Class 12 Logic And Philosophy Chapter – 6 ভাববাদ: আত্মগত আৰু বস্তুগত

Class 12 Logic And Philosophy Chapter – 6 ভাববাদ: আত্মগত আৰু বস্তুগত – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 6 ভাববাদ: আত্মগত আৰু বস্তুগত – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 6 ভাববাদ: আত্মগত আৰু বস্তুগত

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 6 ভাববাদ: আত্মগত আৰু বস্তুগত – সমাধান Solutions for All Subject, You can practice these here…

ভাববাদ: আত্মগত আৰু বস্তুগত

পাঠ: ৬

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ ) 

প্রশ্ন ১। ভাববাদৰ মূল প্ৰকাৰবােৰ কি কি ? 

উত্তৰঃ ভাববাদৰ বিভিন্ন প্রকাৰবােৰ হ’ল— 

( ক ) আত্মগত ভাববাদ ।

( খ ) বস্তুগত ভাববাদ । আৰু

( গ ) পৰিদৃশ্যমান ভাববাদ বা অৱভাসবাদ বা প্রপঞ্চবাদ ।

প্রশ্ন ২। আধুনিক যুগত আত্মগত ভাববাদৰ প্রতিষ্ঠাতা হিচাপে কাক বিবেচনা কৰা হয় ? 

উত্তৰঃ আধুনিক যুগত আত্মগত ভাববাদৰ প্রতিষ্ঠাতা হিচাপে জর্জ বার্কলিক বিবেচনা কৰা হ’য়।

প্রশ্ন ৩। আধুনিক যুগত কাক বস্তুনিষ্ঠ ভাববাদৰ প্রতিষ্ঠাতা হিচাপে বিবেচনা কৰা হয় ? 

উত্তৰঃ আধুনিক যুগত হেগেলক বস্তুনিষ্ঠ ভাববাদৰ প্রতিষ্ঠাতা হিচাপে বিবেচনা কৰা হয় । 

প্রশ্ন ৪। ‘প্রত্যক্ষত বস্তু বিদ্যমান ’ –কোনে কৈছিল ? 

উত্তৰঃ ‘প্রত্যক্ষত বস্তু বিদ্যমান ’ বুলি জর্জ বার্কলিয়ে কৈছিল । 

প্রশ্ন ৫৷ কাৰ মতে চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন ? 

উত্তৰঃ হেগেলৰ মতে , চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন । 

প্রশ্ন ৬। হেগেলে কি ধৰণৰ ভাববাদ আগবঢ়াইছিল ? 

উত্তৰঃ হেগেলে ‘বস্তুগত ভাববাদ’ আগবঢ়াইছিল । 

প্রশ্ন ৭। কোনটো সূত্রমতে , বাহ্যিক পৃথিৱীৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল ? 

উত্তৰঃ আত্মনিষ্ঠ ভাববাদৰ সূত্রমতে, বাহ্যিক পৃথিৱীৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল । 

প্রশ্ন ৮। বার্কলিয়ে কি ধৰণৰ ভাববাদ প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ বার্কলিয়ে ‘আত্মগত ভাববাদ’ প্রতিষ্ঠা কৰিছিল ।

প্রশ্ন ৯। হেগেলৰ বস্তুনিষ্ঠ ভাববাদ মতে , সত্তা হল ………. । 

উত্তৰঃ হেগেলৰ বস্তুনিষ্ঠ ভাববাদ মতে , সত্তা হ’ল বৌদ্ধিক । 

প্রশ্ন ১০। “ যিটো যুক্তিসংগত , সেয়া প্রকৃত আৰু যিটো প্রকৃত সেয়া যুক্তিসংগত ” এই বক্তব্যৰ সৈতে জড়িত দার্শনিকজনৰ নাম লিখা । 

উত্তৰঃ “ যিটো যুক্তিসংগত , সেয়া প্রকৃত আৰু যিটো প্রকৃত সেয়া যুক্তিসংগত ” এই বক্তব্যৰ সৈতে জড়িত দার্শনিকজনৰ নাম হ’ল- ডুৰাণ্ট দ্রেক । 

 চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ / ৩ )

 

প্রশ্ন ১। আত্মগত ভাববাদৰ সংজ্ঞা দিয়া । 

উত্তৰঃ আত্মাগত ভাববাদ অনুসৰি বাহ্য বস্তুৰ অস্তিত্ব ব্যক্তি মনৰ ওপৰত নিৰ্ভৰশীল । বস্তুৰ অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ । সকলাে গুণেই মনােগত বা ব্যক্তিনিষ্ঠ , গতিকে পৰিৱৰ্তনশীল । 

