Class 11 Sociology Chapter 2 প্ৰাথমিক অৱধাৰণা

Class 11 Sociology Chapter 2 প্ৰাথমিক অৱধাৰণা answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Sociology Chapter 2 প্ৰাথমিক অৱধাৰণা and select needs one.

Class 11 Sociology Chapter 2 প্ৰাথমিক অৱধাৰণা

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Sociology Chapter 2 প্ৰাথমিক অৱধাৰণা Solutions for All Subject, You can practice these here.

প্ৰাথমিক অৱধাৰণা

পাঠ: 2

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

১। একক পৰিয়াল কি ?

উত্তৰ :- একক পৰিয়াল সৰু পৰিয়াল য’ত স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ অবিবাহিত ল’ৰা-ছোৱালী বসবাস কৰে।

২। সামাজিক প্ৰতিমান কি ?

উত্তৰ :- সৰ্বসাধাৰণে বা সমূহৰ সদ্যস্যবৰ্গই আশা কৰা যিবোৰ আচৰণ বা কৰ্মৰ নীতি সেইবোৰক সামাজিক প্রতিমান বুলি কোৱা হয়।

৩। সামাজিক প্ৰমূল্য কি ?

উত্তৰ :- সামাজিক প্ৰমূল্যৰ অর্থ হ’ল, সমাজৰ সৰ্বসাধাৰণ মানুহে যিকোনো সামাজিক কাৰ্যকলাপ বা পদ্ধতিৰ উপকাৰিতা বা শুদ্ধতাৰ বিষয়ে থকা সামূহিক ধাৰণা।

৪। শুদ্ধ উত্তৰটো লিখা : 

“বিবাহ হৈছে এক প্ৰথা/ সংস্থা/ পৰম্পৰা”।

উত্তৰ :- বিবাহ হৈছে এক সংস্থা।

৫। প্ৰাথমিক সমূহৰ এটা উদাহৰণ লিখা।

উত্তৰ :- পৰিয়াল।

৬। দ্বিতীয়ক সমূহৰ এটা উদাহৰণ লিখা।

উত্তৰ :- ৰাজনৈতিক দল।

৭। “মুখা-মুখি সম্পৰ্ক” প্ৰাথমিক সমূহ নে দ্বিতীয়ক সমূহৰ গঠনৰ এটা প্ৰধান বৈশিষ্ট্য”।

উত্তৰ :- প্ৰাথমিক সমূহ।

৮। জন্মৰ জৰিয়তে লাভ কৰা প্ৰস্থিতিক কি বোলা হয় ?

উত্তৰ :- জন্ম-প্ৰদত্ত প্ৰস্থিতি।

৯। ব্যক্তিগত প্ৰচেষ্টাৰ জৰিয়তে লাভ কৰা প্ৰস্থিতিক কি বোলা হয় ?

উত্তৰ :- স্বলব্ধ প্ৰস্থিতি।

১০। ভূমিকা কি ?

উত্তৰ :- ভূমিকা হ’ল প্ৰস্থিতিৰ ফলস্বৰূপ। এক নিদিৰ্ষ্ট পদত অধিষ্ঠিত ব্যক্তিয়ে সেই পদৰ দায়িত্ব আৰু কৰ্তব্যসমূহ সুচাৰুৰূপে পালন কৰা কাৰ্যকে ভূমিকা বুলি কোৱা হয়।

১১। কাৰ্লমাৰ্ক্সে আগবঢ়োৱা প্ৰধান অৱধাৰণা দুটা কি ?

উত্তৰ :- কাৰ্লমাৰ্ক্সৰ মতে সমাজতত্ত্বৰ দুটা প্ৰধান অৱধাৰণা হৈছে : 

(ক) শ্ৰেণী আৰু

(খ) শ্ৰেণী সংঘৰ্ষ।

১২। প্ৰস্থিতি কি ? ই কেই প্ৰকাৰৰ ? 

উত্তৰ :- প্ৰস্থিতি হৈছে ভূমিকাৰ ভিত্তিত লাভ কৰা সামাজিক স্থান।

প্ৰস্থিতি দুই প্ৰকাৰৰ-

(ক) জন্ম প্ৰদত্ত প্ৰস্থিতি আৰু

(খ) স্ব-লব্ধ প্ৰস্থিতি।

১৩। ইমাইল দুৰখেইম আগবঢ়োৱা অৱধাৰণা দুটা কি ?

উত্তৰ :- ইমাইল দুৰখেইমে আগবঢ়োৱা অৱধাৰণা দুটা হ’ল : 

(ক) সামাজিক সংহতি আৰু 

(খ) সামাজিক বিবেক (Social Consসম্পৰ্কৈই

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। প্ৰাথমিক সমূহ কি ?

উত্তৰ :- প্ৰাথমিক সমূহ বুলিলে কম সংখ্যক বাহিৰে গঠিত এক ক্ষুদ্র সমূহক বুজায়- য’ত ব্যক্তি সকলৰ মাজত মুখা-মুখি তথা আন্তৰিকতাপূৰ্ণ সম্পৰ্ক থাকে। পৰিয়াল, গাওঁ আদি প্ৰাথমিক সমূহৰ উদাহৰণ।

২। দ্বিতীয়ক সমূহ কি ? 

