Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র

Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র and select needs one.

Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র Solutions for All Subject, You can practice these here.

নীতিশাস্ত্র

পাঠ: ৭

 অতি চমু প্ৰশ্নোওৰ ( মূল্যাংক -১ ) 

প্রশ্ন ১। কি শব্দৰ পৰা ‘Ethics’ শব্দটোৰ উৎপত্তি হৈছে ? 

উত্তৰঃ ‘Ethics’ শব্দটো গ্রীক শব্দ ‘Ethica’ বা  ‘Ethos’ শব্দৰ পৰা উৎপত্তি হৈছে । 

প্রশ্ন ২। কি শব্দৰ পৰা ‘Moral’ শব্দটোৰ উৎপত্তি হৈছে ? 

উত্তৰঃ ইংৰাজী ‘Moral ল’ শব্দটো লেটিন শব্দ  ‘Mores’ ৰ পৰা উৎপত্তি হৈছে । 

প্রশ্ন ৩। ‘Moral’ শব্দই কি বুজায় ? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ Moral শব্দই মানুহৰ চৰিত্ৰ , ৰীতি – নীতি , আচাৰ – ব্যৱহাৰ আদি বুজায় । 

প্রশ্ন ৪। ‘Ethos’ শব্দই কি বুজায় ? 

উত্তৰঃ ‘Ethos’ শব্দৰ অৰ্থ হৈছে— চৰিত্র , আচাৰ – ব্যৱহাৰ বা ৰীতি – নীতি সম্পর্কীয় বিজ্ঞান ।  

প্রশ্ন ৫। নীতিশাস্ত্ৰৰ এটা চমু সংজ্ঞা দিয়া । 

উত্তৰঃ নীতিবিজ্ঞান মানুহৰ ঐচ্ছিক ক্রিয়া বা আচৰণৰ ঔচিত্য , অনৌচিত্য , শুদ্ধতা অশুদ্ধতা আদি নৈতিক গুণৰ বিচাৰ কৰা আদর্শনিষ্ঠ বিজ্ঞান ।

প্রশ্ন ৬। নীতিশাস্ত্র এটা আদর্শনিষ্ঠ বিজ্ঞাননে ? 

উত্তৰঃ নীতিশাস্ত্র এটা আদর্শনিষ্ঠ বিজ্ঞান । ইয়াৰ আদর্শ হ’ল পৰম শ্রেয় বা পৰম সত্তা । 

প্রশ্ন ৭। চৰিত্ৰ হ’ল আচৰণৰ আভ্যন্তৰীণ দিশ ’ — কথাষাৰ শুদ্ধনে ? 

উত্তৰঃ চৰিত্ৰ হ’ল আচৰণৰ আভ্যন্তৰীণ দিশ’— কথাষাৰ শুদ্ধ । 

প্রশ্ন ৮। অনৈচ্ছিক ক্রিয়া নৈতিক বিচাৰৰ বস্তু হয় নে ? 

উত্তৰঃ অনৈচ্ছিক ক্রিয়া নৈতিক বিচাৰৰ বস্তু নহয় । 

প্রশ্ন ৯। লক্ষ্য বা উদ্দেশ্য ’ উপায়ৰ ন্যায্যতা প্রতিপাদন কৰে কথাষাৰ মানি লােৱানে ? 

উত্তৰঃ লক্ষ্য বা উদ্দেশ্যই উপায়ৰ ন্যায্যতা প্রতিপাদন কৰে ।’ কথাষাৰ মানি ল’ব পাৰি । 

প্রশ্ন ১০। নৈতিক বিচাৰৰ বষয়বস্তু কি ?

উত্তৰঃ মানুহৰ ঐচ্ছিক ক্রিয়া বা আচৰণৰ ঔচিত্য –  অনৌচিত্য, শুদ্ধতা, অশুদ্ধতা আদি নৈতিক গুণ নৈতিক বিচাৰৰ বিষয়বস্তু । 

প্রশ্ন ১১। পুৰুষাৰ্থ কিমান প্ৰকাৰৰ ? 

উত্তৰঃ পুৰুষাৰ্থ চাৰি প্ৰকাৰৰ— 

( ক ) ধর্ম ।

( খ ) অর্থ ।

( গ ) কাম । আৰু 

( ঘ ) মােক্ষ ।

প্রশ্ন ১২। নীতিশাস্ত্র কোন ধৰণৰ বিজ্ঞান ?

 উত্তৰঃ নীতিশাস্ত্র আদর্শনিষ্ঠ বিজ্ঞান ।

প্রশ্ন ১৩। নীতিশাস্ত্র ব্যৱহাৰিক বিজ্ঞান হয় নে ? 

উত্তৰঃ নীতিশাস্ত্র ব্যৱহাৰিক বিজ্ঞান হয় । 

প্রশ্ন ১৪। বিষয় নিষ্ঠ বিজ্ঞানৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ বিষয়নিষ্ঠ বিজ্ঞানৰ এটা উদাহৰণ হ’ল— পদার্থ বিজ্ঞান । 

প্রশ্ন ১৫। আদর্শনিষ্ঠ বিজ্ঞানৰ এটা উদাহৰণ দিয়া ? 

উত্তৰঃ আদর্শনিষ্ঠ বিজ্ঞানৰ এটা উদাহৰণ হ’ল— নীতি বিজ্ঞান । 

প্রশ্ন ১৬। অনৈতিক কার্যৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ বাধ্যবাধকতাৰ বশৱৰ্তী হৈ কৰা কামত কোনাে স্বাধীনতা নাথাকে । গতিকে এই কাম অনৈতিক । 

প্রশ্ন ১৭। ঐচ্ছিক ক্রিয়াক বিচাৰৰ বিষয়বস্তু হিচাপে গণ্য কৰা হয় নে ? 

উত্তৰঃ ঐচ্ছিক ক্রিয়াক নৈতিক বিচাৰৰ বিষয়বস্তু হিচাপে গণ্য কৰা হয় । 

প্রশ্ন ১৮। অভ্যাসজনিত ক্রিয়াক নৈতিক বিচাৰৰ বিষয়বস্তু হিচাপে গণ্য কৰা হয়নে ? 

উত্তৰঃ অভ্যাসজনিত ক্রিয়াক নৈতিক বিচাৰৰ বিষয়বস্তু হিচাপে গণ্য কৰা হয় । 

প্রশ্ন ১৯। লক্ষ্যই উপায়ৰ ন্যায্যতা প্রদান কৰে নে ? 

উত্তৰঃ লক্ষ্যই উপায়ৰ ন্যায্যতা প্রদান কৰে । 

প্রশ্ন ২০। “ নীতি শাস্ত্র হ’ল মানৱীয় আচৰণত জড়িত সর্বোচ্চ আদৰ্শৰ বিজ্ঞান ” — কোনে এনেদৰে কৈছিল ? 

উত্তৰঃ “ নীতি শাস্ত্র হ’ল মানৱীয় আচৰণত জড়িত সর্বোচ্চ আদৰ্শৰ বিজ্ঞান ” -কথাষাৰ জি . ই . মুৰে ( G. E. Moore ) এনেদৰে কৈছিল ।

প্রশ্ন ২১। “ নীতিশাস্ত্ৰৰ সংজ্ঞা দিব পাৰি আচৰণৰ শুদ্ধতা বা ভাল সম্পর্কে এক অধ্যয়ন হিচাপে ” – এই উক্তিটোৰ সৈতে জড়িত দার্শনিকগৰাকীৰ নাম লিখা । 

উত্তৰঃ “ নীতিশাস্ত্ৰৰ সংজ্ঞা দিব পাৰি আচৰণৰ শুদ্ধতা বা ভাল সম্পর্কে এক অধ্যয়ন হিচাপে ” – এই উক্তিটোৰ সৈতে জড়িত দার্শনিকগৰাকীৰ নাম হ’ল- অধ্যাপক মেকেঞ্জি । 

প্রশ্ন ২২। “ সমাজত বাস কৰা মানুহৰ আচৰণৰ আদর্শ বিজ্ঞান হিচাপে আমি নীতিশাস্ত্ৰৰ সংজ্ঞা দিব পাৰোঁ । ” — এই উক্তিৰ সৈতে জড়িত দার্শনিকগৰাকীৰ নাম লিখা । 

উত্তৰঃ  “ সমাজত বাস কৰা মানুহৰ আচৰণৰ আদর্শ বিজ্ঞান হিচাপে আমি নীতিশাস্ত্ৰৰ সংজ্ঞা দিব পাৰোঁ । ” — এই উক্তিৰ সৈতে জড়িত দার্শনিকগৰাকীৰ নাম হ’ল- নীতিবিজ্ঞানী উইলিয়াম লিলি । 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ / ৩ ) 

প্রশ্ন ১। নীতিশাস্ত্ৰৰ সংজ্ঞা দিয়া । 

উত্তৰঃ নীতি বিজ্ঞান হ’ল মানুহৰ ঐচ্ছিক ক্রিয়া বা আচৰণৰ ঔচিত্য – অনৌচিত্য , শুদ্ধতা অশুদ্ধতা আদি নৈতিক গুণৰ বিচাৰ আদৰ্শনিষ্ঠ বিজ্ঞান । 

প্রশ্ন ২। আদর্শনিষ্ঠ বিজ্ঞান কি ? 

