Class 12 Adv Assamese Chapter 16 (খ) চুটিগল্প সাহিত্য

Class 12 Adv Assamese Chapter 16 (খ) চুটিগল্প সাহিত্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 16 (খ) চুটিগল্প সাহিত্য and select needs one.

Class 12 Adv Assamese Chapter 16 (খ) চুটিগল্প সাহিত্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 16 (খ) চুটিগল্প সাহিত্য Solutions for All Subject, You can practice these here…

৪) ১৮৮০ চনৰ পৰা ১৯৪০ চনলৈ অসমীয়া চুটিগল্পৰ ধাৰা বিষয়ক চমু আলোচনা কৰা । 

উত্তৰঃ- উপন্যাসৰ দৰে অসমীয়া চুটিগল্পও পাশ্চাত্য সাহিত্য অধ্যয়নৰ অমৃতময় ফল । ইয়াৰ আগতে অসমীয়া সমাজত মুখে মুখে চলি অহা , আৰু পিছলৈ লিখিত ৰূপ লোৱা সাধুকথা , আখ্যান , উপাখ্যানসমূহ সাধাৰণতে অবাস্তৱ আৰু অবিশ্বাস্য কথা আৰু কাহিনীৰে পৰিপূৰ্ণ আছিল।সেইবোৰত গছ লতা , জীৱ – জন্তু , দেও – ভূহুও কথা কয় । কিন্তু চুটিগল্পসমূহ ঘাইকৈ বাস্তৱতাৰ ভিত্তিক মানৱ জীৱনৰ লগত উত:প্ৰোতভাৱে জড়িত । সেই কাৰণেই সাধুকথাসমূহক চুটিগল্পৰ পিতৃপুৰুষ বুলি কব নোৱাৰি । অসমীয়া সাহিত্যত চুটিগল্প পাশ্চাত্য সাহিত্যৰ ফল । 

আমাৰ আলোচ্য কালছোৱাতেই  ( ১৮৮০ – ১৯৪০ ) অসমীয়া চুটিগল্পই জন্ম লাভ কৰে । এই সম্পৰ্কে তলত আলোচনা কৰা হল , – 

লক্ষ্মীনাথ বেজবৰুৱা :- লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক। অসমীয়া সাহিত্যত চুটিগল্প তেৱেঁই প্ৰথমে লিখিবলৈ আৰম্ভ কৰে । তেওঁৰ হাততেই অসমীয়া চুটিগল্পই জন্ম লাভ কৰে । তেওঁৰ  ‘সাধুকথাৰ কুকি’  ( ১৯১০ ) ; ‘সুৰভি’  ( ১৯০৯ ) ; আৰু ‘জোনবিৰি’ ( ১৯১৩ ) অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্পৰ সংকলন । তেওঁৰ মৃত্যুৰ পিছত ওপৰত উল্লিখিত গল্প সংকলন তিনিখনত অন্তৰ্ভুক্ত নোহোৱা চৈধ্যটা গল্পৰে  ‘কেহোঁকলি’ নামৰ গল্প সংকলনটি প্ৰকাশ কৰা হয় । 

এই সংকলনত সন্নিবিষ্ট আটাইকেইটা ৰচনাই পূৰ্ণাংগ চুটিগল্পৰ সকলোবোৰ লক্ষণ পূৰ কৰিছে বুলি কব নোৱাৰি । কিছুমান ব্যংগ চিত্ৰ বা নক্সা , কিছুমান কাহিণীবিহীন চৰিত্ৰ আৰু কিছুমান সাধুকথায়ো সেইবোৰত ঠাই পাইছে । কিন্তু সৰহভাগতে চুটিগল্পৰ বিকাশ ঘটিছে । এইবোৰ গল্পত সাধাৰণতে প্ৰকাশ পাইছে ঊনবিংশ শতাব্দীৰ শেষ স্তৰৰ ভাঙনমুখী , আন্তঃসাৰশূন্য , আভিজাত্যৰ ধ্বজাবহনকাৰী নিম্ন – মধ্যবিত্ত শ্ৰেণী , ইংৰাজী আমোলৰ দুৰ্নীতিপৰায়ন আমোলা শ্ৰেণী আৰু অন্ধ সংস্কাৰত আকণ্ঠ নিমজ্জিত সমাজৰ কাৰ্য আৰু ব্যৱহাৰৰ প্ৰতিচ্ছবি। 

