Class 11 Sociology Chapter 10 ভাৰতীয় সমাজতত্ত্ববিদসকলৰ এক পৰিচয়

Class 11 Sociology Chapter 10 ভাৰতীয় সমাজতত্ত্ববিদসকলৰ এক পৰিচয় answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Sociology Chapter 10 ভাৰতীয় সমাজতত্ত্ববিদসকলৰ এক পৰিচয় and select needs one.

Class 11 Sociology Chapter 10 ভাৰতীয় সমাজতত্ত্ববিদসকলৰ এক পৰিচয়

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Sociology Chapter 10 ভাৰতীয় সমাজতত্ত্ববিদসকলৰ এক পৰিচয় Solutions for All Subject, You can practice these here.

ভাৰতীয় সমাজতত্ত্ববিদসকলৰ এক পৰিচয়

পাঠ: 10

দ্বিতীয় খণ্ড

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। ভাৰতবৰ্ষৰ ক’ত আৰু কেতিয়া সমাজতত্বৰ আনুষ্ঠানিক শিক্ষাদান প্ৰক্ৰিয়া আৰম্ভ হৈছিল ?

উত্তৰ :- ভাৰতবৰ্ষত সমাজতত্ব বিষয়টোৰ আনুষ্ঠানিক শিক্ষাদান প্ৰক্ৰিয়া আৰম্ভ হৈছিল ১৯১৯ চনত বম্বে বিশ্ববিদ্যালয়ত।

২। ‘Man in India’ নামৰ আলোচনীৰ প্ৰকাশ কোনে কেতিয়া আৰম্ভ কৰিছিল ?

উত্তৰ :- সমাজতত্ববিদ শৰৎ চন্দ্ৰ ৰয়ে ১৯২২ চনত এই আলোচনীখনৰ শুভাৰম্ভ কৰিছিল।

৩। ভাৰতত সমাজতত্ব বিষয়টো আনুষ্ঠানিক ৰূপত প্ৰতিষ্ঠা কৰা ব্যক্তিজন কোন ?

উত্তৰ :- গোবিন্দ সদাশিৱ ঘূৰী আছিল ভাৰতত সমাজতত্ব বিষয়টো আনুষ্ঠানিক ৰূপত প্ৰতিষ্ঠা কৰা মূল ব্যক্তি।

৪। ‘Indian Sociological Society’ ৰ প্ৰতিষ্ঠাপক কোন ?

উত্তৰ :- ‘Indian Sociological Society’ (ভাৰতীয় সমাজতাত্বিক সমাজ)ৰ প্ৰতিষ্ঠাপক আছিল জি. এছ. ঘূৰী। 

৫। এ. আৰ. দেশাইৰ গৱেষণা পত্ৰখন কি নামেৰে প্ৰকাশ হৈছিল ?

উত্তৰ :- এ. আৰ. দেশাইৰ গৱেষণা পত্ৰখন ১৯৪৮ চনত ‘The Sociological background of Indian Nationlism’ নামেৰে প্ৰকাশ কৰা হয়।

৬। এম. এন. শ্ৰী নিৱাসৰ গৱেষণা গ্ৰন্থখনৰ নাম কি ?

উত্তৰ :- ‘Religion and society among the croogs of south India’.

৭। ভাৰতৰ সমাজতত্বৰ বিকাশৰ বিষয়ে আলোচনা কৰা।

উত্তৰ :- সমাজতত্ব তুলনামূলকভাৱে এটা নতুন বিষয়। ভাৰতত পোন প্ৰথমে ১৯১৯ চনত বম্বে বিশ্ববিদ্যালয়ত এই বিষয়টোৰ আনুষ্ঠানিক শিক্ষাদান প্ৰক্ৰিয়া আৰম্ভ হয়। ১৯২০ চনত কলকতা আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ত সমাজতত্বৰ আনুষ্ঠানিক শিক্ষাদান আৰম্ভ হয়। আৰম্ভণিতে ভাৰতবৰ্ষত সমাজতত্বই কোনবোৰ বিষয়ৰ ওপৰত- মনোনিবেশ কৰিব সেইটো স্পষ্ট হোৱা নাছিল। ইউৰোপত আধুনিকতাক উপলব্ধি কৰাৰ প্ৰচেষ্টাত সমাজতত্বৰ জন্ম হৈছিল। কিন্তু ভাৰতত আধুনিকতা আহিছিল ঔপনিবেশিকতাৰ মাধ্যমেৰে। সেয়েহে ভাৰতত সমাজতাত্বিক আলোচনাৰ পৃষ্ঠভূমি ইউৰোপৰ সমাজতাত্বিক আলোচনাৰ পৃষ্ঠভূমিতকৈ বেলেগ। এনে পৰিস্থিতিত ভাৰতত সমাজতত্বই কি অধ্যয়ন কৰিব বা কোন ভূমিকা ল’ব সেইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছিল।

ভাৰতৰ অগ্ৰণী সমাজতাত্বিক সকলে এনে প্ৰশ্নবোৰৰ উত্তৰৰ সন্ধান কৰিছিল। এল. কে. অনন্ত কৃষ্ণ আয়াৰ, শৰৎ চন্দ্ৰ ৰয়, জি. এছ. ঘূৰী, ভি. পি. মূখাৰ্জী এম. এন. শ্ৰী নিৱাসৰ দৰে পণ্ডিতে এই প্ৰশ্নসমূহৰ উত্তৰ সন্ধান কৰিয়েই ভাৰতীয় সমাজতত্বৰ মূল জকাটো প্ৰতিষ্ঠা কৰিছিল।

