Class 10 History Elective Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান

Class 10 History Elective Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯) Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 History Elective Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯) and select need one.

Class 10 History Elective Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯)

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 History Elective Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯) Solutions for All Subject, You can practice these here…

প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯)

অধ্যায় – ৩

ইতিহাস

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) অৱন্তীৰ সম্পাদক কোন আছিল ?

উত্তৰ :- অৱন্তীৰ সম্পাদক নাছিল বেনিটো মুছোলিনি।

(খ) “The Fascisti Exposed” নামৰ গ্ৰন্থখনৰ কোনে ৰচনা কৰিছিল ?

উত্তৰ :- “The Fascisti Exposed” নামৰ গ্ৰন্থখনৰ ৰচয়িতা হৈছে গিয়াকামো মেট্রিওটিক।

(গ) “ The Main Kampf ” নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ? 

উত্তৰ :- “The Main Kampf” নামৰ গ্ৰন্থখন এড্‌লফ হিটলাৰে ৰচনা কৰিছিল।

(ঘ) “New Deal” নামে পৰিচিত নীতিটো কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ :- ” New Deal ” নামে পৰিচিত নীতিটোৰ উদ্ভাৱক হৈছে ডেলানে ফ্ৰেংকলিন ৰুচভেণ্ট ।

(ঙ) ইটালীক কোনে “Geographical Expression” বুলি অভিহিত কৰিছিল ?

উত্তৰ :- আষ্ট্ৰিয়াৰ প্ৰধানমন্ত্ৰী মেটৰনিখে ইটালীক “Geographical Expression” বুলি অভিহিত কৰিছিল।

(চ) কোন দেশক ভূমধ্য সাগৰৰ বন্দীনী বুলি কোৱা হৈছিল ? 

উত্তৰ :- ইটালী দেশক ভূমধ্য সাগৰৰ বন্দীনী বুলি কোৱা হৈছিল। 

(ছ) জার্মান সংসদ ভৱনত কোনে অগ্নি সংযোগ কৰিছিল ?

উত্তৰ :- জার্মান সংসদ ভৱনত ১৯৩৩ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে লুৱে নামে ওলাণ্ডাজ লোক এজনে অগ্নি সংযোগ কৰিছিল।

(জ) “ মই ফ্ৰান্সক গুৰি কৰি পেলাম ” বুলি কোনে কৈছিল ?