বেজবৰুৱাৰ গল্পসমূহৰ ভিতৰত  ‘মুক্তি’ , ‘পাটমুগী’ , ‘ভদৰী’ , ‘জলকোঁৱৰী’ , ‘কন্যা’ , ‘ধোঁৱা খোৱা’ আদি গল্প আবেদনশীল । ‘পুত্রবান পিতা’ , ‘লাওখোলা’ আদি গল্পৰ পটভূমি বঙালী সমাজ আৰু ‘কন্যা’ , ‘ৰতনমুণ্ডা’ আদি গল্প জনজাতীয় কোলমুণ্ডা সমাজৰ পটভূমিত ৰচিত ।

শৰৎ চন্দ্ৰ গোস্বামী :- এই কালছোৱাত লক্ষ্মীনাথ বেজবৰুৱাৰ পিছতে গল্পকাৰ হিচাপে শৰৎচন্দ্ৰ গোস্বামীৰ নাম লব লাগিব । অসম সাহিত্য প্ৰতিষ্ঠাপক সম্পাদক গোস্বামীদেৱৰ  গল্প সংকলনসমূহ হল –  ‘গল্পাঞ্জলি’ ( ১৯১৪ ) , ‘ময়না’ ( ১৯২০ ) ; ‘বাজীকৰ’ আৰু ‘পৰিদৰ্শন’ । ‘পৰিদৰ্শন’ গল্প সংকলনটি তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশ কৰি উলিওয়া হয় । এই গল্পপুথিসমূহে তেওঁৰ কথা শিল্পৰ নিপুণতাৰ পৰিচয় দিয়ে ।

ব্যক্তিৰ দুখ দুখ , ভাগ্যৰ হাতত অসহায়তা , দুৰ্বলতা , সমাজৰ নিষ্ঠুৰতা তথা কৰুণ মানৱীয় ভাব অনুভূতিৰ চিত্ৰনে তেওঁৰ গল্পসমূহত প্ৰাধান্য লাভ কৰিছে । পীড়িতৰ প্ৰতি , অসহায়ৰ প্ৰতি , আনকি ইতৰ প্ৰাণীৰ প্ৰতিও সহানুভূতিসূচক মনোবৃত্তি তেওঁৰ সৰহভাগ গল্পত প্ৰকাশ পাইছে । গাঁৱলীয়া পটভূমিতেই তেওঁৰ বেছিভাগ গল্প প্ৰতিষ্ঠিত । 

লক্ষ্মীনাথ ফুলন :- লক্ষ্মীনাথ ফুকন এজন সফল গল্পকাৰ । ‘আসাম ত্ৰিবিউন’ কাকতৰ সম্পাদকৰূপে কাৰ্যনির্বাহ কৰি অৱসৰ গ্ৰহণ কৰা ফুকনদেৱে ‘মালা’  ( ১৯১৮ ) ; ‘ওফাইদাং’ ( ১৯৫১ ) ;  ‘মৰমৰ মধুৰী’ ( ১৯৬৩ ) ‘আনন্দে নধৰে হিয়া’ আদি গল্প সংকলন প্ৰকাশেৰে অসমীয়া গল্প সাহিত্যত বিশিষ্ট স্থান লাভ কৰি গৈছে । গল্পসমূহত সমাজৰ মধ্যবিত্ত শ্ৰেণীৰ জীৱনৰ সুখ দুখৰ চিত্ৰ ব্যংগ আৰু কৰুণ ৰসসিক্ত হাস্যৰসৰ মাজেদি চিত্ৰিত কৰিছে । ‘মালা’ৰ গল্পসমূহত ফুকনৰ স্বকীয় ৰচনাশৈলী ভালকৈ পৰিস্ফুট হোৱা নাই ; – ই ডেকা বয়সৰ হয়তো অভিজ্ঞতাৰ ফল । ‘ওফাইদাং’ৰ গল্পসমূহত সমাজৰ ভণ্ডামি আৰু উৎকেন্দ্ৰিক আচৰণ কৰুণ আৰু হাস্যৰসৰ মাজেৰে প্ৰকাশ পাইছে । 

