SEBA Class 6 History Important Chapter 1 প্রাচীন অসমৰ ইতিহাস অধ্যয়নৰ সমল

SEBA Class 6 History Important Chapter 1 প্রাচীন অসমৰ ইতিহাস অধ্যয়নৰ সমল Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 History Additional Question Answer Assamese Medium and select need one. SCERT Class 6 History Important Notes in Assamese Download PDF. SCERT Class 6 History Extra Solutions in Assamese.

SEBA Class 6 History Important Chapter 1 প্রাচীন অসমৰ ইতিহাস অধ্যয়নৰ সমল

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 6 History of Assam Important Solutions Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 6 Axomor Itihas (অসমৰ ইতিহাস) Additional in Assamese for All Chapters, You can practice these here.

Chapter: 1

IMPORTANT QUESTION ANSWER

১। প্ৰাচীন অসমৰ ইতিহাস অধ্যয়নৰ সমলবোৰক কেইভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ প্ৰাচীন অসমৰ ইতিহাস অধ্যয়নৰ সমলবোৰক তিনিটা ভাগত ভগাব পাৰি— প্ৰত্নতাত্ত্বিক, এপিগ্ৰাফিক বা উৎকীৰ্ণ লিপি আৰু লিখিত সমল।

২। অসমৰ কেইটামান উল্লেখযোগ্য প্ৰত্নতাত্ত্বিক সমলৰ নাম লিখা।

উত্তৰঃ অসমৰ কেইটামান উল্লেখযোগ্য প্ৰত্নতাত্ত্বিক সমলৰ নাম হ’ল―

(i) গুৱাহাটীৰ  কামাখ্যা মন্দিৰ।

(ii) তেজপুৰৰ দ-পৰ্বতীয়া মন্দিৰৰ শিলৰ তোৰণ।

(iii) গোৱালপাৰাৰ সূৰ্য পাহাৰৰ ভগ্নাৱশেষ। 

(iv) নুমলীগড়ৰ দেওপাহাৰৰ ভগ্নাৱশেষ।

৩। গুৱাহাটীৰ আমবাৰীত খনন কাৰ্য চলোৱাত কিহৰ মূৰ্তি উদ্ধাৰ হৈছিল?

উত্তৰঃ গুৱাহাটীৰ আমবাৰীত খনন কাৰ্য চলোৱাত প্ৰাচীন নটৰাজৰ মূৰ্তি উদ্ধাৰ হৈছিল।

৪। প্ৰাচীন অসমৰ শিলালিপিবোৰৰ ভাষা আৰু লিপি কি আছিল?

উত্তৰঃ শিলালিপিবোৰৰ ভাষা সংস্কৃত আছিল আৰু এইবোৰ দেৱনাগৰী আৰু ব্ৰাহ্মীলিপিত খোদিত কৰা হৈছিল।

৫। অসমৰ আটাইতকৈ প্ৰাচীন শিলালিপিখনৰ নাম কি আৰু ই কোনটো শতিকাৰ?

উত্তৰঃ গোলাঘাট জিলাৰ নগাজৰী খনিকৰগাঁও নামৰ ঠাইত উদ্ধাৰ হোৱা শিলালিপিখন অসমৰ আটাইতকৈ প্ৰাচীন শিলালিপি আৰু ই ৫ম শতিকাৰ।

৬। ভাস্কৰবৰ্মনৰ নিধানপুৰ তাম্ৰলিপি ক’ত উদ্ধাৰ হৈছিল?

উত্তৰঃ বৰ্তমান বাংলাদেশৰ অন্তৰ্গত ছিলেট জিলাৰ ডুবি গাঁৱত নিধানপুৰ তাম্ৰলিপি উদ্ধাৰ হৈছিল।

৭। প্ৰাচীন তাম্ৰলিপি আৰু শিলালিপিবোৰৰ পৰা কি কি কথা জানিব পাৰি?

উত্তৰঃ প্ৰাচীন তাম্ৰলিপি আৰু শিলালিপিবোৰৰ পৰা ৰজাসকলে কৰা ভূমিদান, যুদ্ধ জয়, বিভিন্ন নীতি-নিয়ম আৰু প্ৰাচীন অসমৰ সামাজিক তথা ৰাজনৈতিক অৱস্থাৰ বিষয়ে জানিব পাৰি।

৮। ৰামায়ণৰ মতে প্ৰাগ্জ্যোতিষপুৰ নগৰখন কোনে সজাইছিল?

উত্তৰঃ ৰামায়ণৰ মতে অমৰ্তৰাজ নামৰ এগৰাকী ৰজাই প্ৰাগ্জ্যোতিষপুৰ নগৰখন সজাইছিল।

৯। মহাভাৰতৰ যুদ্ধত অসমৰ কোনজন ৰজাই বীৰত্বৰে যুঁজ দিছিল?

উত্তৰঃ মহাভাৰতৰ যুদ্ধত ৰজা ভগদত্তই অতি সাহসেৰে পাণ্ডৱসকলৰ বিৰুদ্ধে যুঁজ দিছিল।

১০। কোনজন চীনা পৰিব্ৰাজকে প্ৰাচীন কামৰূপলৈ আহিছিল আৰু কাৰ ৰাজত্বকালত?

উত্তৰঃ চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপৰ ৰজা ভাস্কৰবৰ্মনৰ ৰাজত্বকালত কামৰূপলৈ আহিছিল।

১১। হিউৱেন চাঙে লিখা বিখ্যাত টোকাখনৰ নাম কি?

উত্তৰঃ হিউৱেন চাঙে প্ৰাচীন কামৰূপৰ বিষয়ে লিখা বিখ্যাত টোকাখনৰ নাম হৈছে ‘চি-ইউ-কী’।

১২। ‘কালিকা পুৰাণ’ কোনটো শতিকাত ৰচিত হৈছিল?

উত্তৰঃ ‘কালিকা পুৰাণ’ খ্ৰীষ্টীয় দশম শতিকাত ৰচিত হৈছিল।

১৩। ‘যোগিনীতন্ত্ৰ’ৰ মতে প্ৰাচীন কামৰূপ ৰাজ্যৰ চাৰিটা ভাগ কি কি আছিল?

উত্তৰঃ ‘যোগিনীতন্ত্ৰ’ৰ মতে প্ৰাচীন কামৰূপ ৰাজ্যৰ চাৰিটা ভাগ আছিল— ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ।

১৪। হিউৱেন চাঙৰ বাহিৰেও প্ৰাচীন কামৰূপৰ বিষয়ে উল্লেখ কৰা আন কেইগৰাকীমান বিদেশী ভ্ৰমণকাৰীৰ নাম লিখা।

উত্তৰঃ ইৎচিং, মেগাস্থেনিছ আৰু ষ্ট্ৰাব’ আদি বিদেশী ভ্ৰমণকাৰীৰ টোকাৰ পৰাও প্ৰাচীন কামৰূপৰ বিষয়ে জানিব পাৰি।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top