Class 11 Sociology Chapter 8 পৰিৱেশ আৰু সমাজ

Class 11 Sociology Chapter 8 পৰিৱেশ আৰু সমাজ answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Sociology Chapter 8 পৰিৱেশ আৰু সমাজ and select needs one.

Class 11 Sociology Chapter 8 পৰিৱেশ আৰু সমাজ

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Sociology Chapter 8 পৰিৱেশ আৰু সমাজ Solutions for All Subject, You can practice these here.

পৰিৱেশ আৰু সমাজ

পাঠ: 8

দ্বিতীয় খণ্ড

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। পৰিস্থিতি বিজ্ঞান বুলিলে কি বুজা ?

উত্তৰ :- সকলো সমাজৰে একো একোটা পাৰিপাৰ্শ্বিক আধাৰ থাকে। মানুহ আৰু পাৰিপাৰ্শ্বিকতাৰে মাজত এটা আন্তঃক্ৰিয়া নিৰৱচ্ছিন্ন ভাৱে চলি থাকে। পৰিস্থিতি বিজ্ঞান (ecology) শব্দটোৱে ভৌতিক আৰু জৈৱিক পদ্ধতি আৰু প্ৰক্ৰিয়াৰ জালখনৰ অৰ্থ প্ৰকাশ কৰে, যিখন জালৰ মানুহো এটা উপাদান। পৰ্বত-পাহাৰ, নৈ-সমতল, গছ-গছনি, জীৱ-জন্তু এই সকলোবোৰ পৰিস্থিতি বিজ্ঞানৰ অন্তৰ্ভুক্ত।

২। পাৰিপাৰ্শ্বিকতাৰ ওপৰত মানুহৰ কাৰ্যকলাপৰ প্ৰভাৱ কেনে ? আলোচনা কৰা।

উত্তৰ :- পাৰিপাৰ্শ্বিকতাৰ ওপৰত মানুহৰ কাৰ্যকলাপৰ প্ৰভাৱ পূৰ্বৰে পৰা আছিল যদিও আধুনিক যুগত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ তীব্ৰ বিকাশে এই প্ৰভাৱক বেছি গম্ভীৰ কৰি তুলিছে।সাম্প্ৰতিক সময়ত অনাবৃষ্টি, বানপানী আদিৰ দৰে প্ৰাকৃতিক পৰিঘটনা বিলাকতো মানুহৰ কাৰ্য কলাপৰ প্ৰভাৱ দেখা যায়। জধে-মধে গছ-গছনি কটা আৰু প্ৰাকৃতিক জলাশয় পুতি আৱাসিক বা উদ্যোগীক নিৰ্মাণকাৰ্য চলোৱাৰ ফলতে বানপানী বৃদ্ধি পাইছে। আধুনিক কৃষি কৰ্মত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যই জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে কৃষিকৰ্মৰ বাবে গভীৰ নলী-নাদৰ ব্যৱহাৰে ভূ-গৰ্ভস্থ পানীৰ নাটনিৰ সৃষ্টি কৰিছে। সেইদৰে নিৰ্মাণ কাৰ্যত ব্যৱহৃত চিমেণ্ট তৈয়াৰ কৰিবলৈ চূণশীল, ইটা তৈয়াৰ কৰিবলৈ মাটি, শিলৰ বাবে পাহাৰ খনন কাৰ্যই পাৰিপাৰ্শ্বিকতাৰ ওপৰত প্ৰভাৱ পেলোৱাৰ লগতে চিমেণ্ট, ইটা আৰু শিল প্ৰস্তুত কৰা উদ্যোগেও পাৰিপাৰ্শ্বিকতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে।

এনেদৰে মানুহৰ কাৰ্যকলাপে পাৰিপাৰ্শ্বিকতাৰ ওপৰত অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়।

৩। পৰিস্থিতি বিজ্ঞান কেৱল প্ৰাকৃতিক শক্তিবোৰতেই সীমিত নহয় কিয় ? 

