Class 11 Sociology Chapter 3 সামাজিক সংস্থা

Class 11 Sociology Chapter 3 সামাজিক সংস্থা answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Sociology Chapter 3 সামাজিক সংস্থা and select needs one.

Class 11 Sociology Chapter 3 সামাজিক সংস্থা

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Sociology Chapter 3 সামাজিক সংস্থা Solutions for All Subject, You can practice these here.

সামাজিক সংস্থা

পাঠ: 3

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

১। সামাজিক সংস্থাৰ এটা উদাহৰণ লিখা।

উত্তৰ :- পৰিয়াল।

২। স্বজন পদ্ধতি প্ৰধানকৈ দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰি গড় লয়। এটা হৈছে বিবাহ, আনটো কি ?

উত্তৰ :- জন্ম।

৩। অৰ্থনীতি এক সামাজিক সংস্থা হয়নে ?

উত্তৰ :- হয়।

৪। “অৰ্থনীতি হ’ল মানৱ সমাজৰ মৌলিক সংৰচনা”- এই কথাষাৰ কোনে কৈছিল ?

উত্তৰ :- কাৰ্লমাৰ্ক্স ।

৫। একক পৰিয়াল কি ?

উত্তৰ :- একক পৰিয়াল সৰু পৰিয়াল য’ত স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ অবিবাহিত ল’ৰা-ছোৱালী বসবাস কৰে।

৬। স্বজনীয় পদ্ধতি কি ?

উত্তৰ :- বিবাহ আৰু জন্মৰ জৰিয়তে সমাজত ব্যক্তিৰ মাজত যি আত্মীয়-সম্বন্ধ সমূহৰ সৃষ্টি হয়, তাকে স্বজন পদ্ধতি বোলে।

৭। ধৰ্মৰ এটা সামাজিক কাৰ্য উল্লেখ কৰা।

উত্তৰ :- ধৰ্মই সমাজত নৈতিক শৃংখলা বজাই ৰাখে।

৮। স্বজন পদ্ধতিক কি কি দুটা ভাগত ভগোৱা হৈছে ?

উত্তৰ :- এক পক্ষীয় স্বজন পদ্ধতি আৰু দ্বি-পাক্ষিক স্বজন পদ্ধতি।

৯। অন্তবিবাহ কি ?

উত্তৰ :- কোনো নিজৰ সম্প্ৰদায় বা জাতিৰ ভিতৰত বিবাহ হোৱাটোকে অন্তবিবাহ বুলি কোৱা হয়।

১০। বহি:বিবাহ কি ?

উত্তৰ :- নিজৰ গোষ্ঠী, গাওঁ স্বজনীয় গোট ইত্যাদিৰ বাহিৰত বিবাহ হোৱাটোকে বহি:বিবাহ বুলি কোৱা হয়।

১১। স্বজন কি ?

উত্তৰ :- যেতিয়া দুজন ব্যক্তি বিবাহপাশত আৱদ্ধ হয় তেতিয়া তেওঁলোক ইজন-সিজনৰ বাবে স্বজন হৈ পৰে।

১২। জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল কি ?

উত্তৰ :- জন্ম সূত্ৰে পোৱা পৰিয়ালক জন্ম পৰিয়াল বোলা হয়। আনহাতে বিবাহৰ যোগেদি পোৱা পৰিয়ালক প্ৰজনন পৰিয়াল বোলা হয়।

১৩। সমগোত্ৰীয় স্বজন কি ? 

উত্তৰ :- তেজৰ সম্পৰ্কৰ যোগেদি পোৱা স্বজনক সমগেত্ৰীয় স্বজন বোলে।

১৪। বৈবাহিক স্বজন কি ? 

উত্তৰ :- বৈবাহিক সম্বন্ধৰ যোগেদি পোৱা স্বজনক বৈবাহিক স্বজন বোলা হয়।

১৫। পৰিয়াল কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰ :- পৰিয়াল সাধাৰণতে দুই প্ৰকাৰৰ- মাতৃপ্ৰধান পৰিয়াল আৰু পিতৃ প্ৰধান পৰিয়াল।

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। সামাজিক সংস্থা কি ?

উত্তৰ :- কাৰ্যত্মক দৃষ্টিভংগী অনুসৰি সামাজিক সংস্থা হৈছে সমাজৰ কিছুমান প্ৰতিমান, বিশ্বাস, প্ৰমূল্য বা ভূমিকাৰ এক জটিল অৱস্থা যিয়ে সমাজৰ প্ৰয়োজনীয়তাৰ প্ৰতি সহাৰি জনাই সমাজত বিৰাজমান হৈ থাকে। সামাজিক প্ৰয়োজনীয়তাৰ বাবেই সংস্থাবোৰৰ জন্ম হয়। আনহাতে সংঘৰ্ষ দৃষ্টিভংগী অনুসৰি সামাজিক সংস্থাবোৰ সমাজৰ প্ৰভাৱশালী লোকসকলৰ সৃষ্টি আৰু এই সংস্থাবোৰে সদায় প্ৰভাৱশালী শ্ৰেণীৰ অনূকুলে কাম কৰে।

২। সামাজিক সংস্থাৰ অধ্যয়ন সমাজতত্ত্বৰ বাবে কিয় প্ৰয়োজনীয় ?

উত্তৰ :- সমাজত থকা সংস্থাবোৰে ব্যক্তিৰ ভূমিকাক নিয়ন্ত্ৰণ কৰে। সংস্থাই কেতিয়াবা ব্যক্তিক শাস্তি প্ৰদান কৰে আৰু কেতিয়াবা ব্যক্তিক সন্মানিত কৰে। সামাজিক সংস্থাই আকৌ ব্যক্তিক কিছুমান সা-সুবিধা প্ৰদান কৰে। এনে সা-সুবিধা প্ৰদান কৰোঁতে সামাজিক সংস্থাই   সমাজত অসমতাৰ সৃষ্টি কৰিব পাৰে। ৰাষ্ট্ৰ,শিক্ষানুষ্ঠানৰ দৰে আনুষ্ঠানিক সংস্থাৰ উপৰিও ধৰ্ম, পৰিয়াল আদিৰ দৰে অনানুষ্ঠানিক সংস্থাই ব্যক্তি আৰু সমাজৰ ওপৰত পেলোৱা অপৰিসীম প্ৰভাৱৰ বাবেই সামাজিক সংস্থাৰ অধ্যয়ন সমাজতত্ত্বৰ বাবে প্ৰয়োজনীয় হৈ পৰে।

৩। পৰিয়াল কি ?

