Class 11 Sociology Chapter 5 ব্যৱহাৰিক সমাজতত্ব গৱেষণা পদ্ধতি আৰু কৌশল

Class 11 Sociology Chapter 5 ব্যৱহাৰিক সমাজতত্ব গৱেষণা পদ্ধতি আৰু কৌশল answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Sociology Chapter 5 ব্যৱহাৰিক সমাজতত্ব গৱেষণা পদ্ধতি আৰু কৌশল and select needs one.

Class 11 Sociology Chapter 5 ব্যৱহাৰিক সমাজতত্ব গৱেষণা পদ্ধতি আৰু কৌশল

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Sociology Chapter 5 ব্যৱহাৰিক সমাজতত্ব গৱেষণা পদ্ধতি আৰু কৌশল Solutions for All Subject, You can practice these here.

ব্যৱহাৰিক সমাজতত্ব গৱেষণা পদ্ধতি আৰু কৌশল

পাঠ: 5

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

১। ইংৰাজী “Survey” শব্দটোৰ অসমীয়া প্ৰতিশব্দ কি ?

উত্তৰ :- জৰীপ।

২। “বাস্তৱ সত্যতা প্ৰকাশ কৰা কাৰ্যই হৈছে সামাজিক গৱেষণা”-কথাষাৰ সত্য নে ?

উত্তৰ :- সত্য।

৩। সামাজিক জৰীপ কি ?

উত্তৰ :- কোনো সামাজিক সমস্যা বা ঘটনাৰ বিষয়ে বাস্তৱ জ্ঞান আহৰণ কৰিবলৈ যি পদ্ধতিৰে তথ্যপাতি সংগ্ৰহ কৰা হয়, তাকেই সামাজিক জৰীপ বুলি কোৱা হয়।

৪। সামাজিক গৱেষণাৰ মূল উদ্দেশ্য দুটা কি কি ?

উত্তৰ :- সামাজিক গৱেষণাৰ মূল উদ্দেশ্য দুটা হ’ল-

(i) সত্যতা উদঘাটন কৰা।

(ii) সমস্যা সমাধানৰ উপায় নিৰ্ণয় কৰা।

৫। “তথ্য-সংগ্ৰহ সামাজিক গৱেষণাৰ এক পদক্ষেপ” কথাষাৰ সচা নে মিছা ?

উত্তৰ :- সচা।

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। গৱেষণা প্ৰণালী কি ?

উত্তৰ :- যি কোনো বিষয়ৰে বিজ্ঞানসন্মত অধ্যয়নৰ বাবে বিজ্ঞানী সকলে বিভিন্ন প্ৰণালী (Method) ব্যৱহাৰ কৰে। গৱেষণা প্ৰণালীয়ে এনে অধ্যয়ন পদ্ধতি সমূহৰ বিষয়ে অধ্যয়ন কৰে।

২। বস্তুনিষ্ঠতা (objectivity) কি ?

উত্তৰ :- সাধাৰণতে বস্তুনিষ্ঠতাই অপক্ষপাতিত্বমূলক নিৰপেক্ষ অথবা তথ্যৰ আধাৰত প্ৰতিষ্ঠিত অৱস্থাকেই বুজায়। কোনো বিষয়ত সম্পূৰ্ণ বস্তুনিষ্ঠ হ’বলৈ গ’লে সেই বিষয়টোৰ প্ৰতি থকা আমাৰ ব্যক্তিগত মনোভাৱ আতৰাই ৰাখিব লাগে।

৩। সমাজবিজ্ঞান বস্তুনিষ্ঠ জ্ঞান আহৰণ কিয় কঠিন ?

                              অথবা

সমাজতত্বত বস্তুনিষ্ঠ জ্ঞান আহৰণ কিয় কঠিন ? 

উত্তৰ :- সমাজবিজ্ঞান এজনৰ বাবে বস্তুনিষ্ঠ হোৱাটো এটি জটিল কাম। সমাজতত্ব, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আদিৰ দৰে বিষয় সমূহত যিখন সমাহৰ বিষয়ে অধ্যয়ন কৰা হয় সমাজবিজ্ঞানী সেইখন সমাজৰে বাসিন্দা। অৰ্থাৎ সমাজবিজ্ঞানী এজনে যিখন সমাজৰ বিষয়ে অধ্যয়ন কৰে তেওঁ সেই সমাজখনৰ লগত মানৱীয় সম্বন্ধৰে বান্ধ খাই থাকে। এনে অৱস্থাত তেওঁৰ ব্যক্তিগত মতামত, মনোভাৱ, তেওঁৰ পূৰ্ব্বৰ অভিজ্ঞতা আদিয়ে অধ্যয়ন কৰি থকা বিষয় সমূহত প্ৰভাৱ পেলোৱাতো তেনেই স্বাভাৱিক। উদাহৰণস্বৰূপে এজন সমাজতাত্বিকে ধৰ্মৰ বিষয়ে অধ্যয়ন কৰাতে তেওঁৰ নিজৰ ধৰ্মৰ প্ৰতি থকা দুৰ্বলতা বা বিতৃষ্ণাই ক্ৰিয়া কৰিব পৰাটো তেনেই স্বাভাৱিক ঘটনা। সেয়েহে সমাজবিজ্ঞানত বা সমাজবিজ্ঞানৰ এটা শাখা সমাজতত্বৰ বস্তুনিষ্ঠ জ্ঞান আহৰণত কঠিনতা আহে।

