Class 11 Sociology Chapter 4 সমাজ আৰু সংস্কৃতি

Class 11 Sociology Chapter 4 সমাজ আৰু সংস্কৃতি answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Sociology Chapter 4 সমাজ আৰু সংস্কৃতি and select needs one.

Class 11 Sociology Chapter 4 সমাজ আৰু সংস্কৃতি

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Sociology Chapter 4 সমাজ আৰু সংস্কৃতি Solutions for All Subject, You can practice these here.

সমাজ আৰু সংস্কৃতি

পাঠ: 4

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

(ক) ‘বিশ্বাস’ সংস্কৃতি উপাদান হয় নে ?

উত্তৰ :- হয়।

(খ) সংস্কৃতিক কিয় এক জীৱন প্ৰণালী বুলি ধৰা হয় ? 

উত্তৰ :- সংস্কৃতিক এক জীৱন প্ৰণালী বুলি বিবেচনা কৰা হয় কাৰণ ইয়ে মানুহৰ চিন্তা, ধাৰণা, বিশ্বাস, জ্ঞান কৌশল আৰু কলা কৃষ্টিক সাঙুৰি লয়।

(গ) সামাজিকৰণৰ প্ৰথম প্ৰতিনিধি কি ? 

উত্তৰ :- পৰিয়াল ।

(ঘ) সংস্কৃতিৰ প্ৰকাৰ দুটা কি কি ?

উত্তৰ :- বস্তুবাদী সংস্কৃতি আৰু অ-বস্তুবাদী সংস্কৃতি ।

(ঙ) “সাংস্কৃতিক দীৰ্ঘ সূত্ৰটোৰ সংজ্ঞাটো কোনে প্ৰথমতে আগবঢ়াইছিল ? 

উত্তৰ :- অগবাৰ্ণে ।

(চ) সংস্কৃতি আৰু সভ্যতা একে হয় নে ?

উত্তৰ :- নহয়।

(ছ) সংস্কৃতিৰ মৌলিক উপাদান জনৰীতি নে শিক্ষা ?

উত্তৰ :- জনৰীতি।

(জ) সংস্কৃতি আৰু সভ্যতাৰ এটা পাৰ্থক্য লিখা।

উত্তৰ :- সংস্কৃতি হৈছে আভ্যন্তৰীণ। আনহাতে সভ্যতা হৈছে বাহ্যিক।

(ঝ) বস্তুবাদী সংস্কৃতি কি ?

উত্তৰ :- বস্তুবাদী সংস্কৃতি হ’ল মানুহৰ দ্বাৰা সৃষ্টি বস্তুৰ মাধ্যমেৰে প্ৰকাশ পোৱা সংস্কৃতি।

(ঞ) অবস্তুবাদী সংস্কৃতি কি ?

উত্তৰ :- মানুহৰ চিন্তা-চৰ্চা, ধ্যান-ধাৰণা, ৰীতি-নীতি, ধৰ্ম বিশ্বাস, জ্ঞান-বিচাৰ আদিৰ মাধ্যমেৰে যি সংস্কৃতিৰ প্ৰকাশ ঘটে, তাকেই অ-বস্তুবাদী সংস্কৃতি বোলা হয়।

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। সমাজবিজ্ঞানত সংস্কৃতিৰ অৰ্থ দৈনন্দিন জীৱনত ব্যৱহৃত সংস্কৃতি শব্দটোতকৈ কি দৰে পৃথক।

উত্তৰ :- দৈনন্দিন জীৱনৰ কথোপকথনত সংস্কৃতি শব্দটোৰ অৰ্থ কলা (Art) অথবা কোনো এক নিৰ্দিষ্ট শ্ৰেণীৰ লোকৰ বা কোনো এখন দেশৰ জীৱন প্ৰণালীতে সীমাৱদ্ধ। কিন্তু সমাজতত্বত বিভিন্ন সামাজিক প্ৰসংগত সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰা হয়। সমাজতত্বই সংস্কৃতিৰ অন্ত:নিহিত বিভিন্ন দিশ ফহিয়াই তাৰ মাজৰ সমন্ধ বুজিবলৈ চেষ্টা কৰে।