সেই সময়ৰ অন্যতম গল্প লেখক হল নকুল চন্দ্ৰ ভূঞা । ‘আলোচনী’ ; ‘চেতনা’ ; ‘বাঁহী’ আৰু পিছত  ‘আহ্বান’তো বৈশিষ্ট্যপূৰ্ণ অসমীয়া গাঁৱলীয়া জীৱনক কেন্দ্ৰ কৰি তেওঁ কিছুসংখ্যক গল্প লিখিছিল । তেওঁৰ গল্প সংকলন হল – ‘চোৰাংচোৱাৰ চ’ৰা’  ( ১৯১৮ ) ;  ‘জোনোৱালি’ ( ১৯৩৩ ) ; ‘গল্পৰ শৰাই’ ( ১৯৬২ ) । মিত্ৰদেৱ মহন্ত অধিকাৰীৰ ‘চন্দ্ৰহাৰ’ ( ১৯২৪ ) ; দণ্ডীনাথ কলিতাৰ  ‘সাতসৰী’  ( ১৯২৫ ) আদি গল্প পুথিও সেই সময়ত প্ৰকাশ পাইছিল । জ্যোতিপ্রসাদ আগৰৱালা , থানেশ্বৰ হাজৰিকা আদি লেখকেও দুই চাৰিটা ভাল গল্প লিখি প্ৰকাশ কৰিছিল । 

ইংৰাজী ১৯২৯ চনত কলিতাৰ পৰা  ‘আৱাহন’ কাকত ওলোৱাৰ লগে লগে অসমীয়া গল্প সাহিত্যয়ো এক নতুন স্তৰত ভৰি দিয়ে । সেই সময়ত  ‘আৱাহন’ত নগেন্দ্ৰনাৰায়ণ চৌধুৰী , হলিৰাম ডেকা , লক্ষ্মীধৰ শৰ্মা , ৰমা দাস , বীণা বৰুৱা , ত্ৰৈলোক্য গোস্বামী , ৰাধিকা গোস্বামী , মহীচন্দ্ৰ বৰা , কৃষ্ণ ভূঞা , মুনীন বৰকটকী , নিৰ্মলা দেৱী , ইন্দীবৰ গগৈ , সদানন্দ দাস আদি নতুন গল্পকৰ সকলে গল্প লিখি প্ৰকাশ কৰিছিল । কল্পনাৰ মুক্তগতি , ৰোমান্টিক ভাব বিলাসৰ উন্মাদনা , ভাষাৰ সূক্ষ্ম ব্যঞ্জনা , মনস্তাত্ত্বিক বিশ্লেষণ আৰু প্ৰগতিশীল ৰীতি এইসকল গল্পকাৰৰ ৰচনাত প্ৰতিফলিত হোৱা দেখা গৈছিল । কোনো গল্পত যৌন ক্ষুধা বা ৰতি বাসনাই সামাজিক বন্ধন চিঙি যোৱাৰ চেষ্টা দেখা যায় যদিও ৰচনাভংগীৰ মাধুৰ্যই আৰু গল্প গাথঁনিৰ কাৰুকাৰ্যই শিল্প সুলভ সৌন্দৰ্য দান কৰি গল্পসমূহ সুখপাঠ্য কৰি তুলিছে । 

