Class 12 Logic And Philosophy Chapter – 5 বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 5 বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক and select needs one.
Class 12 Logic And Philosophy Chapter – 5 বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক
Also, you can read AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 5 বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক Solutions for All Subject, You can practice these here.
বাস্তৱবাদ : সৰল আৰু বৈজ্ঞানিক
পাঠ: ৫
অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ )
প্রশ্ন ১। সৰল বাস্তৱবাদ মতে সকলাে …………. ৰ সৈতে জ্ঞান বস্তুৰ অস্তিত্ব হ’ল সচেতন মনৰ স্বতন্ত্রতা ।
উত্তৰঃ সৰল বাস্তৱবাদ মতে সকলাে মনৰ ৰ সৈতে জ্ঞান বস্তুৰ অস্তিত্ব হ’ল সচেতন মনৰ স্বতন্ত্রতা ।
প্রশ্ন ২। সৰল বাস্তৱবাদ অনুসৰি জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্পর্ক হ’ল …………. ।
উত্তৰঃ সৰল বাস্তৱবাদ অনুসৰি জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্পৰ্কটো হ’ল প্রত্যক্ষ ।
প্রশ্ন ৩। সৰল বাস্তববাদে ভুল ব্যাখ্যা কৰিব নােৱাৰে । তুমি মানি লােৱানে ?
উত্তৰঃ মই মানি নলওঁ যে সৰল বাস্তৱবাদে ভুল ব্যাখ্যা কৰিব নােৱাৰে ।” কাৰণ সৰল বাস্তৱবাদ মতে হয় যদিও ই গ্রহণযােগ্য নহয় ।
প্রশ্ন ৪। বৈজ্ঞানিক বাস্তৱবাদৰ প্রতিষ্ঠাতা কোন ?
উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদৰ প্রতিষ্ঠাতা হ’ল জন লক ।
প্রশ্ন ৫। বৈজ্ঞানিক বাস্তৱবাদৰ মতে বস্তুৰ সকলাে গুণ………… নহয় ।
উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদৰ মতে বস্তুৰ সকলাে গুণ মননিৰপেক্ষ নহয় ।
প্রশ্ন ৬। ” Essay concerning Human Understanding ‘ ৰ লেখক কোন ?
উত্তৰঃ ” Essay concerning Human Understanding ‘ ৰ লেখক হ’ল- জন লক ।
চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ / ৩ )
প্রশ্ন ১। সৰল বাস্তৱবাদ কি ?
উত্তৰঃ সৰল বাস্তৱবাদ অনুসৰি বাস্তৱ জগতৰ অস্তিত্ব আছে । ইন্দ্রিয় অভিজ্ঞতাৰ পৰা বাস্তৱজগতৰ জ্ঞান লাভ কৰিব পাৰি । বস্তুবােৰ আমি যিদৰে প্রত্যক্ষ কৰো সেই দৰেই থাকে । বস্তুৰ অস্তিত্ব মনে জনা বা নজনাৰ ওপৰত নিৰ্ভৰ নকৰে । অর্থাৎ বস্তুৰ অস্তিত্ব মন নিৰ্ভৰশীল নহয় । বস্তুৰ সকলাে গুণ মনৰ পৰা স্বতন্ত্রভাৱে বস্তুত থাকে ।
প্রশ্ন ২। বৈজ্ঞানিক বাস্তৱবাদৰ সংজ্ঞা দিয়া ।
উত্তৰঃ এই মতবাদ অনুসৰি বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে । কিছুমান গুণ বস্তুত থাকে আৰু কিছুমান গুণ ব্যক্তিৰ মনত থাকে । ব্যক্তি মনৰ জ্ঞান বা চেতনাৰ ওপৰত নিৰ্ভৰ কৰিহে সেই গুণবােৰ বৰ্তি থাকে । প্রখ্যাত ব্রিটিছ দার্শনিক জন লক এই মতবাদ প্রধান প্রবর্তক ।
প্রশ্ন ৩। প্রাথমিক গুণবােৰ কি কি ?
উত্তৰঃ যিবােৰ গুণ প্রত্যক্ষৰ পৰা স্বতন্ত্র আৰু বস্তুত থাকে তাকেই প্রাথমিক গুণ বােলে । বস্তুৰ আকাৰ , আয়তন , গঠন , ওজন আদি প্রাথমিক গুণ ।
প্রশ্ন ৪। গৌণ গুণবােৰ কি কি ?
উত্তৰঃ যিবােৰ প্রত্যক্ষৰ পৰা স্বতন্ত্র নহয় আৰু কেৱল আমাৰ মনত ধাৰণা বা প্রত্যয়হে মাথােন সেইবােৰক গৌণ গুণ বােলে । যেনে – ৰং , গােন্ধ , স্বাদ ইত্যাদি ।
প্রশ্ন ৫। সৰল বাস্তৱবাদে ভুল ব্যাখ্যা কৰিব নােৱাৰে কিয় ?
উত্তৰঃ সৰল বাস্তৱবাদে ভুল বা ভ্ৰান্তিৰ ব্যাখ্যা কৰিব নােৱাৰে । আমাৰ দৈনন্দিন জীৱনত কোনাে বস্তুক শুদ্ধকৈ সদায় প্রত্যক্ষ নকৰোঁ । যেনে– এখন চামুচ পানীৰে পূৰ্ণ আইনাৰ গ্লাছ এটাত ভৰালে চামুচখন বেঁকা হােৱা যেন দেখি । কিন্তু প্রকৃততে বেঁকা নহয় । এনে ক্ষেত্ৰত বস্তুৰ প্রকৃত স্বৰূপ আমাৰ প্রত্যক্ষত ধৰা নপৰে । সৰল বাস্তৱবাদে এনে ভ্রান্তিমূলক অভিজ্ঞতাৰ ব্যাখ্যা দিব নােৱাৰে । কাৰণ সৰল বাস্তৱবাদ মতে বস্তুৰ প্রকৃত স্বৰূপেই আমাৰ প্রত্যক্ষ হয় । অর্থাৎ ভুল বা ভ্ৰান্তিৰ স্থান নাই । কিন্তু এই কথাটো মানি ল’ব নােৱাৰি ।
প্রশ্ন ৬। বাস্তৱবাদ কি ? ইয়াৰ বিভিন্ন ৰূপবােৰ কি কি ?