উত্তৰ :- “ মই ফ্রান্সক গুৰি কৰি পেলাম ” বুলি হিটলাৰে কৈছিল।

প্রশ্ন ২। তলত দিয়া ঘটনাবোৰৰ চন-তাৰিখ উল্লেখ কৰা।  

(ক) ৰাছিয়াৰ অক্টোবৰ সমাজতান্ত্রিক বিপ্লৱ।

(খ) ফেছিষ্টসকলৰ প্ৰথম ইটালীৰ দেশজোৰা সন্মিলন।

(গ) মুছোলিনিৰদ্বাৰা প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ। 

(ঘ) গিয়াকানো মেট্রিওটিৰ হত্যাকাণ্ড।

(ঙ) হিটলাৰৰ দ্বাৰা ক্ষমতা দখল।

(চ) ৰোম-বাৰ্লিন এক্‌ছিছ। 

(ছ) ৰোম-বার্লিন টকিঅ’ এক্‌ছিছ।

(জ) পেট অব ষ্টিল।

(ঝ) ৰচ-জাৰ্মান অনাক্রমণ চুক্তি।

(ঞ) হিটলাৰৰ পোলেণ্ড আক্রমণ।

(চ) মিউনিক চুক্তি।

(ঠ) পার্ল হাবাৰৰ ওপৰত জাপানৰ আক্ৰমণ।

(ড) লেলিনৰ মৃত্যু।

(ঢ) হিটলাৰৰ ছোভিয়েট ৰাচিয়া আক্ৰমণ।

উত্তৰ :- তলত উল্লিখিত ঘটনাবোৰৰ চন-তাৰিখ উল্লেখ কৰা হ’ল-

সংঘটিত ঘটনাচন-তাৰিখ
(ক) ৰাচিয়াৰ অক্টোবৰ সমাজতান্ত্রিক বিপ্লৱ১৯১৭ চন
(খ) ফেছিস্টসকলৰ প্ৰথম ইটালীৰ দেশজোৰা ভ্রমণ১৯১৯ চন
(গ) মুছোলিনিৰদ্বাৰা প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ১৯২২ চনৰ ৩০ অক্টোৱৰ
(ঘ) গিয়াকামো মেট্রিওটিৰ হত্যাকাণ্ড১৯২৪ চনৰ ১০ জুন
(ঙ) হিটলাৰৰদ্বাৰা ক্ষমতা দখল১৯৩৩ চনৰ ৩০ জানুৱাৰী
(চ) ৰোম-বার্লিন একছিছ১৯২৬ চনৰ অক্টোৱৰ
(ছ) ৰোম-বার্লিন টকিঅ’ এক্‌ছিছ১৯৩৭ চনৰ নৱেম্বৰত
(জ) পেকূট অৱ ষ্টিল১৯৩৯ চনৰ ২২ মে’ত
(ঝ) বচ-জার্মান অনাক্রমণ চুক্তি১৯৩৯ চনৰ ২১ আগষ্ট
(ঞ) হিটলাৰৰ পোলেণ্ড আক্রমণ১৯৩৯ চনৰ ১ চেপ্তেম্বৰ
(ট) মিউনিক চুক্তি১৯৩৮ চনৰ ১ অক্টোৱৰ
(ঠ) পার্ল হার্বাৰৰ ওপৰত জাপানৰ আক্রমণ১৯৪১ চনৰ ৭ ডিচেম্বৰ
(ড) লেনিনৰ মৃত্যু১৯২৪ চনৰ জানুৱাৰী
(ঢ) হিটলাৰৰ ছোভিয়েট ৰাচিয়া আক্রমণ১৯৪১ চনৰ জুনত

প্রশ্ন ৩। চমু উত্তৰ দিয়া :

(ক) ফেছিবাদৰ চাৰিটা নীতি উল্লেখ কৰা।

উত্তৰ :- ফেছিবাদৰ চাৰিটা নীতি হৈছে—

১। ফেছিবাদ গণতন্ত্র আৰু গণতান্ত্রিক প্ৰমূল্য আৰু পৰম্পৰাৰ পৰিপন্থী আছিল 

২। ফেছিবাদৰ মতে ৰাষ্ট্ৰসকলোৰে ঊর্ধ্বত, ৰাষ্ট্ৰৰ ওপৰত কোনো নাই। ৰাষ্ট্ৰৰ এক সর্বাত্মক কৰ্তৃত্ব আছে, ই সকলোতে বিদ্যমান। ইয়াক নেতাৰ মাধ্যমেৰে চনাক্ত কৰা হয়। অর্থাৎ নেতাই ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰই নেতা। ৰাষ্ট্ৰ আৰু নেতাৰ মাজত কোনো পার্থক্য নাই!

৩। ফেছিবাদ ব্যক্তিস্বাতন্ত্র্যবোধৰ পৰিপন্থী। ইয়াত ব্যক্তিৰ স্বাধীনতা মানি লোৱা হয়।

৪। ফেছিবাদৰ মূল চালিকা শক্তি আছিল যুদ্ধ, সামৰিক সংঘর্ষ। ফেছিবাদে  এইবোৰৰ দ্বাৰা পৰিচালিত হৈছিল।

(খ) ফেছিষ্ট ৰাষ্ট্ৰৰ চাৰিটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ :- ফেছিষ্ট ৰাষ্ট্ৰৰ চাৰিটা প্রধান বৈশিষ্ট্য হৈছে—