৪। সমাজতত্ব অধ্যয়নত বস্তুনিষ্ঠতা কেনেকৈ আহৰণ কৰিব পাৰি ? আলোচনা কৰা।

উত্তৰ :- সমাজতাত্বিক অধ্যয়নত বস্তুনিষ্ঠ আহৰণৰ প্ৰথম পদক্ষেপ হিচাপে এজন গৱেষকে অধ্যয়ন কৰিব লগা বিষয়বস্তুৰ ওপৰত তেওঁৰ নিজৰ ধাৰণা আৰু ভাৱাদৰ্শ নিশ্চিত কৰিব লাগে। ইয়াৰ পিছত সমাজতাত্বিক এজনে বিষয়টো অধ্যয়ন কৰোঁতে নিজকে এজন বাহিৰৰ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিব লাগে। অৰ্থাৎ গৱেষকজনে একেসময়তে তেওঁৰ নিজৰ স্মিতি সম্পৰ্কে সচেতন হৈ থাকে গৱেষক আনৰ দৃষ্টিভংগীৰে আগুৱাই নিয়াৰ প্ৰয়াস কৰে। এই কৌশলটোকে আত্মপ্ৰতিফলন কৌশল বুলি কোৱা হয়।

আত্মপ্ৰতিফলন কৌশলৰ এটা ব্যৱহাৰিক দিশ হৈছে গৱেষকজনে যিবোৰ অধ্যয়ন কৰিছে বা যিবোৰ তথ্যৰ মুখামুখি হৈছে সেইবোৰ সযত্নে লিপিবদ্ধ কৰা। ইয়াৰোপৰি সংগ্ৰহ কৰা তথ্যবোৰৰ উৎস নিৰ্ভুলভাৱে যথা স্থানত উল্লেখ কৰাটো উন্নত গৱেষণাৰ এটা প্ৰয়োজনীয় চৰ্ত।

অৱশ্যে এনেদৰে গৱেষকজনে আত্ম প্ৰতিফলনৰ দিশে আগবাঢ়িবলৈও অৱচেতন ভাবেই কেতিয়াবা পক্ষ্যপাতিত্বৰ  অৱকাশ থাকি যায়। এনে পক্ষপাতিত্বৰ অৱসান ঘটাবৰ বাবে গৱেষকজনে অধ্যয়ন কৰা ব্যক্তিসকলৰ সামাজিক পটভূমি য’ৰ পৰা পক্ষপাতিত্বৰ মনোভাৱ অহাৰ সম্ভাৱনা থাকে সেইবোৰ কৌশলেৰে নিৰীক্ষণ কৰিব লাগে।

৫। সমাজতত্বৰ বস্তুনিষ্ঠ জ্ঞান আহৰণৰ সমস্যাসমূহ কি কি ?

উত্তৰ :- সমাজতত্বই বস্তুনিষ্ঠ গুণ ৰক্ষা কৰাৰ ক্ষেত্ৰত কিছুমান সমস্যাই দেখা দিয়ে। এনে সমস্যাসমূহৰ ভিতৰত প্ৰথমতেই উল্লেখ কৰিব পাৰি পক্ষপাতমূলক সমস্যাৰ বিষয়ে। সকলো সমাজতত্ববিদেই সমাজৰ একো একোজন সদস্য। সেয়েহে ব্যক্তিৰ যি পচন্দ অপচন্দ ভাৱধাৰা থাকে সমাজতত্ববিদ সকল তাৰপৰা মুক্ত হ’ব নোৱাৰে যাৰ বাবে অধ্যয়নত পক্ষপাতিত্বৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে পৰিয়ালৰ বিষয়ে অধ্যয়ন কৰা সমাজতত্ববিদজনক তেওঁৰ ব্যক্তিগত পাৰিবাৰিক জীৱনৰ অভিজ্ঞতাই প্ৰভাৱান্বিত কৰাটো নিতান্তই স্বাভাৱিক। 

বস্তুনিষ্ঠতা ৰক্ষা কৰাত দেখা দিয়া অন্য এটা গুৰুত্বপূৰ্ণ সমস্যা হ’ল সত্য সম্পৰ্কে থকা বিভিন্ন ভাষ্য। প্ৰতিটো বস্তুকে মানুহে নিজৰ সুবিধা অনুযায়ী বিভিন্ন দৃষ্টিৰে চায় আৰু বাস্তৱক প্ৰতিষ্ঠা কৰোঁতে বহুত সামাজিক বিশ্লেষণ দাঙি ধৰাৰ উপৰিও সেইবোৰৰ গ্ৰহণ যোগ্যতাৰ বিষয়েও প্ৰতিযোগিতাৰ মনোভাৱেৰে প্ৰশ্নৰ অৱতাৰণা কৰে। উদাহৰণস্বৰূপে ভাল খাদ্যৰ সম্পৰ্কে এজন যুৱক আৰু এজন বৃদ্ধৰ ধাৰণা বেলেগ হ’ব পাৰে আৰু প্ৰত্যেকেই তেওঁৰ মতে ভাল খাদ্য টোৱেই প্ৰকৃততে ভাল বুলি যুক্তি দিব বিচাৰে। এনে ক্ষেত্ৰত ভাল বেয়া নিৰ্ধাৰণ কৰিবলৈ কোনো সহজ পথ নাই। এনেদৰে সত্য সম্পৰ্কে থকা বিভিন্ন ভাষ্যই সমাজতত্বত বস্তুনিষ্ঠতা ৰক্ষা কৰাত বাধা দিয়ে।

৬। সমাজতত্বত গৱেষণা প্ৰণালীবোৰক কি কি ভাগত ভাগ কৰিব পাৰি আলোচনা কৰা।

উত্তৰ :- সমাজতাত্বিক অধ্যয়নত গৱেষকসকল যিবোৰ প্ৰণালী প্ৰয়োগ কৰে সেইবোৰক প্ৰধানকৈ দুটা শ্ৰেণীত ভাগ কৰিব পাৰি-

(ক) পৰিমাণ বাচক আৰু

(খ) গুণ বাচক

পৰিমাণ বাচক প্ৰণালীৰ সহায়ত গণনা কৰিব পৰা সংখ্যা অথবা জোখ-মাখ কৰিব পৰা চলকবোৰ যেনে- গড়, অনুপাত আদি অধ্যয়ন কৰিব পাৰি।গুণবাচক প্ৰণালীৰ সহায়ত সমাজৰ অৰ্মূত্ত দিশবোৰ অৰ্থাৎ যিবোৰ সংখ্যাৰে গণনা কৰিব নোৱাৰি যেনে- মানুহৰ মনোভাৱ, আবেগ-অনুভূতি আদি অধ্যয়ন কৰা হয়।

