Class 11 Sociology Chapter 1 সমাজ সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক

Class 11 Sociology Chapter 1 সমাজ সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Sociology Chapter 1 সমাজ সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক and select needs one.

Class 11 Sociology Chapter 1 সমাজ , সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Sociology Chapter 1 সমাজ সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক Solutions for All Subject, You can practice these here.

সমাজ , সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক

পাঠ: 1

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

১। সমাজতত্ত্বৰ পিতৃ কোন ?

উত্তৰ :- আগষ্ট ক’ট ।

২। সমাজতত্ত্বৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰ :- ১৮৩৯ চনত ।

৩। এগৰাকী ভাৰতৰ বিশিষ্ট সমাজত্বত্ত্ববিদৰ নাম লিখা ।

উত্তৰ :- ডঃ ৰাধাকমল মূখাৰ্জী ।

৪। ‘সামাজিক সম্বন্ধ’ সমাজৰ /সংস্থাৰ/ প্ৰমূল্যৰ এটা প্ৰধান বৈশিষ্ট্য ।

(শুদ্ধ উত্তৰটো লিখা)

উত্তৰ :- সমাজৰ ।

৫। প্ৰত্যক্ষবাদ কি ? 

উত্তৰ :- সমসাময়িক সমাজ ব্যৱস্থাৰ বিষয়ে শুদ্ধ তথ্য সংগ্ৰহ কৰি পৰ্যবেক্ষণৰ জড়িয়তে বাস্তৱসন্মত অধ্যয়ন কৰা পঞ্চতিয়েই হ’ল প্রত্যক্ষবাদ ।

৬। সমাজশাস্ত্ৰ হৈছে সমাজ বিজ্ঞান /প্ৰাকৃতিক বিজ্ঞান । (শুদ্ধ উত্তৰটো লিখা ) 

উত্তৰ :- প্ৰাকৃতিক বিজ্ঞান ।

৭। প্ৰত্যক্ষবাদী দৰ্শনৰ শ্ৰষ্ঠা কোন ।

উত্তৰ :- আগষ্ট ক’ট ।

৮। সমাজশাস্ত্ৰৰ জন্মস্থান কোন ৰাষ্ট্ৰত অৱস্থিত ?

উত্তৰ :- ফ্ৰান্সত ।

৯। সমাজতত্বই কি কৰে ? 

উত্তৰ : সমাজতত্বই সামাজিক ক্ৰিয়া, সামাজিক সম্বন্ধ আৰু এইবোৰৰ প্ৰকৃতি, স্বৰূপ, ফলাফল আৰু পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন 

কৰে ।

১০। ‘সমাজতত্ত্ব আৰু নেতৃত্ব যজা ভগ্নীস্বৰোপ’- এই উক্তিটো কোনে আগবঢ়াইছিল ? 

উত্তৰ :- এ. এল. ক্ৰবাৰে ।

চুমু আৰু ৰচনাধৰ্মী প্ৰশ্নোওৰ

১। সমাজতাত্বিক কল্পনা কি ? 

উত্তৰ :- ব্যত্তি আৰু সমাজ কেনেকৈ যুক্তি আধাৰিত সম্পৰ্কৰ মাজেৰে ৱৰ্ত্তি থাকে সেইটো আলোচনা কৰিবলৈ বিখ্যাত সমাজতাত্বিক চি. ৰাইট মিলচে সমাজতাত্বিক কল্পনাৰ ধাৰণাটো উখাপন কৰিছিল । তেওঁৰ মতে ব্যক্তিগত আৰু ৰাজহুৱা বিষয়ৰ মাজত সদায় যুক্তি আধাৰিত সম্পৰ্ক বিৰাজমান হৈ থাকে । ব্যক্তিয়ে জীৱনত দুবিধ সমস্যাক বিশেষভাবে প্ৰাধান্য দিয়ে- ব্যক্তিগত সমস্যা  আৰু ৰাজহুৱা সমস্যা । এই দুয়োবিধৰ মাজত থকা পাৰ্থক্যক উপলব্ধি কৰাত সমাজতাত্বিক কল্পনাই সহায় কৰে ।

২। সমাজত বহুত্বতা আৰু অসমতা কেনেদৰে দেখা পোৱা যায় ? আলোচনা কৰা ।

উত্তৰ :- সমাজ বহুত্বতা আৰু অসমতাৰে ভৰপূৰ । বহুত্বতা আৰু অসমতাবিহীন সমাজ ক’তো পোৱা নাযায় । উদাহৰণস্বৰূপে আমি ভাৰতীয় সমাজলৈ চাওঁ তেন্তে বিশাল ভাৰতীয় সমাজৰ ভিতৰতে বিভিন্ন ভাষা, ধৰ্ম, নৃ- গোষ্ঠী আদিৰ ভিত্তিত সমাজ গঢ়ি উঠা দেখা যায়। ইয়াৰোপৰি গ্রাম্য আৰু নগৰীয়া সমাজৰ দৰে পৃথক সমাজব্যৱস্থাও আমি দেখা পাওঁ। এয়া হৈছে সামাজিক বহুত্বতাৰ উদাহৰণ। 

আনহাতে সকলো সমাজতে কম-বেছি পৰিমাণে অসমতা দেখা পোৱা যায়। ভাৰতীয় সমাজলৈ চালে দেখা যায় যে কিছু সংখ্যক লোক অত্যন্ত চহকী হোৱাৰ বিপৰীতে সৰহ সংখ্যক লোকেই দৰিদ্ৰ। কিছু সংখ্যক উচ্চ শিক্ষিত হোৱাৰ বিপৰীতে বেছি সংখ্যকেই অশিক্ষিত। এনেদৰে সমাজত অসমতা থকা পৰিলক্ষিত হয়। 

৩। সমাজতত্ত্ব কি ? 

উত্তৰ :- সমাজতত্ত্ব হৈছে মানৱ সমাজৰ বিজ্ঞানসন্মত অধ্যয়ন। সমাজতত্ত্বৰ মূল বিষয় হৈছে সমাজৰ বিভিন্ন দিশবোৰক সামাজিকভাৱে অধ্যয়ন কৰা। মানুহৰ সামাজিক জীৱন সামাজিক গোট আৰু সমাজ সম্পৰ্কে সমাজতত্ত্বই অধ্যয়ন কৰে।

৪। সমাজতত্ত্ব বিজ্ঞান নে ?

