Class 10 History Elective Chapter 1 ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ

Class 10 History Elective Chapter 1 ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 History Elective Chapter 1 ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ and select need one.

Class 10 History Elective Chapter 1 ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 History Elective Chapter 1 ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ Solutions for All Subject, You can practice these here…

ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ

অধ্যায় – ১

ইতিহাস

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

অতি চমু উত্তৰ দিয়া :

প্রশ্ন ১। তলত দিয়া ঘটনাবোৰৰ চন-তাৰিখ উল্লেখ কৰা —

(ক) আমেৰিকাৰ স্বাধীনতা ৰণ।

উত্তৰ :- ১৭৮৩ চন।

(খ) কনষ্টাণ্টিনোপলৰ পতন।

উত্তৰ :- ১৪৫৩ চন।

(গ) পৰ্টুগীজসকলৰ দ্বাৰা ছিউতা বিজয়।

উত্তৰ :- ১৪১৫ চন।

(ঘ) স্পেইনৰ দ্বাৰা ফিলিপাইন্‌ছ দখল।

উত্তৰ :- ১৫৮০ চনত।

(ঙ) পিজাৰোৰ দ্বাৰা পেৰু দখল।

উত্তৰ :-১৫৩০ চন।

(চ) স্পেনীয় নৌবহৰৰ পৰাজয়। 

উত্তৰ :- ১৫৮৮ চন।

(ছ) ওলণ্ডাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠন।

উত্তৰ :- ১৬০২ চন।

(জ) ফ্রেন্স ইষ্ট-ইণ্ডিয়া কোম্পানীৰ গঠন।

উত্তৰ :- ১৬৬৪ চন।

(ঝ) ইংলিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ গঠন।

উত্তৰ :- ১৬০০ চন।

(ঞ) ইংলিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ দ্বাৰা মছলিপট্টনম দখল।

উত্তৰ :-১৬১১ চন।

(ট) ইংলিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ দ্বাৰা ভার্জিনিয়া দখল।

উত্তৰ :- ১৬০৭চন

(ঠ) ইংলিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ দ্বাৰা কানাডা দখল।

উত্তৰ :- ১৭৬৩ চন।

(ড) ছুয়েজ খাল মুকলি কৰা সময়।

উত্তৰ :- ১৮৬৯ চন।

(ঢ) পানামা খাল মুকলি কৰা সময়।

উত্তৰ :-১৯১৪ চন।

( চ) জাপানৰ দ্বাৰা কোৰিয়া দখল।

উত্তৰ :- ১৮৯৪-৯৫ চন।

(ত) পলাশীৰ যুদ্ধ সংঘটিত হোৱা সময়।

উত্তৰ :-১৭৫৭ চন।

(থ) বন্দিৱাছৰ যুদ্ধ সংগঠিত হোৱা সময়।

উত্তৰ :-১৭৬০ চন।

প্রশ্ন ২। তলত উল্লেখ কৰা ঘটনাসমূহৰ সৈতে জড়িত ব্যক্তিসকলৰ নাম উল্লেখ কৰা।

(ক) ইউৰোপৰ পৰা ভাৰতবৰ্ষলৈ সামুদ্রিক পথৰ আৱিষ্কাৰক।

উত্তৰ :- ভাস্কো-ডা-গামা (Vasco-da-Gama), ১৪৮৮ চনৰ ১৭মে তাৰিখে এই পথ আৱিষ্কাৰ কৰিছিল।

(খ) পশ্চিম ভাৰতীয় দ্বীপপুঞ্জলৈ সামুদ্রিক পথৰ আৱিষ্কাৰক।

উত্তৰ :- পৰ্তুগীজ নাবিক ভাস্কো-ডা-গামা।

(গ) চলচিত্ৰৰ আৱিষ্কাৰক।

উত্তৰ :- এডিচন (Edison) আৰু জৰ্জ ইষ্টমেন (George Eastman)।

(ঘ) টেলিফোনৰ আৱিষ্কাৰক।

উত্তৰ :-আলেকজেণ্ডাৰ গ্রাহাম বেল (Alexander Graham Bell) |

(ঙ) ষ্টেণ্ডার্ড অয়ল কোম্পানীৰ প্ৰতিষ্ঠাতা।

উত্তৰ :- ৰকফেলাৰ (Rockfellar), আমেৰিকাৰ অধিবাসী।

(চ) কিউবাৰ বিপ্লৱৰ নেতা।

উত্তৰ :- ফিডেল কাস্ত্রো (Fidel Castro)।

(ছ) অষ্ট্ৰেলিয়াৰ আৱিষ্কাৰক।

উত্তৰ :- এবেল টাছমেন (Abel Tasman) ।

(জ) পৃথিৱী পৰিভ্ৰমণকাৰী নাবিকজনৰ নাম।

উত্তৰ :- পৰ্টুগালৰ নাগৰিক ফার্দিনান্দ মেগালেন (Ferdinand Magallan)

(ঝ) তাছমেনিয়াৰ আৱিষ্কাৰক। 

উত্তৰ :- কেপ্তেইন কুক (Captain Cook)।

চমু উত্তৰ দিয়া

প্রশ্ন ১। ঔপনিবেশিকতাবাদ কি ?

