Class 11 Sociology Chapter 9 পাশ্চাত্য সমাজতত্ত্ব বিদসকল – এক পৰিচয়

Class 11 Sociology Chapter 9 পাশ্চাত্য সমাজতত্ত্ব বিদসকল – এক পৰিচয় answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Sociology Chapter 9 পাশ্চাত্য সমাজতত্ত্ব বিদসকল-এক পৰিচয় and select needs one.

Class 11 Sociology Chapter 9 পাশ্চাত্য সমাজতত্ত্ব বিদসকল-এক পৰিচয়

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Sociology Chapter 9 পাশ্চাত্য সমাজতত্ত্ব বিদসকল-এক পৰিচয় Solutions for All Subject, You can practice these here.

পাশ্চাত্য সমাজতত্ত্ব বিদসকল-এক পৰিচয়

পাঠ: 9

দ্বিতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

১। ‘The Division of Labour on Society’ নামৰ গ্ৰন্থখনৰ লিখক কোন ?

উত্তৰ :- ইমাইল দুৰখেইম।

২। ‘Das Kapital’ নামৰ গ্ৰন্থখনৰ লিখক কোন ?

উত্তৰ :- কাৰ্লমাৰ্ক্স।

৩। ‘The Protestant Ethic and the Spririt of Capaitalism’ নামৰ গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰ :- মেক্স ৱেবাৰ।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। সমাজতত্ত্বৰ উৎপত্তিত অৰিহণা যোগোৱা মূল কাৰক কেইটা কি কি ?

উত্তৰ :- সমাজতত্বৰ উৎপত্তিত মূলত : তিনিটা বিপ্লৱে অৰিহণা যোগাইছিল-

(ক) জ্ঞানোদয় বা জ্ঞান বিপ্লৱ (Enlightenment) 

(খ) ফৰাচী বিপ্লৱ (French Revolution) আৰু

(গ) শিল্প বিপ্লৱ বা উদ্যোগীক বিপ্লৱ (Industrial Revolution) 

২। সমাজতত্বৰ আধাৰশিলা স্থাপন কৰা মনিষী কেইগৰাকী কোন ?

উত্তৰ :- সমাজতত্বৰ আধাৰ প্ৰতিষ্ঠা কৰা বিখ্যাত চিন্তানায়ক কেইগৰাকী হ’ল- কাৰ্লমাৰ্ক্স, ইমাইল দুৰখেইম  আৰু মেক্স ৱেবাৰ।

৩। আধুনিক সমাজৰ উৎপত্তিৰ বা আধুনিকতা সৃষ্টিৰ মূল কাৰক কেইটা কি ?

উত্তৰ :- আধুনিক সমাজ, বা আধুনিক যুগ বা আধুনিকতাৰ উৎপত্তিৰ মূল কাৰক কেইটা হ’ল- জ্ঞানোদয় বা জ্ঞান বিপ্লৱ বা যুক্তি যুগৰ আৰম্ভণি, স্বাধীনতা, সমতা, ভ্ৰাতৃত্ব, গণতন্ত্ৰ আদিৰ দৰে ফৰাচী বিপ্লৱৰ আদৰ্শৰাজিৰ প্ৰভাৱ আৰু শিল্প বিপ্লৱৰ প্ৰভাৱ।

৪। সমাজৰ বিকাশত জ্ঞানোদয় আন্দোলনৰ গুৰুত্ব কেনে ?

উত্তৰ :- ১৭ শতিকাৰ শেষৰ পৰা ইউৰোপৰ বৌদ্ধিক জগতত এক নতুন ভাৱধাৰাৰ উন্মেষ ঘটিছিল। যুক্তি বুদ্ধিৰে মানুহে সমস্ত বিশ্বখনকে নতুনকৈ চোৱাৰ প্ৰয়াস কৰিছিল। ঈশ্বৰমুখী আৰু পৰজন্মকেন্দ্ৰীক চিন্তা চৰ্চাৰ বিপৰীতে মানুহে বিজ্ঞানসন্মত চিন্তা-চৰ্চা আৰম্ভ কৰে। বৈজ্ঞানিক চিন্তাধাৰাৰ বিকাশৰ লগে লগে জীৱন আৰু জগত হৈ পৰে মানুহৰ চিন্তাধাৰাৰ কেন্দ্ৰবিন্দু। ইয়াৰ লগে লগে ন ন জ্ঞানৰ প্ৰসাৰ ঘটিল, বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে নতুন তথ্য আৱিষ্কাৰ হ’ল আৰু মানুহে সাগৰৰ সিপাৰেনো কি আছে সেইটো জানিবলৈও উদগ্ৰীৱ হৈ পৰিল। এই জ্ঞানোদয়ৰ ফলতে মানুহৰ চিন্তাশক্তি আৰু মনোভাৱৰ উৎকৰ্ষ সাধন হৈছিল আৰু তাৰ লগে লগে সমাজলৈ নতুন চিন্তাধাৰাৰ প্ৰৱাহে আধুনিক যুগৰ জন্ম দিছিল।

৫। সমাজতত্ব উৎপত্তিৰ লগত শিল্প বিপ্লৱ কেনেদৰে জড়িত আছিল ?