উত্তৰ :- আৰম্ভণিৰে পৰা সমাজতত্ত্বই এটি বিজ্ঞান বিষয় হিচাপে পৰিগণিত হৈ আহিছে।সমাজতত্ত্ব সদায় বিজ্ঞানসন্মত অধ্যয়ন পঞ্চতিৰ লগত জড়িত হৈ থাকে। সমাজতত্ত্বই সাক্ষ্যবোৰ নিৰক্ষণ কৰে, প্ৰমাণ কৰে আৰু প্ৰমাণিত সাক্ষ্যৰ আধাৰত মন্তব্য প্ৰকাশ কৰে। সেয়েহে এনে মন্তব্য ভৱিষ্যতে পৰীক্ষা কৰিবও পাৰি।ইয়াৰোপৰি সমাজতত্বই কৰা নিৰীক্ষণ আৰু বিশ্লেষনবোৰ কিছুমান বিশেষ নিয়মসন্মত হয় যাৰ বাবে এইবোৰ আন এজনে পুনৰ পৰীক্ষা কৰিব পৰা থল থাকে। এনেদৰে সমাজতত্ত্ব এক বিজ্ঞান বিষয় হিচাপে পৰিগণিত হৈ আহিছে।

৫। সমাজতত্ব আৰু ব্যৱহাৰিক জ্ঞানবোদ (Commonrense) ৰ মাজৰ পাৰ্থক্য কেনে ?

উত্তৰ :- ব্যৱহাৰিক জ্ঞানবোদ হ’ল সাদাৰণ দৃষ্টিৰে আয়ত্ব কৰা জ্ঞান যাৰ আধাৰ হৈছে স্বাভাৱিক ব্যাখ্যা বা ধাৰণা আৰু কোনো ব্যত্তিৰ ব্যত্তিগত ব্যাখ্যা । কিন্তু সমাজতত্বৰ নিজা অৱধাৰণা, অধ্যয়ন পদ্ধতি আৰু নিজা তথ্য সম্ভাৰ আছে- যিয়ে সমাজতত্ত্বক ব্যৱহাৰিক জ্ঞানবোদৰ পৰা পৃথক কৰে । ব্যৱহাৰিক জ্ঞান অ-প্ৰতিফলিত কাৰণ ই নিজৰ উৎস সম্বন্ধে জ্ঞাত নহয়। ব্যৱহাৰিক জ্ঞানবোদে নিজকে কেতিয়াও এনেদৰে প্ৰশ্ন নকৰে মই কিয় এই মনোভাৱ লৈছোঁ ? কিন্তু সমাজতাত্বিক সকলে সচৰাচৰ সমাজত প্ৰচলিত ভাবধাৰাবোৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে এইটো সচাঁনে ? সমাজতত্বত এনেদৰে পঞ্চতিগতভাৱে চিন্তা-চৰ্চা আৰু প্ৰশ্ন উত্থাপন কৰে। বিজ্ঞানসন্মত কৌশলৰ ব্যৱহাৰ কৰা হয় ।

৬। সমাজতত্ত্বৰ গঠনত অৰিহনা আগবঢ়োৱা বৌদ্ধিক কাৰক সমূহ কি কি ? আলোচনা কৰা ।

উত্তৰ :- সমাজতত্ত্বৰ বিকাশত চাৰ্লচ ডাৰউইনৰ জৈৱ ক্ৰমবিকাশৰ সূত্ৰৰ প্ৰভাৱ আছিল অপৰিসীম। ডাৰউইনৰ জৈৱ ক্ৰমবিকাশ সূত্ৰ অনুসৰি জীৱিত প্ৰাণীবোৰৰ স্তৰ অনুযায়ী বিকাশ আৰু পৰিৱৰ্তন ঘটে আৰু জীৱদেহৰ প্ৰত্যেকটো অংগই নিজ নিজ কাৰ্য সম্পাদন কৰে। এই ভাবধাৰাৰ আৰ্হিত সমাজকো জীৱিত প্ৰাণীৰ লগত তুলনা কৰা হৈছিল। জীৱিত প্ৰাণীৰ দৰে সমাজখনৰো বিকাশ ঘটে আৰু সমাজৰো প্ৰত্যেকটো অংগই, জীৱদেহ এটাৰ অংগৰ নিচিনাকৈ নিজ নিজ কাৰ্য সম্পাদন কৰে বুলি ভবা হৈছিল। এই ভাবধাৰাৰ আৰ্হিতে সমাজৰ বিভিন্ন সংস্থা যেনে- পৰিয়াল, শিক্ষানুষ্ঠান আদিৰ দৰে সংৰচনাবোৰৰ অধ্যয়ন আৰম্ভ হয়।

১৭শতিকাৰ শেষ ভাগত ইউৰোপত আৰম্ভ হোৱা জ্ঞানোদয় আন্দোলনেও সমাজতত্ত্বৰ বিকাশত ব্যাপক প্ৰভাৱ পেলাইছিল। বৈজ্ঞানিক চিন্তাধাৰাৰ উন্মেষ ঘটোৱা এই জ্ঞানোদয় আন্দোলনে এক শ্ৰেণীৰ নতুন চিন্তানায়কৰ জন্ম দিছিল। এনে চিন্তা নায়কসকলে যুক্তি আধাৰত বস্তুবাদী চিন্তাৰ বিকাশ ঘটাইছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে প্ৰাকৃতিক বিজ্ঞানৰ নিয়ম নীতি,সূত্ৰ, অৱধাৰণা আদিবোৰ সমাজৰ সমস্যা অধ্যয়ন কৰোতে প্ৰয়োগ কৰিব পাৰি। এনেদৰে সামাজিক সমস্যা অধ্যয়নত সামাজিক জৰীপৰ দৰে কৌশলৰ ব্যৱহাৰ আৰম্ভ হয়।

ইয়াৰোপৰি পৃথিৱীৰ বিভিন্ন দেশৰ ভ্ৰমণকাৰীসকলে প্ৰাচীন সমাজৰ বিষয়ে অসংখ্য মূল্যৱান টোকা লিখি থৈ গৈছিল। উপনিৱেশিক শাসকসকলেও বিভিন্ন প্ৰাক-আধুনিক সমাজৰ বিষয়ে তথ্য সম্বলিত বিৱৰণ দাঙি ধৰিছিল। এই বিৱৰণবোৰৰ দ্বাৰা প্ৰভাৱিত হৈ সমাজতাত্বিক সকলে সমাজক নতুন দৃষ্টিভংগীৰে বুজিবলৈ যত্ন কৰিছিল। সমাজৰ বিভিন্ন প্ৰকাশ (Type) আৰু সামাজিক প্ৰগতিৰ বিভিন্ন স্তৰবোৰৰ নিৰীক্ষণ আৰম্ভ কৰা ১৯পৰিবেশতে কেইজনমান প্ৰখ্যাত সমাজতাত্বিক আছিল আগষ্ট ক’ট, কাৰ্ল মাৰ্ক্স,স্পেনচাৰ আদি।

এই বৌদ্ধিক কাৰকবোৰে সমাজতত্ত্বৰ গঠনত আগভাগ লৈছিল।

৭। সমাজতত্ত্বৰ গঠনত কি কি বস্তুবাদী কাৰকে প্রভাৱ পেলাইছিল ? 