উত্তৰ :- পৰ্বত-পাহাৰ, নৈ-সমতল, গছ-গছনি, জীৱ-জন্তু, জলবায়ু আদি পৰিস্থিতি বিজ্ঞানৰ ভিতৰুৱা বস্তু। কিন্তু এই বস্তুবোৰৰ ওপৰত মানুহৰ কাম-কাজৰ প্ৰভাৱ পৰে। সেয়েহে পৰিস্থিতি বিজ্ঞান কেৱল প্ৰাকৃতিক শক্তিবোৰতেই সীমিত নহয়।

৪। সামাজিক পৰিৱেশ কি ? সামাজিক প্ৰক্ৰিয়া কেনেদৰে এটা উভমুখী প্ৰক্ৰিয়া ব্যাখ্যা কৰা।

উত্তৰ :- পাৰিপাৰ্শ্বিকতা আৰু মানুহৰ হস্তক্ষেপ আন্ত:ক্ৰিয়াৰ দ্বাৰা সামাজিক পৰিৱেশৰ জন্ম হয়। অৰ্থাৎ পাৰিপাৰ্শ্বিকতাই মানৱ সমাজৰ ওপৰত পেলোৱা প্ৰভাৱ আৰু মানুহে- পাৰিপাৰ্শ্বিকতাত হস্তক্ষেপ কৰাৰ ফলত সামাজিক পৰিৱেশৰ সৃষ্টি হয়।সামাজিক পৰিৱেশ এটা উভমুখী প্ৰক্ৰিয়া। অৰ্থাৎ যিদৰে প্ৰকৃতিয়ে সমাজক গঢ় দিয়ে, ঠিক সেইদৰে সমাজেও প্ৰকৃতিক গঢ় দিয়ে। উদাহৰণস্বৰূপে নদী কাষৰীয়া অঞ্চলবোৰ কৃষিকৰ্মৰ উপযোগী বাবেই নদীৰ পাৰত মানৱ সভ্যতাৰ বিকাশ ঘটিছিল। সেইদৰে যোগাযোগৰ সুচলতাৰ বাবেই নদী আৰু সাগৰৰ তীৰত ব্যৱসায়িক নগৰবিলাক গঢ় লৈ উঠিছিল। ভাৰতৰ মুম্বাই, কলকাতা, কেৰেলাৰ কোজিকভৰ দৰে নগৰৰ উৎপত্তিৰ মূল কাৰণো এইটোৱেই। আনহাতে সমাজে প্ৰকৃতিক গঢ় দিয়াৰ উদাহৰণো কম নহয়। আধুনিক যুগত বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত হোৱা অকল্পনীয় বিকাশে প্ৰকৃতিৰ ওপৰত মানুহৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে। বৰ্তমান পুজিবাদী ব্যৱস্থাত ব্যক্তিগত বাহনৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ ফলত বায়ু প্ৰদূষণ গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে পৰিঘটনা সংঘটিত হৈছে। বিদ্যুৎ শক্তি উৎপাদনৰ বাবে সৃষ্টি কৰা বৃহৎ নদীবান্ধে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাইছে। প্ৰাকৃতিক সম্পদ যেনে খাৰুৱাতেল, প্ৰাকৃতিক গেছ আদিৰ বাবে যুদ্ধ পৰ্যন্ত সংঘটিত হৈছে।এনেধৰণে দেখা যায় যে যেনেকৈ প্ৰকৃতিয়ে মানৱ সমাজৰ ওপৰত প্ৰভাৱ পেলাই মানৱ সমাজেও প্ৰকৃতিৰ ওপৰত প্ৰভাৱ পেলায়। সেয়েহে ই এটা উভমুখী প্ৰক্ৰিয়া।

৫। সামাজিক পৰিৱেশক কিহে পৰিচালিত কৰে আৰু কেনেকৈ ?   

উত্তৰ :- আধুনিক সমাজত সামাজিক সংগঠনৰ দ্বাৰা পৰিৱেশ আৰু সমাজৰ আন্তঃক্ৰিয়াক আকাৰ প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে কাৰ দ্বাৰা আৰু কেনেকৈ প্ৰাকৃতিক সম্পদবোৰ ব্যৱহাৰ কৰা হ’ব সেইটো আধুনিক সমাজত ৰাষ্ট্ৰীই নিৰ্ধাৰণ কৰে। গতিকে অৰণ্যৰ কাঠ ব্যৱসায়িক দিব নে অন্য ৰাজহুৱা কামত ব্যৱহাৰ কৰিব সেইটো ৰাষ্ট্ৰীয় নিৰ্ধাৰণ কৰে। ব্যক্তি আৰু সমূহে পৰিৱেশৰ সৈতে কেনেদৰে সম্বন্ধ স্থাপন কৰিব বা ব্যক্তি আৰু পৰিৱেশৰ সম্বন্ধ কেনে হ’ব সেইটোত সামাজিক সংগঠনে প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে ভাৰতৰ গাওঁবোৰত ৰন্ধা বঢ়া কাৰ্যত খৰিৰ ব্যৱহাৰ কৰা হয় বাবে অৰণ্যৰ ওপৰত হেচা পৰে। কিন্তু যদি ৰাষ্ট্ৰ গাঁৱত জৈৱিক গেছ উৎপাদনৰ ব্যৱস্থা কৰে তেন্তে ৰন্ধা বঢ়াৰ বাবে ব্যক্তিয়ে জৈৱিক গেছ ব্যৱহাৰ কৰিব আৰু তেতিয়া অৰণ্যৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস পাব। এনেদৰে সামাজিক পৰিৱেশক সামাজিক সংগঠনে পৰিচালিত কৰে।

