Class 12 Logic And Philosophy Chapter – 8 ধর্ম

Class 12 Logic And Philosophy Chapter – 8 ধর্ম – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 8 ধর্ম – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 8 ধর্ম 

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 8 ধর্ম – সমাধান Solutions for All Subject, You can practice these here…

ধর্ম

পাঠ: ৮

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ ) 

 

প্রশ্ন ১। কোনটো লেটিন শব্দৰ পৰা ‘Religion’ শব্দটো আহৰণ কৰা হৈছে ?

উত্তৰঃ লেটিন শব্দ ‘Religare’ ৰ পৰা ‘Religion’ শব্দটো আহৰণ কৰা হৈছে । 

প্রশ্ন ২। লেটিন শব্দ ‘Religare’ ৰ অর্থ কি ? 

উত্তৰঃ লেটিন শব্দ ‘Religare’ ৰ অৰ্থ হ’ল বন্ধন । 

প্রশ্ন ৩। কোন সংস্কৃত মূলৰ পৰা ‘ধর্ম’ শব্দটো আহিছে ? 

উত্তৰঃ ধর্ম শব্দটো সংস্কৃত ‘ধৃ’ ধাতুৰ পৰা উদ্ভৱ হৈছে । 

প্রশ্ন ৪। কাৰ মতে ‘ধর্ম’ হ’ল এক মানসিক প্রৱণতা যাৰ দ্বাৰা মানুহে অসীমক উপলব্ধি কৰিব পাৰে । 

উত্তৰঃ মেক্স মূলাৰৰ মতে ‘ধর্ম ’ হ’ল এনে এক মানসিক প্রৱণতা যাৰ দ্বাৰা মানুহে অসীমক উপলব্ধি কৰিব পাৰে । 

প্রশ্ন ৫। কোনে কৈছিল ‘নৈতিক কর্তব্য আৰু দায়িত্বই ঈশ্বৰৰ ধাৰণাৰ জন্ম দিয়ে । 

উত্তৰঃ মার্টিনিউৱে কৈছিল — নৈতিক কর্তব্য আৰু দায়িত্বই ঈশ্বৰৰ ধাৰণাৰ জন্ম দিয়ে । 

প্রশ্ন ৬। তুমি বিশ্বাস কৰানে যে এয়াই ধর্ম , যিয়ে নৈতিকতা গঢ়ে । 

উত্তৰঃ এয়াই ধর্ম , যিয়ে নৈতিকতা গঢ়ে’— কথাষাৰ একপক্ষীয় বাবে গ্রহণযােগ্য বা বিশ্বাসযােগ্য নহয় বুলি ভাবাে । কাৰণ উভয়ে উভয়ৰ উৎকৰ্ষ সাধন কৰে । মানৱ অভিজ্ঞতাৰ বিৱৰ্তনত দুয়ােটাই ( ধর্ম আৰু নৈতিকতা ) সমান্তৰালভাৱে বিকশিত হৈ এটা আনটোৰ দ্বাৰা প্ৰভাৱিত হােৱা দেখা যায় । 

প্রশ্ন ৭। তুমি বিশ্বাস কৰানে যে ধর্ম হ’ল নিজতেই সমাপ্তি ? 

উত্তৰঃ ‘ধর্ম’ হ’ল নিজতেই সমাপ্তি’— কথাষাৰ মই বিশ্বাস নকৰোঁ । 

প্রশ্ন ৮। ধর্ম হ’ল এনে এক মানসিক প্রৱণতা যাৰ দ্বাৰা মানুহে অসীমক উপলব্ধি কৰিব পাৰে । এই উক্তিটোৰ সৈতে সম্পর্কিত দার্শনিক গৰাকীৰ নাম লিখা । 

উত্তৰঃ ধর্ম হ’ল এনে এক মানসিক প্রৱণতা যাৰ দ্বাৰা মানুহে অসীমক উপলব্ধি কৰিব পাৰে । এই উক্তিটোৰ সৈতে সম্পর্কিত দার্শনিক গৰাকীৰ নাম হ’ল- মেক্স মূলাৰ । 