(i) ফেছিবাদ সমাজবাদৰ পৰিপন্থী, ইয়াত সমাজবাদৰ সলনি একনায়কত্ববাদক প্রাধান্য দিয়া হয়।

(ii) ফেছিবাদ শাস্তিৰ পৰিপন্থী।

(iii) ফেছিবাদ মুক্ত বাণিজ্যিক আদান-প্ৰদানৰ পৰিপন্থী।

 (iv) ফেছিবাদ সংবাদপত্ৰৰ স্বাধীনতাৰ পৰিপন্থী। ইয়াত বাতৰিকাকত, সংবাদ পত্ৰ আদিয়ে নির্ভীক, নিৰপেক্ষ সংবাদ প্ৰেৰণ কৰিব নোৱাৰিছিল।

(গ) ফেছিষ্ট আদর্শ কি ?

উত্তৰ :- ফেছিষ্ট আদর্শ হৈছে ফেছিষ্ট ৰাষ্ট্ৰত নিৰ্দিষ্ট আৰু বিশেষ এক ৰাজনৈতিক দল থাকে আৰু দলৰ নেতাইগৰাকীয়ে সকলো ক্ষেত্ৰত সর্বময়কর্তা। তওঁ দলৰ নেতা, জনসাধাৰণৰ বিপৰীত তেঁৱেই সকলো ক্ষমতাৰ অধিকাৰী, দশখনৰ বিপুল জনসাধাৰণৰ ভাগ্য নিয়স্তা। সকলো তেওঁৰ অধীন, তেওঁ কাৰো মধীন নহয়।

(ঘ) ১৯১৪-১৮ চনৰ যুদ্ধৰ অব্যবহিত পিছৰ কালছোৱাৰ জাৰ্মানীৰ মার্থিক অৱস্থা কোন ধৰণৰ আছিল উল্লেখ কৰা।

উত্তৰ :- ১৯১৪-১৮ চনৰ বিশ্বযুদ্ধৰ পৰৱৰ্তীকালত জার্মানিৰ আৰ্থিক অৱস্থা অতি শোচনীয় হৈ পৰিছিল। যুদ্ধৰ মাজমানৰপৰা জার্মানিত খাদ্য সংকটে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। দেশত উৎপাদনমুখী কল-কাৰখানা, উদ্যোগ প্রতিষ্ঠান আদি ধ্বংস হোৱাত নিবনুৱা সমস্যাই ভয়াৱহ আকাৰ ধাৰণ কৰিছিল। খাদ্য সামগ্রীকে আদি কৰি নিত্য প্রয়োজনীয় বয়-বস্তুৰ মূল্য দিনক দিনে বাঢ়ি গৈছিল। টকাৰ ক্ৰম ক্ষমতা দ্রুতভাৱে হ্রাস পাই আহিছিল।

৪। ৰচনাধর্মী প্রশ্ন

প্রশ্ন ১। ইটালীত ফেছিবাদৰ অভ্যূদয়ৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰ :- প্রথম বিশ্বযুদ্ধৰ পৰিসমাপ্তি ঘটাৰ পিছত ইজিপ্তত ৰাজনৈতিক সংহতিৰ অভাৱ দেখা গৈছিল।ইয়াৰ বিভিন্ন প্ৰদেশত বিভিন্ন ৰাজপৰিয়ালে ৰাজত্ব কৰিছিল।আনহাতে উত্তৰৰ ফালৰ ভালেমান গ্ৰদেশৰ ওপৰত অষ্ট্ৰিয়াৰ ৰাজনৈতিক আধিপত্য স্থাপিত হৈছিল। অর্থাৎ স্বৈৰতান্ত্ৰিক ৰাজতন্ত্ৰ আৰু বৈদেশিক শক্তিৰ অধীনত ইটালীয়ে বহুবছৰ ৰাজনৈতিক ক্ষেত্ৰত বিভক্ত হৈ পৰিছিল।কিন্তু ইয়াৰ জনসাধাৰণে ইটালীক বিদেশী মুক্ত কৰি এখন জাতি ৰাষ্ট্ৰৰূপে গঢ়ি তুলিবলৈ চলোৱা প্ৰচেষ্টাৰ অন্তত ১৮৭০ চনতই জাতি ৰাষ্ট্ৰৰূপে প্রতিভাত হয়।

