Class 12 Adv Assamese Chapter 13 চুটি গল্প

Class 12 Adv Assamese Chapter 13 চুটি গল্প The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 13 চুটি গল্প and select needs one.

Class 12 Adv Assamese Chapter 13 চুটি গল্প

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 13 চুটি গল্প Solutions for All Subject, You can practice these here…

৫) বিষয় অনুসৰি চুটিগল্পক কি কি ভাগত ভাগব পাৰি উদাহৰণ স্বৰূপে আলোচনা কৰাৱ ।

অথবা

চুটিগল্পৰ শ্ৰেণী বিভাজন সম্পৰ্কে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ- বিষয়বস্তু ৰূপায়ন অনুসৰি চুটিগল্পক প্ৰধানকৈ এইকেইটা ভাগত বিভক্ত কৰিব পাৰি – প্ৰেমমূলক , সামাজিক , প্ৰকৃতি বিষয়ক , অতি প্ৰাকৃতিক , হাস্যৰসাত্মক , পাৰিবাৰিক মনস্তত্ত্বমূলক আৰু ডিটেকটিভ ।

প্ৰেমমূলক :- মানৱীয় প্ৰেমৰ কিবা এটা পৰিণতি গল্পৰ মাজেৰে ৰূপায়িত হৈ উঠে সেইবোৰকে প্ৰেমমূলক গল্প বোলে । বেজবৰুৱাৰ  ‘ভদৰী’ , ‘ৰতন মুণ্ডা’ , ৰমা দাসৰ  ‘অচল টকা’ আৰু চৈয়দ আব্দুল মালিকৰ ভালেমান গল্প এই শ্ৰেণীৰ ।

সামাজিক :- এনে ধৰণৰ গল্পত কোনো এটা সামাজিক নাইবা অৱস্থাই বিশেষ প্ৰাধান্য লাভ কৰে । এই শ্ৰেণীৰ গল্পত লেখকৰ সংস্কাৰকামী মনৰ বিদ্যুৎ বিকাশ পৰিদৃষ্ট হয় । সেই কাৰণে এই শ্ৰেণীৰ গল্পক উদ্দেশ্যধৰ্মী গল্পও বুলিব পাৰি । বেজবৰুৱাৰ  ‘যেনে চোৰ তেনে টাঙোন’, শৰৎচন্দ্ৰ গোস্বামীৰ  ‘ৰক্ত বীজ’ আদি এই শ্ৰেণীৰ ।

প্ৰকৃতি বিষয়ক :- যিবোৰ গল্পত প্ৰাকৃতিক পটভূমিত মানৱ জীৱনৰ চিত্ৰ অংকন কৰা হয় , নাইবা মানুহৰ সুখ দুখৰ পটভূমিস্বৰূপে প্ৰকৃতি ব্যৱহৃত হয় , সেইবোৰকে প্ৰকৃতি বিষয়ক গল্প বোলে । যেনে – বেজবৰুৱাৰ ‘জল কুঁৱৰী’  আৰু  ‘কন্যা’ এই শ্ৰেণীৰ ।

অতি প্ৰাকৃতিক :- এই শ্ৰেণীৰ গল্পত অতি প্ৰাকৃতিকতাৰ মধুৰ আচ্ছাদনে বক্তব্য বিষয়ক ৰহস্যপূৰ্ণ বা ভয়াৱহ কান্তি দান কৰে । ৰবীন্দ্ৰনাথ ঠাকুৰৰ  ‘ক্ষুধিত পাষান’ , বেজবৰুৱাৰ   ‘স্বৰ্গৰোহন’ এই শ্ৰেণীৰ গল্প । 

হাস্যৰসাত্মক :- যিবোৰ গল্পত আখ্যান বা চৰিত্ৰতকৈ হাস্যৰসে অধিক প্ৰাধান্য লাভ কৰে নাইবা হাস্যৰস সৃষ্টিয়েই গল্পৰ প্ৰধান উদ্দেশ্য হয় সেইবোৰক হাস্যৰসাত্মক গল্প বোলা হয় । এই শ্ৰেণীৰ কিছুমান গল্পত হাঁহিৰ অন্তৰালত কাৰুণ্যৰ ফাল্গুধাৰ প্ৰবাহিত হয় । বেজবৰুৱাৰ  ‘ধোঁৱা খোৱা’ ,  ‘ভেমপুৰীয়া মৌজাদাৰ’  আদি এই শ্ৰেণীৰ গল্প ।