প্রশ্ন ৯। ‘ধৰ্মৰ ন্যূনতম সংজ্ঞা হ’ল আধ্যাত্মিক সত্তাত বিশ্বাস’— এই উক্তিটোৰ সৈতে জড়িত দার্শনিকগৰাকীৰ নাম লিখা । 

উত্তৰঃ ‘ধৰ্মৰ ন্যূনতম সংজ্ঞা হ’ল আধ্যাত্মিক সত্তাত বিশ্বাস’— এই উক্তিটোৰ সৈতে জড়িত দার্শনিকগৰাকীৰ নাম হ’ল- ই . বি . টাইল ।

প্রশ্ন ১০। ‘ধর্ম হ’ল এক উচ্চতৰ শক্তি বা শংখলা , যিয়ে মানৱ জীৱনৰ গতিপথ পৰিচালিত কৰে আৰু যিবিলাকক প্রসন্ন কৰিব পাৰে ’ – এই উক্তিটোৰ সৈতে জড়িত দার্শনিক গৰাকীৰ নাম লিখা । 

উত্তৰঃ ‘ধর্ম হ’ল এক উচ্চতৰ শক্তি বা শংখলা , যিয়ে মানৱ জীৱনৰ গতিপথ পৰিচালিত কৰে আৰু যিবিলাকক প্রসন্ন কৰিব পাৰে ’ – এই উক্তিটোৰ সৈতে জড়িত দার্শনিক গৰাকীৰ নাম হ’ল- মার্টিনিউ ।

প্রশ্ন ১১। ‘ধর্ম হ’ল , সসীমত অসীমৰ এক উষ্ম আন্তৰিক , নিকটৱর্তী অনুভৱ , ঈশ্বৰৰ ওপৰত একান্ত নিৰ্ভৰ বােধ’— এই উক্তিটোৰ সৈতে জড়িত দার্শনিক গৰাকীৰ নাম লিখা । 

উত্তৰঃ ‘ধর্ম হ’ল , সসীমত অসীমৰ এক উষ্ম আন্তৰিক , নিকটৱর্তী অনুভৱ , ঈশ্বৰৰ ওপৰত একান্ত নিৰ্ভৰ বােধ’— এই উক্তিটোৰ সৈতে জড়িত দার্শনিক গৰাকীৰ নাম হ’ল-শ্লেয়াৰ মেকাৰ ।

প্রশ্ন ১২। ‘ধর্ম হ’ল আৱেগক স্পর্শ কৰা নৈতিকতা ।’— এই উক্তিটোৰ সৈতে জড়িত দার্শনিক গৰাকীৰ নাম লিখা ।

উত্তৰঃ ‘ধর্ম হ’ল আৱেগক স্পর্শ কৰা নৈতিকতা ।’— এই উক্তিটোৰ সৈতে জড়িত দার্শনিক গৰাকীৰ নাম হ’ল- মেথিউ আৰনল্ড । 

প্রশ্ন ১৩। ‘ধর্ম হল নিয়ত অস্তিত্বশীল ঈশ্বৰত বিশ্বাস , সেয়া হ’ল এক স্বর্গীয় মন আৰু ইচ্ছাই বিশ্বব্রহ্মাণ্ডক শাসন কৰি আছে আৰু মানৱ জাতিৰ সৈতে নৈতিক সম্পর্ক ৰক্ষা কৰি আছে ।’— এই উক্তিটোৰ সৈতে কোন জড়িত । 

উত্তৰঃ ‘ধর্ম হল নিয়ত অস্তিত্বশীল ঈশ্বৰত বিশ্বাস , সেয়া হ’ল এক স্বর্গীয় মন আৰু ইচ্ছাই বিশ্বব্রহ্মাণ্ডক শাসন কৰি আছে আৰু মানৱ জাতিৰ সৈতে নৈতিক সম্পর্ক ৰক্ষা কৰি আছে ।’— এই উক্তিটোৰ সৈতে মার্টিনিউ জড়িত । 

