SEBA Class 6 History Important Chapter 3 প্রাচীন কামৰূপ ৰাজ্য Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 History Additional Question Answer Assamese Medium and select need one. SCERT Class 6 History Important Notes in Assamese Download PDF. SCERT Class 6 History Extra Solutions in Assamese.
SEBA Class 6 History Important Chapter 3 প্রাচীন কামৰূপ ৰাজ্য
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 6 History of Assam Important Solutions Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 6 Axomor Itihas (অসমৰ ইতিহাস) Additional in Assamese for All Chapters, You can practice these here.
প্রাচীন কামৰূপ ৰাজ্য
Chapter: 3
| IMPORTANT QUESTION ANSWER |
১। কামৰূপৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ কামৰূপৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক পুষ্যবৰ্মন আছিল।
২। পুষ্যবৰ্মনৰ সমসাময়িক গুপ্ত সম্ৰাটগৰাকী কোন আছিল?
উত্তৰঃ পুষ্যবৰ্মনৰ সমসাময়িক গুপ্ত সম্ৰাটগৰা সমুদ্ৰগুপ্ত আছিল।
৩। কামৰূপত পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ কামৰূপত পাল বংশৰ প্ৰতিষ্ঠাপক আছিল ব্ৰহ্মপাল।
৪। প্ৰাচীন কামৰূপ ৰাজ্যৰ শাসনৰ সুবিধার্থে কৰা দুটা বিভাগৰ নাম লিখা।
উত্তৰঃ প্ৰাচীন কামৰূপ ৰাজ্যৰ শাসনৰ সুবিধার্থে কৰা দুটা বিভাগৰ নাম হ’ল― ভুক্তি আৰু মণ্ডল।
৫। কামৰূপৰ সেনাবাহিনীৰ চাৰিটা ঘাই পক্ষ কি কি আছিল?
উত্তৰঃ কামৰূপৰ সেনাবাহিনীৰ চাৰিটা ঘাই পক্ষ সমূহ হ’ল― অশ্বাৰোহী, নৌবাহিনী, হস্তীবাহিনী আৰু পদাতিক।
৬। দেৱ-দেৱী বা মন্দিৰৰ নামত দান কৰা ভূমিক কি বোলা হৈছিল?
উত্তৰঃ দেৱ-দেৱী বা মন্দিৰৰ নামত দান কৰা ভূমিক দেৱোত্তৰ ভূমি বোলা হৈছিল।
৭। ব্ৰাহ্মণক দান কৰা গাঁৱক কি বুলি কোৱা হৈছিল?
উত্তৰঃ ব্ৰাহ্মণক দান কৰা গাঁৱক অগ্ৰহাৰ বুলি কোৱা হৈছিল।
৮। প্ৰাচীন কালত কামৰূপৰ মানুহৰ প্ৰধান জীৱিকা কি আছিল?
উত্তৰঃ প্ৰাচীন কালত কামৰূপৰ মানুহৰ প্ৰধান জীৱিকা কৃষি আছিল।
৯। প্ৰাচীন কামৰূপৰ মানুহে ব্যৱহাৰ কৰা দুবিধ ৰেচম কাপোৰৰ নাম লিখা।
উত্তৰঃ প্ৰাচীন কামৰূপৰ মানুহে ব্যৱহাৰ কৰা দুবিধ ৰেচম কাপোৰৰ নাম হ’ল― পাট-মুগা আৰু এৰী।
১০। ঐতিহাসিক গ্ৰন্থ ‘ৰাজতৰংগিণী’ৰ লেখক কোন আছিল?
উত্তৰঃ ঐতিহাসিক গ্ৰন্থ ‘ৰাজতৰংগিণী’ৰ লেখক কলহন আছিল।
১১। ৰজা সমুদ্ৰবৰ্মনৰ পত্নীৰ নাম কি আছিল?
উত্তৰঃ ৰজা সমুদ্ৰবৰ্মনৰ পত্নীৰ নাম দত্তদেৱী আছিল।
১২। অবিবাহিত হোৱাৰ বাবে ভাস্কৰবৰ্মনক কি বুলি জনা গৈছিল?
উত্তৰঃ অবিবাহিত হোৱাৰ বাবে ভাস্কৰবৰ্মনক কুমাৰ ভাস্কৰবৰ্মন বুলি জনা গৈছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