প্রথম বিশ্বযুদ্ধৰ সময়ত ইটালীয়ে ত্ৰিপাক্ষিক চুক্তিৰ অন্তৰ্ভূক্ত হৈ কেন্দ্ৰীয় শক্তি জোঁটৰ সপক্ষে যুদ্ধত অংশগ্ৰহণ কৰিব লাগিছিল যদিও অস্ট্রিয়াৰ সৈতে থকা দীর্ঘদিনীয়া বিবাদৰ ফলত প্রথমে নিৰপেক্ষ হৈ থাকি পিছত মিত্ৰ পক্ষৰ হৈ যুদ্ধত যোগদান কৰে। ইটালীয়ে আশা কৰিছিল সে যুদ্ধৰ সমাপ্তিৰ পিছত ট্ৰেণ্টিনো, ব্ৰেনাৰ গিৰিপথ, ট্রিইষ্টে, ইষ্টত্রিয়া, ডালমাছিয়া আদি অঞ্চল দখল কৰি নিজ ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিব কিন্তু ভাৰ্ছাই শান্তি চুক্তিয়ে ইটালীৰ সেই আশা পূৰণ কৰিব নোৱাৰিলে। মিত্র শক্তিৰ সদস্যসকলে ইটালীক কেৱল “ভোজ সভাত শিয়াল” ৰূপেহে গণ্য কৰিলে।

গতিকে এফালে কূটনৈতিক দিশত হতাশা আৰু আনফালে অর্থনৈতিক বিপর্যয়ে ইটালীৰ ৰাজনৈতিক পৰিস্থিতি অতি জটিল কৰি তুলিছিল। প্রাকৃতিক সম্পদত দুখীয়া এই দেশখনে বর্ধিত জনসংখ্যাক শিল্প উদ্যোগ স্থাপন কৰি তাৰ সহায়ত কর্ম সংস্থাপন দিয়াৰ পৰাও বঞ্চিত হৈছিল। মূল্য বৃদ্ধিৰ হাৰ আছিল ৩০০ৰপৰা ৪০০শত হয়। খাদ্য শস্য বিদেশৰপৰা আমদানী কৰিব লাগিছিল।ইয়াৰ বাবে ভূমধ্য সাগৰীয় পথৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল।

বিশ্বযুদ্ধৰ ফলত ইটালীৰ অৰ্থনৈতিক অৱস্থা আৰু জটিল হৈ পৰিছিল। শিল্প বাণিজ্য, কল-কাৰখানা, ৰাস্তা-ঘাট, যোগাযোগ ব্যৱস্থা অধিক বিকল হৈ পৰিছিল। জনসাধাৰণৰ মাজত ঋণগ্রস্ততা, মুদ্রাস্ফীতি, নিবনুৱা সমস্যা আৰু সামাজিক নিৰাপত্তাহীনতা লাহে লাহে বৃদ্ধি পাই আহিছিল। চোৰাং বেপাৰী, লাভখোৰ দোকানী, পোহাৰী আদিৰ বাবে সাধাৰণ জনগণৰ অৱস্থা পানী হাঁহ নচৰাৰ দৰে হৈছিল। যুদ্ধক্ষেত্ৰৰ পৰা উভতি অহা সৈনিকক জনসাধাৰণে শ্রদ্ধা কৰাৰ সলনি শিলগুটিহে দলিয়াইছিল। নিজৰ অৱস্থা টনকিয়াল কৰিবলৈ বহুতে ৰাজনীতিত যোগদান কৰিছিল। প্রাক্তন সৈনিকৰ ৰাজনীতিত যোগদানে দেশৰ ৰাজনৈতিক পৰিস্থিতি অধিক জটিল কৰি তুলিছিল।

