Class 11 Sociology Chapter 6 সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া

Join Telegram channel

Class 11 Sociology Chapter 6 সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Sociology Chapter 6 সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া and select needs one.

Class 11 Sociology Chapter 6 সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Sociology Chapter 6 সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া Solutions for All Subject, You can practice these here.

সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া

পাঠ: 6

দ্বিতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

১। “মানুহৰ মাজত অৰ্থনৈতিক অৱস্থাৰ ভিন্নতাই হৈছে সামাজিক স্তৰীকৰণৰ প্ৰধান কাৰণ” এই কথাষাৰ কোনে কৈছিল ? 

উত্তৰ :- কাৰ্লমাৰ্ক্স।

২। সামাজিক সংৰচনাৰ এটা অংশৰ নাম লিখা।

উত্তৰ :- পৰিয়াল।

৩। স্তৰীকৰণ পদ্ধতিৰ আধাৰ কি ?

উত্তৰ :- ভূমিকা আৰু প্ৰস্থিতি।

৪। সংঘৰ্ষৰ পিছত পৰিৱেশৰ লগত খাপ খাবলৈ চলোৱা প্ৰক্ৰিয়াটোৰ নাম লিখা।

উত্তৰ :- উপযোগীকৰণ।

৫। যি প্ৰক্ৰিয়াৰ দ্বাৰা একাধিক ব্যক্তি বা সমূহে উমৈহতীয়া লক্ষ্য সাধনাৰ বাবে কাম কৰে তাক সহযোগিতা নে প্ৰতিযোগিতা বুলি কয় ? 

উত্তৰ :- সহযোগিতা।

৬। “প্ৰতিযোগিতা এক চুক্তিহীন আন্তঃক্ৰিয়াৰ ফলশ্ৰুতি” কথাষাৰ শুদ্ধনে ? 

উত্তৰ :- শুদ্ধ ।

৭। প্ৰস্থিতিৰ প্ৰকাৰ দুটা কি কি ?

উত্তৰ :- জন্ম প্ৰদত্ত প্ৰস্থিতি আৰু স্ব-লব্ধ প্ৰস্থিতি।

৮। জাতি ব্যৱস্থা গতিশীল হয় নে ?

উত্তৰ :- নহয়।

৯। মুক্ত স্তৰীকৰণ এটাৰ উদাহৰণ দিয়া ?

উত্তৰ :- সামাজিক শ্ৰেণী।

১০। প্ৰস্থিতি কি ?

উত্তৰ :- প্ৰস্থিতি হৈছে ভূমিকাৰ ভিত্তিত লাভ কৰা সামাজিক স্থান।

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। দ্বন্দাত্মক সম্পৰ্ক মানে কি ?

উত্তৰ :- সমাজ আৰু ব্যক্তি এটা আনটোৰ পৰিপূৰক। ব্যক্তি অৱিহনে সমাজৰ সৃষ্টি নহয় আৰু সমাজবিহীনভাৱে ব্যক্তি চলিব নোৱাৰে। কিন্তু বহু সময়ত সমাজ আৰু ব্যক্তিৰ মাজত বিৰোধৰ সৃষ্টি হয়। ব্যক্তিৰ ইচ্ছা-আকাংক্ষাক সমাজে বাধা দিয়াও দেখা যায়। ব্যক্তি আৰু সমাজৰ মাজত বিৰাজ কৰা এনে বিৰোধাত্মক সম্বন্ধক সমাজতত্বৰ দ্বন্দাত্মক সম্বন্ধ (dialectical relationship) বুলি কোৱা হয়।

২। সামাজিক সংৰচনা মানে কি ? ই পৰিৱৰ্তনীয় নে ?