উত্তৰ :- পৰিয়াল হৈছে সমাজত স্বত্ব:স্ফূৰ্ত ভাৱে অস্তিত্ব লাভ কৰা এটা অনানুষ্ঠানিক বিশ্বজনীন সামাজিক সংস্থা। পোনপটীয়া স্ব-জন সম্পৰ্কৰে বান্ধ খাই থকা ব্যক্তি সকলৰ সমূহ বা গোটেই হৈছে পৰিয়াল।

৪। পিতৃয়াত্মক পৰিয়াল আৰু মাতৃয়াত্মক পৰিয়ালৰ মাজৰ পাৰ্থক্য কেনে ? 

উত্তৰ :- মাতৃ প্ৰধান পৰিয়ালত মাতৃ গৰাকীয়েই পৰিয়ালৰ মূৰব্বী আৰু তেৱেঁই পৰিয়ালৰ সকলো সিদ্ধান্ত লয়। আনহাতে পিতৃয়াত্মক পৰিয়ালত পিতৃজন পৰিয়ালৰ মূৰব্বী আৰু তেওঁৰ হাতত পৰিয়ালৰ সকলো কৰ্তৃত্ব থাকে।

ইয়াৰোপৰি মাতৃ প্ৰধান পৰিয়ালত বিবাহৰ পিছত ছোৱালীজনী স্বামীগৃহলৈ যাব নালাগে বৰং স্বামীজনহে তেওঁৰ ঘৰলৈ আহে। কিন্তু পিতৃ প্ৰধান পৰিয়ালত বিবাহিত ছোৱালী স্বামীগৃহলৈ যাব লাগে।

শেষত ক’ব পাৰি যে পিতৃ-প্ৰধান পৰিয়ালত পুৰুষৰ সামাজিক স্থান মহিলাতকৈ উচ্চ হোৱাৰ বিপৰীতে মাতৃ প্ৰধান পৰিয়ালত তিৰোতাৰ সামাজিক স্থান পুৰুষতকৈ উচ্চ।

৫। একক পৰিয়াল কি ? একক পৰিয়াল উদ্যোগীক সমাজৰ বাবে উপযুক্ত বোলাতো সত্যনে ?

উত্তৰ :- একক পৰিয়ালৰ সদস্য সংখ্যা সীমিত। পিতৃ-মাতৃ আৰু তেওঁলোকৰ অবিবাহিত সতি-সন্তানকলৈ একক পৰিয়াল গঠিত হয়।

কাৰ্যত্মক ভাৱদৰ্শৰ মতে একক পৰিয়ালে উদ্যোগীক সমাজৰ বহু আৱশ্যকতা পূৰণ কৰিব পাৰে। এই ধাৰণাৰ সমৰ্থক সকলৰ মতে এক পৰিয়ালত পুৰুষে উপাৰ্জন কৰাৰ বিপৰীতে মহিলাই ঘৰ ধৰোতাৰ কাম কৰে যাৰ বাবে পুৰুষজনে বেছিকৈ উপাৰ্জনত মনোনিৱেশ কৰিব পাৰে। কিন্তু দেখা গৈছে যে এনে ধাৰণাই সমাজত লিংগ বৈষম্য সৃষ্টি কৰিছে আৰু এনে ধাৰণা বহু সময়ত ভুল বুলিও প্ৰমাণিত হৈছে। উদাহৰণস্বৰূপে অসমৰ চাহ উদ্যোগত বৃহৎ সংখ্যক মহিলা শ্ৰমিকে কাম কৰে। গতিকে একক পৰিয়ালত পুৰুষ উপাৰ্জনকাৰী আৰু মহিলা ঘৰুৱা যতনকাৰী হিচাপ যি ভূমিকাৰ বিশেষীকৰণ কৰা হৈছে সি শুদ্ধ নহয়। ভাৰতত সম্পাদন হোৱা বহুতো সমাজতাত্বিক অধ্যয়নে এইটো দেখুৱাইছে যে ঔদ্যোগীক আৰ্হিৰ অৰ্থনীতিৰ বাবে একক পৰিয়াল হোৱাৰ প্ৰয়োজন নাই।

৬। বিবাহ কি ?

উত্তৰ :- বিবাহ হ’ল এটা সামাজিক প্ৰথা যাৰ দ্বাৰা এহাল প্ৰাপ্তবয়স্ক পুৰুষ-নাৰীৰ মাজৰ যৌন সম্পৰ্কই সামাজিক স্বীকৃতি লাভ কৰাৰ লগতে নাৰী-পুৰুষহালে পতি-পত্নী বা পিতৃ-মাতৃ হিচাপে সামাজিক দায়িত্ব পালন কৰাৰ অধিকাৰ লাভ কৰে।

৭। বিবাহ কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰ :- জীৱন সংগীৰ সংখ্যা ওপৰত ভিত্তি কৰি বিবাহক দুটা ভাগত ভাগ কৰিব পাৰি-

(ক) এক পতি-পত্নী বিবাহ (Monogamy),আৰু

(খ) বহু পতি-পত্নী বিবাহ (Polygamy)।আনহাতে জীৱনসংগী নিৰ্বাচনৰ নিয়ম অনুসৰি বিবাহক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি- 

(ক) আন্তঃবিবাহ (Endogamy) আৰু 

(খ) বহিঃবিবাহ (Exogamy)

৮। এক পতি-পত্নী বিবাহ কি ?

উত্তৰ :- এক পতি-পত্নী বিবাহ হ’ল এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সীমাৱদ্ধ থকা বিবাহ। এই নিয়ম অনুসৰি এজন পতিৰ মাত্ৰ এগৰাকী পত্নী বা এগৰাকী পত্নীৰ মাত্ৰ এজনহে পতি থাকে।

৯। বহু পতি-পত্নী বিবাহ কি ? 