মহীচন্দ্ৰ বৰাৰ গল্পসমূহত আমোদজনক পৰিস্থিতি আৰু বাক চাতুৰ্য পৰিলক্ষিত হয় । এই সময়ছোৱাতে গল্প লিখিবলৈ ললেও তেওঁৰ গল্প সংকলন ‘উকীলৰ জন্ম ৰহস্য’ প্ৰকাশ হয় ১৯৭০ চনতহে । বৰাৰ গল্পত আমোদজনক পৰিবেশ , পৰিস্থিতি আৰু নিৰীহ নিৰ্যাতিতৰ প্ৰতি সহানুভূতিয়ে প্ৰাধান্য লাভ কৰিছে । বীণা বৰুৱাৰ গল্প সংকলন  ‘পট পৰিৱৰ্তন’ আৰু  ‘আঘোণী বাই’ – এই দুখনি যথাক্ৰমে ১৯৪৮ চন আৰু ১৯৫০ চনত প্ৰকাশ পালেও আলোচ্য কালছোৱাতেই তেওঁ গল্প ৰচনাৰে অসমীয়া গল্প সাহিত্যলৈ বিশেষ বৰঙণি আগ বঢ়াইছিল । ‘পট পৰিবৰ্তন’ৰ গল্পসমূহত কলেজীয়া ডেকা গাভৰুৰ তৰল যৌন জীৱনৰ কাল্পনিক পৰিবেশৰ প্ৰাধান্য দেখা যায় । সেইবোৰত প্ৰেমৰ গভীৰ অনুভূতিৰ প্ৰকাশ কম । ‘আঘোণী বাই’ৰ গল্পসমূহত গ্রাম্যজীৱনৰ সজীৱ আৰু সংঘত চিত্ৰ দেখা পোৱা যায় । 

ৰমা দাস সেই সময়ৰ অন্যতম গল্পকাৰ । ৰমা দাসৰ শ্ৰেষ্ঠ গল্প সংকলনটি তেওঁৰ বাচকৱনীয়া ৰসোত্তীৰ্ন গল্পৰ সমাহাৰ । কল্পিত পৰিবেশ বা বাতাবৰণৰ মাজত যৌন প্ৰবৃত্তিৰ অবাধ অভিব্যক্তি সন্মোহনীয় ৰূপত অংকিত হৈছে ৰমা দাসৰ গল্পসমূহত । ভাষাৰ লালিত্য আৰু বৰ্ণনাৰ মাধুৰ্য তেওঁৰ গল্পৰ বিশেষত্ব যদিও যৌৱনৰ বুভুক্ষা আৰু ইন্দ্ৰিয়াসক্তিৰ প্ৰাধান্যহে বেছিকৈ দেখা যায় । ৰমা দাসৰ গল্পৰ আকৰ্ষণ আছে , কিন্তু অন্তৰ্মুখি গভীৰ আবেদন নাই  ।

লক্ষ্মীধৰ শৰ্মাৰ প্ৰকাশিত গল্প সংকলন হল ‘ব্যৰ্থতাৰ দান,  ( ১৯৩৮ ) এই সংকলনটিত প্ৰকাশ পোৱা গল্পসমূহৰ বাহিৰেও  ‘আৱাহন’ কাকতত তেওঁৰ ভালেমান গল্প প্ৰকাশ হৈছিল । লক্ষ্মীধৰ শৰ্মাৰ গল্পসমূহত জৈৱিক আদিম প্ৰবৃত্তিৰ প্ৰভাৱ , সমাজৰ অন্ধ গোড়ামী আৰু ব্যক্তিৰ সুখ দুখৰ প্ৰতি সমাজৰ উদাসীনতা আদিৰ চৰিত্ৰ প্ৰতিফলিত হৈছে ।