আনহাতে অধ্যয়ন কৰা বিষয়ৰ পৰিসৰৰ ওপৰত ভিত্তি কৰি প্ৰণালীবোৰক শ্ৰেণী বিভাজন কৰিব পাৰি। সেয়া হৈছে-

(ক) ক্ষুদ্ৰ পৰিসৰৰ অধ্যয়ন আৰু

(খ) বৃহৎ পৰিসৰৰ অধ্যয়ন ক্ষুদ্ৰ পৰিসৰৰ অধ্যয়ন হৈছে সৰু পৰিসৰৰ অঞ্চলত সম্পাদন কৰিবৰ বাবে প্ৰস্তুত কৰা গৱেষণা প্ৰণালী য’ত মাত্ৰ এজন গৱেষকে সমগ্ৰ অধ্যয়ন কাৰ্যক সামৰি লয়। এনে ক্ষেত্ৰত ব্যক্তিৰ লগত মুখামুখি সাক্ষাৎকাৰ আৰু অংশগ্ৰহী পৰ্যৱেক্ষণক ক্ষুদ্ৰ প্ৰণালীৰূপে অভিহিত কৰা হয়।

বৃহৎ প্ৰণালীবোৰ বহল পৰিসৰৰ গৱেষণাত ব্ৰতী হয়- য’ত সৰহ সংখ্যক উত্তৰ দাতা থাকে আৰু অধিক সংখ্যক অনুসন্ধানকাৰীও থাকে। বৃহৎ পৰিসৰৰ অধ্যয়নত সাধাৰণতে জৰীপ প্ৰণালীৰ জনপ্ৰিয়তাই বেছি দেখা যায়।

৭। প্ৰাথমিক তথ্য আৰু দ্বিতীয়ক তথ্য কি ?

উত্তৰ :- সাধাৰণতে অধ্যয়নৰ বাবে সংগ্ৰহ কৰা তথ্যসমূহক দুটা ভাগত ভাগ কৰা হয়- প্ৰাথমিক তথ্য আৰু দ্বিতীয়ক তথ্য।

প্ৰাথমিক তথ্যবোৰ অধ্যয়নকাৰীয়ে নিজেই অধ্যয়নস্থলীৰ পৰা পোনপটীয়াকৈ সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে দ্বিতীয়ক তথ্যবোৰ হৈছে পূৰ্বতে সংগ্ৰহ কৰি থোৱা কোনো নথি পত্ৰ বা টোকা।

৮। গৱেষণাৰ বাবে প্ৰণালী বাছনি কেনেকৈ কৰা হয় ?

উত্তৰ :- গৱেষণাৰ প্ৰণালী বাছনি নিৰ্ভৰ কৰে গৱেষণাৰ বাবে প্ৰস্তুত কৰা প্ৰশ্নসম্ভাৰৰ ওপৰত।এই ক্ষেত্ৰত গৱেষকজন সময় সুবিধা আৰু সম্পদৰ কথাও জড়িত হৈ থাকে। সাম্প্ৰতিক সময়ত সমাজবিজ্ঞানৰ গৱেষণাত বহু বিকল্প প্ৰণালীৰ প্ৰয়োগ কৰা হয়। অৰ্থাৎ একেটা বিষয়বস্তুকে সুবিধা অনুযায়ী বিভিন্ন কোণৰ পৰা চাব পাৰি।

৯। ত্ৰিকোণীয় পদ্ধতি কি ? এনে পদ্ধতিৰ লাভা লাভ কেনে ? 

উত্তৰ :- সাম্প্ৰতিক সময়ত সমাজবিজ্ঞানী সকলে গৱেষণাৰ কথাত বহু বিকল্প প্ৰণালীৰ প্ৰয়োগ কৰে। বহুসময়ত এনে বহুবিকল্প প্ৰণালীকে ত্ৰিকোণীয় পদ্ধতি বুলি অভিহিত কৰা হয়। ত্ৰিকোণীয় পদ্ধতি হ’ল সামাজিক ঘটনাক বহু দিশৰ পৰা অধ্যয়ন কৰা প্ৰক্ৰিয়া।

কোনো এটা প্ৰণালীৰ অবিহনে আনটো অথবা এটা আনটোৰ পৰিপূৰক হিচাপে সমাজতত্বত বহুবিকল্প প্ৰণালীৰ প্ৰয়োগ কৰা হয়। অধ্যয়ন প্ৰক্ৰিয়াক শক্তিশালী কৰিবৰ বাবে এনে প্ৰণালীৰ প্ৰয়োগ কৰা হয়। প্ৰাথমিক তথ্য সংগ্ৰহ কৰাটোৱেই এই প্ৰণালীবোৰৰ প্ৰধান বৈশিষ্ট্য।

১০। অংশগ্ৰহী পৰ্যবেক্ষণ কি ? ইয়াৰ দুটা সুবিধা আৰু দুটা সীমাবদ্ধতাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰ :- অংশগ্ৰহী পৰ্যাবেক্ষণ হৈছে জনসমাজৰ লগত অংশ গ্ৰহণ কৰা প্ৰণালীৱদ্ধ এবিধ বিশেষ প্ৰক্ৰিয়া যাৰ জৰিয়তে সমাজ তত্ববিদসকলে সমাজ সংস্কৃতি আৰু ইয়াৰ ব্যক্তিসকলৰ বিষয়ে অধ্যয়ন কৰে। অংশগ্ৰহী পৰ্যবেক্ষণক প্ৰায়ে ক্ষেত্ৰকাৰ্য বুলি কোৱা হয়। উদ্ভিদ বিদ্যা, প্ৰাণীবিদ্যাৰ দৰে প্ৰাকৃতিক বিজ্ঞানত এই ক্ষেত্ৰ অধ্যয়ন প্ৰণালীৰ জন্ম হৈছিল। আৰু ব্ৰনিছল মেলিন’চকিয়ে পোনপ্ৰথমে ইয়াক সামাজিক নৃতত্বত প্ৰয়োগ কৰিছিল। অংশগ্ৰহী পৰ্যবেক্ষণত অধ্যয়নকাৰীয়ে যিবোৰ লোকক অধ্যয়ন কৰিব তেওঁলোকৰ লগত আন্তঃক্ৰিয়াৰ বাবে দীঘলীয়া সময় অতিবাহিত কৰিব লাগে।