উত্তৰ :- সমাজতত্বৰ গঠনত প্ৰভাৱ পেলোৱা বস্তুবাদী কাৰকবোৰক ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল শিল্প বিপ্লৱ। ইংলেণ্ড আছিল শিল্প বিপ্লৱৰ প্ৰাণকেন্দ্ৰ। শিল্প বিপ্লৱে সৃষ্টি কৰা উদ্যোগিকৰণে শ্ৰমৰ মানদণ্ড নিম্নগামী কৰিলে। কুটীৰ আৰু হস্তশিল্পৰ অৱস্থা সংকটময় হৈ পৰিল। পূৰ্বতে গাঁও, পৰিয়াল আদিৰ ভিত্তিত থকা সৰল শ্ৰম বিভাজন জটিল হৈ পৰিল।

উদ্যোগীকৰণে নগৰীকৰণ প্ৰক্ৰিয়া তৰান্বিত কৰিলে। উদ্যোগবোৰক কেন্দ্ৰ কৰি শ্ৰমিকৰ বসতি আৰম্ভ হ’ল। শ্ৰমিকৰ মজুৰি কম হোৱাৰ বাবে অস্বাস্থ্যকৰ পৰিবেশতে থাকিবলগীয়া হ’ল । এনেদৰে উদ্যোগবোৰক কেন্দ্ৰ কৰি সৰু সৰু নগৰৰ সৃষ্টি হ’ল আৰু এই নগৰবোৰত অস্বাহ্যকৰ পৰিবেশত শ্ৰমিক শ্ৰেণীৰ জনবহুল বস্তি (Slum) এলেকাৰ জন্ম হ’ল।ইয়াৰোপৰি বৃহৎ বৃহৎ উদ্যোগবোৰত উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ আৰু এনে উদ্যোগবোৰৰ বাবে কেঁচামালৰ সন্ধানত সাগৰৰ সিপাৰলৈ যাত্ৰা আৰম্ভ হ’ল- যাৰ ফলত এচিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাত উপনিৱেশিক শাসন আৰম্ভ হয়। এই উপনিৱেশিক অঞ্চলবোৰত থকা হস্তশিল্প সম্পূৰ্ণৰূপে ধ্বংস হ’ল।

এনেদৰে শিল্প বিপ্লৱ, নাগৰিকৰণ প্ৰক্ৰিয়া উপনিৱেশিক শাসন ব্যৱস্থাৰ উৎপত্তিৰ দৰে কাৰকে সমাজতত্ত্ব অধ্যয়ন আৱশ্যকীয় কৰি তুলিছিল।

৮। সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ অধ্যয়ন কিয় গুৰুত্বপূৰ্ণ ? আলোচনা কৰা।

উত্তৰ :- অকল সমাজতত্ত্বৰে নহয়, অধ্যয়নৰ বিষয় হিচাপে সকলো বিষয়ৰে উৎপত্তি আৰু বিকাশৰ অধ্যয়নে সেই বিষয়টোক বুজি পোৱাত সহায় কৰে। সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ অধ্যয়নে আমাক সমাজতত্ত্বক, সমাজতত্ত্বৰ উৎপত্তিৰ কাৰকবোৰ কি কি, ইয়াক অধ্যয়নৰ

বিষয়বস্তু আদি বিষয়ক জ্ঞান দিয়ে। সমাজতত্ত্বৰ   উৎপত্তি হৈছিল ইউৰোপত আৰু সমাজতত্ত্বৰ বেছিভাগ বিষয়-বস্তু ইউৰোপীয় সমাজৰ পৰা লোৱা। যদি আমি সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে অধ্যয়ন নকৰো তেন্তে আমি কিয়নো ইউৰোপত উৎপত্তি আৰু বিকাশ ঘটা বিষয় কিয় অধ্যয়ন কৰিব লাগে বা কিয়নো ইউৰোপত সমাজতত্ত্বৰ উৎপত্তি ঘটিল আদি বিষয়ক প্ৰশ্ন বিলাকৰ সমিধান পাব নোৱাৰি। প্ৰকৃততে ১৭ শতিকাৰ পৰা ইউৰোপত আৰম্ভ হোৱা জ্ঞানোদয় আন্দোলন, শিল্প বিপ্লৱ, পুঁজিবাদী ব্যৱস্থা তথা উদ্যোগীকৰণ সমাজলৈ যি অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিছিল সেই পৰিৱৰ্তনৰ প্ৰেক্ষাপটত সমাজক বিজ্ঞানসন্মতভাৱে আলোচনা কৰিবলৈকে সমাজতত্ত্বৰ জন্ম হৈছিল। ইউৰোপত সৃষ্টি হোৱা এনে পৰিৱৰ্তনৰ বতাহে সমগ্র বিশ্বকে চুই লৈছিল। এই সমগ্ৰ বিষয়ৰ জ্ঞান আৰ্জনৰ বাবে সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ অধ্যয়ন বাহিৰে কোনো গত্যন্তৰ নাই।

৯। ভাৰতবৰ্ষত সমাজতত্ত্বৰ বিকাশ সম্বন্ধে আলোচনা কৰা।

উত্তৰ :- ভাৰতবৰ্ষত সমাজত ব্যৱস্থা উপনিৱেশিক ব্যৱস্থাৰ দ্বাৰা, ব্যাপকভাৱে প্ৰভাৱিত হৈছিল। ভাৰতত উদ্যোগীকৰণ, পুজিবাদী আৰ্থিক ব্যৱস্থা, নগৰীকৰণ, আধুনিক শিক্ষা ব্যৱস্থা আদি উপনিৱেশিকতাৰ জৰিয়তে আৰম্ভ হৈছিল। সেয়েহে ভাৰতৰ সামাজিক পৰিবৰ্তনৰ বিষয়ে জানিবলৈ হ’লে ইউৰোপৰ সমাজ ৰাজনীতিৰ লগতে পশ্ছিমীয়া সমাজতাত্বিক সকলৰ লেখনিৰ সহায় ল’ব লগা হয়। অৱশ্যে এনে লেখনিৰ সকলোবোৰ শুদ্ধও নাছিল। উদাহৰণস্বৰূপে পশ্ছিমীয়া সমাজতাত্বিক সকলে ভাৰতীয় গ্ৰাম্য সমাজক অপৰিৱৰ্তনীয় বুলি ভাবিছিল- যিটো পিছলৈ ভুল বুলি প্ৰমাণিত হৈছিল।

যি কি নহওঁক ভাৰতত সমাজতত্ত্বৰ স্নাতকোওৰ পাঠ্যক্ৰম আৰম্ভ হয় ১৯১৯ চনত বোম্বে বিশ্ববিদ্যালয়ত । ১৯২০ চনত কলিকতা আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ত বিষয়টোৰ শিক্ষাদান আৰম্ভ হয়। ইয়াৰ পিছত ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ত সমাজতত্বক শিক্ষণীয় বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।

