Class 10 History Elective Chapter 4 দ্বিতীয় বিশ্বযুদ্ধ

Class 10 History Elective Chapter 4 দ্বিতীয় বিশ্বযুদ্ধ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 History Elective Chapter 4 দ্বিতীয় বিশ্বযুদ্ধ and select need one.

Class 10 History Elective Chapter 4 দ্বিতীয় বিশ্বযুদ্ধ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 History Elective Chapter 4 দ্বিতীয় বিশ্বযুদ্ধ Solutions for All Subject, You can practice these here…

দ্বিতীয় বিশ্বযুদ্ধ

অধ্যায় – ৪

ইতিহাস

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

প্রশ্ন ১। তলত দিয়া ঘটনাবোৰৰ চন-তাৰিখ উল্লেখ কৰা : 

১। জার্মানীৰ ছোভিয়েট ৰাচিয়া আক্রমণ।

২। অপাৰেচন টর্চ।

৩। প্রিন্স অব ওৱেলছৰ পতন।

৪। ছিংগাপুৰৰ আত্মসমর্পণ

৫। হিৰ’ছিমা আৰু নাগাচাকিত এটম বোমা নিক্ষেপ। 

৬। দোগলাছ মেক আৰ্থাৰৰ ওচৰত জাপানৰ আত্মসমর্পণ।

৭। ফিলিপাইনছৰ স্বাধীনতা।

উত্তৰ:- তলত ঘটনাবোৰৰ চন-তাৰিখ উল্লেখ কৰা হ’ল-

সংঘটিত ঘটনাচন তাৰিখ
১। জার্মানীৰ ছোভিয়েট বাচিয়া আক্রমণ১৯৪১ চনৰ ২২ জুন
২। অপাবেচন টর্চ১৯৪২ জনৰ অক্টোৱৰত
৩। প্রিন্স অৱ ওৱেলছৰ পতন১৯৪১ চনৰ ১০ ডিচেম্বৰ
৪। ছিংগাপুৰৰ আত্মসমর্পণ১৯৪২ চনৰ ১৫ ফেব্ৰুৱাৰীত
৫। হিৰ’ছিমা আৰু নাগাচাকিত এটম বোমা নিক্ষেপহিৰ’ছিমাত ১৯৪৫ৰ ৬ আগষ্ট নাগাচাকিত ১৯৪৫ চনৰ ৯ আগষ্ট
৬।দোগলাছ মেক আৰ্থাবৰ ওচৰত জাপানৰ আত্মসমর্পণ১৯৪৫ চনৰ ২ চেপ্তেম্বৰ
৭। ফিলিপাইনছৰ স্বাধীনতা১৯৪৫ চনত।

তলত উল্লেখ কৰা প্ৰশ্নবোৰৰ উত্তৰ দিয়া

প্রশ্ন ১। নৰওৱে আক্ৰমণত হিটলাৰে কিমানখন যুদ্ধ জাহাজ ব্যৱহাৰ কৰিছিল ?

উত্তৰ :- নৰওৱে আক্ৰমণত হিটলাৰে ৮০০ খন যুদ্ধ জাহাজ ব্যৱহাৰ কৰিছিল। 

প্রশ্ন ২। ভাইডকুন কুইজলিং কোন আছিল ?

উত্তৰ :- ভাইডকুন কুইজলিং নৰওৱেৰ লোক আছিল। তেওঁ ফেচীবাদৰ

সমর্থক আছিল। ভাইডকুন কুইজলিঙৰ নেতৃত্বত নৰওৱেত এটা ফেচিষ্ট দল সংগঠন কৰি হিটলাৰৰ সৈতে যোগাযোগ আৰম্ভ কৰা হৈছিল। 

প্রশ্ন ৩। ফ্রি ফ্রান্স আন্দোলন কোনে সংগঠিত কৰিছিল ?