পাৰিবাৰিক :- এই শ্ৰেণীৰ গল্পত পাৰিবাৰিক বা গাৰ্হস্থ্য জীৱনৰ কথাই প্ৰধান হৈ উঠে । বেজবৰুৱাৰ  ‘ভদৰী’ , ‘লক্ষ্মীনাথ ফুকনৰ  ‘মহিমাময়ী’ আদি এনে গল্পৰ নিদৰ্শন ।

মনস্তত্ত্বমূলক :- যিবোৰ গল্পৰ মাজেৰে মানৱ চৰিত্ৰৰ অন্তৰ্নিহিত ক্ৰিয়া প্ৰতিক্ৰিয়া ৰূপায়িত হৈ উঠে সেইবোৰকে মনস্তত্ত্বমূলক গল্প বোলা হয় । আধুনিক যুগৰ গল্পকাৰ সকলৰ অধিকাংশ গল্প এই শ্ৰেণীৰ ।

ডিটেকটিভ :- এই শ্ৰেণীৰ গল্পত কাৰোবাৰ অপৰাধৰ মাজেৰে পুলিচ বিভাগীয় কৰ্মচাৰীৰ বুদ্ধি চাতুৰ্য আৰু কৰ্মতৎপৰতা দেখুওৱা । এই দিশৰ পৰা এই শ্ৰেণীৰ গল্পক অপৰাধমূলক গল্প ( crime story ) বুলিও অভিহিত কৰিব পাৰি । বুদ্ধিনিষ্ঠতা এই শ্ৰেণীৰ গল্পৰ মূল বস্তু । অসমীয়া সাহিত্যত ড° ভবেন্দ্ৰনাথ শইকীয়া , ৰঞ্জু হাজৰিকা আদিয়ে এই শ্ৰেণীৰ গল্প ৰচনা কৰিছে । ইয়াক ৰহস্য গল্পও বোলা হয় । 

Sl. No.Contents
Chapter 1বৰ্ষা বৰ্ণন
Chapter 2মানৱ বন্দনা
Chapter 3 ই যে অগ্নি
Chapter 4মোৰ গাঁও
Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
Chapter 6অন্বেষণ
Chapter 7বুৰঞ্জীৰ দৌৰাত্ম্য
Chapter 8মাধৱদেৱ
Chapter 9ব’হাগ বিহুৰ পৰম্পৰা
Chapter 10কপিলীপৰীয়া সাধু
Chapter 11আমাৰ ছাৰ
Chapter 12হাতী
Chapter 13চুটি গল্প
Chapter 14উপন্যাস
Chapter 15অলংকাৰ
Chapter 16(ক) উপন্যাস সাহিত্য
Chapter 16(খ) চুটিগল্প সাহিত্য

৬) সাধুকথা আৰু চুটিগল্পৰ মাজত কিবা পাৰ্থক্য আছেনে বুজাই লিখা ।

উত্তৰঃ- গল্প কোৱা বা শুনাৰ মানুহৰ আদিম প্ৰবৃত্তিয়েই সাধুকথা আৰু চুটিগল্পক জন্ম দিছে যদিও দুয়োৰে মাজত যথেষ্ট পাৰ্থক্য আছে । সাধুকথাসমূহত কিছুমান নীতিমূলক , উপদেশমূলক কথা থাকে । বাস্তৱ অবাস্তৱ , লৌকিক অলৌকিক সকলো কথাই সাধুকথাত স্থান পায় । কিন্তু চুটিগল্প সদায় বাস্তৱতাৰ ওপৰত প্ৰতিষ্ঠিত । বৰ্তমানৰ জটিল জীৱন চিত্ৰ চুটিগল্পত প্ৰকাশিত হয় । অলৌকিকতা সাধুকথাৰ অন্যতম উপাদান । কিন্তু চুটিগল্পৰ বৰ্ণনা সীমাবদ্ধ বিষয়বস্তু , চৰিত্ৰ , প্ৰকাশভংগী সকলোতে এই সীমাবদ্ধতাৰ চিন । তদুপৰি অলৌকিকতা বা অবাস্তৱতাৰ কোনো স্থান চুটিগল্পত নাই ।

