Class 10 History Elective Chapter 5 ৰাষ্ট্ৰসংঘ

Class 10 History Elective Chapter 5 ৰাষ্ট্ৰসংঘ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 History Elective Chapter 5 ৰাষ্ট্ৰসংঘ and select need one.

Class 10 History Elective Chapter 5 ৰাষ্ট্ৰসংঘ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 History Elective Chapter 5 ৰাষ্ট্ৰসংঘ Solutions for All Subject, You can practice these here.

ৰাষ্ট্ৰসংঘ

অধ্যায় – ৫

ইতিহাস

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

প্রশ্ন ১। তলত দিয়া ঘটনাসমূহৰ চন-তাৰিখ উল্লেখ কৰা।

(ক) জাতিসংঘৰ গঠন

(খ) আটলান্টিক চনদ

(গ) ডাগ হামাৰচিল্ডৰ মৃত্যু

(ঘ) পেট্ৰিছ লুমুম্বাৰ হত্যা 

(ঙ) নামিবিয়াৰ স্বাধীনতা প্রাপ্তি

(চ) ইজৰায়েল ‘ৰাষ্ট্ৰৰ সৃষ্টি।

উত্তৰ :- তলত ঘটনাসমূহৰ চন-তাৰিখ উল্লেখ কৰা হল—

ঘটনাচন-তাৰিখ
(ক) জাতিসংঘৰ গঠন১৯২০ চন
(খ) আটলান্টিক চনদ১৯৪১ চনৰ ১৪ আগষ্টত
(গ) ডাগ হামাৰচিল্ডৰ মৃত্যু১৯৬১ চনৰ ১৭ চেপ্টেম্বৰত
(ঘ) পেট্ৰিছ লুমুম্বাৰ হত্যা১৯৬১ চন
(ঙ) নামিবিয়াৰ স্বাধীনতা প্রাপ্তি১৯৯০ চন
(চ) ইজৰায়েল ৰাষ্ট্ৰৰ সৃষ্টি১৯৪৮ চনৰ ১৪ মে’ত

চমু টোকা লিখা

(ক) ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু উদ্দেশ্য :

উত্তৰ :- ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে সংবিধানৰ প্ৰভাৱনা ১ নং আৰু ২ নং অনুচ্ছেদত বিতং আৰু স্পষ্টভাৱে উল্লেখ কৰা আছে। এই লক্ষ্য আৰু উদ্দেশ্যসমূহ হৈছে—

১। ভৱিষ্যত প্রজন্মক যুদ্ধৰ ধ্বংসলীলাৰপৰা ৰক্ষা কৰা৷

২। বিশ্বত সৰ-বৰ সকলো ৰাষ্ট্ৰৰে পুৰুষ মহিলা নির্বিশেষে সমান অধিকাৰৰ ভিত্তিত সকলো মানুহৰে মৌলিক মানৱীয় অধিকাৰৰ প্ৰতি পুনৰ আস্থা স্থাপন কৰা, কাৰণ ইতিমধ্যে যুদ্ধৰ বিভীষিকাই বাৰে বাৰে এই অধিকাৰ খৰ্ব কৰি আহিছে।

৩। আস্তঃৰাষ্ট্ৰীয় সন্ধি আৰু চুক্তি আদিৰ মাধ্যমত সৃষ্টি হোৱা আন্তঃৰাষ্ট্ৰীয় আইন কানুনে বিশ্ব সম্প্ৰদায়ৰ মাজত আনি দিয়া দায়িত্ববোধৰ প্রতি ন্যায় আৰু সন্মান প্ৰদৰ্শন কৰিবলৈ অনুকূল পৰিৱেশৰ সৃষ্টি কৰা আৰু

৪। বিশ্বত সকলো মানুহৰে মুকলিমুৰীয়া আৰু স্বাভাৱিক জীৱন যাত্ৰাৰ অনুকূলে সামাজিক উন্নয়ন আৰু জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন কৰা।

(খ) ডাম্বার্টন ওৱাৰ্কছ কনফাৰেঞ্চ :