২। সংস্কৃতিৰ সংজ্ঞা দিয়া আৰু সংস্কৃতি কি আলোচনা কৰা।

উত্তৰ :- বৃটিছ নৃতত্ববিদ এডৱাৰ্ড টেইলৰ (Edmard Taylor) ৰ মতে সংস্কৃতি এনেকুৱা এটা জটিল মিশ্ৰণ যি জ্ঞান, বিশ্বাস, কলা, নৈতিকতা, আইন, আচাৰ-ব্যৱহাৰকে আদি কৰি মানুহে সমাজৰ এজন সদস্য হিচাপে আহৰণ কৰিবলগীয়া সকলোখিনিকে সামৰি লয়।

ব্ৰনিচল মেলিন’চকিৰ মতে সংস্কৃতিয়ে বংশানুক্ৰমে হস্তান্তৰ কৰা শিল্প, বস্তু কাৰিকৰী প্ৰক্ৰিয়া, ধাৰণা, অভ্যাস আৰু মূল্যবোধক সামৰি লয়।

আলফ্ৰেড ক্ৰোৱেবাৰৰ মতে ক্লাইড ক্লোকহনে সংস্কৃতিৰ বিভিন্ন সংজ্ঞাৰ বিষয়ে উল্লেখ কৰি এখন জৰীপ প্ৰকাশ কৰিছিল। সেই সংজ্ঞাবোৰৰ মতে সংস্কৃতি হ’ল-

(ক) চিন্তা, অনুভূতি, বিশ্বাসৰ এক ধাৰণা,

(খ) মানুহৰ সামগ্ৰীক জীৱন প্ৰণালী,

(গ) আচৰণ বিধিৰ আভাষ,

(ঘ) শিকি আয়ত্বকৰা জ্ঞানৰ ভাণ্ডাৰ,

(ঙ) ব্যক্তিয়ে নিজৰ সমূহৰ পৰা লাভ কৰা সামাজিক ইচ্ছা পত্ৰ (legacy) আদি।

৩। সংস্কৃতিৰ মূল দিশ কেইটা কি কি ?

উত্তৰ :- সংস্কৃতিৰ মূল দিশ তিনিটা। সেইবোৰ হ’ল-

(ক) সংস্কৃতিৰ বোধাত্মক দিশ,

(খ) সংস্কৃতিৰ প্ৰতিমান সূচক দিশ আৰু

(গ) সংস্কৃতিৰ ভৌতিক দিশ।

৪। সংস্কৃতিৰ বোধাত্মক দিশটো আলোচনা কৰা।

উত্তৰ :- এজন ব্যক্তিৰ পক্ষে নিজৰ সংস্কৃতিৰ বোধাত্মক দিশবোৰ বুজি পোৱাটো সংস্কৃতিৰ ভৌতিক বা প্ৰতিমান সূচক দিশবোৰ বুজাতকৈ বেছি কঠিন। বোধগমতাই পৰিবেশৰ পৰা অহা খবৰবোৰ বুজি পোৱাটোকে বুজায়। শিক্ষিত সমাজত ধাৰণাবোৰ কিতাপ বা দলিলত লিপিবদ্ধ হৈ থকাৰ বিপৰীতে নিৰক্ষৰ সমাজত সাধুকথা বা লোককথা ৰূপত সেইবোৰ মানুহৰ মুখে মুখে প্ৰচলিত হৈ থাকে। কিছুমান বিষয়ৰ শিক্ষাৰ লগত আকৌ বোধাত্মক দিশটোহে বেছিকৈ জড়িত হৈ থাকে। যেনে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ছাত্র-ছাত্ৰীসকলক শিকা কথাবোৰ লিখাৰ সলনি মনত ৰাখি আওৰাবলৈহে শিক্ষা দিয়া হয়।