উত্তৰ :- দ্বিতীয় সমূহ তুলনামূলক ভাৱে বৃহৎ আকাৰৰ। ই আনুষ্ঠানিক আৰু নৈৰ্বক্তিক সম্পৰ্কৰে গঠিত। পঢ়াশালি, চৰকাৰী কাৰ্যালয় চিকিৎসালয় আদি দ্বিতীয়ক সমূহৰ উদাহৰণ।

৩। অৱধাৰণা কি ?

উত্তৰ :- শিক্ষাৰ শাখা হিচাপে প্ৰতিটো বিষয়ৰ কিছুমান বিশেষ অৰ্থ থকা শব্দ-সম্ভাৰৰ বিকাশ ঘটে। সমাজতত্ত্বও ইয়াৰ ব্যতিক্ৰম নহয়। প্ৰাক্ আধুনিক যুগৰ পৰা আধুনিক যুগলৈ সমাজ জীৱনত যিবোৰ বিকাশ ঘটিছিল, সেই পৰিৱৰ্তনৰ প্ৰকৃতি উপযুক্ত ভাৱে চিত্ৰিত কৰিবলৈ সমাজবিজ্ঞানী সকলৰ চিন্তাত নতুন নতুন শব্দৰ উন্মেষ ঘটিছিল আৰু ইয়াৰ ফলশ্ৰুতিতেই বহুটো নতুন অৱধাৰণাই গঢ় লৈ উঠিছিল। এনে অৱধাৰণাবোৰ হৈছে মূলত সমাজক বুজি পাবৰ বাবে সমাজতত্ত্বই অৱলম্বন কৰা বিভিন্ন পন্থাস্বৰূপ। এই আৱধাৰণাবোৰ হৈছে সমাজক বুজি পোৱাৰ মূল চাবি-কাঠি।

৪। সংৰচনাত্মক কাৰ্যাত্মকবাদী দৃষ্টিভংগী কি ? 

উত্তৰ :- দ্বিতীয় মহাযুদ্ধৰ পিছৰ সময়ছোৱাত সমাজতত্ত্বত সংৰচনাত্মক কাৰ্যত্মকবাদী দৃষ্টিভংগীৰ বিশেষ প্ৰভাৱ পৰিছিল। তেওঁলোকৰ মতে সমাজ হৈছে মিলিজুলি থকা এক জনসমষ্টি। এই দৃষ্টিভংগীৰ সমৰ্থকসকলে সমাজক এটা জীৱদেহৰ লগত তুলনা কৰিছিল।যিদৰে জীৱদেহ এটাৰ বিভিন্ন অংগবোৰৰ মাজত থকা সু-সম্পৰ্কই জীৱ দেহটো জীয়াই ৰাখে, ইমাইল দুৰখেইম এই দৃষ্টিভংগীৰ মূখ্য পৃষ্ঠপোষক আছিল।

৫। সংঘৰ্ষ সিদ্ধান্ত কি ? 

উত্তৰ :- সংঘৰ্ষ সিদ্ধান্ত অনুসৰি সমাজ প্ৰকৃততে সংঘৰ্ষধৰ্মী। কাৰ্লমাৰ্ক্সৰ দ্বাৰা প্ৰভাৱিত সংঘৰ্ষ সিদ্ধান্তৰ চিন্তাবিদসকলৰ মতে সমাজৰ সকলো স্তৰতে সংঘৰ্ষৰ উপস্থিতি দেখা পোৱা যায়।

৬। সামাজিক সমূহ কি ? সামাজিক সমূহৰ বৈশিষ্ট্যবোৰ কি কি ? 

উত্তৰ :- সামাজিকসমূহে এনে এটা জনসমষ্টিক বুজায়, যি জনসমষ্টিৰ  ব্যক্তিসকলে পৰস্পৰৰ ক্ৰিয়া পক্ৰিয়াৰ প্ৰতি সচেতন হৈ তেওঁলোকৰ মাজতে কিছুমান অৰ্থপূৰ্ণ কাৰ্যকলাপ সম্পন্ন কৰি থাকে।

সামাজিক সমূহৰ বৈশিষ্ট্যসমূহ হ’ল- 

(ক) সমূহৰ সদস্যসকলৰ মাজত অৰ্থপূৰ্ণ সম্পৰ্ক থাকে।

(খ) এনে অৰ্থপূৰ্ণ সম্পৰ্কে নেৰানেপেৰাকৈ চলি থাকে।

(গ) সমূহৰ সদস্যসকলৰ মাজত আমি ভাব (Wefeeling) থাকে।

(ঘ) সমূহৰ সদ্স্যসকলে উমৈহতীয়া প্ৰতিমান আৰু মূল্যবোধ গ্ৰহণ কৰে।

(ঙ) সমূহৰ সংজ্ঞাকৰণ কৰিব পৰা সংৰচনা থাকে।

৭। প্ৰাথমিক আৰু দ্বিতীয় সমূহৰ মাজত পাৰ্থক্য লিখা।

উত্তৰ :- প্ৰাথমিক সমূহ আৰু দ্বিতীয়ক সমূহৰ মাজত থকা কিছুমান পাৰ্থক্য তলত দিয়া ধৰণে আলোচনা উল্লেখ কৰিব পাৰি –