উত্তৰঃ আদৰ্শনিষ্ঠ বিজ্ঞান কি বুলিলে ক’ব লাগিব যে— যি বিজ্ঞানে কোনাে এক আদৰ্শৰ জৰিয়তে বিষয়বস্তুৰ মূল্য নির্ণয় কৰে বা বিচাৰ কৰে বা এটা আদৰ্শৰ লগত সংগতি ৰাখি বিষয়বস্তুৰ মূল যি বিজ্ঞানে বিচাৰ কৰে তাক আদর্শনিষ্ঠ বিজ্ঞান বােলে ।

প্রশ্ন ৩। ঐচ্ছিক ক্রিয়াৰ বিভিন্ন স্তৰবােৰ কি কি ? 

উত্তৰঃ ঐচ্ছিক ক্রিয়াৰ বিভিন্ন স্তৰবােৰ হ’ল— 

( ক ) মানসিক স্তৰ ।

( খ ) দৈহিক স্তৰ । আৰু

( গ ) বাহ্যবস্তুৰ বা পৰিসমাপ্তিৰ স্তৰ । 

প্রশ্ন ৪। অভ্যাসজনিত ক্রিয়া নৈতিক বিচাৰৰ বিষয়বস্তু হয়নে ? 

উত্তৰঃ অভ্যাসজনিত কৰ্ম ঐচ্ছিক কর্মৰ পৰিণতি । অভ্যাসজনিত কৰ্ম আৰম্ভণিতে ইচ্ছাৰ বশৱৰ্তী হৈ কৰা কৰ্ম । পিছলৈহে অভ্যাসত পৰিণত হয় । গতিকে ঐচ্ছিক আৰু অভ্যাসজনিত কর্ম নৈতিক বিচাৰৰ বিষয়বস্তু । 

প্রশ্ন ৫। কামনাৰ সংঘাত বুলিলে কি বুজা ? 

উত্তৰঃ অভাৱবােধৰ লগত লক্ষ্যৰ ধাৰণা যুক্ত হলে যি মানসিক অৱস্থাৰ উদ্ভৱ হয় , তাকেই কামনা বােলে । মানুহৰ জীৱনত কামনাৰ অন্ত নাই । মানুহৰ অভাৱাে সীমাহীন । একে সময়ত উদ্ভৱ হােৱা একাধিক কামনা পৰিতৃপ্তি একেলগে , একেসময়তে সম্ভৱ নহয় ৷ এনে । পৰিস্থিতিত গুৰুত্ব অনুসৰি গ্ৰহণীয় বা বর্জনীয় কামনা নির্ণয় কৰিব নােৱাৰা অৱস্থাক কামনা দ্বন্দ্ব বা কামনাৰ সংঘাত বােলা হয় । 

প্রশ্ন ৬। পুৰুষাৰ্থৰ অর্থ কি ? 

উত্তৰঃ প্রাচীন ভাৰতীয় দর্শনত মানুহৰ জীৱনৰ চাৰিটা পৰম মূল্য বা পৰম লক্ষ্যক স্বীকৃতি দিয়া হয় । এই চাৰিটা পৰম মূল্য হ’ল — ধর্ম , অর্থ , কাম আৰু মােক্ষ । এই চাৰিটা পৰম মূল্যক পুৰুষাৰ্থ বুলি কোৱা হয় । এই শব্দটো সংস্কৃত শব্দ ‘ পুৰুষ আৰু ‘ অর্থ ’ শব্দ দুটাৰ পৰা উদ্ভৱ হৈছে । পুৰুষ ’ মানে ‘ আত্মা ’ আৰু অৰ্থ মানে ‘ উদ্দেশ্য । ধর্ম , অর্থ , কাম , মােক্ষ— এই চাৰিটা পুৰুষাৰ্থক চতুর্বর্গ বুলিও কোৱা হয় । 

প্রশ্ন ৭। ‘বর্ণাশ্রম ধর্ম’ বুলিলে কি বুজা ? 

উত্তৰঃ গীতাৰ নিষ্কাম কৰ্মৰ লগত বর্ণাশ্রম ধর্ম গভীৰভাৱে জড়িত হৈছে । বর্ণ – ধৰ্ম আৰু আশ্রম ধৰ্মৰ সন্মিলিত ৰূপেই হ’ল বর্ণাশ্রম ধর্ম । ধর্ম ’ মানে নির্বাচন কৰা । অর্থাৎ ব্যক্তিয়ে নিজৰ স্বভাৱ আৰু সাধ্য অনুসৰি বৃত্তি নির্বাচন কৰাই বর্ণাশ্রম ধর্ম। চাৰিটা বৰ্ণ হ’ল — ব্রাহ্মণ , ক্ষত্রিয় , বৈশ্য আৰু শূদ্র । 

প্রশ্ন ৮। নীতিশাস্ত্ৰক কিয় আদর্শনিষ্ঠ বিজ্ঞান বােলে ? 

উত্তৰঃ যি বিজ্ঞানে কোনাে এটা আদৰ্শৰ জৰিয়তে বিষয়বস্তুৰ মূল্য নিৰূপণ কৰে তাক আদর্শনিষ্ঠ বিজ্ঞান বােলে । নীতিবিজ্ঞান হ’ল এনে এক বিজ্ঞান যি মানৱীয় আচৰণৰ পৰম আদর্শসমূহৰ যথার্থ মূল্য নির্ধাৰণৰ নীতিসমূহ নিৰ্দ্ধাৰণ কৰে । এই বিজ্ঞান সমাজত বাস কৰা মানুহৰ আচৰণৰ আদৰ্শনিষ্ঠ বিজ্ঞান । যিহেতু নীতি বিজ্ঞানে মানুহৰ আচৰণৰ শুদ্ধতা – অশুদ্ধতা , ভাল – বেয়া আদিক সেই ধৰণে বিচাৰ কৰে । গতিকে নীতি বিজ্ঞানক আদর্শনিষ্ঠ বিজ্ঞান বােলে ।

প্রশ্ন ৯। মােক্ষৰ সংজ্ঞা দিয়া । 

উত্তৰঃ ভাৰতীয় দার্শনিকসকলে ( চার্বাকৰ বাহিৰে ) নির্বাণ , কৈৱল্য , অপবর্গ আদি শব্দক মােক্ষৰ সমার্থক শব্দ হিচাপে ব্যৱহাৰ কৰে । মােক্ষ এক পূর্ণ জ্ঞানযুক্ত , পৰম শান্তিৰ অৱস্থা— যি অৱস্থাত ব্যক্তিয়ে কর্মৰ নঞর্থক স্বভাৱবােৰৰ পৰা মুক্ত হ’ব পাৰে । মােক্ষৰ ধাৰণাই পৰম আনন্দময় , অৱস্থাৰ কথাও সূচায় । আত্মিক উপলব্ধিৰ জৰিয়তে আত্মাৰ মৌলিক পৱিত্ৰতা আৰু পূর্ণস্থিতি অনুভৱ কৰাৰ কথাও সূচায় । গতিকে মােক্ষক এক সম্পূর্ণতাৰ উপলব্ধি বা স্থিতি বুলি অভিহিত কৰিব পৰা যায় ।

প্রশ্ন ১০। ‘ত্রিবর্গ’ বুলিলে কি বুজা ? 

উত্তৰঃ ত্রিবর্ণ বুলিলে ‘অর্থ’,  ‘কাম’ আৰু ধৰ্ম’ক বুজায় । ‘মােক্ষ লাভ কৰিবলৈ এই তিনিটা পুৰুষাৰ্থৰ অনুশীলন কৰিবলৈ দার্শনিক সকলে অনুমােদন কৰা দেখা যায় । গতিকে ত্রিবর্গ বুলিলে অর্থ , কাম , মােক্ষ — এই তিনি পুৰুষাৰ্থক বুজা যায় ।

প্রশ্ন ১১। নৈতিক কার্য কি ? নৈতিক কার্যৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ যিবােৰ কার্যত নৈতিক গুণ জড়িত থাকে , তেনে কর্ম বা কার্যক নৈতিক কার্য বােলে । নৈতিক কর্ম বা কার্য নৈতিক বিচাৰৰ বস্তু বা বিষয় ।  নৈতিক কার্যৰ দুটা উদাহৰণ হ’ল– 

( ক ) সত্য কথা কোৱা ( ঐচ্ছিক ক্রিয়া ) । ই এটা নৈতিক ক্রিয়া । 

( খ ) মদ্যপান কৰা — অভ্যাসজনিত ক্রিয়া । যিহেতু এই ক্রিয়া অভ্যাসজনিত ক্রিয়া গতিকে ঐচ্ছিক ক্রিয়া । সেয়েই এই কার্য নৈতিক বিচাৰৰ বস্তু বা বিষয় । 

প্রশ্ন ১২। অনৈতিক কার্য কি ? অনৈতিক কার্যৰ দুটা উদাহৰণ দিয়া ।

উত্তৰঃ যিবােৰ ক্ৰিয়াৰ কোনাে নৈতিক গুণ নাই অর্থাৎ যিবােৰ ক্ৰিয়াক ভাল , বেয়া , উচিত , অনুচিত বুলি অভিহিত কৰিব নােৱাৰি তাক অনৈতিক কার্য বােলে । 

উদাহৰণস্বৰূপে– ( ক ) চকুৰ টিপ মৰা ,( খ ) হাঁচি মৰা ইত্যাদি । 

প্রশ্ন ১৩। ঐচ্ছিক ক্রিয়াৰ সংজ্ঞা দিয়া । অভ্যাসমূলক কার্য ঐচ্ছিক ক্রিয়াৰ অন্তর্ভুক্ত নে?