৫। সংস্কৃতিৰ প্ৰতিমাণসূচক দিশবোৰ আলোচনা কৰা।

উত্তৰ :- জনৰীতি, লোকচাৰ, প্ৰথা, আইন আদিক সংস্কৃতিৰ প্ৰতিমাণ সূচক দিশ হিচাপে ধৰা হয়। এইবোৰ মূল্যবোধ বা নীতি-নিয়মে সামাজিক আচৰণ পৰিচালনা কৰে। সামাজিকৰণ প্ৰক্ৰিয়াই আমাক সামাজিক প্ৰতিমানবোৰ মানি চলাত অভ্যস্ত কৰে। প্ৰতিমাণবোৰ লগত অন্ত:নিৰ্হিত জ্ঞানৰ দিশ এটা জড়িত হৈ থাকে।

৬। সংস্কৃতিৰ ভৌতিক দিশটো আলোচনা কৰা।

উত্তৰ :- সংস্কৃতিৰ ভৌতিক দিশটোৱে মানুহে সৃষ্টি বা ব্যৱহাৰ কৰা বিভিন্ন আচবাব যেনে : ঘৰ-দুৱাৰ, যান-বাহন, উৎপাদন আৰু যোগাযোগ ব্যৱস্থা, দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা সামগ্ৰী যেনে ম’ৱাইল ফোন, কম্পিউটাৰ, ৰেডিঅ’ আদি বোৰক সামৰি লয়। সংস্কৃতিৰ ভৌতিক দিশটোৱেই হ’ল সংস্কৃতিৰ বস্তুবাদী দিশ।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সমাজ সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক
Chapter 2প্ৰাথমিক অৱধাৰণা
Chapter 3 সামাজিক সংস্থা
Chapter 4সমাজ আৰু সংস্কৃতি
Chapter 5ব্যৱহাৰিক সমাজতত্ব গৱেষণা পদ্ধতি আৰু কৌশল
Unit 2দ্বিতীয় খণ্ড
Chapter 1সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া
Chapter 2 সামাজিক পৰিৱৰ্তন
Chapter 3পৰিৱেশ আৰু সমাজ
Chapter 4পাশ্চাত্য সমাজতত্ত্ববিদসকল-এক পৰিচয়
Chapter 5ভাৰতীয় সমাজতত্ত্ববিদসকলৰ এক পৰিচয়

৭। বস্তুবাদী আৰু অ-বস্তুবাদী সংস্কৃতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰ :- সংস্কৃতিৰ সংজ্ঞা সম্পৰ্কে বিভিন্ন সমাজশাস্ত্ৰবিদে বিভিন্ন মতবাদ প্ৰকাশ কৰিছে। E.B. Teylor ৰ মতে-“সংস্কৃতি এনে এক মিশ্ৰণ, যি জ্ঞান বিশ্বাস, কলা, নৈতিকতা, আইন, ৰীতি-নীতি আৰু সমাজৰ সদস্য হিচাপে মানুহে আহৰণ কৰিবলগীয়া অন্যান্য দিশসমূহ সামৰি লয়।” 

B. Malinvask- ৰ মতে-“সংস্কৃতি হৈছে মানুহৰ কাম-কাজৰ এক সংমিশ্ৰণ যাৰ জৰিয়তে, মানুহে নিজৰ উন্নতিৰ, বাবে পাৰিপাৰ্শ্বিকতাৰ লগত খাপ খাই চলিবলৈ বিচাৰে।”আকৌ, Dr.S. Radhakrishnan-ৰ মতে-“Culture is what men do.”

কিন্তু সাধাৰণ ভাষাত ক’ব হ’লে সংস্কৃতি হৈছে সুন্দৰতাৰ প্ৰকাশ। য’তেই আৰু যাৰ যোগেইদিয়ে সুন্দৰতাৰ প্ৰকাশ পাব সেয়ে সংস্কৃতি ৰূপে পৰিগণিত হ’ব।সংস্কৃতিক সাধাৰণতে দুটা ভাগত ভগোৱা হয়-বস্তুবাদী সংস্কৃতি আৰু অ-বস্তুবাদী সংস্কৃতি।

মানুহৰ দ্বাৰা সৃষ্ট বস্তুৰ মাধ্যমেৰে প্ৰকাশ পোৱা সংস্কৃতিকে বস্তুবাদী সংস্কৃতি বুলি কোৱা হয়। অৱশ্যে বয়-বস্তুসমূহৰ দ্বাৰা সংস্কৃতি প্ৰকাশ পালেও বস্তুবোৰে সভ্যতাকহে প্ৰতিপন্ন কৰিছে। সেইবাবে বস্তুবোৰ সংস্কৃতি নহয়; বস্তুবোৰৰ নিৰ্মাণ কৌশল, সৌন্দৰ্য আদিহে সংস্কৃতিৰ ভিতৰত ধৰা হয়।