(ক) প্ৰাথমিক সমূহৰ আকাৰ সৰু, দ্বিতীয়ক সমূহ বৃহৎ আকৃতিৰ প্ৰাথমিক সমূহৰ আকাৰ সাধাৰণতে কম সংখ্যক সদস্যৰেই গঠিত হয়। যেনে :- পৰিয়াল। আনহাতে, দ্বিতীয়ক সমূহৰ সদ্স্য সংখ্যা সৰহ হোৱা দেখা যায়। কোনো এটা সংঘ বা সমিতিত পৰিয়ালৰ তুলনাত অধিক সদস্য অন্তৰ্ভুক্ত হৈ থাকিব পাৰে।

(খ) প্ৰাথমিক, সমূহৰ সদস্যসকলৰ সম্পৰ্কক ‘মুখামুখি’ সম্পৰ্কৰ আখ্যা দিয়া হৈছে। কাৰণ, ইয়াৰ সদস্যসকলে ভৌতিক সান্নিধ্য লাভ কৰাৰ সুবিধা আছে। আনহাতে দ্বিতীয়ক সমূহৰ সদস্যসকলক আনুষ্ঠানিক সম্পৰ্কই সমবেত কৰে।

(গ) প্ৰাথমিক সমূহৰ সদস্যসকলৰ সামুহিক স্বাৰ্থ পুৰণৰ বাবে সজাগ। আনহাতে, দ্বিতীয়ক সমূহৰ সদস্যসকলৰ মাজত ব্যক্তি স্বাৰ্থত নিহিত হৈ থাকে।

(ঘ) প্ৰাথমিক সমূহৰ সদস্যসকলৰ সামাজিক প্ৰস্থিতি সাধাৰণতে বয়স আৰু জন্মৰ ওপৰত নিৰ্ভৰশীল। এই ক্ষেত্ৰত ব্যক্তিৰ ভূমিকাই বিশেষ প্ৰাধান্য লাভ কৰা দেখা নাযায়। আনহাতে, দ্বিতীয়ক সমূহৰ সদস্যসকলৰ প্ৰস্থিতি পোনপটীয়াভাৱে ব্যক্তিৰ ভূমিকাৰ ওপৰতে নিৰ্ভৰ কৰে।

৮। অন্ত:সমূহ কি ? অন্ত:সমূহৰ উদাহৰণ দিয়া।

উত্তৰ :- মানুহে যেতিয়া কিছুমান নিৰ্দিষ্ট সমূহৰ লগত সংগতি ৰাখি নিজকে পৰিচয় দিয়ে তেনে সমূহক অন্ত:সমূহ বোলা হয়। আমি আমাৰ বা নিজৰ বুলি ভবা মনোভাবেই অন্ত:সমূহ গঢ়ি উঠাৰ মূল ভিত্তি। এদল ছাত্ৰই যেতিয়া তেওঁলোকে পঢ়া বিদ্যালয় খনৰ ছাত্র ৰূপে পৰিচয় দিয়ে তেতিয়া এটা অন্ত:সমূহ গঢ়ি উঠে।

৯। বহি:সমূহ কি ? বহি:সমূহৰ উদাহৰণ দিয়া।

উত্তৰ :- যি সকল অন্ত:সমূহৰ সদস্য নহয় তেওঁলোকেই বহি: সমূহৰ সদস্য। অণ্ড:সমূহ আমি ভাবৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ বিপৰীতে বহি:সমূহ সিহঁত ভাবৰ দ্বাৰা প্ৰভাৱিত। উদাহৰণস্বৰূপে আমি ভাৰতীয় এইটো অন্ত:সমূহৰ উদাহৰণ হোৱাৰ বিপৰীতে সিহঁত আমেৰিকান বহি:সমূহৰ উদাহৰণ।

১০। প্ৰসংগসমূহ কি ? উদাহৰণ দিয়া।

উত্তৰ :- প্ৰসংগসমূহক অনুকৰণীয়সমূহ বুলিব পাৰি। যেতিয়া কোনো এটা সমূহে আন এটা সমূহৰ আদৰ্শ আগত ৰাখি নিজৰ সমূহৰ মানদণ্ড উন্মত কৰিবলৈ চেষ্টা কৰে তেতিয়া অনুকৰণীয় সমূহটো আন আন সমূহৰ বাবে প্ৰসংগ সমূহ হৈ পৰে।

ইংৰাজ শাসনৰ সময়ত বহুতো মধ্যবিত্ত ভাৰতীয়ই ইংৰাজৰ জীৱনধাৰণ পদ্ধতি, আচাৰ-ব্যৱহাৰ আদি অনুকৰণ কৰিবলৈ চেষ্টা কৰিছিল। এই অৰ্থত আকাংক্ষিত ব্যক্তিসকলৰ বাবে ইংৰাজসকল প্ৰসংগসমূহ আছিল।

১১। সমনীয়া সমূহ কি ? 

উত্তৰ :- সাধাৰণতে সমবয়সীয়া ব্যক্তিৰে অথবা উমৈহতীয়া বৃত্তিৰ সদ্স্যৰ সমনীয়া সমূহ গঠিত হয়। ই এক প্ৰকাৰৰ প্ৰাথমিক সমূহ।

১২। সামাজিক স্তৰীকৰণ কি ? 