প্রশ্ন ১৪। ধর্ম হ’ল মূল্যৰ অবিনাশিত বিশ্বাস ’ – এই উক্তিটোৰ সৈতে জড়িত দার্শনিক গৰাকীৰ নাম লিখা । 

উত্তৰঃ ধর্ম হ’ল মূল্যৰ অবিনাশিত বিশ্বাস ’ – এই উক্তিটোৰ সৈতে জড়িত দার্শনিক গৰাকীৰ নাম হ’ল- হেৰল্ড হডিং । 

প্রশ্ন ১৫। নৈতিকতা হ’ল ধৰ্মৰ উৎস ‘ — ইয়াক কোনে সমর্থন কৰে ? 

উত্তৰঃ নৈতিকতা হ’ল ধৰ্মৰ উৎস’— কান্ট , মাটিনিউ আদি দার্শনিকে উক্ত কথাষাৰ সমর্থন কৰে । 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ / ৩ )

 

প্রশ্ন ১। ধৰ্মৰ ব্যুৎপত্তিগত অর্থ কি ? 

উত্তৰঃ ‘ধর্ম ’ শব্দৰ ইংৰাজী প্রতিশব্দ হ’ল ‘Religion’ । শব্দটো লেটিন শব্দ ‘Religare’ শব্দৰ পৰা উদ্ভৱ হৈছে । ইয়াৰ অৰ্থ হৈছে ‘বন্ধন’ বা  ‘বান্ধি ৰখা’ । গতিকে ব্যুৎপত্তিগতভাৱে ‘ধর্ম’এক বিশিষ্ট মনােবৃত্তি আৰু উপাসনা পদ্ধতি । 

ইংৰাজী ‘Religion’ শব্দটো ভাৰতীয় প্রতিশব্দ হৈছে– ধর্ম । যাৰ অৰ্থ ‘ধাৰণ কৰা’ । গতিকে ধর্ম হৈছে এক ধাৰণকাৰী শক্তি যিয়ে মানৱ জীৱনৰ বিভিন্ন সংগতি সাধন কৰি মানৱ জীৱনলৈ এক সম্পূর্ণতা আনে ।

আন এক অৰ্থত ‘ধর্ম ‘ শব্দৰ অৰ্থ হৈছে কর্তব্য । এই অর্থত ধর্মই প্রত্যেক নাগৰিকক সমাজৰ অন্যান্য ব্যক্তিৰ প্রতি পালন কৰিব লগীয়া কৰণীয়সমূহৰ নির্দেশ কৰে । 

প্রশ্ন ২। ধৰ্মত নিহিত থকা তিনিটা উপাদান কি ? 

উত্তৰঃ ধর্মতত্ত্ববিদ সকলৰ মতে ধৰ্মত তিনিটা উপাদান নিহিত হৈ আছে । সেই উপাদান তিনিটা হ’ল –

( ক ) জ্ঞানাত্মক বা বৌদ্ধিক উপাদান ( জ্ঞান )। 

( খ ) আৱেগ মূলক উপাদান ( ভক্তি ) । আৰু

( গ ) ক্রিয়াত্মক উপাদান ( ক্রিয়া বা কর্ম ) ।

প্রশ্ন ৩। মেথিউ আর্নল্ডৰ মতে ধর্ম কি ? 