উত্তৰঃ যিবােৰ ক্ৰিয়াত নৈতিক গুণ নাই অৰ্থাৎ যিবােৰ ক্রিয়া ভাল , বেয়া , উচিত , অনুচিত বুলি বিচাৰ কৰিব পাৰি তাক ঐচ্ছিক ক্রিয়া বা নৈতিক ক্রিয়া বােলা হয় ।

ঐচ্ছিক ক্রিয়াৰ লগত অভ্যাসমূলক ক্রিয়াও নৈতিক কর্ম । যিবােৰ ক্রিয়া ( চিগাৰেট খােৱা , মদ্যপান কৰা , ঘূৰি ফুৰা) অনুশীলনৰ দ্বাৰা অভ্যাসত পৰিণত হয় তাক অভ্যাসজাত ক্রিয়া বােলে । অভ্যাসজাত ক্রিয়াক ঐচ্ছিক ক্রিয়া বােলা হয় । কাৰণ প্ৰথম অৱস্থাত কর্তাই স্বেচ্ছাই এই ক্রিয়া কৰি অভ্যাসত পৰিণত কৰিছিল ৷ এনে ক্রিয়াৰ ভাল , বেয়া , উচিত – অনুচিত আদি বিচাৰ কৰিব পাৰি । গতিকে এনে ক্রিয়া ঐচ্ছিক ক্রিয়াৰ অন্তর্ভুক্ত ।

প্রশ্ন ১৪। যিকোনাে তিনিটা অনৈচ্ছিক ক্রিয়া ব্যাখ্যা কৰা । 

উত্তৰঃ তলত তিনিটা অনৈচ্ছিক ক্রিয়াৰ ব্যাখ্যা কৰা হ’ল— 

( খ ) উন্মাদ ব্যক্তিৰ ক্রিয়া :- মানুহ যেতিয়া পগলা হয় , তেতিয়া মানুহজনৰ বিচাৰ বুদ্ধি নােহােৱা হয় । ফলত তেওঁ সেই অৱস্থাত যিকোনাে কাম কৰি পেলাব পাৰে । এই অৱস্থাত তেওঁৰ সকলাে কর্ম অৱচেতন মনৰ দ্বাৰাই সম্পাদিত হয় । গতিকে এনে ব্যক্তিৰ ক্ৰিয়াত নৈতিক গুণ আৰােপ কৰি বিচাৰ কৰিব নােৱাৰি ৷ উন্মাদ ব্যক্তিৰ ক্রিয়া অনৈচ্ছিক হােৱা বাবে এনে ক্রিয়াৰ নৈতিক বিচাৰ কৰিব নােৱাৰি । 

( খ ) আকস্মিক ক্রিয়া :- কোনাে ব্যক্তিৰ ইচ্ছাৰ বিৰুদ্ধে যদি হঠাৎ কিবা কর্ম সম্পাদিত হয় , তেনেহ’লে সেই ক্রিয়াক আকস্মিক ক্রিয়া বােলা হয় । যেনে— একাপ চাহ ব্যক্তি এজনক দিবলৈ আনােতে যদি চাহকাপ মাটিত পৰি কাপটো ভাগে তেতিয়া তেনে ক্রিয়াক – আকস্মিক ক্রিয়া বােলা হয় । এনে ধৰণৰ ক্ৰিয়াত ভাল , বেয়া , উচিত , অনুচিত আদি নৈতি গুণ আৰােপ কৰি নৈতিক বিচাৰ কৰিব নােৱাৰি । 

( গ ) ভাবজ ক্রিয়া :- আমাৰ অজ্ঞাতসাৰে আমাৰ মনৰ ভাব যেতিয়া কোনাে ক্রিয়াত পৰিণত হয় , তাক ভাবজ ক্রিয়া বােলা হয় । এনে ক্রিয়া মনৰ তীব্র ভাবৰ ফলত সম্পাদিত হয় । ফলত এইবােৰ ক্ৰিয়াৰ ক্ষেত্ৰত কৰ্তাৰ কোনাে নিয়ন্ত্রণ নাথাকে । যেনে— ফুটবল খেল চাই গােল দিয়া দেখি আনন্দত আত্মহাৰা হৈ ব্যক্তি এজনে যদি সন্মুখত বহা মানুহ এজনক গােৰ মাৰি দিয়ে তেনেহ’লে এনে ক্রিয়া ভাবজ ক্রিয়া হ’ব । এনে ভাবজ ক্রিয়াৰ ক্ষেত্ৰত নৈতিক গুণ আৰােপ কৰি নৈতিক বিচাৰ কৰিব নােৱাৰি । 

প্রশ্ন ১৫৷ কামনাৰ সংঘাত বুলিলে কি বুজা ? 

উত্তৰঃ একাধিক কামনাৰ পৰা সৃষ্টি হােৱা মানসিক দ্বন্দ্বই কামনাৰ দ্বন্দ্ব বা সংঘাত । ব্যক্তিৰ মনত এটাতকৈ বেছি কামনা থাকিলে ব্যক্তিয়ে তৎক্ষণাৎ কাম কৰিব নােৱাৰে । কাৰণ একে সময়ত দুটা কামনাক তৃপ্ত কৰিব নােৱাৰি । বহু সময়ত দুটা কামনা পৰস্পৰ বিৰােধী , হােৱাও দেখা যায় । তেতিয়া ব্যক্তিৰ মন দ্বিধাগ্রস্ত হয় । মনত কামনাৰ দ্বন্দ্ব হয় । ব্যক্তিয়ে কোনটো কামনা তৃপ্ত কৰিব ঠিক কৰিব নােৱৰা হয় । উদাহৰণ স্বৰূপে দুজন লেখকৰ দুখন কিতাপৰ কোনখন কিনিব তাক লৈ ছাত্র – ছাত্রীৰ মনত দ্বন্দ্ব সৃষ্টি হয় । এয়ে কামনাৰ সংঘাত । 

প্রশ্ন ১৬। পৰিসমাপ্তিৰ স্তৰৰ বিষয়ে চমুটোকা লিখা । 

উত্তৰঃ দৈহিক ক্রিয়াৰ ফলত বাহ্য জগতৰ কিছুপৰিৱৰ্তন সাধিত হয় । কাম্য বস্তু লাভত ব্যক্তি সুখী হয় আৰু বস্তুটোৰ কিছু পৰিৱৰ্তন হয় । উদাহৰণ স্বৰূপে , কাম্য বস্তুটো লাভ কৰাত দোকানত সেইটোৰ অভাৱ হয় আৰু নিজৰ ঘৰত জিলিকি থাকে । এইবােৰ হৈছে বাহ স্তৰ । অৱশ্যে বাহ্যবস্তুৰ সকলাে সময়তে ব্যক্তি সফল নহ’বও পাৰে । কাম্যবস্তু লাভ কৰাত হয় সফল হয় নহ’লে বিফল হয় । মুঠতে , কাম্যবস্তু লাভৰ বাবে বিশেষ উপায় অবলম্বন কৰা হয় । ইষ্ট বা অনিষ্ট ফল লাভ কৰা ইত্যাদি সকলােবােৰেই বাহ্য স্তৰৰ অন্তর্ভুক্ত । গতিকে ঐচ্ছিক ক্রিয়াত তিনিটা স্তৰ থাকে— 

( ক ) মানসিক স্তৰ ।

( খ ) দৈহিক স্তৰ । আৰু 

( গ ) বাহ্যস্তৰ বা পৰিসমাপ্তিৰ স্তৰ ।

ৰচনাধর্মী প্রশ্নোত্তৰ ( মূল্যাংক -৪ / ৬ ) 

প্রশ্ন ১। কার্য কি ? নৈতিক আৰু অনৈতিক কার্যৰ মাজৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ কার্য হ’ল আচৰণ । সমাজবদ্ধ মানুহৰ আচৰণেই কার্য–যাৰ নৈতিক বিচাৰ কৰিব পাৰি । সমাজ বহির্ভূত মানুহৰ আচৰণৰ নৈতিক বিচাৰ কৰিব নােৱাৰি । মানুহৰ বুদ্ধিবৃত্তিৰে পৰিচালিত ঐচ্ছিক ক্রিয়াৰহে আলোচনা কৰিব পাৰি কৰ্মৰ মূল্যায়নৰ মাজেদি কর্তাৰো যথার্থ মূল্যায়ন কৰা হয় ।