উত্তৰঃ যি মতবাদে মন নিৰপেক্ষ বা মনৰ বাহিৰত বস্তুজগতৰ অস্তিত্ব স্বীকাৰ কৰে তাক বস্তুবাদ বা বাস্তৱবাদ বােলে । বস্তুবাদ বা বাস্তৱবাদৰ প্ৰকাৰবােৰ হ’ল–
( ক ) সৰল বাস্তৱবাদ বা লৌকিক বাস্তৱবাদ ।
( খ ) বৈজ্ঞানিক বাস্তৱবাদ বা সবিচাৰবাদ ।
( গ ) নব্য বাস্তৱবাদ । আৰু
( ঘ ) নব্য সবিচাৰ বাস্তৱবাদ ।
প্রশ্ন ৭। সৰল বাস্তৱবাদৰ বৈশিষ্ট্যবােৰ উল্লেখ কৰা ।
উত্তৰঃ সৰল বাস্তৱবাদৰ বৈশিষ্ট্যবােৰ হ’ল—
( ক ) সৰল বাস্তৱবাদে বাস্তৱজগতৰ অস্তিত্ব স্বীকাৰ কৰে ।
( খ ) সৰল বাস্তৱবাদ অনুসৰি ইন্দ্রিয় অভিজ্ঞতাৰ দ্বাৰা বাস্তৱ জগতৰ জ্ঞান লাভ কৰিব পাৰি । বস্তুবােৰ আমি যেনেদৰে প্রত্যক্ষ কৰোঁ তেনেদৰেই থাকে ।
( গ ) বস্তুৰ অস্তিত্ব কোনাে মনে জনা বা নজনাৰ ওপৰত নিৰ্ভৰ নকৰে । অর্থাৎ মন নিৰ্ভৰশীল নহয় ।
( ঘ ) বস্তুৰ সকলাে গুণ মনৰ পৰা স্বতন্ত্রভাৱে বস্তুত থাকে ।
প্রশ্ন ৮। মুখগুণ আৰু গৌণ গুণৰ মাজৰ তিনিটা পার্থক্য উল্লেখ কৰা ।
উত্তৰঃ মুখ্য গুণ আৰু গৌণ গুণৰ মাজৰ তিনিটা পার্থক্য হল—
( ক ) মুখ্য গুণবােৰ বস্তুৰ গাত থাকে । গতিকে এই গুণবােৰ বস্তুৰ মৌলিক গুণ । আনহাতে গৌণ গুণবােৰ মানুহৰ মনত থাকে । এইবােৰৰ অস্তিত্ব মননিৰ্ভৰশীল । গৌণ গুণবােৰ বা বস্তুৰ বাহিৰত থকা গুণবােৰ অকল মনৰ সংবেদন বা ধাৰণাহে ।
( খ ) বস্তুত থকা মুখ্য গুণবােৰ স্থায়ী বা অপৰিৱর্তনীয় গুণ । যেনে — আকাৰ , আয়তন , ওজন ইত্যাদি । আনহাতে গৌণ গুণবােৰ পৰিৱর্তনীয় । যেনে ৰং , শব্দ , স্বাদ , গােন্ধ আদি ভিন্ন ভিন্ন ব্যক্তিৰ বাবে বেলেগ বেলেগ হ’ব পৰিৱৰ্তনীয় ।
( গ ) কোনাে আধাৰ অবিহনে মুখ্য গুণবােৰ অস্তিত্বহীন । মুখ্য গুণবােৰ বস্তুক আশ্রয় কৰি থাকে । আনহাতে গৌণ গুণবােৰ মন সাপেক্ষ । সেয়েহে এইবােৰ মনক আশ্রয় কৰি থাকে । কিন্তু প্রকৃততে মুখ্য গুণ আৰু গৌণ গুণক এইদৰে পৃথক কৰিব নােৱাৰি ।
প্রশ্ন ৯। সৰল বাস্তৱবাদৰ বিৰুদ্ধে তিনিটা সমালােচনা উল্লেখ কৰা ।
উত্তৰঃ সৰল বাস্তৱবাদৰ বিৰুদ্ধে তিনিটা সমালােচনা হ’ল –
( ক ) সৰল বাস্তৱবাদে ভুল বা ভ্রান্তিক ব্যাখ্যা কৰিব নােৱাৰে । কিন্তু আমি সদায় বস্তুক শুদ্ধভাৱে প্রত্যক্ষ নকৰোঁ । যেনে – পানীৰে পূৰ্ণ আয়নাৰ গ্লাছ এটাত চামুচ এখন ভৰাই দিলে বেঁকা যেন দেখি । উলিয়াই চালে দেখা যায় যে চামুচখন প্রকৃততে বেঁকা নহয় । অর্থাৎ বস্তুৰ প্রকৃত স্বৰূপ আমাৰ প্রত্যক্ষ ধৰা নপৰে । কিন্তু সৰল বাস্তৱবাদে এনে ভুল কিয় হয় তাৰ ব্যাখ্যা দিব নােৱাৰে । ইয়াত বস্তুৰ প্রকৃত স্বৰূপেই আমাৰ প্রত্যক্ষ হয় । অর্থাৎ ভুল ভ্রান্তি স্থান ইয়াত নাই । কিন্তু এই কথা মানি ল’ব নােৱাৰি ।
( খ ) সৰল বাস্তৱবাদে – সপােন বা স্বপ্নৰ ব্যাখ্যা দিব নােৱাৰে । এই মতবাদ অনুসৰি আমি অভিজ্ঞতাত পােৱা সকলাে বস্তুৱেই মনৰ পৰা স্বতন্ত্র । কিন্তু আমি সপােনত দেখা বস্তুবােৰ মনৰ পৰা সম্পূর্ণ স্বতন্ত্র । কিন্তু আমি সপােনত দেখা বস্তুবােৰ মনৰ পৰা সম্পূর্ণ স্বতন্ত্র বা বাহ্যিক হ’ব নােৱাৰে ।
( গ ) সৰল বাস্তৱবাদে বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত হােৱা জ্ঞানৰ ভিন্নতা আওকান কৰে । তেওঁলােকৰ মতে জ্ঞান সকলােৰে বাবে একে । কিন্তু এইকথা মানিব নােৱাৰি । ব্যক্তিৰ বাহ্য আৰু আভ্যন্তৰীণ ভিন্নতা অনুসৰি একেটা বস্তুৰেই অভিজ্ঞতা বিভিন্ন জনৰ বাবে বিভিন্ন ধৰণৰ হ’ব পাৰে । গতিকে সৰল বাস্তৱবাদ জ্ঞানৰ প্রকৃতি , জ্ঞাতা আৰু জ্ঞেয়ৰ সম্বন্ধ সম্পর্কে যথার্থ ব্যাখ্যা দিব পৰা মতবাদ নহয় । এই সম্পর্কে এক সাধাৰণ ধাৰণা আগবঢ়ালেও ইয়াৰ দার্শনিক মূল্য কম ।