উত্তৰ :- ফ্রি ফ্রান্স আন্দোলনৰ সংগঠক হ’ল কৰ্ণেল (পিছত জেনেৰেল) ছাৰ্লচ ডি গলো সহ কেইগৰাকীমান সামৰিক বিষয়া।এওঁলোকে হিটলাৰৰ হাতত ফ্ৰান্সৰ পতন হোৱাত ইংলেণ্ডলৈ পলায়ন কৰিছিল আৰু তাত ফ্রি ফ্রান্স আন্দোলন গঢ়ি তুলিছিল।

প্রশ্ন ৪। অপাৰেচন ছি লায়ন নাম ভূমিকাত হিটলাৰে কোন দেশ আক্ৰমণ কৰিছিল ?

উত্তৰ :- অপাবেচন ছি লায়ন নাম ভূমিকাত হিটলাবে ইংলেণ্ড আক্রমণ কৰিছিল।

প্রশ্ন ৫। ছিংগাপুৰৰ সমীপত কোন দেশে ব্ৰিটিছ যুদ্ধ জাহাজ প্রিন্স অৱ ওৱেলছ আৰু ৰিপালছক বিধ্বস্ত কৰিছিল ?

উত্তৰ :- ছিংগাপুৰৰ সমীপত জাপানে ব্ৰিটিছ যুদ্ধ জাহাজ প্রিন্স অব ওৱেলছ আৰু ৰিপাল্‌ছক বিধ্বস্ত কৰিছিল।

প্রশ্ন ৬। ডিজার্ট ফক্‌ছ ৰূপে পৰিচিত লোকজন কোন আছিল ?

উত্তৰ :- ডিজার্ট ফক্‌ছ ৰূপে পৰিচিত লোকজন হিটলাৰৰ একৰাকী সুদক্ষ সেনাধ্যক্ষ আছিল। তেওঁৰ নাম আছিল আবউইন ৰোমেল।

প্রশ্ন ৭। ফৰমোছাৰ নতুন নামটো কি ?

উত্তৰ :- ফৰমোছাৰ নতুন নামটো হৈছে টাৱাইন।

প্রশ্ন ৮। হিৰ’ছিমা আৰু নাগাচাকিত এটম বোমা পেলোৱাৰ সময়ত মার্কিন যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেণ্ট কোন আছিল ?

উত্তৰ :- হিৰ’ছিমা আৰু নাগাচাকিত এটম বোমা পেলোৱাৰ সময়ত মার্কিন যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেণ্ট আছিল হেৰি এছ. ট্রুমেন। 

প্রশ্ন ৯। হিৰ’ছিমাত কোনে এটম বোমা পেলাইছিল ? 

উত্তৰ :- হিৰ’ছিমাত এটম বোমা পেলাইছিল মার্কিন বৈমানিক এনোলা গে নামৰ লোকজনে।

প্রশ্ন ১০। নাগাচাকিত এটম বোমা পেলোৱা বৈমানিকজনৰ নাম কি ? 

উত্তৰ :- নাগাচাকিত এটম বোমা পেলোৱা বৈমানিকজনৰ নাম আছিল মার্কিন, বৈমানিক চার্লছ ডব্লিউ ছোইনী। 

প্রশ্ন ১১। মুছোলিনিৰ ঘৈনীয়েকৰ নাম কি ?

উত্তৰ :- মুছোলিনিৰ ঘৈনীয়েকৰ নাম হৈছে ক্লাট্টো পেটাচ্চী।

প্রশ্ন ১২। ১৯৪৩ চনৰ আগষ্টৰ পিছত মিত্র শক্তিৰ সামৰিক প্ৰধান কোন আছিল ? 

উত্তৰ :- ১৯৪৩ চনৰ আগষ্টৰ পিছত মিত্রশক্তিৰ সামৰিক প্ৰধান আছিল লর্ড লুই মাউণ্টবেটেন।

প্রশ্ন ১৩। মার্কিন যুক্তৰাষ্ট্ৰৰ সেনাধ্যক্ষ দোগলাছ মেক আৰ্থাৰৰ ওচৰত জাপানে ক’ত আত্মসমৰ্পণ কৰিছিল ?