আনহাতে, মানুহৰ চিন্তা-চৰ্চা, ধ্যান-ধাৰণা, ৰীতি-নীতি ধৰ্ম বিশ্বাস, জ্ঞান-বিচাৰ আদিৰ মাধ্যমেৰে যি সংস্কৃতিৰ প্ৰকাশ ঘটে, তাকেই অ-বস্তুবাদী সংস্কৃতি বোলা হয়।চিন্তা-চৰ্চা, ধ্যান-ধাৰণা, ৰীতি-নীতি আদি অপৰিদৃশ্যমান উপাদানবোৰে অবস্তুবাদী সংস্কৃতিৰ স্বৰূপ প্ৰকাশ পায়। সামাজিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে, এনে সংস্কৃতি এক পুৰুষৰ পৰা আন পুৰুষলৈ, এক প্ৰজন্মৰ পৰা আন এক প্ৰজন্মলৈ হস্তান্তৰিত হয়।

উল্লেখযোগ্য যে, অ-বস্তুবাদী সংস্কৃতিৰ তুলনাত বস্তুবাদী সংস্কৃতিৰ সম্প্ৰসাৰণ-প্ৰক্ৰিয়া খৰতকীয়া। উদাহৰণস্বৰূপে, কোনো দেশত সৃষ্ট যি কোনো এটা বস্তুৱে আন এখন দেশত প্ৰভাৱ পেলাবলৈ সৰহ কালৰ আৱশ্যক নহয়। কিন্তু এখন দেশৰ মানুহৰ চিন্তা-চৰ্চা, ধ্যান-ধাৰণা, ধৰ্ম-বিশ্বাস আদিয়ে আন এখন দেশৰ মানুহৰ মনত ক্ৰিয়া কৰি সাংস্কৃতিক প্ৰকাশ লাভ কৰিবলৈ যথেষ্ট কালৰ আৱশ্যক হয়।

৮। সাংস্কৃতিৰ দীৰ্ঘসূত্ৰিতা কি ?

উত্তৰ :- সাধাৰণতে দেখা যায় যে সংস্কৃতিৰ বস্তুবাদী বা কাৰিকৰী দিশটো খৰকৈ সলনি হয় আৰু অবস্তুবাদী দিশটো মূল্যবোধ আৰু প্ৰতিমাণ হিচাপে লাহে ধীৰে সলনি হয় বা বস্তুবাদী দিশৰ তুলনাত পিছপৰি ৰয়। বস্তুবাদী আৰু অবস্তুবাদী সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰত হোৱা এই প্ৰভেদ বা দূৰত্বকে সংস্কৃতিৰ দীৰ্ঘসূত্ৰিতা বুলি কোৱা হয়।

৯। উপ-সংস্কৃতি কি ? 

উত্তৰ :- উপসংস্কৃতি হৈছে এক বৃহৎ সংস্কৃতিৰ ভিতৰতে গঢ় লৈ উঠা কিছুসংখ্যক লোকৰ সমূহ, যি সকলে বৃহৎ সংস্কৃতিৰ পৰা আহৰণ কৰা প্ৰতীক, মূল্যবোধ আৰু বিশ্বাসত নতুনত্বৰ সংযোজনেৰে কিছু সাল-সলনি ঘটাই তাক গ্ৰহণ কৰে আৰু জনমানসত এক সুকীয়া পৰিচয়েৰে আত্মপ্ৰকাশ কৰে। উপ-সংস্কৃতি ব্যক্তি সকলৰ ধৰণ-কৰণ, ৰুচিবোধ, কথাবাৰ্তা আদিৰ দ্বাৰা প্ৰকাশ পায়।

১০। গোষ্ঠী কেন্দ্ৰিক মানসিকতা কি ? 