উত্তৰ :- প্ৰত্যেক সমাজেই এটা নিৰ্দিষ্ট ৰূপত সু-সংগঠিত হৈ থাকে। যেনেকৈ আমি বাস কৰা ঘৰটো বেৰ, দুৱাৰ-খিৰিকী, মজিয়া-মূধচ আদি মিলি এটা বিশেষ আকাৰত সৃষ্টি কৰা হয়, সেইদৰে আমাৰ সমাজখনে এক বিশেষ আৰ্হিত সু-সাংগঠিতভাৱে গঢ় লৈ উঠে। সমাজত ব্যক্তিৰ আচৰণ, সমাজ আৰু ব্যক্তিৰ মাজৰ সম্পৰ্ক আদিৰ এটা অন্তৰ্নিহিত আৰ্হি থকা দেখা যায়। সামাজিক সংৰচনাই সমাজৰ সু-সংগঠিত ৰূপটোক বুজায়।

অৱশ্যে সমাজৰ এই গাঠনিটো স্থিৰ নহয়। যেনেকৈ আমি বাস কৰা ঘৰটোৰ সময়ৰ লগে লগে পৰিৱৰ্তন হয়, তেনেকৈ সমাজৰ নীতি-নিয়ম, ব্যক্তি-সমাজৰ সম্বন্ধ আদিৰো পৰিৱৰ্তন ঘটি সামাজিক সংৰচনাৰ পৰিৱৰ্তন ঘটায়।

৩। সামাজিক সংৰচনাই ব্যক্তিৰ কাম-কাজক কেনেকৈ প্ৰভাৱিত কৰে ?

উত্তৰ :- সামাজিক সংৰচনাই ব্যক্তিৰ কাম-কাজত বাধা আৰোপ কৰে বা নিয়ন্ত্ৰণ কৰে। যেনেকৈ তোমাৰ পঢ়া কোঠাটোৰ দুৱাৰখনে তোমাৰ কোঠালৈ ওলোৱা-সোমোৱা নিয়ন্ত্ৰণ কৰে (অৰ্থাৎ দুৱাৰখনেদিহে তুমি কোঠালৈ অহা-যোৱা কৰিব লাগে), তেনেকৈ সমাজৰ বিভিন্ন গাঠনি যেনে-পৰিয়াল, সমূহ, জাতি আদিয়ে ব্যক্তিৰ বিভিন্ন কাৰ্য নিয়ন্ত্ৰণ কৰে। উদাহৰণস্বৰূপে বিবাহৰ ক্ষেত্ৰত বিভিন্ন কাৰ্য নিয়ন্ত্ৰণ কৰে। উদাহৰণস্বৰূপে বিবাহৰ ক্ষেত্ৰত জাতি আৰু পৰিয়ালে ব্যক্তিৰ কাম-কাজ নিৰ্ধাৰণ কৰে। দাৰ্শনিক কাৰ্লমাৰ্ক্সেও সামাজিক সংৰচনাই ব্যক্তিৰ ওপৰত আৰোপ কৰা বাধ্য বাধকতাৰ ওপৰত গুৰুত্ব দিছিল।

৪। ‘সামাজিক স্তৰীকৰণ’ মানে কি ?

উত্তৰ :- সামাজিক স্তৰীকৰণ হৈছে এটা সামাজিক প্ৰক্ৰিয়া য’ত- সমাজখনৰ জনসাধাৰণক পদানুক্ৰম অনুসৰি উচ্চ-নীচ হিচাপে কিছুমান সামাজিক স্থানত ভাগ কৰা হয় যাৰ ফলত কিছুমান লোকে আন কিছুমানৰ তুলনাত অধিক সন্মান, সুবিধা বা ক্ষমতা লাভ কৰে। অৰ্থাৎ সামাজিক স্তৰীকৰণে সমাজত তথা ব্যক্তি বা গোটবোৰৰ মাজত থকা অসমতা বা বৈষম্যক বুজায়। সমাজত দেখা পোৱা এনে অসমতা বা বৈষম্য আদিম সমাজৰ পৰা আৰম্ভ কৰি আধুনিক সমাজবোৰলৈকে সকলোতে দেখা যায়। এনে অসমতাৰ ভিত্তিতে সমাজত স্তৰীকৰণ ঘটে। পূৰ্বতে জাতি, লিংগ, সম্প্ৰদায় আদি স্তৰীকৰণৰ শক্তিশালী ভিত্তি আছিল যদিও আধুনিক সমাজত সম্পত্তি, শিক্ষা, ক্ষমতা আদিৰ ভিত্তিত স্তৰীকৰণ ঘটে।