উত্তৰঃ মেথিউ আর্নল্ডৰ মতে ‘ধর্ম ’ হ’ল আৱেগৰ স্পৰ্শ লগা নৈতিকতা । 

প্রশ্ন ৪। ধৰ্মৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ ধৰ্মৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল— 

( ক ) সমগ্র জগতক নিয়ন্ত্রণ কৰা আৰু মানুহৰ লগত এক বিশেষ সম্বন্ধেৰে সম্বন্ধিত কোনাে এক বা একাধিক অতীন্দ্রিয় সত্তাৰ ধাৰণা হিচাপে ধৰ্মত জ্ঞানাত্মক বা বৌদ্ধিক উপাদানৰ উপস্থিতি দেখা যায় । আৰু

( খ ) ‘ধর্ম’ এৰাব নােৱাৰা মূল্যৰ লগত বান্ধ খাই থাকে । সার্বিক , আধ্যাত্মিক , নৈতিক মূল্যৰ লগত ধর্ম জড়িত । সেয়েহে সকলাে ধৰ্মতে নৈতিকতা আৰু নৈতিক আচৰণৰ প্রতি গুৰুত্ব প্রকাশ কৰা দেখা যায় । 

প্রশ্ন ৫। ধর্ম আৰু নৈতিকতাৰ মাজত সাদৃশ্যবােৰ কি কি ? 

উত্তৰঃ ধৰ্ম আৰু নৈতিকতাৰ সাদৃশ্যবােৰ হ’ল— 

( ক ) ধর্ম আৰু নৈতিকতা উভয়েই এক নির্দিষ্ট সামাজিক ব্যৱস্থাৰ আধাৰত ব্যক্তিগত আৰু সামাজিক কল্যাণ সাধনৰ উদ্দেশ্যে কিছুমান আচৰণ বা নীতি নিৰূপণ কৰে । 

( খ ) ধর্ম আৰু নৈতিকতা উভয়েই জীৱনৰ পৰাই বিকশিত হৈ মানৱ জীৱনৰ প্ৰমূল্যসমূহৰ লগত জড়িত । সেই দিশৰ পৰা দুয়ােটাৰে দৃষ্টিভংগী আদর্শনিষ্ঠ । 

( গ ) ধর্ম আৰু নৈতিকতা উভয়েই মানৱ ব্যক্তিৰ সামগ্রিক বিকাশ সাধনত গুৰুত্বপূর্ণ অৱদান আগবঢ়ায় । ব্যক্তিৰ সৰ্বাংগীন আৰু সম্পূর্ণ উন্নতিৰ বাবে ধর্ম আৰু নৈতিকতা অপৰিহার্য । 

প্রশ্ন ৬। ধর্ম আৰু নৈতিকতাৰ মাজৰ দুটা গুৰুত্বপূৰ্ণ পার্থক্যৰ দিশ উল্লেখ কৰা । 

উত্তৰঃ ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা দুটা গুৰুত্বপূৰ্ণ পার্থক্য হল— 

( ক ) প্রকৃতিগতভাৱে ধর্ম সামগ্রিক হােৱা বাবে ধর্মত মানৱ ব্যক্তিত্বৰ তিনিটা উপাদানেই থাকে । সেই উপাদানকেইটা হ’ল বৌদ্ধিক বা জ্ঞানাত্মক , আৱেগিক আৰু ইচ্ছাকৃত । 

কিন্তু নৈতিকতা মানুহৰ ঐচ্ছিক ক্রিয়াৰ লগত জড়িত বিষয় । সেয়েহে ইয়াত ইচ্ছাকৃত উপাদানৰ প্রাধান্য দেখা যায় । 

( খ ) ধর্ম মানৱ জীৱনৰ তিনিটা পৰম মূল্যৰ লগত জড়িত । সেই পৰম মূল্য তিনিটা হ’ল— সত্য , শিৱ আৰু সুন্দৰ । কিন্তু নৈতিকতাৰ আদর্শ হ’ল শিৱ ৷ শিৱৰ অৰ্থ হ’ল শ্রেয় বা পৰম কল্যাণ । গতিকে নৈতিকতাৰ পৰিসৰতকৈ ধৰ্মৰ পৰিসৰ বেছি বিস্তৃত বা বহল । 