৬। কিয় পাৰিপাৰ্শ্বিক ব্যৱস্থাপনা সমাজৰ কাৰণে এক বিশাল আৰু জটিল কাম ? 

উত্তৰ :- সাম্প্ৰতিক সময়ত পৰিৱেশ ব্যৱস্থাপনা এটা অত্যন্ত জগ্গটিল বিষয় হৈ পৰিছে। উদ্যোগীকৰণ আৰু জন-বিষ্ফোৰণে সম্পদৰ নাটনিৰ সৃষ্টি কৰিছে। সাম্প্ৰতিক সময়ত মাটি, পানী আৰু আনকি বিশুদ্ধ বায়ুৰো নাটনি হৈছে। উদ্যোগ আৰু আৱাসিক অঞ্চল নিৰ্মাণত কৃষিভূমি ব্যৱহাৰ কৰাৰ ফলত কৃষিভূমি ক্ৰমান্বয়ে কমি আহিছে। আনহাতে ক্ৰমান্বয়ে সংকুচিত হৈ অহা কৃষিভূমিত ক্ৰমবৰ্ধমান জনসংখ্যাৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যই পৰিৱেশত কু-প্ৰভাৱ পেলোৱাৰ লগতে জৈৱ-বৈচিত্ৰ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে।

ইয়াৰোপৰি জনবিষ্ফোৰণৰ ফলত প্ৰয়োজন হোৱা আৱাসিক এলেকা, উদ্যোগ, অনুষ্ঠান-প্ৰতিষ্ঠান আদি নিৰ্মাণৰ বাবে পাহাৰ-পৰ্বত ধ্বংস কৰা হৈছে, প্ৰাকৃতিক জলাশয় পুতি পেলোৱা হৈছে। এনে কাৰ্যয়ো প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিছে।

তদুপৰি জীৱন ধাৰণৰ মানদণ্ড বৃদ্ধি পোৱাৰ ফলত বিদ্যুৎৰ চাহিদাৰ লগতে গাড়ী-মটৰ চলাবৰ বাবে খাৰুৱা তেল আদিৰো চাহিদা বৃদ্ধি পাইছে। বিদ্যুৎ উৎপাদনৰ বাবে সৃষ্টি কৰা বৃহৎ নদীবান্ধে পাৰিপাৰ্শ্বিকতাৰ ওপৰত প্ৰভাৱ পেলাইছে। গাড়ী-মটৰ, ৰেফ্ৰিজাৰেটৰ, বাতানুকুল যন্ত্ৰ আদিৰ ব্যাপক ব্যৱহাৰে বায়ু মণ্ডলত কাৰ্ব-ডাই-অক্সাইড গেছৰ মাত্ৰা বৃদ্ধি কৰি সেউজ গৃহ (Green House) ৰ প্ৰভাৱ বৃদ্ধি কৰিছে।কিন্তু আজিৰ সমাজত কৃষি উৎপাদন বৃদ্ধি বা বিদ্যুৎৰ উৎপাদন বৃদ্ধিৰ কোনো বিকল্প নাই। ‘সেউজ গৃহ’ প্ৰভাৱ বৃদ্ধি পাইছে যদিও আধুনিক জীৱন ধাৰাৰ পৰা গাড়ী-মটৰ, উদ্যোগ প্ৰতিষ্ঠান আদি বাদ দিব নোৱাৰা হৈ পৰিছে। সেয়েহে পৰিৱেশ ব্যৱস্থাপনা এটা কঠিন কাম হৈ পৰিছে।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সমাজ সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক
Chapter 2প্ৰাথমিক অৱধাৰণা
Chapter 3 সামাজিক সংস্থা
Chapter 4সমাজ আৰু সংস্কৃতি
Chapter 5ব্যৱহাৰিক সমাজতত্ব গৱেষণা পদ্ধতি আৰু কৌশল
Unit 2দ্বিতীয় খণ্ড
Chapter 1সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া
Chapter 2 সামাজিক পৰিৱৰ্তন
Chapter 3পৰিৱেশ আৰু সমাজ
Chapter 4পাশ্চাত্য সমাজতত্ত্ববিদসকল-এক পৰিচয়
Chapter 5ভাৰতীয় সমাজতত্ত্ববিদসকলৰ এক পৰিচয়