উত্তৰ :- সমাজতত্বৰ উৎপত্তিত শিল্পবিপ্লৱে অতি তাৎপৰ্যপূৰ্ণ প্ৰভাৱ পেলাইছিল। আমি জনা উচিত যে বহুতো সমাজতাত্বিকে সমাজতত্বক উদ্যোগীক সমাজক অধ্যয়ন কৰা বিজ্ঞান বুলিও ক’ব খোজে। কাৰণ উদ্যোগীক সমাজগঠন হোৱাৰ পিছতহে সামাজিক পৰিৱৰ্তনৰ গতি ক্ষিপ্ৰ হয় আৰু এই পৰিৱৰ্তনক অধ্যয়ন কৰিবলৈ সমাজতত্বৰ জন্ম হয়।

১৮ শতিকাৰ শেষত আৰু ১৯ শতিকাৰ আগভাগত ইংলণ্ডত বৈজ্ঞানিক চিন্তাধাৰাক উদ্যোগীক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ ফলত নতুন নতুন যন্ত্ৰপাতিৰ আৱিষ্কাৰ হয় আৰু ই উদ্যোগীক ক্ষেত্ৰখনলৈ পৰিৱৰ্তন কঢ়িয়াই আনে। Spinnning Jenny ৰ দৰে সূতা কটা, যন্ত্ৰ বা ভাপ ইঞ্জিনৰ আৱিষ্কাৰে বৃহৎ কল কাৰখানাৰ সৃষ্টি কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ পৰিমাণো   বৃদ্ধি কৰিলে। এনে উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ আৰু উদ্যোগৰ বাবে কেঁচা মালৰ সমানেই ঔপনিবেশিকতাৰ জন্ম দিলে।

ইয়াৰোপৰি উদ্যোগবোৰত কাম কৰিবলৈ গাওঁ অঞ্চলৰ পৰা শ্ৰমিক অনা হ’ল। লাহে লাহে উদ্যোগীক এলেকা বিলাক ঘন জনবসতিপূৰ্ণ হ’ল আৰু নগৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ল। শ্ৰমিকসকলৰ মজুৰি কম হোৱাৰ বাবে এনে নগৰবোৰত সৰু সৰু জুপুৰি সাজি অস্বাহ্যকৰ পৰিৱেশত জীয়াই থাকিবলে বাধ্য হ’ল। আনহাতে মিল মালিকসকলে এই সময়চোৱাত যথেষ্ট মুনাফা লুটি ধনী আৰু প্ৰতিপত্তিশীল শ্ৰেণীত পৰিণত হ’ল। এনেদৰে নগৰীয়া সমাজত ধনী দুখীয়াৰ মাজৰ পাৰ্থক্য স্পষ্ট হৈ পৰিল।

সমাজত সৃষ্টি হোৱা এনে বহুমুখী পৰিৱৰ্তনৰ বিষয়ে শৃংখলাৱদ্ধভাৱে আলোচনা কৰিবলৈ সমাজশাস্ত্ৰৰ জন্ম হ’ল।

৬। আধুনিক সমাজ সৃষ্টিত ফৰাচী বিপ্লৱৰ প্ৰভাৱ কেনে ?

উত্তৰ :- ১৭৮৯ চনত সংঘটিত হোৱা ফৰাচী বিপ্লৱৰ স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্বভাৱৰ ধাৰণাই পিছৰ সমাজ আৰু ৰাজনীতিক নতুনকৈ গঢ় দিছিল। মানৱ অধিকাৰৰ ঘোষণা পত্ৰৰ যোগেদি জাতি, বৰ্ণ, ধৰ্ম, ভাষা, লিংগ নিৰ্বিশেষে সকলো ব্যক্তিকে সমমৰ্যাদা প্ৰদান কৰা হৈছিল। ধৰ্মীয় আৰু জমিদাৰী সংস্থাবোৰৰ শোষণৰ পৰা সকলোকে মুক্ত কৰি গণতান্ত্ৰিক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। বিদ্যালয় শিক্ষাক সাৰ্বজনীন কৰা হ’ল।

এনেদৰে সাৰ্বজনীন শিক্ষা, গণতন্ত্ৰ, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ ধাৰণা আধুনিক ৰাষ্ট্ৰ তথা সমাজবোৰৰ মূলমন্ত্ৰ হৈ পৰিল।

৭। মাৰ্ক্সৰ মতে সমাজে অতিক্ৰম কৰি অহা স্তৰবোৰ কি কি ?

উত্তৰ :- মাৰ্ক্সৰ মতে মানৱ সমাজে বিভিন্ন স্তৰ অতিক্ৰম কৰি আহিছে। সেই স্তৰবোৰ হ’ল- আদিম সাম্যবাদ, দাস ব্যৱস্থা, সামন্তবাদী ব্যৱস্থা আৰু পুজিবাদী ব্যৱস্থা।’

৮। মাৰ্ক্সৰ মতে পুজিবাদ মানৱ বিকাশৰ শেষ স্তৰ নে ?