সুবিধা :- অংশগ্ৰহী পৰ্যবেক্ষণৰ প্ৰধান ব্যক্তি হৈছে ই ভিতৰৰ পৰা চাব পৰা এক দৃষ্টিভংগীৰ সহায়েৰে জীৱনৰ বহুমূল্যৱান আৰু বিস্তৃত ছবি দাঙি ধৰিব পাৰে। যিহেতু গৱেষক গৰাকীয়ে দীৰ্ঘ সময়ৰ বাবে অধ্যয়ন ক্ষেত্ৰত থকা, থলুৱা লোকৰ ভাষা শিকে আৰু সেইসকল লোকৰ দৈনন্দিন জীৱনৰ সকলো কাম-কাজত আপোনভাৱেৰে অংশগ্ৰহণ কৰে, ইয়াৰ ফলত গৱেষকজন বাহিৰৰ হৈও এজন থলুৱা লোক হৈ পৰে। আৰু সমাজখনৰ সকলো প্ৰকাৰৰ ভিতৰুৱা জ্ঞান, কলা, কৌশলবোৰ আয়ত্ব কৰে।

ইয়াৰোপৰি অংশগ্ৰহী পৰ্যবেক্ষণৰ পক্ষপাতিত্বৰ মনোভাৱৰ দৰে কৰাৰ সুবিধা থকাৰ লগতে পূৰ্বে অনুমান কৰা ধাৰণাবোৰক শুধৰণি কৰাত সহায় কৰে। যিহেতু অংশগ্ৰহী পৰ্যাবেক্ষণত ক্ষেত্ৰতাবাৰ্হি সকলে পূৰ্ণকালীন ব্যৱস্থাৰে ক্ষেত্ৰকাৰ্যত দীঘলীয়াকৈ নিজকে নিয়োগ কৰে, গতিকে অংশগ্ৰহী পৰ্যবেক্ষক সকলে ক্ষেত্ৰত উদ্ভৱ হ’ব পৰা সম্ভাৱ্য অনেক ভুল ক্ৰটি বা পক্ষপাতিত্বৰ মনোভাববোৰ আতৰ কৰাৰ সুবিধা থাকে। সাধাৰণতে জৰীপ প্ৰশ্নসূচীৰ দৰে কম দিনতে সমাপন কৰিব লগা প্ৰক্ৰিয়াবোৰত অনিবাৰ্য ভুল থকাৰ সম্ভাৱানা বেছি থাকে।

সীমাবদ্ধতা :- গৱেষণাৰ সকলোবোৰ অধ্যয়ন পদ্ধতিৰ দৰেই ক্ষেত্ৰ অধ্যয়ন প্ৰণালীৰো কিছুমান সীমাবদ্ধতা আছে। এখন গাঁও বা এটা জনগোষ্ঠীৰ অধ্যয়নৰ যোগেদি ক্ষেত্ৰকাৰ্য বহুল বিশ্বখনৰ মাত্ৰা এটি সৰু অংশকহে সামৰি লয়। আমি কেতিয়াও নিশ্চিত নহয় যে নৃতত্ববিদ বা সমাজতত্ববিদসকলে ক্ষেত্ৰ অধ্যয়নৰ সময়ত যিবোৰ নিৰীক্ষণ কৰে সেইবোৰ বা সমগ্ৰৰাষ্ট্ৰত একেদৰেই পাব পাৰি। এইটো ক্ষেত্ৰ অধ্যয়নৰ ডাঙৰ অসুবিধা।

ক্ষেত্ৰ অধ্যয়ন প্ৰণালীৰ আন এটা অসুবিধা হ’ল যে নৃতত্ববিদসকলে যুগুতাই উলিওৱা টোকাবোৰ তেওঁলোকৰ প্ৰকাশভংগী হ’ব নোৱাৰো। অধ্যয়ন কৰা ব্যক্তিসকলৰ মতামতক প্ৰতিনিধিত্ব কৰি প্ৰকাশ কৰাটো গৱেষণাৰ এটা উদ্দেশ্য। কিন্তু কোনখিনি কথা প্ৰকাশ কৰিব বা কোনখিনি প্ৰকাশ নকৰিব সেইটো গৱেষকজনৰ ওপৰত নিৰ্ভৰ কৰে। একেদৰে পক্ষপাতিত্বৰ সুৰুঙা বা ভুল থাকিব পাৰে।

১১। জৰীপ কি ? জৰীপ পদ্ধতি কেনেদৰে প্ৰয়োগ কৰা হয় ? আলোচনা কৰা।

উত্তৰ :- শব্দগত অৰ্থ অনুসৰি জৰীপ হৈছে কোনো পৰিস্থিতিৰ পুনঃনিৰীক্ষণ কৰিবলৈ কৰা এক প্ৰচেষ্টা। কোনো বিশেষ বিষয় অধ্যয়ন কৰিবৰ বাবে সাৱধানেৰে জনসাধাৰণৰ মাজৰ পৰা উত্তৰদাতা বাছনি কৰি, তেওঁলোকৰ পৰা তথ্য আহৰণ কৰি ইয়াৰ সৰ্বাত্মক আৰু বিস্তৃত পৰিষৰ অধ্যয়ন কৰা প্ৰক্ৰিয়াই হৈছে জৰীপ। জৰীপত এটা সৰু আকাৰৰ নমুনা সতৰ্কতাৰে বাছনি কৰা হয় যাতে নিৰ্বাচিত নমুনাই সমূহ জনসমৰ্থিত উপযুক্তভাৱে প্ৰতিনিধিত্ব কৰিব পাৰে। এই নমুনাবোৰ অধ্যয়ন কৰি অধ্যয়নৰ ফলাফলবোৰ সমগ্ৰ জনগনৰ বাবে প্ৰযোজ্য হোৱাকৈ সাধাৰণ মন্তব্য কৰা হয়।