প্রশ্ন ২। বস্তুনিষ্ঠ ভাববাদৰ সংজ্ঞা দিয়া । 

উত্তৰঃ এই মত অনুসৰি পৰম মন বা ধাৰণাই জগতৰ সকলাে সত্তাৰেই মূল । ধাৰণাৰ স্বতন্ত্র অস্তিত্ব আছে । গতিকে এইবােৰ বস্তুগতভাৱে সত্য । পৰম সত্ত্বা জ্ঞাতা আৰু জ্ঞেয় উভয়েই পৰম সত্তা বা ধাৰণাই নিজকে জগতৰ মাধ্যমেৰে প্ৰকাশ কৰে । এই প্রকাশ চেতনাধর্মী । বস্তুজগত পৰম সত্তাৰ অভিব্যক্তি মাত্র । 

প্রশ্ন ৩। ” Esse est Percipii ‘ অর্থ কি ? 

উত্তৰঃ ” Esse est Percipii ‘ ৰ অৰ্থ হ’ল— ‘ অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ ।

প্রশ্ন ৪। দ্বান্দ্বিক পদ্ধতি কি ? 

উত্তৰঃ হেগেলৰ পৰম সত্তাৰ আত্ম প্রকাশৰ পদ্ধতিক দ্বান্দ্বিক পদ্ধতি বােলা হয় । ইয়াত প্রথম স্তৰত বিৰােধ , দ্বিতীয় স্তৰত দ্বন্দ্ব আৰু তৃতীয় স্তৰত বা চূড়ান্ত স্তৰত সমন্বয় থাকে । পৰম সত্তাৰ আত্মপ্রকাশৰ মূল লক্ষ্য হ’ল বিৰােধক সমন্বয়লৈ ৰূপান্তৰিত কৰা । পৰমসত্তাৰ প্ৰকৃতিত পৰস্পৰ বিৰুদ্ধ ভাবৰ সংহতি থাকে । পম সত্তাই নিজৰ আভ্যন্তৰীণ বিৰুদ্ধ ভাবসমূহৰ সমন্বয় সাধন কৰি জগতৰ বিৱৰ্তনৰ মাজেদি নিজকে অভিব্যক্ত বা প্রকাশ কৰে । হেগেলৰ মতে চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন । গতিকে সত্ত্বাৰ বিৱৰ্তন প্রক্রিয়া দ্বন্দ্বাত্মক পদ্ধতি দ্বাৰা হয় । তেওঁ ইয়াৰ দ্বাৰাই অমূর্ত পৰম আত্মাক মূর্ত জীৱন্ত শক্তি ৰূপে প্রতিষ্ঠা কৰিছে । 

প্রশ্ন ৫। ভাববাদ কি ? ইয়াৰ বিভিন্ন প্রকাৰবােৰ কি কি ? 

উত্তৰঃ যি মতবাদে জ্ঞেয় বস্তুৰ বা জ্ঞানৰ বিষয়বস্তুৰ মন নিৰপেক্ষ অস্তিত্ব নাই তাক ভাববাদ বােলে । যি মতবাদ অনুসৰি জগতৰ মূল সত্তাবস্তু বা বস্তুৰ বলতকৈ ধাৰণা বা চিন্তা বা আত্মাৰ এক সংগতি বা ঐক্য বুলি ভবা হয় , তাকেই ভাববাদ বােলে । 

ভাববাদক  সাধাৰণতে তিনি প্ৰকাৰত ভাগ কৰা হয়— 

( ক ) আত্মগত ভাববাদ ।

( খ ) প্রপঞ্চবাদ বা অৱভাসবাদ । আৰু

( গ ) বস্তুনিষ্ঠ ভাববাদ ।

প্রশ্ন ৬। তুমি ভাবানে আত্মগত ভাববাদ এটা সন্তোষজনক সূত্র ? যদি নহয় , তেন্তে কিয় ? 