উত্তৰ :- বহু বিবাহে একে সময়তে এগৰাকীতকৈ বেছি জীৱন সংগী থকাটো বুজায়। এনে বিবাহৰ দুটা ভাগ আছে-বহু পত্নী বিবাহ (Polygymy) য’ত এজন পতিৰ একাধিক পত্নী থাকে, আৰু বহু পতি বিবাহ (Polyandry) য’ত এগৰাকী পত্নীৰ একাধিক পতি থাকে।

১০। অন্ত:বিবাহ আৰু বৰ্হি:বিবাহ কি ? 

উত্তৰ :- বিবাহ প্ৰকৰণৰ এটা দিশ হ’ল অন্ত:বিবাহ আৰু বৰ্হি:বিবাহ। কেৱল নিজৰ সম্প্ৰদায় বা জাতিৰ ভিতৰত বিবাহ হোৱাটোকে অন্ত:বিবাহ বুলি কোৱা হয়। আৰু পিছৰ গোষ্ঠী, গাওঁ স্বজনীয় গোট ইত্যাদিৰ বাহিৰত বিবাহ হোৱাটোকে বৰ্হি:বিবাহ বুলি কোৱা হয়।

অন্ত:বিবাহ পদ্ধতিত এজন মানুহে নিজৰ জাতি বা সম্প্ৰদায় বা স্বজনীয় গোটৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা ব্যক্তিৰ মাজৰ পৰাহে বিয়া কৰাব পাৰে। সাধাৰণতে জনজাতীয় সমাজবোৰত আৰু ভাৰতীয় জাতীয় প্ৰথাত এনেধৰণৰ অন্ত:বিবাহ প্ৰচলিত হোৱা দেখা যায়।

বহি:বিবাহ প্ৰথা অনুযায়ী নিজৰ বংশ, গোষ্ঠী বা স্বজনীয় গোটত অন্তৰ্ভুক্ত হোৱা ব্যক্তিসকলৰ মাজত বিবাহ হ’ব নোৱাৰে। তেওঁলোকে সদায় অন্য বংশ, গোষ্ঠী, বা স্বজনীয় গোটৰ পৰাহে বিবাহ কৰাব পাৰে। কিছুমান অঞ্চলত নিজৰ গাঁৱৰ ভিতৰত কোনো পৰিয়ালৰ লগত বিবাহ সম্পৰ্ক ৰাখিব নোৱাৰে। সদায়ে অন্য এখন গাঁৱৰ পৰাহে বিবাহপ্ৰাৰ্থী নিৰ্বাচন কৰি ল’ব লাগিব। অৱশ্যে স্থান আৰু প্ৰচলিত ৰীতি অনুসৰি বহি:বিবাহৰ ক্ষেত্ৰত পাৰ্থক্য দেখা যায়।

১১। কৰ্ম মানে কি বুজা ?

উত্তৰ :- মজুৰি পোৱা হওক বা নহওক যিবোৰ কাম সম্পাদন কৰিবৰ বাবে শাৰীৰিক আৰু মানসিক শক্তিৰ প্ৰয়োজন থাকে আৰু যিবোৰ কৰ্মই মানুহৰ প্ৰয়োজনীয় সামগ্ৰী আৰু সামাজিক সেৱাৰ যোগান ধৰে তাকেই কৰ্ম বোলে।

১২। শ্ৰম বিভাজন কি ?

উত্তৰ :- শ্ৰম বিভাজন হ’ল কৰ্মক বিশেষভাৱে বিভাজন কৰা এক প্ৰক্ৰিয়া। আধুনিক সমাজত ব্যক্তিৰ বিশেষ অৰ্হতাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সংস্থাপনাৰ ভিত্তি কৰ্মক এক বুজন সংখ্যক বিভাগত ভাগ কৰা হয় আৰু ইয়াকে শ্ৰম বিভাজন বোলে।

১৩। আধুনিক সমাজত কৰ্মৰ পৰিৱৰ্তন সম্পৰ্কে আলোচনা কৰা।

উত্তৰ :- প্ৰাক্ আধুনিক সমাজৰ বেছিভাগ লোকেই কৃষি কৰ্মৰ লগত জড়িত আছিল।কিন্তু আধুনিক সমাজৰ বেছিভাগ সংখ্যক লোক উদ্যোগ আৰু সেৱা খণ্ডৰ লগত জড়িত হৈ থাকে।প্ৰাক্ আধুনিক কৃষি ভিত্তিক সমাজত প্ৰাথমিক পৰ্যায়ৰ শ্ৰম বিভাজন দেখা পোৱা গৈছিল। ইয়াৰ বিপৰীতে আধুনিক আৰ্থিক ব্যৱস্থাৰ বৈশিষ্ট্য হ’ল জটিল শ্ৰম বিভাজন। আধুনিক উদ্যোগীক সমাজত বৃত্তিগত নিপুনতা বা ব্যক্তিৰ বিশেষ শিক্ষাগত অৰ্হতাৰ ভিত্তিত শ্ৰম বিভাজন দেখা পোৱা যায়।

ঔদ্যোগিকৰণৰ পূৰ্বে কৰ্মস্থান আছিল ঘৰখন অৰ্থাৎ বেছিভাগ কাম ঘৰতেই কৰা হৈছিল। কিন্তু উদ্যোগীক প্ৰযুক্তিৰ উন্নয়ন যেনে-কয়লা আৰু বিদ্যুৎ শক্তি চালিত যন্ত্ৰৰ উদ্ভাৱনৰ ফলত বাসস্থান আৰু কৰ্মস্থানৰ পৃথকীকৰণ আৰম্ভ হয়।

আধুনিক সমাজত কৰ্মৰ দিশত হোৱা পৰিৱৰ্তনৰ এটা উল্লেখযোগ্য দিশ হৈছে সেৱা খণ্ডৰ (Service rector) প্ৰসাৰ। আধুনিক সমাজত পৰিবহণ, বেংক, বীমা, শিক্ষা প্ৰতিষ্ঠান সমূহ আদি।

১৪। ৰাজনৈতিক সংস্থা কি ? 