উত্তৰ :- সামাজিক স্তৰীকৰণ হৈছে এটা সামাজিক প্ৰক্ৰিয়া য’ত-সমাজখনৰ জনসাধাৰণক পদানুক্ৰম অনুসৰি উচ্চ-নীচ হিচাপে কিছুমান সামাজিক স্থানত ভাগ কৰা হয়। যাৰ ফলত কিছুমান লোকে আন কিছুমানৰ

তুলনাত অধিক সন্মান, সুবিধা আৰু ক্ষমতা লাভ কৰে। অৰ্থাৎ সামাজিক স্তৰীকৰণে সমাজত থকা ব্যক্তি বা গোটবোৰৰ মাজত থকা অসমতা বা বৈষম্যক বুজায়। সকলো সমাজতে দেখা পোৱা এনে অসমতাৰ ভিত্তিতে সমাজত স্তৰীকৰণ ঘটে।

১৩। মানৱ সমাজত কেই প্ৰকাৰৰ স্তৰীকৰণ দেখা পোৱা যায় ?

উত্তৰ :- মানৱ সমাজত চাৰি প্ৰকাৰৰ স্তৰীকৰণ পদ্ধতি দেখা পোৱা যায়। সেইবোৰ হ’ল-

(ক) দাস প্ৰথা (Slavery)

(খ) জাতি প্ৰথা (Cast system)

(গ) এষ্টেট (Estate) আৰু

(ঘ) শ্ৰেণী প্ৰথা (Class System)

১৪। জাতি ব্যৱস্থা ভিত্তিত সামাজিক স্তৰীকৰণ কেনেকৈ ঘটে আলোচনা কৰা।

উত্তৰ : ভাৰতীয় সমাজত জাতি ভিত্তিক স্তৰীকৰণ ঘটা দেখা যায়। জাতি ভিত্তিক স্তৰীকৰণত এজন ব্যক্তিৰ স্থান তেওঁৰ জন্মৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ ব্যক্তিয়ে সামাজিক প্ৰস্থিতি লাভ কৰে জন্মসূত্ৰে। উদাহৰণস্বৰূপে ব্ৰাহ্মণৰ ঘৰত জন্ম লাভ কৰিলেহে ব্ৰাহ্মণ হয় আৰু সেই অনুসৰি সমাজত উচ্চ স্থান লাভ কৰে। সেয়েহে জাতি ভিত্তিক স্তৰীকৰণক বন্ধ স্তৰীকৰণ বোলা হয়। পৰম্পৰাগতভাৱে ভাৰতত জাতি সংৰচনাৰ প্ৰতিটো স্থানক পৱিত্ৰ অপৱিত্ৰৰ ধাৰণাৰে সংজ্ঞাৱদ্ধ কৰা হয়। ভাৰতত স্তৰীকৰণৰ শীৰ্ষস্থানত থকা ব্ৰাহ্মণসকল সকলোতকৈ বেছি পৱিত্ৰ আৰু পঞ্চমসকল সকলোতকৈ হীন হিচাপে পৰিগণিত হৈছিল।

১৫। শ্ৰেণী ভিত্তিক স্তৰীকৰণ কি ? আলোচনা কৰা।

উত্তৰ :- শ্ৰেণী ভিত্তিক স্তৰীকৰণ আধুনিক সমাজবোৰত দেখা পোৱা যায়। কাৰ্লমাৰ্ক্সৰ মতে উৎপাদনৰ আহিলাক কেন্দ্ৰ কৰিয়েই সমাজত শ্ৰেণীৰ সৃষ্টি হয় থকা শ্ৰেণী (Haves) আৰু নথকা শ্ৰেণী (Havewots)। মেক্সৱেবাৰে জীৱন সুবিধা (Life chances) ৰ ওপৰত ভিত্তি কৰি শ্ৰেণীৰ সৃষ্টি হয় বুলি ভাবিছিল। পৃথিৱীৰ সকলো সমাজতে শ্ৰেণীৰ সৃষ্টি হোৱা দেখা যায়। এই শ্ৰেণীবিলাকৰ মাজেৰে সামাজিক অসমতা প্ৰকাশ পায়। এনে শ্ৰেণী ভিত্তিক স্তৰীকৰণ মুক্ত। ই ব্যত্তিৰ স্ব-লব্ধ গুণা-গুণৰ ওপৰত প্ৰতিষ্ঠিত। অৰ্থাৎ কোনো ব্যক্তিয়ে স্ব-লব্ধ জ্ঞানৰ যোগেদি সহজে এটা নিম্ন শ্ৰেণীৰ পৰা এটা উচ্চ শ্ৰেণীলৈ যাব পাৰে। 

১৬। জন্ম প্ৰদত্ত প্ৰস্থিতি কি ?

উত্তৰ :- জন্ম -প্ৰদত্ত প্ৰস্থিতি হৈছে এটা সামাজিক স্থান যিটো ব্যক্তিয়ে জন্ম-সূত্ৰে লাভ কৰে। জন্ম প্ৰদত্ত প্ৰস্থিতিৰ উমৈহতীয়া আধাৰবোৰ হ’ল-বায়ু, জাতি, স্বজন আদি। পৰম্পৰাগত সমাজত মানুহে জন্ম-প্ৰদত্ত প্ৰস্থিতিৰে চিনাকী দিয়ে।

১৭। স্ব-লব্ধ প্ৰস্থিতি কি ? 