ভাৰতবৰ্ষত সমাজতত্ব বিষয়টি আনুষ্ঠানিক ৰূপত প্ৰতিষ্ঠান কৰা মূল ব্যক্তি জন আছিল জি. এছ. ঘূৰী। ঘূৰীয়ে বম্বে বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ মুৰব্বীৰূপে ৩৫ বছৰ সেৱা আগবঢ়াইছিল। তেওঁ ভাৰতীয় সমাজতাত্বিক সমাজ (Indian Sociologycal society) ৰ প্ৰতিষ্ঠাপক আছিল আৰু ইয়াৰ মুখপত্ৰ আলোচনী ‘Sociologycal Bulletin’ খন প্ৰকাশ কৰি উলিয়াইছিল। তেওঁ জাতি, প্ৰজাতি, স্বজনীয়তা (Kinship) পৰিয়াল, বিবাহ আদি বিষয়ৰ সমাজতাত্বিক অধ্যয়ন কৰিছিল।

৮। অনন্ত কৃষ্ণ আয়াৰ আৰু শৰৎ চন্দ্ৰ ৰয়ে কেনেকৈ সামাজিক নৃতত্ব অধ্যয়ন কৰিবলৈ আগবাঢ়ি আহিছিল আলোচনা কৰা।

উত্তৰ :- ভাৰতত সমাজতত্বৰ অধ্যয়ন আৰম্ভ হৈছিল অনন্ত কৃষ্ণ আয়াৰ আৰু শৰৎ চন্দ্ৰ ৰয়ৰ দৰে ঘটনাক্ৰমে সৃষ্টি হোৱা সমাজতাত্বিকৰ দ্বাৰা। এজন কেৰাণী হিচাপে কৰ্মজীৱনৰ পাতনি মেলা আয়াৰে পিছলৈ কোচিনৰ এখন মহাবিদ্যালয়ৰ প্ৰৱক্তা হিচাপে সেৱা আগবঢ়ায়। এই সময়ছোৱাতে তেওঁ ব্ৰিটিছ চৰকাৰে চলোৱা এটা নৃ-জাতীয় জৰীপ কাৰ্যত অবৈতনিকভাৱে সহযোগ কৰিছিল। তেওঁ সেই নৃ-জাতীয় অধ্যয়ন শাখাৰ অবৈতনিক তত্বাবধায়ক আছিল। এই কামটো তেওঁ ইমান নিয়াৰিকৈ সম্পাদন- কৰিছিল যে সেই সময়ৰ ব্ৰিটিছ চৰকাৰ আৰু নৃ-তত্ববিদ সকলে তেওঁৰ ভূয়সী প্ৰশংসা কৰিছিল। নৃতত্ব বিভাগৰ আনুষ্ঠানিক শিক্ষাগত অৰ্হতা নথকা আয়াৰ আছিল এজন স্ব-শিক্ষিত নৃতত্ববিদ- যি দেশে-বিদেশে স্বীকৃতি লাভ কৰিছিল। ১৯১৭ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ৰীডাৰ হিচাপে নিযুক্ত হয় আৰু কলিকতা বিশ্ববিদ্যালয়ত দেশৰ ভিতৰতে প্ৰথমটো নৃ-তত্ব বিভাগৰ স্নাতকোত্তৰ শ্ৰেণী খোলাত আগভাগ লয়। তেওঁ ইউৰোপৰ বিভিন্ন বিশ্ববিদ্যালয়ত বক্তৃতা প্ৰদান কৰিছিল আৰু জাৰ্মান বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল।

শৰৎ চন্দ্ৰ ৰয়ো আছিল এজন ঘটনাক্ৰমে সৃষ্টি হোৱা নৃ-তত্ববিদ। শিক্ষকতা ত্যাগ কৰি ৰাচীৰ আদালতত ওকালতি আৰম্ভ কৰা ৰয়ে পিছলৈ ৰাচী আদালতত দোভাষী ৰূপে নিযুক্ত হয়। উকীল হিচাপে তেওঁ জনজাতীয় পৰম্পৰাগত ৰীতি-নীতি, আইন-কানুনবোৰ জনাৰ প্ৰয়োজন হৈছিল। এনেদৰে তেওঁ জনজাতীয় সমাজৰ প্ৰতি আগ্ৰহী হৈ পৰে আৰু বহুতো ক্ষেত্ৰভিত্তিক অধ্যয়ণ আৰম্ভ কৰে। একাগ্ৰ অনুসন্ধানৰ ফলত তেওঁ জনজাতীয় সমাজৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ গৱেষণামূলক প্ৰৱন্ধ লিখি উলিয়ায়- যিবোৰ ইংলণ্ডৰ আগশাৰীৰ গৱেষণামূলক আলোচনীত প্ৰকাশ পায়। তেওঁ মূলত ওৰাং (Orang), মুণ্ডা (Munda) আৰু খাৰীয়া (Kharia) জনগোষ্ঠীৰ বিষয়ে অধ্যয়ন কৰিছিল। ১৯২২ চনত ৰয়ে ‘Man in India’ নামৰ আলোচনীখনৰ প্ৰকাশ আৰম্ভ কৰে- যিখন বৰ্তমানেও প্ৰকাশ হৈ আছে।