এইবোৰৰ উপৰি বৰ্তমানৰ জটিল উদ্যোগীক প্ৰযুক্তিবিদ্যাই মানুহক এখন বিপদ সংকুল সমাজত থাকিবলৈ বাধ্য কৰিছে। বিদ্যুৎ উৎপাদনৰ বাবে সৃষ্টি কৰা বৃহৎ আকৃতিৰ বান্ধবোৰ, পাৰমাণৱিক শক্তি উৎপাদন কেন্দ্ৰবোৰ বা বৃহৎ উদ্যোগীক প্ৰকল্পবোৰ কেতিয়াও বিপদ সংকুলতাৰ উৰ্ধত নহয়। ভূপালৰ গেছ দুৰ্গটনা বা চেৰণবীলৰ পাৰমাণৱিক বিপৰ্যয়ে এইটোকে প্ৰমাণ কৰে যে উদ্যোগীক পৰিৱেশত বিপদ অত্যন্ত স্বাভাৱিক। এইবোৰ কাৰণতে পাৰিপাৰ্শ্বিক ব্যৱস্থাপনা অত্যন্ত জটিল বিষয় হৈ পৰিছে।

৭। পৰিৱেশ সম্বন্ধীয় মূল সমস্যাবোৰ কি কি ?

উত্তৰ :- পৰিৱেশ সম্বন্ধীয় সমস্যাবোৰ দেশ ভেদে বেলেগ বেলেগ হ’ব পাৰে যদিও, সমগ্ৰ বিশ্বৰে প্ৰধান সমস্যাৰূপে বিবেচিত কেইটামান সমস্যাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল- 

(ক) সম্পদ হ্ৰাস : সম্পদ হ্ৰাস সমগ্র পৃথিৱীৰ বাবেই এটা গুৰুত্বপূৰ্ণ সমস্যা। খাৰুৱা তেল, প্ৰাকৃতিক গেছ, পানী আৰু ভূমিৰ দৰে প্ৰাকৃতিক সম্পদ ক্ষিপ্ৰগতিত হ্ৰাস পাইছে। উদ্যোগীকৰণ আৰু জনবিষ্ফোৰণৰ ফলতেই এই সম্পদসমূহ উদ্বেগজনক ভাৱে হ্ৰাস পাইছে। উদ্যোগ আৰু গৃহ নিৰ্মাণৰ বাবে পাহাৰ খনন, আদ্ৰভূমি ধ্বংস কৰা, অৰণ্য ধ্বংস কৰা আদি কাৰ্যই পৰিৱেশ পৰিৱৰ্তন কৰাৰ লগতে জৈৱ-বৈচিত্ৰ্যতাও ধ্বংস কৰিছে।

(খ) প্ৰদূষণ : সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰে বায়ুমণ্ডল উদ্বেগজনকভাৱে প্ৰদূষিত হৈ পৰিছে। কল-কাৰখানা, যান-বাহন আদিৰ পৰা নিৰ্গত হোৱা ধোঁৱাই পৰিৱেশ বিষাক্ত কৰি তুলিছে। কৃষিক্ষেত্ৰত ব্যৱহাৰ হোৱা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যই ভূমিজল দূষিত কৰি পেলাইছে। ঘৰুৱা আৰু নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা সামগ্ৰী যেনে- প্লাষ্টিক ভূমি প্ৰদূষণৰ এটা গুৰুত্বপূৰ্ণ কাৰক হৈ পৰিছে। প্ৰদূষণৰ ফলত মানুহৰ ছালৰ ৰোগ বৃদ্ধি পোৱাৰ লগতে শ্বাস-প্ৰশ্বাসজনিত ৰোগো বৃদ্ধি পাইছে। প্ৰদূষণে জৈৱ বৈচিত্ৰ্যতাৰ ওপৰতো কু-প্ৰভাৱ পেলায়।