দেশৰ এনে অৱস্থাত চৰকাৰে বিশেষ পদক্ষেপ লোৱাটো অসম্ভৱ যেন হৈ পৰিছিল। বহু দলীয় ৰাজনৈতিক ব্যৱস্থাই প্রশাসন যন্ত্ৰটো ক্ৰমাৎ দুর্বল কৰি তুলিছিল। প্রধানমন্ত্ৰী অৰলাণ্ডোৱে পদত্যাগ কৰাৰ পিছত ১৯১৯ চনৰ ২৩ জুনৰপৰা ১৯২২ চনৰ ৩১ অক্টোৱৰলৈ ইটালীত এখন এখনকৈ ছয়াখন মন্ত্ৰীণভাৰ উত্থান-পতন হৈছিল। ইয়াৰ পৰাই দেশৰ অস্থিৰতাৰ কাৰণ জানিব পাৰি।

ইটালী দেশত চলি থকা এই চূড়ান্ত অস্থিবাৰ সময়তেই বেনিটো মুছোলিি নেতৃত্বত ফেছিষ্ট দলৰ প্ৰাদুৰ্ভাৱ ঘটে।

প্রশ্ন ২। ইটালীত ফেছিবাদৰ চমু ইতিহাস বিবৃত কৰা।

উত্তৰ :- ফেছিবাদ শব্দটো লেটিন ভাষাৰ “Fasces” শব্দৰপৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হৈছে দল বা আঁটি। বেনিটো মুছোলিনিৰ নেতৃত্বত এই দলটো গঠন কৰা হৈছিল। মুছোলিনিয়ে ইটালীৰ ডেকা তথা যুৱকসকলক ‘ফেছেদ্‌’ নামে দলত সংগঠিত কৰি জাতিৰ বাবে শত্ৰু গণ্য কৰা লোকৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিবলৈ নিয়োগ কৰিছিল। মিলান চহৰত ১৯১৯ চনৰ ২৩ মার্চত পোনতে ফেছিষ্ট গোট গঠন কৰা হৈছিল। এওঁলোকে গণতন্ত্রত বিশ্বাস কৰিছিল, গতিকে বিৰোধী দল থকাটো তেওঁলোকে পছন্দ নকৰিছিল। এওঁলোকে বিশ্বাস কৰা বাজনৈতিক আদর্শকে ফেছিবাদ বুলি কোৱা হয়।

বেনিটো মুছোলিনিয়ে জীৱনৰ আদিতে সমাজবাদৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। ১৯০৮ চনত ৰামাগ্‌নাৰ কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ অপৰাধত তেওঁক বন্দী কৰি কাৰাগাৰত থোৱা হৈছিল।পিছত সমাজবাদীদলৰ মুখপত্র ‘অৱম্ভী’ৰ সম্পাদক পদত নিযুক্ত হয়। ইটালীয়ে বিশ্বযুদ্ধত অংশ গ্ৰহণ নকৰিবলৈ প্ৰচাৰ কৰাত মুছোলিনিয়ে সমাজবাদী দলৰপৰা পদত্যাগ কৰি ছিন্দিকেলিষ্টসকলৰ লগ লাগে আৰু যুদ্ধত ইটালীৰ অংশগ্ৰহণৰ পোষকতা কৰে।