১০। সমাজতত্ত্বৰ পৰিধি সম্পৰ্কে আলোচনা কৰা।

উত্তৰ :- সমাজতত্ত্বৰ অধ্যয়ন ক্ষেত্ৰ অতি বিশাল আৰু বিস্তৃত। সমাজতত্ত্বই ব্যক্তিৰ সৈতে ব্যক্তিৰ আন্ত : সম্পৰ্কৰ ব্যাখ্যা আগবঢ়ায়। আনহাতে সমাজতত্ত্বই নিবনুৱা সমস্যা, জাতিবাদ আদিৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচিত হোৱা বিষয়সমূহ আলোচনা কৰে। ইয়াৰোপৰি গোলকীয় সামাজিক সমস্যা আৰু প্ৰক্ৰিয়াবোৰো সমাজতত্ত্বই আলোচনা কৰে। যেনে গোলকীয় উষ্ণতা বৃদ্ধি তথা পৰিপাৰ্শ্চিকতা সম্পৰ্কীয় বিষয়সমূহ, যুৱকসকলৰ ওপৰত ইলেকট্ৰনিক মাধ্যমৰ প্ৰভাৱ আদিৰ দৰে বিষয়ো সমাজতত্ত্বই আলোচনা কৰে। 

সেয়েহে বৰ্তমান সমাজত সমাজতত্বই কি অধ্যয়ন কৰিছে সেয়া বিশেষ গুৰুত্বপূৰ্ণ নহয়- গুৰুত্বপূৰ্ণ কথাটো হ’ল বাছি লোৱা ক্ষেত্ৰখন সমাজতত্ত্বই কেনেদৰে অধ্যয়ন কৰে।

১১। সমাজতত্ত্বৰ বিকাশত প্ৰভাৱ পেলোৱা বৌদ্ধিক কাৰক কেইটা কি কি ?

উত্তৰ :- সমাজতত্ত্বৰ বিকাশত প্ৰভাৱ পেলোৱা বৌদ্ধিক কাৰকবোৰৰ ভিতৰত কিছুমান উল্লেখযোগ্য কাৰক হ’ল – 

(ক) ইউৰোপত সৃষ্টি হোৱা জ্ঞানোদয় আন্দোলন।

(খ) ডাৰউইনৰ জৈৱ ক্ৰম বিকাশ তত্ব।

(গ) ফৰাচী বিপ্লৱ।

(ঘ) বিভিন্ন সমাজ সম্বন্ধে পৰিব্ৰাজক সকলৰ টোকা আৰু প্ৰাক-আধুনিক সমাজৰ বিষয়ে উপনিৱেশিক শাসকসকলৰ লিখনী আদি।

১২। সমাজতত্বৰ বিকাশত প্ৰভাৱ পেলোৱা বস্তুবাদী কাৰকবোৰ কি কি ?

উত্তৰ :- সমাজতত্ত্বৰ বিকাশত প্ৰভাৱ পেলোৱা বস্তুবাদী কাৰকবোৰ হ’ল :-

(ক) শিল্প বিপ্লৱ।

(খ) উদ্যোগীকৰণ। 

(গ) নগৰীকৰণ।

(ঘ) উপনিৱেশিক শাসন ব্যৱস্থা আদি।

১৩। সমাজতত্ত্ব আৰু অৰ্থনীতিৰ মাজৰ সম্পৰ্ক।আলোচনা কৰা।

উত্তৰ :- সমাজশাস্ত্ৰ আৰু অর্থনীতি বিজ্ঞান পাৰস্পৰিক ভাৱে সম্পৰ্কযুক্ত। অধ্যয়নৰ বিষয় বস্তুৰ ফালৰ পৰা সমাজশাস্ত্ৰ অৰ্থনীতি বিজ্ঞানৰ কিছুমান উমৈহতীয়া বিষয় আছে, যেনেকৈ- জনসংখ্যা, ঘনত্ব, শ্ৰমবিভাজন, সংঘৰ্শ, অৰ্থনৈতিক সংগঠন ইত্যাদি। অৱশ্যে হিহতৰ দৃষ্টিভংগী ভিন্ন।

বিষয়বস্তুৰ সাদৃশ্যৰ উপৰিও আদৰ্শৰ ফালৰ পৰাও সমাজশাস্ত্ৰ আৰু অৰ্থনীতি বিজ্ঞানৰ মাজত কিছু মিল আছে। দুয়োটা বিষয়েই সাৱধানতাৰে অধ্যয়নৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰে।

পি.এইচ. উইকষ্টিদে অৰ্থনীতি বিজ্ঞানক সমাজশাস্ত্ৰৰ লিগিৰী স্বৰূপ বুলি কৈ ইহঁতৰ মাজত থকা সম্পৰ্কটো আৰু সুগভীৰহে কৰিছে।

১৪। সমাজতত্ত্ব আৰু বুৰঞ্জীৰ সম্বন্ধ দেখুওৱা।

উত্তৰ :- সমাজশাস্ত্ৰ আৰু বুৰঞ্জীৰ মাজত এক অতি নিবিড় গভীৰ সম্পৰ্ক আছে, জাৰ বাবে বহুতো সমালোচকে সিঁহতক পৃথক বিষয় হিচাপে মানিবলৈ অস্বীকাৰ কৰিছে। এইচ.ই. হাবাৰ্দৰ মতে, ”বুৰঞ্জী অতীতৰ সমাজশাস্ত্ৰ আৰু সমাজশাস্ত্ৰ বৰ্তমানৰ বুৰঞ্জী।”ঐতিহাসিক সমাজশাস্ত্ৰ (Historical Sociology) নামৰ এটি নতুন ধাৰাই বুৰঞ্জী আৰু সমাজশাস্ত্ৰৰ সম্বন্ধৰ আৰু গভীৰ ৰূপ দিছে। সমাজশাস্ত্ৰবিদ মেক্স ৱেবাৰে সমাজশাস্ত্ৰীয় বৈশিষ্ট্যৰে ঐতিহাসিক ঘটনাৰ স্বৰূপ ব্যাখ্যা কৰিছে। ফলত বুৰঞ্জীৰ ক্ৰমবিকাশ ঘটি সামাজিক বুৰঞ্জীৰ বিকাশ হয়। এই সামাজিক বুৰঞ্জী নামৰ বিষয়টোৱে সমাজশাস্ত্ৰৰ লগত বুৰঞ্জীৰ গভীৰ সম্বন্ধ স্থাপন কৰিছে।