প্রশ্ন ১০। সংশ্লিষ্ট সূত্রবােৰৰ নাম লিখা ।
( ক ) বাহ্যিক জগতখনক পোনপটীয়াকৈ জানিব পাৰি ।
উত্তৰঃ বাহ্যিক জগতখনক পোনপটীয়াকৈ জানিব পাৰি ।’ সংশ্লিষ্ট সূত্ৰটোৰ নাম – সৰল বাস্তৱবাদ ।
( খ ) ‘জ্ঞেয় বস্তুবিলাক কিছুমান গুণৰ সমষ্টি ।
উত্তৰঃ ‘জ্ঞেয় বস্তুবিলাক কিছুমান গুণৰ সমষ্টি ।’সংশ্লিষ্ট সূত্ৰটোৰ নাম – বৈজ্ঞানিক বাস্তববাদ ।
প্রশ্ন ১০। ‘বস্তুৰ সকলােবােৰ গুণ বস্তুগত নহয় বুলি কোৱা সূত্ৰটোৰ নাম লিখা । সূত্ৰটো ব্যাখ্যা কৰা ।
উত্তৰঃ বস্তুৰ সকলােবােৰ গুণ বস্তুগত নহয় বুলি কোৱা সূত্ৰটোৰ নাম বৈজ্ঞানিক বাস্তৱবাদ । এই মতবাদ অনুসৰি ব্যক্তিৰ মনৰ ধাৰণাৰ ওপৰত বাহ্য বস্তুৰ জ্ঞান নির্ভৰ কৰে । বস্তুগত দুই প্রকাৰৰ দুই প্রকাৰৰ গুণৰ সমষ্টি । এই দুই প্রকাৰৰ গুণ হ’ল মুখ্য গুণ আৰু গৌণ গুণ । মুখ্য বা মৌলিক গুণ বস্তুনিষ্ঠ । আনহাতে গৌণ গুণ ব্যক্তিনিষ্ঠ আৰু পৰিৱৰ্তনীয় । বস্তুৰ গুণবােৰৰ বিভাজনক বৈজ্ঞানিক সকলেও স্বীকাৰ কৰা বাবে এই সূত্র বা মতক বৈজ্ঞানিক বাস্তৱবাদ বােলে ।
চমু প্রশ্নোত্তৰ ( মূল্যাংক -৪ )
প্রশ্ন ১। মুখ্য আৰু গৌণ গুণ কাক বােলে ? দুয়ােৰে মাজৰ পার্থক্য নিৰূপণ কৰা ।
উত্তৰঃ অভিজ্ঞতাবাদী দার্শনিক জন লকৰ ইন্দ্রিয় অনুভৱৰ দ্বাৰা আমি যিবােৰ গুণৰ সম্ভেদ পাওঁ সেই সকলােবােৰ অধিকাংশ ক্ষেত্ৰত বস্তুগত । সেয়েহে জন লকে গুণবােৰক দুভাগত ভাগ কৰিছে –
( ক ) মুখ্য গুণ । আৰু
( খ ) গৌণ গুণ ।
( ক ) মুখ্য গুণ :- যিবােৰ গুণ মননিৰপেক্ষ , বস্তুগত , যিবোৰ গুণৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয় , সেইবােৰ গুণক মুখ্য গুণ বােলে । যেনে বস্তুৰ বিস্তৃতি , আকাৰ , ওজন , পৰিমাণ , গতিবেগ আদি ।
( খ ) গৌণ গুণ :- যিবোৰ গুণ মন সাপেক্ষে মনােগত , যিবােৰ গুণৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল , সেইবােৰ গুণক গৌণ গুণ বােলে । যেনে – বস্তুৰ বৰ্ণ , গােন্ধ , স্বৱাদ , তাপ আদি । জন লকৰ মতে—
( ক ) মুখ্য গুণ বস্তুৰ মৌলিক বা প্রকৃত গুণ । এই গুণবােৰ বস্তুগত । গৌণ গুণ মৌলিক নহয় । এইবােৰ ব্যক্তিগত । এইবােৰৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল । মুখ্য গুণবোৰে সংবেদনৰ মাধ্যমত আমাৰ মনত গৌণ গুণবােৰৰ সৃষ্টি কৰে । এইবােৰ সত্তাত নাথাকে ।
( খ ) মুখ্য গুণবােৰ অপৰিৱর্তনীয় । মুখ্য গুণবােৰ জ্ঞাতাৰ ক্ষেত্ৰত আৰু বিভিন্ন পৰিৱেশতাে একেদৰে প্রতিভাত হয় । যেনে – বস্তুৰ আকাৰ , বিস্তৃতি আদি । গৌণ গুণবােৰ বেলেগ বেলেগ জ্ঞাতাৰ ক্ষেত্ৰত ভিন্ন ভিন্ন । গতিকে গৌণ গুণবােৰ পৰিৱর্তনীয় ।
( গ ) বাহ্যবস্তুত থকা মুখ্য গুণবােৰ কেৱল জ্ঞাতাৰ ধাৰণাত প্রতিফলিত হয়; গৌণ গুণবােৰ নহয় । গৌণ গুণবােৰ মুখ্য গুণৰ দ্বাৰা সৃষ্ট সংবেদন মাত্র । লকৰ ভাষাত “ আমাৰ মনৰ বাহিৰত যি জগত আছে সেই জগত মিঠাও হয় , টেঙাও হয় , এন্ধাৰো নহয় , নিঃশব্দও নহয় , প্রতিধ্বনিময়ো নহয় , সুগন্ধিযুক্তও নহয় , দুর্গন্ধযুক্তও নহয় , শীতলাে নহয় । ই কেৱল বিস্তৃত আৰু অভেদ্য , স্থিৰ নাইবা গতিময় ।”