উত্তৰ :- মার্কিন যুক্তৰাষ্ট্ৰৰ সেনাধ্যক্ষ দোগলাছ মেক আৰ্থাৰৰ ওচৰত জাপানৈ টকিঅ’ উপসাগৰত মিছৌবী নামে যুদ্ধ জাহাজত আত্মসমর্পণ কৰিছিল।

প্রশ্ন ১৪। জার্মানীয়ে ৰাচিয়া আক্রমণ কৰোঁতে কি গুপ্ত নাম লৈছিল ?

উত্তৰ :- জার্মানীয়ে ৰাচিয়া আক্রমণ কৰোতে লোৱা গুপ্ত নামটো হৈছে অপাৰেচন বাৰবাৰোছা।

প্রশ্ন ১৫। কোন কোন দেশে অপাৰেচন ওভাৰলৰ্ড গুপ্ত নামেৰে নাজী জার্মানী আক্রমণ কৰিছিল ?

উত্তৰ :- ইংগ-মার্কিন বাহিনীয়ে অপাবেচন-ভাৰলৰ্ড গুপ্ত নামেৰে-নাজী ও জার্মানী আক্রমণ কৰিছিল।

চমু উত্তৰ দিয়া

প্রশ্ন ১। দ্বিতীয় বিশ্বযুদ্ধৰ স্তৰকেইটা কি কি আছিল ?

উত্তৰ :- দ্বিতীয় বিশ্বযুদ্ধৰ ঘটনা প্রবাহৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ৫ টা ভৰত ভাগ কৰিব পাৰি। সেই স্তৰসমূহ হ’ল—

(ক) প্রথম স্তৰ ১৯৩৯ চনৰপৰা ৪০ চনলৈ। 

(খ) দ্বিতীয় স্তৰ ১৯৪০ চনৰপৰা ৪১ চনলৈ।

(গ) তৃতীয় স্তৰ ১৯৪১ চনৰপৰা ৪২ চনলৈ।

(ঘ) চতুর্থ স্তৰ ১৯৪২ চনৰপৰা ৪৪ চনলৈ।

(ঙ) পঞ্চম স্তৰ–১৯৪৪ চনৰপৰা ৪৫ চনলৈ।

প্রশ্ন ২। কি পৰিস্থিতিত মার্কিন যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধত অংশ গ্রহণ কৰিছিল ?

উত্তৰ :- ১৯৪১ চনৰ ৭ ডিচেম্বৰ তাৰিখে জাপানে অতর্কিতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত নিজ আধিপত্য বিস্তাৰৰ বাবে আক্রমণ চলায়। সেই সময়তে জাপানৰ প্ৰতিনিধি দল এটাই লোকক দেখুওৱাৰ উদ্দেশ্যে আমেরিকা যুক্তৰাষ্ট্ৰৰ সৈতে ৱাশ্বিংটনত শান্তি চুক্তি এটা স্বাক্ষৰ কৰাৰ বাবে আলোচনা কৰি আছিল। আমেৰিকাত হোৱা অতর্কিত আক্ৰমণৰ পিছ দিনাখনেই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ডে জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এইদবে যুদ্ধ আৰম্ভ হোৱাৰ প্ৰায় দুবছৰৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধত লিপ্ত হৈ পৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই যুদ্ধত অংশ গ্রহণ কৰি যিকোনো প্রকাৰে জাপানক পৰাস্ত কৰিবলৈ প্রাণেপনে চেষ্টা চলায়। আমেরিকা যুক্তরাষ্ট্রই ইউৰোপৰ ৰণাংগণত ফেচিষ্ট জোঁটৰ পৰাজয়ৰ বাবে যুদ্ধৰ আৰম্ভণিৰ পৰাই ব্ৰিটেইন আৰু ফ্রান্সক অস্ত্র-শস্ত্ৰেৰে সহায় কৰি আহিছিল। পৰৱৰ্তী কালত মার্কিন যুক্তৰাষ্ট্ৰই নিজেই যুদ্ধৰ অংশীদাৰ হৈ পৰে।