উত্তৰ :- মাৰ্ক্সৰ মতে পুজিবাদ মানৱ বিকাশৰ নৱতম পৰ্যায় যদিও ই শেষ পৰ্যায় নহয়। মাৰ্ক্সৰ মতে পুজিবাদ এসময়ত ধ্বংস হ’ব আৰু সাম্যবাদ প্ৰতিষ্ঠা হ’ব।

৯। মাৰ্ক্সৰ মতে পুজিবাদী সমাজত দেখা পোৱা অপসাৰিতা (alienation) কেনে ধৰণৰ ?

উত্তৰ :- মাৰ্ক্সৰ মতে পুজিবাদী সমাজৰ বিভিন্ন পৰ্যায়ত তীব্ৰ ধৰণে অপসাৰিতা প্ৰক্ৰিয়া দেখা পোৱা যায়। প্ৰথমতে পুজিবাদী ব্যৱস্থাই মানুহ আৰু প্ৰকৃতিৰ মাজত থকা নিবিড় সম্বন্ধৰ মাজত ব্যৱধান আনি দিলে। ইয়াৰ পূৰ্বে মানুহ আৰু প্ৰকৃতিৰ মাজত ইমান ব্যৱধান কেতিয়াও নাছিল। দ্বিতীয়তে, পুজিবাদী ব্যক্তিৰ মাজতো ব্যৱধান বৃদ্ধি কৰিছে। পূৰ্বে কৃষি নিৰ্ভৰ সমাজত যি সামূহিক সমাজব্যৱস্থা আছিল পুজিবাদে তাৰ ঠাইত ব্যক্তিকেন্দ্ৰীক সমাজৰ সৃষ্টি কৰি মানুহৰ সামাজিক সম্বন্ধকো বজাৰকেন্দ্ৰিক কৰি তুলিলে। তৃতীয়তে পুজিবাদী ব্যৱস্থাত শ্ৰমিকসকলক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰিও তেওঁলোকক অপসাৰিত কৰা হৈছে। শেষত, পুজিবাদী ব্যৱস্থাত শ্ৰমিকৰ কৰ্ম, কৰ্মৰ সময় আৰু কৰ্মৰ গুণাগুণ ব্যৱস্থাপনা (managment)  ৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। এনে ব্যৱস্থাত শ্ৰমিকৰ নিজৰ শ্ৰমৰ ওপৰত বা শ্ৰমিকে উৎপাদিত কৰা সামগ্ৰীৰ ওপৰত তেওঁৰ নিজৰ কোনো অধিকাৰ নাথাকে। অৰ্থাৎ শ্ৰমিকসকল স্বয়ং নিজৰ পৰাই অপসাৰিত হৈ পৰিছে।

১০। মাৰ্ক্সৰ মতে পুজিবাদী কেনেকৈ ধ্বংস হ’ব ?

উত্তৰ :- মাৰ্ক্সৰ মতে শোষণ দমনেৰে ভৰপুৰ পুজিবাদী ব্যৱস্থা শ্ৰমিক বিদ্ৰোহৰ বাবে ধ্বংস হ’ব। তেওঁৰ মতে পুজিবাদী ব্যৱস্থাত শ্ৰমিক শ্ৰেণীক শোষণ কৰা হয়।

এই শোষণৰ প্ৰতিবাদত শ্ৰমিক শ্ৰেণী একগোট হ’ব আৰু মালিক শ্ৰেণীৰ বিৰুদ্ধে সংগ্ৰাম কৰিব। এই সংগ্ৰামৰ ফলত পুজিবাদৰ পতন ঘটিব আৰু সাম্যবাদৰ সৃষ্টি হ’ব।

১১। মাৰ্ক্সৰ মতে উৎপাদনী প্ৰণালী কি ? ই কিদৰে সমাজত প্ৰভাৱ পেলায় আলোচনা কৰা।

উত্তৰ :- উৎপাদনী প্ৰণালীয়ে মূলত : সমাজত কি দৰে প্ৰয়োজনীয় সা-সামগ্ৰিবোৰ উৎপাদন কৰা হয় তাকে বুজায় যদিও ইয়াৰ লগত দুটা কথা জড়িত হৈ থাকে- উৎপাদিকা শক্তি (Forces of production) আৰু উৎপাদনৰ সম্বন্ধ (Relation of production)। ভূমি, শ্ৰম, যন্ত্ৰ-পাতিকে আদি কৰি উৎপাদনৰ লগত জড়িত শক্তিসমূহক উৎপাদিকা শক্তি বোলে। আনহাতে উৎপাদনৰ সম্বন্ধ বুলিলে উৎপাদনৰ লগত সাঙোৰ খাই থকা সকলো ধৰণৰ অৰ্থনৈতিক সম্বন্ধক বুজা যায়।

উৎপাদনী প্ৰণালীয়ে সমাজত প্ৰভাৱ পেলায়। আদিম সাম্যবাদী সমাজত মানুহে শিলৰ অস্ত্ৰ-শস্ত্ৰৰে চিকাৰ কৰি খাইছিল। তেনে সময়ত ব্যক্তিগত সম্পত্তিৰ ধাৰণা নাছিল। আৰু সমাজত সকলো সমান আছিল। আনহাতে বৰ্তমান যুগত উৎপাদন আহিলাবোৰ হ’ল বৃহৎ উদ্যোগ। এই উদ্যোগক কেন্দ্ৰ কৰিয়েই সমাজত দুটা শ্ৰেণীৰ সৃষ্টি হয়- উদ্যোগৰ মালিক আৰু শ্ৰমিক। এনেদৰে উৎপাদনী ব্যৱস্থাই সমাজত প্ৰভাৱ পেলায়।

১২। মাৰ্ক্সৰ মতে সমাজৰ ‘আধাৰ সৌধ’ (Infrastructure) আৰু উপৰিসৌধ (Superstructure) কি ?