গুণৰ আশ্ৰয় থাকিবই লাগিব । সেয়েহে জন লকে মুখ্য গুণৰ আধাৰ হিচাপে বাহ্যবস্তুৰ অস্তিত্ব স্বীকাৰ কৰিছে । প্রত্যক্ষ বা ইন্দ্রিয় সংবেদনৰ দ্বাৰা আমি গুণৰহে সম্ভেদ পাওঁ , গুণৰ আধাৰ ৰূপে বাহ্যবস্তুৰ কোনাে জ্ঞান নাপাওঁ । বাহ্যবস্তু লকৰ মতে অজ্ঞাত , অজ্ঞেয় । পােনপটীয়াকৈ আমাৰ মনৰ ধাৰণাকহে জানিব পাৰোঁ । মন বা চেতনা পর্দাৰ দৰে । বাহ্য বস্তুৰ প্রতিবিম্ব তাত ধাৰণাৰূপে প্রতিফলিত হয় ।
প্রশ্ন ২। সৰল বাস্তৱবাদৰ বিষয়ে এটা চমুটোকা লিখা ।
উত্তৰঃ জ্ঞান মীমাংসা সম্পর্কীয় দৃষ্টিকোণৰ পৰা যি মতবাদে জ্ঞেয় বস্তুৰ বা জ্ঞানৰ বিষয়বস্তুৰ মন নিৰপেক্ষ বাহ্য সত্তা আছে বুলি স্বীকাৰ কৰে সেই মতবাদকে বস্তুবাদ বােলে ।
বস্তুবাদ মতে বস্তুৰ অস্তিত্ব জ্ঞাতাৰ জ্ঞানৰ ওপৰত নিৰ্ভৰশীল নহয় । জ্ঞাতাৰ মনৰ বাহিৰত ইয়াৰ নিজস্ব সত্তা আৰু ক্রিয়া প্রক্রিয়া আছে । জ্ঞাতাই কোনাে এটা বিষয়বস্তু সম্পর্কে জ্ঞান অর্জন কৰিবও পাৰে বা নকৰিবও পাৰে । কিন্তু ইয়াৰ ফলত জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্বৰ কোনাে পৰিৱৰ্তন নকৰে । জ্ঞান নহ’লেও জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব বাহ্য জগতত থাকে ।
ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে প্রাচীন গ্রীক দার্শনিকসকল বস্তুবাদী আছিল । থেলেচ আদি দার্শনিকসকলে পানী , বতাহ , জুই আদিক মূলতত্ত্ব হিচাপে স্বীকাৰ কৰিছিল আৰু এই তত্ত্ববােৰৰ প্রত্যেকটোৰেই মননিৰপেক্ষ সত্তা আছে বুলি মানি লৈছিল ।
বস্তুবাদ প্রধানতঃ চাৰি প্ৰকাৰৰ—
( ক ) লৌকিক বা সৰল বস্তুবাদ ।
( খ ) বিজ্ঞানসন্মত বস্তুবাদ ।
( গ ) নব্য বস্তুবাদ । আৰু
( ঘ ) বিচাৰমূলক বস্তুবাদ ।
লৌকিক বস্তুবাদ বস্তুবাদৰেই এটা প্ৰকাৰ । গতিকে এই মত অনুসৰিও বাহ্য বস্তুৰ মন নিৰপেক্ষ অস্তিত্ব আছে । কিন্তু এই মতবাদ অনুসৰি কেৱল বাহ্যবস্তুৱেই নহয় , বাহ্যবস্তুত থকা সকলাে প্ৰকাৰৰ গুণৰো যেনে ৰূপ , ৰস , গােন্ধ , শব্দ আদি আৰু বিস্তৃতি , আয়তন , আকাৰ আদিৰাে মন নিৰপেক্ষ স্বতন্ত্র অস্তিত্ব আছে ।
জ্ঞাতাই এনে বাহ্যবস্তু সম্পর্কে জ্ঞান অর্জন কৰিবও পাৰে নকৰিবও পাৰে । কিন্তু জ্ঞাতাই যদি বাহ্যবস্তু সম্পর্কে জ্ঞান অর্জন কৰিব খােজে তেনেহ’লে বস্তুটো প্ৰকাৰৰ গুণেৰে সৈতে যিদৰে আছে সেইদৰেই জানিব পাৰে । বাহ্যবস্তু সম্পর্কে জ্ঞাতাৰ জ্ঞান পােনপটীয়া । দুয়ােৰে মাজত তৃতীয় কোনাে মাধ্যম নাই । জ্ঞানৰ বিষয়বস্তু আৰু বিষয়বস্তুৰ জ্ঞানৰ মাজত কোনাে পার্থক্য নাই । দুয়াে একেই । স্বচ্ছ দর্পণত যিদৰে বস্তুৰ প্রতিবিম্ব পৰে সেইদৰে সকলাে গুণেৰে সৈতে বিষয়বস্তুৰ প্রতিবিম্বও প্রত্যক্ষৰ জৰিয়তে আমাৰ মনত পৰে বিষয়বস্তুৰ অবিকল প্রতিলিপি । লৌকিক বস্তুবাদ মতে আমি প্রত্যক্ষৰ দ্বাৰা বস্তুৰ যথার্থ জ্ঞান পাওঁ । জ্ঞানৰ যথার্থতা সম্পর্কে লৌকিক বস্তুবাদীসকল অনুৰূপতাবাদৰ সমর্থক ।
এই মতবাদত বাহ্যবস্তু সম্পর্কে সাধাৰণ মানুহৰ লােকৰ ধাৰণা প্রতিফলিত হৈছে বাবে ইয়াক লৌকিক বস্তুবাদ বােলা হয় । তাৰােপৰি বিশেষ বিচাৰ নকৰাকৈ বাহ্যবস্তুৰ অস্তিত্ব সহজভাৱে স্বীকাৰ কৰি লােৱাৰ বাবে ইয়াক সৰল বস্তুবাদ বুলিও কোৱা হয় ।