উত্তৰ :- স্ব-লব্ধ প্ৰস্থিতি ব্যক্তিয়ে ব্যক্তিগত সমাৰ্থ বা চেষ্টাৰ জৰিয়তে লাভ কৰে। সাধাৰণতে শিক্ষাগত অৰ্হতা, ব্যক্তিগত নিপুনতা আদিয়েই হ’ল স্ব-লব্ধ প্ৰস্থিতিৰ আধাৰ। আধুনিক সমাজত স্ব-লব্ধ প্ৰস্থিতি দেখা পোৱা যায়।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সমাজ সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক
Chapter 2প্ৰাথমিক অৱধাৰণা
Chapter 3 সামাজিক সংস্থা
Chapter 4সমাজ আৰু সংস্কৃতি
Chapter 5ব্যৱহাৰিক সমাজতত্ব গৱেষণা পদ্ধতি আৰু কৌশল
Unit 2দ্বিতীয় খণ্ড
Chapter 1সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া
Chapter 2 সামাজিক পৰিৱৰ্তন
Chapter 3পৰিৱেশ আৰু সমাজ
Chapter 4পাশ্চাত্য সমাজতত্ত্ববিদসকল-এক পৰিচয়
Chapter 5ভাৰতীয় সমাজতত্ত্ববিদসকলৰ এক পৰিচয়

১৮। ভূমিকা কি ? 

উত্তৰ : ভূমিকা হ’ল প্ৰস্থিতিৰ ফলস্বৰূপ। এক নিৰ্দিষ্ট পদত অধিষ্ঠিত ব্যক্তিয়ে সেই পদৰ দায়িত্ব আৰু কৰ্তব্য সমূহ সূচাৰুৰূপে পালন কৰি যোৱা কাৰ্যকে ভূমিকা বুলি কোৱা হয়।

১৯। ভূমিকা সমূচ্ছয় বা ভূমিকা সমষ্টি কি ?

উত্তৰ :- একেজন ব্যক্তিয়েই একেসময়তে বা সমসাময়িক ভাৱে বহু ধৰণৰ ভূমিকা পালন কৰি থাকিব পাৰে। যেনে-এজন ব্যক্তিয়েই পৰিয়ালত পৰিয়ালৰ মূৰব্বী, গাঁৱত।

২০। ভূমিকা সংঘৰ্ষ কি ?

উত্তৰ :- দুটা বা তাতোধিক প্ৰস্থিতি অনুযায়ী ভূমিকা সমূহৰ মাজত থকা অসংগতিকে ভূমিকা সংঘৰ্ষ বুলি কোৱা হয়। দুটা বা তাতোধিক ভূমিকাৰ বিপৰীতমুখী প্ৰত্যাশাৰ বাবেই ভূমিকা সংঘৰ্ষৰ উদ্ভৱ হয়। উদাহৰণস্বৰূপে এগৰাকী চাকৰিয়াল নাৰীয়ে কৰ্মস্থানত এটা বেলেগ ভূমিকা পালন কৰিব লগা হয় আৰু ঘৰত পত্নীক মাতৃ হিচাপে এটা বেলেগ ভূমিকা পালন কৰিব লগা হয়- যাৰ ফলত ভূমিকা সংঘৰ্ষৰ উৎপত্তি হয়।

২১। ভূমিকা আৰু প্ৰস্থিতিৰ পৰিৱৰ্তন ঘটেনে ?কেতিয়া আৰু কেনেকৈ ইয়াৰ পৰিৱৰ্তন ঘটে আলোচনা কৰা।

উত্তৰ :- ভূমিকা আৰু প্ৰস্থিতি কেতিয়াও স্থিৰ বা অপৰিৱৰ্তনীয় নহয়। এসময়ত ব্যক্তিয়ে লিংগ ভিত্তিক ভূমিকা পালন কৰিছিল। সাধাৰণতে ভাৰতীয় পৰিয়ালত পুৰষে উপাৰ্জনকাৰীৰ ভূমিকা পালন কৰাৰ বিপৰীতে নাৰীয়ে ঘৰ ধৰোতাৰ ভূমিকা পালন কৰিছিল। কিন্তু আজিৰ সমাজত মহিলাসকলে কেৱল ঘৰ ধৰোতাৰ ভূমিকা পালন নকৰে বৰং মহিলা সকলেও উপাৰ্জনকাৰীৰ ভূমিকা পালন কৰে। এনেদৰে ভূমিকাৰ পৰিৱৰ্তন হয় আৰু ভূমিকাৰ পৰিৱৰ্তনৰ লগে লগে প্ৰস্থিতিৰো পৰিৱৰ্তন হয়। কাৰণ ভূমিকা আৰু প্ৰস্থিতি এটা আনটোৰ লগত জড়িত।

সমাজ পৰিৱৰ্তনশীল। ব্যক্তি আৰু সমাজৰ মাজত আন্ত: সম্পৰ্ক থাকে। এই আন্তঃসম্পৰ্কৰ প্ৰক্ৰিয়াৰে ব্যক্তিয়ে পৰিৱৰ্তিত সামাজিক ভূমিকাক বুজি পায় আৰু অনুমান কৰিব পাৰে। এনেদৰে সমাজৰ পৰিৱৰ্তনৰ লগত খাপ-খুৱাই ব্যক্তিয়ে নিজৰ ভূমিকাৰ পৰিৱৰ্তন কৰে। এনেদৰেই ভূমিকাৰ পৰিৱৰ্তন ঘটে।

২২। সামাজিক নিয়ন্ত্ৰণ কি ?