উত্তৰ :- ১৩৪৩ চনৰ ১ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা তেহৰাণ ঘোষণা নামৰ শীৰ্ষ সন্মিলনখনত ঘোষণা কৰা লক্ষ্য আৰু উদ্দেশ্যসমূহক কার্যত ৰূপায়ণ কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, চীন আৰু ছোভিয়েট ৰাচিয়াৰ প্রতিনিধিসকলে ১৯৪৪ চনৰ আগষ্ট – অক্টোবৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওৱাছিংটন চহৰত এখন শীৰ্ষ সন্মিলনত মিলিত হৈছিল। এই সন্মিলনখন বহিছিল ডাম্বাৰ্টন ওৱাৰ্কছ নামৰ এটি বিশাল অট্টালিকাত। সেইবাবে অট্টালিকাটোৰ নাম অনুসৰি সন্মিলনখন ডাম্বাৰ্টন ওৱাৰ্কছ্ কনফাৰেঞ্চ বুলি কোৱা হয়। এই সন্মিলনতেই পোন প্রথমে প্রস্তাৱিত আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৰ নাম ৰাষ্ট্ৰসংঘ বাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল আৰু ইয়াতেই ৰাষ্ট্ৰসংঘৰ সাংগঠনিক ৰূপৰেখা তৈয়াৰ কৰা হয় ।

এই সন্মিলনব সিদ্ধান্তমৰ্মে ৰাষ্ট্ৰসংঘৰ মূল চাবিকাঠি বিশ্বৰ পাঁচখন বৃহৎ ৰাষ্ট্ৰৰ প্ৰতিনিধিৰে গঠিত নিৰাপত্তা পৰিষদৰ হাতত ন্যস্ত কৰা হয়। এই পাঁচখন ৰাষ্ট্ৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্র, ব্রিটেইন, ফ্রান্স, ৰাচিয়া আৰু চীন। এই সন্মিলনতেই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু নিৰাপত্তা পৰিষদৰ মাজত ক্ষমতা আৰু অধিকাৰৰ পৃথকীকৰণ কৰা হয়। নিৰাপত্তা পৰিষদৰ মুঠ সদস্য পূর্বতে ১১ খন ৰাষ্ট্ৰ বুলি নিৰ্ধাৰণ কৰা হৈছিল যদিও পৰৱৰ্তী কালত ইয়াত ১৫ খনলৈ বৃদ্ধি কৰা হয়।

(গ) ছান ফ্রান্সিস্কো কনফাৰেঞ্চ :

উত্তৰ :- ৰাষ্ট্ৰসংঘৰ গঠনৰ অভিপ্রায়েৰে বিশ্বৰ জাতিসমূহৰ মাজত অনুষ্ঠিত হোৱা সৰ্ববৃহৎ আৰু সৰ্বশেষ সন্মিলনখন হৈছে ছানফ্রাঞ্চিছকো সন্মিলন। এই সন্মিলনত বিশ্বৰ ৫১ খন ৰাষ্ট্ৰৰ মুঠ ২৬০ জন প্রতিনিধিয়ে অংশগ্রহণ কৰিছিল৷ এই সন্মিলনৰ সভাপতি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব এডৱার্ড ষ্টেটিনাছ। এই সন্মিলনখন ১৯৪৫ চনৰ ২৬ এপ্রিলত ছানফ্রানিচছকো থিয়েটাৰ হলত অনুষ্ঠিত হৈছিল।

এই সন্মিলনত ৰাষ্ট্ৰসংঘৰ বিস্তৃত আৰু খাটাং সাংগঠনিক ৰূপ দিয়াৰ লগতে সংবিধানো প্রস্তুত কৰা হৈছিল। এই সংবিধানত ১৯৪৫ চনৰ ২৬ জুন তাৰিখে সন্মিলন প্রতিনিধিত্ব কৰা ৫১ খন ৰাষ্ট্ৰৰ প্রতিনিধিয়ে স্বাক্ষৰ দান কৰিছিল। পিছত ইয়াৰ স্থায়ী সদস্য ৰাষ্ট্ৰ আৰু স্বাক্ষৰ দানকাৰী অন্যান্য ৰাষ্ট্ৰসমূহৰ গৰিষ্ঠ সংখ্যক চৰকাৰে এই সংবিধানৰ প্রতি আনুষ্ঠানিকভাৱে অনুমোদন জনোৱাত এই সংবিধানখন সেই বছৰৰে ২৪ অক্টোৱৰ তাৰিখৰপৰা কাৰ্যকৰী কৰা হয়। ৰাষ্ট্ৰসংঘৰ সংবিধানখন মূলতঃ এটি বহুজাতীয় চুক্তি। ই ৰাষ্ট্ৰসংঘৰ মৌলিক আইন হোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় আইনৰো ভিত্তিমূল। ইয়াত সদস্য ৰাষ্ট্ৰসমূহৰ কৰ্তব্য আৰু দায়িত্বৰ কথা বিস্তৃতভাৱে উল্লেখ কৰা হৈছে।