লৌকিক বস্তুবাদ অনুসৰি বাহ্যবস্তুৰ যথার্থ জ্ঞান গুণেৰে সৈতে যিদৰে আছে ঠিক তেনেদৰে জানিব পাৰি । কিন্তু এই কথাষাৰ সম্পূর্ণ সত্য নহয় । কিন্তু অধিকাংশ গুণৰ ক্ষেত্ৰত কথাটো সত্য নহয় । উদাহৰণ স্বৰূপে এডাল পােন কাঠিক পানীত অর্ধ নিমজ্জিত কৰি ৰাখিলে বেকা যেন দেখা যায় । সেই কাৰণে জন লক আদি দার্শনিকে কৈছে যে বস্তুৰ সকলাে গুণকে আমি যিদৰে আছে সেইদৰেই জানিব নােৱাৰোঁ । বেছিভাগ গুণেই বস্তুগত নহয় । তাৰােপৰি লৌকিক বস্তুবাদে ভ্রান্ত প্রত্যক্ষ , সপােন , অমূল প্রত্যক্ষ আদিৰ ব্যাখ্যা দিব নােৱাৰে । গতিকে স্রষ্টা আৰু অৱস্থাভেদে একে বস্তুৰে প্রত্যক্ষ জ্ঞান নানা প্রকাৰৰ হ’ব পাৰে । গতিকে এই মতবাদ স্বীকাৰ কৰিলে জ্ঞানৰ সার্বিকতা হেৰাই যায় ।
প্রকৃততে সকলাে গুণ বস্তুগত নহয় । কিছুমান গুণ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল । গতিকে সৰল বস্তুবাদ বা লৌকিক বস্তুবাদ তত্ত্বসম্পর্কীয় সঠিক মতবাদ নহয় । এই মতবাদ বৈজ্ঞানিক বিচাৰবৰ্জিত মতবাদ ।
| Sl. No. | Contents |
| Chapter 1 | আগমন |
| Chapter 2 | আগমনৰ ভিত্তি |
| Chapter 3 | প্ৰকল্প |
| Chapter 4 | মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি |
| Chapter 5 | বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক |
| Chapter 6 | ভাববাদ: আত্মগত আৰু বস্তুগত |
| Chapter 7 | নীতিশাস্ত্র |
| Chapter 8 | ধর্ম |
প্রশ্ন ৩। মুখ্য গুণ আৰু গৌণ গুণসমূহৰ মাজৰ পার্থক্য অমনস্তাত্ত্বিক’– তুমি মানি লােৱানে ? তােমাৰ দৃষ্টিভংগীৰ সমৰ্থনত তিনিটা কাৰণ লিখা ।
উত্তৰঃ সৰল বাস্তৱবাদ অনুসৰি মুখ্য গুণ আৰু গৌণ গুণসমূহৰ মাজৰ পার্থক্য অমনস্তাত্ত্বিক । এই কথাষাৰ সমালােচনা মুক্ত নহয় । তথাপি জ্ঞানৰ প্ৰকৃতি আৰু জ্ঞাতা আৰু জ্ঞেয়ৰ সম্বন্ধ যথাযথভাবে ব্যাখ্যা কৰিব নােৱাৰিলেও এই সম্পর্কে এটা সাধাৰণ ধাৰণা আগবঢ়াইছে বুলি । ক’ব পাৰি । সমালােচনা মুক্ত নহয় বাবে এই কথাৰ দার্শনিক মূল্য কম বুলি ক’ব পাৰি ।
কথাষাৰৰ সমৰ্থনত তিনিটা কাৰণ উল্লেখ কৰিব পাৰি –
( ক ) প্রধান বা মুখ্য গুণবােৰ স্বতন্ত্রভাৱে বস্তুত থাকে ।
( খ ) মুখ্য গুণবােৰ বস্তুত থাকে বাবেই স্থায়ী আৰু অপৰিৱৰ্তনীয় ।
( গ ) বস্তুৰ গুণবােৰ – বিশেষকৈ মুখ্য গুণবােৰৰ লগত বস্তুৰ সম্পর্ক সাদৃশ্যমূলক । গুণবােৰ বস্তুটোত থাকে । এই গুণবােৰ আমাৰ মনৰ পৰা বস্তুটোত আৰােপ কৰা নহয় ।
গতিকে দার্শনিক মূল্য ক’ম হ’লেও ক’ব পাৰি যে দুয়াে প্ৰকাৰৰ গুণবােৰৰ মাজৰ পার্থক্য অমনস্তাত্ত্বিক ।
প্রশ্ন ৪। বৈজ্ঞানিক বাস্তৱবাদৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদৰ চাৰিটা বৈশিষ্ট্য হ’ল—
( ক ) বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি বাহ্য বস্তুৰ অস্তিত্ব মন নিৰপেক্ষ যদিও বস্তুৰ জ্ঞান মনৰ মনৰ ধাৰণাৰ ওপৰত নিৰ্ভৰশীল ।
( খ ) বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি জ্ঞাত আৰু জ্ঞেয়ৰ সম্পর্ক পােনপটীয়া নহয় । জ্ঞাতাৰ মনৰ ধাৰণাৰ ওপৰতহে জ্ঞান নির্ভৰ কৰে ।
( গ ) বৈজ্ঞানিক বাস্তৱবাদে মুখ্য গুণ বস্তুনিষ্ঠ কিন্তু গৌণ গুণ আত্মনিষ্ঠ বা ব্যক্তিনিষ্ঠ বা মনোগত ।
( ঘ ) বৈজ্ঞানিক বস্তুবাদ অনুসৰি প্রকৃত বস্তু আৰু ধাৰণাৰ পার্থক্য আছে । ধাৰণাবোৰ বস্তুৰ প্রতিচ্ছবি ।
প্রশ্ন ৫। জন ল’কৰ প্রতিনিধিত্ববাদ সম্পৰ্কত এটা চমুটোকা লিখা ।