(গ) গোলকীয় উষ্ণতাবৃদ্ধি : কাৰ্বন-ডাই-অক্সাইড, মিথেন আদিৰ দৰে কিছুমান গেছ সূৰ্যৰ তাপ ধৰি ৰাখি দুনাই বায়ুমণ্ডললৈ উলাই যাব নিদি সেউজ গৃহ (green house) প্ৰভাৱ সৃষ্টি কৰে। এই সেউজ গৃহ প্ৰভাৱৰ ফলত বিশ্বৰ উষ্ণতা বৃদ্ধি পাইছে আৰু মেৰু অঞ্চলৰ বৰফ গলি সাগৰ সৃষ্টি হৈছে। গোলকীয় উষ্ণতাৰ পৰিণাম স্বৰূপে সমগ্ৰ পৃথিৱীৰ জলবায়ুত প্ৰচুৰ হেন্দোলনি আৰু অনিশ্চয়তা দেখা দিছে।

৮। প্ৰদূষণৰ সৈতে জড়িত কেইটামান গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক শংকা কি কি ?

উত্তৰ :- সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰে বায়ুমণ্ডল উদ্বেগজনকভাৱে প্ৰদূষিত হৈ পৰিছে। কল-কাৰখানা, যান-বাহন আদিৰ পৰা নিৰ্গত হোৱা ধোঁৱাই পৰিৱেশ বিষাক্ত কৰি তুলিছে। কৃষিক্ষেত্ৰত ব্যৱহাৰ হোৱা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যই ভূমিজল দূষিত কৰি পেলাইছে। ঘৰুৱা আৰু নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা সামগ্ৰী যেনে- প্লাষ্টিক ভূমি প্ৰদূষণৰ এটা গুৰুত্বপূৰ্ণ কাৰক হৈ পৰিছে। প্ৰদূষণৰ ফলত মানুহৰ ছালৰ ৰোগ বৃদ্ধি পোৱাৰ লগতে শ্বাস-প্ৰশ্বাসজনিত ৰোগো বৃদ্ধি পাইছে। পদূষণে জৈৱ বৈচিত্ৰ্যতাৰ ওপৰতো কু-প্ৰভাৱ পেলায়।

৯। প্ৰাকৃতিক সম্পদ হ্ৰাসৰ সৈতে জড়িত মূখ্য পাৰিপাৰ্শ্বিক সমস্যাবোৰ কেনে ?

উত্তৰ :- সম্পদ হ্ৰাস সমগ্ৰ পৃথিৱীৰ বাবেই এটা গুৰুত্বপূৰ্ণ সমস্যা। খাৰুৱা তেল, প্ৰাকৃতিক গেছ, পানী আৰু ভূমিৰ দৰে প্ৰাকৃতিক সম্পদ ক্ষিপ্ৰগতিত হ্ৰাস পাইছে। উদ্যোগীকৰণ আৰু জনবিষ্ফোৰণৰ ফলতেই এই সম্পদসমূহ উদ্বেগজনক ভাৱে হ্ৰাস পাইছে। উদ্যোগ আৰু গৃহ নিৰ্মাণৰ বাবে পাহাৰ খনন, আদ্ৰভূমি ধ্বংস কৰা, অৰণ্য ধ্বংস কৰা আদি কাৰ্যই পৰিৱেশ পৰিৱৰ্তন কৰাৰ লগতে জৈৱ-বৈচিত্ৰ্যতাও ধ্বংস কৰিছে।

১০। প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশ বিপৰ্যয়ৰ এটাকৈ উদাহৰণ দিয়া।

উত্তৰ :- প্ৰকৃতিয়ে সদায়েই পৰিৱেশক প্ৰভাৱিত কৰি আহিছে। কিন্তু কেতিয়াবা প্ৰকৃতিয়ে অতি কঠোৰ ৰূপ লয় আৰু মানৱ সমাজলৈ বিপৰ্যয় কঢ়িয়াই আনে। এনে প্ৰাকৃতিক বিপৰ্যয়ৰ উদাহৰণ হ’ল ভূমিকম্প, ছুনামী আদি।

আনহাতে সাম্প্ৰতিক যুগত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ  বিকাশৰ ফলত সৃষ্টি হোৱা প্ৰযুক্তিগতভাৱে অতি জটিল আৰু অতিকায় উদ্যোগবিলাকে আমাৰ সমাজলৈ বিপৰ্যয় কঢ়িয়াই আনে উদাহৰণস্বৰূপে ১৯৮৮ চনত ভূপালত ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত হাজাৰ হাজাৰ মানুহৰ প্ৰাণ গৈছিল। ই এটা মানৱ সৃষ্ট বিপৰ্যয়ৰ উদাহৰণ।