ইফালে সেই সময়ত ইটালীত বৃদ্ধি পোৱা সাম্যবাদী প্ৰচাৰ আৰু সংগঠনসমূহে সমাজৰ তথাকথিত ধনীশ্রেণীক ভীতি সন্ত্রস্ত কৰি তুলিছিল। গতিকে এই শ্ৰেণীৰ লোকৰ লগতে প্ৰাক্তন সৈনিকসকল ছে লাহে কেছিষ্ট দলৰ প্ৰতি আকৰ্ষিত হৈছিল। ইটালী দেশৰ লোকসকলে ভাবিছিল যে বেনিটো মুছোলিনিয়ে তেওঁলোকক সকলো দিশৰপৰা সহায় আগবঢ়াবলৈ সক্ষম হব। মুছোলিনিয়ে।প্রথমতে ফেঁছিষ্ট গোটুক ৰাজনৈতিক দল বুলি স্বীকাৰ কৰা নাছিল। এই দলে চূড়ান্ত স্ৰষ্টাচাৰ আৰু দুৰ্নীতিত নিমৰ্জ্জিত সকলোবোৰ ৰাজনৈতিক দলৰ প্রতি চূড়ান্ত ঘৃ আৰু অসন্তুষ্টি হৈ প্ৰকাশ কৰিছিল। সেয়েহে এই দলৰ প্ৰতি দেশৰ লোকসকল আকৰ্ষিত হোৱা দেখা গৈছিল। 

বেনিটো মুছোলিনি

ফেছিষ্ট সকলৰ প্ৰথম দেশজোৰা কংগ্ৰেছ বহিছিল ১৯১৯ চনত, তাত ২২টা গোটে অংশগ্ৰহণ কৰিছিল আৰু মুঠ সদস্যৰ সংখ্যা আছিল ১৭,০০০। ১৯২০ চনত বহা দ্বিতীয় কংগ্ৰেছত ফেহিষ্ট গোটৰ সংখ্যা আছিল ১১৮টা আৰু মুঠ সদস্য সংখ্যা আছিল ৩০,০০০। তৃতীয় কংগ্ৰেছৰ সময়ত ফেছিষ্ট গোটৰ সংখ্যা আছিল ২২০০টা আৰু সদস্যৰ সংখ্যা আছিল ৩,০০,০০০। এই গোটসমূহৰ পৰা অত্যন্ত বিশ্বস্তসকলক লৈ ক’লা বোলা পৰিধান কৰা এটি স্বেচ্ছাসেৱব বাহিনী গঠন কৰা হৈছিল আৰু আৰম্ভণিৰেপৰাই এওঁলোকে কমিউনিষ্টসকলক আক্রমণ কৰা কামত নিয়োজিত আছিল। ১৯২১ চনৰ আৰম্ভণিৰেপৰা এই আক্ৰমণ সংঘৰ্ষসমূহৰ বাবে দেশখনও এক গৃহযুদ্ধ সদৃশ পৰিস্থিতিয়ে দেখা দিছিল। আইন শৃংখলা বোলা বস্তুটো নোহোৱা হৈছিল। 

ফেছিষ্টসকলৰ ভয়ত চৰকাৰী আমোলা বিষয়াসকল নির্বিকাত হৈ পৰিছিল। সেই সময়তে ১৯২১ চনৰ মে মাহত দেশত সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল। সেই নিৰ্বাচনত অংশগ্ৰহণ কৰি ফেছিষ্টসকলে সংসদলৈ মুছোলিনিসহ ৩৬ জন সদস্য নির্বাচিত কৰি পঠিয়াইছিল। সেই বছৰৰে নৱেম্বৰ মাহত মুছোলিনিয়ে ফেছিষ্ট গোটসমূহক সুসংহত কৰি এক ৰাজনৈতিক দলৰূপে সংঘবদ্ধ কৰে।এই দলৰ দ্বাৰা হত্যা, লুণ্ঠন, মাৰ-পিট সাধাৰণ ঘটনাত পৰিণত হয়।১৯২২ চনৰ ৩ মাৰ্চত মুছোলিনিয়ে ফিউমৰ প্রতিষ্ঠিত চৰকাৰ উচ্ছেদ কৰি তাত ক্ষমতা দখল কবে। এই সময়তো কমিউনিষ্ট আৰু সমাজবাদীসকলৰ ওপৰত ফেছিষ্টসকলৰ অত্যাচাৰ অব্যাহত আছিল।