উত্তৰ :- সামাজিক নিয়ন্ত্ৰণ সম্পৰ্কে কাৰ্যত্মকবাদী আৰু সংঘৰ্ষ সিদ্ধান্তৰ চিন্তাবিদসকলৰ দৃষ্টিভংগী বেলেগ বেলেগ। কাৰ্যত্মকবাদী সকলৰ মতে সামাজিক নিয়ন্ত্ৰণ হৈছে-

(ক) শক্তি প্ৰয়োগেৰে ব্যক্তি আৰু সমূহক নিয়ন্ত্ৰণ কৰা আৰু

(খ) সামাজিক শৃংখলাক প্ৰমূল্য আৰু বিশেষ আৰ্হিৰে নিয়োজিত কৰা।

আনহাতে সংঘৰ্ষ সিদ্ধান্তৰ চিন্তাবিদ সকলৰ মতে সামাজিক নিয়ন্ত্ৰণ হৈছে সমাজৰ প্ৰভাৱশালী শ্ৰেণীয়ে দুৰ্বল শ্ৰেণীৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ ব্যৱহাৰ কৰা কিছুমান কৌশল মাত্ৰ।

২৩। সামাজিক নিয়ন্ত্ৰণ কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰ : সামাজিক নিয়ন্ত্ৰণ মূলতঃ দুই প্ৰকাৰৰ :

(ক) আনুষ্ঠানিক সামাজিক নিয়ন্ত্ৰণ আৰু 

(খ) অনানুষ্ঠানিক সামাজিক নিয়ন্ত্ৰণ

২৪। আনুষ্ঠানিক সামাজিক নিয়ন্ত্ৰণ কি আৰু অনানুষ্ঠানি সামাজিক নিয়ন্ত্ৰণ কি ?

উত্তৰ :- নিয়ন্ত্ৰণৰ বাবে যেতিয়া আইন ভুক্ত, শৃংখলিত আৰু আনুষ্ঠানিক কৌশল ব্যৱহাৰ কৰা হয়, তেতিয়া তাক আনুষ্ঠানিক নিয়ন্ত্ৰণ ৰূপে জনা যায়। আইন, আদালত, ৰাষ্ট্ৰ আদিবোৰ আনুষ্ঠানিক সামাজিক নিয়ন্ত্ৰণৰ প্ৰতিনিধি।

আনহাতে প্ৰত্যেক সমাজতে কিছুমান প্ৰচলিত ৰীতি-নীতি, প্ৰথা, পৰম্পৰা আদি থাকে। এইবোৰ পৰম্পৰাগতভাৱে চলি আহিছে আৰু মানুহে এইবোৰৰ প্ৰতি মান্যতা প্ৰদৰ্শন কৰে। এনেকৈ পৰম্পৰাগতভাৱে চলি অহা ৰীতি-নীতি, প্ৰথা আদিৰ যোগেদিও সামাজিক নিয়ন্ত্ৰণ সম্ভৱ। এনে নিয়ন্ত্ৰণক অনানুষ্ঠানিক নিয়ন্ত্ৰণ বোলে। পৰিয়াল, ধৰ্ম আদি এনে নিয়ন্ত্ৰণৰ প্ৰতিনিধিস্বৰূপ।

২৫। অনুশাসন কি ?

উত্তৰ :- অনুশাসন পুৰস্কাৰ অথবা শাস্তিৰ এটা মাধ্যম যি সামাজিক প্ৰত্যাশিত ব্যৱহাৰক পুনঃশক্তি প্ৰদান কৰে।

২৬। বিপথগামী ব্যৱহাৰ কি ? 

উত্তৰ :- বিপথগামী ব্যৱহাৰ হৈছে এনে এক ব্যৱহাৰ যি ব্যৱহাৰ সামাজিক প্ৰতিমানৱৰ বিপৰীতে ধাবিত হয় বা কোনো সামাজিক সমূহৰ প্ৰমূল্যৰ বিৰুদ্ধে কাম কৰে।

২৭। তলত দিয়াবোৰৰ চমুটোকা লিখা।

(ক) ভূমিকা সমষ্টি

(খ) সামাজিক প্ৰস্থিতি

(গ) সামাজিক সংৰচনা

(ঘ) সামাজিক প্ৰতিমান

(ঙ) সমুদায়

উত্তৰ :- (ক) ভূমিকা সমষ্টি :- ভূমিকা হ’ল প্ৰস্থিতিৰ ফলস্বৰূপ। এক নিৰ্দিষ্ট পদত অধিষ্ঠিত ব্যক্তিয়ে সেই পদৰ দায়িত্ব আৰু কৰ্তব্যসমূহ সুচাৰুৰূপে পালন কৰি যোৱা কাৰ্যকে ভূমিকা (Role) বুলি কোৱা হয়।

উদাহৰণস্বৰূপে প্ৰধান শিক্ষকৰ যি প্ৰস্থিতি তাৰ লগত কিছুমান সুকীয়া দায়িত্ব, কৰ্তব্য, ক্ষমতা আৰু অধিকাৰ আছে। এইবোৰে কেনেকৈ পালন কৰিব লাগে এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষ তথা সমাজৰ এটা সাধাৰণ ধাৰণা আছে। এই ধাৰণা অনুযায়ী প্ৰধান শিক্ষকে তেওঁৰ যি দায়িত্ব আৰু কৰ্তব্য পালন কৰে, সেইটোকে তেওঁৰ ভূমিকা বুলি কোৱা হয়।

