Class 10 History Elective Chapter 2 প্রথম বিশ্বযুদ্ধ

Class 10 History Elective Chapter 2 প্রথম বিশ্বযুদ্ধ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 History Elective Chapter 2 প্রথম বিশ্বযুদ্ধ and select need one.

Class 10 History Elective Chapter 2 প্রথম বিশ্বযুদ্ধ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 History Elective Chapter 2 প্রথম বিশ্বযুদ্ধ Solutions for All Subject, You can practice these here…

প্রথম বিশ্বযুদ্ধ

অধ্যায় – ২

ইতিহাস

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) ত্রিপাক্ষিক চুক্তিৰ সদস্য ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ :- ত্ৰিপাক্ষিক চুক্তিৰ সদস্য ৰাষ্ট্ৰৰসমূহ হৈছে–অস্ট্রিয়া, জার্মানী আৰু ইটালী।

(খ) ত্রিপল আৰ্টাটৰ সদস্য ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ :- ত্ৰিপল আৰ্টাটৰ সদস্য ৰাষ্ট্ৰৰ নাম হৈছে ফ্রান্স, ইংলেণ্ড আৰু বাচিয়া। 

(গ) প্রথম বিশ্বযুদ্ধৰ তত্ক্ষণিক কাৰণ কি আছিল ?

উত্তৰ :- ১৯১৪ চনৰ ১৮ জুনৰ দিনা অষ্ট্ৰিয়া হাংগেৰি সিংহাসনৰ উত্তৰাধিকাৰী যুৱৰাজ ফ্ৰেঞ্চিছ ফার্ডিনান্দে বছনিয়াৰ ৰাজধানী ছেৰাজাভো ভ্ৰমণ কৰিবলৈ যায় আৰু ছাৰবিয়ান আততায়ীৰদ্বাৰা নিহত হয়। এই ঘটনাৰ সূত্ৰলৈয়ে ১৯১৪ চনৰ ২৮ জুলাইত এক ভয়ংকৰ যুদ্ধৰ সূচনা হয়। এই যুদ্ধই ক্ৰমে বিশ্বযুদ্ধৰ ৰূপ

(ঘ) ছেৰাজাভোত অষ্ট্ৰিয়াৰ যুৱৰাজ ফ্ৰেন্‌ছিচ ফার্দিনান্দক কোনে হত্যা কৰিছিল ?

উত্তৰ :- ছেৰাজাভোেত অষ্ট্ৰিয়াৰ যুৱৰাজ ফ্রেন্‌ছিচ ফার্দিনান্দক গাভৰাইলো  প্রিঞ্চেপ নামে বিদ্রোহী চাৰবিয়ান যুৱক এজনে নিচেই ওচৰৰ ৰা গুলিয়াই হত্যা কৰে।

(ঙ) ১৮৭০-১৯১৪ৰ কালছোৱাত জাৰ্মানীৰ প্ৰতিৰক্ষা শিতানৰ খৰচৰ শতাংশ হিচাপ কিমান আছিল ?

উত্তৰ :- ১৮৭০-১৯১৪ৰ কালছোৱাত জাৰ্মানীৰ প্ৰতিৰক্ষা শিতানত খৰচৰ পৰিমাণ ৩৩৫ শতাংশ আছিল।

(চ) ১৮৭০-১৯১৪ ৰ কালছোৱাত ব্ৰিটেইনৰ প্ৰতিৰক্ষা শিতানৰ খৰছৰ শতাংশ হিচাপ কিমান আছিল ?

উত্তৰ :- ১৮৭০-১৯১৪ৰ কালছোৱাত ব্ৰিটেইনৰ প্ৰতিৰক্ষা শিতানত খবছৰ পৰিমাণ ১৮০ শতাংশ আছিল।

(ছ) ১৮৭০-১৯১৪ৰ কালছোৱাত ৰাছিয়াৰ প্ৰতিৰক্ষা শিতান খৰছৰ শতাংশ হিচাপ কিমান আছিল ? 

উত্তৰ :- ১৮৭০-১৯১৪ৰ কালছোৱাত ৰাচিয়াৰ প্ৰতিৰক্ষা শিতানত খৰছৰ পৰিমাণ আছিল ২১৪ শতাংশ।

(জ) ১৮৭০-১৯১৪ৰ কালছোৱাত ইটালীৰ প্ৰতিৰক্ষা শিতানৰ খৰছৰ শতাংশ হিচাপ কিমান আছিল ? 