প্রশ্ন ৭ ধৰ্মৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।  

উত্তৰঃ ধৰ্মৰ তিনিটা বৈশিষ্ট্য হল— 

( ১ ) সকলাে ধৰ্মৰে এক বাহিক , আনুষ্ঠানিক দিশ আছে আৰু এক আভ্যন্তৰীণ দিশ আছে । যত সংগঠিতভাৱে বিভিন্ন ধৰণৰ প্রার্থনা , ধ্যান আদি অভ্যাস কৰি আন্তৰিক জীৱনৰ অন্বেষণ কৰা হয় ।

( ২ ) ধর্ম হৈছে মানৱ সংস্কৃতিৰ এটা দিশ । কোনাে নহয় কোনাে ধৰণেৰে মানুহক প্রভাৱিত কৰা জীৱনৰ অভিজ্ঞতা বিশেষ প্রতি আগবঢ়োৱা এক বিশেষ অনুক্রিয়াই হৈছে ধর্ম । এই দিশৰ পৰা ধৰ্মক মানুহৰ দৈনন্দিন জীৱনৰ এক অংশ বুলি ক’ব পৰা যায় । 

( ৩ ) ধর্ম এৰিব নােৱৰাকৈ ‘ মূল্যৰ লগত বান্ধ খাই থকা দেখা যায় । সার্বিক , আধ্যাত্মিক আৰু নৈতিক মূল্যৰ লগত ধর্ম জড়িত । সকলাে ধর্মতে নৈতিকতা আৰু নৈতিক আচৰণৰ প্রতি গুৰুত্ব প্রকাশ কৰা দেখা যায় । 

প্রশ্ন ৮। ধর্ম আৰু নৈতিকতাৰ মাজৰ পাৰ্থক্যৰ তিনিটা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰা । 

উত্তৰঃ ধৰ্ম আৰু নৈতিকতাৰ মাজৰ পাৰ্থক্যৰ তিনিটা গুৰুত্বপূৰ্ণ দিশ হ’ল— 

( ১ ) ধর্ম হৈছে মানুহে ‘চৰম’ বিষয় হিচাপে গণ্য কৰা কিছুমান বিষয় বা অভিজ্ঞতা , যাক সাধাৰণতে মানুহে আওকাণ কৰিব নােৱাৰে আৰু তেনে অভিজ্ঞতা বা বিষয়ৰ প্রতি মানুহৰ এক সর্বাংগীন অনুক্রিয়া । 

কিন্তু নৈতিকতাক তেনেধৰণৰ চৰম অভিজ্ঞতা বা বিষয়ৰ প্রতি মানুহৰ সামগ্রিক অনুক্রিয়া বুলিব নােৱাৰি ।

( ২ ) প্রকৃতিগতভাৱে ধর্ম সামগ্রিক হােৱা বাবে ধর্মত মানৱ ব্যক্তিত্বৰ তিনিটা উপাদানেই অর্থাৎ বৌদ্ধিক বা জ্ঞানাত্মক , আৱেগিক আৰু ইচ্ছাত্মক নিহিত । কিন্তু মানুহৰ ঐচ্ছিক ক্রিয়াৰ লগত জড়িত । সেয়েহে ইয়াত ইচ্ছাত্মক উপাদানৰ প্রাধান্য দেখা যায় । 

( ৩ ) ধর্ম তিনিটা মানৱ জীৱনৰ প্ৰধান মূল্যৰ লগত জড়িত । সেই পৰম মূল্য তিনিটা হ’ল — সত্য , শিৱ আৰু সুন্দৰ । 

কিন্তু নৈতিকতাৰ আদর্শ বা মূল্য হৈছে শিৱ বা শ্রেয় বা পৰম কল্যাণ । গতিকে নৈতিকতাৰ পৰিসৰতকৈ ধৰ্মৰ পৰিসৰ ব্যাপক । 