প্রশ্ন ৩। হিৰ’ছিমা আৰু নাগাচাকিত এটম বোমা নিক্ষেপ কার্য।

উত্তৰ :- দ্বিতীয় বিশ্বযুদ্ধৰ কালছোৱাত ছোভিয়েট ৰাচিয়াই গ্ৰহণ কৰা ভূমিকাৰ প্রতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু ব্রিটেইনৰ প্রধানমন্ত্রী চিন্তিত আৰু শংকিত হৈ পৰিছিল। সেয়ে ছোভিয়েট ৰাচিয়াক পৰাভূত কৰি যুদ্ধৰ গতিধাৰা নিজৰ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে মার্কিন প্রেচিডেণ্ট হেবি. এছ. ট্রুমেনে জাপানৰ ওপৰত আণৱিক বোমা নিক্ষেপ কৰিবলৈ সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্ত কার্যত পৰিণত কৰিবলৈ ১৯৪৫ চনৰ ৬ আগষ্টত হিৰ’ছিমাত প্ৰথমটো আণৱিক বোমা নিক্ষেপ কৰা হয়। এই বোমা বৰ্ষণৰ ফলত নগৰখনৰ অৰ্ধসংখ্যক অঞ্চল ধ্বংস হোৱাৰ লগতে ৮০,০০০ সাধাৰণ লোকৰ মৃত্যু হয়। মার্কিন বৈমানিক এনোলো গে নামে লোকজনৰদ্বাৰা এই কাৰ্য সংঘটিত হয়। ১৯৪৫ চনৰ ৯ আগষ্টৰ দিনা জাপাৰৰ নাগাচাকি অঞ্চলত দ্বিতীয়টো বোমা নিক্ষেপ কৰা হয়। এই বোমাটো নিক্ষপ কৰিছিল মার্কিন বৈমানিক চাৰ্লছ ডব্লিউ ছুইনীয়ে৷ ইয়াৰদ্বাৰা উক্ত চহৰখন ধ্বংস হোৱাৰ লগতে প্রায় ২,৪০,০০০ জন লোকে মৃত্যুবৰণ কৰে।

প্রশ্ন ৪। পোলেণ্ডত সংগঠিত প্ৰতিৰোধ সংগ্রাম।

উত্তৰ :- পোলেণ্ডত হিটলাৰে কৰা আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰতিৰোধ সংগ্ৰাম সংগঠিত কৰা হৈছিল। দেশপ্রেমিকলোক জেনেৰেল ছিকোবস্কীৰ ‘ নেতৃত্বত প্রথমে ফ্রান্স আৰু পিছত লণ্ডনত এখন পলৰীয়া চৰকাৰ গঠন কৰি পোলেণ্ডৰ প্ৰতিৰোধ সংগ্ৰাম পৰিচালনা কৰা হৈছিল। ১৯৪২ চনত পোলেণ্ডৰ কমিউনিষ্ট দলে সুকীয়াকৈ জাৰ্মানীৰ আক্ৰমণৰ বিৰুদ্ধে প্রতিবোধ সংগ্রাম গঢ়ি তুলিছিল। পৃথক পৃথক ভাৱে সংগঠিত আৰু পৰিচালিত হোৱা এই প্ৰতিৰোধ সংগ্রামে জনসাধাৰণৰ মাজত বিশেষ প্রভাৱ বিস্তাৰ কৰিব পৰা নাছিল।