উত্তৰ :-১৮৭০-১৯১৪ৰ কালছোৱাত ইটালীৰ প্ৰতিৰক্ষা শিতানৰ খৰছৰ পৰিমাণ আছিল ১৮৫ শতাংশ।

(ঝ) কেন্দ্রীয় শক্তি জোঁটৰ সদস্য ৰাষ্ট্ৰসমূহ কোন কোন আছিল ?

উত্তৰ:- কেন্দ্ৰীয় শক্তি জোঁটৰ সদস্য ৰাষ্ট্ৰসমূহ আছিল–অষ্ট্ৰিয়া, জাৰ্মানী আৰু হাংগেৰী।

(ঞ) জার্মানীয়ে লুইচিটানিয়াৰ ওপৰত আক্ৰমণ কৰাৰ ফলত কিমান মানুহৰ প্ৰাণ হানি হৈছিল ? 

উত্তৰ :- জাৰ্মানীয়ে লুইচিটানিয়াৰ ওপৰত আক্ৰমণ কৰাৰ ফলত ১১৮ জন মার্কিন নাগৰিকসহ ১২০০ জন মানুহৰ প্ৰাণহানি হৈছিল।

(ট) গেলিপলিৰ নৌ-যুদ্ধত কোন কোন দেশ পৰাভূত হৈছিল ?

উত্তৰ :- গেলিপলিৰ নৌ-যুদ্ধত ইংলেণ্ড আৰু ফ্ৰান্স দেশ পৰাভূত হৈছিল।

(ঠ) প্রথম বিশ্বযুদ্ধৰ কালছোৱাত কোন দেশে পোনতে টেংক ব্যৱহাৰ কৰিছিল ?

উত্তৰ :- প্রথম বিশ্বযুদ্ধৰ কালছোৱাত ইংলেণ্ড দেশে পোনতে টেংক ব্যৱহা কৰিছিল।

(ড) প্রথম বিশ্বযুদ্ধত কিমান সৈনিক মৃত্যুমুখত পৰিছিল ?

উত্তৰ :- প্রথম বিশ্বযুদ্ধত ১৩ নিযুত সৈনিক মৃত্যুমুখত পৰিছিল।

(ঢ) ভাৰ্চাই শান্তি আলোচনাত কিমান জন প্রতিনিধি সমবেত হৈছিল।

উত্তৰ :- ভাৰ্চাই শান্তি আলোচনাত বিশ্বৰ ৩২খন ৰাষ্ট্ৰৰপৰা মুঠতে ৭০ জ প্রতিনিধি সমবেত হৈছিল।

(ন) ১৪-দফীয়া পৰামৰ্শাৱলীৰ ৰচক কোন আছিল ?

উত্তৰ:- ১৪-দফীয়া পৰামৰ্শাৱলীৰ ৰচক আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেণ্ট উদ্র. উইলছন।

(ত) ভাৰ্চাই শান্তি চুক্তিত কিমানটা চৰ্ত আছিল ?

 উত্তৰ:- ভাৰ্চাই শান্তি চুক্তিত সৰ্বমুঠ ৪৪০টা চৰ্ত আছিল।

(থ) ভার্চাই শান্তি আলোচনাত কোনে ইংলেণ্ডক প্রতিনিধিত্ব কৰিছিল।

উত্তৰ :- ভাৰ্চাই শান্তি আলোচনাত ইংলেণ্ডক প্রতিনিধিত্ব কৰিছিল প্রধানমন্ত্র লয়ড জর্জ-এ।

(দ) ভার্চাই শান্তি আলোচনাত কোনে ইটালীক প্রতিনিধিত্ব কৰিছিল।

উত্তৰ:- ভাৰ্চাই শান্তি আলোচনাত ইটালীক প্রতিনিধিত্ব কৰিছিল প্রধানমন্ত্র অবলাস্তোৱে।

(ধ) ভার্চাই শান্তি আলোচনাত ফ্রান্সক কোনে প্রতিনিধিত্ব কৰিছিল।

উত্তৰ :- ভাৰ্চাই শান্তি আলোচনাত ফ্রান্সক প্রতিনিধিত্ব কৰিছিল প্রধানমন্ত্র ক্লিমেলোৱে৷

(ন) ভার্চাই শান্তি আলোচনাত আমেৰিকা যুক্তৰাষ্ট্ৰক কোনে প্রতিনিধিত্ব কৰিছিল ? 

উত্তৰ :- ভাৰ্চাই শান্তি আলোচনাত আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিছিল সেই দেশৰ প্রেছিডেণ্ট উদ্র উইলছনে।

(প) জার্মানীৰ ওপৰত নিৰ্ধাৰণ কৰা যুদ্ধৰ ক্ষতিপূৰণৰ পৰিমাণ কিমান আছিল ?