আয়াৰ আৰু ৰয়ে যেতিয়া ভাৰতত নৃ-তত্ব বিজ্ঞানৰ অধ্যয়ন আৰম্ভ কৰিছিল তেতিয়া এই বিষয়টো আগবঢ়াই নিবলৈ ভাৰতত কোনো অনুষ্ঠান নাছিল। বহুতো সীমাবদ্ধতাৰ মাজেৰে তেওঁলোকে এই কাম আগবঢ়াই নিবলগীয়া হৈছিল।

৯। ভাৰতৰ জনজাতীয় সম্প্ৰদায় সম্বন্ধে ঘূৰীৰ ভাবধাৰা কেনে আছিল ? আলোচনা কৰা।

উত্তৰ :- বহুতো ইংৰাজ শাসক আৰু নৃ-তত্ববিদে ভাৰতৰ জনজাতি সমূহক হিন্দুধৰ্মৰ মূলসূতিৰ পৰা বহু আতৰত, স্বকীয় সাংস্কৃতিক বৈশিষ্ট্যৰে পৰিপূৰ্ণ আদিবাসী বুলি ভাবিছিল। তেওঁলোকৰ মতে হিন্দু সমাজ, সংস্কৃতিৰ সংস্পৰ্শলৈ আহি জনজাতি সকল শোষিত হৈছে আৰু তেওঁলোকৰ নিজা সংস্কৃতিৰ অৱনতি ঘটিছে। তেওঁলোকে ভাবিছিল যে ভাৰতত জনজাতি সকলক হিন্দু ধৰ্মত চামিল হ’বলৈ হেচা প্ৰয়োগ কৰা হৈছে আৰু সেয়েহে ৰাষ্ট্ৰই জনজাতি সকলৰ সংস্কৃতিক সুৰক্ষা দিব লাগে।

ইয়াৰ বিপৰীতে জাতীয় চেতনাৰ উদ্বুদ্ধ আৰু ভাৰতীয় সমাজ সংস্কৃতিৰ আধুনিকীকৰণ তথা জাতীয় ঐক্য প্ৰতিষ্ঠাত বিশ্বাসী জাতিয়তাবাদী সকলে এই যুক্তি মানিলোৱা নাছিল। তেওঁলোকৰ মতে হিন্দু ধৰ্মৰো ভালেমান বৈশিষ্ট্য পিছপৰা সংস্কৃতিৰেই অন্তৰ্গত- যিবোৰৰ সংস্কাৰ অতি জৰুৰী। সেয়েহে জাতীয়তাবাদী সকলে জনজাতি সকলকো হিন্দু সকলৰ সৈতে একে গণ্ডীত ৰাখি তেওঁলোককো উন্নতিৰ পথলৈ আগবঢ়াই নিব লাগে বুলি ভাবিছিল। ঘূৰী হৈ পৰিছিল ভাৰতৰ জাতীয়তাবাদী মনোভাৱৰ ধ্বজাবাহক। ঘূৰীয়ে ভাৰতৰ জনজাতিসকলক পৃথক সাংস্কৃতিক গোট বুলি ভবাতকৈ ‘পিছপৰা হিন্দু’ (Backward Hindu) বুলি পৰিচিত হোৱাটো বিচাৰিছিল। বিভিন্ন জনজাতীয় সংস্কৃতিৰ ৰূপৰেখা দাঙি ধৰি তেওঁ কৈছিল যে আৱহমান কালৰে পৰা জনজাতি লোকসকলৰ হিন্দু ধৰ্মৰ লগত ভাৱ বিনিময় তথা আন্ত:ক্ৰিয়া চলি আহিছে। পাৰ্থক্য মাথো এয়ে যে অন্য সম্প্ৰদায়বোৰ যি দৰে সমন্বয়ৰ গতিৰে আগবাঢ়িছে, জনজাতিসকল এই ক্ষেত্ৰত কিছু পিছপৰি আছে। আনহাতে জনজাতি সকলৰ ৰক্ষণা-বেক্ষণ দিয়াৰ সমৰ্থনকাৰী (Protectionist) সকলে ভাবিছিল যে সমিলীকৰণ (assimilation) ৰ যোগেদি জনজাতিসকল অধিক শোষিত হ’ব। কিন্তু ঘূৰীয়ে যুক্তি দিছিল যে এনেধৰণৰ প্ৰতিকূল ফলাফল কেৱল জনজাতি সমাজতে নপৰে, বৰং পিছপৰা অন্যান্য সমাজবোৰতো পৰে। সামাজিক প্ৰগতিৰ বাটত এনে বাধা থাকেই।

এনেদৰে ঘূৰীয়ে ভাৰতীয় জনজাতি সকলক হিন্দুধৰ্মৰ পৰা পৃথক সাংস্কৃতিক গোট হিচাপে দিব বিচৰা পৰিচয়ৰ বিৰোধ কৰি, তেওঁলোক যে বৃহত্তৰ হিন্দু সমাজৰে এটা অংশ সেইটো প্ৰমাণ কৰিছিল।

১০। জাতি আৰু প্ৰজাতি সম্বন্ধে ঘূৰীৰ চিন্তাধাৰা কেনে ?