উত্তৰ :- সমাজত ক্ষমতা বিতৰণৰ লগত জড়িত সংস্থা সমূহেই হ’ল ৰাজনৈতিক সংস্থা। ৰাজনৈতিক সংস্থাৰ লগত ক্ষমতা আৰু কতৃত্বৰ ধাৰণা জড়িত হৈ থাকে।

১৫। ক্ষমতা কি ? 

উত্তৰ :- ক্ষমতা হৈছে আনে বাধা দিয়া স্বত্বেও ব্যক্তি বা সমূহে নিজৰ ইচ্ছাক আগুৱাই নিয়াৰ সামৰ্থ।

১৬। কতৃত্ব কি ?

উত্তৰ :- ক্ষমতাক যুক্তি সংগতাৰে গ্ৰহণ কৰা ৰূপেই হৈছে কতৃত্ব। আছলতে বৈধ ক্ষমতাই হৈছে কতৃত্ব।

১৭। ৰাষ্ট্ৰ কি ?

উত্তৰ :- যেতিয়া কোনো এক নিৰ্দিষ্ট ভৌগোলিক এলেকাত আনুষ্ঠানিক ৰাজনৈতিক ব্যৱস্থা হিচাপে চৰকাৰে শাসন কৰে তেতিয়াই ৰাষ্ট্ৰ গঢ়ি উঠে। আধুনিক ৰাষ্ট্ৰৰ মূল উপাদান হৈছে জনসমষ্টি, নিৰ্দিষ্ট ভূ-খণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব।

১৮। নাগৰিকৰ অধিকাৰ সমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰ :- নাগৰিকৰ অধিকাৰ বুলি ক’লে প্ৰধানকৈ অসামৰিক ৰাজনৈতিক আৰু সামাজিক অধিকাৰৰ কথাকে বুজা যায়।

অসামৰিক অধিকাৰ কোনো ব্যক্তিয়ে নিজৰ ইচ্ছা অনুসৰি দেশৰ যি কোনো অঞ্চলত বসবাস কৰাৰ স্বাধীনতা, বাক্-স্বাধীনতা, ধৰ্মীয় স্বাধীনতা আদিক বুজায়।ৰাজনৈতিক অধিকাৰ ৰাজনৈতিক কাৰ্যকলাপত অংশ গ্ৰহণ যেনে- ৰাজনৈতিক দল গঠন, প্ৰভাৱ গোষ্ঠী গঠনৰ দৰে কাৰ্যৰ লগতে ৰাজনৈতিক প্ৰক্ৰিয়াত অংশ গ্ৰহণ যেনে- ভোটদানৰ অধিকাৰ, নিৰ্বাচনত প্ৰতিদণ্ডিতা কৰাৰ অধিকাৰ আদিক বুজায়।

সামাজিক অধিকাৰ ব্যক্তিৰ অৰ্থনৈতিক কল্লাণ আৰু সুৰক্ষাৰ নূন্যতম মানদণ্ডক উপভোগ কৰা বুজায়। ইয়াৰ ভিতৰত উপযুক্ত মজুৰি, কামৰ সময় নিৰ্দিষ্ট কৰা, স্বাস্থ্যৰ সা-সুবিধা লাভ কৰা আদিকে বুজায়।

১৯। জাতীয়তাবাদ কি ? 

উত্তৰ :- জাতীয়তাবাদক বিশ্বাস আৰু প্ৰতীকৰ এক সমষ্টি বুলি ক’ব পাৰি। জাতীয়তাবাদে মানুহক একেটা ৰাজনৈতিক সম্প্ৰদায়ৰ অংশ বুলি মনোভাৱ বা চেতনা আনি দিয়ে। জাতীয়তাবাদ আৰু আধুনিক ৰাষ্ট্ৰ উখান প্ৰায় সমসাময়িক।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সমাজ সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক
Chapter 2প্ৰাথমিক অৱধাৰণা
Chapter 3 সামাজিক সংস্থা
Chapter 4সমাজ আৰু সংস্কৃতি
Chapter 5ব্যৱহাৰিক সমাজতত্ব গৱেষণা পদ্ধতি আৰু কৌশল
Unit 2দ্বিতীয় খণ্ড
Chapter 1সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া
Chapter 2 সামাজিক পৰিৱৰ্তন
Chapter 3পৰিৱেশ আৰু সমাজ
Chapter 4পাশ্চাত্য সমাজতত্ত্ববিদসকল-এক পৰিচয়
Chapter 5ভাৰতীয় সমাজতত্ত্ববিদসকলৰ এক পৰিচয়

২০। সমাজতত্ত্বই ধৰ্মক কেনেদৰে অধ্যয়ন কৰে আলোচনা কৰা।

উত্তৰ :- সমাজত ধৰ্মৰ কাম কি আৰু অন্যান্য সংস্থাবোৰৰ লগত ধৰ্মৰ আন্তঃক্ৰিয়া বা আন্তঃসম্পৰ্ক কেনে আদি বিষয়ত সমাজতত্ত্বই অভিজ্ঞতা সম্বলিত অধ্যয়ন কৰে। সমাজতত্ত্বই সমাজ আৰু সংস্কৃতিৰ বিভিন্ন দিশৰ সৈতে ৰাহিতা খুৱাই ধৰ্মীয় বিশ্বাস, কাৰ্যকলাপ আৰু সংস্থাবোৰক অধ্যয়ন কৰে।

ধৰ্মৰ লগত পৱিত্ৰ অপৱিত্ৰতাৰ কথা জড়িত হৈ থাকে। দূৰখেইমক অনুসৰণ কৰি পিছৰ যুগৰ ভালে সংখ্যক সমাজতত্ত্ববিদে ধৰ্মৰ লগত জড়িত পৱিত্ৰ-অপৱিত্ৰতা ধাৰণাক আলোচনা কৰিছে।