উত্তৰ :- জাৰ্মানীৰ ওপৰত নিৰ্ধাৰণ কৰা যুদ্ধৰ ক্ষতিপূৰণৰ পৰিমাণ আছিল ৬,৬০০ মিলিয়ন পাউণ্ড স্টার্লিং।

(ফ) ভাৰ্চাই শান্তি চুক্তিৰ মাধ্যমত ইটালীয়ে কি লাভ কৰিছিল ?

উত্তৰ :- ভাৰ্চাই শান্তি চুক্তিৰ মাধ্যমত ইটালীয়ে অষ্ট্ৰিয়াৰপৰা টাইৰোল লাভ কৰিছিল।

(ব) ভাৰ্চাই শান্তি চুক্তিৰ মাধ্যমত পোলেণ্ডে কি লাভ কৰিছিল ? 

উত্তৰ :- ভাৰ্চাই শান্তি চুক্তিৰ মাধ্যমত পোলেণ্ডে জার্মানীৰপৰা পোজেন আৰু পশ্চিম প্রুচিয়া লাভ কৰিছিল আৰু অস্ট্রিয়াৰপৰা ‘গেলিছিয়া লাভ কৰিছিল।

প্রশ্ন ২। তলত দিয়া ঘটনাসমূহৰ চন-তাৰিখ উল্লেখ কৰা :

(ক) ক্রিমিয়াৰ যুদ্ধ

(খ) অষ্ট্ৰো-প্রুচিয়াৰ যুদ্ধ।

(গ) ফ্ৰেংকো-প্রুচিয়াৰ যুদ্ধ

( ঘ) ৰুচ-তুৰস্কৰ যুদ্ধ।

(ঙ) ফৰাচী যুদ্ধ।

(চ) অষ্ট্ৰো-প্রুচিয়াৰ দ্বিপাক্ষিক চুক্তি।

(ছ) ইংগ-ফৰাছী মৈত্রী যুক্তি।

(জ) গ্ৰীচৰ স্বাধীনতা প্রাপ্তি।

(ঝ) বার্লিন কংগ্ৰেছ।

(ঞ) ইংগ-জাপান চুক্তি।

(ট) ছেৰাজাভোৰ ঘটনা। 

(ঠ) ব্রেষ্ট লিটোভষ্ক চুক্তি।

উত্তৰ :- তলত উপৰোক্ত ঘটনাসমূহৰ চন-তাৰিখ উল্লেখ কৰা হ’ল—

ঘটনাচন-তাৰিখ
(ক) ক্রিমিয়াৰ যুদ্ধ১৮৫৪-৫৬ চন
(খ) অষ্ট্ৰো-প্রুচিয়াৰ যুদ্ধ১৮৬৬ চন
(গ) ফ্রেংকো-প্রুচিয়াৰ যুদ্ধ১৮৭০-৭১ চন
(ঘ) ৰুচ-তুৰস্কৰ যুদ্ধ১৮৭৭-৭৮ চন
(ঙ) ফৰাচী বিপ্লৱ১৮৫৯ চন
(চ) অষ্ট্ৰো-প্রুচিয়াৰ দ্বিপাক্ষিক চুক্তি১৮৭৯ চন
(ছ) ইংগ-ফৰাছী মৈত্রী চুক্তি১৯০৪ চন
(জ) গ্ৰীচৰ স্বাধীনতা প্রাপ্তি১৮২৯ চন
(ঝ) বার্লিন কংগ্ৰেছ১৮৭৮ চন
(ঞ) ইংগ-জাপান চুক্তি১৯০২ চন
(ট) ছেৰাজাভোৰ ঘটনা১৯১৪ চনৰ ২৮ জানুৱাৰী
(ঠ) ব্রেষ্ট লিটোভষ্ক চুক্তি১৯১৮ চনৰ ৩ মার্চ।

প্রশ্ন ৩। চমু উত্তৰ দিয়া

(ক) বলকান উপমহাদেশৰ দেশসমূহৰ নাম লিখা।

উত্তৰ :- বলকান উপমহাদেশৰ দেশসমূহ হৈছে বুলগেৰিয়া, থ্রেছ, মেচিডনিয়া, গ্রীচ, মণ্টেনেগ্রো, ছাৰবিয়া, বছনিয়া, হার্জেগভিনা, আলবানিয়া আদি।