উত্তৰঃ আত্মগত ভাববাদ সম্পূর্ণৰূপে মানি ল’ব নােৱাৰি । 

( ক ) বার্কলিৰ আত্মগত ভাববাদ সমর্থনযােগ্য নহয় , কাৰণ তেওঁ ‘ অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ ’ বুলি কৈছে । সমসাময়িক G. E. Moore- এ তেওঁৰ ‘ Refutation of Idealism ‘ নামৰ প্ৰৱন্ধত এই মতবাদক মনােবৈজ্ঞানিক দোষ’ৰে দোষযুক্ত বুলি কৈছে । কাৰণ সংবেদন আৰু সংবেদনৰ বিষয়বস্তু একে নহয় । 

( খ ) আত্মগত ভাববাদ , অনুসৰি ( বার্কলিৰ ) অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ । কিন্তু বস্তুৰ অস্তিত্ব থাকিলেহে প্রত্যক্ষ সম্ভৱ । আচলতে বস্তুৰ অস্তিত্বৰ জ্ঞানহে প্রত্যক্ষ নিৰ্ভৰ । বস্তুৰ অস্তিত্ব আৰু বস্তুৰ অস্তিত্বৰ জ্ঞানৰ মাজত পার্থক্য আছে । 

( গ ) আত্মগত ভাববাদে বস্তুৰ অস্তিত্বৰ ধাৰাবাহিকতা , স্থিতি আদিৰ ব্যাখ্যা কৰিব নােৱাৰে । এই ক্ষেত্ৰত বার্কলিয়ে অসীম মন বা ঈশ্বৰৰ প্রত্যক্ষ টানি আনিছে । 

( ঘ ) আত্মগত ভাববাদে কোৱাৰ দৰে যদি সকলাে বস্তুৱেই ব্যক্তিৰ মনৰ ধাৰণা হয় , তেনেহ’লে , আত্মগত ভাববাদ ‘আত্মকেন্দ্রিকতাবাদ’ত পৰিণত হ’ব । কিন্তু ঈশ্বৰৰ ধাৰণাই আত্মগত ভাববাদৰ এই দোষ খণ্ডন কৰিছে । এইবােৰ কাৰণতে আত্মগত ভাববাদ সন্তোষজনক নহয় । 

প্রশ্ন ৭। আত্মগত ভাববাদৰ সাধাৰণ বৈশিষ্ট্যবােৰ লিখা । 

উত্তৰঃ আত্মগত ভাববাদৰ সাধাৰণ বৈশিষ্ট্যবােৰ হ’ল –

( ক ) আত্মগত ভাববাদ অনুসৰি বাহ্য বস্তুৰ অস্তিত্ব প্রত্যক্ষৰ ওপৰত নিৰ্ভৰ কৰে । 

( খ ) আত্মগত ভাববাদে বস্তুৰ স্থায়িত্ব আৰু ধাৰাবাহিকতা ব্যাখ্যাৰ বাবে পৰাত্মাৰ ধাৰণা টানি আনিছে । 

( গ ) জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পৰ্কৰ ক্ষেত্ৰত আত্মগত ভাববাদে জ্ঞেয় বস্তু ব্যক্তি মনৰ ধাৰণা বুলি মানি চলে । 

প্রশ্ন ৮। আত্মগত ভাববাদৰ বিৰুদ্ধে তিনিটা সমালােচনা উল্লেখ কৰা ।

উত্তৰঃ আত্মগত ভাববাদৰ বিৰুদ্ধে তিনিটা সমালােচনা তলত উল্লেখ কৰা হ’ল– 

( ক ) আত্মগত ভাববাদ অনুসৰি ‘ অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ’— এই কথাষাৰ সমালােচিত হৈছে । এই মতবাদ মনােবৈজ্ঞানিক দিশত দোষমুক্ত বুলি G. E. Moore -এ কৈছে । কাৰণ জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তু পৃথক পৃথক । প্রত্যক্ষ ক্রিয়া আৰু প্রত্যক্ষৰ বিষয়বস্তু একে নহয় । 

( খ ) বার্কলিৰ আত্মগত ভাববাদ মতে অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ । কিন্তু বস্তুৰ অস্তিত্ব থাকিলেহে বস্তুৰ প্রত্যক্ষ সম্ভৱ । আচলতে বস্তুৰ অস্তিত্বৰ জ্ঞানহে প্রত্যক্ষ নিৰ্ভৰ । বস্তুৰ অস্তিত্ব আৰু অস্তিত্বৰ জ্ঞানৰ মাজত প্রভেদ আছে । 

( গ ) বার্কলিৰ আত্মগত ভাববাদে বস্তুৰ ধাৰাবাহিকতা আৰু স্থিতিৰ ব্যাখ্যা দিব নােৱাৰে । কিন্তু অস্তিত্বৰ ধাৰাবাহিকতা ব্যাখ্যাৰ বাবে আত্মগত ভাববাদে ঈশ্বৰৰ প্রত্যক্ষ বা অসীম মনক টানি আনিছে ।

See Next Page…

1 thought on “Class 12 Logic And Philosophy Chapter – 6 ভাববাদ: আত্মগত আৰু বস্তুগত”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top