সমাজতত্ত্বই ধৰ্মৰ লগত অন্য সামাজিক সংস্থাবোৰৰ সম্পৰ্কৰ বিষয়েও অধ্যয়ন কৰে। মেক্স ৱেবাৰৰ মতে ধৰ্মৰ সৈতে মানুহৰ সামাজিক আৰু অৰ্থনৈতিক ব্যৱহাৰৰ সম্পৰ্ক আছে যিটো কেৱল সমাজতাত্বিক দৃষ্টিভংগীৰেহে আলোচনা কৰিব পাৰি। ৱেবাৰৰ মতে খ্ৰীষ্টান ধৰ্মৰ প্ৰচেষ্টা শাখা আদৰ্শই ইউৰোপত পুঁজিবাদী সৃষ্টিত অৰিহণা যোগাইছিল।

সেয়েহে ধৰ্মক এক সুকীয়া বিষয় হিচাপে অধ্যয়ন কৰিব পৰা নাযায়। সকলো সামাজিক শক্তিয়েই ধৰ্মৰ ওপৰত প্ৰভাৱ পেলাই আৰু ধৰ্মইয়ো এই শক্তিসমূহৰ ওপৰত প্ৰভাৱ পেলাই। সমাজতত্ববিদ সকলৰ প্ৰধান কাম হ’ল ধৰ্ম আৰু অন্য সামাজিক সংস্থাবোৰৰ মাজত থকা সম্পৰ্কৰ বিষয়ে পুংখানুপুংখৰূপে অধ্যয়ন কৰা।

২১। সমাজতত্ত্বই শিক্ষাক কেনেদৰে অধ্যয়ন কৰে।

উত্তৰ :- শিক্ষা এক জীৱনযোৰা প্ৰক্ৰিয়া য’ত আনুষ্ঠানিক আৰু অনানুষ্ঠানিক এই দুই ধৰণৰ শিক্ষানুষ্ঠানেই অন্তৰ্ভুক্ত হয়।

সমাজতাত্বিক সকলে শিক্ষাক দুটা দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰিছে। কাৰ্যত্মক ভাৱধাৰাৰ সমৰ্থকসকলৰ মতে শিক্ষাই সামাজিক সংৰচনা পৰিচালনা আৰু পুনৰীক্ষণ কৰাৰ লগতে সংস্কৃতিৰ প্ৰসাৰণ আৰু উন্নয়নো সাধন কৰে। তেওঁলোকৰ মতে শিক্ষা ব্যৱস্থাটো হ’ল এক গুৰুত্বপূৰ্ণ আহিলা স্বৰূপে যিয়ে শিক্ষাই এজন ব্যক্তিৰ সামৰ্থ আৰু অৰ্হতাক প্ৰমাণ কৰাৰ এক উপযুক্ত ভেটী হিচাপে কাম কৰাৰ লগতে ই সামৰ্থ অনুসৰি ব্যক্তিক প্ৰস্থিতি প্ৰদানৰ প্ৰতিনিধি হৈ পৰে।কিন্তু আন এচাম সমাজতাত্বিকৰ মতে সমাজ অসমতাৰে ভৰপুৰ আৰু সমাজ ব্যৱস্থাৰ এই অসমান অৱস্থাৰ মাধ্যমেদি শিক্ষাইয়ো সমাজত অসমান ৰূপে ক্ৰিয়া কৰে। 

সেইদৰে সমাজত যি ধৰণৰ স্তৰীকৰণ ব্যৱস্থা প্ৰচলিত হৈ থাকে শৈক্ষিক সুবিধাবোৰো তেনেকৈ অসমান ৰূপেৰে গতি কৰে। সেয়ে অসমান শৈক্ষিক সুবিধাও সামাজিক স্তৰীকৰণৰে ফল বুলিব পাৰি। ধনী আৰু সভ্ৰান্তসকলে উন্নত মানবিশিষ্ট বিদ্যালয়ত পঢ়িবলৈ সুবিধা পোৱাৰ বিপৰীতে দুখীয়াসকলে সেই সুবিধাৰ পৰা বঞ্চিত হয়। উন্নত মানৱিশিষ্ট বিদ্যালয়ত পঢ়া ছাত্র-ছাত্ৰীসকল অধিক আত্মবিশ্বাসী আৰু কৰ্মপটু হোৱাৰ বিপৰীতে এই সুবিধাৰ পৰা বঞ্চিত সকলো ইয়াৰ বিপৰীত হয়। ইয়াৰোপৰি সমাজৰ পিছপৰা সম্প্ৰদায় সমূহে ল’ৰা ছোৱালীৰ পঢ়াশুনা আধাতে এৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

সমাজতত্ত্বই শিক্ষাৰ এই সকলোবোৰ দিশ আলোচনা কৰে।

২২। বিবাহৰ সংজ্ঞা দিয়া। বিবাহৰ প্ৰকাৰবোৰৰ বিষয়ে লিখা।

উত্তৰ :- মানৱ সমাজত বিবাহ হ’ল এক সাৰ্বজনীন সামাজিক সংস্থা। এইচ, এম, জনচনৰ মতে, বিবাহ হ’ল এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত নিজৰ মৰ্যাদা ক্ষুণ্ণ নোহোৱাকৈ সন্তান লাভৰ উদ্দেশ্যেৰে স্থায়ীভাৱে মিলিত হোৱা যৌন সম্বন্ধ।বিবাহৰ প্ৰকাৰ : মানৱ সমাজত বিভিন্ন প্ৰকাৰৰ বিবাহৰ প্ৰচলন হোৱা দেখা যায়। প্ৰধানকৈ বিবাহ পদ্ধতিক চাৰি ভাগত ভগাব পাৰি। যেনে- 

(ক) এক পতি-পত্নী বিবাহ;

(খ) বহু পতি-পত্নী বিবাহ;

(গ) অন্ত:বিবাহ;

(ঘ) বহিঃৰ্বিবাহ;

(ক) এক পতি-পত্নী বিবাহ :- এজন পুৰুষ আৰু এজনী মহিলাৰ মাজত সম্পন্ন হোৱা বিবাহ পদ্ধতিকে এক পতি-পত্নী বিবাহ বোলে। এই পদ্ধতিত এজন পুৰুষে একে সময়তে মাত্ৰ এজনী মহিলাকহে পত্নী হিচাপে গ্ৰহণ কৰিব পাৰে।