                                অথবা

ভাৰতবৰ্ষৰ জাতি আৰু প্ৰজাতিসমূহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে হাবাৰ্টে ৰিজলী আৰ জি এছ ঘূৰীয়ে কেনেদৰে বক্তব্য আগবঢ়াইছে, আলোচনা কৰা।

উত্তৰ :- ইংৰাজ ঔপনিবেশিক শাসক হাবাৰ্টে ৰিজলীৰ মতে প্ৰজাতিৰ বিভিন্ন ভাগবোৰৰ উৎপত্তি আৰু ক্ৰমবিকাশ অধ্যয়ন কৰিবৰ বাবে ভাৰতবৰ্ষ হ’ল এক অদ্বিতীয় – গৱেষণাগাৰৰ লেখীয়া। তেওঁ যুক্তি দিছিল যে ভাৰতত যুগ যুগ ধৰি চলি অহা জাতি (caste) ব্যৱস্থাই ভিন ভিন গোটৰ মাজত আন্ত:বিবাহক বাধা দি আহিছে- যাৰ ফলত কেৱল ভাৰততহে প্ৰজাতীয় বিশুদ্ধতা (Racial Purity) পাব পাৰি। তেওঁৰ অন্য এক যুক্তি আছিল যে প্ৰজাতিয়ে (Race) জাতিৰ উৎপত্তি কৰিছে। কিয়নো ভিন ভিন জাতিৰ মাজত প্ৰজাতিৰ নিৰ্দিষ্ট গুণবোৰ দেখা পোৱা যায়। সাধাৰণতে উচ্চ জাতিবোৰক ইন্দো-এৰিয়ান প্ৰজাতিৰ আৰু নিম্ন জাতিবোৰক অনাৰ্য জনজাতি, মংগোলয়দ আদি প্ৰজাতিৰ বুলি ধৰা হয়। নাকৰ দৈৰ্ঘ, লাওখোলাৰ আকৃতি আদিৰ ভিত্তিত মানুহৰ যি ধৰণে বিভাজন কৰিব পাৰি, সেই আধাৰতে ৰিজলীয়ে ক’ব বিচাৰিছিল যে সমাজৰ নিম্নজাতৰ লোকসকলেই ভাৰতৰ আদিম বাসিন্দা আছিল আৰু ভাৰতৰ বাহিৰৰ পৰা অহা আৰ্যসকলে তেওঁলোকক বশীভূত কৰি ৰাখিছিল।

ৰিজলীৰ এই মতবাদক ঘূৰীয়ে আংশিক ভাবেহে মানি লৈছিল। ঘূৰীৰ মতে আৰ্য প্ৰজাতিৰ পৰা উচ্চ জাতি আৰু অনাৰ্য প্ৰজাতিৰ পৰা নিম্নজাতি সৃষ্টি হোৱা ধাৰণাতো কেৱল উত্তৰ ভাৰততহে প্ৰযোজ্য। কাৰণ আন্ত:বিবাহক বাধা দি প্ৰজাতিয় বিশুদ্ধতা বৰ্তাই ৰখা ব্যৱস্থাটো কেৱল উত্তৰ ভাৰততহে দেখা পোৱা যায়। ভাৰতৰ বাকী অংশত বিভিন্ন প্ৰজাতিবোৰ বহু আগৰে পৰা সমিল মিলেৰে বসবাস কৰি আহিছে- যাৰ বাবে নাকৰ দৈৰ্ঘ, লাওখোলাৰ আকাৰ আদি নৃ-তত্বমানৰ নিৰিখেৰে গোটবোৰৰ মাজৰ ব্যৱধান পদ্ধতিগতভাৱে পাব নোৱাৰি।

১১। ঘূৰীয়ে জাতিৰ কি কি বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিছিল ?

উত্তৰ :- জি. এছ. ঘূৰীৰ মতে বৰ্তমান সময়ত জাতি ব্যৱস্থাৰ ধাৰণাতো প্ৰজাতীয় সিদ্ধান্তৰ আধাৰত মানি ল’ব নোৱাৰি। সেয়েহে তেওঁ জাতিৰ এটা সৰ্বাত্মক সংজ্ঞা দিবলৈ লৈ জাতিৰ ৬ টা বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰিছিল। সেইবোৰ হ’ল-

(ক) জাতি হৈছে মানৱ সমাজৰ কিছুমান খন্দ খন্দ বিভাজনৰ আধাৰত গঢ় লোৱা কিছুমান সংস্থা যিবোৰ পৰস্পৰ পৃথক আৰু বন্ধ অৱস্থাত থাকে। বন্ধ অৱস্থাত থকাৰ অৰ্থ হ’ল যে জাতি জন্ম-আধাৰিত বা জাতিৰ পৰিচয় জন্মসূত্ৰে নিৰ্ধাৰিত হয়।

(খ) জাতি ভিত্তিক সমাজবোৰৰ আধাৰ হৈছে পদানুক্ৰমিক বিভাজন। অৰ্থাৎ প্ৰতিটো জাতিয়েই হয় আনটোতকৈ উচ্চ নহয় আনটোতকৈ নিম্ন। কোনো দুটা জাতি কেতিয়াও সমান নহয়। 

(গ) জাতীয়ে সামাজিক আদান-প্ৰদানত, বিশেষকৈ খোৱা-বোৱাৰ ক্ষেত্ৰত কিছুমান বাধা নিষেধ মানি চলে।

(ঘ) পদানুক্ৰমিক ভাবধাৰা আৰু সামাজিক আদান-প্ৰদানত মানি চলা প্ৰতিৱন্ধকতাৰ বাবে জাতিবোৰ মাজত বিভিন্ন প্ৰকাৰৰ অধিকাৰ আৰু কৰ্তব্য পালনৰ প্ৰচলন থাকে।