নীতি বিজ্ঞানত মানুহৰ নৈতিক আচৰণ আৰু কার্যকলাপৰ বিষয়ে অধ্যয়ন আৰু আলােচনা কৰি সেইবােৰৰ নৈতিক মূল্য নিৰূপণ কৰা হয় । নৈতিক মূল্যায়নৰ বাবে নীতিবিদ্যাত নৈতিক গুণ অনুসৰি মানুহৰ ক্রিয়া – কৰ্মক নৈতিক আৰু অনৈতিক —এই দুটা ভাগত ভাগ কৰা হয় । 

যিবােৰ কৰ্মত নৈতিক গুণ জড়িত থাকে , তেনে কর্মক নৈতিক কর্ম বা কার্য বােলে । নৈতিক গুণ বুলিলে ঔচিত্য , অনৌচিত্য , শুদ্ধতা – অশুদ্ধতা আদিক বুজায় । 

আনহাতে যিবােৰ কৰ্মত নৈতিক গুণ আৰােপ কৰিব নােৱাৰি , তাক অনৈতিক কার্য বা কর্ম বােলে । এনে কর্মৰ শুদ্ধতা – অশুদ্ধতা , ঔচিত্য – অনৌচিত্য আদি বিচাৰ কৰিব নােৱাৰি । এনে নিনৈতিক কর্ম নৈতিক বিচাৰৰ বিষয় নহয় । তাৰােপৰি ঐচ্ছিক কর্ম , অভ্যাসজনিত কর্মহে । নৈতিক বিচাৰৰ বিষয়বস্তু । 

আনহাতে স্বয়ং ক্রিয়া , স্বতঃস্ফূর্ত ক্রিয়া , প্রত্যাৱর্তী ক্রিয়া সহজাত ক্রিয়া , ভাৱজ ক্রিয়া , আকস্মিক ক্রিয়া , শিশুৰ ক্রিয়া , উন্মাদৰ ক্রিয়া , নিম্নবুদ্ধি সম্পন্ন মানুহৰ ক্রিয়া , বাধ্যবাধকতাৰ বশৱৰ্তী হৈ কৰা ক্রিয়া , সন্মােহন কৌশলৰ প্ৰভাৱত পৰি কৰা ক্রিয়া আদিৰ নৈতিক বিচাৰ কৰিব নােৱাৰি । এই ক্রিয়া অনৈচ্ছিক । গতিকে ই নির্নৈতিক । 

ঐচ্ছিক ক্রিয়াৰ তিনিটা স্তৰ আছে মানসিক , দৈহিক আৰু পৰিসমাপ্তি বা বাহ্যস্ত । 

প্রশ্ন ২। ঐচ্ছিক ক্রিয়া কি ? ঐচ্ছিক ক্রিয়াৰ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ যিবােৰ কৰ্মত নৈতিক গুণ থাকে তেনে কর্মক ঐচ্ছিক বা নৈতিক ক্রিয়া বা কর্ম বােলে । কোনাে বিচাৰ – বুদ্ধিসম্পন্ন ব্যক্তি বা কর্তাই কোনাে অন্ধ প্রবৃত্তিৰ বশৱৰ্তী নহৈ স্বেচ্ছাই কোনাে লক্ষ্য সাধনৰ বাবে প্রয়ােজনীয় নির্বাচিত উপায় অৱলম্বন কৰি জ্ঞান , বুদ্ধি আৰু দূৰদর্শিতাৰে পৰিণাম বা ফলৰ বাবে সচেতনভাৱে যি কর্ম সম্পাদন কৰে , তাক ঐচ্ছিক ক্রিয়া বােলে । 

তাৰোপৰি ঐচ্ছিক কর্মৰ পৰা অভ্যাসত পৰিণত হােৱা অভ্যাসজনিত কর্মবােৰৰ নৈতিক কৰ্মৰ ভিতৰত পৰে । ঐচ্ছিক ক্রিয়াৰ তিনিটা স্তৰ থাকে । 

( ক ) মানসিক স্তৰ ।

( খ ) দৈহিক স্তৰ । আৰু

( গ ) পৰিসমাপ্তি স্তৰ বা বাহ্য স্তৰ ।

ঐচ্ছিক ক্রিয়াৰ মানসিক স্তৰ বিশ্লেষণ কৰিলে লাভ কৰা উপাদানবােৰ হ’ল – কৰ্মৰ উৎস , লক্ষ্য আৰু উদ্দেশ্য , কামনাৰ দ্বন্দ্ব বা সংঘাত , বিবেচনা আৰু নির্বাচন , সিদ্ধান্ত আৰু সংকল্প , অভিপ্রায় । দৈহিক স্তৰত ইতিপূর্বে নির্ধাৰিত অভিপ্রায় পূৰণ কৰাৰ বাবে দেহত অংগ প্রত্যংগ , মাংসপেশীৰ সঞ্চালন কৰা হয় । বাহ্য বা পৰিসমাপ্তিৰ স্তৰত সম্পাদন কৰা কৰ্মৰ পৰিণতি লাভ কৰা যায় । 

প্রশ্ন ৩। কর্ম কি ? ইয়াক কিয় পুৰুষাৰ্থত অন্তর্ভুক্ত কৰা হৈছে ? 

উত্তৰঃ নৈতিকতাৰ মূল হৈছে মানুহৰ কর্ম । সৎ কর্মৰ দ্বাৰাই ঈশ্বৰ প্রাপ্তি সম্ভৱ । মানুহে বিশ্বাস কৰে যে সৎকর্মই ফল প্রদান কৰিবই । এই বিশ্বাসে মানুহক সকর্মত বেছিকৈ নিয়ােগ কৰায় । সৎকর্ম লাভৰ বাবে মানুহে ধৰ্মৰ ওপৰত নিৰ্ভৰশীল হয় । মানুহৰ জীৱনৰ যিকোনাে কৰ্মৰ আঁৰত তিনিটা স্তৰ থাকে ।

এই স্তৰ তিনিটা হ’ল–

( ক )  মানসিক ।

( খ ) দৈহিক । আৰু 

( গ ) পৰিসমাপ্তিৰ স্তৰ ।

সমাজবদ্ধ মানুহে কিছুমান আচৰণ কৰে । ইয়াৰ ঐচ্ছিক ক্রিয়াৰ নৈতিক বিচাৰ হয় । কোনাে আদৰ্শৰ অনুগামী হৈ মানুহে আচৰণ কৰে ৷ কিছুমান ইচ্ছাকৃত কিছুমান অনিচ্ছাকৃত । অনিচ্ছাকৃত আচৰণৰ নৈতিক বিচাৰ কৰা নহয় । ফলাফলৰ আশাত বা লােকৰক্ষা , বা সৃষ্টিৰক্ষাৰ বাবে স্বাভাৱিকভাৱে বা প্রাকৃতিক গুণৰ বাবে মানুহে আচৰণ কৰে । কর্মহীন হৈ মানুহে এখন্তেকো থাকিব নােৱাৰে । কর্ম সৎ হ’বলৈ উদ্দেশ্য আৰু লক্ষ্য , উপায় সৎ হ’ব লাগিব । 

প্রাচীন ভাৰতীয় দর্শনত চাৰিটা পৰমমূল্যক স্বীকৃতি দিয়া হৈছিল । মানুহে জীৱনত এই চাৰিটা লক্ষ্য পূৰণ কৰিব বিচাৰে । এই লক্ষ্য চাৰিটা ব্যক্তিত্বৰ সৰ্বাংগীন উন্নয়নৰ সাধনৰ বাবে আহৰণ কৰিব বিচাৰে । এই চাৰিটা লক্ষ্য হ’ল— 

ধর্ম, অর্থ , কাম আৰু মােক্ষ । ইয়াক পুৰুষাৰ্থ  বােলে । কর্মক প্রাচীন কালৰ পৰাই মানুহৰ মুক্তি প্রাপ্তিৰ বাবে স্বীকৃতি দিয়া হৈছে । তিনিটা মার্গৰ এটা প্রধান মার্গ হ’ল কর্ম মার্গ । গতিকে কর্মক পুৰুষাৰ্থত অন্তর্ভুক্ত কৰা হৈছে । 

প্রশ্ন ৪। কৰ্মৰ উৎসৰ বিষয়ে এটা চমুটোকা লিখা । 

উত্তৰঃ নীতিবিজ্ঞানত মানুহৰ আচৰণৰ ভাল , বেয়া উচিত , অনুচিত , ন্যায় , অন্যায় , কর্তব্য , সৎ , অসৎ ইত্যাদিৰ নৈতিক বিচাৰ কৰা হয় । নীতিবিজ্ঞান সমাজত বসবাস কৰা মানুহৰ ক্রিয়া বা আচৰণৰ এক আদর্শনিষ্ঠ বিজ্ঞান । সৎ কর্মৰ মাজেদিহে এজন ব্যক্তিৰ সততা বা নৈতিকতা ফুটি উঠে । 