উত্তৰ :- মাৰ্ক্সৰ মতে উৎপাদনী প্ৰক্ৰিয়াক কেন্দ্ৰ কৰিয়েই এখন সমাজৰ অৰ্থনৈতিক পৰিকাঠামো গঢ় লৈ উঠে আৰু এই অৰ্থনৈতিক আধাৰটোৰ ওপৰত নিৰ্ভৰ কৰিয়েই এখন সমাজৰ সামাজিক সাংস্কৃতিক দিশটো গঢ় লৈ উঠে। গতিকে উৎপাদনী প্ৰক্ৰিয়া আৰু ইয়াৰ ভিত্তিত সৃষ্টি হোৱা অৰ্থনৈতিক ব্যৱস্থাই হৈছে এখন সমাজৰ ‘আধাৰ সৌধ’ স্বৰূপ। অন্যহাতে মাৰ্ক্সৰ মতে অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত ভিত্তি কৰিয়েই যিকোনো সমাজৰ সামাজিক সাংস্কৃতিক ৰাজনৈতিক দিশটো গঢ় লৈ উঠে। সেই হিচাপে ধৰ্ম, আইন-কানুন, ৰীতি-নীতি, ৰাষ্ট্ৰ আদিৰ দৰে  সংস্থাসমূহ সমাজৰ উপৰি সৌধ স্বৰূপ।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সমাজ সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক
Chapter 2প্ৰাথমিক অৱধাৰণা
Chapter 3 সামাজিক সংস্থা
Chapter 4সমাজ আৰু সংস্কৃতি
Chapter 5ব্যৱহাৰিক সমাজতত্ব গৱেষণা পদ্ধতি আৰু কৌশল
Unit 2দ্বিতীয় খণ্ড
Chapter 1সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া
Chapter 2 সামাজিক পৰিৱৰ্তন
Chapter 3পৰিৱেশ আৰু সমাজ
Chapter 4পাশ্চাত্য সমাজতত্ত্ববিদসকল-এক পৰিচয়
Chapter 5ভাৰতীয় সমাজতত্ত্ববিদসকলৰ এক পৰিচয়

১৩।মাৰ্ক্সীয় ধাৰণাত ‘শ্ৰেণীসংগ্ৰাম’ (Class-struggle) কি ?

উত্তৰ :- মাৰ্ক্সৰ মতে শ্ৰেণী সংগ্ৰাম হৈছে সামাজিক পৰিৱৰ্তনৰ প্ৰধান আহিলা। উৎপাদনী প্ৰক্ৰিয়াক কেন্দ্ৰ কৰিয়েই সমাজত শ্ৰেণীৰ সৃষ্টি হয়। এনে পৰস্পৰ বিৰোধী শ্ৰেণীসমূহৰ মাজত চলা শ্ৰেণী সংঘষৰ ফলত সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন হয়। মাৰ্ক্সৰ মতে সকলো সমাজৰে ইতিহাস হৈছে শ্ৰেণী সংগ্ৰামৰ ইতিহাস। মুক্ত নাগৰিক আৰু দাস, সভ্ৰান্ত আৰু সাধাৰণ শ্ৰেণী, মালিক আৰু বহতীয়া জমিদাৰ আৰু হাজিৰা কৰা লোক, একেষাৰে ক’বলৈ গ’লে শোষক আৰু শোষিতৰ মাজত বিৰোধ চলে। উৎপাদনী প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এনে পৰস্পৰ বিৰোধী শ্ৰেণীৰ মাজত হোৱা শ্ৰেণী সংগ্ৰামে পুৰণি উৎপাদন ব্যৱস্থা তথা সমাজ ধ্বংস কৰে আৰু নতুন ব্যৱস্থাৰ সৃষ্টি কৰে। সেয়েহে মাৰ্ক্সৰ মতে শ্ৰেণী সংগ্ৰাম ইতিহাসৰ মূল চালিকা শক্তি।

১৪। শ্ৰেণী সংগ্ৰামে কেনেকৈ সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন কৰে ?

                              অথবা

মাৰ্ক্সে কিয় শ্ৰেণী সংগ্ৰামক ইতিহাসৰ চালিকা শক্তি বুলি কৈছিল ?