(ঙ) জাতি ব্যৱস্থাই বৃত্তি (occupation) গ্ৰহণত বাধা নিষেধ আৰোপ কৰে। কোনবোৰ বৃত্তি কোন জাতিয়ে ল’ব পাৰে সেয়া জন্মসূত্ৰে নিৰ্ধাৰিত হয় আৰু বংশানুক্ৰমিক ভাৱে চলি থাকে।

(চ) বিবাহৰ লগত জাতি ব্যৱস্থা কঠোৰভাৱে জড়িত। কিছুমান জাতিয়ে অন্ত:বিবাহ প্ৰথা মানে আৰু কিছুমান জাতিয়ে বহি:বিবাহ প্ৰথাও মানে।

ঘূৰীয়ে আগবঢ়োৱা জাতি ব্যৱস্থাৰ উপৰোক্ত- বৈশিষ্ট্যখিনিয়ে জাতি ব্যৱস্থা পদ্ধতিগতভাৱে অধ্যয়ন কৰাত সহায় কৰে।

১১। ভি. পি. মুখাৰ্জীয়ে জীৱন্ত পৰম্পৰা মানে কি পৰম্পৰাক বুজাব খুজিছে ? তেওঁৰ মতে কিয় ভাৰতীয় সমাজতত্ববিদসকল এই ধৰণৰ পৰম্পৰাৰ সৈতে একাত্ম হ’ব লাগে ?

উত্তৰ :- ভি. পি. মুখাৰ্জীৰ মতে নতুন আৰু পুৰণিৰ সংমিশ্ৰণ। জীৱন্ত পৰম্পৰাই অতীতৰ লগত যোগসূত্ৰ ৰক্ষা কৰি অতীতৰ পৰা কিছুমান গ্ৰহণ কৰে আৰু একে সময়তে নতুনকো আদৰি লৈ নতুনৰ পৰাও গ্ৰহণ কৰে।

তেওঁৰ মতে ভাৰতীয় সমাজতত্ববিদসকলে ভাৰতৰ সামাজিক পৰম্পৰাক জানিব লাগিব। তেওঁৰ মতে পৰম্পৰাই কেৱল অতীতক জনাটো নুবুজায়। পৰম্পৰাই সদায় অতীতক আকোৱালি লৈ থাকে আৰু একে সময়তে বৰ্তমানৰ লগতো সামঞ্জস্য ৰাখে। তেওঁ পশ্চিমীয়া আমদানিকৃত ভাৱধাৰাবোৰক সমালোচনা কৰিছিল। তেওঁৰ মতে আধুনিকতা গ্ৰহণ কৰিব লাগে কিন্তু অন্ধভাবে ল’ব নালাগে। সেইদৰে আমি পৰম্পৰাক শ্ৰদ্ধা ভক্তিৰে পূজা কৰিব নালাগে, কিন্তু উপলুঙা কৰি দলিয়াই পেলাবও নালাগে। তেওঁ বিশ্লেষণাত্মক মনোভাৱেৰে পৰম্পৰাক আদৰি লৈ গৌৰৱবোধ কৰিছিল আৰু সকলো ভাৰতীয় সমাজতাত্বিকক বিশ্লেষণাত্মক দৃষ্টিভংগীৰে পৰম্পৰাক অধ্যয়ণ কৰিবলৈ আহ্বান জনাইছিল।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সমাজ সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক
Chapter 2প্ৰাথমিক অৱধাৰণা
Chapter 3 সামাজিক সংস্থা
Chapter 4সমাজ আৰু সংস্কৃতি
Chapter 5ব্যৱহাৰিক সমাজতত্ব গৱেষণা পদ্ধতি আৰু কৌশল
Unit 2দ্বিতীয় খণ্ড
Chapter 1সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া
Chapter 2 সামাজিক পৰিৱৰ্তন
Chapter 3পৰিৱেশ আৰু সমাজ
Chapter 4পাশ্চাত্য সমাজতত্ত্ববিদসকল-এক পৰিচয়
Chapter 5ভাৰতীয় সমাজতত্ত্ববিদসকলৰ এক পৰিচয়

১২। ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ বিশেষত্ব সমূহ কি কি ? সেইবোৰে কেনেকৈ পৰিৱৰ্তনৰ আৰ্হিত প্ৰভাৱ পেলায় ?

উত্তৰ :- ভাৰতীয় সমাজতত্ববিদ ভি.পি. মুখাৰ্জীৰ মতে ভাৰতৰ সমাজব্যৱস্থাই ভাৰতৰ প্ৰধান বৈশিষ্ট্যসমূহ নিৰ্ণয় কৰি আহিছে। তেওঁৰ মতে পশ্চিমীয়া দেশৰ তুলনাত ভাৰতৰ ইতিহাস চৰ্চা, ৰাজনীতি তথা অৰ্থনীতি তুলনামূলকভাৱে পিছপৰা যদিও ভাৰতৰ সামাজিক পৰিধিবোৰ অধিক উন্নত গতিত আগবঢ়া। ভি. পি. মুখাৰ্জীৰ মতে ভাৰতৰ সমাজ সংস্কৃতিৰ কিছুমান বিশেষত্ব আছে। সেইবোৰ হ’ল- 