নীতিবিদ্যাৰ মূল আলােচ্য বিষয় বা ক্রিয়া হ’ল ঐচ্ছিক ক্রিয়া । নীতিবিদ্যাৰ উদ্দেশ্য পৰম কল্যাণ । 

ঐচ্ছিক ক্রিয়াৰ প্রথম স্তুৰ মানসিক স্তৰ । অভাৱবােধ , উদ্দেশ্য , কামনা , কামনাৰ দ্বন্দ্ব , বিবেচনা আৰু সংকল্প এই ‘ বিবেচনা ’ স্তৰৰ পৰাই ব্যক্তিৰ জীৱনত নৈতিক বিচাৰ আৰম্ভ হয় । তাৰ পিছত কৰ্মৰ উদ্দেশ্য , উপায় আৰু পৰিণাম কৰি বিবেচিত বস্তুটো লাভ কৰিবলৈ দৃঢ় সংকল্প লয় । ইয়াতেই মানসিক স্তৰৰ অন্ত পৰে ।

তাৰ পিছত মানসিক সংকল্পক শৰীৰ মাধ্যমত কর্মত ৰূপান্তৰিত কৰাৰ নাম শাৰীৰিক বা দৈহিক স্তৰ । অর্থাৎ কাম্য বস্তুটোক লাভ কৰাৰ প্রচেষ্টাই দৈহিক বা শাৰীৰিক স্তৰ । তাৰ পিছত আহিব পৰিসমাপ্তিৰ স্তৰ । ব্যক্তিয়ে কাম্যবস্তু লাভ কৰিবলৈ হয় সফল হ’ব নহ’লে বিফল হ’ব । সকলাে সময়তে কৰ্মৰ সফলতা দেখা নাযায় । কেতিয়াবা বিশেষ উপায়াে অৱলম্বন কৰিব লগা হয় । কর্মৰ উৎস কাম্যবস্তু লাভ কৰা । তাৰ বাবে মানৱ জীৱনৰ যিকোনাে কর্মৰ আঁৰত এই তিনিটা স্তৰ থাকে— 

( ক ) মানিসক ।

( খ ) দৈহিক । আৰু 

( গ ) বাহ্য স্তৰ । 

এই তিনিটা স্তৰৰ মাধ্যমতহে ব্যক্তি কর্মৰ প্ৰতি আগ্ৰহ কৰি কৰ্মত লিপ্ত হৈ কাম্যবস্তু লাভ কৰে । নীতিবিদ্যাৰ উদ্দেশ্য কল্যাণ । কল্যাণমূলক কাম কৰিবলৈ নৈতিকতাৰ জ্ঞানৰ প্রয়ােজন । নৈতিক জ্ঞানেই মানুহক সভ্যতা আৰু সংস্কৃতিক সঠিক পথৰ সন্ধান দিব পাৰে । নহ’লে সমাজত বিশৃংখল পৰিস্থিতিৰ বা উচ্ছংখল পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে । গতিকে কৰ্মৰ উৎস হৈছে পৰম কল্যাণ । 

Sl. No.Contents
Chapter 1আগমন
Chapter 2আগমনৰ ভিত্তি
Chapter 3প্ৰকল্প
Chapter 4মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
Chapter 5বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক
Chapter 6ভাববাদ: আত্মগত আৰু বস্তুগত
Chapter 7নীতিশাস্ত্র
Chapter 8ধর্ম

প্রশ্ন ৫। ‘অর্থ’ ৰ অর্থ ব্যাখ্যা কৰা । 

উত্তৰঃ মানৱ জীৱনৰ চাৰিটা পৰমমূল্যৰ এটা হ’ল অর্থ । ইয়াক পুৰুষাৰ্থৰ এটা প্রধান লক্ষ্য বুলি ধৰা হয় । অর্থ হ’ল সম্পদ বা ঐশ্বর্য । অর্থ এক অর্থনৈতিক প্ৰমূল্য । কৌটিল্যৰ অর্থশাস্ত্রত অর্থ’ৰ দুটা অর্থ উল্লেখ কৰিছে । 

( ক ) সম্পদ বা সম্পত্তি । আৰু 

( খ ) ভূমি ।

অর্থৰ জৰিয়তে মানুহে নিজৰ ইচ্ছা পূৰণ কৰিব পাৰে । এখন সুস্থ সমাজত অর্থৰ আহৰণ আৰু উপভােগ সম্ভৱ । কাৰণ এনে সমাজত ব্যক্তিৰ সৎ চৰিত্ৰ আৰু আচৰণ বিধিবােৰ সুৰক্ষিত আৰু ফলপ্রসূ কৰিব পাৰি । কৌটিল্যই ধর্ম বা সগুণ ’ আৰু কাম’তকৈ অৰ্থক বেছি গুৰুত্ব দিছে । অর্থাৎ সকলাে দিশতে সফলতা প্রদান কৰে । কৌটিল্যই লােভৰ বশৱৰ্তী হৈ অর্থ অনিয়ন্ত্রিতভাৱে আহৰণ কৰাৰ পােষকতা কৰা নাই । কাৰণ তেনে ক্ষেত্ৰত অৰ্থৰ নঞর্থক প্ৰভাৱহে পৰিলক্ষিত হয় । সেই ক্ষেত্ৰত কৌটিল্যই ‘ অৰ্থক অনর্থ বুলি অভিহিত কৰিছে । “ অৰ্থৰ অন্তৰালত থকা ব্যক্তিৰ ইচ্ছা স্বার্থপৰ হ’ব নালাগে । এই ইচ্ছা পৰম কল্যাণৰ আধাৰত হ’ব লাগে । 

প্রশ্ন ৬।  মােক্ষ বুলিলে কি বুজা ? 

উত্তৰঃ চার্বাক দর্শনৰ বাহিৰে ভাৰতীয় দর্শনৰ আন সম্প্রদায়বােৰে মােক্ষত বিশ্বাস কৰে । অৱশ্যে মােক্ষ কিদৰে লাভ কৰিব পাৰি সেই বিষয়ে ভাৰতীয় দর্শনৰ সম্প্রদায়বােৰৰ মাজত মতভেদ আছে । ভাৰতীয় দর্শনত মােক্ষৰ সমার্থক শব্দবোৰ হ’ল— নির্বাণ , কৈৱল্য , অপবর্গ । ইত্যাদি । প্রায় সকলাে সম্প্রদায়ে বিশ্বাস কৰে যে মােক্ষ এক জ্ঞানযুক্ত পৰম শান্তিৰ অৱস্থা , যি অৱস্থাত ব্যক্তি নঞর্থক প্রভাৱৰ পৰা মুক্ত হ’ব পাৰে । মােক্ষৰ ধাৰণাই পৰম আনন্দময় অৱস্থা । এটাৰ কথা বুজায় । বৈদিক সম্প্রদায় ( ভাৰতীয় দর্শন ) আত্মিক উপলব্ধিত গুৰুত্ব দিয়ে । আত্মিক উপলব্ধিৰ দ্বাৰা মৌলিক পৱিত্ৰতা আৰু পূর্ণতাৰ স্থিতি অনুভৱ কৰাৰ কথাও সূচায় । অদ্বৈত বেদান্তৰ মতে জীৱনকালতেই এই ‘ জীৱন মুক্তিলাভ কৰিব পাৰে ।

ভাৰতীয় দর্শনত প্রাচীন কালৰে পৰা চাৰিটা মার্গৰ দ্বাৰা মােক্ষ লাভ কৰিব পাৰি বুলি কোৱা হৈছে ।

এই চাৰিটা মার্গ হ’ল— 

( ক ) জ্ঞান মার্গ ।

( খ ) যােগ বা ধ্যান মার্গ ।

( গ ) কর্ম মাগী । আৰু 

( ঘ ) ভক্তি মার্গ । 

অৱশ্যে বহুতেই চাৰিটা মার্গৰ সলনি জ্ঞান , কর্ম আৰু ভক্তি তিনিটা মার্গৰ কথা উল্লেখ কৰা দেখা যায় । কিন্তু যােগ দর্শনে ধ্যান মার্গক আওকাণ নকৰে । এই মাৰ্গক অৱশ্যে উলাই কৰিব নােৱাৰি কাৰণ মােক্ষ প্রাপ্তিত এই মাৰ্গৰ বিশেষ ব্যৱহাৰিক গুৰুত্ব আছে । 

প্রশ্ন ৭। উদ্দেশ্য কি ? অভিপ্রায়ৰ লগত ইয়াৰ পার্থক্য কি ? 