(ঘ) ৰাষ্ট্ৰসংঘৰ সচিব প্রধান :

উত্তৰ :- ৰাষ্ট্ৰসংঘৰ সংবিধানৰ ৯৭ নং অনুচ্ছেদত উল্লেখ কৰা মতে নিৰাপত্তা পৰিষদৰ পৰামৰ্শমতে সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ সচিব প্রধানক নিযুক্তি দিয়ে। ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ সমুদায় দায়িত্ব সচিব প্রধান গ্ৰহণ কৰে। তেওঁ ৰাষ্ট্ৰসংঘৰ প্রধান প্রশাসনিক বিষয়া।সচিব প্রধানৰ নিয়ন্ত্রণত থকা এক কর্মী বাহিনীয়ে ৰাষ্ট্ৰসংঘৰ সমূহ কাম-কাজ নিয়ন্ত্রণ কৰে।

সচিব প্রধানক তেওঁৰ দৈনন্দিন কাম-কাজত সহায় কৰিবৰ বাবে সচিবালয়ক কেইবাটাও প্রধান শাখাত ভাগ কৰা হৈছে আৰু প্ৰতিটো শাখাতে শাখা মুৰব্বীৰূপে একোজনকৈ আৱৰ-সচিব প্রধান, তলত এজনকৈ সহায়ক সচিব প্রধান নিযুক্তি দিয়া হয়। ইয়াৰ উপৰি বিভিন্ন আয়োগৰ মুৰব্বী হিচাপে একোজনকৈ সঞ্চালন প্রধানে কার্যভাব পৰিচালনা কৰে।

সচিব প্রধানজন ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক বাজেট প্রস্তুত কৰাৰ বাবে দায়বদ্ধ। তেওঁ ৰাষ্ট্ৰসংঘৰ সকলো কামৰে অধিকাৰী। বর্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্রধান গৰাকীৰ নাম হৈছে বান কি-মুন।

(ঙ) ৰাষ্ট্ৰসংঘৰ পুঁজি :

উত্তৰ :- ৰাষ্ট্ৰসংঘৰ আৰু ইয়াৰ বিভিন্ন সংগঠনৰ কাম-কাজ পৰিচালনা কৰাৰ বাবে এক বৃহৎ পৰিমাণৰ পুঁজিৰ প্ৰয়োজন হয়।এই পুঁজি ডলাৰৰ হিচাপত বছৰি প্ৰায় ৬ বিলিয়ন মার্কিন ডলাৰ, ৰাষ্ট্ৰসংঘৰ পুঁজিৰ এক-তৃতীয়াংশ সদস্য ৰাষ্ট্ৰসমূহৰপৰা বাধ্যতামূলক বৰঙণি হিচাপে সংগ্ৰহ কৰা হয়। বাকী দুই-তৃতীয়াংশ স্বেচ্ছামূলক অনুদানৰপৰা গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰসংঘৰ মুঠ বাজেটৰ চাৰি-পঞ্চমাংশ ২০ খন ৰাষ্ট্ৰ যোগান ধৰে। সেই ৰাষ্ট্ৰকেইখন হ’ল–আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্রিটেইন, ফ্রান্স, কানাডা, বাচিয়া, ইটালী, জার্মানী, জাপান, ছুইডেন, বেলজিয়াম, নেডাৰলেণ্ড, ফিন্‌লেণ্ড, লিবিয়া, স্পেইন, অস্ট্রিয়া আৰু অন্যান্য। আমেৰিকা যুক্তৰাষ্ট্ৰই আটাইতকৈ বেছি অৰ্থৰ যোগান ধৰে। এই পৰিমাণ মুঠ বাজেটৰ প্রায় ২৫ শতাংশ। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু জার্মানীয়ে একত্রে যোগান ধৰা পুঁজিৰ পৰিমাণ হ’ল মুঠ বাজেটৰ ৩০ শতাংশ। ইফালে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ৮০ খনতকৈ অধিক ৰাষ্ট্ৰই যোগান ধৰে মাত্র ০.০১ শতাংশ। এইদৰে বিভিন্ন ৰাষ্ট্ৰৰ সহযোগত ৰাষ্ট্ৰসংঘৰ পুঁজি সংগ্ৰহ কৰা হয়।

