Class 12 Biology Important Chapter 9 খাদ্য উৎপাদন বৃদ্ধিৰ কৌশলসমূহ

Class 12 Biology Important Chapter 9 খাদ্য উৎপাদন বৃদ্ধিৰ কৌশলসমূহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology Important Solutions and select need one. Class 12 Biology Important Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Biology.

Class 12 Biology Important Chapter 9 খাদ্য উৎপাদন বৃদ্ধিৰ কৌশলসমূহ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Biology Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 9

IMPORTANT QUESTION AND ANSWER

১। মানুহৰ উপকাৰীতাৰ ক্ষেত্ৰত পশু পালনৰ ভূমিকা কি?

উত্তৰঃ মানুহৰ উপকাৰীতাৰ ক্ষেত্ৰত পশু পালনৰ ভূমিকা হ’ল- মাছ, মাংস, গাখীৰ, চর্ম আৰু অন্যান্য সামগ্ৰীৰ যোগান দিয়া।

২। দুগ্ধ পামৰ উৎপাদন বৃদ্ধি কৰিবলৈ কি কৰিব লাগে?

উত্তৰঃ দুগ্ধ পামৰ উৎপাদন বৃদ্ধি কৰিবলৈ উন্নত বাসস্থান, ৰোগমুক্ত জাত, উন্নত দানা, বিশুদ্ধ পানী, স্বাস্থ্য পৰীক্ষা ইত্যাদি কৰিব লাগে।

৩। সঁচ বুলিলে কি বুজা?

উত্তৰঃ একে বংশৰ একে বৈশিষ্ট্য থকা পোহনীয়া জীৱৰ সমষ্টিকে সঁচ বোলা হয়।

৪। পশু প্ৰজননৰ উদ্দেশ্য কি?

উত্তৰঃ পশু প্ৰজননৰ উদ্দেশ্য হ’ল- উন্নত পশুধন আৰু উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰা।

৫। ইনব্রিডিং পদ্ধতি কি?

উত্তৰঃ একে জাতৰ জীৱৰ মাজত কৃত্রিম প্ৰজনন।

৬। ইনব্রিডিংৰ সুবিধা কি?

উত্তৰঃ উৎকৃষ্ট প্ৰজনক বাচনি আৰু অপত্য বাদ দিয়া যায়।

৭। আউটব্রিডিং পদ্ধতি কি?

উত্তৰঃ ভিন্ন জাতৰ প্ৰজনকৰ মাজত প্ৰজনন কৰা।

৮। নিয়ন্ত্রিত প্ৰজনন পদ্ধতিৰ সুবিধা কি?

উত্তৰঃ সংগ্ৰহিত বীৰ্য বহুদিন ৰাখি প্রয়োগ কৰিব পাৰি।

৯। এপিকাল্চাৰ বুলিলে কি বুজা?

উত্তৰঃ মৌপালন বা মৌৰস উৎপাদনৰ ব্যৱসায়।

১০। মৎস্যপালনত কি কি জলজ জীৱ পোৱা যায়?

উত্তৰঃ মৎস্যপালনত মাছ, কাছ, কেঁকোৰা, মিছামাছ ইত্যাদি।

১১। মৎস্যপালনৰ লাভ কি?

উত্তৰঃ খাদ্যৰ যোগান, আয় আৰু জীৱিকাৰ সংস্থান।

১২। কলা সংবর্ধন কি?

উত্তৰঃ উদ্ভিদৰ দৈহিক কলাৰ পৰা নতুন উদ্ভিদ উৎপাদন কৰা পদ্ধতি।

১৩। কলা সংবর্ধনৰ সুবিধা কি?

উত্তৰঃ কম সময়ত ৰোগমুক্ত আৰু স্বাস্থ্যৱান উদ্ভিদ লাভ হয়।

১৪। এক কোষীয় প্ৰ’টিন কি?

উত্তৰঃ অণুজীৱৰ পৰা পোৱা পুষ্টিকৰ খাদ্য যেনে- স্পাইৰুলিনা।

১৫। SCP ৰ সুবিধা কি?

উত্তৰঃ উচ্চ প্ৰ’টিনযুক্ত, কম চর্বীযুক্ত আৰু সস্তীয়াভাৱে উৎপাদনযোগ্য।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top