উত্তৰ :- মাৰ্ক্সৰ মতে শ্ৰেণী সংগ্ৰাম হৈছে সামাজিক পৰিৱৰ্তনৰ প্ৰধান আহিলা। উৎপাদনী প্ৰক্ৰিয়াক কেন্দ্ৰ কৰিয়েই সমাজত শ্ৰেণীৰ সৃষ্টি হয়। এনে পৰস্পৰ বিৰোধী শ্ৰেণীসমূহৰ মাজত চলা শ্ৰেণী সংঘৰ্ষৰ ফলত সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন হয়। মাৰ্ক্সৰ মতে সকলো সমাজৰে ইতিহাস হৈছে শ্ৰেণী সংগ্ৰামৰ ইতিহাস। মুক্ত নাগৰিক আৰু দাস, সভ্ৰান্ত আৰু সাধাৰণ শ্ৰেণী, মালিক আৰু বহতীয়া জমিদাৰ আৰু হাজিৰা কৰা লোক, একেষাৰে ক’বলৈ গ’লে শোষক আৰু শোষিতৰ মাজত বিৰোধ চলে। উৎপাদনী প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এনে পৰস্পৰ বিৰোধী শ্ৰেণীৰ মাজত হোৱা শ্ৰেণী সংগ্ৰামে পুৰণি উৎপাদন ব্যৱস্থা তথা সমাজ ধ্বংস কৰে আৰু নতুন ব্যৱস্থাৰ সৃষ্টি কৰে। সেয়েহে মাৰ্ক্সৰ মতে শ্ৰেণী সংগ্ৰাম ইতিহাসৰ মূল চালিকা শক্তি।

১৫।  মাৰ্ক্সৰ মতে শ্ৰেণীবোৰ কিয় সংঘষলৈ আহে ?

উত্তৰ :- মাৰ্ক্সৰ মতে উৎপাদন ব্যৱস্থাক কেন্দ্ৰ কৰি যদিও সমাজত দুটা পৰস্পৰ বিৰোধী শ্ৰেণীৰ সৃষ্টি হয়, তথাপিও শ্ৰেণীবোৰৰ মাজত আপোনা-আপুনি সংঘষ হ’ব নোৱাৰে। সংঘষ হ’বলৈ হ’লে ব্যক্তিগত দিশত নিজ শ্ৰেণী স্বাৰ্থ তথা শ্ৰেণীৰ নিজা পৰিচয় চেতনা জাগ্ৰত হোৱাটো বাঞ্চনীয়। ইয়াৰোপৰি বিৰোধী পক্ষৰ শ্ৰেণী স্বাৰ্থ আৰু পৰিচয়ৰ প্ৰতিও সচেতন হোৱা দৰকাৰ। অৰ্থাৎ ৰাজনৈতিকভাৱে সচেতন হৈ বা একগোট হৈ শ্ৰেণী সচেতনতা বিকাশ হ’লেহে শ্ৰেণী সংঘষ সম্ভৱ হয়।

১৬। দুৰখেইমৰ মতে সমাজতত্বৰ মূল বৈশিষ্ট্য কেইটা কি কি ?

উত্তৰ :- দুৰখেইমৰ মতে সমাজতত্বৰ মূল বৈশিষ্ট্য দুটা। প্ৰথমতে সমাজতত্বৰ অধ্যয়নৰ প্ৰধান বিষয় বস্তু হৈছে সামাজিক ঘটনা। সমাজতত্বই সমাজৰ এক উদিত (emergent) স্তৰক অধ্যয়ন কৰে য’ত সমাজৰ জটিল সামূহিক জীৱনৰ মাজেৰে সামাজিক পৰিঘটনাবোৰৰ ৰূপ প্ৰকট হৈ উঠে।

দ্বিতীয়তে দুৰখেইমৰ মতে সমাজতত্ব এটা অভিজ্ঞতাজনিত বিজ্ঞান হোৱা উচিত। দুৰখেইমৰ মতে যদিও সমাজতত্ত্বই সামাজিক পৰিঘটনাবোৰ অধ্যয়ন কৰে আৰু এইবোৰ সদায় অৰ্মূত ৰূপতহে দেখা যায়, তথাপিও ই এক বিজ্ঞান। কাৰণ সমাজক নিৰীক্ষণ কৰিব পৰা তথা অভিজ্ঞতাসহ প্ৰমাণ কৰিব পৰা তথ্য সমূহ সমাজতত্বই অধ্যয়ন কৰে।

১৭। সামাজিক ঘটনা (Social fact) কি ? সেইবোৰ কেনেকৈ চিনাক্ত কৰিব পাৰি ?