উত্তৰ :- গোষ্ঠী কেন্দিক মানুসিকতা হৈছে নিজৰ সংস্কৃতিৰ মূল্যবোধেৰে অন্য সংস্কৃতিৰ লোকসকলৰ ব্যৱহাৰ আৰু বিশ্বাসক মূল্যায়ন কৰা। গোষ্ঠী কেন্দ্ৰিক মানসিকতা সাধাৰণতে তুলনাৰ পৰাই সৃষ্টি হয় আৰু ইয়াৰ অন্তৰালত নিজৰ সংস্কৃতিৰ শ্ৰেষ্ঠতাবোধ লুকাই থাকে।

১১। বিশ্বজনীনতা বা সাৰ্বজনীনতা কি ? ইয়াৰ উদাহৰণ দিয়া।

উত্তৰ :- বিশ্বজনীনতা বা সাৰ্বজনীনতা হ’ল ব্যক্তি কেন্দ্ৰীকতাৰ বিপৰীতমুখী মানসিকতা। সাৰ্বজনীনতাই আনৰ সংস্কৃতিক পৃথক কৰাৰ উপৰিও মান্যতাও প্ৰদান কৰে। সাৰ্বজনীনতাই নিজৰ সংস্কৃতি বা বিশ্বাসৰ মাপকাঠিৰে আনক মূল্যাংকন কৰাটো নিবিচাৰে। এনে মানসিকতাৰ ফলত বিভিন্ন সংস্কৃতিৰ উপাদানৰ সংমিশ্ৰন ঘটে যাৰ ফলত আদান-প্ৰদান প্ৰক্ৰিয়াৰে এক নতুন মিশ্ৰ সংস্কৃতিয়ে গঢ় লয়।

উদাহৰণস্বৰূপে ইংৰাজী ভাষাই অন্য বিদেশী শব্দ নিজৰ শব্দকোষত অন্তৰ্ভুক্ত কৰি আহিছে। ভাৰতত হিন্দী আৰু ইংৰাজীৰ সংমিশ্ৰণত হিংলিশ নামৰ এক নতুন শব্দ সম্ভাৰৰ সৃষ্টি হোৱা দেখা গৈছে। ই সাৰ্বজনীনতাৰ এটা উৎকৃষ্ট উদাহৰণ।

১২। সাংস্কৃতিক পৰিৱৰ্তন কি ? সাংস্কৃতিক পৰিৱৰ্তন কেনেকৈ সংঘটিত হয় ?

উত্তৰ :- সাংস্কৃতিক পৰিৱৰ্তন হৈছে সমাজে সংস্কৃতিৰ আৰ্হি পৰিৱৰ্তন কৰা এক ধাৰা। এনে সাংস্কৃতিক পৰিৱৰ্তন কেতিয়াবা খুউব ধীৰ গতিৰেও হ’ব পাৰে আৰু কেতিয়াবা ক্ষিপ্ৰ হ’বও পাৰে।সাংস্কৃতিক পৰিৱৰ্তনৰ চালিকা শক্তি আভ্যন্তৰীণ অথবা বাহ্যিক হ’ব পাৰে। আভ্যন্তৰীণ কাৰণ যেনে- নতুন কৃষি পদ্ধতিয়ে কৃষি উৎপাদন বৃদ্ধি কৰি কৃষিজীৱি সম্প্ৰদায়ৰ জীৱন ধাৰণৰ পৰিৱৰ্তন ঘটোৱা। আনহাতে উপনিৱেশ স্থাপন কৰাৰ দৰে বাহ্যিক কাৰকে এখন সমাজৰ সাংস্কৃতিক ৰীতি-নীতি আৰু আচৰণ বিধি গভীৰভাৱে সলনি কৰে। এইটো বাহ্যিক কাৰকৰ অন্তৰ্ভুক্ত।