উত্তৰঃ অভাৱবােধৰ লগত লক্ষ্য আৰু উদ্দেশ্য সংযুক্ত হৈ থাকে । অন্যথা ঐচ্ছিক কর্ম সম্পন্ন হ’ব নােৱাৰে । যি বস্তু বা পৰিস্থিতিয়ে অভাৱ দূৰ কৰিব পাৰে , তেনে বস্তু বা পৰিস্থিতিয়েই ঐচ্ছিক কর্মৰ লক্ষ্য আৰু তাৰ চিন্তা বা ধাৰণাই ঐচ্ছিক কর্মৰ উদ্দেশ্য । উদ্দেশ্য হল— এক শক্তি । যিয়ে ঐচ্ছিক কর্মক প্রবৃত্ত কৰিব পাৰে । লক্ষ্য হল — যাক পাবৰ বাবে কৰ্মত প্রবৃত্ত হােৱা যায় । আনহাতে অভিপ্রায় হ’ল লক্ষ্য , উদ্দেশ্য , লক্ষ্য লাভৰ সাধন বা উপায় আৰু সাম্ভাৱ পৰিণামৰ বা ফলাফলৰ এক সমন্বয় । ব্যক্তিয়ে কোনাে এক লক্ষ্যত উপনীত হােৱাৰ উদ্দেশ্যে সিদ্ধান্ত গ্রহণ কৰি কার্যক্ষেত্ৰত পূৰণ কৰাৰ বাবে প্রয়ােজনীয় সাধন বা উপায় অৱলম্বন কৰাৰ উপৰি সেই ক্ষেত্ৰত সাম্ভাৱ পৰিণামৰ প্ৰতিও সচেতন থাকে । ব্যক্তিৰ এই মানসিক প্রস্তুতিকে অভিপ্রায় বুলি কোৱা হয় । গতিকে দেখা গ’ল যে উদ্দেশ্যৰ লগত অভিপ্রায়ৰ পার্থক্য আছে । 

প্রশ্ন ৮। নীতিশাস্ত্রক এক ব্যৱহাৰিক বিজ্ঞান বুলি তুমি ভাবানে ? যদি নাভাবা তেন্তে কিয় ? 

উত্তৰঃ এক আদর্শনিষ্ঠ বিজ্ঞান হিচাপে নীতিবিদ্যাই কেৱল নৈতিক আদর্শক নির্ণয় কৰাত সহায় কৰে । কিন্তু ইয়াক আহৰণ কৰা নিয়মসমূহ নিৰ্দ্ধাৰণ নকৰে । 

ব্যৱহাৰিক বিজ্ঞান এক নির্দিষ্ট লক্ষ্যত উপনীত হােৱাৰ উপায়সমূহৰ লগত জড়িত । ব্যৱহাৰিক বিজ্ঞান বা প্রায়ােগিক বিজ্ঞান এক নির্দিষ্ট লক্ষ্যত উপনীত হােৱাৰ উদ্দেশ্যে কিছুমান নীতি নিয়ম প্রৱর্তন কৰে । নীতিবিজ্ঞানে প্রত্যক্ষভাৱে কেনেকৈ এক নৈতিক জীৱন – যাপন কৰিব পৰা যায় সেই সম্বন্ধে আলােচনা নকৰে । গতিকে নীতিবিজ্ঞান যদিও এক আদর্শনিষ্ঠ বিজ্ঞান , তথাপি ইয়াক ব্যৱহাৰিক বিজ্ঞান বুলিব নােৱাৰি । অধ্যাপক মেকেঞ্জিৰ মতেও নীতি – বিজ্ঞান এক আদর্শনিষ্ঠ বিজ্ঞান , ই ব্যৱহাৰিক বিজ্ঞান নহয় । 

প্রশ্ন ৯। কামনাৰ সংঘাতৰ বিষয়ে এটা চমুটোকা লিখা । 

উত্তৰঃ যেতিয়া কোনাে এটা অভাৱ সহজে পূৰাব পাৰি , তেতিয়া কামনাৰ সংঘাত নাথাকে । কিন্তু মানুহৰ জীৱনত অভাৱ অসীম । সীমাহীন অভাৱৰ লগত সংশ্লিষ্ট কামনাৰাে অন্ত নাই । একে সময়তে , একেলগে উদয় হােৱা একাধিক কামনাৰ পৰিতৃপ্তি একেলগে , একে সময়তে সম্ভৱ নহয় । এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কামনা একেলগে , একেসময়তে পূৰণ কৰিব নােৱাৰা পৰিস্থিতিত গুৰুত্ব অনুসৰি গ্ৰহণীয় আৰু বর্জনীয় কামনা নির্ণয় কৰিব নােৱাৰা মানসিক অৱস্থাক কামনাৰ সংঘাত বা দ্বন্দ্ব বােলা হয় । 

প্রশ্ন ১০। পুৰুষাৰ্থৰ ভিতৰত অন্যতম হিচাপে ধৰ্মৰ ব্যাখ্যা কৰা । 

উত্তৰঃ প্রাচীন ভাৰতীয় দর্শনে স্বীকৃতি দিয়া এক গুৰুত্বপূৰ্ণ পুৰুষাৰ্থ হ’ল ধর্ম । ভাৰতীয় দর্শনত ধৰ্মক এক নিয়ন্ত্রণকাৰী নীতি বা আদর্শ হিচাপে স্বীকৃতি দিয়া হয় । ধর্মই ভাল আৰু বেয়া কামৰ মাজত পার্থক্য স্থাপন কৰাত সহায় কৰে । ভাৰতীয় দর্শনৰ বিভিন্ন সম্প্রদায়বােৰে ‘ ধর্মক বিধি , কর্তব্য , নৈতিক নিয়ম সূচক অর্থ প্রকাশ কৰা শব্দ বুলি কয় । সাহিত্য , শাস্ত্ৰ সকলােতে ইয়াৰ উল্লেখ আছে । এক পুৰুষাৰ্থ হিচাপে ধর্ম শব্দই যি প্ৰমূল্য প্রকাশ কৰে , সি সকলাে পুৰুষাৰ্থৰ আকাৰ । 

ধৰ্মৰ এক সামাজিক , নৈতিক আৰু আধ্যাত্মিক দিশ আছে । প্রত্যেক ব্যক্তিৰ নিজৰ লগত আৰু পৰমাত্মাৰ লগত এক সম্পর্ক আছে । ইয়াত ধৰ্মৰ প্ৰভাৱ অতি শক্তিশালী । ধৰ্মৰ অনুশীলনে সংযম প্রদান কৰে । ধর্মই পৱিত্ৰতা , সমত্ব , সংযম , কৰুণা আদিৰ উৎকর্ষ সাধন কৰে । ব্যক্তিয়ে পৰিয়াল , সমাজ আৰু ৰাষ্ট্ৰত নিজৰ ভূমিকা পালন কৰোঁতে বা এনে অনুষ্ঠানৰ জৰিয়তে বিভিন্ন ক্রিয়াকলাপত অংশ গ্রহণ কৰোঁতে ধৰ্মৰ অনুশীলন আৰু অনুসৰণ অপৰিহার্য । ধর্মই ব্যক্তিক আন এক পুৰুষাৰ্থৰ বাবে প্রস্তুত কৰে যাক ‘ মােক্ষ বােলা হয় । কিছুমান দার্শনিকে অর্থ , কাম আৰু ধর্ম — এই তিনিবিধ পুৰুষাৰ্থ অনুশীলনৰ বাবে অনুমােদন কৰে । এই তিনিটাক একেলগে ত্রিবর্গ ’ বােলা হয় । গতিকে পুৰুষাৰ্থ হিচাপে ধর্ম অতি গুৰুত্বপূর্ণ । 

প্রশ্ন ১১। কোনটো লেটিন শব্দৰ পৰা ‘ Religion ‘ শব্দটোৰ উৎপত্তি হৈছে ?

উত্তৰঃ ধর্ম শব্দৰ ইংৰাজী শব্দ ‘Religion’ । এই  ‘Religion’ শব্দটো লেটিন শব্দ ‘Religare’ শব্দৰ পৰা উদ্ভৱ হৈছে । এই শব্দটোৰ অৰ্থ হৈছে – বন্ধন । গতিকে ব্যুৎপত্তিগতভাৱে ধৰ্মৰ অৰ্থ হৈছে সকলোকে একেলগে ধৰি ৰখা । ধর্মই এনে এক অনুষ্ঠানক নির্দেশ কৰে যত এক বিশেষ সংখ্যক অংশগ্রহণকাৰীয়ে নিয়মীয়াভাৱে লগ হৈ প্রার্থনা , আদি কৰে আৰু জগত আৰু সত্তাৰ চৰম প্রকৃতি সম্পর্কে বিশেষ ধাৰণা গ্রহণ বা সমর্থন কৰে । 

ইংৰাজী ‘Religion’ শব্দটোৰ ভাৰতীয় প্রতিশব্দ হৈছে ধর্ম । সংস্কৃত ‘ধৃ ’ ধাতুৰ পৰা উদ্ভৱ হৈছে । যাৰ অৰ্থ ‘ধাৰণ কৰা’ । গতিকে ধর্ম হৈছে এনে এক ধাৰণকাৰী বা শক্তি যিয়ে মানৱ জীৱনৰ বিভিন্ন দিশলৈ সংগতি আনি মানৱ জীৱনলৈ এক সম্পূর্ণতা আনে । 