(খ) ভাৰ্চাই শান্তি চুক্তিৰ চাৰিটা চৰ্তৰ বিষয়ে উল্লেখ কৰা। 

উত্তৰ :- ভাৰ্চাই শান্তি চুক্তিৰ চাৰিটা চৰ্ত হ’ল—

(ক) ৰাজ্যক্ষেত্ৰ সম্পৰ্কীয় চৰ্ত।

(খ) ঔপনিৱেশিক ৰাজ্যক্ষেত্র সম্পর্কীয় চৰ্ত।

(গ) সামৰিক চৰ্ত আৰু

(ঘ) আইন সংগত আৰু বিত্তীয় তথা অর্থনৈতিক চর্ত।

(ঙ) ১৯১৪ চনৰ যুদ্ধ পৰিস্থিতি।

উত্তৰ :- ১৯১৪ চনৰ যুদ্ধৰ বাবে কেন্দ্ৰীয় শক্তি জোঁট আৰু মিত্র শক্তি জোঁট দুয়োটাই সাজু হৈ উছিঠিল। অস্ত্র শস্ত্ৰৰ ক্ষেত্ৰত কেন্দ্রীয় শক্তি জোঁটতকৈ মিত্র শক্তি জোঁট বেছি পৰাক্ৰমী আছিল। ১৯১৪ চনৰ ৩ আগষ্টত জার্মানীয়ে বেলজিয়াম অধিকাৰ কৰি ফ্ৰান্সৰ পিনে অগ্ৰসৰ হয়। বাটত তেওঁলোকে ব্ৰিটিছ সেনাবাহিনীক পৰাভূত কৰি থৈ যায়। জাৰ্মানসকলৰ মুঠ সাতটা সেনাবাহিনীয়ে ফ্রান্স আক্ৰমণত অংশগ্ৰহণ কৰে। মাৰ্ণ নদীৰ পাৰত ফৰাচী সৈন্য আৰু জাৰ্মান সৈন্যৰ মাজত প্রথম বিশ্বযুদ্ধৰ আটইতকৈ ভয়াবহ আৰু বক্তাক্ত যুদ্ধখন সংঘটিত হয়। এই যুদ্ধখন চাৰি বছৰ ধৰি চলিছিল আৰু ইয়াত কোনেও কাৰো বিৰুদ্ধে সফলতা অর্জন কৰিব পৰা নাছিল।

পশ্চিম সীমান্তত দেখা পোৱা যুদ্ধৰ এই চিত্ৰখনৰ বিপৰীতে পূর্ব সীমান্তত কেন্দ্ৰীয় শক্তি জোঁটৰ জাৰ্মান আৰু অষ্ট্রিয়ান সেনাবাহিনীয়ে টেনেনবার্গৰ যুদ্ধত বাচিয়ান সেনাবাহিনীক পরাভূত কৰে ১৯১৪ চনৰ ২৯ আগষ্ট তাৰিখে। ইয়াৰ পিছতে মাঞ্চুৰিয়ান হ্ৰদৰ ওচৰত পুনৰ জাৰ্মান বাহিনীয়ে বচ বাহিনীক পৰাভূত কৰি যুদ্ধৰ গতি নিজৰ নিয়ন্ত্ৰণলৈ আনে। পূর্ব প্রুচিয়াৰপৰা ৰুচ সেনাবাহিনী সম্পূৰ্ণৰূপে বিতাৰিত কৰা হয়। কিন্তু ইয়াৰ পৰৱৰ্তীকালৰ যুদ্ধত ৰুচসকলে কিছু সাফল্য লাভ কৰিবলৈ সক্ষম হয়। জাৰ্মানসকলৰ পৰা ৱাৰ্শ্বক ৰক্ষা কৰাব উপৰিও ৰচসকলে অষ্ট্ৰিয়াৰ আক্ৰমণপৰা ছাববিয়াক ৰক্ষা কৰে। ইফালে অক্টোবৰৰ ২০ তাৰিখে (১৯১৪) তুই কেন্দ্রীয় শক্তি জোঁটৰ সমৰ্থনত বচসকলৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে। আনফালে ইংলেণ্ডে আফ্ৰিকাত আৰু এছিয়াৰ মেছ’পটেমিয়া আৰু পেলেষ্টাইনত কেন্দ্রীয় শক্তি জোঁটক পৰাভূত কৰিবলৈ সক্ষম হয়।