(চ) কংগোৰ সমস্যা :

উত্তৰ :- কংগো বেলজিয়ামৰ উপনিৱেশ আছিল।১৯৬০ চনৰ ৩০ জুন তাৰিখে ই বেলজিয়ামৰপৰা স্বাধীনতা লাভ কৰে।কিন্তু স্বাধীনতা লাভ কৰাৰ লগে লগে ইয়াত প্রায় গৃহযুদ্ধ সদৃশ পৰিস্থিতিয়ে দেখা দিয়ে। স্বাধীনতাৰ আঁচনি মতে কাছাভাবুৱে কংগোৰ প্ৰেচিডেণ্ট আৰু পেট্ৰিছ লুমুম্বাই প্রধানমন্ত্রী হিচাপে লিওপল্ডভিলাক ৰাজধানী ৰূপে লৈ ইয়াৰ শাসনভাৰ চলোৱাৰ কথা আছিল; এনেতে জুলাই মাহৰ আৰম্ভণিৰেপৰা দেশীয় সেনাবাহিনীয়ে বেলজিয়াম সামৰিক বিষয়াসকলৰ বিৰুদ্ধে এক সামৰিক বিদ্রোহ সংঘটিত কৰে।আনহাতে বেলজিয়ামৰ সামৰিক সাহায্য লাভ কৰি টচ্ছুম্বে নামে আন এক বেলজিয়াম ৰাজনৈতিক নেতাই খনিজ সম্পদেৰে পৰিপূৰ্ণ কংগোৰপৰা উটাংগা নামে প্ৰদেশখন পৃথকীকৰণৰ বাবে এক আন্দোলনৰ সূচনা কৰি কংগোৰ ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি কৰা।

১২ জুলাইত কংগোৰ নতুন চৰকাৰে ৰাষ্ট্ৰসংঘৰ ওচৰত কংগোত বৈদেশিক সামৰিক হস্তক্ষেপৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।নিৰাপত্তা পৰিষদে অতি সোনকালে তাত সামৰিক হস্তক্ষেপ কৰে আৰু বৈদেশিক সামৰিক বাহিনীক তাৰপৰা আঁতৰি যাবলৈ নির্দেশ দিয়ে। এনে অৱস্থাতে কংগোৰ প্রধানমন্ত্রী পেট্ৰিছ লুমুম্বাক আততায়ীয়ে হত্যা কৰে।এই ঘটনাৰ ফলত কংগোত ৰাষ্ট্ৰসংঘৰ সৈন্যবল আৰু বৃদ্ধি পায়।কংগোৰ সমস্যাৰ সমাধান সূত্ৰ উলিয়াবলৈ গৈ ৰাষ্ট্ৰসংঘৰ সেই সময়ৰ সচিব প্রধান ডাগ হামাৰশ্বিল্ড নাডালাত বিমান দুর্ঘটনাত পতিত হৈ ১৯৬১ চনৰ ১৭ চেপ্টেম্বৰ তাৰিখে মৃত্যুমুখত পৰে৷

অৱশেষত ৰাষ্ট্ৰসংঘৰ মধ্যস্থতা আৰু চেষ্টাত ১৯৬৩ চনৰ ফেব্ৰুৱাৰী মাহত কাটাংগাক পুনৰ কংগোৰ অৱশিষ্ট অংশৰ সৈতে সংলগ্ন কৰি কংগোৰ সমস্যা সমাধান কৰা হয়।

(ছ) নামিবিয়াৰ সমস্যা :

উত্তৰ :- নামিবিয়া দক্ষিণ আফ্ৰিকাৰ পদানত হৈ থকা এখন দেশ আছিল।ই প্রায় ৭০ বছৰ কাল দক্ষিণ আফ্ৰিকাৰ পদানত আছিল আৰু ইয়াৰ জনসাধাৰণে অতি দুখ-কষ্টৰ মাজেৰে শাস্তি, স্বাধীনতা, নিৰাপত্তা আৰু গণতন্ত্ৰৰ বাবে সংগ্রাম কৰি আহিছিল।প্রথমে জাতিসংঘ আৰু পিছত ৰাষ্ট্ৰসংঘৰ উদ্যোগত আৰু মধ্যস্থতাত ১৯৯০ চনৰ ২১ মাৰ্চত নামিবিয়াত দক্ষিণ আফ্ৰিকাৰ ৰাজনৈতিক আধিপত্যৰ অন্ত পৰে। ইয়াৰ লগে লগে নামিবিয়া আফ্রিকা তথা বিশ্বৰ অন্যতম স্বাধীন ৰাষ্ট্ৰৰূপে পৰিগণিত হয়। সেইদিনাখনেই ৰাষ্ট্ৰসংঘৰ সচিব প্রধান জেভিয়াৰ পেৰেজ ডা-কুৱেলাৰে চাম নাজুমাক নামিবিয়াৰ প্ৰেছিডেণ্টৰূপে শপত গ্ৰহণ কৰায়। 