(ক) পশ্চিমীয়া সমাজৰ দৰে ভাৰতৰ সমাজ আৰু সংস্কৃতি কেতিয়াও ব্যক্তিকেন্দ্ৰীক নহয়। প্ৰায়বোৰ ভাৰতীয়ৰ চিন্তা-চৰ্চা আৰু আশা-আকাংক্ষাবোৰ তেওঁলোকৰ গোটৰ সামাজিক-সাংস্কৃতিক ভাবাদৰ্শনৰ লগত একাকাৰ হৈ থাকে। ভাৰতীয় সমাজব্যৱস্থা মূলত গোট বা সমূহ (Group) ধৰ্মীয় উপ সম্প্ৰদায় (Sect) বা জাতি (caste) ৰ দ্বাৰা নিৰ্ণয় হয়, কোনো ব্যক্তিৰ স্ব-ইচ্ছা বা কৰ্মৰ পৰা নহয় বাবে ভাৰতীয় সমাজবোৰ ব্যক্তিকেন্দ্ৰীক নহয়।

(খ) প্ৰত্যেক সমাজত পৰিৱৰ্তনৰ আভ্যন্তৰীণ আৰু বাহ্যিক উৎস থাকে। ভি. পি. ৰ মতে পশ্চিমীয়া সমাজত পৰিৱৰ্তনৰ আভ্যন্তৰীণ উৎস হৈছে ইয়াৰ অৰ্থনীতি। অৰ্থনৈতিক ব্যৱস্থাৰ ভিত্তিত সৃষ্টি হোৱা সামাজিক শ্ৰেণীবোৰেই এই সমাজবোৰৰ পৰিৱৰ্তনৰ মূল কাৰক। কিন্তু ভাৰতীয় সমাজত শ্ৰেণীৰ তুলনাত জাতিৰ প্ৰাসংগিকতা বেছি। ভাৰতীয় সমাজত শ্ৰেণী সংঘষক জাতি ব্যৱস্থাইহে চলাই নিছিল।ভাৰতীয় সমাজ সংস্কৃতিৰ এই বিশেষত্ব বিলাকে সমাজৰ পৰিৱৰ্তনৰ আৰ্হিত প্ৰভাৱ পেলায়। ভি.পি. ৰ মতে ভাৰতীয় সমাজত পৰিৱৰ্তনৰ তিনিটা প্ৰধান সূত্ৰ আছিল- শ্ৰুতি, স্মৃতি আৰু অনুভৱ। তেওঁৰ মতে ভাৰতীয় সমাজত ব্যক্তিগত অনুভৱ অতি সহজেই সামূহিক অনুভৱলৈ পৰিৱৰ্তিত হয় আৰু গোটৰ সামূহিক অনুভৱেই হৈছে ভাৰতীয় সমাজত পৰিৱৰ্তনৰ গুৰুত্বপুৰ্ণ সিদ্ধান্ত। গোটৰ সামূহিক অনুভৱ এক প্ৰকাৰৰ উচ্চ পৰ্যায়ৰ পৰম্পৰা- যিবোৰ শ্ৰুতি আৰু স্মৃতিত কেন্দ্ৰীভূত হয়। কিন্তু পৰম্পৰাক কেতিয়াবা কোনো গোটে প্ৰত্যাহ্বান জনায়। ভি.পি. ৰ মতে ভাৰতৰ ভক্তি আন্দোলন এনে প্ৰত্যাহ্বানৰ উদাহৰণ।মুখাৰ্জীৰ মতে ভাৰতৰ সমাজ সংস্কৃতিত সংঘষ আৰু বিদ্ৰোহৰ সূত্ৰপাত সামূহিক অনুভৱৰ আধাৰতেই আগবাঢ়ে। তেওঁৰ মতে পৰম্পৰাৰ এটা স্থিতিস্থাপকতা গুণ থাকে আৰু ভাৰতীয় সমাজত থকা পৰম্পৰাই সংঘষক ধ্বংস হ’বলৈ নিদিয়ে। 

সেইবাবেই ভাৰতীয় সমাজত প্ৰভাৱশালী ধৰ্মীয় দৰ্শনৰ পুনঃ পুনঃ আবিৰ্ভাৱ হৈ থাকে। এই আবিৰ্ভাৱক জনপ্ৰিয় আন্দোলনবোৰ পুনৰ প্ৰত্যাহ্বান জনায়। ফলস্বৰূপে গোড়া ধৰ্মীয় দৰ্শনেও ইয়াৰ দিশ সলনি কৰিবলৈ সুবিধা পায়। এইদৰে পৰম্পৰাই পৰিৱৰ্তিত গুণেৰে পুনৰ উদ্ভাসিত হোৱাৰ পথ বিচাৰি পায়।এনেদৰে ভাৰতীয় সমাজ সংস্কৃতিয়ে পৰিৱৰ্তনৰ আৰ্হিক প্ৰভাৱিত কৰে।

১৩। কল্যানকামী ৰাষ্ট্ৰ মানে কি ? এ. আৰ. দেশায়ে কিয় কল্যানকামী ৰাষ্ট্ৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে ?

উত্তৰ :- এ. আৰ. দেশায়ে তেওঁৰ ‘The myth of welfare state’ নামৰ গ্ৰন্থখনত কল্যাণকামী ৰাষ্ট্ৰৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰাৰ লগতে ইয়াৰ ক্ৰুটি সমূহ স্পষ্টৰূপত প্ৰকাশ কৰিছে। দেশাইৰ মতে কল্যাণকামী ৰাষ্ট্ৰৰ বৈশিষ্ট্যসমূহ হ’ল- 

(ক) কল্যাণকামী ৰাষ্ট্ৰ হৈছে সদৰ্থক ৰাষ্ট্ৰ (positive state)। অৰ্থাৎ কল্যাণকামী ৰাষ্ট্ৰই কেৱল আইন শৃংখলা ৰক্ষাৰ দৰে নূন্যতম কাম খিনিয়েই নকৰে। বৰং সমাজৰ উন্নতিৰ বাবে ভিন্ন ভিন্ন সামাজিক নীতিসমূহ ৰূপায়ণৰ বাবে বিবেচিত শক্তি প্ৰয়োগ কৰে।