আন এক অর্থত ‘ধর্ম ’ শব্দৰ অৰ্থ হৈছে কর্তব্য । এই অর্থত ধর্ম শব্দই প্রত্যেক নাগৰিকৰ সমাজৰ অন্যান্য ব্যক্তিৰ লগত পালন কৰিব লগা কৰণীয় সমূহক নির্দেশ কৰে । 

প্রশ্ন ১২। ঐচ্ছিক ক্রিয়াৰ মানসিক স্তৰৰ বিভিন্ন উপস্তৰবােৰ ব্যাখ্যা কৰা । 

উত্তৰ ঐচ্ছিক ক্রিয়াৰ মানসিক স্তৰ বিশ্লেষণ কৰিলে বিভিন্ন উপত্তৰ পােৱা যায় । এই উপত্তৰবােৰ হ’ল— 

( ক ) কৰ্মৰ উৎস ।

( খ ) লক্ষ্য আৰু উদ্দেশ্য । 

( গ ) কামনা বা আকাংক্ষা ।

( ঘ ) কমানাৰ দ্বন্দ্ব বা সংঘাত ।

( ঙ ) বিবেচনা আৰু নির্বাচন ।

( চ ) সিদ্ধান্ত আৰু সংকল্প । আৰু 

( ছ ) অভিপ্রায় ।

( ক ) কর্মৰ উৎস :- কর্মৰ উৎস হ’ল অভাৱবােধ । অভাৱবােধে মনত দুখ দিয়ে । এই অস্বস্তিকৰ অৱস্থাৰ পৰা মুক্তি পাবলৈ মানুহে কর্মত প্রবৃত্ত হয় । এই অভাৱজনিত দুখ বা অস্বস্তিবােধেই ঐচ্ছিক ক্রিয়াৰ মূল উৎস । 

( খ ) লক্ষ্য আৰু উদ্দেশ্য :- অভাৱবােধৰ লক্ষ্য আৰু উদ্দেশ্য সংযুক্ত হৈ থাকে । নহ’লে ঐচ্ছিক ক্রিয়া সম্পন্ন হ’ব নােৱাৰে । যি বস্তু বা পৰিস্থিতিয়ে অভাৱ দূৰ কৰিব পাৰে , তেনে বস্তুৱেই বা পৰিস্থিতিয়েই ঐচ্ছিক কর্মৰ লক্ষ্য আৰু তাৰ চিন্তা বা ধাৰণাই ঐচ্ছিক কর্মৰ উদ্দেশ্য । উদ্দেশ্য হ’ল এক শক্তি । যিয়ে ঐচ্ছিক কর্মক প্রবৃত্ত কৰাব পাৰে আৰু লক্ষ্য হল — যাক পাবৰ বাবে কমত প্রবৃত্ত হােৱা যায় । 

( গ ) কামনা বা আকাংক্ষা :- অভাৱবােধৰ লগত ধাৰণা যুক্ত হলে যি মানসিক অৱস্থাৰ সৃষ্টি হয় , তাকেই কামনা বােলে । অভাৱ দূৰ কৰিব পৰা বস্তুৰ স্পষ্ট ধাৰণা আৰু সেই বস্তুটো লাভ কৰিবৰ বাবে মনত জন্ম আগ্রহ , ব্যাকুলতাই কামনা বা আকাংক্ষা । এই কামনাই ব্যক্তিক কর্মত প্রবৃত্ত কৰায় । কামনা জাগ্ৰত নহ’লে ঐচ্ছিক ক্রিয়া সম্পন্ন নহয় । 

( ঘ ) কামনাৰ সংঘাত বা দ্বন্দ্ব :- মানুহৰ জীৱনত অভাৱ অসীম । সীমাহীন অভাৱৰ লগত সংশ্লিষ্ট কামনাৰে অন্ত নাই । মানুহে একেলগে , একে সময়তে একাধিক কামনা পৰিতৃপ্ত কৰিব নােৱাৰে । এনে পৰিস্থিতিত গুৰুত্ব অনুসৰি গ্রহণ বা বর্জন কৰিব নােৱৰা মানসিক অৱস্থাক কামনাৰ সংঘাত বা দ্বন্দ্ব বােলে । 

( ঙ ) বিবেচনা , অনুচিন্তন বা বিচাৰ :– বিভিন্ন কামনাৰ মাজত সংঘাত হলে , গুৰুত্ব অনুযায়ী বা প্রয়ােজনীয়তা পূৰণৰ উপায় , সামর্থ্য আদি বিচাৰ বিবেচনাৰে মূল্যায়ন কৰি কামনাৰ অগ্রাধিকাৰ সাব্যস্ত কৰি প্ৰথমতে এটা কামনাক নির্বাচন কৰি পূৰণ কৰাৰ চেষ্টা কৰিব লগা হয় । 

( চ ) নির্বাচন , সিদ্ধান্ত আৰু সংকল্প :- একাধিক কামনৰ মাজত এটা নির্বাচন কৰি আনবােৰ বর্জন কৰিবলৈ মনত সিদ্ধান্ত লৈ নির্বাচিত কাম্য বস্তুক লাভ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হয় । লগে লগে সিদ্ধান্তৰ ক্ষেত্ৰত কাৰ্যপন্থা বা সাধন বা উপায় বা পদ্ধতিও বিবেচনা কৰি গ্ৰহণ কৰা হয় আৰু কাম্য বস্তু লাভ কৰিবলৈ দৃঢ় সংকল্প লােৱা হয় । তেতিয়া সকলাে দ্বন্দ্বৰ ওৰ পৰে । 

( ছ ) অভিপ্রায় :- লক্ষ্য , উদ্দেশ্য , লক্ষ্য লাভৰ উপায় আৰু সাম্ভাব্য পৰিণামৰ বা ফলাফলৰ এক সমন্বয় । ব্যক্তিৰ এই মানসিক প্রস্তুতিয়েই অভিপ্রায় । 

প্রশ্ন ১৩। নৈতিক বিচাৰৰ বিষয়বস্তু কি ? সম্পূর্ণকৈ আলােচনা কৰা । 

উত্তৰঃ নৈতিক বিচাৰত ঐচ্ছিক ক্রিয়াৰ শুদ্ধতা , অশুদ্ধতা , ঔচিত্য , অনৌচিত্য আদি নৈতিক গুণ নির্ণয় কৰা হয় । ঐচ্ছিক ক্রিয়া এটা সৰল প্রক্রিয়া নহয় । ঐচ্ছিক ক্রিয়াৰ মানসিক , দৈহিক বা শাৰীৰিক আৰু বাহ্য বা পৰিসমাপ্তিৰ স্তৰ আছে । ঐচ্ছিক ক্রিয়াত কর্তাই বিচাৰ বিবেচনাৰে কোনাে ইপ্সিত লক্ষ্যত উপনীত হােৱাৰ উদ্দেশ্যে কোনাে প্রয়ােজনীয় নির্বাচিত উপায় অৱলম্বন কৰি স্বেচ্ছাই স্বাধীনভাৱে কৰ্মত প্রবৃত্ত হয় আৰু তাৰ পৰিণামৰ প্রতিও সচেতন হৈ কাম কৰে । ঐচ্ছিক কর্ম বাৰে বাৰে অনুশীলন কৰিলে সি অভ্যাসত পৰিণত হয় এনে । অভ্যাসজনিত ক্রিয়াও মূলতঃ ঐচ্ছিক ক্রিয়া । 

ঐচ্ছিক ক্রিয়াৰ মানসিক স্তৰটো কৰ্মৰ উৎস , লক্ষ্য আৰু উদ্দেশ্য , কামনা , কামনাৰ সংঘাত , বিবেচনা আৰু নির্বাচন , সিদ্ধান্ত আৰু সংকল্প , অভিপ্রায় এই কেইটাৰে গঠিত । দৈহিক স্তৰত নির্ধাৰিত অভিপ্রায় পূৰণৰ বাবে কৰা দেহৰ অংগ – প্রত্যংগৰ যেনে — মাংসপেশীৰ সঞ্চালন কৰা হয় । বাহ্য বা পৰিসমাপ্তিৰ স্তৰত সম্পাদন কৰা কৰ্মত প্রত্যাশিত বা অপ্রত্যাশিত পৰিণাম লাভ কৰা যায় । 

বেন্থাম , মিলে পৰিণামক নৈতিক বিচাৰৰ বিষয়বস্তু বুলি কয় । কাণ্টৰ মতে সক্রিয় ইচ্ছা নৈতিক বিচাৰৰ বিষয়বস্তু । বুদ্ধিবাদী আৰু অন্তঃপ্রজ্ঞাবাদীসকলৰ মতে উদ্দেশ্যই নৈতিক বিচাৰৰ বিষয়বস্তু । মেকেণ্ডিজৰ মতে কর্তাৰ চৰিত্ৰহে নৈতিক বিচাৰৰ বিষয় বস্তু । ব্যক্তিৰ অভিপ্রায় চৰিত্ৰৰেই বাহ্যিক অভিব্যক্তি । তেওঁৰ মতে কর্তাই নৈতিক বিচাৰৰ বিষয়বস্তু । 

আচলতে ব্যক্তিৰ চৰিত্ৰক নৈতিক বিচাৰৰ বিষয়বস্তু হিচাপে লােৱা হয় । যিহেতু অভিপ্রায়ৰ মাজেৰে ব্যক্তিৰ চৰিত্র প্রকাশিত হয় । তথাপি ঐচ্ছিক ক্রিয়াত ব্যক্তি বা কর্তাৰ অভিপ্রায়হে নৈতিক বিচাৰৰ প্রকৃত বিষয়বস্তু বুলি গ্ৰহণ কৰা উচিত । 

প্রশ্ন ১৪। অনৈতিক ক্রিয়া বুলিলে কি বুজা ? সেইবােৰ কি কি ? নৈতিক কার্যৰ পৰা সেইবােৰক কিদৰে পৃথক কৰিব পাৰি ? 