আকৌ, একেজন ব্যক্তিয়ে একেসময়তে বা সমসাময়িকভাৱে কোনো ধৰণেৰেও ভূমিকা পালন কৰি থাকিব পাৰে। যেনে- এজন ব্যক্তিয়েই পৰিয়ালত পৰিয়ালৰ মুৰব্বী, সভা-সমিতিৰ ভাল বক্তাৰ ভূমিকা, বৃত্তিত অধ্যাপকৰ ভূমিকা আদি গ্ৰহণ কৰি থাকিব পাৰে। এনেকৈ একে সময়তে কেইবাটাও ভূমিকা গ্ৰহণ কৰা অৱস্থা ‘ভূমিকা সমষ্টি’ (Role-sets) বোলা হয়।

(খ) সামাজিক প্ৰস্থিতি :- সমাজৰ সদস্য হিচাপে মানুহ সামাজিক জীৱনত যিবিলাক কাম-কাজ সম্পাদন কৰে, সেইবিলাকৰ বিনিময়ত একো-একোটা সামাজিক স্থান লাভ কৰিবলৈ সক্ষম হয়। মানুহে সমাজত লাভ কৰা এই স্থানকে সমাজ শাস্ত্ৰত প্ৰস্থিতি বোলে। মেক আইভাৰ আৰু পেজৰ মতে, “প্ৰস্থিতি হৈছে একোজন ব্যক্তিৰ সামাজিক স্থান, যি স্থানৰ জৰিয়তে তেওঁ সাধাৰণ মানুহৰ পৰা আদৰ সন্মান লাভ কৰিব পাৰে।”

উদাহৰণস্বৰূপে, যদি আমি পৰিয়াল সংৰচনা প্ৰতি লক্ষ্য কৰোঁ তাত দেখিম যে ইয়াত মুখিয়াল,  পিতৃ-মাতৃ, ককাই-ভাই, বাই আদি কিছুমান পদ আছে, যিবোৰৰ সুকীয়া স্থান আছে। যেনে- মুখিয়াল বা পিতৃ-মাতৃ গৰাকীৰ স্থান বাকীবোৰ লক্ষ্যপদৰ স্থানতকৈ উচ্চতম। সেই অনুপাতে তেওঁলোকৰ দায়িত্ব, কৰ্তব্য ক্ষমতা আৰু অধিকাৰৰো পাৰ্থক্য থাকে।

সেইদৰে প্ৰত্যেক সামাজিক সমূহতে এনে কিছুমান পদ আছে, যিবোৰ পদৰ তুলনামূলক স্থান আছে। এই স্থান সমূহকে প্ৰস্থিতি বুলি কোৱা হয়।

প্ৰস্থিতি সদায়ে স্থানৰ লগত জড়িত যেতিয়ালৈকে এজন মানুহে বিশেষ স্থান এটা অধিকাৰ কৰি থাকে তেতিয়ালৈকে সেই স্থানৰ প্ৰস্থিতি তেওঁ লাভ কৰি থাকে। কিন্তু তাৰপৰা আতৰি যোৱাৰ লগে লগে তেওঁ সেই প্ৰস্থিতি হেৰুৱাব লগা হয়।

(গ) সামাজিক সংৰচনা :- সমাজৰ বিভিন্ন অংগ যেনে : পৰিয়াল, গীৰ্জা, সম্প্ৰদায় ইত্যাদিৰে গঠিত অন্ত:সম্পৰ্কৰ গাঠনিয়েই সামাজিক সংৰচনা। সামাজিক সংৰচনা এক অমূৰ্ত প্ৰক্ৰিয়া মাথোন যি পক্ৰিয়াই সমাজৰ বাহ্যিক ৰেহ-ৰূপক নিৰ্দেশিত কৰে। সমূহ, সংস্থা, সমিতি ইত্যাদি বিলাক সামাজিক সংৰচনাৰ একক স্বৰূপ। জৈৱিক দেহৰ তুলনাৰে সামাজিক সংৰচনাৰ বিষয়ে ভালদৰে বুজিব পাৰি। জৈৱিকদেহ হাত, ভৰি, চকু, কাণ, মুখ আদি বিভিন্ন অংগ-প্ৰত্যঙ্গৰে গঠিত হোৱাৰ দৰেই সামাজিক সংৰচনাৰ অৱস্থিতিতো সমাজৰ বিভিন্ন অংগ প্ৰত্যক্ষ পৰিয়াল, সমূহ, ধৰ্মীয়, অৰ্থনৈতিক, ৰাজনৈতিক আদিয়ে সহায় কৰে।

সামাজিক সংৰচনাৰ এই অংগসমূহে নিজাববীয়াকৈ কিছু স্থায়ীত্বতা বজাই ৰাখে।আকৌ, প্ৰত্যেকটো অংগৰ নিজা নিজা স্থায়িত্বৰ জৰিয়তে সামগ্ৰিকভাৱে সমাজৰ সংৰচনাত্মক স্থায়িত্বতা সম্ভৱপৰ হৈ উঠে।