সাধুকথাবোৰ বৰ্ণনাত্মক । সাধুকথাৰ ঘটনা পৰম্পৰাৰ সংযোগ শিথিল। ইবোৰৰ উদ্দেশ্য একোটা নৈতিক শিক্ষা দিয়া । কিন্তু গল্পৰ ঘটনা পৰম্পৰা শিথিল নহয় আৰু গল্পৰ জৰিয়তে কোনো নীতিশিক্ষা দিয়া নহয় । সাধুকথাত মানুহৰ উপৰি বিভিন্ন জীৱ জন্তু , জড় চেতন সকলো পদাৰ্থই অংশগ্ৰহণ কৰে । চুটিগল্পত এনেবোৰ অবাস্তৱ কথা নাথাকে । চুটিগল্পৰ চৰিত্ৰ সদায় মানুহ । মানুহৰ জীৱনৰ আশা – নিৰাশা , প্ৰেম – প্ৰীতি , হাঁহি – কান্দোনেই চুটিগল্পৰ বিষয়বস্তু । চুটিগল্পত জীৱনৰ বিশ্লেষণ কৰা হয় , লেখকৰ জীৱন জিজ্ঞাসা থাকে । সাধুকথাত এইবোৰ অনুপস্থিত । সাধুকথা নিৰক্ষৰ জনসাধাৰণৰ ৰুচিৰ প্ৰতি লক্ষ্য কৰি ৰচিত । কিন্তু চুটিগল্প আধুনিক যুগৰ সৃষ্টি আধুনিক যুগৰ যুক্তিপ্ৰৱল মানুহৰ মনৰ খোৰাক যোগাব পৰাতেই চুটিগল্পৰ সাৰ্থকতা ।

৭) চুটি গল্পৰ চৰিত্ৰৰ বিষয়ে চমুকৈ লিখা ।

অথবা

চুটিগল্পৰ উপাদান বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ- চুটিগল্পৰ ঘাই উপজীৱ্য হৈছে ইয়াৰ চাৰিত্ৰসমূহ । কেইটিমান চৰিত্ৰৰ কাৰ্যকলাপৰ জৰিয়তে চুটিগল্পৰ কাহিনীভাগে বিকাশ লাভ কৰে। চৰিত্ৰৰ সহায়ত মানুহৰ মনস্তাত্ত্বিক সংঘাত পৰিস্ফুট কৰা হয় । এই চৰিত্ৰবোৰ আমি বাস্তৱ জীৱনত লগ পোৱা বিভিন্ন ধৰণৰ আদৰ্শ আৰু ৰুচিসম্পন্ন লোকৰ প্ৰতিনিধিস্বৰূপ । এইবোৰ জীৱনৰ ভুল ত্ৰুটিৰ মাজেৰে ডাঙৰ দীঘল হোৱা আৰু গল্পকাৰৰ জীৱন জিজ্ঞাসাৰ মাজেদি উপস্থাপিত হোৱা ব্যক্তি চৰিত্ৰ । জৈৱিক আশা আকাংক্ষাৰ পৰা এইবোৰ আঁতৰি গলে পাঠকৰ মনৰ বিশ্বাস অপহৃত হয় । চৰিত্ৰবোৰ বিশ্বাসযোগ্য কৰিব খুজিলে যি সংঘাতৰ মাজেদি চৰিত্ৰবোৰ সৃষ্টি হয় সেই সংঘাতো বিশ্বাসযোগ্য হব লাগে । 