১১। পাৰিপাৰ্শ্বিক সমস্যাবোৰ কেনেকৈ সামাজিক সমস্যা হ’ব পাৰে ? আলোচনা কৰা।

উত্তৰ :- পাৰিপাৰ্শ্বিক সমস্যাবোৰে সমাজত প্ৰভাৱ পেলায় আৰু সমাজে পাৰিপাৰ্শ্বিকতাৰ ওপৰত প্ৰভাৱ পেলায়- যাৰ বাবে পাৰিপাৰ্শ্বিক সমস্যাবোৰ সামাজিক সমস্যা হৈ পৰে। মানুহে কিমানদূৰ পাৰিপাৰ্শ্বিক সমস্যাৰ পৰা নিজকে বচাই ৰাখিব পাৰে সেইটো নিৰ্ভৰ কৰে ব্যক্তিৰ হাতত থকা অৰ্থ, ক্ষমতা বা সামাজিক পৰিস্থিতিৰ ওপৰত। বহুসময়ত আকৌ দেখা যায় যে এটা চামে এনে সমস্যা সমাধান কৰাৰ বাবে কৰা প্ৰয়াসে সামগ্ৰীকভাৱে পৰিৱেশ আৰু বেয়া কৰে। উদাহৰণস্বৰূপে গুজৰাটৰ কচ্চ অঞ্চলত পানীৰ নাটনিৰ কাৰণে ধনী কৃষক সকলে গভীৰ নলী-নাদৰ ব্যৱস্থা কৰি লাভজনক শস্যৰ উৎপাদন কৰিছে। কিন্তু ইয়াৰ ফলত সেই অঞ্চলৰ কুৱাবোৰ শুকাই গৈছে আৰু গাঁৱৰ দুখীয়া লোকসকলে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। সেইদৰে মহানগৰীয়া জীৱন আৰু উদ্যোগৰ বাবে প্ৰয়োজনীয় বিদ্যুৎ শক্তি আহৰণৰ বাবে বৃহৎ নদীবান্ধৰ প্ৰয়োজন হৈছে। এনে বৃহৎ নদীবান্ধৰ বাবে বহুলোকৰ পৈত্ৰিক ভূমিৰ পৰা উচ্ছেদ কৰিবলগীয়া হয়, বহু কৃষকৰ কৃষিভূমি নষ্ট হয় আৰু লগতে পৰম্পৰাগত ভাৱে নদীকাষৰীয়া ৰাইজে নদীৰ পৰা পায় অহা সুবিধাবোৰ হেৰুৱাবলগীয়া হয়। ইয়াৰোপৰি এনে নদীবান্ধ নামনিৰ সমগ্ৰ অঞ্চলটো বিপদ সংকুল কৰি তোলে।এনেদৰে পাৰিপাৰ্শ্বিক সমস্যাবোৰে সামাজিক সমস্যাৰ সৃষ্টি কৰে।

১২। সামাজিক পৰিস্থিতি বিজ্ঞান মানে কি ?

উত্তৰ :- সাম্প্ৰতিক সময়ত পৰিৱেশ সম্বন্ধীয় যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে তেনে প্ৰায়বোৰ সমস্যাৰ উৎস হৈছে আমাৰ সমাজত গভীৰভাৱ শিপাই থকা সামাজিক সমস্যাবোৰ। সমাজৰ পটভূমিত পাৰিপাৰ্শ্বিক সমস্যাৰাজিৰ অধ্যয়ন কৰাকে সামাজিক পৰিস্থিতি বিজ্ঞান বুলি কোৱা হয়। বিভিন্ন অধ্যয়নে এইটো প্ৰমাণ কৰিছে যে পৰিৱেশ সম্বন্ধীয় সংকটৰ গুৰি ধৰে সামাজিক বৈষম্যই। সেয়েহে পৰিৱেশ সম্বন্ধীয় সমস্যাবোৰৰ  সমাধান কৰিবলৈ পৰিৱেশ আৰু সমাজৰ সম্বন্ধবোৰৰ পৰিৱৰ্তন কৰিব লাগিব। অৰ্থাৎ পৰিৱেশ সংক্ৰান্তীয় সমস্যাবোৰৰ সামাজিক পটভূমি আছে- যাৰ বাবে সামাজিক পৰিস্থিতি বিজ্ঞানৰ আৱশ্যকতা আহি পৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top