(খ) কল্যাণকামী ৰাষ্ট্ৰ হৈছে গণতান্ত্ৰিক ৰাষ্ট্ৰ। মুক্ত নিৰ্বাচন, বহুদলীয় ব্যৱস্থা, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ আদি ব্যৱস্থাৰ দ্বাৰা গণতান্ত্ৰিক ব্যৱস্থাটো চলি থাকে।

(গ)  কল্যাণকামী ৰাষ্ট্ৰৰ লগত মিশ্ৰ অৰ্থনীতিৰ ধাৰণাটো জড়িত। মিশ্ৰ অৰ্থনীতি হ’ল এনে ব্যৱস্থা য’ত বেচৰকাৰী পুজিবাদী আৰু চৰকাৰী বা ৰাজহুৱা স্বতাধিকাৰ একেলগে চলি থাকে।এ.আৰ. দেশাইৰ মতে এখন কল্যাণকামী ৰাষ্ট্ৰত উপৰোক্ত বৈশিষ্ট্যসমূহ দেখা পোৱা যায়। দেশায়ে কল্যাণকামী ৰাষ্ট্ৰৰ কাৰ্যকলাপ সম্বন্ধে কিছুমান প্ৰশ্ন উখাপন কৰিছে। সেইবোৰ হ’ল- 

(ক) কল্যাণকামী ৰাষ্ট্ৰই জনগণক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিব বা সামাজিক বিভাজনৰ পৰা মুক্ত কৰি সকলো নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিব পাৰেনে ?

(খ) কল্যাণকামী ৰাষ্ট্ৰই মূল্যবৃদ্ধি আৰু হতাশগ্ৰস্ত চক্ৰৰ পৰা স্বতন্ত্ৰতা প্ৰদান কৰি স্থায়ী বিকাশ সাধন কৰিব পাৰেনে ?

(গ) কল্যাণকামী ৰাষ্ট্ৰই সকলোকে নিযুক্তি প্ৰদান কৰিব পাৰেনে ?

দেশায়ে এই প্ৰশ্নসমূহৰ পৰিপ্ৰেক্ষিতত ইংলেণ্ড, আমেৰিকাকে আদি কৰি কল্যাণকামী দেশ সমূহৰ কাৰ্যাৱলী পৰীক্ষা কৰি এই সিদ্ধান্তত উপনীত হয় যে এনে প্ৰায়বোৰ দেশে নাগৰিকৰ নূন্যতম অৰ্থনৈতিক আৰু সামাজিক সুৰক্ষাও প্ৰদান কৰিব পৰা নাই। এনে দেশ সমূহৰ অৰ্থনৈতিক অসমতা কমক চাৰি বাঢ়িছেহে। এই তথাকথিত কল্যাণকামী ৰাষ্ট্ৰবোৰে স্থিৰ বিকাশক বজাৰৰ উখান পতনৰ পৰা মুক্ত কৰিব পৰা নাই। নিবনুৱা সমস্যাৰোধ কৰিব নোৱাৰাটোও এনে কল্যাণকামী ৰাষ্ট্ৰসমূহৰ আন এক বিফলতা। দেশাইৰ মতে কল্যাণকামী ৰাষ্ট্ৰসমূহৰ দাবী বহুলাংশে অতিৰঞ্জিত আৰু কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাও বহুক্ষেত্ৰত কাল্পনিকহে মাত্ৰ।

১৪। এম.এন. শ্ৰীনিবাস আৰু লুইচ ভুমন্তে গাৱক সমাজতাত্বিক গৱেষণাৰ বিষয়বস্তু হিচাপে লোৱাৰ সপক্ষে আৰু বিপক্ষে কেনে ধৰণৰ মত প্ৰকাশ কৰিছে ?

উত্তৰ :- শ্ৰীনিবাসৰ জীৱনজোৰা অধ্যয়নৰ কেন্দ্ৰবিন্দু আছিল ভাৰতীয় গাঁও তথা গ্ৰাম্য সমাজব্যৱস্থা। তেওঁ গাৱক সামাজিক বিশ্লেষণৰ এটা গোট হিচাপে ধৰিছিল। কিন্তু সেই সময়ৰ বহুতো সমাজতাত্বিকে গাৱক সমাজতাত্বিক বিশ্লেষণৰ গোট হিচাপে মানি লোৱা নাছিল। Louis Dumont ৰ দৰে নৃ-তত্ববিদে গাৱতকৈ জাতিহে সমাজতাত্বিক বিশ্লেষণৰ গোট হোৱা উচিত বুলি মন্তব্য কৰিছিল। তেওঁৰ মতে কোনো বিশেষ এলেকাত একেলগে বসবাস কৰা জনসংখ্যাই গাঁও আৰু এনে গাও সৃষ্টি হ’ব পাৰে, নি:শ্চিহ্ন হৈ যাব পাৰে আৰু কেতিয়াবা এখন গাঁৱৰ মানুহ আন এখন গাৱলৈ গুচি যাবও পাৰে। সেয়েহে গাঁৱৰ তুলনাত জাতি বা ধৰ্মৰ দৰে সংস্থাবোৰ স্থায়ী। ব্যক্তি য’লৈকে নাযাওঁক কিয় জাতিৰ দৰে সংস্থাবোৰ তেওঁলোকৰ লগত থাকে। এই যুক্তিৰ আধাৰত লুইচ ডুমন্তে গাৱক সমাজতাত্বিক বিশ্লেষণৰ আধাৰ বুলি মানি ল’ব খোজা নাছিল।