১৫। সমাজশাস্ত্ৰ আৰু নৃ-তত্ত্বৰ সম্বন্ধ দেখুওৱা।

উত্তৰ :- সমাজশাস্ত্ৰ আৰু নৃ-তত্ত্ব অতি নিবিড়ভাৱে জড়িত। সেইকাৰণে এ.এল. ক্ৰবাৰে নৃ-তত্ত্ব আৰু সমাজশাস্ত্ৰক যজা-ভগ্নিস্বৰূপ (Twin-sisters) বুলি আখ্যা দিছে। অন্যান্য বহুতো সমাজশাস্ত্ৰবিদে নৃ-তত্ত্বক সমাজশাস্ত্ৰৰ এটা প্ৰধান ভাগ বুলি উল্লেখ কৰিছে। ইভান পিটচাৰ্ডে নৃ-তত্ত্ব আৰু সমাজশাস্ত্ৰৰ সাদৃশ্যতাৰ প্ৰতি লক্ষ্য ৰাখি নৃ-তত্ত্বক সমাজশাস্ত্ৰৰ এটা শাখা হিচাপে মন্তব্য কৰিছে। সমাজশাস্ত্ৰ আৰু নৃ-তত্ত্ব উভয়েই কিছুমান বিষয় যেনে- ধৰ্ম, পৰিয়াল, পদ্ধতি, ভাষা আদিৰ বিষয়ে অধ্যয়ন কৰে। এই বিষয়বিলাক দুয়োটা বিজ্ঞানৰ বাবেই গুৰুত্বপূৰ্ণ।

১৬। সমাজশাস্ত্ৰ আৰু নৃ-তত্ত্ব বিজ্ঞানৰ মাজত পাৰ্থক্য লিখা।

উত্তৰ :- সমাজশাস্ত্ৰ আৰু নৃ-তত্ত্বৰ মাজত কিছুমান ক্ষেত্ৰত মিল আছে যদিও তলত উল্লেখ কৰা বিষয়সমূহত আমি পাৰ্থক্য দেখিবলৈ পাওঁ-

(i) সামাজিক জীৱনৰ ওপৰত অধ্যয়ন চলাই সমাজশাস্ত্ৰই সিদ্ধান্ত প্ৰকাশৰ বাবে চেষ্টা চলায়। আনহাতে নৃ-তত্ত্বই প্ৰাচীনতম জনজাতীয় প্ৰকৃতিৰ সমাজ একোখনৰ সামগ্ৰীকস্বৰূপ প্ৰকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(ii) সমাজশাস্ত্ৰই কিছুমান সামাজিক ঘটনাৰ বিষয়ে পূৰ্বকথন কৰিব পাৰে। আনহাতে নৃ-তত্ত্বৰ পূৰ্বকথনিয়তা গুন নাই। 

(iii) সমাজশাস্ত্ৰই বস্তুতাত্ত্বিক অধ্যয়নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে কিন্তু নৃ-তত্ত্ব বিজ্ঞানে বৈজ্ঞানিক পদ্ধতিৰ মান নিৰীক্ষণ প্ৰণালীৰ বাহিৰেও আন কিছুমান পদ্ধতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

(iv) সমাজশাস্ত্ৰ আৰু নৃ-তত্ত্বৰ অধ্যয়ন পদ্ধতিৰ মাজতো পাৰ্থক্য আছে। সমাজশাস্ত্ৰই ইয়াৰ বিষয়বস্তু অধ্যয়ন কৰিবলৈ যাওঁতে বিভিন্ন অধ্যয়ন পদ্ধতি প্ৰয়োগ কৰে। যেনে-ক্ষেত্ৰ নিৰীক্ষণ পদ্ধতি, পৰিসংখ্যামূলক পদ্ধতি, জৰীপ পদ্ধতি আদি। কিন্তু নৃ-তত্ত্বই একমাত্ৰ ক্ষেত্ৰ-নিৰীক্ষণ প্ৰণালীকেই অধ্যয়ন পদ্ধতি হিচাপে ব্যৱহাৰ কৰে।

(v) সমাজতত্ত্বই সকলো ধৰণৰ মানৱ সমাজৰ বিষয়ে অধ্যয়ন কৰে। নৃ-তত্ত্বই প্ৰাথমিক জনজাতীয় প্ৰকৃতিৰ সমাজৰ বিষয়ে অধ্যয়ন কৰে। অথাৎ, সমাজতত্ত্বৰ অধ্যয়নৰ ক্ষেত্ৰ নৃ-তত্ত্ব বিজ্ঞানতকৈ বহল।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সমাজ সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক
Chapter 2প্ৰাথমিক অৱধাৰণা
Chapter 3 সামাজিক সংস্থা
Chapter 4সমাজ আৰু সংস্কৃতি
Chapter 5ব্যৱহাৰিক সমাজতত্ব গৱেষণা পদ্ধতি আৰু কৌশল
Unit 2দ্বিতীয় খণ্ড
Chapter 1সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া
Chapter 2 সামাজিক পৰিৱৰ্তন
Chapter 3পৰিৱেশ আৰু সমাজ
Chapter 4পাশ্চাত্য সমাজতত্ত্ববিদসকল-এক পৰিচয়
Chapter 5ভাৰতীয় সমাজতত্ত্ববিদসকলৰ এক পৰিচয়

১৭। সমাজশাস্ত্ৰ আৰু বুৰঞ্জীৰ মাজৰ পাৰ্থক্য নিৰূপন কৰা।

উত্তৰ :- সমাজশাস্ত্ৰৰ দৰে বুৰঞ্জীত এক পূৰ্ণ পৰ্যায়ৰ সমাজ বিজ্ঞান। সিহঁতৰ মাজত তলত উল্লেখ কৰা বিষয়বোৰত প্ৰাৰ্থক্য দেখা যায়।

(i) সমাজ শাস্ত্ৰই হৈছে সমাজৰ সামগ্ৰিক অধ্যয়ন। সমাজ শাস্ত্ৰই ব্যক্তি বিশেষৰ ওপৰত পৃথক পৃথকৈ আলোচনা চলোৱাৰ পৰিৱৰ্তে সামূহিক অধ্যয়নৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে। আনহাতে বুৰঞ্জীয়ে ব্যক্তি বিশেষৰ কাৰ্য্-কলাপ আচৰণ প্ৰণালী ইত্যাদিৰ ওপৰতো অধ্যয়ন কৰে।

(ii) সমাজ শাস্ত্ৰই অতীতৰ ঘটনাৱলীৰ ওপৰত বিশ্লেষণ দাঙি ধৰে যদিও সমসাময়িক অৱস্থাৰ শুদ্ধ তথ্য-পাতি আহৰণৰ বাবেই ঘায়কৈ অতীতৰ ঘটনাৱলীৰ ওপৰত ভুমুকি মাৰে। কিন্তু বুৰঞ্জীৰ সম্পৰ্ক অতীত ঘটনাৱলীৰ লগতহে ।

(iii) বুৰঞ্জীৰ অধ্যয়ন বৰ্ণনামূলক আৰু সমাজশাস্ত্ৰৰ অধ্যয়ন বিশেষাত্মক। বুৰঞ্জীয়ে সমাজত ঘটি থকা যিকোনো ঘটনাৰ বিৱৰণহে দাঙি ধৰে; ইয়াৰ কাৰণে আৰু ফলাফলৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়ে। কিন্তু সমাজশাস্ত্ৰই যিকোনো ঘটনা বিষয় বস্তুক বিতংভাৱে আলোচনা কৰি সিদ্ধান্ত প্ৰকাশ কৰে।