ৰচনাধর্মী প্রশ্ন

প্রশ্ন ১। ৰাষ্ট্ৰসংঘৰ সাংগঠনিক ৰূপৰেখাৰ ওপৰত এটি চমু টোকা লিখা।

উত্তৰ :- দ্বিতীয় বিশ্বযুদ্ধ চলি থকা সময়ত ১৯৪১ চনৰপৰা বিশ্বত যুদ্ধ পৰিৱৰ্তে শান্তি প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰাৰ ফলশ্রুতিতে ৰাষ্ট্ৰসংঘৰ জন্ম হয় ৰাষ্ট্ৰসংঘই সাংগঠনিক ৰূপ পোৱাৰ আগতে এনে ধৰণৰ এটি সংগঠন গঢ়ি তোলাৰ বাবে বিশ্বৰ প্ৰধান দেশসমূহৰ কেবালানিত আলোচনা কেবাখনে.. আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছিল।এইবোৰৰ বিষয়ে তলত আলোচনা কৰ হ’ল।

লণ্ডন ঘোষণা পত্র :- জুন, ১৯৪১ চন : বিশ্বযুদ্ধৰ ধ্বংসাত্মক প্ৰৱণত আৰু সেই প্ৰৱণতাই সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিৰপৰা পৰিত্ৰাণ পাবলৈ এব নতুন আস্তঃৰাষ্ট্ৰীয় সংগঠন গঢ়ি তুলিবলৈ পোনতে লণ্ডনত অনুষ্ঠিত এক বহুদেশীয় সন্মিলনত প্রচেষ্টা চলোৱা হয়।বিভিন্ন দেশৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই সম্মিলনত এখন ঘোষণা পত্ৰ গ্ৰহণ কৰা হৈছিল। এই ঘোষণা পত্ৰৰ দ্বাৰ: যুদ্ধৰত দেশসমূহৰ মাজত পৃথক পৃথক সন্ধি চুক্তি স্বাক্ষৰ কৰাতকৈ যুদ্ধৰ সামৰণি পেলাৱলৈ সকলো ৰাষ্ট্ৰৰে গ্রহণযোগ্য সামূহিক সন্ধি চুক্তি স্বাক্ষৰ কৰাৰ পোষকত৷কৰা হৈছিল। ইয়াৰ লগতে বিশ্বৰ দেশসমূহৰ পাৰস্পৰিক সহযোগিতাৰে স্থায়ী শান্তি প্রতিষ্ঠা কৰিবলৈ পোষকতা কৰা হৈছিল।১৯৪১ চনত গ্ৰহণ কৰা এই ঘোষণা পত্রক লণ্ডন ঘোষণা পত্র বুলি কোৱা হয়।

আটলান্টিক চনদ :- আগষ্ট, ১৯৪১ চন : ১৯৪১ চনৰ আগষ্ট মাহৰ ১৪ তাৰিখে আটলান্টিক মহাসাগৰৰ বুকুত “প্রিন্স অৱ ওৱেলছ” নামে জাহাজত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেণ্ট ফ্ৰেংকলিন ডি বচভেণ্ট আৰু ব্ৰিটিছ প্রধানমন্ত্রী উইলছন ছাৰ্চিলৰ মাজত এক ঘোষণা পত্র স্বাক্ষৰিত হৈছিল। তাকেই আটলাণ্টিক চনদ বুলি কোৱা হয়।এই ঘোষণা পত্ৰৰদ্বাৰা যিকোনো দেশৰ দ্বাৰাই ৰাজ্য বিস্তাৰ কৰাৰ বিৰোধিতা কৰা, আক্ৰমণৰ বিপৰীতে নিৰাপত্তাৰ ব্যৱস্থা কৰা, নিজ নিজ দেশৰ মানুহক তেওঁলোকৰ পছন্দৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়া আৰু বিশ্বৰপৰা যুদ্ধৰ বিভীষিকা আঁতৰ কৰা আদি নীতিৰ কথা উল্লেখ কৰা হৈছিল।