প্রশ্ন ৯। ধর্ম সম্পর্কে ফ্লিণ্টৰ সংজ্ঞাটো ব্যাখ্যা কৰা । 

উত্তৰঃ ধর্ম হ’ল এনে এক একাধিক সত্তাত বিশ্বাস যি সত্তা মানুহতকৈ বহুত বেছি শক্তিশালী আৰু তেওঁৰ ইন্দ্ৰিয়ৰ অনভিগম্য , অথচ তেওঁৰ অনুভূতি আৰু আচৰণৰ প্রতি উদাসীন নহয় আৰু সেই বিশ্বাসৰ লগত যুক্ত হৈ আছে তাৰ পৰাই প্রবাহিত তেওঁৰ অনুভূতি আৰু আচৰণ । 

ওপৰত উল্লেখ কৰা ধৰ্মৰ সংজ্ঞাটো ফ্রিণ্টৰ । ইয়াত ধৰ্মৰ কেইবাটাও বৈশিষ্ট্য পৰিলক্ষিত হৈছে । গতিকে ফ্রিণ্টৰ এই সংজ্ঞাটোৰ গুৰুত্ব আওকাণ কৰিব নােৱাৰি । 

প্রশ্ন ১০। ডেকাৰ্টৰ মতে , এয়াই ধর্ম , যিয়ে নৈতিকতা গঢ়ে ।’ এই কথা যদি তুমি মানি নােলােৱা তেন্তে তােমাৰ যুক্তি দাঙি ধৰা । 

উত্তৰঃ ডেকার্টে ধর্মই নৈতিকতা গঢ়ে বুলি কৈছে যদিও এটা আনটোৰ পৰা উদ্ভৱ হৈছে বুলি ক’ব পৰা নাযায় । কিন্তু ধর্ম আৰু নৈতিকতাৰ ঘনিষ্ঠ সম্পর্ক আছে । এটা আনটোৰ দ্বাৰা প্রভাৱিত হােৱা দেখা যায় । নৈতিক মূল্যসমূহৰ জৰিয়তে নৈতিকতাই ধৰ্মক অন্ধবিশ্বাস , ধর্মান্ধতা , তন্ত্র – মন্ত্র , অলৌকিকনঞর্থক প্রভাৱৰ পৰা মুক্ত কৰি ধৰ্মক পৰিশােধিত কৰে । সেইদৰে ধৰ্ময়ো আধ্যাত্মিক মূল্যবােৰৰ জৰিয়তে ব্যক্তিৰ নৈতিক সচেতনতা বৃদ্ধি কৰি নৈতিকতাৰ উৎকর্ষ সাধন কৰে । নৈতিক আচৰণৰ ক্ষেত্ৰত ধৰ্মই অনুপ্ৰেৰণা যােগায় । 

প্রশ্ন ১১। কান্টৰ ধৰ্মৰ সংজ্ঞাৰ ত্ৰুটিটো কি ? 

উত্তৰঃ কাণ্টৰ ধৰ্মৰ সংজ্ঞাটো হ’ল— “ আমাৰ সকলাে কর্তব্যক ঈশ্বৰীয় আদেশ বুলি স্বীকাৰ কৰি লােৱাই ধর্ম । ” কাণ্টৰ মতে নৈতিকতাৰ পৰাই ধৰ্মৰ উৎপত্তি হয় । 

এই সংজ্ঞাটো ত্রুটিমুক্ত নহয় । কাৰণ প্ৰথমে নৈতিকতাবােধ আৰু পাছতহে ধর্মীয় চেতনাৰ উৎপত্তি হয় । এনে ক্রমপর্যায় বাস্তৱ ক্ষেত্ৰত দেখা নাযায় । ইতিহাসেও ইয়াৰ সাক্ষ্য নিদিয়ে । নৈতিকতাৰ স্পষ্ট বােধ নথকা আদিম অৱস্থাৰ লােকসকলেও জগতস্রষ্টা হিচাপে ঈশ্বৰ বা অতিপ্রাকৃত শক্তিক বিশ্বাস কৰা দেখা যায় । এই মতে ধৰ্মৰ স্বৰূপ লক্ষণৰ জ্ঞান নিদিয়ে । ধর্ম ঈশ্বৰৰ সাক্ষাৎ প্রীতিৰ প্রেৰণা । ধর্মবােধ পূর্ণতাবােধৰ লগত জড়িত । 

প্রশ্ন ১২। হেগেলৰ মতে ধর্ম কি ? তেওঁৰ সংজ্ঞাৰ ত্ৰুটিটো কি ? 