জৰীপ কাৰ্য চলাই নিজৰ বাবে এটা অধ্যয়নকাৰী দলৰ প্ৰয়োজন। যিটো মূলতঃ দুটা গোটত গঠিত হয়। দলটোৰ প্ৰথম গোটটো জৰীপৰ মূল আচনি আৰু প্ৰণালী প্ৰস্তুত কৰা গৱেষক সকলকলৈ গঠিত হোৱাৰ বিপৰীতে দ্বিতীয় গোটটো হৈছে অনুসন্ধানকাৰী বা গৱেষক  সকলৰ সহায়কাৰী দল। জৰীপৰ সন্নিৱিষ্ট হোৱা প্ৰশ্নসমূহ বিভিন্ন প্ৰকাৰে অৱতাৰণা কৰা হয় আৰু সোধা হয়। কেতিয়াবা মৌখিকভাৱে, কেতিয়াবা টেলিফোনেৰে বা ইণ্টাৰনেট, ই- মেল আদিৰ সহায়ত প্ৰশ্নসোধা আৰু উত্তৰ লাভ কৰা সম্ভৱ হয়। ইয়াৰোপৰি লিখিত প্ৰশ্নসূচীৰ সহায়েৰেও প্ৰশ্নবোৰৰ উত্তৰ সংগ্ৰহ কৰা হয়। এনেদৰে দ্বিতীয় গোটটোৱে সংগ্ৰহ কৰা উত্তৰবোৰ প্ৰথম গোটটোৱে বিশ্লেষণ কৰে আৰু সাধাৰণীকৰণ কৰে। এনেদৰে জৰীপ কাৰ্য সম্পন্ন কৰা হয়।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সমাজ সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক
Chapter 2প্ৰাথমিক অৱধাৰণা
Chapter 3 সামাজিক সংস্থা
Chapter 4সমাজ আৰু সংস্কৃতি
Chapter 5ব্যৱহাৰিক সমাজতত্ব গৱেষণা পদ্ধতি আৰু কৌশল
Unit 2দ্বিতীয় খণ্ড
Chapter 1সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া
Chapter 2 সামাজিক পৰিৱৰ্তন
Chapter 3পৰিৱেশ আৰু সমাজ
Chapter 4পাশ্চাত্য সমাজতত্ত্ববিদসকল-এক পৰিচয়
Chapter 5ভাৰতীয় সমাজতত্ত্ববিদসকলৰ এক পৰিচয়

১২। নমুনা বাছনি কেনেকৈ কৰা হয় ? আলোচনা কৰা।

উত্তৰ :- নমুনা বাছনি প্ৰক্ৰিয়া প্ৰধানকৈ দুটা সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰথম সূত্ৰ অনুশৰি জনসংখ্যাৰ সকলোবোৰ প্ৰাসংগিক উপগোট চিনাক্ত কৰিব লাগে আৰু নমুনাত অন্তৰ্ভুক্ত কৰিব লাগে। উদাহৰণস্বৰূপে ট্ৰেড ইউনিয়নৰ প্ৰতি মানুহৰ মনোভাৱ অধ্যয়ন কৰিব লগা হ’লে শ্ৰমিক, মালিক, উদ্যোগপতি আদি গোটবোৰ চিনাক্ত কৰিব লাগে আৰু নমুনাত এই গোটবোৰৰ প্ৰতিনিধি সংযোজন কৰিব লাগে।

নমুনা বাছনিৰ দ্বিতীয় সূত্ৰ অনুসৰি অধ্যয়নৰ বাবে প্ৰকৃত একক বা গোট (Unit) বাছনি কৰিব লাগে। এই গোটবোৰ কেতিয়াবা ব্যক্তি বা কেতিয়াবা কৰা হয় কেৱল ভাগ্য বা সুবিধাৰ ওপৰত ভিত্তি কৰি। এই প্ৰকাৰৰ নমুনা বাছনিক যাদৃষ্টিকৰণ (Randomization) বুলি কোৱা হয়। যাদৃষ্টিকৰণত জাক নমুনা হিচাপে নিৰ্বাচন কৰা হ’ব সেইটো নিৰ্ভৰ কৰে কেৱল ভাগ্যৰ ওপৰত আন কাৰো ওপৰত নহয়। লটাৰী পদ্ধতি, যাদৃষ্টিক সংখ্যাৰ তালিকা ব্যৱহাৰ, কম্পিউটাৰ বা কেলকুলেটৰ ৰেনডম নাম্বাৰ প্ৰয়োগৰ জৰিয়তে নমুনা নিৰ্বাচন কৰা হয়।

১৩। যাদৃষ্টিকৰণ কি ? 

উত্তৰ :- নমুনা বাছনিৰ দ্বিতীয় সূত্ৰ অনুসৰি অধ্যয়নৰ বাবে প্ৰকৃত একক বা গোট (Unit) বাছনি কৰিব লাগে। এই গোটবোৰ কেতিয়াবা ব্যক্তি বা কেতিয়াবা কৰা হয় কেৱল ভাগ্য বা সুবিধাৰ ওপৰত ভিত্তি কৰি। এই প্ৰকাৰৰ নমুনা বাছনিক যাদৃষ্টিকৰণ (Randomization) বুলি কোৱা হয়। যাদৃষ্টিকৰণত জাক নমুনা হিচাপে নিৰ্বাচন কৰা হ’ব সেইটো নিৰ্ভৰ কৰে কেৱল ভাগ্যৰ ওপৰত আন কাৰো ওপৰত নহয়। লটাৰী পদ্ধতি, যাদৃষ্টিক সংখ্যাৰ তালিকা ব্যৱহাৰ, কম্পিউটাৰ বা কেলকুলেটৰ ৰেনডম নাম্বাৰ প্ৰয়োগৰ জৰিয়তে নমুনা নিৰ্বাচন কৰা হয়।

১৪। গৱেষণাৰ বহু বিকল্প পদ্ধতি কি ?