লুইচ ডুমন্তৰ এনে মতৰ বিপৰীতে M.N. Srinivas য়ে গাওঁবোৰ ভাৰতৰ সামাজিক ঐক্য সংহতিৰ প্ৰধানবাহক বুলি ভাবিছিল। তেওঁ গাৱক এটা সামাজিক সত্বা বুলি ভাবিছিল। শ্ৰীনিবাসে ব্ৰিটিছ প্ৰশাসক নৃ-তত্ববিদসকলক সমালোচনা কৰিছিল- যি সকলে গাৱক এক অপৰিৱৰ্তনীয়, স্বনিৰ্ভৰশীল গোট বুলি ভাবিছিল। ঐতিহাসিক আৰু সমাজতাত্বিক তথ্যৰ আধাৰত শ্ৰীনিবাসে প্ৰমাণ কৰিছিল যে গাওবোৰ অপৰিৱৰ্তনীয় স্বভাৱৰ নহয়। বৰং ভাৰতৰ গাওবোৰে, লেখত ল’বলগীয়া পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ কৰিছে। তেওঁৰ মতে ভাৰতৰ গাওবোৰ কেতিয়াও স্ব-নিৰ্ভৰশীল নাছিল। বৰঞ্চ গাওবোৰ বৃহৎ আঞ্চলিক পৰ্যায়ৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰবোৰৰ লগত সাঙোৰ খাই আছিল। 

এইবোৰ যুক্তিৰ আধাৰত শ্ৰীনিবাসে গাৱক সমাজতাত্বিক বিশ্লেষণৰ একক হিচাপে গণ্য কৰিব বিচাৰিছিল।

১৫। ভাৰতীয় সমাজতত্বৰ ইতিহাসত গাওঁ অধ্যয়নৰ তাৎপৰ্য ব্যাখ্যা কৰা। এইক্ষেত্ৰত শ্ৰীনিবাসৰ ভূমিকা কেনে ?

উত্তৰ :- গৱেষণাৰ বিশেষ ঠাই ৰূপে গাওবোৰে ভাৰতীয় সমাজতত্বত বহু সুবিধা আগবঢ়াইছে। নৃজাতীয় গৱেষণা পদ্ধতিবোৰ আগুৱাই নিয়াত গাওঁ অধ্যয়নে বিশেষভাৱে সহায় কৰে। স্বাধীন ভাৰতত হোৱা পৰিৱৰ্তনৰ চাক্ষুস দৃষ্টান্ত গাঁৱৰ জৰিয়তে পাব পাৰি। গাঁৱৰ বিস্তৃত অধ্যয়নৰ ফলত দেশৰ নীতি নিৰ্ধাৰণকাৰীসকলে উন্নয়নমূলক নীতি গ্ৰহণৰ ক্ষেত্ৰতো সুবিধা হৈছে।

ভাৰতীয় সমাজতত্বত গাওঁ অধ্যয়ন আৰম্ভ কৰে বিশিষ্ট সমাজতত্ববিদ এম. এন. শ্ৰীনিবাসে। ইয়াৰ পূৰ্বে জাতি, জনজাতি আদিহে ভাৰতীয় সমাজতত্বত বিশ্লেষণৰ কেন্দ্ৰবিন্দু আছিল। শ্ৰীনিবাস তেওঁৰ লিখনিত গাৱক এক অৱধাৰণা হিচাপে উখাপন কৰিছিল। তেৱেঁই পোনপ্ৰথমে গাৱক সমাজতাত্বিক বিশ্লেষণৰ গোট হিচাপে স্বীকৃতি দিয়ে। সেই সময়ৰ বহুতো সমাজতাত্বিকে গাৱক সামাজিক বিশ্লেষণৰ গোট হিচাপে মানি লোৱা নাছিল। লুইচ ডুমন্তকে আদি কৰি শ্ৰীনিবাসে তেনে সকলো সমাজতাত্বিকৰ বিৰোধীতা কৰিছিল যি সকলে গাঁৱক অপৰিৱৰ্তনীয় আৰু স্ব-নিৰ্ভৰশীল বুলিছিল। তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল যে গাওঁ কেৱল কেইঘৰমান মানুহৰ সমষ্টি নহয়, বৰং ভাৰতৰ সামাজিক ঐক্য সংহতিৰ প্ৰধান বাহক হৈছে গাওবোৰ। এই গাওবোৰে বহুতো পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ কৰিছে। তেওঁৰ মতে ভাৰতীয় গাওঁ কেতিয়াও স্ব-নিৰ্ভৰশীল নাছিল। বৰঞ্চ বৃহৎ  আঞ্চলিক পৰ্যায়ৰ আৰ্থিক সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰবোৰৰ লগত সাঙুৰ খাই আছিল।

এইবিলাক যুক্তিৰ আধাৰতে শ্ৰীনিবাসে গাৱক সমাজতাত্বিক বিশ্লেষণৰ একক হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ প্ৰচেষ্টাৰ ফলতে ভাৰতীয় সমাজতাত্বিক অধ্যয়নত গাওঁবোৰে গুৰুত্বপূৰ্ণ স্থান পাবলৈ সক্ষম হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top