উত্তৰ :- কোনো এখন দেশৰ একাংশলোকে জীৱন-জীৱিকাৰ সন্ধানত প্ৰব্ৰজনৰ যোগেদি আন এখন দেশত অস্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা ব্যৱস্থাটোক ঔপনিৱেশিকতাবাদ বোলা হয়। যিখন দেশত প্ৰব্ৰজনকাৰীসকলে অস্থায়ীভাৱে বসবাস কৰে তাক উপনিবেশ (Colony) বোলে। উপনিবেশ স্থাপন কৰা দেশখনৰ স্বাৰ্থত উপনিবেশখনৰ ওপৰত এক ৰাজনৈতিক-অর্থনৈতিক আৰু পদ্ধতিগত নিয়ন্ত্রণ জাপি দিয়া হয় আৰু এই ব্যৱস্থাটোৱেই হৈছে ঔপনিৱেশিকতাবাদ৷

প্রশ্ন ২। সাম্রাজ্যবাদ কি ?

উত্তৰ :- সাম্রাজ্যবাদ হৈছে–অস্ত্রবলেৰে আনৰ ৰাজ্য জয় কৰি সেই ৰাজ্য বা দেশৰ ওপৰত সকলো প্ৰকাৰৰ নিয়ন্ত্রণ স্থাপন কৰাৰ মাধ্যমত সেই দেশ তথা দেশসমূহৰ সম্পদ লুণ্ঠন কৰি নিজ দেশক চহকী কৰিবলৈ লোৱা এক ৰাজনৈতিক প্ৰক্ৰিয়া বা ব্যৱস্থা। অর্থাৎ সাম্রাজ্যবাদ হৈছে পুঁজিবাদৰ বিকাশৰ সর্বোচ্চ স্তৰ। সাম্রাজ্যবাদৰ মূল চালিকাশক্তি হৈছে ৰজাৰ দখল, কেঁচামাল সংগ্রহ তথা অধিক মুনাফা অর্জনৰ লক্ষ্য আৰু অৰ্থনৈতিকৰ লগতে ৰাজনৈতিকভাৱে শোষণ কৰা।

প্রশ্ন ৩। পুঁজিবাদ কি ? 

উত্তৰ :- মুক্ত বজাৰ অৰ্থনীতিৰ ওপৰত প্ৰতিষ্ঠিত অর্থনৈতিক ব্যৱস্থাটোৱেই হৈছে পুঁজিবাদ। যেতিয়া কোনো এখন ৰাষ্ট্ৰ অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰণয়নত প্ৰত্যেক ব্যক্তিকে স্বতন্ত্রতা দিয়া হয় তাকেই পুঁজিবাদ বুলি কোৱা হয়। কোনো দেশ অর্থনৈতিকভাৱে অধিক স্বাৱলম্বী হ’লে আৰু শিল্প উদ্যোগত উন্নত হ’লে, তেনে দেশক পুঁজিবাদৰ অন্তৰ্গত বুলি কোৱা হয়। পুঁজিবাদে সাম্রাজ্যবাদৰ বিকাশৰ পথ মুকলি কৰে।

প্রশ্ন ৪। কনষ্টাণ্টিনোপলৰ পতনৰ তাৎক্ষণিক পৰিণতি কি আছিল ?

উত্তৰ :- কনষ্টান্টিনোপলৰ পতনৰ লগে লগে ইউৰোপৰ ইতিহাসত মধ্যযুগৰ অৱসান ঘটে আৰু আধুনিক যুগৰ সূচনা হয়। কনষ্টান্টিনোপল তুর্কীসকলৰ দখলাধীন হোৱাত ইউৰোপৰ সৈতে প্রচলিত মধ্যপ্রাচ্য আৰু প্ৰাচ্যৰ দেশসমূহত উৎপাদিত মছলাৰ লাভজনক ব্যৱসায়ৰ লগতে সেই দেশবোৰৰ পৰা সোণ ৰূপ সংগ্ৰহৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছিল। কনষ্টান্টিনোপলৰ পতনে ইউৰোপত নবজাগৰণৰ সৃষ্টি কৰিছিল আৰু ইউৰোপৰ জনসাধাৰণক নতুন নতুন চিন্তাচর্চা তথা কৰ্মৰ বাবে প্ৰস্তুত আৰু পৈনত কৰি তুলিছিল। 

প্রশ্ন ৫। উত্তমাশা অন্তৰীপ কি ? ইয়াৰ পূৰ্বৰ নাম কি আছিল ?