উত্তৰ :- সাম্প্ৰতিক সময়ত সমাজবিজ্ঞানী সকলে গৱেষণাৰ কথাত বহু বিকল্প প্ৰণালীৰ প্ৰয়োগ কৰে। বহুসময়ত এনে বহুবিকল্প প্ৰণালীকে ত্ৰিকোণীয় পদ্ধতি বুলি অভিহিত কৰা হয়। ত্ৰিকোণীয় পদ্ধতি হ’ল সামাজিক ঘটনাক বহু দিশৰ পৰা অধ্যয়ন কৰা প্ৰক্ৰিয়া। 

কোনো এটা প্ৰণালীৰে অবিহনে আনটো অথবা এটা আনটোৰ পৰিপূৰক হিচাপে সমাজতত্বত বহুবিকল্প প্ৰণালীৰ প্ৰয়োগ কৰা হয়। অধ্যয়ন প্ৰক্ৰিয়াক শক্তিশালী কৰিবৰ বাবে এনে প্ৰণালীৰ প্ৰয়োগ কৰা হয়। প্ৰাথমিক তথ্য সংগ্ৰহ কৰাটোৱেই এই প্ৰণালীবোৰৰ প্ৰধান বৈশিষ্ট্য।

১৫। জৰীপ পদ্ধতিৰ সুবিধা অসুবিধাবোৰ আলোচনা কৰা। 2013

উত্তৰ :- সুবিধা :-

(ক) জৰীপ পদ্ধতিৰ মূল শক্তি হৈছে ই কম টকা-পইচা ব্যয়ৰে কম সময়ৰ ভিতৰতে বৃহৎ সংখ্যক জনসমষ্ঠিক বিস্তৃতভাৱে পুনৰ নিৰীক্ষণ কৰিব পাৰে।

(খ) জৰীপৰ সহায়ত কোনো ব্যক্তি বিশেষৰ পৰিৱৰ্তে জনসাধাৰণৰ সামূহিক জীৱনৰ ছবিখন একত্ৰিত ৰূপত পাব পাৰি। একত্ৰিতভাৱে উপস্থাপন কৰে এনে পৰ্যায়তে বহুত সামাজিক সমস্যাৰ উমান পোৱা যায়। যিবোৰ ক্ষুদ্ৰ পৰ্যায়ৰ অনুসন্ধানত সাধাৰণতে প্ৰকাশ নাপায়।

অসুবিধা :- (ক) সাধাৰণতে জৰীপত বৃহৎ জনসংখ্যাক অধ্যয়নৰ কাৰণে লোৱা হয় বাবে কেতিয়াবা গভীৰভাৱে অধ্যয়ন কৰা সম্ভৱ নহয়। বৃহৎ সংখ্যক উত্তৰ দাতাক দিব লগা সময় সীমিত কৰিব লগা হয়। ইয়াৰোপৰি জৰীপত প্ৰশ্নবোৰ উখাপন কৰা আৰু উত্তৰবোৰ লিপিবদ্ধ কৰোঁতে ক্ৰটি থাকি যোৱাতো স্বাভাৱিক।

(খ) জৰীপত প্ৰশ্নসোধা আৰু উত্তৰ দিয়া কাৰ্য দুজন অপৰিচিত ব্যক্তিৰ মাজত ঘটে। তেওঁলোকৰ মাজত পাৰস্পৰিক বুজাপৰা আৰু বিশ্বাস নাথাকে বাবে উত্তৰ দাতাই কিমান সদিচ্ছাৰে উত্তৰ দিছে সেইটো গম পোৱা নাযায়।কিন্তু উত্তৰদাতাৰ সদিচ্ছা তথা সহযোগিতা অৱিহনে জৰীপ পদ্ধতি ৰ্কৃতকাৰ্য হ’ব নোৱাৰে। ই জৰীপ পদ্ধতিৰ এটা গুৰুত্বপূৰ্ণ আসোঁৱাহ।

১৬। সাক্ষাৎকাৰ কি ? ইয়াৰ সুবিধা আৰু অসুবিধাৰবোৰ কি কি ?

উত্তৰ :- সাক্ষাৎকাৰ হৈছে প্ৰধানকৈ গৱেষক আৰু উত্তৰাদাতাৰ মাজত বিশেষভাৱে নিয়ন্ত্ৰণ কৰা এক কথাপকথন। এনে কথোপকথনত গৱেষকজনে উত্তৰদাতা মনোভাৱ নিৰীক্ষণ কৰি প্ৰশ্ন কৰাৰ সুবিধা পায়। গতিকে সাক্ষাৎকাৰ চলাই নিওতে সাক্ষাৎ গ্ৰহণকাৰীৰ দক্ষতাই যথেষ্ট প্ৰভাৱ পেলাই। সাক্ষাৎকাৰ পদ্ধতিৰ বিভিন্নশৈলী আছে। কিছুমান সাক্ষাৎ গ্ৰহণকৰ্তাই দুৰ্বল গাঠনিৰে প্ৰস্তুত কৰা সাক্ষাৎকাৰক পচন্দ কৰে য’ত উত্তৰদাতাক সুবিধা লগা প্ৰশ্নসমূহৰ সলনি কেৱল অধ্যয়ন কৰিবলগীয়া বিষয়বোৰকে অন্তৰ্ভুক্ত কৰা হয়। কিছুমানে আকৌ সংৰচিত প্ৰশ্নসূচী বেছি পছন্দ কৰে। সাক্ষাৎকাৰে অনুষ্ঠিত হোৱাৰ সুবিধা পৰিস্থিতি, সাক্ষাৎ গ্ৰহণ কত্তাৰ দক্ষতা আদিয়ে এই ক্ষেত্ৰত প্ৰভাৱ পেলাই।

