।
(গ) এলুমিনিয়ামখাদ্য মেৰোৱা ।
(ঘ) কাৰ্বনইন্ধন ।
(ঙ) তামবৈদ্যুতিক তাঁৰ ।
(চ) পাৰাথাৰ্মমিটাৰ ।

) কি ঘটিব যেতিয়া

) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয় ?

উত্তৰ:- যদি তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয় তেতিয়া কপাৰ ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হব ।

কপাৰ + ছালফিউৰিক এচিড কপাৰ -> ছালফেট + হাইড্ৰজেন গেছ ।

) কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰখা হয় ?

উত্তৰ:- কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰাখিলে লোৰ গজালৰ ওপৰত মুগা তৰপ পৰিব । কাৰণ আইৰণে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰ মুক্ত কৰাই গজালৰ ওপৰত মুগা তৰপ জমা কৰিব ।

লো ( আইৰণ ) + কপাৰ ছালফেট দ্ৰৱ -> আইৰণ ছালফেট দ্ৰৱ + কপাৰ ।

১০) শালনীয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষা নলী এটাত সংগ্ৰহ কৰিলে

) তেওঁ কেনেদৰে গেছ টোৰ প্ৰকৃতি জানিব পাৰিব ?

উত্তৰ:- শালনীয়ে এখিলা আদ্ৰ লিটমাছ পেপাৰ গেছ খিনিত সোমাই দিলে যদি গেছ টোৱে নীলা লিটমাছ পেপাৰ খনক ৰঙা কৰে , তেতিয়া গেছটো আম্লিক বুলি জানিব পাৰিব । আৰু যদি ৰঙা লিটমাছ পেপাৰ খনক নীলা কৰে, তেতিয়া গেছটো ক্ষাৰ বুলি জানিব পাৰিব ।

) এই প্ৰক্ৰিয়াত সংঘটিত হোৱা সকলোবোৰ বিক্ৰিয়াৰ শব্দসমীকৰণ লিখা

উত্তৰ:- (i) কাৰ্বন + অক্সিজেন -> কাৰ্বন ডাই অক্সাইড

(ii) কাৰ্বন ডাই অক্সাইড + পানী -> কৰ্বনিক এচিড ।

১১) এদিনা খন ৰীতাই মাকৰ লগত গহনাৰ দোকানলৈ গৈছিল তেওঁৰ মাকে সোণাৰী জনক এডাল পুৰণি সোণৰ গহনা পালিচ কৰিব দিলে পাছদিনা, তেওঁলোকে যেতিয়া গহনা ডাল ঘূৰাই আনে তেতিয়া তেওঁলোকে দেখিলে যে গহনা ডালৰ ওজন সামান্য কমিছে ওজন হ্ৰাসৰ বাবে তোমালোকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাব পাৰিবানে ?

উত্তৰ:- গহনা ডাল অপৰিষ্কাৰ হোৱা মানে সোণৰ বাহিৰত কিবা কিবি মলি জমা হৈছে । যেতিয়া সোণাৰীয়ে তাক চাফা কৰাৰ বাবে এছিডৰ দ্ৰৱত  ডুবাই দিলে, তেতিয়া এছিডৰ লগত বাহিৰৰ মলিৰ বিক্ৰিয়া ঘটি মলিবোৰ আঁতৰি গল আৰু পলিচ কৰাৰ সময়ত গহনাত থকা পুলিচৰ লগতো বিক্ৰিয়া ঘটিল । গতিকে গহনা ডালৰ ওজন সামান্য পৰিমাণে কমি গল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top