৫। সামাজিক স্তৰীকৰণক প্ৰভাৱিত কৰা সামাজিক সুবিধা সমূহৰ মূল প্ৰকাৰ কেইটা আৰু কি কি ?

উত্তৰ :- সামাজিক সুবিধাবোৰ সমাজত অসমান ৰূপেৰে ভাগ কৰা থাকে আৰু সুবিধাবাদী গোটসমূহে সাধাৰণতে এই সুবিধাবোৰ উপভোগ কৰি থাকে। এই সুবিধাবোৰ মূলতঃ তিনি প্ৰকাৰৰ-

(ক) জীৱনত লাভ কৰা সুযোগ-সুবিধা (Life chances) :- ব্যক্তিয়ে জীৱনত লাভ কৰা সুযোগ-সুবিধাই তেওঁৰ জীৱনৰ মানদণ্ডৰ ওপৰত প্ৰভাৱ পেলায়। যেনে-জীৱনৰ আগছোৱাত আগশাৰীৰ শিক্ষানুষ্ঠানত অধ্যয়নৰ সুবিধা পোৱা সকলৰ পিছৰ জীৱনটো এই শিক্ষাৰ বাবেই উন্নত হ’ব পাৰে।

(খ) সামাজিক প্ৰস্থিতি (Social Status) :- সমাজত অন্য সকলৰ পৰা মান-সন্মান তথা উচ্চস্থান লাভ কৰোতাসকলে এনে সামাজিক প্ৰস্থিতিৰ বাবে বিভিন্ন সা-সুবিধা লাভ কৰিব পাৰে।

(গ) ৰাজনৈতিক প্ৰভাৱ (Political influence) :- ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণত সুবিধাপোৱা বা এনে সিদ্ধান্তক প্ৰভাৱিত কৰিব পৰা সকলে সমাজত অধিক সা-সুবিধা লাভ কৰিব পাৰে।

৬। সামাজিক প্ৰক্ৰিয়া মানে কি ? 

উত্তৰ :- সামাজিক আন্তঃক্ৰিয়াৰ স্থায়ী ৰূপেই হ’ল সামাজিক প্ৰক্ৰিয়া। সমাজত ব্যক্তি সমূহৰ মাজত পাৰস্পৰিক ক্ৰিয়া তথা ব্যক্তি আৰু সমাজৰ মাজত আন্তঃক্ৰিয়া সকলো সময়তে অবিৰতভাৱে চলি থাকে আৰু এনে আন্তঃক্ৰিয়া বোৰকে সামাজিক প্ৰক্ৰিয়া বোলে।

৭। সামাজিক প্ৰক্ৰিয়াবোৰ মূলতঃ কি কি ৰূপত দেখিবলৈ পোৱা যায় ?

উত্তৰ :- সামাজিক প্ৰক্ৰিয়াবোৰ প্ৰধানতঃ সহযোগিতা, প্ৰতিযোগিতা, সংঘৰ্ষ, উপযোগীকৰণ, সদৃশীকৰণ আদি ৰূপত দেখিবলৈ পোৱা যায়।

৮। কাৰ্যত্মক দৃষ্টিভংগী কি ?