প্রশ্ন ৫। ফ্রান্সত সংগঠিত প্ৰতিৰোধ সংগ্রাম। 

উত্তৰ :- হিটলাৰে ফ্রান্স অধিকাৰ কৰাৰ লগে লগে ফ্ৰান্সৰ জাতীয়তাবাদী সামৰিক বিষয়া ঢাৰ্লছ-ডি গলে ইংলেণ্ডলৈ পলাই গৈ তাত দেশৰ মুক্তিৰ বাবে “ফ্রি ফ্রেন্স মোভমেণ্ট” গঢ়ি তুলিছিল। লণ্ডনক কেন্দ্ৰ কৰি ডি গলৰ নেতৃত্বত ফেছীবাদ বিৰোধী প্রতিৰোধ আন্দোলন চলি থকা অৱস্থাতেই ফ্রান্সত – কমিউনিষ্টসকলৰ নেতৃত্বত ১৯৪২ চনত “নেচনেল ফ্ৰণ্ট” গঠন কৰি সকলো শ্ৰেণীৰ ফেচিষ্ট বিৰোধী লোকক একত্রিত কৰা হৈছিল। 

এইদৰে দেশৰ ভিতৰতে গঢ়ি উঠা প্ৰতিৰোধ সংগ্ৰামৰ ফলত আভ্যস্তৰীণভাৱে প্রায় ৫,০০,০০০ লোকৰ এক শক্তিশালী সামৰিক গোট গঢ়ি উঠিছিল। এই গোটটোৰ সদস্যসকলে ফ্রান্সত বিভিন্ন ধৰণৰ কূটাঘাতমূলক কার্য সংঘটিত কৰি দখলদাৰী জার্মান সৈনিকসকলক ব্যতিব্যস্ত কৰি ৰখাৰ লগতে তেওঁলোকৰ আগ্রাসনত বাধা প্রদান কৰিছিল। এওঁলোকে ফ্ৰালত থকা জার্মানীৰ সমর্থকসকলোকো ৰেহাই দিয়া নাছিল। ডি গলে কমিউনিষ্টৰে ধৰি সকলো ফৰাচী প্ৰতিৰোধ সংগ্ৰামীক লৈ এখন অস্থায়ী চৰকাৰ গঠন কৰি প্ৰতিৰোধ সংগ্রাম অধিক শক্তিশালী কৰি তুলিছিল। ফ্ৰান্সৰ এই ফেচিষ্ট বিৰোধী প্ৰতিৰোধ সংগ্ৰামৰ নেতা-কর্মীসকলে ফ্রান্সত মিত্র পক্ষৰ সৈনিক অৱতৰণ কৰা আৰু নাজিসকলক ফ্ৰান্সৰ পৰা খেদি পঠিওৱাত প্রভূত বৰঙণি যোগাইছিল। 

প্রশ্ন ৬। যুগোশ্লাভিয়াত সংগঠিত প্ৰতিৰোধ সংগ্রাম।

উত্তৰ :- যুগোশ্লাভিয়াত কমিউনিষ্টসকলৰ নেতৃত্বত ফেচীবাদ বিৰোধী প্ৰতিৰোধ সংগ্রামে গা কৰি উঠিছিল। তেওঁলোকৰ নেতা আছিল সামৰিক বিষয়া মাৰ্ছাল যোছেফ ব্রজ টিটো। এওঁলোকৰ প্ৰতিৰোধ সংগ্রাম অতি তীব্রভাৱে সংঘটিত হৈছিল।এই সংগ্ৰাম পৰিচালিত হৈছিল এফালে জার্মানসকলৰ বিৰুদ্ধে আৰু আনফালে যুগোশ্লাভিয়াৰ ভিতৰত থকা দেশীয় নাজি সমৰ্থকসকলৰ বিৰুদ্ধে।টিটোৰ নেতৃত্বত কমিউনিষ্টসকলে নাজিসকলৰ বিৰুদ্ধে গণমুক্তি বাহিনী গঠন কৰি যুগোশ্লাভিয়াক নাজিসকলৰ কৱলৰপৰা মুক্ত কৰাৰ আঁচনি লৈ তাক কৃতকার্যতাৰে ৰূপায়ণ কৰিছিল।