(খ) বহু পতি-পত্নী বিবাহ :- এই পদ্ধতিৰ বিবাহত এজন পুৰুষে দুই বা ততোধিক মহিলাক পত্নী হিচাপে গ্ৰহণ কৰিব পাৰে অথবা এজনী মহিলাই দুজন বা ততোধিক পুৰুষক পতি হিচাপে গ্ৰহণ কৰিব পাৰে।

(গ) অন্ত:বিবাহ :- এই পদ্ধতিৰ বিবাহ নিজৰ একে জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় আৰু গোষ্ঠীৰ মাজত আৱদ্ধ থাকে।

(ঘ) বহিঃৰ্বিবাহ :- নিজৰ জাতি, কুল বা গোত্ৰ, বংশ বা গোষ্ঠীৰ বাহিৰত বোৱা বিবাহ পদ্ধতিক বহি:ৰ্বিবাহ বোলা হয়।

২৩। তলৰ অৱধাৰণবোৰৰ সমাজতাত্বিক অৰ্থ লিখা : 

(ক) সংস্থা 

উত্তৰ :- সংস্থা সম্পৰ্কে বিভিন্ন সমাজশাস্ত্ৰবিদে ভিন ভিন মতবাদ আগবঢ়ায়। সমাজশাস্ত্ৰবিদ মেক আইভাৰ আৰু পেজে সংস্থাক পদ্ধতিৰ সংস্থাপিত ৰূপ বুলি অভিহিত কৰিছে।আৰ্পল্ড গ্ৰীণৰ মতে-“কিছুমান জনৰীতি আৰু লোকচাৰ এটা গোটত সংগঠিত হৈ কিছুমান সামাজিক কাৰ্য সমাধা কৰাকে সংস্থা বোলে।

এইদৰে, সমাজশাস্ত্ৰত সংস্থা শব্দই সাংগঠনিক প্ৰকাশ নুবুজায়, বৰং সমাজত প্ৰচলিত হৈ অহা কিছুমান ক্ৰিয়া-পদ্ধতিকহে সমাজশাস্ত্ৰত সংস্থাৰূপে অভিহিত কৰা হয়।

সংস্থাৰ কিছুমান বিশেষত্ব হ’ল- 

(i) সংস্থাৰ কিছুমান উদ্দেশ্য থাকে।

(ii) মানুহৰ সামূহিক কাৰ্যৰ মাজেদি সংস্থা বৰ্তি থাকে।

(iii) ব্যক্তিৰ আচৰণ-প্ৰণালী নিয়ন্ত্ৰণ কৰে।

(iv) সংস্কৃতিৰ ধাৰক আৰু বাহক।

(খ) সামাজিক মূল্য।

উত্তৰ :- সামাজিক মূল্যৰ অৰ্থ হ’ল, সমাজৰ সৰ্বসাধাৰণ মানুহে যিকোনো সামাজিক কাৰ্যকলাপ বা পদ্ধতিৰ উপকাৰিতা বা শুদ্ধতাৰ বিষয়ে থকা সামূহিক ধাৰণা। ইয়াত কাৰ্যকলাপৰ প্ৰকৃত গুণাগুণৰ প্ৰশ্ন নাই। ই কেৱল ধাৰণা বা বিশ্বাসহে। এই ধাৰণা প্ৰকৃত গুণ বা উপকাৰিতা বিপৰীতো হ’ব পাৰে।উদাহৰণস্বৰূপে, কিছুমান সমাজত এনে এটা লোকাচাৰ আছে যে মাক বা দেউতাকৰ মৃত্যু হোৱা দিনৰপৰা কেইবাদিনলৈ সন্তানসকলে উপবাস থাকিব লাগে। উপবাসৰ হানি-বিঘিনিৰ কোনো স্পষ্ট নোহোৱাকৈ কেৱল- ‘উপবাসে থকাটো ভাল’ এনে এটা ধাৰণা লৈ সেই সমাজে এই কথা প্ৰৱৰ্তিত কৰি ৰাখিছে।

সমাজত প্ৰচলিত এই লোকাচাৰ, লোকৰীতি আৰু অন্যান্য বিধি, অনুবিধি আৰু প্ৰথাবোৰে সৃষ্টি হৈছে সামাজিক মূল্যৰ ভিত্তিত। সামাজিক মূল্যৰ ভিত্তিতেই ধৰ্ম, শিক্ষা, ৰাজনৈতিক, অৰ্থনৈতিক আদি সমাজ ব্যৱস্থাৰ বিভিন্ন পদ্ধতিৰ সৃষ্টি আৰু পৰিৱৰ্তন হৈ থাকে।

সামাজিক মূল্যৰ ধাৰণাটো সেয়ে সময় সাপেক্ষে। আগেয়ে গ্ৰাম্য সমাজত ছোৱালীক শিক্ষা আহৰণৰ বাবে বিদ্যালয়লৈ যাবলৈ দিয়া হোৱা নাছিল। সম্প্ৰতি ল’ৰা-ছোৱালী আটাইয়ে শিক্ষা আহৰণ কৰিবলৈ সুবিধা পাইছে। সামাজিক মূল্যৰ এইদৰে পৰিৱৰ্তন হৈ থাকে। পুৰণি মূল্যবোধৰ ঠাইত নতুন আৰ্দশ, দৃষ্টিভংগী, মূল্যবোধে স্থান লাভ কৰে। এইদৰে সময় সাপেক্ষে অৱস্থাৰ ওপৰত ভিত্তি কৰি সামাজিক মূল্য নিৰূপিত হয়।

(গ) লোকাচাৰ।

উত্তৰ :- ‘লোকাচাৰ’ সামাজিক প্ৰতিমানৰ এটা শ্ৰেণী। যিবোৰ প্ৰতিমান পালন কৰা আৰু নকৰাৰ ওপৰত সমাজ বা সমূহে বিশেষ গুৰুত্ব আৰোপ কৰে সেইবোৰকে লোকাচাৰ হিচাপে বিবেচনা কৰা হয়। যেনে- বিবাহিত হিন্দু তিৰোতাই যদি কপালত সেন্দুৰ নলয়, তেন্তে সেইটো কপালত সেন্দুৰ ফোঁট লোৱাটো গুৰুত্বপূৰ্ণ লোকৰীতি।