(ঘ) সামাজিক প্ৰতিমান :- সৰ্বসাধাৰণে বা সমূহৰ সদস্যবৰ্গই আশা কৰা যিবোৰ আচৰণ বা কৰ্মৰ নীতি সেইবোৰক সামাজিক প্ৰতিমান বুলি কোৱা হয়। অৰ্থাৎ সামাজিক প্ৰতিমান এনে কিছুমান নীতি-নিয়ম যিবোৰৰ ভিত্তিত মানুহে নিজৰ আচৰণ আৰু কাৰ্যবিধি নিৰ্ধাৰণ কৰি লয়।

সমাজত ব্যক্তিয়ে সম্পাদন কৰা প্ৰতিটো কৰ্মৰে মাণদণ্ড আছে। কিছুমান নিৰ্ধাৰিত নীতি-নিয়মৰ মাজেদি সম্পাদন কৰা হয় বাবেই কৰ্মৰ মাণদণ্ড থকাটো স্বাভাৱিক কথা। ইয়াৰ বাবেই কিছুমান কৰ্মক নিৰ্দেশিত আৰু আন কিছুমান কৰ্মক প্ৰতিষেধ কৰা হয়। উদাহৰণস্বৰূপে পিতৃ-মাতৃৰ নিৰ্দেশ মানি চলা, সৎ চৰিত্ৰবান হোৱা আদি সমাজৰ বাবে নিৰ্দেশাত্মক কৰ্ম। আনহাতে ৰাগিয়াল দ্ৰব্য সেৱন কৰা, চুৰ কৰা আদি সমাজৰ বাবে প্ৰতিশেধাত্মক কৰ্ম। সমাজ পদ্ধতিত সামাজিক সমূহবোৰে গ্ৰহণ কৰা কৰ্মত এই মাণদণ্ডই হৈছে সামাজিক প্ৰতিমান।প্ৰতিমানৰ ওপৰত ভিত্তি কৰিয়েই সমাজ বৰ্তি থাকে। প্ৰতিমানহীনতাই সমাজক উশৃঙ্খল কৰি সমাজ জীৱন বিপন্ন কৰি তোলে। প্ৰতিমানৰ ওপৰত ভিত্তি কৰিয়েই ব্যক্তিৰ পাৰস্পৰিকভাৱে সম্বন্ধ খাই থাকি নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্যসমূহ পালন কৰিবলৈ সমৰ্থ হয়। লোকাচাৰ, জনৰীতি আদি বিভিন্ন ৰূপত প্ৰতিমান বৰ্তি থাকে।

(ঙ) সমুদায় :- সমুদায় মানে এনে এটা জনসংখ্যা যিটোৱে ভৌগলিক অঞ্চলত জীৱন নিৰ্বাহৰ কিছুমান উমৈহতীয়া অৱস্থাৰ ওপৰত প্ৰায় সমভাৱে নিৰ্ভৰশীল জীৱন-যাপন কৰে। গতিকে সমুদায় এটা আঞ্চলিক সমূহ।একোটা অঞ্চলত স্থায়ীভাৱে ওচৰা-ওচৰিকৈ বসবাস কৰি থকা জনসংখ্যালৈ সমুদায় গঠিত হয়। এনে আঞ্চলিক সমূহে সাধাৰণতে কিছুমান উমৈহতীয়া প্ৰাকৃতিক, সামাজিক, অৰ্থনৈতিক অৱস্থা আৰু সংগঠনৰ ওপৰত প্ৰায় সমভাৱে নিৰ্ভৰশীলহৈ জীৱন-যাপন কৰিবলগীয়া হয়। এই অৱস্থাবোৰ হ’ল নদ-নদী, বাট-পথ, পানীযোগান,স্বাস্থ্য ৰক্ষা, অৱসৰ বিনোদন ইত্যাদিৰ ওপৰত অঞ্চলটোৰ প্ৰত্যেক পৰিয়াল তথা ব্যক্তিয়ে নিৰ্ভৰশীল কৰিবলগীয়া হয়।

এইদৰে প্ৰায় সমভাৱে নিৰ্ভৰশীল হৈ জীৱন নিৰ্বাহ কৰিবলগীয়া হয় বাবে তেনে জনসংখ্যাৰ মাজত এটা সামূহিক বা পাৰস্পৰিক ‘আত্মীয়বোধ’ গঢ়ি উঠাটো স্বাভাৱিক হৈ পৰে। সেইবাবে যিকোনো সম্প্ৰদায়ৰ মাজত ‘আমি ভাব’এটা প্ৰৱাহিত হৈ থাকে। ‘আমাৰ গাওঁ’ ‘আমাৰ স্কুল’ আদি মনোভাবেৰে ‘আমি ভাব’ বা ‘সামূহিক আত্মীয়তাবোধ’ৰ পৰিচয় দিয়ে।

ওপৰৰ আলোচনাৰ পৰা আমি সমুদয়ৰ কিছুমান বৈশিষ্ট্য পাওঁ : (ক) ভৌগোলিক অৱস্থা, 

(খ) জীৱন নিৰ্বাহৰ বাবে উমৈহতীয়া অৱস্থা আৰু

(গ) সামুহিক আত্মীয়বোধ।

3 thoughts on “Class 11 Sociology Chapter 2 প্ৰাথমিক অৱধাৰণা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top