এই খিনিতে উল্লেখযোগ্য যে বিদেশত গঠন কৰা যুগোশ্লাভিয়াৰ পলৰীয়া চৰকাৰে আভ্যন্তৰীণভাৱে বিশেষ জনসমর্থন লাভ কৰা নাছিল। কিন্তু টিটোরে গঢ়ি তোলা প্ৰতিৰোধ সংগ্ৰামৰ প্ৰতি জনসাধাৰণ বিপুল সমৰ্থন আছিল। ইয়াৰ ফলস্বৰূপে ১৯৪৪ চনৰ ভিতৰত যুগোশ্লাভিয়া নাজিসকলৰ কৱলৰপৰা সম্পূৰ্ণৰূপে মুক্ত হৈ পৰিছিল।

প্রশ্ন ৭। গ্ৰীচত সংগঠিত প্ৰতিৰোধ সংগ্রাম। 

উত্তৰ :- উত্তৰ। ১৯৪০ চনৰ অক্টোৱৰ মাহত মুছোলিনিয়ে গ্ৰীচৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ গ্ৰীচ আক্ৰমণ কৰে।গ্রীকসকলে এই আক্রমণ প্ৰতিৰোধ কৰিবলৈ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল আৰু তাত সফলতা লাভ কৰিছিল।মুছোলিনীয়ে গ্ৰীচ দখল কৰিবলৈ আহি ব্যৰ্থ হৈ উভতি যোৱাৰ পিছত হিটলাৰে এই দেশ আক্ৰমণ কৰি দখল কৰাত গ্ৰীচ চৰকাৰৰ পতন ঘটে আৰু ৰজাই কাইৰোলৈ পলায়ন কৰি তাত এখন পলৰীয়া চৰকাৰ গঠন কৰে।এনে অৱস্থাত গ্রীক কমিউনিষ্টসকলে জাতীয় মুক্তি বাহিনী আৰু জাতীয় জনপ্রিয় মুক্তি বাহিনী গঠন কৰি জার্মান নাজি বাহিনীৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্রাম গঢ়ি তোলে। 

গ্রীক কমিউনিষ্টসকলে আন আন দেশপ্রেমিক দল আৰু ব্যক্তিৰ সহায়ত এই প্ৰতিৰোধ সংগ্ৰামৰ যোগেদি ১৯৪৪ চনৰ শেষলৈ নাজি দখলৰ পৰা দেশখন মুক্ত কৰি ৰাখে।আনহাতে গ্ৰীচৰ অভ্যন্তৰত থাকি প্ৰতিৰোধ সংগ্ৰামৰ নেতৃত্ব দিয়া কমিউনিষ্ট দল আৰু অন্যান্য দল আৰু ব্যক্তিৰ বিৰুদ্ধে কাইৰোত থকা পলৰীয়া চৰকাৰে অতি সোনকালে সংঘৰ্ষত লিপ্ত হৈ পৰে। তেওঁলোকে ব্ৰিটিছৰ সহায়ত গ্ৰীচত চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰাত দুয়োপক্ষৰ মাজত সংঘাতে দেখা দিয়ে আৰু ইয়ে শেষত গৃহ যুদ্ধলৈ পৰিৱৰ্তিত হয়। ১৯৪৬ চনৰ মে’ মাহৰ পৰা ১৯৪৯ চনৰ অক্টোৱৰ মাহলৈ চলা এই যুদ্ধই গ্ৰীচক অতি দুর্বল কৰি পেলাইছিল।