সেইদৰে জাতীয় পতাকা উত্তোলন কৰোঁতে অভিবাদন নকৰাটো, শিক্ষকক আসন এৰি নিদিয়াটো পিতৃ-মাতৃৰ অবাধ্য হোৱা; এনে ধৰণৰ কিছুমান লোকৰীতিৰ বিৰুদ্ধে বা বৰ্হিভূত কাম কৰাটো সমাজে সহজে সহ্য নকৰে আৰু এইবোৰ নিন্দনীয় কাম বুলি ধৰি লৈ প্ৰয়োজন হ’লে এনে গুৰুত্ব আৰোপ কৰে যে, সেইবোৰ পালন নকৰিলে তেওঁলোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। যেনেকৈ- কোনোবাই যদি অবৈধ মৌন সম্পৰ্কত লিপ্ত হয় তেন্তে সেই কাৰ্যই সমাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব।

২৪। (ক) ‘সমাজ’ আৰু ‘সমুদায়ৰ’ মাজত থকা পাৰ্থক্য খিনি আলোচনা কৰা।

উত্তৰ :- সমাজ আৰু সমুদায়ৰ মাজত প্ৰধান পাৰ্থক্য এই যে সমুদায় সমাজৰ অংগস্বৰূপ। কেইবাটাও বা বহুতো সমুদায়ৰ সমন্বয়ত এখন সমাজ গঠিত হ’ব পাৰে। কিন্তু সমুদায়ৰ থিৰত সমাজ অন্তৰ্ভুক্ত হ’ব নোৱাৰে। অৱশ্যে কিছুমান সমাজ যেনে : জন-জাতীয় লোক এটা প্ৰায় এটা স্বয়ং সম্পূৰ্ণ সমুদায়ৰ তুল্য।

দ্বিতীয়তে, এখন সমাজ যিমানখিনি, আত্মনিৰ্ভৰশীল বা স্বতন্ত্ৰ হ’ব পাৰে সমুদায়ে সিমানখিনি হ’ব নোৱাৰে। এটা সমুদায়ে, বিশেষকৈ সাম্প্ৰতিক কালত বহু পৰিমাণে বৃহত্তৰ সমাজৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয়। শিক্ষা স্বাস্থ্যৰক্ষা বহুমুখী প্ৰয়োজনীয় বস্তুৰ যোগান ব্যৱস্থা ইত্যাদিৰ বাবে একোটা সম্পদায়ে সমাজৰ বিভিন্ন সমূহে আৰু সংগঠনৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয়।

তৃতীয়তে, সমুদায়ৰ ক্ষেত্ৰত সামুহিক আত্মীয়বোধ যিমান সৰল, সমাজৰ ক্ষেত্ৰত সিমান নহয়। কাৰণ সমুদায়ৰ অন্তৰ্ভুক্ত ব্যক্তি সকলৰ মাজত অধিক ঘনিষ্ঠ সম্বন্ধ গঢ়ি উঠি আৰু তেওঁলোকৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা বেছি। সমুদায়ৰ প্ৰায়বোৰ সদস্যক প্ৰায়ে ব্যক্তিগতভাৱে চিনি পায় বা জানে। কিন্তু সমাজৰ ক্ষেত্ৰত সেইটো প্ৰায় অসম্ভৱ। সেইবাবে সমুদায়ৰ ক্ষেত্ৰত ‘আমি ভাব’ অধিক গভীৰ আৰু ব্যাপক।

শেষত আমি ক’ব পাৰিম যে সমুদায় সমাজতকৈ অধিক সংগতিপূৰ্ণ সমুদায়। 

সমাজত যিমানখিনি বৈচিত্ৰ্য দেখা যায় সমুদায়ত সিমানখিনি দেখা নাযায়। উদাহৰণস্বৰূপে, সমুদায় এখনৰ গাঁৱৰ মানুহৰ মাজত প্ৰায় একে ধৰণৰ সামাজিক প্ৰথা, ৰীতি-নীতি দেখা যায়। কিন্তু এখন সমাজৰ মাজত যেনে, আমাৰ অসমীয়া সমাজত বহু ধৰণৰ ৰীতি-নীতি, ধৰ্ম, ভাষা-ভাষী ইত্যাদিৰ লোক দেখিবলৈ পোৱা যায়।

(খ) প্ৰাথমিক সমূহ আৰু দ্বিতীয়ক সমূহ মাজৰ পাৰ্থক্য আলোচনা কৰা।

উত্তৰ :- প্ৰাথমিক সমূহ আৰু দ্বিতীয়ক সমূহৰ মাজত থকা কিছুমান পাৰ্থক্য তলত দিয়া ধৰণে আলোচনা/উল্লেখ কৰিব পাৰি:

(i) প্ৰাথমিক সমূহৰ আকাৰ সৰু; দ্বিতীয়ক সমূহ বৃহৎ আকৃতিৰ প্ৰাথমিক সমূহৰ আকাৰ সাধাৰণতে কম সংখ্যক সদস্যৰেই গঠিত হয়। যেনে : পৰিয়াল। আনহাতে, দ্বিতীয়ক সমূহৰ সদস্য সংখ্যা সৰহ হোৱা দেখা যায়। কোনো এটা সংঘ বা সমিতিত পৰিয়ালৰ তুলনাত অধিক সদস্য অন্তৰ্ভুক্ত হৈ থাকিব পাৰে।

(ii) প্ৰাথমিক, সমূহৰ সদস্যসকলৰ সম্পৰ্কক ‘মুখামুখি’ সম্পৰ্কৰ আখ্যা দিয়া হৈছে। কাৰণ, ইয়াৰ সদস্যসকলে ভৌতিক সান্নিধ্য লাভ কৰাৰ সুবিধা আছে। আনহাতে, দ্বিতীয়ক সমূহৰ সদস্যসকলক আনুষ্ঠানিক সম্পৰ্কইহে সমবেত কৰে।