প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তনে মানুহৰ জীৱন প্ৰণালীৰ আমূল পৰিৱৰ্তন ঘটাই সাংস্কৃতিক পৰিৱৰ্তন সাধন কৰে। আন সংস্কৃতিৰ লগত সংস্পৰ্শলৈ আহিও এটা সংস্কৃতিৰ পৰিৱৰ্তন হ’ব পাৰে। সাংস্কৃতিৰ পৰিৱৰ্তনত আইনেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ভাৰতীয় সমাজত মহিলাৰ স্থান উন্নত কৰাত আইনৰ ভূমিকাৰ বিষয়ে এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি।ইয়াৰোপৰি সংস্কৃতিৰ বিৱৰ্তনমূলক পৰিৱৰ্তনৰ লগে লগে বৈপ্লৱিক পৰিৱৰ্তনো হ’ব পাৰে। যেতিয়া এটা সংস্কৃতিৰ ক্ষিপ্ৰ ৰূপান্তৰ হয় তেতিয়া ইয়াৰ মূল্যবোধ পদ্ধতিৰো আমূল পৰিৱৰ্তন ঘটে। ৰাজনৈতিক হস্তক্ষেপ কাৰিকৰী, উন্নয়ন আদিয়ে বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰে। এনেদৰেই সংস্কৃতিৰ পৰিৱৰ্তন ঘটে।

১৩। সামাজিকৰণ কি ? সামাজিকৰণৰ প্ৰতিনিধিবোৰ কি কি ? 

উত্তৰ :- সামাজিকৰণ এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা এটা অবোধ শিশুৱে লাহে লাহে নিজৰ অস্তিত্ব বুজি উঠে, জ্ঞান আহৰণ কৰে আৰু তেওঁ জন্ম গ্ৰহণ কৰা সাংস্কৃতিক প্ৰণালী সমূহৰ কৌশল আয়ত্ব কৰে।

অৰ্থাৎ এটি শিশুক জন্মৰে পৰা সমাজৰ আকাংক্ষিত আচৰণৰ শিক্ষা দিয়া সমাজৰ উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলা প্ৰক্ৰিয়াই হ’ল সামাজিকৰণ। ই এটা জীৱনজোৰা শিক্ষা প্ৰক্ৰিয়া।

সামাজিকৰণ অভিকৰণ সমূহ : এটা শিশুৰ সামাজিকৰণত কেইবাটাও প্ৰতিনিধি আৰু সংস্থা জড়িত হৈ থাকে। সেইবোৰ হ’ল- পৰিয়াল, পঢ়াশালি, সমনীয়া সমূহ, ওচৰ-চুবুৰীয়া, মাধ্যম যেনে- ৰেডিঅ’, টি.ভি. আদি।

১৪। সামাজিকৰণত পৰিয়ালৰ ভূমিকা কেনে ? 

উত্তৰ :- সামাজিকৰণত প্ৰধান আৰু প্ৰথম প্ৰতিনিধিয়েই হ’ল পৰিয়াল। পৰিয়ালক সামাজিক জীৱনৰ প্ৰথম পদক্ষেপ বুলি কোৱা হয়। কিয়নো, পৰিয়ালক কেন্দ্ৰ কৰিয়েই মানুহৰ সামাজিক জীৱন আৰম্ভ হয়। এটা শিশুৱে জন্মৰ পৰা আৰম্ভ কৰি পৰিয়ালতেই ডাঙৰ-দীঘল হৈ মৃত্যু পৰ্যন্ত সামাজিক শিক্ষা আহৰণ কৰি সমাজৰ এজন সদস্য হিচাপে পৰিগণিত হয়।

মানৱ ভাৱৰ আদান-প্ৰদানৰ জৰিয়তে শিশুক বিভিন্ন শিক্ষা দিয়া হয়। পৰিয়ালৰ আন লোকসকলৰ লগত শিশুটিৰ সম্বন্ধ, পৰিয়ালৰ ৰীতি-নীতি, ধৰ্মবিশ্বাস, অন্য ব্যক্তিৰ প্ৰতি ব্যৱহাৰ ইত্যাদি বহুতো কথা পৰিয়ালতেই শিকে।