‘আৱাহন’ কাকততেই গল্প ৰচনাৰ আৰম্ভণি কৰা গল্পকাৰ সমালোচক ত্ৰৈলোক্যনাথ গোস্বামীৰো গল্প পুথি প্ৰকাশ পায় এই কালছোৱাৰ পিছতহে। তেওঁৰ গল্প পুথি  ‘অৰুণা’  ( ১৯৪৮ ) , ‘মৰীচিকা’ আৰু  ‘শিল্পীৰ জন্ম’ ( ১৯৫৮ ) ; ‘জীৱনৰ জীয়া জুই ‘ ( ১৯৭০ ) । গোস্বামীৰ সৰহভাগ গল্পই কাহিনীমূলক । প্ৰকাশৰ বৈচিত্ৰ্যতাৰ অভাৱৰ কাৰণেই গল্পসমূহ বিশেষ আকৰ্ষনীয় হৈ উঠা নাই । অ – জটিল ৰেখা বন্ধনত গল্পবোৰ আবৃত্ত হৈছে । সমাজৰ দুৰ্নীতি , অন্যায় , অবিচাৰ , স্বার্থপৰতা আদিৰ চিত্ৰ তেওঁৰ গল্পসমূহত প্ৰতিফলিত হৈছে ।

হলিৰাম ডেকাৰ গল্পত বুদ্ধিদীপ্ত হাস্যৰস , বাক চাতুৰ্য আৰু মনোবিশ্লেষণ পোৱা যায় । কিন্তু তেওঁৰ গল্পৰীতি বা কথনভংগী সাধাৰণতে কিছু বিক্ষিপ্ত । নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ গল্প সৰহভাগ  ‘আৱাহন’ কাকতত প্ৰকাশ হৈছিল । তাৰে বছা বছা কেইটামান গল্পৰে  ‘নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ গল্প ‘ নামেৰে  ১৯৬৩ চনত এটি সংকলন প্ৰকাশ কৰা হৈছিল । তেওঁৰ সৰহভাগ গল্পতে প্ৰেমৰ প্ৰাধান্য , আকস্মিক সংযোগৰ বিশেষ ভূমিকা আৰু  সামাজিক বিধি নিষেধৰ অনাকাংক্ষতি প্ৰভাৱ আৰু ঘটনাৰ প্ৰভুত্ব দেখা যায় । 

‘জয়ন্তী’ আৰু ‘আৱাহন’ৰ পাতৰ মাজেদি চতুৰ্থ দশকত কেইবাগৰাকী জনপ্ৰিয় তথা খ্যাত অসমীয়া গল্পকাৰে ভুমুকি মাৰিবলৈ সুবিধা পালে ।  ‘আৱাহন’ যুগটোক অর্থ্যাৎ বিংশ শতিকাৰ চতুৰ্থ দশকটো গল্প সাহিত্যৰ অভ্যূদয় যুগ বুলিব পাৰি । মুঠতে ১৯৪০ চনৰ সীমা মূৰলৈকে অসমীয়া গল্প সাহিত্যই নিজৰ পৰিসৰ দিগন্তজোৰা কৰি লয় ।

নগেন্দ্ৰ নাৰায়ণ চৌধুৰী : – নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গল্প প্ৰায়ে আখ্যান প্ৰধান , উপন্যাসৰ পকেট সংস্কৰণ। চৌধুৰীৰ ৰচিত প্ৰায়খিনি গল্প ‘ আৱাহন ‘ মাহিলী কাকতত প্ৰকাশ পাইছিল । তাৰে বছা বছা কেইটিমান গল্পৰে ‘ নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ গল্প ‘ নামেৰে ১৯৬৩ চনত গল্প পুথি এখনি প্ৰকাশ কৰি উলিয়ায় । তেওঁ ‘   ‘ আৱাহন ‘কাকতৰ প্ৰতিষ্ঠাপক আছিল 

তেওঁৰ গল্পবোৰত জীৱনৰ চৰিত্ৰবোৰ বহুলভাৱে অঁকা হৈছে । সৰহভাগ গল্পতে প্ৰেমৰ প্ৰাধান্য , আকস্মিক সংযোগৰ বিশেষ ভূমিকা আৰু সামাজিক বিধিনিষেধৰ অনাকাংক্ষীত প্ৰভাৱ আৰু ঘটনাৰ প্ৰভুত্ব লক্ষ্য কৰা যায় ।