ৰাষ্ট্ৰসংঘৰ ঘোষণা পত্ৰ :- ১ জানুৱাৰী, ১৯৪২ চন : ১৯৪২ চনৰ জানুৱাৰী  মাহৰ ১ তাৰিখে বিশ্বৰ ২৬ খন দেশৰ এখন প্রতিনিধিত্বমূলক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওৱাছিংটনত অনুষ্ঠিত হয়। ইয়াতেই বাষ্ট্ৰসংঘৰ ঘোষণাপত্র নামে এখন ঘোষণা পত্ৰত স্বাক্ষৰ কৰি ৰাষ্ট্ৰসংঘ নামৰ সংগঠনটো গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰা হয়। এই সন্মিলনতেই •আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেণ্ট বচভেন্টে প্রস্তাৱিত সংগঠনটোৰ নাম হিচাপে উল্লেখ কৰা ৰাষ্ট্ৰসংঘ শব্দটো সাধাৰণভাৱে গ্ৰহণ কৰা হয়।

কাছাব্রাংকা সম্মিলন :- ১৪২৪ জানুৱাৰী, ১৯৪৩ চন : ১৯৪৩ চনৰ ১৪–২৪ জানুৱাৰী তাৰিখে ফৰাচী অধিকৃত মৰক্কোৰ কাছাব্লাংকা চহৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেণ্ট ৰুচভেন্টে আৰু ব্ৰিটিছ প্রধানমন্ত্রী ছাৰ্চিলৰ মাজত অনুষ্ঠিত হোৱা এক সন্মিলনত ৰাষ্ট্ৰসংঘৰ গঠন ক্ষেত্ৰত অন্য এক পদক্ষেপ গ্ৰহণ কৰা হয়। ইয়াত প্রস্তাৱিত নতুন সংগঠনটিত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বৃটেইনে কি ভূমিকা ল’ব সেই বিষয়ে আলোচনা কৰা হয়।

মস্কো ঘোষণা পত্র :- ৩০ অক্টোবৰ, ১৯৪৩ চন : ১৯৪৩ চনৰ ৩০ অক্টোবৰ তাৰিখে মস্কোেত ছোভিয়েট বাচিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু থ্রি ইনৰ বৈদেশিক মন্ত্রীসকলৰ মাজত এখন সন্মিলন অনুষ্ঠিত হয়। এই সম্মিলনত তেওঁলোকে বিশ্বৰ সকলো শান্তিপ্রিয় আৰু সার্বভৌম ৰাষ্ট্রৰ সমানাধিকাৰৰ ভিত্তিত অনতিপলমে এটি আন্তঃৰাষ্ট্ৰীয় সংগঠন গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। এই ঘোষণা পত্রক মস্কো ঘোষণা পত্র বুলি কোৱা হয়।

তেহৰাণ ঘোষণাপত্র :- ১ ডিচেম্বৰ, ১৯৪৩ চন : ১৯৪৩ চনৰ ১ ডিচেম্বৰ তাৰিখে ইৰাণৰ ৰাজধানী তেহৰাণত কজভেণ্ট, উইনষ্টন ছাৰ্চিল আৰু ষ্টেলিনৰ মাজত এখন শীর্ষ সম্মিলন অনুষ্ঠিত হয়। ইয়াত স্বাক্ষবিত ঘোষণা পত্ৰক তেহৰাণ ঘোষণা পত্ৰ বুলি কোৱা হয়। এই সন্মিলনত বিশ্বত স্থায়ী শাস্তি আৰু নিৰাপত্তা স্থাপনৰ বাবে ৰাষ্ট্ৰসংঘ গঠনৰ কথা পুনৰ দোহাৰা হয় আৰু যুদ্ধৰ বিভীষিকা আৰু ত্ৰাসৰপৰা বিশ্বজনতাক মুক্ত কৰাৰ সংকল্পৰ প্রতি দৃঢ় মত পোষণ কৰা হয়।