‘ঘৰখনেই শিক্ষাৰ ঘাই কঠিয়াতলী’ অৰ্থাৎ শিশুৰ সকলো শিক্ষাৰ বীজ বা মূলৰ আৰম্ভ হয় পৰিয়াল বা ঘৰখনৰ পৰাই। সামাজিক শৃংখলা, সংঘৱদ্ধতা, উচিত-অনুচিত আদিৰ ক্ষেত্ৰত পৰিয়ালেই শিশুৰ ওপৰত বিশেষ লক্ষ্য ৰাখে। কোনো পৰিয়ালৰ শিশুকেই পৰিয়ালৰ সদস্যসকলে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা নকৰে। পৰিয়ালৰ যোগেদিহে শিশুৱে সমাজৰ আন ব্যক্তিসকলৰ লগত পৰিচয় হোৱাৰ সুবিধা পায়। গতিকে, ক’ব পাৰি পৰিয়ালেই শিশুৰ সামাজিকৰণৰ প্ৰথম আৰু প্ৰধান স্থল।

১৫। ভাৰতীয়া সংস্কৃতিক কিয় ‘সংমিশ্ৰিত সংস্কৃতি’ বোলা হয় ? 

উত্তৰ :- পৃথিৱীৰ সকলোবোৰ দেশৰ সকলো সমাজৰ সংস্কৃতি আন সংস্কৃতিৰ সংযোজনত গঢ়ি উঠে। ভৰতীয় সংস্কৃতিত বিভিন্ন সংস্কৃতিৰ সংমিশ্ৰণত হোৱা সংস্কৃতি। সেয়ে ভাৰতীয় সংস্কৃতিক এক সংমিশ্ৰিত সংস্কৃতি বোলা হয়।

১৬। সামাজিকৰণত প্ৰতিবেশী আৰু জনসংযোগৰ মাধ্যম সমূহৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা।

উত্তৰ :- শিশুৰ সামাজিকৰণত পৰিয়ালৰ দৰেই প্ৰতিবেশী বা ওচৰ-চুবুৰীয়া সকলৰ ভূমিকাও অনস্বীকাৰ্য। এইটো সহজেই পৰিলক্ষিত হয় যে গ্ৰাম্য সমাজত প্ৰতিবেশী আৰু পৰিয়ালৰ লোকসকলৰ মাজত বিশেষ ব্যৱধান থকা দেখা নাযায়। ওচৰ-চুবুৰীয়া লোকসকলক পৰিয়ালৰ অন্তৰ্গত সদস্যৰ দৰে পাৰস্পৰিকভাৱে বান্ধ খাই থাকে। প্ৰতিৱেশী সকলে সুখ-দুখ, হাঁহি-কান্দোন, অপয়-অমংগলৰ সততে সমভাগী হয়। 

গ্ৰাম্য-সমাজৰ প্ৰতিৱেশীসকলৰ আচৰণ প্ৰণালী, কাৰ্য-কলাপ, আদৰ্শ-দৃষ্টিভংগী, সহায়-সহযোগিতা আদি পৰিয়ালৰ লোকসকলৰ দৰে শিশুৱে আহৰণ কৰে। সেইবাবেই, প্ৰতিৱেশীসকলৰ স্বভাৱ-চৰিত্ৰ, চাল-চলন, শিশুৰ ক্ষেত্ৰতো প্ৰতিফলিত হোৱা দেখা যায়।

জনসংযোগৰ মাধ্যম যেনে- বাতৰি কাকত, ৰেডিঅ’, টেলিভিশ্যন, চলচ্চিত্ৰ, বক্তৃতামঞ্চ ইত্যাদি বিলাকেও শিশুৰ সামাজিকীকৰণত বৰ্তমান সময়ত বিশেষভাৱে প্ৰভাব পেলোৱা পৰিলক্ষিত হয়। গ্ৰাম্য সমাজতকৈ লগৰীয়া সমাজত জনসংযোগৰ বিভিন্ন মাধ্যম থকাৰ বাবে লগৰীয়া সমাজৰ ল’ৰা-ছোৱালীবিলাকো গ্ৰাম্য সমাজৰ তুলনাত কম বয়সৰ পৰাই বিভিন্ন দিশৰ জ্ঞান আহৰণৰ ক্ষেত্ৰত আগবঢ়া দেখা যায়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে জনসংযোগৰো আন মাধ্যম ওলাইছে। এইবিলাকে ল’ৰা-ছোৱালীক সৰু অৱস্থাৰ পৰাই সামাজিক জীৱনৰ লগত পৰিচয় ঘটোৱাৰ সুবিধা আনি দিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top