(iv) সমাজশাস্ত্ৰই আলোচনা কৰা বিষয় 

বস্তুসমূহক সম্বন্ধৰ পটভূমিৰ পৰা লক্ষ্য ৰাখি কৰা হয়। আনহাতে বুৰঞ্জীৰ অধ্যয়নৰ ঘটনা প্ৰৱাহ সময়ৰ লগত সম্পৰ্কযুক্ত।

১৮। সমাজশাস্ত্ৰ আৰু ৰাজনীতি বিজ্ঞানৰ মাজত থকা সম্পৰ্ক উল্লেখ কৰা।

উত্তৰ :- সমাজশাস্ত্ৰ আৰু ৰাজনীতি বিজ্ঞানে পৰস্পৰৰ মাজত নিবিড় সম্পৰ্ক থকা দেখা যায়। মৰিচ জিন্সবাৰ্গৰ দৃষ্টিৰে ক’বলৈ হ’লে-“ৰাজনীতি বিজ্ঞান আৰু দর্শনেই হৈছে সমাজশাস্ত্ৰৰ ঘাই শিক্ষা।” গ্ৰীক দাৰ্শনিক প্লেটোৰ ‘গণৰাজ্য’ আৰু এৰিষ্টট’লৰ ‘ৰাজনীতি’ নামৰ গ্ৰন্থ দুখনতো সমাজশাস্ত্ৰ আৰু ৰাজনীতিৰ সমন্বয় ঘটিছে। ৰাজনীতি বিকাশ মানুহৰ ৰাজনীতিক দিশৰ বিষয়ে আলোচনা কৰে। সমাজশাস্ত্ৰৰ অধ্যয়নৰ মূল বিষয়বস্তু হ’ল মূল সামগ্ৰিক মানৱ সমাজ । ৰাজনৈতিক দিশটো মানুহৰ সামাজিক জীৱনৰ এটা অংশহে মাএ ।

আকৌ সমাজশাস্ত্ৰ আৰু ৰাজনীতি বিজ্ঞান উভয়ে আলোচনা কৰা কিছুমান উমৈহতীয়া বিষয়বস্তুও আছে। সেইবিলাকৰ ভিতৰ ৰাজনৈতিক সংগঠন, ক্ষমতা, কৰ্তৃত্ব, প্ৰশাসন ইত্যাদি।

সমাজশাস্ত্ৰ আৰু ৰাজনীতি বিজ্ঞানক বহুতে একে বিষয় বুলি অভিহিত কৰিছে। আগষ্ট ক’টে আৰু হাৱাৰ্ট স্পেনচাৰে সমাজশাস্ত্ৰ আৰু ৰাজনীতি বিজ্ঞানৰ মাজত প্ৰায়ে পাৰ্থক্য নাই বুলি কৈছে। এফ. জি. উইলছনে কৈছে এই বিষয়ৰ এজন লেখকক সমাজ দাৰ্শনিক নে ৰাজনীতিবিদ বোলা হ’ব সেইটো নিশ্চিত নহয়। জি. ই.জি. কেটলিনে কৈছে যে-‘ৰাজনীতি বিজ্ঞান আৰু সমাজশাস্ত্ৰ একেটা সংজ্ঞাৰে দুটা সত্য বা দুটা দিশ।”

১৯। সমাজতত্ত্ব আৰু অর্থনীতিৰ দুটা উমৈহতীয়া অধ্যয়ন ক্ষেত্ৰৰ বিষয়ে উল্লেখ কৰা।

উত্তৰ :- সমাজতত্ত্ব আৰু অৰ্থনীতিৰ দুটা উমৈহতীয়া অধ্যয়ন ক্ষেত্ৰৰ বিষয়ে তলত উল্লেখ কৰা হ’ল :- 

(ক) শ্ৰম বিভাজন আৰু

(খ) বিতৰণ ব্যৱস্থা।

২০। প্ৰত্যক্ষবাদৰ বিষয়ে এটি চমু টোকা লিখা।

উত্তৰ :- সমাজশাস্ত্ৰৰ উৎপত্তিৰ ক্ষেত্ৰত মূল উৎসস্বৰূপ হ’ল প্ৰত্যক্ষবাদ বা প্ৰত্যক্ষবাদী দৰ্শনৰ। ১৮শ শতিকাৰ আৰম্ভণিৰ পৰাই ইউৰোপৰ সমাজ দাৰ্শনিকসকলৰ চিন্তাধাৰাত  প্ৰত্যক্ষবাদৰ আৰম্ভ হয়। প্ৰত্যক্ষবাদ নৱ্য চিন্তা-চেতনাৰ উন্মষণ । অথাৎ সমসাময়িক সমাজ ব্যৱস্থাৰ বিষয়ে শুদ্ধ তথ্য সংগ্ৰহ কৰি বাস্তৱসন্মতভাৱে অধ্যয়ন কৰিবলৈ চলোৱা প্ৰস্তুতিয়েই হৈছে প্ৰত্যক্ষবাদ । সামাজিক ঘটনাবিলাকৰ ওপৰত বৈজ্ঞানিক পদ্ধতিৰে পুংখানুপুংখকৈ অধ্যয়ন কৰি সিবিলাকৰ প্ৰকৃত কাৰণ, উৎসস্বৰূপ ইত্যাদিৰ বিষয়ে সাম্যক জ্ঞান আহৰণ কৰাটোৱেই হৈছে-প্ৰত্যক্ষবাদী দৰ্শনৰ মূলমন্ত্ৰ।

২১। সমাজত শাস্ত্ৰৰ গুৰুত্ব আলোচনা কৰা।

উত্তৰ :- ১৮৩৯ চনত ফ্ৰান্সৰ বিশিষ্ট সমাজ দাৰ্শনিক আগষ্ট কৰ্টে মূল সমাজ দৰ্শনৰ পৰা পৃথক কৰি আনি সমাজশাস্ত্ৰক স্বতন্ত্ৰ মৰ্যদা প্ৰদান কৰে। সমাজ জীৱনৰ বিষয়ে পুংখানুপুংখকৈ অধ্যয়ন কৰি জ্ঞান আহৰণত সহায় কৰাৰ উপৰিও সামাজিক সমস্যা সমাধানৰ ক্ষেত্ৰতো সমাজশাস্ত্ৰৰ গুৰুত্ব অতিশয় প্ৰসংসনীয়।সমাজতত্ত্বই দিনক দিনে ক্ৰমবিকাশ লভাৰ ফলত বহুতো দিশত বিশেষীকৰণ হৈছে।সমাজশাস্ত্ৰই মানুহৰ মৰ্যদা আৰু সহজাত গুণাৱলীৰ বিকাশ সাধন কৰে। সমাজশাস্ত্ৰই মানুহৰ মাজত একতাৰ ভাব বঢ়াই তোলে।তদুপৰি মানৱ সংস্কৃতি চহকী কৰাত সমাজতত্ত্বৰ প্ৰভাৱ অসীম। সামাজিক চিন্তা, সামাজিক আচৰণৰ ক্ৰমোন্নতি আদিতো সমাজতত্ত্বৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ।

ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰত সমাজশাস্ত্ৰই বিশেষ ভূমিকা পালন কৰে। ই শিশুৰ সামাজিকৰণৰ বিভিন্ন সংস্থাবিলাকৰ বিষয়ে আলোচনা কৰে আৰু এই সংস্থাবিলাকৰ লগত ব্যক্তিৰ সম্বন্ধস্বৰূপ আদিৰ বিষয়ে তথ্য প্ৰকাশ কৰে। ফলত সংস্থাবোৰৰ সহযোগত ব্যক্তিৰ বিকাশ সহজসাধ্য হৈ উঠে।সমাজত প্ৰযোজ্য হোৱা বিভিন্ন সমাজ কলাণ কাৰ্যসূচীত প্ৰস্তুত আৰু ৰূপায়ণৰ ক্ষেত্ৰত সমাজশাস্ত্ৰৰ গুৰুত্ব অপৰিসীম। বিভিন্ন সমাজক বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰি আচনি তৈয়াৰ কৰিব পাৰি।

২২। সমাজশাস্ত্ৰ মানে কি ? সমাজশাস্ত্ৰৰ অধ্যয়ন ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰা।

উত্তৰ :- যি শাস্ত্ৰ বা অধ্যয়ন সামাজিক জীৱন পদ্ধতি, পৰিৱৰ্তন, স্তৰীকৰণ আদিৰ জৰিয়তে সমাজৰ সামগ্ৰিক ৰূপটো আলোচনা কৰে আৰু বৈজ্ঞানিক পদ্ধতিৰে সামাজিক সমস্যাৰ ব্যাখ্যা আগবঢ়ায় তাকে সমাজশাস্ত্ৰ বোলে।

শব্দগত ফালৰ পৰা ‘ সমাজশাস্ত্ৰ’ৰ ইংৰাজী প্ৰতিশব্দ ‘Sociology’ ৰ সৃষ্টি হৈছে- লেটিন শব্দ ‘Socius’ অথাৎ সহযোগ কৰা (to associate) আৰু গ্ৰীক শব্দ ‘Logos’ অৰ্থাৎ’বিজ্ঞান’ এই দুটা শব্দৰ সমন্বয়ত। গতিকে এই দিশৰ পৰা ‘সমাজশাস্ত্ৰ’ মানে ‘সহযোগ কৰা বিজ্ঞানকে’ বুজা যায়। সমাজশাস্ত্ৰৰ অধ্যয়ন ক্ষেত্ৰৰ পৰিসীমা ব্যাপক হোৱা বাবে সমাজশাস্ত্ৰবিদসকলে সাৰ্বজনীনভাৱে একমতত উপনীত হ’ব পৰা নাই। ফলত অধ্যয়ন ক্ষেত্ৰ সম্পৰ্কে সমাজতত্ত্ববিদসকলৰ মাজত দুটা প্ৰধান মতবাদ পোৱা যায়। এই দুটা হ’ল- 

(ক) বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাধাৰা আৰু

(খ) সমন্বায়ত্মক চিন্তাধাৰা ।

বিশেষাত্মক চিন্তাধাৰাৰ নেতৃস্থানীয় লেখকসকলৰ ভিতৰত জৰ্জ ছিমেল, এফ.টনিজ, মেক্স ৱেবাৰ আদিৰ নাম উল্লেখযোগ্য। এইসকল লেখকৰ মতে সমাজশাস্ত্ৰই সামাজিক সম্বন্ধৰ বিশেষ এটি দিশ অধ্যয়ন কৰি নিজস্ব বৈশিষ্ট্য অটুট ৰখা উচিত।বিশেষাত্মক চিন্তাধাৰাৰ প্ৰতিষ্ঠাপক হ’ল জৰ্জ ছিমেল। তেওঁৰ মতে সমাজশাস্ত্ৰই সামাজিক সম্বন্ধৰ কেৱল অমূৰ্ত স্বৰূপৰ বিষয়ে অধ্যয়ন কৰাতহে গুৰুত্ব দিব। ইয়াৰ দৃষ্টিভংগী অন্য সামাজিক বিজ্ঞানে অধ্যয়ন কৰা দৃষ্টিভংগীতকৈ সুকীয়া হ’ব।

বিশেষাত্মক চিন্তাধাৰাৰ অন্যতম সমৰ্থক ভিয়েৰ কাণ্ডটৰ মতে মানসিক সম্বন্ধৰ স্বৰূপেৰে সমাজৰ বিভিন্ন মানুহৰ সম্পৰ্কে স্থিৰ কৰাটোকে সমাজশাস্ত্ৰই অধ্যয়ন কৰিবলৈ বিচাৰে। তেওঁৰ মতে সমাজশাস্ত্ৰই পোনপটীয়াভাৱে সমাজৰ বিভিন্ন সম্বন্ধ, যেনে- সন্মানৰ মনোভাব, প্ৰেম-প্ৰীতি, ঘৃণা আদিৰ বিষয়ে অধ্যয়ন কৰে।মেক্স ৱেবাৰৰ মতে সমাজশাস্ত্ৰই সামাজিক ব্যৱহাৰ সংঘটিত হোৱা সম্ভাৱনাৰ সম্পৰ্কে অধ্যয়ন কৰাত গুৰুত্ব আৰোপ কৰে।

(খ) সমন্বয়াত্মক চিন্তাধাৰৰ নৃতৃস্থানীয় লেখকসকলৰ ভিতৰত ইমিলি দুৰখেইন, হবহাউছ, মৰিছ জিন্সবাৰ্গ আদিৰ নাম উল্লেখযোগ্য।

সমন্বয়াত্মক চিন্তাধাৰাৰ সমৰ্থকসকলৰ মতে সামাজিক ঘটনাবোৰৰ বিষয়ে সাধাৰণ বিধি বা সিদ্ধান্ত ৰচনা কৰিব লাগিব।

ইমিলি দুৰখেইমৰ মতে সমাজশাস্ত্ৰক প্ৰধান তিনিটা ভাগত বিষয়বস্তু অনুসৰি ভাগ কৰিব পাৰি-

(ক) সামাজিক সংগঠন তত্ব।

(খ) সামাজিক শৰীৰ সংৰচনা তত্ত্ব।

(গ) সাধাৰণ সমাজশাস্ত্ৰ।

দুৰখেইম আৰু হবহাউচে কৈছে যে সমাজশাস্ত্ৰই প্ৰথমতে সামাজিক জীৱনৰ বিভিন্ন দিশ গাইগুটীয়াকৈ অধ্যয়ন কৰিব লাগিব। কিন্তু লগতে সামাজিক সম্বন্ধবোৰৰ মাজত থকা আন্তঃসম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি সকলো প্ৰকাৰৰ সামাজিক ঘটনাৰ বিষয়ে সাধাৰণ চৰিত্ৰ আৰু বিধি প্ৰকাশ কৰিব লাগিব।মৰিছ জিন্সবাৰ্গৰ মতে সমাজশাস্ত্ৰ সমাজবিজ্ঞানৰ সমগ্ৰ সমূহৰ সৈতে জড়িত।