উত্তৰ :- সামাজিক ঘটনা হৈছে ব্যক্তি বিশেষৰ উৰ্ধত অৱস্থিত এক নৈতিক সম্প্ৰদায়স্বৰূপ। সামাজিক ঘটনা ব্যক্তিৰ সীমাৰ বাহিৰত থাকে আৰু সামূহিকভাৱে প্ৰতিনিধিত্ব কৰে- যিবোৰ ব্যক্তিসকলৰ সহযোগিতাৰ দ্বাৰা সম্ভৱ হয়।চমুকৈ ক’বলৈ গ’লে সামাজিক ঘটনাবোৰ কোনো ব্যক্তি বিশেষৰ নহৈ (ব্যক্তি বিশেষৰ উৰ্ধত থাকি) সাধাৰণ ৰূপত প্ৰকাশ পোৱা এক প্ৰবৃত্তি। সামাজিক ঘটনাৰ উদাহৰণ হৈছে মানুহৰ বিশ্বাস পদ্ধতি, আবেগ-অনুভূতি আদি।

সামাজিক ঘটনা সামাজিক ব্যৱহাৰৰ মাজেদি নিৰীক্ষণ কৰিব পৰা যায়। সামাজিক ব্যৱহাৰৰ একত্ৰীকৰণৰ আৰ্হিত এইবোৰ চিনাক্ত কৰিব পাৰি। দুৰখেইমৰ মতে আত্মহত্যাৰ দৰে ঘটনাবোৰ যদিও ব্যক্তিগত কাৰণবশত ঘটে তথাপিও এনে ঘটনাবোৰৰ পুঞ্জীভূত ৰূপটোৱেই সামাজিক ঘটনা বুলি ক’ব পাৰি। 

১৮। যান্ত্ৰিক একতা আৰু আংগিক একতা কি ?

উত্তৰ :- ইমাইল দুৰখেইমৰ মতে যান্ত্ৰিক একতা আদিম সমাজত দেখা গৈছিল। কম জনসংখ্যা থকা, বিভিন্ন আত্ম-নিৰ্ভৰশীল গোটৰ দ্বাৰা গঠিত আৰু সাধাৰণতে একে ধৰণৰ কাম-কাজত আৱদ্ধ ব্যক্তি সকলৰ দ্বাৰা গঠিত আদিম সমাজত ব্যক্তিৰ মাজৰ সামাজিক সম্বন্ধবোৰৰ আধাৰ আছিল কৰ্মক্ষেত্ৰত থকা সাদৃশ্যতা। এনে সমাজত কোনেও সামাজিক প্ৰতিমান ভংগ নকৰে কাৰণ সামাজিক প্ৰতিমান ভংগ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লগা হয়। এনেদৰে দুৰখেইমৰ মতে আদিম সমাজত যান্ত্ৰিক একতা দেখা পোৱা গৈছিল। 

আনহাতে দুৰখেইমৰ মতে আংগিক একতা হৈছে আধুনিক সমাজৰ বৈশিষ্ট্য। বৃহৎ জনসংখ্যা আৰু সমাজৰ সদস্যসকলৰ মাজত থকা ভিন্নতা বা বৈসাদৃশ্যতা (heterogenity) ৰে পৰিপূৰ্ণ আধুনিক সমাজবোৰৰ ব্যক্তিৰ সামাজিক সম্বন্ধ হয় নৈব্যক্তিক প্ৰকৃতিৰ। এনে সমাজত ব্যক্তি বা সমূহ জীৱন ধাৰণৰ বাবে এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। এনেদৰে পাৰস্পৰিক নিৰ্ভৰশীলতা আংগিক একতাৰ আধাৰ হ’লেও আংগিক একতাই ব্যক্তিক প্ৰাধান্য দিয়ে।

১৯। যান্ত্ৰিক একতা আৰু আংগিক একতাৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰ :- যান্ত্ৰিক একতা আৰু আংগিক একতাৰ মাজৰ পাৰ্থক্যবোৰ হ’ল :

(ক) যান্ত্ৰিক একতাৰ আধাৰ হৈছে সমাজৰ ব্যক্তিসকলৰ মাজত থকা সাদৃশ্যতা। অন্যহাতে আংগিক একতাৰ আধাৰ হৈছে সমাজৰ ব্যক্তিসকলৰ মাজত থকা ভিন্নতা বা বৈসাদৃশ্যতা।

(খ) যান্ত্ৰিক একতা আদিম সমাজত দেখা যায়- য’ত সমাজ গঠিত হয় বিভিন্ন আত্মনিৰ্ভৰশীল গোটৰ দ্বাৰা। ইয়াৰ বিপৰীতে আংগিক একতা আধুনিক সমাজত দেখা পোৱা যায়- য’ত সমাজ গঠিত হয় বিভিন্ন গোট বা সংস্থাৰ দ্বাৰা। যিবোৰ জীৱন-ধাৰণৰ বাবে পৰস্পৰ নিৰ্ভৰশীল।

(গ) যান্ত্ৰিক একতা থকা সমাজত দমনমূলক (Repressive) আইন প্ৰয়োগ কৰা হয়। এনে সমাজত একতা ধৰি ৰাখিবৰ বাবে সামাজিক প্ৰতিমান ভংগ কৰা ব্যক্তিক কঠোৰ শাস্তি দিয়া হয়। ইয়াৰ বিপৰীতে আংগিক একতা থকা সমাজত আইন দমনমূলক নহয়, ক্ষতিপূৰক (Restitutive) হে। অৰ্থাৎ আধুনিক সমাজত আইনৰ মূখ্য উদ্দেশ্য হৈছে অপৰাধীৰ কৰ্ম সংশোধন কৰা।