মুছোলিনিৰ নেতৃত্বত ফেছিষ্টসকলে ১৯২২ চনৰ অক্টোবৰ মাহৰ শেষৰফালে ৰোম দখলৰ বাবে এটা বৃহৎ অভিযান চলাইছিল। তাৰে আগতে ২৪ অক্টোৱৰত নেপ’লছত অনুষ্ঠিত বিশাল জনসভাত ভাষণ দি মুছোলিনিয়ে কৈছিল, ‘হয় আমাক চৰকাৰ গঠন কৰিবলৈ দিয়ক, নহয় আমি ৰোমলৈ যাত্ৰা কৰিম।’ প্রধানমন্ত্রী ফেক্তাই দেশত সামৰিক আইন বলৱৎ কৰাৰ পৰামৰ্শ দিছিল যদিও ৰজাই তৃতীয় ভিক্তৰ ইমানুৱেলে সেইটো নকৰিলে। সেয়ে ১৯২২ চনৰ ২৭ অক্টোবৰ মাহত ফেক্তাই প্রধানমন্ত্ৰীৰ পদৰপৰা পদত্যাগ কৰে। পিছদিনাখন মুছোলিনিয়ে ৰোমলৈ অভিযান আৰম্ভ কৰিলে আৰু ৰজাই ফেছিহৰণৰ হেঁচাত ৩০ অক্টোৱৰ তাৰিখে মুছোলিনিক ইটালীৰ প্ৰধানমন্ত্ৰীৰূপে ঘোষণা কৰিলে। সংসদে দেশত আইন আৰু শাস্তি-শৃংখলা স্থাপনৰ বাবে এবছৰলৈ মুছোলিনিক একছত্রী ক্ষমতা প্রদান কৰিলে।

প্রশ্ন ৩। বেনিটো মুছোলিনিৰ আমোলত ইটালীৰ বৈদেশিক নীতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰ :- ফেছিবাদক পুঁজিবাদৰ এক জঘন্য ৰূপ বা সাম্ৰাজ্যবাদৰ উদ্যোক্তা আৰু প্ৰৱক্তা বুলি ক’ব পাৰি। মুছোলিনিয়ে এক অগ্রাসী বৈদেশিক নীতি পৰিচালনা কৰিছিল। ইটালী প্রাকৃতিক সম্পদত দুখীয়া আছিল। সেয়েহে ফেছিষ্টসকলে চুবুৰীয়া অন্যান্য চহকী দেশ দখল কৰি ইটালীৰ ৰাজ্যক্ষেত্র সম্প্ৰসাৰণ ঘটাবলৈ চেষ্টা চলাইছিল। 

তেওঁলোকে ভাৰ্চাই শান্তি চুক্তিৰ বিৰোধিতা কৰি তাৰ চৰ্তসমূহ উলংঘা কৰিবলৈ বিচাৰিছিল।মুছোলিনিৰ বদ্ধমূল ধাৰণা আছিল যে ইটালীৰ সম্প্ৰসাৰণত ভাৰ্চাই চুক্তি আৰু জাতি সংঘই বাধাৰ প্ৰাচীৰ গঢ়ি তুলিছিল, সেয়ে ভার্চাই শান্তি চুক্তি আৰু জাতি সংঘৰ প্ৰতি অহৰহ বিৰোধিতা কৰিছিল। ৰাজ্যক্ষেত্ৰৰ পৰিসৰ বৃদ্ধিৰ বাবে তেওঁ ব্যাপক সমৰৰ আয়োজন কৰিছিল।১৯৩০ চনত তেওঁ কৈছিল “ভাষণ বৰ সুন্দৰ বস্তু, কিন্তু বাইফল, মেচিনগান, যুদ্ধজাহাজ, আকাশীযান আৰু কামান তাতকৈও সুন্দৰ বস্তু।সেইবিলাক এই কাৰণেই সুন্দৰ যে শক্তি অবিহনে অধিকাৰ অন্তসাৰশূন্য শব্দ।”