উত্তৰ :- সামাজিক প্ৰক্ৰিয়া সম্বন্ধে ইমাইল দুৰখেইমে কাৰ্যত্মক দৃষ্টিভংগীৰ পৃষ্ঠপোষকতা কৰিছিল। দুৰখেইমৰ মতে মানুহে দৈনন্দিন জীৱনৰ মৌলিক প্ৰয়োজনবোৰ পূৰণ কৰিবৰ বাবে, বা এইবোৰ উৎপাদন কৰিবৰ বাবে এজনে আনজনৰ লগত সহযোগ কৰিব লাগে। এই সহযোগিতাৰ ভিত্তিতে মানুহৰ জীৱনৰ এৰাব নোৱাৰা আন্তঃসম্পৰ্কক ব্যাখ্যা কৰা হয়।

৯। সহযোগিতা কি ? শক্তি প্ৰয়োগ আৰু ইচ্ছাকৃত সহযোগিতাৰ মাজৰ পাৰ্থক্য কেনে ?

উত্তৰ :- যি প্ৰক্ৰিয়াৰ দ্বাৰা ব্যক্তি বা সমূহে উমৈহতীয়া লক্ষ্য সাধানৰ বাবে কাম কৰে তাকে সহযোগিতা বোলে।কেতিয়াবা সহযোগিতা আদায়ৰ বাবে শক্তি প্ৰয়োগ কৰিবলগীয়া হয়। শক্তি প্ৰয়োগৰ দ্বাৰা আদায় কৰা সহযোগিতাক শক্তি প্ৰয়োগ সহযোগিতা (enforced co-operation) বুলি কোৱা হয়। অৱশ্যে বহুক্ষেত্ৰত এনে শক্তি প্ৰয়োগ দেখা পোৱা নাযায় আৰু এনে সহযোগিতাকো ইচ্ছাকৃত সহযোগিতা যেনেই লাগে।

উদাহৰণস্বৰূপে এগৰাকী ভাৰতীয় মহিলাই সমাজত পুৰুষে পৰিয়ালৰ সম্পত্তিৰ উত্তৰাধিকাৰ লাভ কৰা যি প্ৰতিমান প্ৰচলিত হৈ আহিছে, সেইয়া মানি নচলিলে ভাই-ককাই, আত্মীয়-স্বজনৰ মৰম-চেনেহ হেৰুৱাব লাগিব বা মা-দেউতা, ককাই-ভাইৰ লগত সম্পৰ্ক বেয়া হ’ব বুলি ভয় কৰি পৈত্ৰিক সম্পত্তিৰ উত্তৰাধিকাৰ দাবী নকৰে আৰু পিতৃ পৰিয়ালৰ লগত সহযোগ কৰি থাকে। এনে সহযোগিতা প্ৰকৃততে শক্তি প্ৰয়োগ সহযোগিতা, যদিও ইয়াত শক্তি প্ৰয়োগ দেখা পোৱা নাযায়।

১০। উপযোগীকৰণ কি ?

উত্তৰ :- সমাজত এনে বহু পৰিস্থিতি দেখা পোৱা যায় য’ত গভীৰ সংঘৰ্ষময় পৰিস্থিতিৰ মাজতো সহযোগিতা বিৰাজ কৰে। সংঘৰ্ষৰ পৰিৱৰ্তে সহযোগিতা সৃষ্টি কৰা প্ৰক্ৰিয়াটোক সমাজতত্বক উপযোগীকৰণ বুলি কোৱা হয়। ভাৰতীয় সমাজত মহিলাই ভাই-ককাই,আত্মীয়-স্বজনৰ মৰম-চেনেহ হেৰুৱাৰ ভয়ত পৈত্ৰিক সম্পত্তিৰ অধিকাৰ ত্যাগ কৰা বা পিতৃ পৰিয়ালৰ লগত হ’ব পৰা সংঘৰ্ষ ত্যাগ কৰি সহ-অৱস্থান কৰা প্ৰক্ৰিয়াটোকে উপযোগীকৰণ বুলি কোৱা হয়।