সৰহভাগ গল্পতে এটা কেন্দ্ৰীয় চৰিত্ৰ থাকে । কেন্দ্ৰীয় চৰিত্ৰৰ কাৰ্যকলাপক কেন্দ্ৰ কৰি গল্পৰ আখ্যান ভাগ গঢ়ি উঠে । কেন্দ্ৰীয় চৰিত্ৰৰ লগত আন কিছুমান তলতিয়া চৰিত্ৰ থাকে । গল্পকাৰৰ বৰ্ণনা আৰু তলতিয়া চৰিত্ৰবোৰৰ ঘাই চৰিত্ৰৰ লগত ঘটা সংস্পৰ্শৰ পৰা পাঠকে ঘাই চৰিত্ৰ সম্পৰ্কে নিজ নিজ ধাৰণা পোষণ কৰে । সকলো গল্পতে চৰিত্ৰবোৰ সুস্পষ্ট হৈ নাথাকে । গল্পকাৰে কম কথা আৰু কম সময়ৰ ভিতৰত গল্প সৃষ্টি কৰিব লাগে । গতিকে চৰিত্ৰৰ কোনো এক মুহূৰ্তত সমুজ্জ্বল হৈ উঠা কোনো এটি দিশৰ প্ৰতিহে সাধাৰণতে গল্প লেখকৰ লক্ষ্য থাকে । 

৮) চুটিগল্প আৰু উপন্যাসৰ তুলনামূলক আলোচনা কৰা । 

অথবা

উপন্যাস আৰু চুটিগল্পৰ মাজত কি কি প্ৰভেদ পৰিলক্ষিত হয় , আলোচনা কৰা ।অথবা , চুটিগল্প আৰু উপন্যাসৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ আলোচনা কৰা ।

উত্তৰঃ- চুটিগল্প আৰু উপন্যাস আকৃতি আৰু প্ৰকৃতিত একে যেন লাগিলেও আৰু দুয়োটাৰে বিষয়বস্তু একে যেন হলেও সাহিত্যিক মাধ্যম হিচাপে ইহঁত দুয়োটাৰে মাজত যথেষ্ট পাৰ্থক্য আছে । একোখন উপন্যাসত একোজন ব্যক্তিৰ জীৱনৰ সমস্ত ঘটনা ৰূপায়ন কৰাৰ অৱকাশ থাকে , কিন্তু চুটিগল্পত গুৰুত্ব লাভ কৰে জীৱনৰ খণ্ডাঙশইহে , চুটিগল্প আৰু উপন্যাসৰ পাৰ্থক্য কেৱল আকৃতিগত নহয় প্ৰকৃতিগত ।

একোখন উপন্যাসৰ কাহিনীভাগ পল্লৱীত হৈ উঠে বিস্তৃত পটভূমিত । পল্লৱীত কথাবস্তুৰ গতি ধীৰ আৰু মন্থৰ । ইয়াত জীৱনৰ ব্যাখ্যাও কৰা হয় আৰু তাৰ সমাধানো থাকে । কিন্তু চুটিগল্পত কাহিনী অতি চমু । ইয়াত এজন ব্যক্তিৰ জীৱনৰ এটা মুহূৰ্তৰ ঘটনাইহে মাথোন গুৰুত্ব লাভ কৰে ।

উপন্যাসত মূল বা প্ৰধান কাহিনীৰ লগে লগে প্ৰাসংগিক কাহিনী আৰোপ কৰাৰ সুবিধা থাকে , কিন্তু চুটিগল্পত তেনে ধৰণে প্ৰাসংগিক কাহিনীৰ অৱকাশ নাথাকে । 

চুটিগল্পত এটা মাথোন কেন্দ্ৰীয় ভাব থাকে , গল্পৰ চৰিত্ৰ পৰিস্থিতি সকলো সেই কেন্দ্ৰাভিমুখী হৈ থাকে । ইয়াত বিক্ষিপ্ততাৰ কোনো অৱকাশ নাই । কিন্তু উপন্যাসৰ কাহিনীভাগ বিক্ষিপ্ত হব পাৰে । 