ভূমধ্যসাগৰক মুছোলিনিয়ে ইটালীৰ বাবে এটি নিজস্ব হ্ৰদৰূপে গণ্য কৰিবলৈ লৈছিল আৰু উপকূলৱৰ্তী দেশসমূহক নিজ অধীনলৈ আনিবলৈ যত্ন কৰিছিল। – সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ গ্ৰীচৰ কৰ্টু নামৰ দ্বীপটো দখল কৰি পিছত বহু হাজাৰ টকাৰ বিনিময়ত পুনৰ গ্ৰীচক ওভতাই দিছিল। ইয়াৰ উপৰি ইটালীয়ে আবিছিনিয়াৰ ৰাজধানী আদ্দিছ আবাবা, ইথিওপিয়া, এবিত্রিয়া, ছোমালিলেণ্ড আদি দখল কৰি ইটালীৰ লগত চামিল কৰে।

১৯৩৯ চনত ইটালীয়ে আলবানিয়া দখল কৰে আৰু ইটালীৰ ৰজা ইথিওপিয়াৰ সম্রাট আৰু আলবানিয়াৰ ৰজাৰূপে পৰিগণিত হয়। আন্তৰাষ্ট্ৰীয় ৰাজনীতিত সংঘটিত এই ঘটনাবোৰ লাহে লাহে জার্মানী আৰু ইটালীক ওচৰ চপাই আনে। ১৯৩৬ চনৰ অক্টোৱৰ মাহত জার্মানীয়ে ইটালীৰ সৈতে ‘ৰোম-বার্লিন এক্‌ছিছ’ গঠন কৰে। তাৰ পিছৰ মাহত জাৰ্মানী আৰু জাপানে কমিউনিষ্ট বিৰোধী চুক্তিত সোমাই পৰে। পিছৰ বছৰ ইটালীয়ে এই চুক্তিৰ অংশীদাৰ হয় আৰু এই চুক্তি বোম-বার্লিন-টকিঅ’ এক্‌ছিছৰূপে পৰিগণিত হয়।

আদিতে হিটলাৰ আৰু মুছোলিনিৰ মাজত বিশেষ সদ্ভাৱ নাছিল। ১৯৩৪ চনত হিটলাৰে অষ্ট্ৰিয়াৰ আভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ কৰাত মুছোলিনিয়ে তীব্র বিৰোধিতা কৰিছিল। কিন্তু ইটালীয়ে আবিছিনিয়া আক্ৰমণ কৰাৰ লগে লগে ফ্রান্স আৰু ইংলেণ্ডে পোষণ কৰা দৃষ্টিভংগীৰ পৰিপ্ৰেক্ষিতত মুছোলিনি লাহে লাহে হিটলাৰৰ শিৱিবলৈ অগ্ৰসৰ হ’বলৈ ধৰে, অৱশেষত তেওঁ কমিউনিষ্ট বিৰোধী চুক্তিৰ অংশীদাৰ হৈ ‘ৰোম-ৱাৰ্লিন-টকিঅ’ এক্‌ছিছ’ গঠনৰ কথা ঘোষণা কৰে।এইবিলাকৰ ফলত পুনৰ বিশ্বযুদ্ধৰ আশংকাই দেখা দিয়ে।এইদৰে বেনিটো মুছোলিনিৰ আমোলত ইটালীৰ বৈদেশিক নীতি নির্ধাৰণ কৰা হৈছিল বুলি ক’ব পাৰি। 

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top