(ঘ) যান্ত্ৰিক একতাই সামূহিকতাৰ ওপৰত গুৰুত্ব দিয়ে। কিন্তু আংগিক একতাই ব্যক্তিৰ স্বতন্ত্ৰতা স্বীকাৰ কৰে।

২০। নৈতিক নিয়মাৱলীবোৰ কেনেকৈ সামাজিক একতাৰ পৰিচায়ক, উদাহৰণসহ দেখুওৱা।

উত্তৰ :- নৈতিক নিয়মাৱলীবোৰ সদায়েই সামাজিক একতাৰ পৰিচায়ক হৈ আহিছে। যান্ত্ৰিক একতা থকা আদিম সমাজত ব্যক্তি আৰু তেওঁৰ সম্প্ৰদায় উভয়ে এক শক্তিশালী বান্ধোনত বান্ধ খাই থাকে। সেইবাবে ব্যক্তিয়ে সামাজিক বা সাম্প্ৰদায়িক প্ৰতিমানবোৰ ভংগ কৰিলে সম্প্ৰদায়টো ভাঙোনমুখী হোৱাৰ সম্ভাৱনা থাকে- যাৰ বাবে প্ৰতিমান ভংগকাৰীক কঠোৰ শাস্তি দিয়া হয়। এনে শাস্তিৰ ভয়ত ব্যক্তিয়ে সামাজিক প্ৰতিমানসমূহ মানি চলে- যাৰ বাবে এইবোৰ সামাজিক একতাৰ পৰিচায়ক হৈ পৰে।

২১। মেক্স ৱেবাৰৰ মতে সমাজতত্ব কি ?

উত্তৰ :- মেক্স ৱেবাৰৰ মতে সমাজতত্বৰ মূখ্য উদ্দেশ্য হৈছে সামাজিক ক্ৰিয়া সমূহৰ ব্যাখ্যাত্মক বৰ্ণনা আগবঢ়োৱা। সমাজতত্বই সহানুভূতিৰ বোধেৰে সামাজিক ক্ৰিয়াক পদ্ধতিগত ভাৱে অধ্যয়ন কৰে।

২২। সামাজিক ক্ৰিয়া কি ?

উত্তৰ :- ৱেবাৰৰ মতে সামাজিক ক্ৰিয়াই সকলো ধৰণৰ মানৱীয় অৰ্থপূৰ্ণ ব্যৱহাৰক আৱৰি লয়। অৰ্থাৎ সেইবোৰেই সামাজিক ক্ৰিয়া, যিবোৰ ক্ৰিয়া সম্পন্ন কৰাজনে বা কৰ্তাই এই কৰ্মৰ যোগেদি একোটা অৰ্থ প্ৰকাশ কৰে।

২৩। আদৰ্শৰূপ (Ideal type) কি ?

উত্তৰ :- আদৰ্শৰূপৰ ধাৰণা সমাজতত্বৰ প্ৰতি ৱেবাৰৰ এক গুৰুত্বপূৰ্ণ অৱদান। সামাজিক পৰিঘটনাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যবোৰ যুক্তিৰে একেলগ কৰাৰ আৰ্হিয়েই হৈছে আদৰ্শৰূপ। বিশ্লেষণৰ সুবিধাৰ বাবে প্ৰস্তুত কৰা ই এক ধাৰণাত্মক আহিলা মাত্ৰ। সেয়েহে আদৰ্শৰূপে বাস্তৱৰ ছবিখন নকৈ সজাই লোৱাটো নুবুজায়। সামাজিক পৰিঘটনাৰ মূল বৈশিষ্ট্য আৰু সম্পৰ্কৰ বিষয়ে অধ্যয়নকাৰীক সহায় কৰাটোহে আদৰ্শৰূপৰ প্ৰধান বৈশিষ্ট্য।

২৪। মূল্যবোধ নিৰপেক্ষতা (Vanue neutral) কি ?

উত্তৰ :- মেক্স ৱেবাৰৰ মতে সমাজতত্ব অধ্যয়ন মূল্যবোধ নিৰপেক্ষ হ’ব লাগে। অৰ্থাৎ সমাজতত্ববিদ সকলে অধ্যয়ন কৰি থকা ব্যক্তি বিশেষৰ ভাৱবোৰ কেৱল বৰ্ণনাহে কৰিব পাৰে- বিচাৰ কৰিব নোৱাৰে। ইয়াৰোপৰি আনৰ ব্যক্তিনিষ্ঠ ভাববোৰ লিপিবদ্ধ কৰোঁতে সমাজতত্ববিদ জনৰ নিজৰ ভাবাদৰ্শই যাতে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে সেই বিষয়েও সমাজতত্ববিদজন সতৰ্ক থাকিব লাগে। মেক্স ৱেবাৰৰ মতে স্ব-অনুশাসনৰ জৰিয়তে সমাজতত্ববিদসকল লৌহ সংকল্পিত হ’ব লাগে আৰু এনেদৰে সমাজতাত্বিক অধ্যয়ন মূল্যবোধ নিৰপেক্ষ হ’ব লাগে।

২৫। আমোলাতন্ত্ৰ কি ? আমোলাতন্ত্ৰৰ বৈশিষ্ট্যবোৰ কি কি ?  