Sl. No.Contents
Chapter 1বৰ্ষা বৰ্ণন
Chapter 2মানৱ বন্দনা
Chapter 3 ই যে অগ্নি
Chapter 4মোৰ গাঁও
Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
Chapter 6অন্বেষণ
Chapter 7বুৰঞ্জীৰ দৌৰাত্ম্য
Chapter 8মাধৱদেৱ
Chapter 9ব’হাগ বিহুৰ পৰম্পৰা
Chapter 10কপিলীপৰীয়া সাধু
Chapter 11আমাৰ ছাৰ
Chapter 12হাতী
Chapter 13চুটি গল্প
Chapter 14উপন্যাস
Chapter 15অলংকাৰ
Chapter 16(ক) উপন্যাস সাহিত্য
Chapter 16(খ) চুটিগল্প সাহিত্য

৫) ১৮৮০ – ১৯৪০ এই সময়চোঁৱাৰ যিকোনো এগৰাকী গল্পকাৰৰ বিষয়ে এটি নাতিদীর্ঘ টোকা যুগুত কৰা ।

উত্তৰঃ- নকুলচন্দ্ৰ ভূঞা :- নকুলচন্দ্ৰ ভূঞাই ‘ আলোচনী ‘ ,  ‘চেতনা ‘,  ‘ বাঁহী ‘ আৰু ‘ আৱাহন ‘ কাকতত বাই বৈশিষ্ট্য পূৰ্ণ গাঁৱলীয়া জীৱনক কেন্দ্ৰ কৰি কিছু গল্প লিখিছিল ।তেওঁৰ গল্প পুথিসমূহ হ ‘ ল- ‘ চোৰাংচোৱাৰ চ ‘ ৰা (১৯১৮) , ‘জোনোৱালি’  ( ১৯৩৩ ) আৰু ‘গল্পৰ শৰাই’ ( ১৯৬২ ) । 

৬) চমু উত্তৰ দিয়া ।

ক) অসমীয়া চুটিগল্পৰ উদ্ভৱ আৰু বিকাশ কোন কাকতৰ পৰা আৰম্ভ হৈছিল ?

উত্তৰঃ- ‘জোনাকী’ কাকতৰ পৰা ।

খ) অসমীয়া চুটিগল্পৰ জনক কাক কোৱা হয় ?

উত্তৰঃ- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক । 

গ) লক্ষ্মীনাথ বেজবৰুৱাৰ এখনি গল্প পুথিৰ নাম লিখা ।

উত্তৰঃ- ‘সুৰভি’ । 

ঘ) ‘বাজীকৰ’ গল্প সংকলনৰ লিখক কোন ?

উত্তৰঃ- শৰৎ চন্দ্ৰ গোস্বামী ।

ঙ) শৰৎ চন্দ্ৰ গোস্বামীৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা গল্প পুথিখনৰ নাম কি ? 

উত্তৰঃ- ‘পৰিদৰ্শন’ ।

চ) গল্পকাৰ লক্ষ্মীনাথ ফুলন কোন কাকতৰ সম্পাদক আছিল ? 

উত্তৰঃ- ‘দ্য আসাম ত্ৰিবিউন’ নামৰ ইংৰাজী কাকত খনৰ । 

ছ) লক্ষ্মীনাথ ফুকনৰ দুখনি গল্প পুথিৰ নাম লিখা ।

উত্তৰঃ- মালা আৰু ওফাইদাং ।

জ) ‘চোৰাংচোৱাৰ চ’ৰা’ নামৰ গল্প পুথিখনিৰ লেখক কোন ? 