উত্তৰ :- উত্তমাশা অন্তৰীপ হৈছে আফ্ৰিকাৰ দক্ষিণ দিশত সাগৰৰ মাজত অৱস্থিত এক অন্তৰীপ। ১৪৮৬ খ্ৰীষ্টাব্দত শর্থলোমিও ডিয়াজে ( Bartholomew Dias) এই অস্তৰীপত উপস্থিত হৈ সামুদ্রিক যাত্রা বা ভৌগোলিক আৱিষ্কাৰৰ ইতিহাসত এক উল্লেখযোগ্য চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই অস্তৰীপ আৱিষ্কাৰ হোৱাৰ পাছত ভাৰতবৰ্ষৰ সৈতে আফ্ৰিকাৰ এক সামুদ্রিক পথ মুকলি হৈছিল।

উত্তমাশা অন্তৰীপৰ (Cape of Good Hope) পূৰ্বৰ নাম আছিল ধুমুহাৰ্ অন্তৰীপ (Cape of Storms)। পৰ্টুগালৰ ৰজা দ্বিতীয় জোৱাওয়ে এই অন্তৰীপটোক নতুনকৈ নামাকৰণ কৰিছিল।

প্রশ্ন ৬।’নতুন পৃথিৱী’ বুলিলে কি বুজা ?

উত্তৰ :-‘নতুন পৃথিৱী’ হৈছে আমেৰিকাৰ দক্ষিণত থকা পাটাগোনিয়া বা বৰ্তমানৰ আৰ্জেণ্টিনাৰ পুৰণি নাম। পৰ্টুগালৰ পৃষ্ঠপোষকতাত ফ্লোৰেন্সৰ আমেৰিগো ভেছপুচি (Amerigo Vespucci) নামৰ নাবিক এজনে দক্ষিণ আমেৰিকৰে একেবাৰে দক্ষিণত থকা পাটাগোনিয়া আৱিষ্কাৰ কৰি তাক ‘নতুন পৃথিৱী’ নামৰে নামাকৰণ কৰিছিল। সম্প্রতি এই ‘নতুন পৃথিৱী’ নমৰ ভূখণ্ড আমেৰিকাৰূপে জনাজাত।

প্রশ্ন ৭।’ বিশ্বৰ কাৰখানা ‘ বুলি কোন দেশক কোৱা হৈছিল ?

উত্তৰ :- ‘ বিশ্বৰ কাৰখানা ’ বুলি ইংলেণ্ডক কোৱা হৈছিল। ইংলেণ্ডত প্ৰচুৰ পৰিমাণে শিল্পজাত সামগ্ৰী তৈয়াৰ কৰা হৈছিল আৰু তাৰে কিছু অংশ ইংলেণ্ড নিজৰ বহিঃবাণিজ্যত বাণিজ্যিক পণ্যৰূপে ব্যৱহাৰ কৰিছিল। অষ্টাদশ শতিকাৰ শেষৰ পিনে ইংলেণ্ড সমগ্র বিশ্বৰে পণ্য উৎপাদনৰ কাৰখানাত পৰিণত হোৱা বাবে এই দেশক ‘বিশ্বৰ কাৰখানা’ বুলি অভিহিত কৰা হৈছিল।

প্রশ্ন ৮। অষ্ট্রেলিয়া স্থিত ব্ৰিটেইনৰ উপনিৱেশ ছখনৰ কি কি নাম আছিল ?

উত্তৰ :- অষ্ট্ৰেলিয়াত থকা ব্ৰিটেইনৰ উপনিৱেশ ছয়খনৰ নাম হৈছে—নিউ ছাউথ ওৱেৰ্লছ (New South Wellsh), কুইনছলেণ্ড (Quinsland), ভিক্তোৰিয়া (Victoria), দক্ষিণ অষ্ট্রেলিয়া (South Australlia), পশ্চিম অষ্ট্রেলিয়া (West Australlia)। আৰু তাছমেনিয়া (Tasmania).

See Next Page No Below…

2 thoughts on “Class 10 History Elective Chapter 1 ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top