উত্তৰ :- আমোলাতন্ত্ৰ হ’ল এনে এক সাংগঠনিক ব্যৱস্থা যিয়ে পাৰিবাৰিক জগতখনক ৰাজহুৱা জগতখনৰ পৰা পৃথক কৰি ৰাখে। ৰাজহুৱা ক্ষেত্ৰতসমূহত মানুহৰ আচাৰ ব্যৱহাৰ কিছুমান নিৰ্ধাৰিত নীতি-নিয়ম বা বিধিৰ দ্বাৰা পৰিচালিত।  নিৰ্দিষ্ট নীতি-নিয়মৰ দ্বাৰা ৰাজহুৱা জীৱন পৰিচালিত কৰা আধুনিক যুগৰ সাংগঠনিক ব্যৱস্থাটোকে আমোলাতন্ত্ৰ বোলা হয়।

মেক্স ৱেবাৰৰ মতে আমোলাতান্ত্ৰিক ব্যৱস্থাত কিছুমান বিশেষ বৈশিষ্ট্য দেখা পোৱা যায়। সেইবোৰ হ’ল-

(ক) বিষয়াসকলৰ কাৰ্যপ্ৰণালী : আলোমাতান্ত্ৰিক ব্যৱস্থাত সংগঠনৰ কাৰ্য সম্পাদনাৰ বাবে কিছুমান সু-নিৰ্দিষ্ট কাৰ্যপন্থা থাকে। আমোলাসকলে নৈব্যক্তিক ভাবে নিজৰ নিজৰ দায়িত্ব পালন কৰে। আমোলাসকলক যোগ্যতাৰ ভিত্তিত নিয়োগ কৰা হয় আৰু তেওঁলোকক নিৰ্দিষ্ট হাৰত দৰমহা, পেঞ্চন আদি দিয়া হয়।

(খ) পদানুক্ৰমিক ব্যৱস্থা : আমোলাতান্ত্ৰিক ব্যৱস্থা এটাৰ আকৃতি পিৰামিড সদৃশ। এনে পিৰামিড সাদৃশ গাঠনিযুক্ত আমোলাতান্ত্ৰিক ব্যৱস্থাত উচ্চ পৰ্যায়ৰ বিষয়াই নিম্ন পৰ্যায়ৰ বিষয়াক তদাৰক কৰে আৰু নিৰ্দেশ দিব পাৰে।

(গ) লিখিত নথি পত্ৰৰ ব্যৱস্থা : আমোলাতান্ত্ৰিক ব্যৱস্থাৰ সকলো কাম-কাজ লিখিত নথি-পত্ৰ (ফাইল)ৰ আধাৰত চলে। এনে নথি-পত্ৰবোৰ সযতনে ৰখা হয়।

(ঘ) কাৰ্যালয়ৰ আচৰণবিধি : আমোলাতান্ত্ৰত কাৰ্যালয়ৰ কামৰ বাবে নিৰ্দিষ্ট সময় থাকে। ইয়াৰোপৰি কৰ্মচাৰী সকলে নিৰ্দিষ্ট বিধি আৰু নিয়ম অনুযায়ী দায়িত্ব পালন কৰে। কঠোৰ নিয়মানুৱৰ্তিতা আমোলাতন্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।

(ঙ) আমোলাতান্ত্ৰিক ব্যৱস্থাত বিষয়াসকলৰ বাবে কাৰ্যালয়ৰ কৰ্মই হৈছে মূল বৃত্তি। এই বৃত্তিৰ লগত পদোন্নতিৰ ব্যৱস্থা জড়িত হৈ থাকে।

২৬। ৱেবাৰৰ মতে কৰ্তৃত্ব কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰ :- মেক্স ৱেবাৰৰ মতে কৰ্তৃত্ব তিনি প্ৰকাৰৰ। সেয়া হৈছে-

(ক) পৰম্পৰাগত কৰ্তৃত্ব : এই কৰ্তৃত্বৰ মূল আধাৰ হৈছে সমাজত পুৰণি কালৰে পৰা চলি অহা ৰীতি-নীতি পৰম্পৰা আদি।

(খ) সন্মোহিনী বা ঐশ্বৰিক কৰ্তৃত্ব : এনে কৰ্তৃত্বৰ আধাৰ হৈছে দৈৱিক অৱদান বা ব্যক্তিৰ ব্যক্তিত্বৰ প্ৰভাৱ আদি। উদাহৰণস্বৰূপে, মহাত্মা গান্ধীক সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণে মানি চলিছিল মূলত তেওঁৰ গাত থকা দেৱসুলভ গুণ বা দুৰ্লভ ব্যক্তিত্বৰ বাবে।

(গ) আইন সন্মত যুক্তিযুক্ত কৰ্তৃত্ব : যি কৰ্তৃত্ব প্ৰচলিত আইনৰ ওপৰত ভিত্তি কৰি যুক্তি সংগতভাৱে প্ৰয়োগ কৰা হয় তেনে কৰ্তৃত্বক আইন সন্মত যুক্তি যুক্ত কৰ্তৃত্ব বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top