(ঘ) ১৯১৮ চনৰ যুদ্ধ পৰিস্থিতি।

উত্তৰ :- ১৯১৮ চনৰ মাৰ্চ মাহত মিত্র শক্তি জোঁটে ফৰাচী দেশৰ বিপক্ষে আৰু ব্ৰিটিছ সেনাবাহিনীয়ে কেন্দ্রীয় শক্তি জোঁটৰ বিৰুদ্ধে সমৰ অভিযান আৰম্ভ কৰে।

১৯১৭ চনৰ শেষৰ ফালে জার্মানসকলে মিত্র শক্তিৰ বিৰুদ্ধে যুদ্ধ জয়ৰ আশা পৰিত্যাগ কৰিছিল যদিও জার্মান সেনাধ্যক্ষ লডেনডর্ফে শেষ বাৰৰ বাবে ১৯১৮ চনৰ মাৰ্চ মাহত ব্ৰিটিছ আৰু ফৰাচী মিলিত সেনাবাহিনীৰ ওপৰত তীব্র আক্রমণ চলায়। কিন্তু জার্মানসকলে যুদ্ধত পৰাভূত হয়।

ইউৰোপৰ আটাইকেইখন যুদ্ধক্ষেত্ৰত মিত্রপক্ষৰ বিজয় সূচীত হ’বলৈ ধৰে। ১৯১৮ চনৰ ২৯ ছেপ্তেম্বৰত বুলগেৰিয়াই আত্মসমর্পণ কৰে। ৩০ ছেস্তেম্বৰত তুৰষ্কই আত্মসমর্পণ কৰে আৰু ৩ নৱেম্বৰত আষ্ট্ৰিয়া – হাংগেৰীয়ে আত্মসমর্পণ কৰে। ৩ অক্টোবৰত জার্মান সেনাধ্যক্ষ লডেনডর্ফে চৰকাৰক যুদ্ধ বিৰতি ঘোষণা কৰিবলৈ পৰামৰ্শ দিয়ে ৷ ৯ নৱেম্ববত জার্মান সম্রাট দ্বিতীয় উইলিয়ামে যুৱৰাজসহ হলেণ্ডলৈ পলায়ন কৰে, আৰু ইয়াৰ লগে লগে জাৰ্মানীত প্রজাতান্ত্রিক চৰকাৰৰ প্রচলন হয়। এই নতুন জার্মান প্রজাতান্ত্রিক চৰকাৰখনে ১৯১৮ চনৰ নৱেম্বৰ মাহৰ ১১ তাৰিখে দিনৰ ১১টা বজাৰপৰা কাৰ্যকৰী হোৱাকৈ যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰে। এইদৰে প্রথম বিশ্বযুদ্ধৰ সামৰণি পেলোৱা হয়।

(ঙ) ভার্চাই শান্তি চুক্তিৰ সামৰিক চৰ্তাৱলী উল্লেখ কৰা। 

উত্তৰ :- ভাৰ্চাই শান্তি চুক্তিৰ সামৰিক চৰ্তাৱলী উল্লেখ কৰা হ’ল এই চুক্তিয়ে জার্মানীব নিৰস্ত্ৰীকৰণত বিশেষ প্রাধান্য দিছিল। জার্মানীত বাধ্যতামূলকভাৱে সামৰিক সেৱাত লোক নিযুক্ত কৰাৰ নীতি বাতিল কৰা হৈছিল। জাৰ্মানীৰ সাধাৰণ সেনাবাহিনীৰ সংখ্যা ১,০০,০০০ সীমিত কৰা হৈছিল। নৌ-বাহিনীৰ ক্ষমতাও সীমিত কৰি পেলোৱা হৈছিল। নৌবাহিনীত মাত্র ১৫,০০০ আৰু যুদ্ধ জাহাজৰ সংখ্যা ৬ খনলৈ হ্ৰাস কৰা হৈছিল। লগতে ক্রুইজাৰ ৬ খনলৈ আৰু ডেষ্ট্ৰয়াৰ ১২ খনলৈ হ্ৰাস কৰা হৈছিল। জার্মানীয়ে ছাবমেৰিণ বখাটো নিষিদ্ধ কৰা হৈছিল। জার্মানীয়ে ৰাইন উপত্যকাৰ উপৰিও হেলিগোলেণ্ডত থকা সামৰিক কোঠ বিধস্ত কৰি পেলাব লাগিছিল।

See Next Page No Below…

1 thought on “Class 10 History Elective Chapter 2 প্রথম বিশ্বযুদ্ধ”

  1. দাদা ইয়াৰ ৰচনা ধৰ্মী প্ৰশ্ন সমূহ দিয়া নাইজে

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top