চুটিগল্প আৰু উপন্যাসৰ পাৰ্থক্য প্ৰদৰ্শন কৰিবলৈ সমালোচক বেৰিপেইনে কৈছে উপন্যাস এক তৃপ্তি , চুটিগল্প এক প্ৰেৰণা । উপন্যাসে সকলো কথা পাঠকক বুজাই দিয়ে কিন্তু চুটিগল্পই পাঠকক বুজি লবলৈ অৱকাশ দিয়ে। ব্যঞ্জনাৰ অতৃপ্তিতেই চুটিগল্পৰ প্ৰধান আনন্দ । 

৯) চুটিগল্পৰ ৰচনা কৌশলৰ বিষয়ে মন্তব্য দি এটি আলচ যুগুত কৰা ।

অথবা

চুটিগল্পৰ কলা কৌশল সম্পৰ্কে চমুটোকা লিখা । 

উত্তৰঃ- চুটিগল্প হৈছে এটি সুসংগঠিত কলা বা আৰ্ট । ইয়াৰ যোগেদি কোনো এটি কেন্দ্ৰীভূত ভাব প্ৰকাশ কৰা হয় । বিক্ষিপ্ত বা বিস্তৃত ভাব প্ৰকাশৰ ঠাই চুটিগল্পত নাই । কোনো এটি বিশেষ মুহূৰ্তৰ ওপৰত আলোকপাত কৰি তাক ৰমনীয় কৰি দাঙি ধৰাই ইয়াৰ উদ্দেশ্য । ইয়াৰ কাৰণে গল্পকাৰে নিজস্ব অথচ নিপুণ কৌশল প্ৰয়োগ কৰে , যি কৌশলৰ সহায়ত তেওঁৰ কথাবস্তুৱে পাঠকৰ মন প্ৰাণ ছুই যাব পাৰে । কেতিয়াবা নাটকীয় ভঙ্গীৰে আৰম্ভণি কৰে আৰু নাটকীয় ভংগীৰেই তাক শেষো কৰে । কেতিয়াবা আকৌ সৰল ভাষাৰ মাধ্যমেৰে গল্পকাৰে বৰ্ণনাত্মক ৰীতি প্ৰয়োগ কৰে । নাটকীয় বা বৰ্ণনাত্মক যি ৰীতিকেই প্ৰয়োগ নকৰক কিয় গল্পকাৰৰ কলা কৌশলৰ নিপুনতাৰ ওপৰতেই গল্পৰ সাৰ্থকতা নিৰ্ভৰ কৰে । গল্পত দুৰ্বল আৰম্ভণি আৰু দুৰ্বল সামৰণীয়ে একোটা সুন্দৰ বিষয়বস্তুকো দুৰ্বল আৰু অনাকর্ষণীয় কৰি তোলে । গল্পত ভাব ভাষা সংযত , অৰ্থব্যঞ্জক আৰু ইংগিতপূৰ্ণ হব লাগে । 

চুটিগল্পৰ আৰম্ভণি আকস্মিক আৰু সমাপ্তিও আকস্মিক । আকস্মিক তথা নাটকীয় সমাপ্তিয়ে “শেষ হৈয়ো শেষ নহ’ল” এনেভাব পাঠকৰ মনলৈ আনি বিশেষ চিন্তাৰ উদ্ৰেক কৰে । 