ডাম্বাৰ্টন ওৱাৰ্কছ সন্মিলন :- আগষ্ট-অক্টোবৰ, ১৯৪৪ চন : বিভিন্ন সন্মিলনত ঘোষণা কৰা লক্ষ্য আৰু উদ্দেশ্যসমূহক কাৰ্যত ৰূপায়ণ কৰিবলৈ উক্ত বাষ্ট্ৰৰ প্রতিনিধিসকলে ১৯৪৪ চনৰ আগষ্ট-অক্টোবৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওৱাছিংটনত এখন শীর্ষ সন্মিলনত মিলিত হয়। এই সন্মিলনখন অনুষ্ঠিত হোৱা ডাম্বাৰ্টন ওৱাৰ্কছ নামৰ বিশাল অট্টালিকাটোৰ নাম অনুসৰি সন্মিলনখন ডাম্বার্টন ওৱাৰ্কছ সন্মিলন বুলি কোৱা হয়। এই সন্মিলনতেই পোন প্ৰথমবাৰৰ বাবে প্রস্তাৱিত আস্তঃৰাষ্ট্ৰীয় সংগঠনটোৰ নাম ৰাষ্ট্ৰসংঘ ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু তাতেই ইয়াৰ সাংগঠনিক ৰূপৰেখা তৈয়াৰ কৰা হয়।

মাল্টা সম্মিলন :- ফেব্ৰুৱাৰী, ১৯৪৫ চন : ১৯৪৫ চনৰ ফেব্ৰুৱাৰী মাহত ছোভিয়েট ৰাচিয়াৰ য়াণ্টাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেন্ট বচভেণ্ট, ব্ৰিটেইনৰ প্রধানমন্ত্রী ছাৰ্চিল আৰু ৰাচিয়াৰ ৰাষ্ট্রপ্রধান ষ্টেলিনৰ মাজত এক শীর্ষ সন্মিলন অনুষ্ঠিত হয়।এই সন্মিলনক য়াণ্টা সম্মিলন বুলি কোৱা হয়।এই সন্মিলনত ডাম্বাৰ্টন ওৱাৰ্কছ সন্মিলনত সমাধা কৰিব নোৱাৰা কিছুমান জটিল সমস্যাৰ বিষয়ে আলোচনা কৰা হয়।

ছানফ্রাঞ্চিছকো সম্মিলন :- এপ্রিল-জুন, ১৯৪৫ চন: ৰাষ্ট্ৰসংঘ গঠনৰ অভিপ্রায়েৰে অনুষ্ঠিত হোৱা সর্ববৃহৎ আৰু বিশেষ সম্মিলনখন হৈছে ছানফ্রাঞ্চিছকো সন্মিলন।এই সন্মিলনত বিশ্বৰ ৫১ খন ৰাষ্ট্ৰৰ মুঠ ২৬০ জন প্রতিনিধিয়ে অংশগ্রহণ কৰিছিল।১৯৪৫ টনৰ ২৬ এপ্রিল তাৰিখে ছানফ্রাঞ্ছিকো থিয়েটাৰ হলত অনুষ্ঠিত হোৱা বাবে এই সন্মিলনক ছানফ্রাঞ্চিছ্‌কো সন্মিলন বুলি কোৱা হয়।

এই সন্মিলনত ইতিপূর্বে অনুষ্ঠিত হোৱা শীর্ষ সন্মিলনবিলাকত গৃহীত প্ৰস্তাৱ ঘোষণাপত্র আৰু সিদ্ধান্তসমূহৰ ওপৰত বিতংভাৱে আলোচনা কবি প্রস্তাৱিত ৰাষ্ট্ৰসংঘৰ বিস্তৃত আৰু খাটাং সাংগঠনিক ৰূপ দিয়াৰ লগতে সংবিধানো প্রস্তুত কৰা হৈছিল। এই সংবিধানত ৫১ জন ৰাষ্ট্ৰৰ প্রতিনিধিয়ে স্বাক্ষৰ দান কৰাৰ লগতে এই সংবিধানৰ প্রতি আনুষ্ঠানিকভাৱে অনুমোদন জনোৱা হয় আৰু সেই বছবৰ ২৪ অক্টোবৰৰ পৰা ইয়াক কাৰ্যকৰী কৰা হয়।এইদৰে দীৰ্ঘদিনৰ প্ৰচেষ্টাৰ অন্তত ৰাষ্ট্ৰসংঘ নামৰ অনুষ্ঠানটিয়ে জন্ম লাভ কৰে।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top