SEBA Class 6 History MCQ Chapter 2 প্রাক্-ঐতিহাসিক অসম

SEBA Class 6 History MCQ Chapter 2 প্রাক্-ঐতিহাসিক অসম Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 History MCQ Assamese Medium and select need one. SCERT Class 6 History Objective Type Notes in Assamese Download PDF. SCERT Class 6 History Multiple Choice Solutions in Assamese.

SEBA Class 6 History MCQ Chapter 2 প্রাক্-ঐতিহাসিক অসম

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 6 History of Assam MCQ Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 6 Axomor Itihas (অসমৰ ইতিহাস) MCQs in Assamese for All Chapters, You can practice these here.

Chapter: 2

MCQ

১। প্ৰাচীন কালত অসমখন কি নামেৰে জনাজাত আছিল?

(ক) কামৰূপ।

(খ) প্ৰাগজ্যোতিষ।

(গ) শোণিতপুৰ।

(ঘ) কুণ্ডিল।

উত্তৰঃ (খ) প্ৰাগজ্যোতিষ।

২। ‘প্ৰাগ্’ শব্দৰ অৰ্থ কি?

(ক) পশ্চিম।

(খ) উত্তৰ।

(গ) পূব।

(ঘ) দক্ষিণ।

উত্তৰঃ (গ) পূব।

৩। প্ৰাগজ্যোতিষ ৰাজ্যখন কিয় প্ৰসিদ্ধ আছিল বুলি অনুমান কৰা হয়?

(ক) জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ আছিল বাবে।

(খ) যোগ চৰ্চাৰ কেন্দ্ৰ আছিল বাবে।

(গ) তান্ত্ৰিক চৰ্চাৰ কেন্দ্ৰ আছিল বাবে।

(ঘ) আয়ুৰ্বেদ চৰ্চাৰ কেন্দ্ৰ আছিল বাবে।

উত্তৰঃ (ক) জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ আছিল বাবে।

৪। গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত?

(ক) নীলাচল।

(খ) চিত্ৰাচল।

(গ) সন্ধ্যাচল।

(ঘ) মিকিৰ।

উত্তৰঃ (খ) চিত্ৰাচল।

৫। আখ্যানমতে কোনে নাৰীৰ বেশেৰে আহি শিৱৰ তপস্যা ভংগ কৰিছিল?

(ক) ইন্দ্ৰই।

(খ) বৰুণে।

(গ) কামদেৱে।

(ঘ) যমে।

উত্তৰঃ (গ) কামদেৱে।

৬। অসমৰ বৰ্তমান ৰাজধানী দিছপুৰ কোনখন জিলাৰ অন্তৰ্গত?

(ক) কামৰূপ।

(খ) দৰং।

(গ) কামৰূপ মহানগৰ।

(ঘ) শোণিতপুৰ।

উত্তৰঃ (গ) কামৰূপ মহানগৰ।

৭। প্ৰাচীন কামৰূপ ৰাজ্যৰ পশ্চিম সীমা কোনখন নদী আছিল?

(ক) ব্ৰহ্মপুত্ৰ।

(খ) কৰতোৱা।

(গ) সোণকোষ।

(ঘ) ভৰলী।

উত্তৰঃ (খ) কৰতোৱা।

৮। যোগিনীতন্ত্র নামৰ পুথিখনৰ মতে প্ৰাচীন কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল?

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (গ) চাৰি।

৯। ৰত্নপীঠ ক’ৰপৰা ক’লৈ বিস্তৃত আছিল?

(ক) ৰূপহী নদীৰপৰা ভৰলী নদীলৈ।

(খ) সোণকোষ নদীৰপৰা ভৰলী নদীলৈ।

(গ) ভৰলী নদীৰপৰা দিক্ৰাই নদীলৈ।

(ঘ) কৰতোৱা নদীৰপৰা সোণকোষ নদীলৈ।

উত্তৰঃ (ঘ) কৰতোৱা নদীৰপৰা সোণকোষ নদীলৈ।

১০। দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?

(ক) মহীৰংগই।

(খ) নৰকাসুৰে।

(গ) ভগদত্তই।

(ঘ) বাণৰজাই।

উত্তৰঃ (ক) মহীৰংগই।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top