প্রশ্ন ৮। ভিয়েটনামত সংগঠিত প্ৰতিৰোধ সংগ্রাম।

উত্তৰ :- ভিয়েটনামৰ প্ৰতিবোধ সংগ্রাম ভিয়েটনাম লীগ নামৰ কমিউনিষ্ট দলটোৰ নেতৃত্বত সংঘটিত হৈছিল। ইয়াৰ নেতৃত্ব দিছিল হো-চি-মিন নামৰ ব্যক্তি গৰাকীয়ে।১৯৪১ চনত সংগঠিত এই সংগঠনটোৱে এফালে ভীকি ফ্ৰান্সৰ আৰু আনফালে সামৰিষ্ক। সাম্রাজ্যবাদী শক্তি জাপানৰ বিৰুদ্ধে প্রতিৰোধ সংগ্রাম গঢ়ি তুলিছিল। ১৯৪১ চনৰ চেপ্তেম্বৰ মাহত ভিয়েটনাম লীগে ভিয়েটন।মক প্রজাতান্ত্রিক চৰকাৰৰূপে ঘোষণা কৰি তাত এখন নতুন চৰকাৰ গঠন কৰিছিল। 

কিন্তু বিশ্বযুদ্ধৰ পৰবৰ্তীকালতো ভিয়েটনামৰ ৰাজনৈতিক ক্ষেত্ৰত কোনো সুমীমাংসা হোৱা নাছিল। কাৰণ জাপানৰ পৰাজয়ৰ পিছত ভিয়েটমিনসকলে ভিয়েটনামক ফ্ৰান্সৰ কালৰপৰা মুক্ত কৰিলেও কমিউনিষ্টসকলক বিতাড়ন কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই ভিয়েটনামৰ ওপৰত সামৰিক অভিযান চলাইছিল।এই অভিযান ১৯৭৩ চনলৈ অব্যাহত আছিল। অৱশেষত ১৯৭৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই প্রায় ত্ৰিশ বছৰ কাল ধৰি চলা এই ভিয়েটনাম যুদ্ধত পবাতি হৈ ভিয়েটনামৰ পৰা আঁতৰি যাবলৈ বাধ্য হয়।

প্রশ্ন ৯। দ্বিতীয় বিশ্বযুদ্ধত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ।

উত্তৰ :- দ্বিতীয় বিশ্বযুদ্ধত দেশসমূহ অর্থনৈতিকভাৱে অত্যন্ত ক্ষতিগ্রস্থ হৈছিল।

ঐতিহাসিক কার্লটন হেইজে দেখুৱাইছে যে অকল আমেৰিকা যুক্তৰাষ্ট্ৰৰে এই যুদ্ধত খৰচ হৈছিল ৩৫০ বিলিয়ন ডলাৰ। অন্যান্য দেশসমূহৰ এচ হৈছিল মঠতে ১০০০ বিলিয়ন ডলাৰ আৰু সা-সম্পত্তিৰ ধ্বংসৰ মাধ্যমত হোৱা ক্ষতির পৰিমাণ আছিল ১০০০ বিলিয়ন ডলাৰ।

এই যুদ্ধত প্রায় ২২ মিলিয়ন লোক নিহত আৰু প্ৰায় ৩৪ মিলিয়ন লোক আহত হৈছিল।তদুপৰি যুদ্ধৰ বাবে সমগ্র বিশ্বতে প্রায় ২০ মিলিয়ন সাধাৰ লোক নিহত হৈছিল।আমেৰিকা যুক্তৰাষ্ট্ৰই হিৰচিমা আৰু নাগাছাকিত আণবিক বোমা নিক্ষেপ কৰাৰ ফলত প্রায় ৩,২০,০০০ লোক নিহত হৈছিল।

যুদ্ধৰ সময়ত আকাশমাৰ্গেৰে বোমা নিক্ষেপ কৰাৰ ফলত গোটেই বিশ্বতে নিহত হোৱা সাধাৰণ নাগৰিকৰ পৰিমাণ আছিল ১৫,০০,০০০ জন। এই যুদ্ধত ব্যাপক হাৰত সাধাৰণ নাগৰিকৰ মৃত্যুৰ ঘটনাৰপৰা যুদ্ধৰত দেশবিলাকৰ লোকসকল কিমান বৰ্বৰ্তালৈ নামি গৈছিল আৰু মানুহে মানুহৰ ওপৰত কিমান নির্মম অত্যাচাৰ চলাইছিল তাক অনুমান কৰিব পাৰি।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top