(iii) প্ৰাথমিক সমূহৰ সদস্যসকলৰ সামূহিক স্বাৰ্থ পূৰণৰ বাবে সজাগ। আনহাতে, দ্বিতীয়ক সমূহৰ সদস্যসকলৰ মাজত ব্যক্তি স্বাৰ্থত নিহিত হৈ থাকে।

(iv) প্ৰাথমিক সমূহৰ সদস্যসকলৰ সামাজিক প্ৰস্থিতি সাধাৰণতে বয়স আৰু জন্মৰ ওপৰত নিৰ্ভৰশীল। এই ক্ষেত্ৰত ব্যক্তিৰ ভূমিকাই বিশেষ প্ৰধান্য লাভ কৰা দেখা নাযায়। আনহাতে, দ্বিতীয়ক সমূহৰ সদস্যসকলৰ প্ৰস্থিতি পোনপটীয়াভাৱে ব্যক্তিৰ ভূমিকাৰ ওপৰতে নিৰ্ভৰ কৰে।

(গ) প্ৰদত্ত, প্ৰস্থিতি আৰু আৰ্জিত প্ৰস্থিতি সম্পৰ্কে এটা টোকা লিখা।

উত্তৰ :- এজন ব্যক্তিয়ে সমাজৰ পৰা দুই প্ৰকাৰে প্ৰস্থিতি লাভ কৰে- প্ৰথমে জন্মৰ জৰিয়তে আৰু দ্বিতীয়তে নিজৰ গুণ, প্ৰতিভা আদি বিকাশৰ জৰিয়তে। আমাৰ সমাজ জীৱনত কিছুমান ব্যক্তিয়ে বংশগত নাম, গুণ, প্ৰভাৱ অনুসৰি সমাজত আগস্থান লাভ কৰিবলৈ সক্ষম হয়। এই ক্ষেত্ৰত ব্যক্তিৰ উপাৰ্জিত গুণ-গৰিমা, প্ৰতিভা-প্ৰতিষ্ঠাই বিশেষ প্ৰদান্যতা লাভ নকৰে। উদাহৰণস্বৰূপে : উচ্চ জাতি অথবা অভিজাত পৰিয়ালত জন্ম গ্ৰহণ কৰা ব্যক্তিক আন ব্যক্তিয়ে কিছু মান-সন্মান যাচে। এইদৰে জন্মৰ জৰিয়তে লাভ কৰা প্ৰস্থিতিক জন্মপ্ৰদত্ত প্ৰস্থিতি বোলা হয়। আকৌ যেনেকৈ পুৰুষ-মহিলাৰ প্ৰস্থিতি, নিম্ন আৰু প্ৰাপ্তবয়স্ক লোকৰ প্ৰস্থিতি আদি সমাজে এনেদৰে নিৰ্ধাৰণ কৰি ৰাখিছে যে, সকলো ব্যক্তিয়ে জন্মগত লিঙ্গ আৰু বয়সৰ শ্ৰেণীৰ ওপৰত ভিত্তি কৰি স্বাভাৱিকভাৱে লাভ কৰিব পাৰে।

আনহাতে, কোনো ব্যক্তিয়ে নিজৰ গুণ, কৰ্ম, প্ৰতিভা, প্ৰতিষ্ঠা আদিৰ যোগেদি সমাজত লাভ কৰা প্ৰস্থিতিক স্বলব্ধ প্ৰস্থিতি বুলি কোৱা হয়। এইক্ষেত্ৰত বংশ পৰম্পৰা, উচ্চ-জাতি আদিয়ে সহায় নকৰে। নিম্নজাতি, বংশ পৰম্পৰাহীন মানুহেও যেতিয়া উচ্চ শিক্ষা আহৰণ কৰে অথবা প্ৰতিভা বিকাশৰ যোগেদি সমাজত খ্যাতি লাভ কৰিবলৈ সক্ষম হয়, তেওঁক সকলোৱেই আদৰ-সন্মান কৰিব। এইদৰে লাভ কৰা প্ৰস্থিতিক স্বলব্ধ বা আৰ্জিত প্ৰস্থিতি বোলা হয়। শিক্ষা-দীক্ষা, বৃত্তি ব্যৱসায় ক্ষমতা আদি স্বলব্ধ প্ৰস্থিতি আহৰণৰ প্ৰধান ভিত্তি।

(ঘ) দ্বিতীয়ক সমূহৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা।

উত্তৰ :- দ্বিতীয়ক সমূহৰ প্ৰধান বৈশিষ্ট্য হৈছে সম্বন্ধৰ আনুষ্ঠানিকতা। প্ৰতিজন সদস্যৰ মাজত আনুষ্ঠানিক নীতি-নিয়ম, আচৰণ-সম্পৰ্ক, ক্ৰিয়া-কৰ্মৰাজি বৰ্তি থাকে।

দ্বিতীয়তে এই বিধ সমূহত সক্ৰিয় আৰু নিষ্ক্ৰীয় দুয়োবিধ সদস্যৰ সমাৱেশ ঘটে। সমূহৰ স্বাৰ্থ, কাৰ্যকলাপৰ প্ৰতি সচেতন সদস্য থকাৰ দৰেই দ্বিতীয় সমূহত কাৰ্যকলাপৰ প্ৰতি অনুৎসাহী, উদৎমহীন সদস্যও থাকে।

তৃতীয়তে, মুখামুখি সম্বন্ধৰ অভাৱ হেতুকে সদস্যসকলৰ মাজত প্ৰত্যক্ষ সহযোগৰ অভাৱ হোৱা দেখা যায়।

চতুৰ্থতে, দ্বিতীয়ক সমূহৰ সদস্যসকলৰ মাজত আনুভৌতিক আধাৰ নথকাৰ বাবে স্বাভাৱিক নিয়ন্ত্ৰণ আশা কৰিব নোৱাৰি।

শেষত, এইটো উল্লেখ কৰিব পাৰি যে দ্বিতীয়ক সমূহৰ সাংগঠনিক দিশ পৰিচালনাৰ বাবে কেতবোৰ নীতি-নিয়মৰ জৰিয়তে সমূহৰ পৰিচালনা কাৰ্য সম্পাদন কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top