সুবিধা :- সংৰচিত প্ৰশ্নসূচীৰ তুলনাত সাক্ষাৎকাৰ পদ্ধতি বেছি সুবিধাজনক। সাক্ষাৎকাৰত উত্তৰদাতাৰ মনোভাৱ পৰ্যবেক্ষণ কৰি নতুন প্ৰশ্ন সংযোজন কৰিব পাৰি বা প্ৰশ্নসমূহ অন্য প্ৰকাৰে অৱতাৰণা কৰিব পাৰি। ইয়াৰোপৰি কথোপকথনৰ গতি বা ধাৰা অনুযায়ী সুবিধালগা প্ৰশ্নবোৰ অগা-পিছাও কৰিব পাৰি। তদুপৰি যিবোৰ বিষয়ত অধিক তথ্য সম্ভাৰৰ প্ৰয়োজনবোধ কৰা যায়, সেইবোৰ বিষয়ক অধিক কথোপকথন প্ৰয়োজন সাপেক্ষে দীঘলীয়া কৰিব পাৰি আকৌ অবাঞ্চিত প্ৰক্ৰিয়াৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থকা বিষয়বোৰ এৰি যাব পাৰি বা চমু কৰিবও পাৰি। সাক্ষাৎকাৰ পদ্ধতিত এই সকলোবিলাক কৰাৰ সুবিধা পোৱা যায়।

অসুবিধাসমূহ :- সাক্ষাৎকাৰৰ সফলতা বিফলতা নিৰ্ভৰ কৰে সাক্ষাৎকাৰ মঞ্চৰ ওপৰত। সাক্ষাৎকাৰ মঞ্চ যদি সুস্থিৰ বা নিৰ্ভৰযোগ্য হয় তেন্তে সাক্ষাৎকাৰত সফলতা থাকে আৰু যদি নহয় তেন্তে সাক্ষাৎকাৰ বিফল হ’ব পাৰে।

ইয়াৰোপৰি সাক্ষাৎকাৰ পদ্ধতি নিৰ্ভৰ কৰে ব্যক্তি বিশেষ অধিকাৰ আৰু গৱেষক তথা উত্তৰদাতাৰ মাজত স্থাপনত হোৱা সৌহাৰ্যপূৰ্ণ সম্বন্ধ তথা গৱেষক আৰু উত্তৰদাতাৰ মাজত পাৰস্পৰিক বিশ্বাসৰ আধাৰত। এনে বিশ্বাসৰ অভাৱত সাক্ষাৎকাৰ পদ্ধতিক বিফল কৰিব পাৰে।

১৭। জৰীপ পদ্ধতিৰ কৃতকাৰ্যতাৰ বাবে প্ৰয়োজনী চৰ্ত কি কি ? 

উত্তৰ :- জৰীপ পদ্ধতিৰ কৃতকাৰ্যতাৰ বাবে সাধাৰণতে এখন অতি সুদৃঢ় আৰু সংৰচিত প্ৰশ্নসূচীৰ প্ৰয়োজন।

জৰীপ পদ্ধতিৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে অনুসন্ধানকাৰী আৰু উত্তৰদাতা মাজৰ আন্ত:ক্ৰিয়াৰ গতিবিধিৰ ওপৰত। বিশেষকৈ উত্তৰদাতা সকলৰ সহযোগিতা আৰু সদিচ্ছা হৈছে জৰীপ পদ্ধতিৰ প্ৰধান উপাদান।

১৮। সামাজিক গৱেষণাৰ মূল উদ্দেশ্য দুটা কি কি ?

উত্তৰ :- (ক) উপযুক্ত জ্ঞান আহৰণ কৰা ।

 আৰু

(খ) সমস্যা সমাধানৰ উপায় উদ্ভাৱন কৰা।

১৯। সামাজিক গৱেষণাৰ ক্ষেত্ৰত দুটা পদক্ষেপ লিখা।

উত্তৰ :- (ক) বিষয় নিৰ্বাচন আৰু(খ) প্ৰকল্প ৰচনা।

২০। সামাজিক গৱেষণাৰ বিভিন্ন প্ৰকাৰবোৰ কি কি ?

উত্তৰ :- গৱেষণাৰ কাৰণে বাছনি কৰা প্ৰকৃতি, পৰিসৰ আৰু প্ৰভেদৰ ওপৰত ভিত্তি কৰি সামাজিক গৱেষণাক তিনিটা ভাগত বিভক্ত কৰিব পৰা যায়। সেয়া- 

(ক) মৌলিক সামাজিক গৱেষণা।

(খ) প্ৰায়োগিক সামাজিক গৱেষণা আৰু

(গ) অৰ্দ্ধমিশ্ৰ সামাজিক গৱেষণা।

২১। ‘সামাজিক জৰীপ’ কি ?

উত্তৰ :- ‘সামাজিক জৰীপ’ সামাজিক অধ্যয়নৰ এক উল্লেখযোগ্য পদ্ধতি; পদ্ধতিৰ জৰিয়তে কোনো সমস্যা বা ঘটনাৰ বিষয়ে বাস্তৱ জ্ঞান আহৰণ কৰিবলৈ তথ্যপাতি সংগ্ৰহ কৰা হয়। সামাজিক জৰীপৰ দ্বাৰা কোনো এক বিশেষ অঞ্চলৰ প্ৰয়োজনীয় তথ্যপাতি সংগ্ৰহ কৰাটো অধ্যয়নকাৰীৰ বাবে সহজ হয়। সামাজিক গৱেষণাৰ দৰেই সামাজিক জৰীপ কাৰ্যৰ দ্বাৰাও সামাজিক অধ্যয়নৰ বাবে নিৰ্ভৰযোগ্য তথ্যপাতি আৱিষ্কাৰ কৰাৰ লগতে বাস্তৱ জ্ঞান আহৰণ কৰাটো সম্ভৱপৰ হৈ উঠে।

২২। সামাজিক‍ গৱেষণাৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ :- সামাজিক গৱেষণাৰ বৈশিষ্ট্য হ’ল- 