২৩। সমাজশাস্ত্ৰৰ সংজ্ঞা লিখা। ইয়াৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ বিষয়ে আলোচনা কৰা।

উত্তৰ :- সমাজশাস্ত্ৰৰ পৰিসৰ অধিক বিস্তৃত হোৱা বাবে সকলোৰে কাৰণে সমানে গ্ৰহণযোগ্য হোৱাকৈ সমাজশাস্ত্ৰৰ সংজ্ঞা দিয়াটো নিতান্তই কঠিন। বিভিন্ন সমাজ শাস্ত্ৰবিদে নিজা-নিজা দৃষ্টিভংগীৰে সমাজতত্ত্বৰ সংজ্ঞা আগবঢ়াইছে ।

সমাজশাস্ত্ৰৰ পিতৃস্বৰূপ আগষ্ট ক’টৰ মতে, “সমাজতত্ত্বই সমাজৰ সামাজিক পদ্ধতিৰে প্ৰকৃতি আৰু বিভিন্ন স্বৰূপ সম্পৰ্কে বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰে।

মেক্স ৱেবাৰৰ মতে, “সমাজশাস্ত্ৰ এনে এক সমাজবিজ্ঞান যি সামাজিক ক্ৰিয়াৰ বিষয়ে অৰ্থপূৰ্ণভাৱে অধ্যয়ন কৰে।”

মে’ক আইভাৰ আৰু পেজৰ মতে, “সমাজশাস্ত্ৰ হ’ল সামাজিক সম্বন্ধৰ বিষয়ে অধ্যয়ন কৰা শাস্ত্ৰ।”মৰিচ জিন্সবাৰ্গৰ মতে, “সমাজশাস্ত্ৰ হ’ল সামাজিক আন্তঃক্ৰিয়া আৰু আন্তঃসম্বন্ধ, ই বিলাকৰ কাৰণস্বৰূপ আৰু ফলাফলৰ বিষয়ে অধ্যয়ন কৰা সমাজবিজ্ঞান।”সামাজিক সমস্যাৰ অধ্যয়ন আৰু সিবিলাকৰ সমাধানৰ উদ্দেশ্য সমাজশাস্ত্ৰৰ উৎপত্তিৰ লগত জড়িত হৈ আছে।

প্ৰত্যক্ষবাদ বা প্ৰত্যবাদী দৰ্শন (Positive Philosophy) সমাজশাস্ত্ৰৰ উৎপত্তিৰ মূল উৎস স্বৰূপ। ১৮শ শতিকাৰ আৰম্ভণিৰ পৰাই ইউৰোপৰ সমাজ-দাৰ্শনিকসকলৰ চিন্তাধাৰাত প্ৰত্যক্ষবাদী দৰ্শনৰ সূত্ৰপাত হয়। প্ৰত্যক্ষবাদ নৱ্য চিন্তা-চেতনাৰ এক বিজ্ঞান সন্মত জ্ঞানৰ প্ৰৱাহ।ইং লেণ্ডৰ শিল্প বিপ্লৱ আৰু ফ্ৰান্সৰ বিপ্লৱ হৈছে প্ৰত্যক্ষবাদী দর্শনৰ আৱিষ্কাৰৰ প্ৰধান কাৰণ। আগষ্ট ক’ট প্ৰত্যক্ষবাদী দৰ্শনৰ এগৰাকী শীৰ্ষস্থানীয় চিন্তাবিদ। তেওঁ ১৮৩৯ চনত সমাজশাস্ত্ৰক প্ৰতিষ্ঠা কৰে। ইংলেণ্ডৰ শিল্প বিপ্লৱ আৰু ফ্ৰান্স বিপ্লৱে সমগ্ৰ ইউৰোপৰ সমাজ ব্যৱস্থাত এক নতুন যুগসন্দিৰ সূচনা কৰে। ইংলেণ্ডৰ শিল্প বিপ্লৱৰ ফলস্বৰূপে পৌৰাণিক কৃষি পদ্ধতি, আৰ্থিক অৱস্থা তথা সামাজিক জীৱনৰ গাঠনিলৈ আমূল পৰিৱৰ্তন আহে। সেইদৰে ফ্ৰান্সৰ বিপ্লৱে ৰাজনৈতিক আৰু সামাজিক উভয় ক্ষেত্ৰতে প্রভাৱ পেলায়। বিপ্লৱৰ পৰিণতিস্বৰূপে অত্যাচাৰী ৰাজকীয় শাসন ব্যৱস্থাৰ অৱসান ঘটাৰ লগতে সামাজিক জীৱনৰ বৈষম্যবাদিৰ ক্ষেত্ৰতো পৰিৱৰ্তন সূচনা হয়।

সমাজশাস্ত্ৰক প্ৰত্যক্ষবাদী দর্শনৰ পৰিপূৰক হিচাপে গণ্য কৰিব পৰা যায়। বিষয়বস্তুৰ বাহুল্যতাই সমাজশাস্ত্ৰক সম্প্ৰসাৰণমূখী সমাজ বিজ্ঞান হিচাপে গঢ়ি তুলিছে। সময় সাপেক্ষে বিষয়বস্তুৰ বাহুল্যতা আৰু ব্যৱহাৰিক মূল্যই হৈছে সমাজশাস্ত্ৰৰ দ্ৰুত ক্ৰমবিকাশ আৰু জনপ্ৰিয়তাৰ প্ৰধান কাৰণ।বিভিন্ন সময়ত বিভিন্ন সমাজ বিজ্ঞানীয়ে আগবঢ়োৱা অধ্যয়ন-গৱেষণাৰ ফলস্বৰূপে সমাজশাস্ত্ৰয়ে সিদ্ধান্তৰ উদ্ভৱ হৈছে আৰু ইয়াৰ লগে লগে মানৱ সমাজৰ বিষয়ে বিজ্ঞান সন্মতভাৱে অধ্যয়ন কৰা এক নিৰ্ভৰযোগ্য সমাজবিজ্ঞান হিচাপে সমাজশাস্ত্ৰইও স্বকীয় মৰ্যদা অব্যাহত ৰাখি বিভিন্ন দেশত দ্ৰুত ক্ৰমবিকাশ লাভ কৰিবলৈ সক্ষম হৈছে।

7 thoughts on “Class 11 Sociology Chapter 1 সমাজ সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক”

  1. umm hoi baru kotha tothapeo 1 ne 2 lession aru kom hoi axy parele alp hohai korebo❤️any way bohut bohut dhoinniobad sir❤️?

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top