উত্তৰঃ- নকুল চন্দ্ৰ ভূঞা ।

ঝ) সাহিত্যিক দণ্ডীনাথ কলিতাৰ গল্প পুথি এখনিৰ নাম লিখা ।

উত্তৰঃ- ‘সাতসৰী’ ।

ঞ) ‘চন্দ্ৰহাৰ’ গল্প পুথিখনি কাৰ ৰচনা ?

উত্তৰঃ- মিত্ৰদেৱ মহন্ত অধিকাৰীৰ ।

ট) ‘উকীলৰ জন্ম ৰহস্য’ গল্প পুথিখনিৰ গল্পকাৰ কোন ?

উত্তৰঃ- মহীচন্দ্ৰ  বৰা ।

ঠ) বীণা বৰুৱা – কাৰ ছদ্মনাম ?

উত্তৰঃ- বিৰিঞ্চি কুমাৰ বৰুৱাৰ ।

ড) বীণা বৰুৱাই ৰচনা কৰা দুখনি গল্প পুথিৰ নাম লিখা ।

উত্তৰঃ- ‘পট পৰিৱৰ্তন’ আৰু ‘আঘোণী বাই’ ।

ঢ) লক্ষ্মীধৰ শৰ্মাৰ এখনি গল্প পুথিৰ নাম লিখা ।

উত্তৰঃ – ‘ব্যৰ্থতাৰ দান’ ।

ণ) ‘শিল্পীৰ জন্ম’ গল্প পুথিখনি কাৰ ৰচনা ?

উত্তৰঃ- ত্ৰৈলোক্যনাথ গোস্বামীৰ ৰচনা ।

ত) ‘মনোমতী’ উপন্যাস খন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ- ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰিছিল ।

থ) ‘অপূৰ্ণ’ উপন্যাস খনি কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ- দৈৱ চন্দ্ৰ তালুকদাৰে ৰচনা কৰিছিল ।

দ) ‘সাতসৰী’ গল্প পুথিখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ- দণ্ডীনাথ কলিতাই ৰচনা কৰিছিল  । 

ধ) নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গল্পৰ ঘাই বৈশিষ্ট্য কি ?

উত্তৰঃ- আখ্যান প্ৰধান , উপন্যাসৰ পকেট সংস্কৰণ । 

ন) অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট কাক বোলা হয় ?

উত্তৰঃ- ৰজনীকান্ত বৰদলৈক ।

প) ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্য জগতত কি উপাধীৰে জনা যায় ?

উত্তৰঃ- ‘উপন্যাস সম্ৰাট ‘উপাধিৰে জনা যায় । 

ফ ) অসমীয়া সাহিত্যত বুৰঞ্জীমূলক উপন্যাস লিখাৰ সূচনা কোনে কৰিছিল ?

উত্তৰঃ- ৰজনীকান্ত বৰদলৈয়ে ।

ব ) ৰজনীকান্ত বৰদলৈৰ সামাজিক উপন্যাস দুখনৰ নাম কি কি ?

উত্তৰঃ- ‘নিৰ্মল ভকত’ আৰু ‘মিৰিজীয়ৰী’ । 

ভ ) ৰজনীকান্ত বৰদলৈৰ উপন্যাস সমূহৰ প্ৰধান বৈশিষ্ট্য কি ? 

উত্তৰঃ- বুৰঞ্জীমূলক আৰু নায়িকা প্ৰধান । 

ম ) ‘সাধনা’ উপন্যাসখনিৰ ৰচনা কোন ? 

উত্তৰঃ- দণ্ডীনাথ কলিতা ।

য ) শৰৎ চন্দ্ৰ গোস্বামীৰ ঐতিহাসিক পটভূমিত ৰচনা কৰা উপন্যাসখনিৰ নাম কি ?

উত্তৰঃ- পানীপথ । 

ৰ) শৰৎ চন্দ্ৰ গোস্বামীৰ মৃত্যুৰ পিছত প্ৰকাশ হোৱা তেওঁৰ গল্প পুথি খনৰ নাম কি ?