১১। সহযোগিতা কেনেকৈ সংঘৰ্ষৰ কাৰণ হ’ব পাৰে ব্যাখ্যা কৰা।

উত্তৰ :- সংঘৰ্ষবাদী দৃষ্টিভংগীৰ প্ৰৱক্তা কাৰ্লমাৰ্ক্সে  সহযোগিতা কেনেকৈ প্ৰতিযোগিতা আৰু সংঘৰ্ষলৈ ৰূপান্তৰিত হয় সেইটো ব্যাখ্যা কৰিছে। তেওঁৰ মতে সহযোগিতা অবিহনে কোনো ধৰণৰ উৎপাদন কাৰ্য সম্ভৱ নহয়। পুজিবাদী সমাজ ব্যৱস্থাত মালিক আৰু শ্ৰমিক শ্ৰেণীৰ মাজত থকা সহযোগিতাৰ ফলতে উৎপাদন কাৰ্য চলি থাকে আৰু অধিক উৎপাদন হয়। কিন্তু পুজিবাদী ব্যৱস্থাত শক্তিশালী শ্ৰেণীবোৰে এনে অতিৰিক্ত উৎপাদন আত্মসাৎ কৰে আৰু এনেকৈয়ে শোষণ আৰম্ভ হয়। ফলত এনে সমাজত- সহযোগিতা সম্ভাৱনীয় সংঘৰ্ষলৈ ৰূপান্তৰিত হয়। উৎপাদন ব্যৱস্থাই ব্যক্তি আৰু সমূহক ভিন্ন আৰু অসমান স্থান প্ৰদান কৰাৰ ফলত উদ্যোগৰ মালিক আৰু শ্ৰমিকে দৈনন্দিন কামত সহযোগ কৰিলেও তেওঁলোকৰ মাজত সংঘৰ্ষজনিত সম্পৰ্ক বিৰাজ কৰে।

১২। পৰহিতবাদ কি ?

উত্তৰ :- কোনো স্বাৰ্থপৰ মনোভাৱ নাৰাখি আনৰ মংগলৰ কাৰণে কাম কৰা নীতিকেই পৰহিতবাদ বুলি কোৱা হয়। ইমাইল দুৰখেইমৰ মতে আদিম অৱস্থাৰে পৰাই সমাজত পৰহিতবাদ থকা দেখা যায়। তেওঁৰ মতে মানুহৰ মাজত সংযমহীন অৱস্থাৰ সময়তো পৰহিতবাদ দেখা পোৱা যায়।

১৩। শ্ৰম বিভাজন কি ? শ্ৰম বিভাজনত সহযোগিতা কেনেকৈ নিহিত হৈ থাকে আলোচনা কৰা। 

উত্তৰ :- শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি সমাজত বিভাজনৰ সৃষ্টি হয়। সমাজত সৃষ্টি হোৱা এনে বৃত্তিগত বিভাজনকে শ্ৰম বিভাজন বোলে। পূৰ্বতে লিংগ, বয়স আদিৰ ওপৰত ভিত্তি কৰি সমাজত শ্ৰম বিভাজন দেখা গৈছিল। কিন্তু আধুনিক সমাজত জ্ঞান, দক্ষতা আদিৰ ভিত্তিতহে শ্ৰম বিভাজন ঘটে। উদাহৰণস্বৰূপে কম্পিউটাৰ ইঞ্জিনীয়ারিংৰ কাৰিকৰী জ্ঞানপ্ৰাপ্ত ব্যক্তি এজনে সেই বিষয়তহে পাৰদৰ্শিতা দেখুৱাব পাৰে আৰু সেয়েহে তেনে বিষয়ক কৰ্মত নিয়োজিত হয়। ফলত সমাজত শ্ৰম বিভাজনৰ সৃষ্টি হয় আৰু ই শ্ৰমৰ বিশেষীকৰণ (specialization) ৰ জন্ম দিয়ে।