চুটি গল্প ক্ষুদ্ৰায়তন । গতিকে ইয়াত মানৱ জীৱনৰ অথবা বিচিত্ৰ সংসাৰৰ কোনো এটা মুহূৰ্তৰ কথাহে চিত্ৰিত হয় । কম কথাতে বহু কথা প্ৰকাশ হব পৰা ভাষা ইয়াত ব্যৱহাৰ হয় । সেয়ে কোৱা হৈছে ইয়াৰ ভাষা সংযত , অৰ্থব্যঞ্জক আৰু ইংগিতপূৰ্ণ । চুটিগল্পত বাহুল্যৰ ঠাই নাই। চুটিগল্পত অলৌকিকতা , অৰ্থাৎ অবাস্তৱতাৰ নাম গোন্ধ থাকিব নোৱাৰে । বাস্তৱতাৰ ওপৰতহে ইয়াৰ বিষয়বস্তু নির্ধাৰিত হয় । চুটি গল্পত লেখকৰো জীৱনৰ অভিজ্ঞতা আৰু ব্যক্তিত্ব প্ৰকাশ পায় । জীৱনৰ মৰ্মান্তশায়ী নিগুড় সত্য সাৰ্থক চুটিগল্পৰ মাজেদিহে প্ৰকাশ পায় । এনেবোৰ কলা কৌশলপূৰ্ণ , বিশেষ লক্ষণযুক্ত চুটিগল্পইহে সাৰ্থক চুটিগল্প হিচাপে স্বীকৃতি পায় । সেই কাৰণেই চুটিগল্প প্ৰকৃততে এক বিশেষ ধৰণৰ কলা বা আৰ্ট । 

১০) চুটিগল্পত মনস্তত্ত্ব বিশ্লেষণ সম্পৰ্কে এটি টোকা লিখা ।

উত্তৰঃ- যিবোৰ গল্পৰ মাজেৰে মানৱ চৰিত্ৰৰ অন্তৰ্নিহিত ক্ৰিয়া প্ৰক্ৰিয়া ৰূপায়িত হৈ উঠে , সেইবোৰ গল্পকে মনস্তত্ত্বমূলক গল্প বোলে । মানসিক ক্ৰিয়া প্ৰক্ৰিয়া , মনোদ্বন্দ্ব , দৈৱিক কামনা বাসনা আৰু আশা আকাংক্ষা আদি এনেবোৰ গল্পৰ মাজেৰে প্ৰকট হৈ উঠে । অসমীয়া গল্পকাৰ প্ৰায়সকলৰ গল্পতেই এনে বিশ্লেষণ পোৱা যায় । এইক্ষেত্ৰত চেকভ , মুপাঁছা , ফ্ৰয়েড , এডলাৰ আদি মনোবিজ্ঞানীৰ মনস্তত্ব বিশ্লেষণৰ প্ৰভাৱ এইসকল গল্পকাৰৰ ওপৰত পৰা যেন লাগে । আৱাহন যুগৰ গল্পকাৰ ৰমা দাস , হলিৰাম ডেকা , লক্ষ্মীধৰ শৰ্মা , ৰাধিকা মোহন গোস্বামী , বীণা বৰুৱা , ত্ৰৈলোক্য নাথ গোস্বামী , চৈয়দ আব্দুল মালিক , কৃষ্ণ ভূঞা আদিকে ধৰি বৰ্তমানৰ অনেক গল্পকাৰৰ গল্পৰ এই মনস্তত্ত্বৰ বিশ্লেষণ পোৱা যায় ।

১১) চুটিগল্পত গল্পৰ ঐক্যৰ বিষয়ে চমু টোকা লিখা । 

উত্তৰঃ- চুটিগল্পৰ ঐক্যও চুটিগল্পৰ আন এটা উল্লেখযোগ্য উপাদান । পিছে নাটকীয় ঐক্য আৰু চুটিগল্পৰ ঐক্য সমাৰ্থক নহয় । চুটিগল্পৰ ঐক্যই উদ্দেশ্যৰ ঐক্য , ঘটনাৰ ঐক্য আৰু ধাৰণাৰ ঐক্যকে নিৰ্ণয় কৰে।অৰ্থাৎ ইয়াৰ প্ৰতিপাদ্য ভাৱাদৰ্শ মাত্ৰ এটা হব লাগিব আৰু একেটা লক্ষ্য সন্মুখত ৰাখি প্ৰত্যক্ষ পদ্ধতিৰে সি বৰ্ণিত হব লাগিব । ইংৰাজী সাহিত্যৰ প্ৰসিদ্ধ সমালোচক সাহিত্যক হাডচনে এই সম্পৰ্কত এনেদৰে মন্তব্য আগবঢ়াইছে – ‘Singleness of aim and singleness of effect are the two great canous by which we have to try the value of a short story as a piece of art .’

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top