উত্তৰঃ যি মতবাদ অনুসৰি বস্তুৰ মন স্বতন্ত্র অস্তিত্ব আছে আৰু বস্তুৰ জ্ঞান , বস্তুৰ ধাৰণাৰ যােগেদি প্রত্যক্ষভাৱেহে জানিব পাৰি তাক বৈজ্ঞানিক বাস্তৱবাদ বােলে । এই মতবাদে সৰল বাস্তৱবাদৰ দোষ সংশােধিত কৰি নিজৰ মত আগবঢ়াইছে । অভিজ্ঞতাবাদী দার্শনিক জন লক এই মতবাদৰ প্রধান প্রৱর্তক । এই মতবাদক প্রতিনিধিত্ববাদ বুলিও কোৱা হয় । এই মতবাদ অনুসৰি বাহ্যবস্তুবােৰ আমাৰ প্রত্যক্ষৰ পৰা স্বতন্ত্র যদিও সেইবােৰ প্ৰকৃততে যেনেকুৱা তেনেধৰণে । আমি জানিব নােৱাৰাে । অর্থাৎ বাহ্যবস্তুৰ সাক্ষাৎ জ্ঞান অভিজ্ঞতাৰ দ্বাৰা লাভ কৰিব নােৱাৰি । পােনপটীয়াকৈ প্ৰত্যক্ষৰ দ্বাৰা আমি বস্তুৰ যি জ্ঞান লাভ কৰো সেয়া প্রকৃত বস্তু নহয় । প্রকৃত বস্তুৰ প্রতিফলনহে মাত্র । মনত প্রতিফলিত হােৱা বস্তুৰ এই প্রতিলিপি বা প্রতিবিম্বসমূহকে ধাৰণা আখ্যা দিয়া হয় । গতিকে আমি লকৰ মত অনুসৰি ক’ব পাৰোঁ যে বস্তুৰ ধাৰণাকহে পােনপটীয়াকৈ জানিব পাৰোঁ , বস্তুক নােৱাৰোঁ । বুস্তুক প্রত্যক্ষভাৱে জানিব নােৱাৰি । বস্তুৰ ধাৰণাৰ মাজেৰেহে পৰােক্ষভাৱে জানিব পাৰি । ইয়াত জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পর্ক পৰোক্ষ ।
ৰচনাধর্মী প্রশ্নোত্তৰ ( মূল্যাংক -৬ )
প্রশ্ন ১। সৰল বাস্তৱবাদ কি ? সৰল বাস্তৱবাদৰ বৈশিষ্ট্যবােৰ কি কি ?
উত্তৰঃ জগতখন বস্তুৰে ভৰা । বস্তুৰ অস্তিত্ব মন নিৰপেক্ষ । প্রত্যক্ষৰ জৰিয়তে বস্তুবােৰ আমাৰ মনত প্রতিম্বিত হয় । গুণেৰে সৈতে এই বস্তুবােৰ মনৰ পৰা স্বতন্ত্রভাৱে বস্তুজগতত অস্তিত্বশীল হয় । এই বস্তুবােৰৰ গুণবােৰ আমাৰ মনৰ ধাৰণাতাে আছে । সেয়েহে এই ধাৰণা আৰু বস্তুবােৰৰ মাজত মিল আছে । গতিকে সৰল বাস্তৱবাদ অনুসৰি বস্তুৰ জ্ঞান পােনপটীয়া জ্ঞান ।
সর্বসাধাৰণৰ ধাৰণা মতে , জ্ঞাত মনে বস্তুবােৰ তাৰ গুণেৰে সৈতে সাক্ষাতভাৱে জানিব পাৰে । সেয়েহে ইয়াক সৰল বাস্তৱবাদ বা লৌকিক মতবাদ বােলা হয় ।
এই জগতৰ বস্তুবােৰ মৌলিক আৰু গৌণ গুণবিশিষ্ট । প্রকৃততে এই দুই প্রকাৰৰ গুণৰ কোনাে পার্থক্য নাই । আমি প্রত্যক্ষ কৰাে বা নকৰাে গুণসমূহ বস্তুৰ লগত থাকে । আমি যেতিয়া বস্তু প্রত্যক্ষ কৰাে তেতিয়া এই গুণসমূহকে প্রত্যক্ষ কৰোঁ । তাৰ সংবেদনসমূহ মানসিক অৱস্থা মাত্র ।
কিন্তু এই মতবাদ গ্রহণযােগ্য নহয় । কাৰণ মানসিক অৱস্থাৰ প্ৰতিৰূপ কোনাে বাহ্যবস্তু নাই । এই মতবাদ স্বীকাৰ কৰিলে জ্ঞানৰ সার্বিকতা নােহােৱা হ’ব । একে বস্তুকে বিভিন্ন মানুহে বেলেগে বেলেগে প্রত্যক্ষ কৰিব পাৰে । গতিকে সকলাে গুণক বস্তুগত বুলিব নােৱাৰি । কিছুমান । গুণ মনৰ ওপৰত নিৰ্ভৰশীল । সেয়েহে সৰল বাস্তৱবাদ আসোঁৱাহ মুক্ত নহয় । এই মতবাদ দার্শনিক মূল্য কম ।
সৰল বাস্তৱবাদৰ বৈশিষ্ট্যবােৰ হ’ল—
( ক ) সৰল বাস্তৱবাদে বাস্তৱবাদৰ অস্তিত্ব স্বীকাৰ কৰে ।
( খ ) সৰল বাস্তৱবাদ অনুসৰি ইন্দ্রিয় অভিজ্ঞতাৰ দ্বাৰা বাস্তৱ জগতখনৰ জ্ঞান লাভ কৰিব পাৰি । বস্তুবােৰ আমি যিদৰে প্রত্যক্ষ কৰোঁ তেনেদৰেই থাকে ।
( গ ) বস্তুৰ অস্তিত্ব কোনাে মনে জনা বা নজনাৰ ওপৰত নিৰ্ভৰ নকৰে । অর্থাৎ মন নিৰ্ভৰশীল । নহয় ।
( ঘ ) বস্তুৰ সকলাে গুণ মনৰ পৰা স্বতন্ত্রভাৱে বস্তুত থাকে ।
প্রশ্ন ২। বৈজ্ঞানিক বাস্তৱবাদ কি ? ইয়াৰ বৈশিষ্ট্যবােৰ কি কি ?
উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে । কিন্তু কিছুমান গুণ বস্তুত থাকে আৰু কিছুমান গুণ ব্যক্তিমনত থাকে । বস্তুত থকা গুণবােৰ মৌলিক । যেনে – বস্তুৰ আকাৰ , আয়তন , বিস্তৃতি , গতি ইত্যাদি । আনহাতে ব্যক্তিমনত থকা গুণবােৰ হ’ল ৰং , সােৱাদ , গােন্ধ , তাপ , চাপ ইত্যাদি গৌণ গুণবােৰ । আমাৰ মনত থকা ধাৰণাসমূহ এই মৌলিক গুণবােৰৰ প্রতিৰূপ । কিন্তু গৌণ গুণবােৰ ব্যক্তিভেদে বেলেগ বেলেগ । এইবােৰ মানসিক ৰূপ মাত্র । জন লক , ডেকার্ট , স্পিনােজা আদি এই মতবাদৰ সমর্থক ।
গৌণ গুণসমূহ আৰু মৌলিক গুণসমূহৰ বিশেষ অৱস্থান আৰু সংমিশ্ৰণৰ ফলত আমাৰ মনত ধাৰণাৰ উদ্ভৱ হয় । লক আৰু ডেকাৰ্টৰ মতে আমাৰ মনে পােনপটীয়াকৈ কোনাে বস্তু জানিব নােৱাৰে । লকৰ মতে বস্তুৰ প্রত্যক্ষ মনে ধাৰণাকহে মাত্র জানিব পাৰে । আমাৰ মনত থকা ধাৰণাবােৰ এই মৌলিক গুণবােৰৰ প্ৰতিৰূপ । কিন্তু গৌণ গুণবােৰ ব্যক্তিভেদে বেলেগ বেলেগ।বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে । আমাৰ মন বা চেতনা এখন পর্দাৰ নিচিনা । যাৰ মাধ্যমেৰে আমি বস্তুৰ ধাৰণা বা প্রতীক পাওঁ । আমাৰ মনৰ ধাৰণাৰ লগত যদি বাহ্য বস্তুৰ মিল পাওঁ , তেনেহ’লে জ্ঞান যথার্থ হ’ব । জন লকৰ এই মতবাদে বিজ্ঞানী সকলৰ স্বীকৃতি লাভ কৰিছিল । সেইবাবে এই মতবাদক বৈজ্ঞানিক বাস্তৱবাদ বােলে । এই মতবাদক সবিচাৰবাদ বা সংস্কৃত বস্তুবাদ বা প্রতীকবাদো বােলা হয় ।
বৈজ্ঞানিক বাস্তৱবাদৰ বৈশিষ্ট্যবােৰ হ’ল—
( ক ) বৈজ্ঞানিক বাস্তৱবাদ মতে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র ।
( খ ) বৈজ্ঞানিক বাস্তৱবাদ মতে বস্তুবােৰ গুণৰ জৰিয়তে জানিব পাৰি । যিবােৰ মনৰ পৰা স্বতন্ত্ৰ ।
( গ ) বৈজ্ঞানিক বাস্তৱবাদ মতে জ্ঞান এটা সম্পূর্ণ স্বাধীন প্রক্রিয়া । এই প্রক্রিয়াই বস্তুৰ প্রতিলিপি বা নকলহে প্ৰভাৱান্বিত কৰে ।
( ঘ ) বস্তুৰ প্ৰকৃত স্বৰূপ গুণেহে প্রকাশ কৰে– যিবােৰ গুণ অপৰিৱর্তনীয় ।
প্রশ্ন ৩। বাস্তবতাৰ সংজ্ঞা হিচাপে বৈজ্ঞানিক বাস্তববাদ সম্পৰ্কত সমালােচনামূলক আলােচনা কৰা ।
উত্তৰঃ বাস্তৱবাদৰ সংজ্ঞা হিচাপে বৈজ্ঞানিক বাস্তৱবাদ সমালােচনামুক্ত নহয় । জন লক আৰু তেওঁৰ অনুগামীসকলৰ এই মতবাদ গ্রহণযােগ্য নহয় । কাৰণ , যদি আমি মনৰ ধাৰণাকহে জানাে তেন্তে বাহ্যবস্তু অজ্ঞাতে আৰু অজ্ঞেয় হৈয়ে থাকিব । তাৰােপৰি আমি এই মতবাদ মতে বস্তুক প্রত্যক্ষ নকৰোঁ তাৰ প্রতীককহে প্রত্যক্ষ কৰো । গতিকে ধাৰণাৰ লগত বস্তুৰ মিল আছে নে নাই তাক জানিম কেনেকৈ ?