শ্ৰম বিভাজনৰ ফলত সমাজত সহযোগিতা তথা আন্তঃনিৰ্ভৰশীলতা বাঢ়ি আহিছে। পুৰণি কালত কৃষি কৰ্মত নিয়োজিত এটা পৰিয়ালে হয়তো তেনে অন্য এটা পৰিয়ালৰ লগত সহযোগিতা নকৰাকৈ চলিব পাৰিছিল। কিন্তু আধুনিক পদ্ধতিৰে কৃষি কৰ্মত নিয়োজিত পৰিয়াল এটাই কৃষি কৰ্মত ব্যৱহৃত যন্ত্ৰ-পাতিৰ বাবে বা সাৰ, ঔষধ আদিৰ বাবে অন্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। সেয়েহে দেখা যায় যে শ্ৰম বিভাজন বা ই সৃষ্টি কৰা শ্ৰমৰ বিশেষীকৰণে সমাজত সহযোগিতা বৃদ্ধি কৰিছে।

১৪। যান্ত্ৰিক আৰু জৈৱিক একতাৰ মাজত থকা পাৰ্থক্য আলোচনা কৰা।

উত্তৰ :- ইমাইল দুৰখেইমে যান্ত্ৰিক আৰু জৈৱিক একতাৰ মাজৰ পাৰ্থক্য দাঙি ধৰোতে যান্ত্ৰিক একতাক পৰম্পৰাগত সমাজৰ বৈশিষ্ট্য বুলি উল্লেখ কৰাৰ বিপৰীতে জৈৱিক একতাক আধুনিক সমাজৰ বৈশিষ্ট্য বুলি উল্লেখ কৰিছিল।

যান্ত্ৰিক একতা হৈছে সমজাতীয়তাৰ ওপৰত আধাৰিত। এনে সমাজৰ অধিকাংশ সদস্যই একে ধৰণেৰে জীৱন-নিৰ্বাহ কৰে। এনে সমাজত বয়স আৰু লিংগ ভিত্তিত থকা শ্ৰম বিভাজনত অতি কম পৰিমাণৰ বিশেষীকৰণ থাকে। বিশ্বাস আৰু অনুভূতিৰ আদান-প্ৰদানৰ মাজেৰে এনে সমাজৰ সদস্যসকল বান্ধ খাই থাকে।

আনহাতে জৈৱিক একতা আধুনিক সমাজকোষত দেখা পোৱা যায়। কাৰিকৰী জ্ঞান, দক্ষতা আদিৰ ফলত আধুনিক সমাজত শ্ৰম বিভাজন ঘটে আৰু এই শ্ৰম বিভাজনৰ লগত ব্যাপক বিশেষীকৰণ জড়িত হৈ থাকে। শ্ৰমৰ বিশেষীকৰণ বঢ়াৰ লগে লগে সমাজৰ সদস্যসকলৰ মাজত আন্ত:নিৰ্ভৰশীলতাও বাঢ়ি যায়।

১৫। প্ৰতিযোগিতা কি ? প্ৰতিযোগিতাহীন সমাজ আছেনে ?

উত্তৰ :- এক নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে দুই বা ততোধিক ব্যক্তিয়ে পৃথকে পৃথকে কৰা প্ৰচেষ্টাই হ’ল প্ৰতিযোগিতা। প্ৰতিযোগিতা হ’ল এক বিশ্বজনীন সহজাত প্ৰবৃত্তি। সমসাময়িক পৃথিৱীত প্ৰতিযোগিতা এক শক্তিশালী প্ৰতিমান আৰু অভ্যাস হিচাপে প্ৰতিস্থিত হৈছে।

পৃথিৱীত এনে সমাজ নাই য’ত প্ৰতিযোগিতা নাই। প্ৰতিযোগিতা বৰ্তমান পৃথিৱীৰ এক দিক্ নিৰ্ণায়ক শক্তি। J. S. Mill ৰ মতে আধুনিক প্ৰতিযোগিতা হৈছে “প্ৰতিজনৰ যুদ্ধ প্ৰতিজনৰ বিৰুদ্ধে আৰু সেই একে সময়তে এই যুদ্ধ সকলোৰে বিৰুদ্ধে।”

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top