উত্তৰঃ যিবোৰ কৰ্মত গুণ আৰােপ কৰিব নােৱাৰি বা কোনাে নিয়ন্ত্রণ অবিহনে সম্পাদিত কৰা হয় সেই কর্মবােৰক অনৈতিক কর্ম বা ক্রিয়া বােলা হয় । অনৈতিক ক্রিয়া নৈতিক বিচাৰৰ বিষয়বস্তু নহয় । ইচ্ছাৰ অবিহনে অসচেতনভাৱে , অজ্ঞাতে এনে ক্রিয়া সম্পাদিত হয় বাবে এনে ক্রিয়া অনৈতিক ক্রিয়া । 

অনৈতিক ক্রিয়াসমূহ হ’ল –

( ১ ) স্বয়ংক্রিয়া ।

( ২ ) স্বতঃস্ফুর্ত ক্রিয়া ।

(৩) প্রত্যাৱর্তী ক্রিয়া ।

( ৪ ) সহজাত ক্রিয়া । 

( ৫ ) ভাবজ ক্রিয়া ।

( ৬ ) অনুকৰণ মূলক ক্রিয়া ।

( ৭ ) আকস্মিক ক্রিয়া ।

( ৮ ) শিশুৰ ক্রিয়া । 

( ৯ ) উন্মাদ ব্যক্তি ক্রিয়া ।

( ১০ ) নিম্নবুদ্ধি সম্পন্ন ব্যক্তিৰ ক্রিয়া । 

( ১১ ) বাধ্যবাধকতাৰ বশৱৰ্তী হৈ কৰা ক্রিয়া । আৰু

 ( ১২ ) সন্মােহক কৌশলৰ প্ৰভাৱত কৰা ক্রিয়া । 

 এইবােৰ অনৈতিক ক্রিয়া আলােচনা মানুহৰ ক্রিয়া – কর্ম বা আচৰণৰ ক্ষেত্ৰতহে কৰা হয় । ইহঁতৰ ক্ষেত্ৰত এই আলােচনা কৰা নহয় ।

ব্যক্তিৰ অভিপ্রায়ৰ মাজেদি ব্যক্তিৰ চৰিত্র প্রকাশিত হয় । কর্তাই কাম এটা কৰে । যি কাম কৰা হৈছে অকল সেই কামটোৰেই নহয় কর্তাজনাে নৈতিক বিচাৰৰ বিষয়বস্তু । সৎ ব্যক্তিৰ অভিপ্রায় সৎ । অসৎ ব্যক্তিৰ অভিপ্রায় অসৎ বুলি সাধাৰণতে ধৰা হয় । অৱশ্যে ওলােটাও হয় । অভিপ্রায় লক্ষ্য কৰি – নৈতিক কার্যৰ পৰা অনৈতিক কার্য বা ক্রিয়া পৃথক কৰিব পাৰি । 

প্রশ্ন ১৫। মােক্ষ কি ? এই বিষয়ে এটা টোকা লিখা । 

উত্তৰঃ ভাৰতীয় দর্শনত মােক্ষক মানৱ জীৱনৰ পৰম লক্ষ্য বুলি ধৰা হৈছে । মােক্ষৰ স্বৰূপ আৰু ইয়াক লাভ কৰাৰ উপায় সম্পর্কে ভাৰতীয় দর্শনৰ সম্প্রদায়সমূহৰ মাজত মতভেদ থকা  দেখা যায় । মােক্ষৰ সমার্থক শব্দবােৰ হ’ল নির্বাণ , কৈৰল্য , অপবর্গ ইত্যাদি । অৱশ্যে ভাৰতীয় দর্শনৰ প্রায় সকলাে ( চার্বাক দর্শনৰ বাহিৰে ) দার্শনিক সম্প্রদায়ে মােক্ষক এক জ্ঞানযুক্ত পৰমশান্তিৰ অৱস্থা বুলি কয় । এই অৱস্থাত ব্যক্তিয়ে নকাৰাত্মক প্রভাৱৰ পৰা মুক্ত হয় । গতিকে মােক্ষৰ অৱস্থা এক পৰম আনন্দময় অৱস্থা । মােক্ষক এক সম্পূর্ণতাৰ স্থিতি বুলি অভিহিত কৰিব পাৰি । 

অদ্বৈত বেদান্তৰ মতে জীৱন কালতে এনে মােক্ষ বা মুক্তি লাভ কৰিব পাৰি । এনে । অৱস্থাক ‘জীৱনমুক্তি’ বােলা হয় । এনে অৱস্থাত পৰম সত্তাৰ লগত আত্মিক উপলব্ধি কৰি মানুহৰ কল্যাণৰ বাবে নিষ্কাম কর্ম কৰি যাব পাৰি । এনে কমই মােক্ষ প্রাপ্তিত সহায় কৰে । এনে কৰ্মৰ দ্বাৰা জীৱাত্মাৰ বন্ধন নহয় । 

ভাৰতীয় দর্শনত প্রাচীন কালৰ পৰাই মানুহৰ মুক্তিৰ প্ৰয়াসক বিশেষ স্বীকৃতি প্রদান কৰা হয় । মােক্ষ প্রাপ্তিৰ বাবে চাৰিটা মার্গ আছে । সেই চাৰিটা মার্গ হ’— জ্ঞান মার্গ , যােগ বা ধ্যান মার্গ , কর্ম মাৰ্গ আৰু ভক্তি মার্গ । বহুতে যােগ মার্গক গুৰুত্ব দিব নােখােজে যদিও মােক্ষ প্রাপ্তিত যােগ বা ধ্যান মার্গৰ ব্যৱহাৰিক গুৰুত্বক উলাই বা আওকাণ কৰিব নােৱাৰি । 

প্রশ্ন ১৬। পুৰুষাৰ্থ হিচাপে অৰ্থৰ চমু ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ অৰ্থ হৈছে সম্পদ । অর্থ অর্থনৈতিক মূল্য । কৌটিল্যৰ অর্থশাস্ত্ৰত অৰ্থৰ দুটা অর্থৰ কথাৰ উল্লেখ আছে । সেই দুটাৰ এটা হ’ল— সম্পদ বা সম্পত্তি আৰু আনটো হ’ল ভূমি । 

অর্থৰ জৰিয়তে মানুহে নিজৰ আকাংক্ষা পূৰণ কৰিব পাৰে । এক সুস্থ সমাজতহে অর্থৰ আহৰণ আৰু উপভােগ সম্ভৱ । সুস্থ সমাজত ব্যক্তিৰ আচৰণ বিধি ফলপ্রসূ আৰু সুৰক্ষিত কৰিব পাৰে । কৌটিল্যই ‘ধর্ম’ আৰু ‘কাম’ পুৰুষাৰ্থতকৈ ‘অর্থ’ পুৰুষাৰ্থক অধিক গুৰুত্ব দিছে । ইয়াৰ কাৰণ হ’ল— ‘অর্থ’ ই সৎগুণ আৰু উপভােগত অৰিহণা যােগায় , অৱশ্যে কৌটিল্যই লােভৰ বশৱর্তী হৈ অনিয়ন্ত্রিতভাৱে অর্থ আহৰণ কৰাৰ পােষকতা কৰা নাই । ‘ধর্ম’ বা সৎ গুণৰ আধাৰত ‘অর্থ’ আহৰণ কৰিব লাগিব । অন্যথা মানৱ জীৱনত কেতিয়াবা ‘অর্থ’ নকাৰাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় । তেনে ‘অর্থ’ ক কৌটিল্যই ‘অনর্থ’ বুলি কৈছে । ‘অর্থ’ৰ নেপথ্যত থকা ইচ্ছা স্বার্থপৰ হ’ব নালাগে । এই ইচ্ছা পৰহিতকৰ বা কল্যাণৰ ভাৱনাৰ দ্বাৰা অনুপ্রাণিত হ’ব লাগে ।

2 thoughts on “Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top