উত্তৰঃ- পৰিদৰ্শন । 

ল)  ‘ময়না’ গল্প পুথিখনিৰ লেখক কোন ? 

উত্তৰঃ- শৰৎ চন্দ্ৰ গোস্বামী ।

ৱ) কোনখন কাকতৰ জৰিয়তে অসমীয়া গল্প সাহিত্যই নতুন স্তৰত ভৰি দিয়ে ?

উত্তৰঃ-‘আৱাহন’ কাকতৰ জৰিয়তে ।

শ) ‘ওফাইদাং’ গল্প সংকলন খন কাৰ ৰচনা ?

উত্তৰঃ- লক্ষ্মীনাথ ফুকনৰ ৰচনা । 

ষ) লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি ?

উত্তৰঃ- ‘পদুম কুঁৱৰী’ । 

স) ‘বাজীকৰ’ কাৰ ৰচনা ?

উত্তৰঃ- শৰৎ চন্দ্ৰ গোস্বামীৰ ৰচনা ।

হ) অ : ভা : উ : সা : সভা কিমান চনত স্থাপিত হৈছিল ? 

উত্তৰঃ ১৮৮৮ চনৰ ২৫ আগষ্টত ।

ক্ষ) ‘লাহৰী’ উপন্যাসৰ ৰচক কোন ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱা ।

ড়) ‘আৱাহন’ কাকতৰ প্ৰথম প্ৰকাশ কিমান চনত হৈছিল ? 

উত্তৰঃ- ১৯২৯ চনত । 

ঢ়) ‘জোনাকী’ কাকতৰ প্ৰথম সম্পাদক কোন আছিল ?

উত্তৰঃ – চন্দ্ৰ কুমাৰ আগৰৱালা । 

ৎ) ‘পদুম কুঁৱৰী’ কাৰ ৰচনা ?

উত্তৰঃ- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ।

অ) ‘ জোনাকী’ কাকত প্ৰথম প্ৰকাশ কিমান চনত হৈছিল ?

উত্তৰঃ- ইংৰাজী ১৮৮৯ চনত ।

আ) ‘ভানুমতী’ উপন্যাসৰ ৰচক কোন ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱা ।

ই) ‘অপূৰ্ণ’ কোন শ্ৰেণীৰ ৰচনা ? 

উত্তৰঃ- উপন্যাস শ্ৰেণীৰ ।

ঈ) ৰজনীকান্ত বৰদলৈৰ জনজাতীয় জীৱনক লৈ ৰচনা কৰা 

উপন্যাসখনৰ নাম কি ? 

উত্তৰঃ – মিৰি জীয়ৰী ।

উ) শৰৎ চন্দ্ৰ গোস্বামীৰ এখন চুটিগল্পৰ পুথিৰ নাম লিখা । 

উত্তৰঃ- বাজীকৰ । 

ঊ) দণ্ডীনাথ কলিতা মুখ্যতঃ ঔপন্যাসিক নে গল্পকাৰ ? 

উত্তৰঃ- ঔপন্যাসিক । 

ঋ) ‘নিৰ্মল ভকত উপন্যাসখনি কোনে লিখিছিল ? 

উত্তৰঃ- ৰজনীকান্ত বৰদলৈয়ে 

এ) অসমীয়া সাহিত্যত প্ৰথম উপন্যাস কোনে ৰচনা কৰে ? 

উত্তৰঃ- পদ্মেশ্বৰী দেৱী ফুকননীয়ে । 

ঐ) পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা । 

উত্তৰঃ- ‘ভানুমতী’ । 

ও) ত্ৰৈলোক্য নাথ গোস্বামীৰ এখন গল্পপুথিৰ নাম লিখা ।

উত্তৰঃ- ‘অৰুণা’ ।

ঔ) “ৰহদৈ লিগিৰী ” উপন্যাসনৰ ৰচক কোন ?

উত্তৰঃ- ৰজনী কান্ত বৰদলৈ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top