SEBA Class 6 History Important Chapter 2 প্রাক্-ঐতিহাসিক অসম Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 History Additional Question Answer Assamese Medium and select need one. SCERT Class 6 History Important Notes in Assamese Download PDF. SCERT Class 6 History Extra Solutions in Assamese.
SEBA Class 6 History Important Chapter 2 প্রাক্-ঐতিহাসিক অসম
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 6 History of Assam Important Solutions Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 6 Axomor Itihas (অসমৰ ইতিহাস) Additional in Assamese for All Chapters, You can practice these here.
প্রাক্-ঐতিহাসিক অসম
Chapter: 2
| IMPORTANT QUESTION ANSWER |
১। প্ৰাচীন কালত অসম কি নামেৰে জনাজাত আছিল?
উত্তৰঃ প্ৰাচীন কালত অসম ‘প্ৰাগজ্যোতিষ’ নামেৰে জনাজাত আছিল।
২। ‘প্ৰাগ’ আৰু ‘জ্যোতিষ’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘প্ৰাগ’ শব্দৰ অৰ্থ হ’ল পূব আৰু ‘জ্যোতিষ’ শব্দৰ অৰ্থ হ’ল গ্ৰহ-নক্ষত্ৰৰ অৱস্থান সম্পৰ্কে কৰা অধ্যয়ন।
৩। যোগিনীতন্ত্ৰৰ মতে কামৰূপক কেইটা ভাগত বিভক্ত কৰা হৈছিল?
উত্তৰঃ যোগিনীতন্ত্ৰৰ মতে প্ৰাচীন কামৰূপ ৰাজ্যক চাৰিটা ভাগত বিভক্ত কৰা হৈছিল।
৪। প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথমগৰাকী ৰজা কোন আছিল?
উত্তৰঃ পৌৰাণিক সাহিত্যৰ মতে মহীৰংগ দানৱ প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথমগৰাকী ৰজা আছিল।
৫। মহীৰংগ দানৱৰ ৰাজধানী ক’ত আছিল?
উত্তৰঃ মহীৰংগ দানৱৰ ৰাজধানী মইৰাংত আছিল।
৬। দানৱ বংশৰ শেষ ৰজা কোন আছিল?
উত্তৰঃ দানৱ বংশৰ শেষ ৰজা আছিল ঘটকাসুৰ।
৭। ভৌম বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰঃ নৰকাসুৰে ঘটকাসুৰক বধ কৰি প্ৰাগজ্যোতিষত ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল।
৮। ভীষ্মক ৰজা কোন আছিল?
উত্তৰঃ ভীষ্মক ৰজা প্ৰাচীন কুণ্ডিলৰ (বৰ্তমান শদিয়া) এজন ৰজা আছিল।
৯। শোণিতপুৰৰ প্ৰখ্যাত ৰজাগৰাকীৰ নাম কি আছিল?
উত্তৰঃ শোণিতপুৰৰ (বৰ্তমান তেজপুৰ) প্ৰখ্যাত ৰজাগৰাকী আছিল বাণ ৰজা।
১০। ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল?
উত্তৰঃ ভগদত্তৰ জীয়ৰীৰ নাম আছিল ভানুুমতী।
১১। বাণ ৰজা কাৰ পুত্ৰ আছিল?
উত্তৰঃ বাণ ৰজা বলি ৰজাৰ পুত্ৰ আছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


