Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র

Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র – সমাধান Solutions for All Subject, You can practice these here…

নীতিশাস্ত্র

পাঠ: ৭

 অতি চমু প্ৰশ্নোওৰ ( মূল্যাংক -১ ) 

প্রশ্ন ১। কি শব্দৰ পৰা ‘Ethics’ শব্দটোৰ উৎপত্তি হৈছে ? 

উত্তৰঃ ‘Ethics’ শব্দটো গ্রীক শব্দ ‘Ethica’ বা  ‘Ethos’ শব্দৰ পৰা উৎপত্তি হৈছে । 

প্রশ্ন ২। কি শব্দৰ পৰা ‘Moral’ শব্দটোৰ উৎপত্তি হৈছে ? 

উত্তৰঃ ইংৰাজী ‘Moral ল’ শব্দটো লেটিন শব্দ  ‘Mores’ ৰ পৰা উৎপত্তি হৈছে । 

প্রশ্ন ৩। ‘Moral’ শব্দই কি বুজায় ? 

উত্তৰঃ Moral শব্দই মানুহৰ চৰিত্ৰ , ৰীতি – নীতি , আচাৰ – ব্যৱহাৰ আদি বুজায় । 

প্রশ্ন ৪। ‘Ethos’ শব্দই কি বুজায় ? 

উত্তৰঃ ‘Ethos’ শব্দৰ অৰ্থ হৈছে— চৰিত্র , আচাৰ – ব্যৱহাৰ বা ৰীতি – নীতি সম্পর্কীয় বিজ্ঞান ।  

প্রশ্ন ৫। নীতিশাস্ত্ৰৰ এটা চমু সংজ্ঞা দিয়া । 

উত্তৰঃ নীতিবিজ্ঞান মানুহৰ ঐচ্ছিক ক্রিয়া বা আচৰণৰ ঔচিত্য , অনৌচিত্য , শুদ্ধতা অশুদ্ধতা আদি নৈতিক গুণৰ বিচাৰ কৰা আদর্শনিষ্ঠ বিজ্ঞান ।

প্রশ্ন ৬। নীতিশাস্ত্র এটা আদর্শনিষ্ঠ বিজ্ঞাননে ? 

উত্তৰঃ নীতিশাস্ত্র এটা আদর্শনিষ্ঠ বিজ্ঞান । ইয়াৰ আদর্শ হ’ল পৰম শ্রেয় বা পৰম সত্তা । 

প্রশ্ন ৭। চৰিত্ৰ হ’ল আচৰণৰ আভ্যন্তৰীণ দিশ ’ — কথাষাৰ শুদ্ধনে ? 

উত্তৰঃ চৰিত্ৰ হ’ল আচৰণৰ আভ্যন্তৰীণ দিশ’— কথাষাৰ শুদ্ধ । 

প্রশ্ন ৮। অনৈচ্ছিক ক্রিয়া নৈতিক বিচাৰৰ বস্তু হয় নে ? 

উত্তৰঃ অনৈচ্ছিক ক্রিয়া নৈতিক বিচাৰৰ বস্তু নহয় । 

প্রশ্ন ৯। লক্ষ্য বা উদ্দেশ্য ’ উপায়ৰ ন্যায্যতা প্রতিপাদন কৰে কথাষাৰ মানি লােৱানে ? 

উত্তৰঃ লক্ষ্য বা উদ্দেশ্যই উপায়ৰ ন্যায্যতা প্রতিপাদন কৰে ।’ কথাষাৰ মানি ল’ব পাৰি । 

প্রশ্ন ১০। নৈতিক বিচাৰৰ বষয়বস্তু কি ?

উত্তৰঃ মানুহৰ ঐচ্ছিক ক্রিয়া বা আচৰণৰ ঔচিত্য –  অনৌচিত্য, শুদ্ধতা, অশুদ্ধতা আদি নৈতিক গুণ নৈতিক বিচাৰৰ বিষয়বস্তু । 

প্রশ্ন ১১। পুৰুষাৰ্থ কিমান প্ৰকাৰৰ ? 

উত্তৰঃ পুৰুষাৰ্থ চাৰি প্ৰকাৰৰ— 

( ক ) ধর্ম ।

( খ ) অর্থ ।

( গ ) কাম । আৰু 

( ঘ ) মােক্ষ ।

প্রশ্ন ১২। নীতিশাস্ত্র কোন ধৰণৰ বিজ্ঞান ?