উত্তৰঃ হেগেলৰ ধৰ্মৰ সংজ্ঞাটো হ’ল— “ জীৱাত্মাই নিজক পৰামাত্মাৰূপে জনাৰ নামে হৈছে ধর্ম । ” এই সংজ্ঞাৰ প্রধান ক্রটিটো হ’ল ইয়াত ঈশ্বৰৰ কোনাে নৈতিক চৰিত্র নাই । কৰ্মৰ ভাল – বেয়া , শুদ্ধ – অশুদ্ধ আদি নৈতিক গুণ ঈশ্বৰৰ সৎ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল । আজি যি কর্ম ভাল বুলি বিবেচিত হৈছে পিছত ঈশ্বৰৰ ইচ্ছা হলে সেই কর্ম বেয়া বুলি বিবেচিত হ’ব পাৰে । কিন্তু এনে কথা ঈশ্বৰৰ ক্ষেত্ৰত খাপ নাখায় । ঈশ্বৰ সর্বশক্তিমান হলেও একে কাম ভাল বা বেয়া হ’ব নােৱাৰে । তাৰােপৰি ভালক বেয়া আৰু বেয়াক ভাল বুলি ক’ব নােৱাৰি । ঈশ্বৰ বুদ্ধিমত্তা , ন্যায় আৰু পূর্ণতাৰ মূৰ্তৰূপ । গতিকে ঈশ্বৰৰ স্বভাৱত সৎ ইচ্ছা আৰু স্বেচ্ছাচাৰিতা একেলগে থাকিব নােৱাৰে । ঈশ্বৰ নৈতিকতা নিৰপেক্ষ হ’ব নােৱাৰে । ঈশ্বৰ নৈতিক আদর্শ মূৰ্তৰূপ । নৈতিকতা ঈশ্বৰৰ প্রকৃতিতেই নিহিত । নৈতিকতা বস্তুগত । গতিকে ঈশ্বৰে ভাল কাম কৰিবলৈ বিধান আৰু বেয়া কাম কৰিবলৈ নিষেধ কৰে । 

প্রশ্ন ১৩। ধৰ্মৰ সংজ্ঞাবােৰৰ ভিতৰত আটাইতকৈ সন্তোষজনক সংজ্ঞাটো উল্লেখ কৰা । এই সংজ্ঞাটোৰ সৈতে জড়িত দার্শনিক গৰাকীৰ নাম লিখা ।

উত্তৰঃ ধৰ্মৰ সংজ্ঞাবােৰৰ ভিতৰত তুলনামূলক সন্তোষজনক সংজ্ঞাটো হ’ল — ধর্ম হ’ল এনে এক বা একাধিক সত্তাত মানুহৰ বিশ্বাস যি তেওঁতকৈ বহুত শক্তিশালী আৰু তেওঁৰ ইন্দ্রিয় অনধিগম্য অথচ তেওঁৰ আৱেগ আৰু কৰ্মৰ প্রতি উদাসীন নহয় আৰু বিশ্বাসৰ লগত যােগ হৈ আছে তেওঁৰ অনুভূতি আৰু কাৰ্য ।’ এই সংজ্ঞাটোৰ সৈতে জড়িত হৈ থকা দার্শনিক গৰাকীৰ নাম ফ্রিণ্ট । 

See Next Page…

2 thoughts on “Class 12 Logic And Philosophy Chapter – 8 ধর্ম”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top