(ক) সামাজিক গৱেষণা সামাজিক সমস্যা বা ঘটনাৰ লগত জড়িত অধ্যয়ন।

(খ) সামাজিক গৱেষণা হৈছে এক সহযোগিতামূলক আৰু তুলনামূলক অধ্যয়ন।

(গ) উপযুক্ত আৰু নিৰ্ভৰশীল তথ্যপাতিৰ অবিহনে সামাজিক গৱেষণাই সফলতা লাভ কৰিব নোৱাৰে।

(ঘ) সামাজিক গৱেষণা হৈছে কোনো সমস্যা বা ঘটনাৰ লগত প্ৰত্যক্ষ অধ্যয়ন।

২৩। সামাজিক গৱেষণাৰ বিভিন্ন প্ৰকাৰবোৰ আলোচনা কৰা।

উত্তৰ :- সামাজিক গৱেষণাৰ বিভিন্ন প্ৰকাৰবোৰ হ’ল : 

(ক) মৌলিক সামাজিক গৱেষণা : যিবিলাক সামাজিক গৱেষণা সিদ্ধান্তমূলক আৰু যিবিলাক সামাজিক গৱেষণাৰ বিষয়-বস্তুৰ লগত সমাজতাত্বিক অৱধাৰণাবিলাক অন্তৰ্নিহিত হৈ থাকে সেইবিলাক গৱেষণাক মৌলিক গৱেষণা বোলে।

(খ) প্ৰয়োগিক সামাজিক গৱেষণা :- যিবিলাক সামাজিক গৱেষণা ব্যৱহাৰিক আৰু পৰীক্ষামূলক; আৰু যিবিলাক গৱেষণা পূৰ্বৰ অভিজ্ঞতা আৰু ফলাফলৰ ভিত্তিত নিৰ্ভৰ কৰি কোনো এটা সামাজিক সমস্যাৰ ওপৰত কৰা হয়; সেইবিলাক গৱেষণাক প্ৰায়োগিক সামাজিক গৱেষণা আখ্যা দিয়া হয়।

(গ) অৰ্দ্ধমিশ্ৰ সামাজিক গৱেষণা :- ৰাজনীতি-বিকাশ, নৃতত্ত্ব আদি উমৈহতীয়া বিষয়-বস্তুক কেন্দ্ৰ কৰি চলোৱা সামাজিক গৱেষণাক অৰ্দ্ধ-মিশ্ৰ সামাজিক গৱেষণা বুলি কোৱা হয়।

২৪। সামাজিক গৱেষণা আৰু সামাজিক জৰীপৰ চাৰিটা পাৰ্থক্য লিখা।

উত্তৰ :- সামাজিক গৱেষণা আৰু সামাজিক জৰীপৰ চাৰিটা পাৰ্থক্য হ’ল-

(ক) সামাজিক গৱেষণাই সমাজৰ সাৰ্বজনীন ঘটনা প্ৰৱাহক সামৰি ল’ব পাৰে। আনহাতে, সামাজিক জৰীপে কোনো এক নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ মাজত থকা জনসংখ্যাক সামৰি লয়।

(খ) সামাজিক গৱেষণাৰদ্বাৰা সমাজৰ সমস্যা বা ঘটনা সম্পৰ্কে অধ্যয়ন চলোৱাৰ মূলতেই হৈছে একোটা প্ৰকল্পক পৰীক্ষা কৰি চোৱা। আনহাতে, সামাজিক জৰীপ কোনো প্ৰকল্প পৰীক্ষা কৰি চাবৰ কাৰণে কৰা নহয়।

(গ) সামাজিক গৱেষণাৰ যোগেদি সমস্যাৰ লগত সম্পৰ্ক থকা কাৰণবিলাক উদ্ ঘাটিত কৰি পুনৰীক্ষণ কৰা হয়। আনহাতে, কোনো এটা সমস্যাৰ গভীৰতা আৰু ইয়াৰ পৰিধি অধ্যয়ন কৰি সমাধানৰ পথ দেখুওৱা কাম সামাজিক জৰীপৰ দ্বাৰা সম্পাদন কৰা হয়।

(ঘ) সামাজিক গৱেষণা সদায়ে বস্তুতাত্ত্বিক আৰু জ্ঞানধৰ্মী। আনহাতে, সামাজিক জৰীপৰ দ্বাৰা জ্ঞান আহৰণ কৰাতকৈ সত্য-শুদ্ধ তথ্য আহৰণ কৰি সমস্যা সমাধানৰ বাবেহে চেষ্টা কৰা হয়।

২৫। তুলনামূলক অধ্যয়ন পদ্ধতিৰ দুটাকৈ সুবিধা আৰু অসুবিধা লিখা।

উত্তৰ :- সুবিধা সমূহ হ’ল-

(ক) তুলনামূলক পদ্ধতিৰে অধ্যয়ন কৰিলে যি কোনো এটা বিষয়ত পুংখানুপুংখ জ্ঞান আহৰণ কৰিব পাৰি। এবাৰ অধ্যয়নত থাকি যোৱা কোনো দিশ অন্য কোনো এটা অধ্যয়নত ওলাই পৰিব পাৰে।

(খ) এই পদ্ধতিৰ অধ্যয়নত কেইবাটাও ঘটনাৰ লগত তুলনা কৰিহে সিদ্ধান্ত প্ৰকাশ কৰা হয়। গতিকে এনে সিদ্ধান্তত ভুলৰ সম্ভাৱনা কম হয়।

অসুবিধা সমূহ হ’ল-

(ক) এই পদ্ধতি অনুমানৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ, ঘটনাৰ লগত আন এটা ঘটনাৰ সম্পৰ্ক আছে বুলি অনুমানতে ধৰি লৈ অধ্যয়ন কৰা হয়। বৈজ্ঞানিক পদ্ধতিত অনুমানৰ ওপৰত কৰা অধ্যয়ন মূল্যহীন হয়।

(খ) অনুমানৰ ওপৰত নিৰ্ভৰ কৰি অধ্যয়ন কৰাৰ বাবে যদি অনুমান সত্য নহয় তেন্তে ফলাফলো ভুল হ’ব পাৰে। গতিকে এই পদ্ধতিৰ বহুসংখ্যক ফলাফল অশুদ্ধ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top