আনহাতে মৌলিক আৰু গৌণ গুণৰ শ্ৰেণীকৰণটো ভুল । আমি গুণবােৰ স্বতন্ত্রভাৱে কেতিয়াও নাপাওঁ । বস্তুবাদ মতে সত্তা নিত্য আৰু স্বতন্ত্র । অস্তিত্বৰ বাবে ই কাৰো ওপৰত নিৰ্ভৰশীল নহয় ।
বস্তুবাদৰ সাধাৰণ মতবাদ হ’ল –মনত নিৰপেক্ষভাৱে বস্তুৰ অস্তিত্ব থাকিব পাৰে । লকৰ এই বৈজ্ঞানিক বস্তুবাদে বার্কলিৰ ভাববাদৰ সূচনা কৰিলে ।
প্রশ্ন ৪। বাস্তৱবাদৰ সংজ্ঞা হিচাপে সৰলবাস্তৱবাদ সম্পৰ্কত সমালােচনামূলক আলােচনা আগবঢ়োৱা ।
উত্তৰঃ বাস্তৱবাদৰ সংজ্ঞা হিচাপে সৰল বাস্তৱবাদ সমালােচনা মুক্ত নহয় । সৰল বাস্তৱবাদ মানুহে সাধাৰণভাৱে গ্ৰহণ কৰা এক সাধাৰণ দৃষ্টিভংগীহে মাথােন । এই ব্যাখ্যাৰ দার্শনিক মূল্য কম । এই মতবাদৰ বিৰুদ্ধে আগবঢ়োৱা সমালােচনাবােৰ হ’ল—
( ক ) সৰল বাস্তৱবাদে ভুল – ভ্রান্তিক ব্যাখ্যা কৰিব নােৱাৰে । আমি সদায় শুদ্ধৰূপত বস্তুক প্রত্যক্ষ নকৰোঁ । তেনে ক্ষেত্ৰত বস্তুৰ প্রকৃত স্বৰূপ আমাৰ প্রত্যক্ষত ধৰা নপৰে । সৰল বাস্তৱবাদে ভ্ৰান্তিৰ অভিজ্ঞতাৰ ব্যাখ্যা দিব নােৱাৰে । এই মতবাদ অনুসৰি আমাৰ বস্তুৰ প্রকৃত স্বৰূপেৰেই প্রত্যক্ষ হয় । কিন্তু এই কথা মানি ল’ব নােৱাৰি ।
( খ ) সৰল বাস্তৱবাদে কোৱাৰ দৰে বাহ্যবস্তুৰ অস্তিত্ব সকলাে ক্ষেত্রতে বস্তুটোৰ জ্ঞানৰ পৰা স্বতন্ত্র বুলি মানি ল’ব পৰা নাযায় । বস্তু এটা জ্ঞানৰ বিষয়বস্তু হােৱাৰ সম্পৰ্কলৈ আহিলেই জ্ঞেয় জ্ঞাতাৰ পৰা স্বতন্ত্র হ’ব নােৱাৰে ।
( গ ) সৰল বাস্তৱবাদে সপােনৰ ব্যাখ্যা দিব নােৱাৰে । সৰল বাস্তৱবাদ অনুসৰি , অভিজ্ঞতাত পােৱা সকলাে বস্তুৱেই মনৰ পৰা স্বতন্ত্র । কিন্তু আমি সপােনত দেখা বস্তুবােৰ মনৰ পৰা সম্পূর্ণ স্বতন্ত্র বা বাহ্যিক হ’ব নােৱাৰে ।
( ঘ ) সৰল বাস্তৱবাদে বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত হােৱা জ্ঞানৰ ভিন্নতা আওকাণ কৰে ।
( ঙ ) সৰল বাস্তৱবাদে জ্ঞানৰ ক্ষেত্ৰত মনৰ সংশ্লেষাত্মক কার্যসমূহৰ গুৰুত্ব গ্রাহ্য নকৰাটো গ্রহণযােগ্য নহয় । কোনাে এটা বস্তুক জানােতে কিছুমান মনস্তাত্ত্বিক আৰু জ্ঞানতাত্ত্বিক প্রক্রিয়া অতিক্রম কৰিবলগীয়া হয় । আচলতে বস্তুৰ প্রকৃত জ্ঞান মনৰ সংশ্লেষাত্মক ক্রিয়াৰহে ফল , কিন্তু সৰল বাস্তৱবাদে মনৰ এই সংশ্লেষাত্মক ক্রিয়াৰ গুৰুত্ব মানি নলয় ।
( চ ) সৰল বাস্তৱবাদে জ্ঞানৰ আন্তঃজৈৱিক আৰু বহিঃজৈৱিক চর্ত গ্রাহ্য নকৰে । কোনাে বস্তুৰ জ্ঞান কিছুমান আন্তঃজৈৱিক চর্ত , যেনে- ইন্দ্ৰিয়ৰ গঠন , ক্ষমতা আদি আৰু বহিঃ জৈৱিক চর্ত , যেনে — পােহৰৰ পৰিমাণ , বিভিন্ন সঁজুলিৰ ব্যৱহাৰ , যেনে – দূৰবীক্ষণ যন্ত্র , অনুবীক্ষণ যন্ত্র আৰু সেইবােৰৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে । এইবােৰৰ ব্যৱহাৰে আমাৰ জ্ঞানৰ ক্ষেত্ৰত প্ৰভাৱ পেলায় । কিন্তু সৰল বাস্তৱবাদে এই চৰ্তবােৰৰ প্ৰভাৱ অস্বীকাৰ কৰি কয় , যে বস্তুটো যেনে ভাৱে আছে , তেনেভাৱেই জনা যায় । এই কথাষাৰ গ্রহণযােগ্য নহয় । এইবােৰৰাে প্রয়ােজন জ্ঞানৰ ক্ষেত্রত ।
গতিকে সৰল বাস্তৱবাদে জ্ঞানৰ প্রকৃতি , জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পৰ্কৰ যথাযথ ব্যাখ্যা আগবঢ়াব পৰা নাই । এই মতবাদে সাধাৰণ ধাৰণা আগবঢ়ালেও বৈজ্ঞানিক বা দার্শনিক গ্রহণযােগ্য মত আগবঢ়াব পৰা নাই । গতিকে ইয়াৰ দার্শনিক মূল্য কম ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.