 উত্তৰঃ নীতিশাস্ত্র আদর্শনিষ্ঠ বিজ্ঞান ।

প্রশ্ন ১৩। নীতিশাস্ত্র ব্যৱহাৰিক বিজ্ঞান হয় নে ? 

উত্তৰঃ নীতিশাস্ত্র ব্যৱহাৰিক বিজ্ঞান হয় । 

প্রশ্ন ১৪। বিষয় নিষ্ঠ বিজ্ঞানৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ বিষয়নিষ্ঠ বিজ্ঞানৰ এটা উদাহৰণ হ’ল— পদার্থ বিজ্ঞান । 

প্রশ্ন ১৫। আদর্শনিষ্ঠ বিজ্ঞানৰ এটা উদাহৰণ দিয়া ? 

উত্তৰঃ আদর্শনিষ্ঠ বিজ্ঞানৰ এটা উদাহৰণ হ’ল— নীতি বিজ্ঞান । 

প্রশ্ন ১৬। অনৈতিক কার্যৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ বাধ্যবাধকতাৰ বশৱৰ্তী হৈ কৰা কামত কোনাে স্বাধীনতা নাথাকে । গতিকে এই কাম অনৈতিক । 

প্রশ্ন ১৭। ঐচ্ছিক ক্রিয়াক বিচাৰৰ বিষয়বস্তু হিচাপে গণ্য কৰা হয় নে ? 

উত্তৰঃ ঐচ্ছিক ক্রিয়াক নৈতিক বিচাৰৰ বিষয়বস্তু হিচাপে গণ্য কৰা হয় । 

প্রশ্ন ১৮। অভ্যাসজনিত ক্রিয়াক নৈতিক বিচাৰৰ বিষয়বস্তু হিচাপে গণ্য কৰা হয়নে ? 

উত্তৰঃ অভ্যাসজনিত ক্রিয়াক নৈতিক বিচাৰৰ বিষয়বস্তু হিচাপে গণ্য কৰা হয় । 

প্রশ্ন ১৯। লক্ষ্যই উপায়ৰ ন্যায্যতা প্রদান কৰে নে ? 

উত্তৰঃ লক্ষ্যই উপায়ৰ ন্যায্যতা প্রদান কৰে । 

প্রশ্ন ২০। “ নীতি শাস্ত্র হ’ল মানৱীয় আচৰণত জড়িত সর্বোচ্চ আদৰ্শৰ বিজ্ঞান ” — কোনে এনেদৰে কৈছিল ? 

উত্তৰঃ “ নীতি শাস্ত্র হ’ল মানৱীয় আচৰণত জড়িত সর্বোচ্চ আদৰ্শৰ বিজ্ঞান ” -কথাষাৰ জি . ই . মুৰে ( G. E. Moore ) এনেদৰে কৈছিল ।

প্রশ্ন ২১। “ নীতিশাস্ত্ৰৰ সংজ্ঞা দিব পাৰি আচৰণৰ শুদ্ধতা বা ভাল সম্পর্কে এক অধ্যয়ন হিচাপে ” – এই উক্তিটোৰ সৈতে জড়িত দার্শনিকগৰাকীৰ নাম লিখা । 

উত্তৰঃ “ নীতিশাস্ত্ৰৰ সংজ্ঞা দিব পাৰি আচৰণৰ শুদ্ধতা বা ভাল সম্পর্কে এক অধ্যয়ন হিচাপে ” – এই উক্তিটোৰ সৈতে জড়িত দার্শনিকগৰাকীৰ নাম হ’ল- অধ্যাপক মেকেঞ্জি । 

প্রশ্ন ২২। “ সমাজত বাস কৰা মানুহৰ আচৰণৰ আদর্শ বিজ্ঞান হিচাপে আমি নীতিশাস্ত্ৰৰ সংজ্ঞা দিব পাৰোঁ । ” — এই উক্তিৰ সৈতে জড়িত দার্শনিকগৰাকীৰ নাম লিখা । 

উত্তৰঃ  “ সমাজত বাস কৰা মানুহৰ আচৰণৰ আদর্শ বিজ্ঞান হিচাপে আমি নীতিশাস্ত্ৰৰ সংজ্ঞা দিব পাৰোঁ । ” — এই উক্তিৰ সৈতে জড়িত দার্শনিকগৰাকীৰ নাম হ’ল- নীতিবিজ্ঞানী উইলিয়াম লিলি । 

See Next Page…

2 thoughts on “Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top